Niketan Class 7 Science Chapter 3 আঁহৰ পৰা কাপোৰলৈ

resppost2025

Niketan Class 7 Science Chapter 3 আঁহৰ পৰা কাপোৰলৈ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 3 আঁহৰ পৰা কাপোৰলৈ and select need one.

Niketan Class 7 Science Chapter 3 আঁহৰ পৰা কাপোৰলৈ

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 3 আঁহৰ পৰা কাপোৰলৈ Solutions for All Subjects, You can practice these here…

আঁহৰ পৰা কাপোৰলৈ

Chapter – 3

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

resppost2025

TEXTUAL QUESTIONS AND ANSWERS


১। তোমালোকে তলত দিয়া প্রাকৃপ্ৰাথমিক শ্ৰেণীৰ পদ্যটোৰ লগত বোধ হয়  পৰিচিত ।

(i)  Baa-baa balck sheep, have you any wool?

sqare

(ii) Mary had a little lamb, whose fleece was white as snow.

তলত দিয়াসমূহৰ উত্তৰ দিয়াঃ

(ক) Black Sheep ৰ কোনটো অংশত ঊণ আছে।

উত্তৰঃ ছালৰ ওচৰৰ কোমল অধঃস্থ অংশত ঊণ আছে ।

sqare

(খ) ভেড়া পোৱালীৰ বগা নোমবোৰে কি বুজায় ?

উত্তৰঃ ভেড়া পোৱালীৰ বগা নোমবোৰে ইহঁতৰ ঊণী আৱৰণ থকা বুজায়।

২। পাটপলু মানে এটা

sidebar2026

(ক) কেটাৰ পিলাৰ

(খ) লাৰভা। 

2026

এতিয়া তলৰ কোনটো শুদ্ধ।

(i) ক

(ii) খ

(iii) ক আৰু খ দুয়োটা

(iv) ক আৰু খ এটাও নহয়।

sidebar2026

উত্তৰঃ (iii) ক আৰু খ দুয়োটা

৩। তলত দিয়া কোনটোৱে ঊণ নিদিয়ে –

(ক) উট

(খ) নোমাল কুকুৰ

(গ) ছাগলী

(ঘ) য়াক

উত্তৰ: (খ) নোমাল কুকুৰ

৪। কোনটো প্ৰাণীৰ পৰা এংগোৰা ঊণ পোৱা যায় –

(ক) উট

(খ) ভেড়া 

(গ) ছাগলী

(ঘ) এংগোৰা শহাপহু

উত্তৰ: (ঘ) এংগোৰা শহাপহু 

৫। লহী, মাৰৱাড়ী আৰু নালী কিহৰ প্ৰজাতি –

(ক) ঊণ

2026

(খ) ভেড়া

(গ) পাট পলু

(ঘ) কাপোৰ

উত্তৰঃ (খ) ভেড়া

৬। তলৰ কোনটো শব্দই পাটপলু পোহা আৰু উৎপাদন কৰা বুজায় –

(ক) ৰেচম বা পাটশিল্প

(খ)পুষ্পোদ্যান বিজ্ঞান

(গ) অৰণ্য বিজ্ঞান

(ঘ) মৌ-পালন

উত্তৰ :(ঘ) মৌ-পালন

৭। পাটপলুৰ খাদ্য –

(ক) নিম গছৰ পাত

(খ) নুনী গছৰ পাত

(গ) কঁঠাল গছৰ পাত

(ঘ) ওপৰৰ সকলো বিধ

উত্তৰঃ (খ) নুনী গছৰ পাত

৮। তলত দিয়া শব্দবোৰে কি বুজায় –

(ক) ৰিয়েৰিং বা পালন (খ) শ্বিয়েৰিং বা নোম খুৰোৱা

(গ) ৰেচম বা পাটশিল্প

উত্তৰ: (ক) ৰিয়েৰিং বা পালন: কোনো বস্তু লাভজনকভাৱে আহৰণ কৰিবলৈ কোনো জীৱক পালন কৰাকে ৰিয়েৰিং বা পালন বোলে। উদাহৰণ স্বৰূপে, ঊণ আহৰণ কৰিবৰ বাবে ভেড়া পালন কৰা হয় ।

2026

(খ) শ্বিয়েৰিং বা নোম খুৰোৱা: শ্বিয়েৰিং, হৈছে ঊণ পাবৰ বাবে ভেড়াৰ নোমবোৰ সংগ্ৰহ কৰা ৷ এই খাপত ভেড়াৰ শৰীৰৰ পৰা পাতল তৰপ ছালৰে সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক শ্বিয়েৰিং বা প্ৰাণীৰ নোম খুৰোৱা বুলিও কোৱা হয় ৷ নোম খুৰাবলৈ নাপিতে ব্যৱহাৰ কৰা সঁজুলিৰ দৰে যন্ত্ৰ ব্যৱহাৰ কৰা হয়।

(গ) ৰেচম বা পাটশিল্প: পাটৰ আঁহবোৰ আমি প্ৰাণীৰ পৰা পাওঁ। পাটপলুৰ পৰা পাটৰ আঁহবোৰ পোৱা যায়।পাটসূতা পাবলৈ পাট পলু প্রতিপালন কৰা বা পোহাক ৰেচম বা পাটশিল্প বোলে।

৯। পাটপলুৰ লেটা বুলিলে কি বুজা ?

উত্তৰ: পাটপলুবোৰ ডাঙৰ হোৱাৰ লগে লগে প্রথমতে নিজৰ চাৰিওফালে এখন জাল গুঠি লয়। তাৰ পিছত মূৰটো অসমীয়া সংখ্যা চাৰিৰ (৪) আকৃতিৰ দৰে লৰাই থাকে। এই সময়তে ইহঁতে কিছুমান প্ৰটিনৰ আঁহ নিঃসৰণ কৰে আৰু এইবোৰ বায়ুৰ সংস্পৰ্শত টান আইলৈ পৰিবৰ্তিত হয়। পাটপলুৱে এই আঁহেৰে নিজকে সম্পূৰ্ণভাৱে আৱৰি পেলায়। এই আৱৰণকে লেটা বোলা হয়।

১০। ৰেচম বা পাটশিল্প কি ?

উত্তৰ:পাটসুতা পাবলৈ পাটপলু প্রতি পালন কৰা বা পোহাক ৰেচম বা পাটশিল্প বোলে।

১১। গুজৰাটত পোৱা ভেড়াৰ প্ৰজাতিৰ নাম লিখা।

উত্তৰ : গুজৰাটত পোৱা ভেড়াৰ প্ৰজাতিৰ নাম  হ’ল – 

(ক) মাৰৱাড়ী আৰু

(খ) পটৱাড়ী।

১২। চমু উত্তৰ লিখা :

(ক) ঊণ উৎপাদন কৰা জন্তুসমূহৰ নাম লিখা।

উত্তৰ: ঊণ উৎপাদন কৰা জন্তুসমূহৰ নাম হ’ল – ভেড়া, এংগোৰা ছাগলী, য়াক, উট, লামা, আলপাকা, এংগোৰা শহাপ ইত্যাদি৷

(খ) ভেড়াৰ দেহৰ কোন অংশত ঊণ থাকে ?

উত্তৰঃ ভেড়াৰ ছালৰ একেবাৰে ওপৰৰ তৰপত ঊণ থাকে।

(গ) ঊণ উৎপাদনৰ বৃত্তিগত প্রতিবন্ধকতা কি ? 

উত্তৰঃ আমাৰ দেশত বহুত মানুহৰ বাবে ঊণৰ উদ্যোগ এটা উল্লেখযোগ্য জীৱন ধাৰণৰ উপায়। কিন্তু ঊণৰ আঁহসমূহ বিভাজনকৰণ কামটো অতিশয় বিপদজনক কিয়নো এনে সময়ত এনথ্রাক্স নামেৰে এবিধ মাৰাত্মক বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। এই বেক্টেৰিয়াই এবিধ তেজৰ বেমাৰ সৃষ্টি কৰে যাক চৰ্টাৰচ বেমাৰ বুলি কোৱা হয়। উদ্যোগবিলাকত শ্রমিকসকলে এনেধৰণৰ বিপদ বা হানিৰ সম্ভাৱনা থকা কামৰ সন্মুখীন হোৱাকে বৃত্তিগত প্রতিবন্ধকতা বোলে ৷

(ঘ) ঊণ সূতাৰ পৰা কিদৰে ঊণৰ কাপোৰ প্ৰস্তুত কৰা হয়।

উত্তৰঃ ঊণ সূতাসমূহ ৰং কৰাৰ পিছত খাপত সুমুৱাই শুকুৱাই ফণিৰ দ্বাৰা চিধা কৰা হয় আৰু গুঁঠিবৰ বাবে পকাই তত্ত্ব বা সূতা প্রস্তুত কৰা হয়। এই তন্তু বা আঁহবোৰৰ দীঘল ঊণখিনি চুয়েটাৰ আৰু চুটি আঁহবোৰৰ পাঁজি কাটি ঊণী কাপোৰ ব’বলৈ সূতা প্ৰস্তুত কৰা হয় আৰু এই ঊণী সূতাৰ পৰা ঊণৰ কাপোৰ প্ৰস্তুত কৰা হয়।

(ঙ) লেটাৰ পৰা পাটসূতা প্রস্তুত কৰা পদ্ধতি বর্ণনা কৰা ৷

2026

উত্তৰ: পাটসূতা প্ৰস্তুত কৰিবলৈ এদ’ম লেটা লোৱা হয়। লেটাবোৰ অলপ সময় ৰ’দত ৰখা হয় নতুবা সিজোৱা বা ভাপত দিয়া হয়। এনে কৰিলে পাটৰ সূতাবোৰ পৃথকহৈ পৰে ৷ লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীটোক মহুৰা ফুৰা বুলি কোৱা হয়। এটা বিশেষধৰণৰ যন্ত্ৰত মহুৰা ফুৰোৱা হয়। এই কাৰ্য্যত লেটাৰ পৰা সূতা খিনি আঁহ বা সূতাখিনি খোল খায় যায়। এই আঁহবোৰ পিছত সূতালৈ পৰিণত কৰা হয় ৷ এইবোৰেই হৈছে শিপিনীয়ে পাটৰ কাপোৰ বোৱা পাট সূতা ।

১৩। উত্তৰ লিখা :

(ক) ঊণৰ আঁহৰ পৰা ঊণৰ কাপোৰ উৎপাদন কৰালৈকে বিভিন্ন দশাসমূহৰ এখন তালিকা প্রস্তুত কৰি লিখা । 

উত্তৰঃ ঊণৰ আঁহৰ পৰা ঊণৰ কাপোৰ উৎপাদন কৰালৈকে বিভিন্ন দশাসমূহৰ এখন তালিকা প্রস্তুত কৰা হ’ল – 

খাপদশাসমূহ
(i) প্ৰথম খাপ(i) মুণ্ডন
(ii) দ্বিতীয় খাপ(ii) নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ
(iii) তৃতীয় খাপ(iii) বিভাজনকৰণ
(iv) চতুর্থ খাপ(iv) কার্ডিং
(v) পঞ্চম খাপ(v) ৰং কৰা
(vi) ষষ্ঠ খাপ(vi) ঘূর্ণীয়কৰণ, বোৱন আৰু বোৱা বা গোঁঠা

(খ) চকৰীৰ পৰা পাটসূতালৈ বহলাই ব্যাখ্যা কৰা ।

উত্তৰ: পাটপলুৰ জীৱন চক্ৰ আৰম্ভ হয় মাইকী চকৰীয়ে পৰা সৰু সৰু কণীৰ পৰা ৷ মাইকী চকৰীয়ে শৰৎকালত কণীবোৰ পাৰে যদিও বসন্ত কালত গৰম পৰাৰ লগে লগে ইয়াৰ পৰা পোৱালী ওলাবলৈ লয়। কণী ফাটি ওলোৱা পোৱালীবোৰক পাটপলু বা কেটাৰ পিলাৰ বুলি কোৱা হয়। পাটপলুবোৰ লাহে লাহে ডাঙৰ হোৱাৰ পিছত সিহঁতৰ জীৱন চক্ৰৰ পিছৰ স্তৰত প্ৰৱেশ কৰে। এই স্তৰটোক পলু বা পিউপা বোলে। ইহঁতে প্রথমতে নিজৰ চাৰিওফালে এখন জাল গুঁঠি লয়। তাৰ পিছত মূৰটো অসমীয়া সংখ্যা চাৰিৰ (৪) আকৃতিৰ দৰে লৰাই থাকে । এনেদৰে লৰচৰ কৰি থকা সময়খিনিত পাটপলুৱে কিছুমান প্ৰ’টিনৰ আঁহ নিঃসৰণ কৰে ৷ এইবোৰ বায়ুৰ সংস্পৰ্শত টান হৈ আঁহলৈ পৰিৱৰ্তিত হয় । পাটপলুৱে এই আঁহেৰে নিজকে সম্পূৰ্ণভাৱে আৱৰি পেলায় আৰু পিউপাটলৈ পৰিৱৰ্তিত হয়। এই আৱৰণক লেটা বোলা হয়। পিউপাৰ পৰা চকৰীলৈ বিকাশৰ প্ৰক্ৰিয়াটো লেটাৰ ভিতৰত চলি থাকে। লেটাৰ এই আঁহবোৰ পাটৰ কাপোৰ ববলৈ ব্যৱহাৰ কৰা হয় ।

(গ) ছবিসহ পাট চকৰী জীৱনৰ বিভিন্ন দশাসমূহ বৰ্ণনা কৰা ৷

উত্তৰ: পাটপলুৰ জীৱন চক্ৰত চাৰিটা দশা বা স্তৰ থাকে – কণী-পলু – লেটা – পৰ্ণাঙ্গ চকৰী । এজনী পাটপলুৰ চকৰীয়ে একে সময়তে শতাধিক কণী পাৰে। এই কণীবোৰ সাৱধানেৰে কাপোৰ বা কাগজৰ পটিত সংৰক্ষণ কৰা হয় আৰু পলু পোহা খেতিয়কক এইবোৰ বিক্ৰী কৰা হয় । খেতিয়কে কণীবোৰ স্বাস্থ্যসন্মতভাৱে প্ৰয়োজনীয় ঊষ্ণতা আৰু আৰ্দ্ৰতাত ৰাখে। সময়ত কণীবোৰ ফুটি কেটাৰ পিলাৰ বা পলুবোৰ ওলাবলৈ ধৰে।

এনে সময়ত পলুবোৰ নুনীগছৰ সতেজ পাতযুক্ত ডলাত থোৱা হয় আৰু পলুৰ পোৱালীবোৰে দিনে ৰাতিয়ে পাত ভক্ষণ কৰি এটা বৃহৎ আকাৰলৈ পৰিণত হয়। ২০-৩০ দিনৰ পিছত পলুবোৰে খাবলৈ বন্ধ কৰে আৰু বাঁহৰ ডলাখনৰ খাজবোৰত লেটা তৈয়াৰ কৰে। এই লেটাবোৰ লাগি থাকিবলৈ সৰু ৰেক বা বাঁহ কিছুমান দিয়া হয়। এই পলুবোৰে লেটা বনায়। যাৰ ভিতৰ অংশত পাট চকৰীৰ বৃদ্ধি ঘটে।

(ঘ) নিৰ্ঘৰ্ষণ বা পৰিষ্কৰণ (Scouring) প্ৰণালীটো বৰ্ণনা কৰা ৷

উত্তৰঃ ভেড়াৰ নোমসমূহ মুণ্ডনৰ দ্বাৰা সংগ্ৰহ কৰাৰ পিছত নিৰ্ধৰ্ষণ বা পৰিষ্কাৰকৰণ হৈছে ঊণ উৎপাদন কৰা পদ্ধতিৰ দ্বিতীয় খাপ।

এই খাপত ছালেৰে সৈতে কাটি লোৱা নোমবোৰ ভালদৰে ধুই নোমত লাগি থকা তেল, ধূলি আৰু ময়লাবোৰ আঁতৰোৱা হয়। ইয়াক নিৰ্ঘৰ্ষণ বা পৰিষ্কাৰকৰণ বা স্কাউৰিং বুলি কোৱা হয়।

এই পদ্ধতিত প্রথম চৌবাচ্ছাৰ পানীৰ উষ্ণতা ৬০°C হ’ব লাগে। প্রথমতে নোমবোৰ এই চৌবাচ্ছাৰ চাবোন পানীৰে ধুই পাছত ঠাণ্ডা পানীৰ সহায়ত নোমত থকা চাবোন আঁতৰোৱা হয়। এনেদৰে কেইবা বাৰো ধোৱাৰ ফলত নোমত লাগি থকা তেলজাতীয় দ্রব্যসমূহ আঁতৰ হয়। তাৰ পিছত পৰিষ্কাৰ নোম সমূহৰ পানীখিনি চেপি আঁতৰাই শুকনি যন্ত্ৰৰ সহায়ত শুকোৱা হয়। আজি কালি এই কার্য সম্পূর্ণ মেচিনৰ সহায়ত কৰা হয়।

(ঙ) মুণ্ডন বা নোম খুৰোৱা (Shearing) পদ্ধতিটো লিখা। এই পদ্ধতিত কি যন্ত্র ব্যৱহাৰ কৰা হয়।

উত্তৰঃ চুৱেটাৰ গুঁঠিবলৈ বা শ্বল ব’বলৈ ব্যৱহাৰ কৰা ঊণবোৰ এক দীঘলীয়া পদ্ধতিৰে উৎপাদন কৰা হয়। এই পদ্ধতিক কেইবাটাও খাপত ভাগ কৰা হয়।

মুণ্ডন হ’ল ভেড়াৰ নোমৰ পৰা ঊণ তৈয়াৰ কৰা পদ্ধতিৰ প্ৰথম খাপ। এই খাপত ভেড়াৰ নোমবোৰ সংগ্ৰহ কৰা হয়। এই খাপত ভেড়াৰ শৰীৰৰ পৰা পাতল তৰপ ছালেৰে সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক মুণ্ডন বা প্ৰাণীৰ নোম খুৰোৱা বুলিও কোৱা হয়। নোমবোৰ সাধাৰণতে জহকালি খুৰোৱা হয়। ইয়াৰ ফলত ৰক্ষাকাৰী আৱৰণ অবিহনে জীয়াই থাকিবলৈ সক্ষম হয়। মুণ্ডনৰ ফলত ভেড়াবোৰৰ কোনো ক্ষতি নহয় কাৰণ ছালৰ একেবাৰে ওপৰৰ তৰপটো মৃত কোষৰ দ্বাৰা গঠিত। এই নোমবোৰেই ঊণী আঁহৰ যোগান ধৰে। ঊণী আঁহবোৰৰ পৰা তেতিয়া প্ৰক্ৰিয়াগতভাৱে ঊণী সূতা আহৰণ কৰা হয় ৷

মুণ্ডন পদ্ধতিত নোম খুৰাবলৈ, নাপিতে ব্যৱহাৰ কৰা সঁজুলিৰ দৰে যন্ত্ৰ ব্যৱহাৰ কৰা হয় ।

১৪। ‘ক’ অংশৰ লগত ‘খ ’অংশ মিলোৱা

‘ক’অংশ‘খ’ অংশ
১।নির্ঘর্ষণ (Scouring)(a) পাট সুতাৰ প্ৰকাৰ
২।নুনীগছৰপাত(b) ঊণ উৎপাদন কৰা প্ৰাণী
৩।য়াক(c) পাট পলুৰ খাদ্য
৪।লেটা(d) ভেড়াৰ প্ৰজাতি
৫।লোহী(c) মহুৰা ফুৰা
৬।টাছাৰ(f) পাত সূতা উৎপাদন কৰে
(g) ছালেৰে সৈতে কাটি লোৱা নোম পৰিষ্কাৰকৰণ।

উত্তৰঃ 

‘ক’অংশ‘খ’ অংশ
১।নির্ঘর্ষণ (Scouring)(g) ছালেৰে সৈতে কাটি লোৱা নোম পৰিষ্কাৰকৰণ।
২।নুনীগছৰপাত(c) পাট পলুৰ খাদ্য
৩।য়াক(b) ঊণ উৎপাদন কৰা প্ৰাণী
৪।লেটা(c) মহুৰা ফুৰা
(f) পাত সূতা উৎপাদন কৰে
৫।লোহী(d) ভেড়াৰ প্ৰজাতি
৬।টাছাৰ(a) পাট সুতাৰ প্ৰকাৰ
2026

১৫। খালী ঠাই পূৰ কৰা –

2026

(ক)—— আৰু —— প্ৰাণীৰ পৰা পোৱা সূতা।

উত্তৰ: পাট, ঊণ।

(খ) প্রাণীসমূহৰ ছালেৰে সৈতে নোম উঠোৱা পদ্ধতিটোক —— বোলে।

উত্তৰঃ মুণ্ডন।

(গ) এংগোৰা ছাগলীৰ পৰা —— ঊণ পোৱা যায়।

 উত্তৰ: এংগোৰা।

(ঘ) আটাইতকৈ মূল্যৱান ঊণ —– নামৰ প্ৰাণীৰ পৰা পোৱা যায়।

উত্তৰ: এংগোৰা শহাপহু।

(ঙ) আলপাকা আৰু লামা  ——  ত পোৱা যায় ৷

উত্তৰ: দক্ষিণ আমেৰিকা।

  (চ) পাটপলুৰ ——- ৰ পৰা পাটসূতা পোৱা যায়।

উত্তৰ: লেটা।

(ছ) পাটপলুৰ লেটাৰ পৰা পূর্ণাঙ্গ —— হয়।

উত্তৰঃ চকৰী ।

(জ)পাটপলুৰ লেটা ——- ত দিয়াৰ পাছত লেটাৰ ভিতৰত থকা পলুটো মৰি যায় আৰু লেটাৰ সূতাবোৰ ঢিলা হৈ পৰে।

উত্তৰ: ভাপ।

১৬। সত্যনে অসত্য লিখা –

(ক) ঊণ আৰু পাটসূতা মানুহে উৎপাদন কৰা সূতা।

উত্তৰঃ অসত্য।

(খ) সকলোবোৰ প্ৰাকৃতিক সূতাৰ ভিতৰত পাটসূতাই আটাইতকৈ দৃঢ় ।

উত্তৰঃ সত্য।

(গ) পাটপলুৰ কণীৰ পৰা পাটসূতা উৎপাদন কৰা হয়।

উত্তৰ: অসত্য।

(ঘ) মেৰিণ’ এবিধ পাটসূতা।

উত্তৰ: অসত্য।

(ঙ) ঊটৰ পৰা’ উৎপাদন কৰা ঊণ সূতা প্রাকৃতিক বৰণতে ৰখা হয় ৷

উত্তৰ: অসত্য।

১৭। নিমিলা শব্দটো কাৰণ দৰ্শাই আঁতৰ কৰা।

(ক) কপাহী সূতা, পাট সূতা, ঊণ সূতা।

উত্তৰ: কপাহী সূতা ৷ কাৰণ কপাহী সূতা উদ্ভিদৰ পৰা উৎপাদন কৰা হয়।

(খ) উট, ভেৰা, পাটপলু।

উত্তৰঃ পাটপলু। কাৰণ পাটপলুৱে পাট সুতা উৎপাদন কৰে আৰু উট, ভেৰাই ঊণ উৎপাদন কৰে ।

(গ) মুণ্ডন, পৰিষ্কৰণ, মহুৰা ফুৰোৱা ৷

উত্তৰঃ মহুৰা ফুৰোৱা। কাৰণ মহুৰা ফুৰুৱা পাটশিল্পৰ লগত জড়িত। আনহাতে, মুণ্ডন আৰু পৰিষ্কৰণ ঊণ উৎপাদনৰ লগত জড়িত।

(ঘ) এংগোৰা, মেৰিণ’, টছৰ।

উত্তৰ: মেৰিণ’; কাৰণ টছৰ আৰু এংগোৰা প্ৰাণীৰ পৰা পোৱা আঁহ। কিন্তু মেৰিণ নহয়।

2 thoughts on “Niketan Class 7 Science Chapter 3 আঁহৰ পৰা কাপোৰলৈ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top