⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Niketan Class 7 Science Chapter 4 তাপৰ ধাৰণা

Niketan Class 7 Science Chapter 4 তাপৰ ধাৰণা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 4 তাপৰ ধাৰণা and select need one.

Niketan Class 7 Science Chapter 4 তাপৰ ধাৰণা

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 4 তাপৰ ধাৰণা Solutions for All Subjects, You can practice these here…

তাপৰ ধাৰণা

Chapter – 4

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


১। উষ্ণতা কাক বোলে ?

উত্তৰ : কোনো বস্তুৰ উত্তাপৰ মাত্ৰাৰ জোখক উষ্ণতা বোলে।

২। উষ্ণতা মাপক যন্ত্র কাক বোলে ?

উত্তৰঃউষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিক উষ্ণতা মাপক যন্ত্র বোলে।

৩। মাধ্যম অবিহনে তাপৰ সঞ্চালন হোৱা পদ্ধতিটোক কি বোলে ?

উত্তৰঃ মাধ্যম অবিহনে তাপৰ সঞ্চালন হোৱা পদ্ধতিটোক  বিকিৰণ বোলে।

৪। ঠাণ্ডাৰ দিনত আমি ঊলৰ কাপোৰ ব্যৱহাৰ কৰো কিয় ?

উত্তৰঃ ঠাণ্ডাৰ দিনত আমাৰ শৰীৰত উৎপন্ন হোৱা তাপতকৈ বাহিৰৰ বায়ুৰ তাপ বহু বেছি ঠাণ্ডা হোৱা বাবে আমি চেঁচা অনুভৱ কৰো ৷ গতিকে শৰীৰটো উষ্ণ কৰি ৰাখিবলৈ ঊলৰ কাপোৰ ব্যৱহাৰ কৰো । কাৰণ ঊল তাপৰ কুপৰিবাহী।

৫। গৰমৰ দিনত আমি কেনে কাপোৰ পিন্ধাটো ভাল, আৰু কিয় ?

উত্তৰ :গৰমৰ দিনত আমি বগা কাপোৰ অথবা পাতল ৰঙৰ কাপোৰ পিন্ধাটো ভাল। কাৰণ পাতল ৰঙে সূৰ্যৰ তাপৰ বেছি ভাগেই প্রতিফলিত কৰে, সামান্য অংশহে শোষণ কৰে ৷ যাৰ ফলত আমি ঠাণ্ডা পাওঁ ।

চমু প্রশ্ন :-

১। তাপ এবিধ শক্তি, উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰ :তাপ এবিধ শক্তি। উদাহৰণ স্বৰূপে কণী এটা গৰম পানীত সিজালে কণীৰ ভিতৰখন টান হয়। ঠিক সেইদৰে ঠাণ্ডাৰ দিনত আমি জন্তুৰ নোমেৰে নিৰ্মিত বস্ত্ৰ পৰিধান কৰিলে ঠাণ্ডাৰ পৰা গৰম অনুভৱ কৰো ।

২। তাপ শক্তিৰ পৰা বৈদ্যুতিক শক্তি আৰু বৈদ্যুতিক শক্তিৰ পৰা তাপ শক্তি পোৱাৰ একোটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ তাপ শক্তিৰ পৰা বৈদ্যুতিক শক্তি পোৱাৰ উদাহৰণ হ’ল – নিউক্লিয় ৰিয়েক্টৰ –ইয়াত প্ৰথমতে নিউক্লিয় শক্তি তাপ শক্তিলৈ ৰূপান্তৰ হয় আৰু তাৰ পিছত তাপ শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয়।

বৈদ্যুতিক শক্তিৰ পৰা তাপ শক্তি পোৱাৰ উদাহৰণ হ’ল – বৈদ্যুতিক হিটাৰ, বৈদ্যুতিক ইস্ত্ৰি –  ইয়াত বৈদ্যুতিক শক্তি তাপ শক্তিলৈ ৰূপান্তৰিত হয়।

৩। দুটা বস্তুৰ মাজত উষ্ণতা একে হোৱাৰ লগে লগে তাপৰ বিনিময় বন্ধ হয়। পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰ: দুটা বস্তুৰ মাজত উষ্ণতা একে হোৱাৰ লগে লগে তাপৰ বিনিময় বন্ধ হয় – তলত দিয়া পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা হ’ল।

এটা বিকাৰত পানীলৈ পটেছিয়াম পাৰমাংগেনেটৰ টুকুৰা এটা নলীৰে বিকাৰৰ তলিত পেলাই দিয়া হ’ল। যেতিয়া নলীটো উলিয়াই বিকাৰৰ তলিত তাপ দিয়া হ’ল দেখা যায় কঞ্জনা আঁচ পানীৰ মাজেৰে ওপৰলৈ উঠি গোটেই পাত্ৰটোতে বিয়পি পৰে ৷ ইয়াৰ কাৰণ এইটোৱেই যে গৰম পানীৰ ঘনত্ব ঠাণ্ডা পানীতকৈ কম হোৱা বাবে গৰম পানী ওপৰলৈ উঠি আহে আৰু তাৰ ঠাই পূৰাবলৈ ঠাণ্ডা পানী তললৈ গতি কৰে আৰু তাৰ ফলত গোটেই পানীখিনি সমানে উত্তপ্ত হৈ উঠে। পানীখিনি সমানে উষ্ণ হোৱাৰ লগে লগে স্ফটিকবোৰৰ পৰা ৰেখা দেখা নাযায় ।

ইয়াৰ দ্বাৰা এইটোৱেই প্রমাণ হয় যে দুটা বস্তুৰ মাজত উষ্ণতা একে হোৱাৰ লগে লগে তাপৰ বিনিময় বন্ধ হয় ।

৩। দুটা বস্তুৰ মাজত উষ্ণতা একে হোৱাৰ লগে লগে তাপৰ বিনিময় বন্ধ হয়। পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা।

৪। কাৰণ দৰ্শাই ব্যাখ্যা কৰা :- 

(ক) ৰ’দত মেলি দিয়া তিতা কাপোৰ এখ বতাহ বলি 

থাকিলে সোনকালে শুকাই কিয় ?

(খ) কাঁহীত গৰম ভাত সোনকালে ঠাণ্ডা হ’বলৈ মেলি দিয়া হয় কিয়  ?

উত্তৰঃ(ক) ৰ’দত মেলি দিয়া তিতা কাপোৰ এখন বতাহ বলি থাকিলে সোনকালে শুকায় ৷ কাৰণ প্ৰথমে, সূৰ্যৰ তাপ লাগি বিকিৰণ প্ৰক্ৰিয়াৰ দ্বাৰা তাপ শক্তি সঞ্চালিত হয় আৰু কাপোৰ খনৰ পানীভাগ ভাপ হ’বলৈ ধৰে ৷ তাৰ পিছত পৰিচলনৰ সহায়ত  তলৰ পৰা ওপৰলৈ বাষ্প ভাপ হৈ উৰিযায় । ফলত কাপোৰখন সোনকালে শুকাই যায়।

(খ) কাঁহীত গৰম ভাত সোনকালে ঠাণ্ডা হ’বলৈ মেলি দিয়া হয় । কাৰণ গৰম ভাতখিনি থূপ খাই থাকিলে ইয়াত থকা তাপ ভাগ সোনকালে বাহিৰলৈ ওলাই আহিব নোৱাৰে। ভাতখিনি মেলি দিলে ভাতৰ তাপভাগ বিকিৰণৰ দ্বাৰা সহজে বাহিৰলৈ ওলাই আহে ৷ ফলত বাহিৰৰ ঠাণ্ডা বায়ুয়ে ভাতখিনি ঠাণ্ডা কৰি তোলে।

৫। শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা :-  

(ক) এবিধ শক্তিক আন এবিধ শক্তিলৈ নিব পাৰি।

উত্তৰঃ শুদ্ধ।

  (খ) উষ্ণতাই তাপৰ মাত্ৰা প্ৰকাশ নকৰে।

উত্তৰ: অশুদ্ধ।

(গ) গতি শক্তি এবিধ যান্ত্রিক শক্তি।

উত্তৰঃ শুদ্ধ।

(ঘ) কোনো পদার্থই গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থা পাব নোৱাৰে।

উত্তৰ: অশুদ্ধ।

(ঙ) তাপ পালে জুলীয়া আৰু গেছীয় পদাৰ্থ পাতল হয় ৷

উত্তৰ: শুদ্ধ।

(চ) বগা ৰঙে তাপ শোষণ নকৰে ।

উত্তৰঃ শুদ্ধ।

৬। তাপ পালে পদাৰ্থৰ কিয় প্ৰসাৰণ ঘটে ব্যাখ্যা কৰা ৷

উত্তৰ: তাপ পালে পদাৰ্থৰ অণুবোৰৰ মাজৰ আন্তঃআণৱিক বন্ধন কমি প্ৰসাৰণ ঘটে ৷ তাৰ ফলত পদাৰ্থৰ প্ৰসাৰণ ঘটে ।

৭। চামুচ এখনৰ এটা মূৰ তপতালে অলপ পাচতে আনটো মূৰ তপত হয় । তাপ প্রবাহিত হোৱাৰ পদ্ধতিটো ব্যাখ্যা কৰা ।

উত্তৰ: চামুচ এখনৰ এটা মূৰ তপতালে অলপ পাচতে আনটো মূৰো তপত হয়। চামুচখনৰ নিজ নিজ স্থানত আৱদ্ধ থকা অণুবিলাকৰ জৰিয়তে তাপ শক্তি এটা মূৰৰ পৰা আনটো মূৰলৈ সঞ্চালিত হয় । এনে ধৰণৰ তাপ সঞ্চালনক পৰিবহন বুলি কোৱা হয় ।

৮। বিকিৰ পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰঃ কোনো পাৰ্থিব মাধ্যমৰ প্ৰয়োজন নোহোৱাকৈ তাপ এঠাইৰ পৰা আন এঠাইলৈ গতি কৰাকে বিকিৰণ বোলে ৷ সূৰ্যৰ তাপ শক্তি মহাশূন্যৰ মাজেদি বিকিৰণ কৰে ৷ এই তাপ কোনো বস্তুৰ ওপৰত পৰিলে তাৰ এটা অংশ প্রতিফলিত হয়, এটা অংশ শোষিত হয় আৰু এটা অংশ সংপ্রেষিত হ’ব পাৰে। আমাৰ শৰীৰেও বিকিৰণৰ দ্বাৰা চৌপাশলৈ তাপ এৰি দিয়ে আৰু একে প্ৰক্ৰিয়াৰে চৌপাশৰ তাপ আহৰণ কৰে।

৯। পৰীক্ষাৰ সহায়ত দেখুওৱা যে ক’লা ৰঙে আন ৰঙতকৈ তাপ বেছি ভাল দৰে শোষণ কৰে আৰু এৰি দিয়ে।

উত্তৰ:দুটা ষ্টিলৰ পাত্ৰ লোৱা হ’ল। এটা পাত্ৰৰ বাহিৰ ফালে ক’লা ৰং সানি লোৱা হ’ল ৷ দুয়োটা পাত্ৰতে সমান পৰিমাণৰ পানীলৈ দিনৰ ভাগত সূৰ্যৰ তাপত এঘণ্টা সময় থৈ দিয়া হ’ল। তাৰ পিছত দুয়োটা পাত্ৰৰ পানীৰ উষ্ণতাৰ জোখ লোৱাত দেখা গ’ল যে যিটো পাত্ৰৰ বাহিৰ ফালে ক’লা ৰং দিয়া আছিল সেই পাত্ৰটোৰ পানীৰ উষ্ণতা বেছি।

তাৰ পিছত দুয়োটা পাত্ৰ ছাঁত কিছু সময় থৈ দিয়াৰ পিছত দেখা গ’ল যে ক’লা পাত্ৰটোৰ পানীৰ উষ্ণতা আনটোৰ উষ্ণতাতকৈ কম। ইয়াৰ পৰা এইটোৱে প্ৰমাণ হ’ল যে ক’লা ৰঙে আন ৰঙতকৈ তাপ বেছি ভাল দৰে শোষণ কৰে আৰু বেছি তাপ এৰি দিয়ে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top