Class 7 Science Chapter 10 জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )

Class 7 Science Chapter 10 জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন ) – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Science Chapter – 10 জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন ) – সমাধান and select needs one.

SEBA Class 7 Science Chapter – 10 জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন ) – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Science Chapter – 10 জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন ) – সমাধান Solutions for All Subject, You can practice these here…

জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )

পাঠ: ১০

অনুশীলনী

প্রশ্ন১: দৌৰ প্রতিযােগী এগৰাকীয়ে প্রতিযােগিতাৰ শেষত কিয় সাধাৰণতে লােৱাতকৈ ঘন আৰু গভীৰ উশাহ নিশাহ ল’ব লগা হয় ? 

উত্তৰঃ দৌৰ প্রতিযােগীক দৌৰা আৰু দৌৰাৰ পাছত সাধাৰণতে প্রয়ােজন হােৱাতকৈ বেছি শক্তিৰ প্রয়ােজন হয় । কাৰণ অধিক কার্য কৰিব লগা হয় । তাৰ বাবে শৰীৰত থকা খাদ্যৰ জাৰণ ( ভাঙন ) বেছিকৈ হ’ব লগা হয় । গতিকে বেছি অক্সিজেনৰ প্রয়ােজন হয় । ফলত বেছিকৈ উশাহ – নিশাহ ল’ব লগা হয় । অর্থাৎ ঘন আৰু গভীৰ উশাহ ল’ব লগা হয় । 

প্রশ্ন২: সবাত আৰু অবাত শ্বসনৰ মাজৰ প্রভেদ আৰু সাদৃশ্য লিখা ।

সবাত শ্বসনঅবাত শ্বসন
১. এই শ্বসনত অক্সিজেনৰ সহায়ত গ্লুক’জৰ জাৰণ ঘটে১. এই শ্বসনত অক্সিজেনৰ সহায়ত গ্লুক’জৰ ভাঙন ঘটে ।
২.গ্লুক’জৰ সম্পূর্ণ জাৰণ হয় ।২. গ্লুক’জৰ সম্পূর্ণ জাৰণ নহয় ।
৩. ইয়াৰ ফলত কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয় ।৩. ইয়াৰ বিক্ৰিয়াত কাৰ্বন ডাই অক্সাইড, এলকহল আৰু  শক্তি উৎপন্ন হয় ।                                                  
৪. উচ্চ শ্ৰেণীৰ প্ৰাণীত এই শ্বসন ঘটে ।৪. সাধাৰণতে নিম্ন খাপৰ প্ৰাণীত এই শ্বসন ঘটে ।
৫. শক্তি উৎপাদৰ পৰিমাণ বেছি৫. শক্তি উৎপাদনৰ পৰিমাণ তুলনামূলকভাৱে কম ।

অবাত আৰু সবাত শ্বসনৰ মাজৰ সাদৃশ্য হ’ল— 

( ১ ) দুয়ােৰে ক্ষেত্ৰত গ্লুকজৰ ভাঙন ঘটে । 

( ২ ) ৰাসায়নিক বিক্রিয়াত কার্বন ডাই অক্সাইড , জলীয় ভাপ আৰু শক্তি উৎপন্ন হয় । 

প্রশ্ন৩: যেতিয়া আমি ধূলি মিশ্রিত বায়ু সেৱন কৰাে তেতিয়া আমি সঘনে নাকেৰে শব্দ কৰাে কিয় ? 

উত্তৰঃ ধূলি মিশ্রিত বায়ুত ধূলি , ধােৱা , ফুলৰ ৰেণু আৰু অন্য বহুতাে অনাকাংক্ষিত কণিকা থাকে । এই বায়ু যেতিয়া সেৱন কৰা হয় , তেতিয়া নাসাগহৰত থকা চুলিত এই কণাবােৰ লাগি ধৰে । তথাপি কেতিয়াবা এই কণিকাবােৰ চুলিত নালাগি পাৰ হৈ গৈ নাসাগহৰৰ ছালত লাগি ধৰে । তেতিয়াই তাত উত্তেজনাৰ সৃষ্টি হয় , এই উত্তেজনাৰ ফলত নাকৰ শব্দ হয় । ইয়াক ঘঘোৰণিও বােলে । এই ঘঘোণিৰ দ্বাৰা ছালত লাগি থকা কণিকাবােৰ নিশাহত বাহিৰ ওলাই যায় । ফলত বিশুদ্ধ শৰীৰৰ ভিতৰলৈ যায় । 

প্রশ্ন৪: তিনিটা পৰীক্ষা নল লােৱা । ইয়াৰ চাৰিভাগৰ তিনি ভাগলৈ পানী ভৰােৱা । ইয়াক A , B আৰু C নামেৰে চিনাক্ত কৰা । A- টিউবত এটা সৰু শামুক , B- টিউবত পানীত হােৱা এবিধ উদ্ভিদ , C- টিউবত শামুক আৰু উদ্ভিদ দুয়ােটাই ৰাখা । কোনটো পৰীক্ষানল ( টিউবত ) আটাইতকৈ বেছি CO₂ , গেছ পােৱা যাব ? 

উত্তৰঃ A , B আৰু C পৰীক্ষা নল তিনিটাত ঘটা পৰিঘটনাসমূহ তলত দিয়া ধৰণে দেখুওৱা হ’ল— 

পৰীক্ষা নল- A :- এই পৰীক্ষানলত শামুকে শ্বসন ক্রিয়াত কার্বন ডাই অক্সাইড ( CO₂ ) গেছ উৎপন্ন কৰিব । এই কার্বন ডাই অক্সাইড পানীৰ ওপৰত জমা হ’ব ।

পৰীক্ষানল- B :- এই পৰীক্ষানলত উদ্ভিদে শ্বসনত এৰি দিয়া CO₂ গেছ পুনৰ সালােক সংশ্লেষণৰ বাবে ব্যৱহাৰ কৰিব । ফলত CO₂ ৰ পৰিমাণ কমি  যাব । 

পৰীক্ষানল- C :- এই পৰীক্ষানলত শামুক আৰু উদ্ভিদ উভয়ে শ্বসনত CO₂ ত্যাগ কৰিব । উদ্ভিদে সালােক সংশ্লেষণত তাৰে কিছু CO₂ গেছ ব্যৱহাৰ কৰিব । ফলত তুলনামূলকভাৱে CO₂ গেছৰ পৰিমাণ B- ত কৈ বেছি হ’ব যদিও A- ত কৈ কমিব । 

গতিকে দেখা গ’ল যে A- পৰীক্ষানলত আটাইতকৈ বেছি CO₂ গেছ জমা হ’ব । 

প্রশ্ন৫: শুদ্ধ উত্তৰ বাছি উলিওৱা । ( a ) পঁইতাচোৰাত তাৰ শৰীৰত তলৰ কোনবিধ অংগৰে বায়ু সােমায় ? 

( i ) হাওঁফাওঁ

( ii ) ফুল 

( iii )স্পাইৰেল( চর্মৰন্ধ ) 

( iv ) ছাল 

উত্তৰঃ ( iii )স্পাইৰেল( চর্মৰন্ধ ) ।

( b ) বেছিকৈ কৰা ব্যায়ামৰ পাছত আমাৰ ভৰি টনটনায় । তাৰ কাৰণ তলৰ কোনটো নুঞ্জীভূক্ত হােৱাৰ বাবে হয় ? 

( i ) কার্বন ডাই অক্সাইড

( ii ) লেক্টিক এছিড 

( iii ) এলকহল 

( iv ) পানী 

উত্তৰঃ ( i ) কার্বন ডাই অক্সাইড ।

( c ) জিৰণি লৈ থকা সময়ত প্রাপ্তবয়স্ক লােক এজনৰ উশাহ – নিশাহৰ হাৰৰ বিস্তাৰ হল— 

( i ) 9-12

( ii ) 15-18 

( iii ) 21 – 24

( iv ) 30 – 33 

উত্তৰঃ  ( ii ) 15-18 ।

( d ) নিশাহৰ সময়ত কামি হাড়ৰ গতি –

( i ) উৰ্দ্ধমুখী 

( ii ) নিম্নমুখী 

( iii ) বহির্মুখী

( iv ) গতি 

 উত্তৰঃ ( d )  ( ii ) নিম্নমুখী ।

Sl. No.Contents
পাঠ-1উদ্ভিদৰ পুষ্টি
পাঠ-2প্ৰাণীৰ পুষ্টি
পাঠ-3তন্তৰ পৰা তন্তজলৈ
পাঠ-4তাপ
পাঠ-5এছিড, ক্ষাৰ আৰু লৱণ
পাঠ-6ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
পাঠ-7বতৰ, জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
পাঠ-8বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ
পাঠ-9মাটি
পাঠ-10জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
পাঠ-11প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
পাঠ-12উদ্ভিদ প্রজনন
পাঠ-13গতি আৰু সময়
পাঠ-14বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া
পাঠ-15পোহৰ
পাঠ-16পানী: এক অমূল্য সম্পদ
পাঠ-17বননি: আমাৰ জীৱন ৰেখা
পাঠ-18বর্জিত পানীৰ কথা

প্রশ্ন৬: স্তম্ভ- I ৰ লগত স্তম্ভ- II ৰ তথ্যবােৰ মিলােৱা । 

স্তম্ভ- Iস্তম্ভ- II
( a ) ইষ্ট( i ) কেঁচু 
( b ) মধ্যচ্ছদা( ii ) ফুল ( gills )
 ( c ) ছাল( iii ) এলকহল
( d ) পাত( iv ) বক্ষ গহ্বৰ 
( e ) মাছ( v ) হাওঁফাওঁ আৰু ছাল 
( f ) ভেকুলী( vi ) পত্ৰৰন্ধ
( vii ) শ্বাসনলী

উত্তৰঃ

স্তম্ভ- Iস্তম্ভ- II
( a ) ইষ্ট( iii ) এলকহল 
( b ) মধ্যচ্ছদা( iv ) বক্ষ গহ্বৰ
 ( c ) ছাল( i ) কেঁচু
( d ) পাত( vi ) পত্ৰৰন্ধ
( e ) মাছ( ii ) ফুল ( gills )
( f ) ভেকুলী( v ) হাওঁফাওঁ আৰু ছাল 

প্রশ্ন৭: সঁচাৰ বাবে ‘ T ‘ আৰু মিছাৰ বাবে ‘ F ‘ লিখা । 

( i ) বেছিকৈ ব্যায়াম কৰাৰ পাছত মানুহ এজনৰ শ্বাস – প্রশ্বাসৰ গতি কমি যায় । 

উত্তৰঃ F 

( ii ) উদ্ভিদে মাত্র দিনত সালােক সংশ্লেষণ আৰু ৰাতি শ্বাস – প্রশ্বাস কার্য সম্পন্ন কৰে ।

উত্তৰঃ ফ

( iii ) ভেকুলীৰ ছাল আৰু হাওঁফাওঁ উভয়েৰে শ্বাস কার্য সম্পন্ন কৰে । 

উত্তৰঃ T

( iv ) মাছৰ শ্বাস – প্রশ্বাসৰ বাবে হাওঁফাওঁ আছে ।

উত্তৰঃ F

( v ) উশাহৰ সময়ত বক্ষ গহ্বৰৰ আয়তন বৃদ্ধি পায় ।

উত্তৰঃ T 

প্রশ্ন৮: তুলৰ বর্গক্ষেত্ৰটোত কিছুমান ইংৰাজী আখৰ দিয়া হৈছে । এই আখৰবােৰে জীৱৰ শ্বাসতন্ত্রৰ লগত জড়িত কিছুমান অংগৰ ইংৰাজী প্রতিশব্দ বুজায় । শব্দবােৰ থিয় , পথালি , কোণীয়া যিকোনাে দিশৰ পৰা গঠিত হ’ব পাৰে । তলত শব্দবােৰৰ গঠনৰ বাবে ইংগিতাে দিয়া হৈছে । শব্দবােৰ উলিওৱা ।

     ইংগিত 

( i ) পতংগৰ বায়ু নলীকা ।

( ii ) বক্ষ গহ্বৰক আবৰি থকা জঁকা । 

( iii ) বক্ষ গহ্বৰত থকা পেশীয় অংগ ।

( iv ) পাতৰ পৃষ্ঠত থকা কিছুমান সৰু সৰু বিন্ধা । 

( v ) পতংগৰ শৰীৰৰ কাষত থকা কিছুমান সৰু ৰন্ধ ।

( vi ) মানুহৰ শ্বাস অংগ ।

( vii ) আমি যি বিন্ধাৰে উশাহ লওঁ । 

( viii ) এবিধ অবাত শ্বসন সম্পন্ন জীৱ । 

( ix ) এবিধ ট্রেকীয়াযুক্ত ক্ষুদ্র জীৱ ।

উত্তৰঃ      

( i ) TRACHEA    

( ii ) RIBS            

( iii ) DIAPHRAGY

( iv ) STOMATA

( v ) SPIRACLES

( vi ) LUNGS      

( vii ) NOSTRILS 

( viii ) YEAST        

( ix ) ANT

প্রশ্ন৯: পর্বতাৰােহীবােৰে তেওঁলােকৰ লগত অক্সিজেন কঢ়িয়াই নিয়াৰ কাৰণ হল- 

( a ) 5 কি.মি. উচ্চতাৰ ওপৰত বায়ু নাথাকে । 

( b ) তাত মানুহ এজনৰ বাবে প্রয়ােজনীয় বায়ু ভূ – পৃষ্ঠতকৈ কম । 

( c ) ভূ – পৃষ্ঠৰ বায়ুতকৈ তাৰ বায়ুৰ উচ্চতা বেছি 

( d ) ভূ – পৃষ্ঠৰ বায়ুৰ চাপতকৈ তাৰ চাপ বেছি । 

উত্তৰঃ ( b ) তাত মানুহ এজনৰ বাবে প্রয়ােজনীয় বায়ু ভূ – পৃষ্ঠতকৈ কম ।

1 thought on “Class 7 Science Chapter 10 জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top