Class 7 Science Chapter 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

Class 7 Science Chapter 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Science Chapter – 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া – সমাধান and select needs one.

SEBA Class 7 Science Chapter – 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Science Chapter – 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া – সমাধান Solutions for All Subject, You can practice these here…

বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

পাঠ: ১৪

অনুশীলনী

প্রশ্ন১: তােমাৰ টোকাবহীত তলত দিয়া বৈদ্যুতিক আহিলাসমূহৰ সাংকেতিক চিত্র অংকণ কৰা । ( i ) সংযােগী তাৰ।  ( ii ) ‘অফ’ অৱস্থাৰ চুইছ 

( iii ) ‘অন’অৱস্থাৰ চুইছ ( iv ) বাল্ব ( v ) বিদ্যুৎ কোষ ( vi ) বেটাৰি । 

উত্তৰঃ            বৈদ্যুতিক আহিলা 

                  ( i ) সংযোগী তাৰ 

                  ( ii ) ‘অফ’ অৱস্থাৰ ছুইচ 

                  ( iii ) ‘অন’ অৱস্থাৰ চুইচ

                  ( iv ) বাল্ব 

                  ( v ) বিদ্যুৎ কোষ 

                 ( vi ) বেটাৰি 

                    সাংকেতিক চিহ্ন 

Class 7 Science Chapter - 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

প্রশ্ন২: তলত দিয়া চিত্ৰৰ পৰা বর্তনী চিত্র অংকণ কৰা । 

Class 7 Science Chapter - 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

উত্তৰঃ প্ৰশ্নত দিয়া চিত্ৰৰ বর্তনী চিত্র হ’ল-

Class 7 Science Chapter - 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

 প্রশ্ন৩: তলৰ চিত্ৰত চাৰিটা বিদ্যুৎ কোষ দিয়া হ’ল । এই চাৰিটা বিদ্যুৎ কোষৰ দ্বাৰা এটা বেটাৰি তৈয়াৰ কৰিবলৈ বৈদ্যুতিক তাঁৰেৰে সংযােগ দেখুওৱা ।

Class 7 Science Chapter - 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

উত্তৰঃ তলত চাৰিটা কোষৰ দ্বাৰা তৈয়াৰ কৰা বেটাৰিৰ চিত্ৰ দিয়া হ’ল । 

Class 7 Science Chapter - 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

প্রশ্ন৪: চিত্ৰত দিয়া বর্তনীৰ বাল্বটো জ্বলি উঠা নাই । 

Class 7 Science Chapter - 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

সমস্যাটো কি বিচাৰি উলিওৱা । বাল্বটো জ্বলাবলৈ আৱশ্যকীয় পৰিবৰ্তনৰ ব্যৱস্থা কৰা । 

উত্তৰঃ সমস্যাটো হ’ল বর্তনীটোত ব্যৱহাৰ কৰা বেটাৰিৰ দুয়ােটা কোষৰ ধনমেৰু আনটো কোষৰ ধনমেৰুৰ লগত সংযােগ হৈ আছে । 

এটা কোষৰ ধনমেৰু আনটো কোষৰ ঋণমেৰুৰ লগত সংযােগ কৰিব লাগিব । তেতিয়াহে বাল্বটো জ্বলি উঠিব । তলত শুদ্ধ সংযােগ দেখুওৱা হ’ল— 

Class 7 Science Chapter - 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

প্রশ্ন৫: বিদ্যুৎ প্রবাহৰ যিকোনাে দুটা প্রভাব উল্লেখ কৰা । 

উত্তৰঃ বিদ্যুৎ প্রবাহৰ যিকোনাে দুটা প্রভাব হ’ল— 

( i ) তাপৰ উৎপাদন । আৰু 

( ii ) চুম্বক ক্ষেত্ৰৰ উৎপাদন । 

প্রশ্ন৬: যেতিয়া এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত কৰা হয় , তেতিয়া পৰিবাহীৰ কাষত উত্তৰ – দক্ষিণ মূৱাকৈ ৰখা চুম্বক শলাৰ বিক্ষেপন ঘটে কিয় ? 

উত্তৰঃ পৰিবাহীৰ মাজেৰে বিদ্যুৎচালিত হ’লে পৰিবাহীৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ উৎপন্ন হয় । এই – চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ চুম্বক ক্ষেত্ৰৰ লগত কৰা আন্তক্রিয়াৰ ফলত চুম্বকশলাৰ বিক্ষেপন ঘটে ।

প্রশ্ন৭: তলত দিয়া বর্তনীৰ চাবি বন্ধ ( off ) কৰি দিলে বর্তনীত থকা চুম্বক শলাৰ বিক্ষেপন ঘটিবনে ? 

Class 7 Science Chapter - 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

উত্তৰঃ চুম্বকশলাৰ বিক্ষেপন নঘটে । কাৰণ বৰ্তনীৰ ‘চুইচ অফ ’ ( চাবি বন্ধ ) কৰিলেও তাৰ মাজেৰে বিদ্যুৎ প্রবাহ নহয় । যিহেতু বৰ্তনীত কোনাে বিদ্যুৎ কোষ সংযােগ কৰা হােৱা নাই । 

Sl. No.Contents
পাঠ-1উদ্ভিদৰ পুষ্টি
পাঠ-2প্ৰাণীৰ পুষ্টি
পাঠ-3তন্তৰ পৰা তন্তজলৈ
পাঠ-4তাপ
পাঠ-5এছিড, ক্ষাৰ আৰু লৱণ
পাঠ-6ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
পাঠ-7বতৰ, জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
পাঠ-8বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ
পাঠ-9মাটি
পাঠ-10জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
পাঠ-11প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
পাঠ-12উদ্ভিদ প্রজনন
পাঠ-13গতি আৰু সময়
পাঠ-14বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া
পাঠ-15পোহৰ
পাঠ-16পানী: এক অমূল্য সম্পদ
পাঠ-17বননি: আমাৰ জীৱন ৰেখা
পাঠ-18বর্জিত পানীৰ কথা

প্রশ্ন৮: খালী ঠাই পূৰ কৰা 

( a ) বিদ্যুৎকোষৰ সাংকেতিক চিহ্নত থকা দীঘল আঁচড়ালে ………….. বুজায় । 

( b ) দুটা বা তাতােধিক বিদ্যুৎ কোষৰ সংযােগক ………… বােলে । 

( c ) ৰুম হিটাৰ এটাৰ ‘চুইচ অন ’ কৰি দিলে ই………. হয় । 

( d ) বিদ্যুতৰ তাপীয় ক্রিয়াৰ ওপৰত ভিত্তি কৰি বর্তনীত ব্যৱহাৰ কৰা নিৰাপদ আহিলাক …………. বোলা হয় । 

উত্তৰঃ ( a ) বিদ্যুৎকোষৰ সাংকেতিক চিহ্নত থকা দীঘল আঁচড়ালে ধনদ্বাৰ বুজায় । 

উত্তৰঃ ( b ) দুটা বা তাতােধিক বিদ্যুৎ কোষৰ সংযােগক বেটাৰি বােলে । 

উত্তৰঃ ( c ) ৰুম হিটাৰ এটাৰ ‘চুইচ অন ’ কৰি দিলে ই লােহিত তপ্ত  হয় । 

উত্তৰঃ ( d ) বিদ্যুতৰ তাপীয় ক্রিয়াৰ ওপৰত ভিত্তি কৰি বর্তনীত ব্যৱহাৰ কৰা নিৰাপদ আহিলাক ফিউজ বোলা হয় । 

প্রশ্ন৯: শুদ্ধ উক্তিৰ বিপৰীতে ‘ T ‘ আৰু অশুদ্ধ উক্তিৰ বিপৰীতে ‘ F ‘ লিখা । 

( a ) দুটা কোষেৰে এটা বেটাৰি সাজিব লাগিলে এটা কোষৰ ঋণমূৰ আনটো কোষৰ ঋণমূৰৰ লগত সংযােগ কৰা হয় । 

উত্তৰঃ F

( b ) যেতিয়া ‘ফিউজ’ৰ মাজেৰে প্ৰয়ােজনতকৈ বেছি বিদ্যুৎপ্রবাহ চালিত হয় , তেতিয়া ফিউজ তাঁৰডাল গলি চিঙি যায় । 

উত্তৰঃ T

( C ) বিদ্যুৎ চুম্বক এডালে লােৰ টুকুৰা এটাক আকর্ষণ নকৰে । 

উত্তৰঃ F

( d ) বৈদ্যুতিক ঘণ্টাত এডাল বিদ্যুৎ চুম্বক থাকে । 

উত্তৰঃ T

প্রশ্ন১০: জাবৰৰ দম এটাৰ পৰা প্লাষ্টিক বেগ বিদ্যুৎ চুম্বকেৰে পৃথক কৰিব পাৰিনে ? বাখ্যা কৰা । 

উত্তৰঃ নােৱাৰি । কাৰণ বিদ্যুৎ চুম্বকে মাত্র চুম্বকীয় পদার্থবােৰকহে আকর্ষণ কৰে । প্লাষ্টিক বেগবােৰ অচুম্বকীয় পদার্থ আৰু ইয়াক বিদ্যুৎ চুম্বকে আকর্ষণ নকৰে । গতির্কে এইবােৰক জাবৰৰ দমৰ পৰা পৃথক কৰিব নােৱাৰি । 

প্রশ্ন১১: এজন ইলেক্ট্রিচিয়ানে তােমাৰ ঘৰৰ বিদ্যুৎ লাইনৰ মেৰামতি কৰিব বিচাৰিছে ৷ তেওঁ ইলেক্ট্রিক  ফিউজটো বিদ্যুতৰ তাঁৰেৰে বনাই দিব খুজিছে। তুমি সন্মতনে ? তোমাৰ প্রতিক্রিয়াৰ কাৰণ দিয়া । 

উত্তৰঃ সন্মত নহয় । কাৰণ ইলেক্টিক ফিউজ এবিধ বিশেষ ধাতুৰে তৈয়াৰী । অতিৰিক্ত বিদ্যুৎ চালিত হলে ই উত্তাপিত হৈ গলি চিঙি যায় আৰু ঘৰুৱা বৈদ্যুতিক সমঞ্জামবােৰ নষ্ট হৈ নাযায় । যদি একে তাঁৰেৰে ফিউজ বনাই দিয়া হয় তেন্তে বেছি পৰিমাণৰ বিদ্যুতে তাৰ মাজেৰে প্রবাহিত হয় আৰু আহিলাবােৰ নষ্ট হৈ যাব। কাৰণ এই প্রবাহৰ ফলত বনাব খােজা ফিউজডাল গলি চিঙি নাযায় ।

প্রশ্ন১২: জুবেদাই চিত্রত দেখুওৱাৰ দৰে এটা কোষ ধাৰক লৈ এটা ছুইচ আৰু বাৰে বিদ্যুৎ বর্তনী তৈয়াৰ কৰিছিল । যেতিয়া তাই ছুইচ ‘অন’ কৰিলে বাল্বটো নজ্বলিল । জুবেদাই কৰা সম্ভাব্য ক্রটিবােৰ চিনাক্ত কৰা । 

Class 7 Science Chapter - 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

উত্তৰঃ জুবেদাই কৰা সম্ভাব্য ক্রটিবােৰ হ’ব— 

( ১ ) বিদ্যুৎ কোষৰ সংযােগ ভুল হ’ব পাৰে । 

( ২ ) বাল্বটো ফিউজ হ’ব পাৰে । 

( ৩ ) তাঁৰৰ সংযােগ স্থল ঢিলা হ’ব পাৰে । 

প্রশ্ন১৩: তলত দিয়া বর্তনীৰ ক্ষেত্ৰত 

( i ) ছুইচ ‘অফ’ থকা সময়ত যিকোনাে এটা বাল্ব জ্বলিব পাৰেনে ? 

( ii ) ছুইচ ‘অন’ কৰাৰ পাছত বাল্ববােৰৰ A , B , C ৰ জ্বলনৰ ক্ৰম কি হ’ব ? 

Class 7 Science Chapter - 14 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া

উত্তৰঃ ( i ) নােৱাৰে । 

( ii ) একে সময়তে তিনিওটা বাল্ব জ্বলি উঠিব । বাল্ববােৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি বাল্ববোৰ জ্বলিব । যিহেতু বাল্ববােৰ শ্ৰেণীবদ্ধভাবে আছে , গতিকে A বাল্বটো যিমান  উজ্জ্বল হব , B বাল্বটো কম হব আৰু C বাল্বটো A আৰু B ত কৈ বেছি কম হ’ব ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top