Class 7 Science Chapter 12 উদ্ভিদ প্রজনন

Class 7 Science Chapter 12 উদ্ভিদ প্রজনন – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Science Chapter – 12 উদ্ভিদ প্রজনন – সমাধান and select needs one.

SEBA Class 7 Science Chapter – 12 উদ্ভিদ প্রজনন – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Science Chapter – 12 উদ্ভিদ প্রজনন – সমাধান Solutions for All Subject, You can practice these here…

উদ্ভিদ প্রজনন

পাঠ: ১২

অনুশীলনী

প্ৰশ্ন১: খালী ঠাই পূৰ কৰা : 

( a ) উদ্ভিদৰ অংগৰ পৰা নতুন উদ্ভিদৰ জন্ম হােৱাটোক ………… বােলে । 

( b ) ফুল এটাত স্ত্রী অথবা পুং জননাংগ থাকে । এনেধৰণৰ ফুলক ……………..বােলে । 

( c ) একেটা ফুল অথবা আন এটা ফুলত এটা ফুলৰ পৰাগৰেণু সংযােগ হােৱা ঘটনাক ………….. বােলে । 

( d ) পুং আৰু স্ত্রী জনন কোষৰ মিলক ……………বােলে । 

( e ) বীজৰ বিস্তাৰণ …………., …………….আৰু দ্বাৰা ………….. হয় । 

উত্তৰঃ ( a ) উদ্ভিদৰ অংগৰ পৰা নতুন উদ্ভিদৰ জন্ম হােৱাটোক  অংগজ প্রজনন বােলে । 

উত্তৰঃ ( b ) ফুল এটাত স্ত্রী অথবা পুং জননাংগ থাকে । এনেধৰণৰ ফুলক একলিংগী ফুল বােলে । 

উত্তৰঃ ( c ) একেটা ফুল অথবা আন এটা ফুলত এটা ফুলৰ পৰাগৰেণু সংযােগ হােৱা ঘটনাক পৰাগযােগ বােলে । 

উত্তৰঃ ( d ) পুং আৰু স্ত্রী জনন কোষৰ মিলক  নিশেষণ বােলে । 

উত্তৰঃ ( e ) বীজৰ বিস্তাৰণ বতাহ, পানী,আৰু দ্বাৰা প্রাণী হয় । 

প্রশ্ন২: অযৌন প্রজননৰ বিভিন্ন পদ্ধতিবােৰ বৰ্ণনা কৰা । উদাহৰণ দিয়া । 

উত্তৰঃ অযৌন প্রজননৰ বিভিন্ন পদ্ধতিবােৰ হ’ল 

( i ) অংগজ প্রজনন :- উদ্ভিদৰ কাণ্ড , মূল আৰু পাতৰ পৰা নতুন উদ্ভিদৰ জন্ম হােৱাকে । অংগজ প্রজনন বােলে । জবা , গােলাপ , কুঁহিয়াৰ আদিৰ ডাল কাটি মাটিত পুতি থলে তাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় । আনহাতে আদা , হালধি , আলু আদিৰ দৰে কাণ্ডৰ পৰাও নতুন উদ্ভিদ হয় । ডালিয়া , মিঠা আলু আদিৰ মূলৰ পৰাও নতুন উদ্ভিদৰ সৃষ্টি হয় । 

দুপৰটেঙা বা পাতেগজাৰ পাত এটি মাটিত র্থলে ইয়াৰ পৰা বহুতাে নতুন উদ্ভিদ পােৱা যায় । এই সকলােবােৰ হ’ল উদ্ভিদৰ অংগজ প্রজননৰ বিভিন্ন প্রকাৰ ।

( ii ) মুকুলন ( Budding ) :- ইষ্ট আদিৰ দৰে কিছুমান উদ্ভিদৰ ক্ষেত্ৰত তাৰ কোষৰ পৰা একোটা অংশ টেমুনাৰ দৰে ওলাই আহে । ইয়াক মুকুল বােলে । এই মুকুল ক্রমান্বয়ে বৃদ্ধি আৰু বিকাশ হয় । পাছত ই মূল ইষ্ট কোষটোৰ পৰা পৃথক হৈ পৰি নতুন ইষ্ট কোষত পৰিণত হয় ।

( iii ) বিখণ্ডন ( Fragmentation ) :- শেলাইৰ দৰে বহুতাে উদ্ভিদৰ এটা অংশ চিঙি তাৰ পৰা আকৌ নতুন শেলাইৰ সৃষ্টি হয় । ইয়াক বিখণ্ডন বােলে । 

( iv ) ৰেণু গঠন ( Spore formation ) :- টেকীয়া , মছ আদিৰ দৰে  উদ্ভিদৰ ক্ষেত্ৰত তাৰ পাতৰ ওলােটা পিঠিত কিছুমান টেমুনাৰ সৃষ্টি হয় । এই টেমুনাবােৰত কিছুমান ৰেণুৰ সৃষ্টি হয় । পূৰঠ হ’লে এইবােৰ ফাটি গৈ মাটিত বা সেমেকা ঠাইত পৰি পূণৰ গজালি ওলায় । তেনেদৰে নতুন উদ্ভিদৰ সৃষ্টি হয় । 

ভেকুৰৰ ক্ষেত্ৰতাে একেই প্রক্রিয়াৰে প্ৰজনন ঘটে ।  

প্রশ্ন ৩: যৌন প্রজনন মানে কি বুজা ? 

উত্তৰঃ যৌন প্রজনন মানে হ’ল স্ত্রীজনন কোষ আৰু পুংজনন কোষৰ মিলনৰ ফলত নতুন জীৱৰ সৃষ্টি হােৱা প্রক্রিয়া । গতিকে যৌন প্রজননৰ বাবে পুৰুষ আৰু স্ত্রী এই দুয়ােটা ফুলৰে প্রয়ােজন । পুংস্তৱকৰ পৰাগমুণ্ডৰ পৰা পৰাগৰেণু আহি স্ত্রীস্তবকৰ গৰ্ভমুণ্ডত পৰি তাৰ গৰ্ভদণ্ডৰ মাজেৰে গৰ্ভাশয়ত থকা ডিম্বাণুত সােমায়। ডিম্বাণুক পৰাগ ৰেণুই নিষেচিত কৰে । এই নিষেচনত দুইজনন কোষৰ মিলন ঘটি জাইগটৰ সৃষ্টি হয় । জাইগ’টৰ বৃদ্ধি আৰু বিকাশ ঘটি ভ্রুণৰ সৃষ্টি হয় । ভ্রুণটো এটা আৱৰণৰ দ্বাৰা আবদ্ধ হৈ বীজৰ সৃষ্টি হয় । এই বীজৰ ৰাই অংকুৰণৰ দ্বাৰা নতুন উদ্ভিদৰ সৃষ্টি হয় । 

উল্লেখযােগ্য যে পৰাগযােগ দুই ধৰণে ঘটে । স্ব – পৰাগযােগ আৰু পৰ – পৰাগযােগ । যদি উভয়লিংগী ফুল এটাৰ পৰাগৰেণু সেই ফুলৰে স্ত্ৰীস্তৱকত পৰি পৰাগযােগ ঘটে তাক স্বপৰাগযােগ আৰু যদি সেইজোপা ফুলৰে এন্য এটা ফুলৰ পৰা আন এজোপা ফুলৰ স্ত্রী স্তৱকত পৰাগৰেণু পৰি পৰাগযােগ ঘটে তাক পৰ – পৰাগযোগ বােলে । 

প্রশ্ন ৪: যৌন আৰু অযৌন প্রজননৰ মাজৰ প্রধান পার্থক্যবােৰ লিখা । 

উত্তৰঃ যৌন আৰু অযৌন প্রজননৰ মাজৰ প্রধান পার্থক্য হল —

যৌন প্রজননঅযৌন প্রজনন
১. বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয় ।১. বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি নহয় ।
২. নতুন উদ্ভিদৰ সৃষ্টিৰ বাবে পুৰুষ  আৰু স্ত্রী উভয় জনন কোষৰ প্ৰয়োজন ।২. একেটা লিংগৰ পৰাই নতুন উদ্ভিদৰ সৃষ্টি হয় । 
৩. নতুন উদ্ভিদত পিতৃ আৰু মাতৃ উভয় জীৱৰে লক্ষণ প্ৰকাশ পায় ।৩. যি লিংগৰ জীৱৰ পৰা নতুন উদ্ভিদৰ  সৃষ্টি হয়, সেই জীৱৰে চৰিত্ৰ বহন কৰে ।
৪. জাইগ’টৰ সৃষ্টি হয় । ৪. জাইগ’টৰ সৃষ্টি নহয় ।

প্রশ্ন ৫: ফুল এটাৰ জননাংগসমূহৰ চিত্র অংকণ কৰা । 

উত্তৰঃ তলত ফুল এটাৰ জননাংগৰ চিত্ৰ দিয়া হ’ল–

প্রশ্ন ৬: স্ব – পৰাগযােগ আৰু পৰ – পৰাগযােগৰ মাজৰ পার্থক্য লিখা । 

উত্তৰঃ

স্ব – পৰাগযােগপৰ-পৰাগযােগ
১. স্ব – পৰাগযােগত একেটা ফুলৰে পৰাগৰেণু সেই ফুলৰে গর্ভমুণ্ডত পৰি পৰাগযােগ ঘটে । ১. পৰ – পৰাগযোগত এটা ফুলৰ পৰাগৰেণু সেই একেজোপা গছৰে আন এটা ফুলত  বা আন এজোপা গছৰ ফুলত পৰি পৰাগযােগ ঘটে । 
২. কোনাে বাহক নহঁলেও ঘটে ।২. পৰাগৰেণু কঢ়িয়াবলৈ বাহকৰ প্রয়ােজন ।
৩. মাত্র উভয়লিংগী ফুলৰ ক্ষেত্ৰতহে সম্ভৱ হয় ।৩. একলিংগী ফুলৰ দ্বাৰা ঘটে ।

প্রশ্ন৭: ফুলত কিদৰে নিষেচন ঘটে লিখা । 

উত্তৰঃ 

পৰাগযােগৰ দ্বাৰা ফুলৰ পৰাগৰেণু স্ত্রীস্তৱকৰ গর্ভমুণ্ডত পৰে । গর্ভমুণ্ডত এই ৰেণু অংকুৰিত হয় আৰু তাৰ পৰা পৰাগনলী ওলাই গর্ভমুণ্ডৰ মাজেৰে গৈ গর্ভকোষত সােমায় । পৰাগনলীৰ মাজেৰে পুংজনন কোষ গৈ ডিম্বাণু পায় । পুংজনন কোষ গৈ স্ত্রী জননকোষৰ লগত মিলন হয় । তাত দুয়াে জনন কোষৰ সংযােজন ফলত ভ্ৰূনাণু ( জাইগ’ট ) ৰ সৃষ্টি হয় । জাইগ’ট সৃষ্টি হােৱা এই প্রক্রিয়াকে নিষেচন বােলে । 

Sl. No.Contents
পাঠ-1উদ্ভিদৰ পুষ্টি
পাঠ-2প্ৰাণীৰ পুষ্টি
পাঠ-3তন্তৰ পৰা তন্তজলৈ
পাঠ-4তাপ
পাঠ-5এছিড, ক্ষাৰ আৰু লৱণ
পাঠ-6ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
পাঠ-7বতৰ, জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
পাঠ-8বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ
পাঠ-9মাটি
পাঠ-10জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
পাঠ-11প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
পাঠ-12উদ্ভিদ প্রজনন
পাঠ-13গতি আৰু সময়
পাঠ-14বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া
পাঠ-15পোহৰ
পাঠ-16পানী: এক অমূল্য সম্পদ
পাঠ-17বননি: আমাৰ জীৱন ৰেখা
পাঠ-18বর্জিত পানীৰ কথা

প্রশ্ন৮: বীজৰ বিস্তাৰণৰ বাবে থকা বিভিন্ন ব্যৱস্থা বােৰৰ বিষয়ে লিখা । 

উত্তৰঃ বীজবােৰ বিভিন্ন ধৰণে বিস্তাৰিত হয় । বীজৰ বিস্তাৰণৰ বিষয়ে তলত দিয়া  হ’ল–

( ১ ) বতাহৰ দ্বাৰা :-  শিমলু , কহুৱা আদিৰ বীজবােৰৰ গাত চুলিৰ দৰে কিছুমান নােম থাকে । এইবােৰৰ সহায়ত ইহঁতে বীজৰ পৰা ওলাই বতাহৰ সহায়ত উৰি গৈ বিভিন্ন ঠাইত পৰে আৰু তাতে গজালি ওলাই বংশ বিস্তাৰ কৰে ।

কিছুমান উদ্ভিদৰ বীজত পাখি থাকে । তাৰ সহায়ত এইবােৰ বতাহত উৰি যায় । যেনে– চজিনা । 

( ২ ) পানীৰ দ্বাৰা :- কিছুমান বীজ পানীত ওপঙে । সাগৰৰ পাৰত হােৱা নাৰিকল , তাল আদিৰ বীজবােৰ পানীত উটি যায় আৰু আন ঠাইত লাগি ধৰি তাত গজালি ওলাই উদ্ভিদৰ সৃষ্টি হয় । 

( ৩ ) পতংগ আৰু অন্য প্রাণীৰ দ্বাৰা :- কিছুমান বীজ গৰু – ছাগলী বা অন্য প্রাণী গাত লাগি ধৰি এঠাইৰ পৰা আন ঠাইলৈ যায় আৰু তাতে বংশ বিস্তাৰ কৰে । এগাৰাে , লাজুকী লতাৰ গুটি আদি । 

প্রশ্ন৯: স্তম্ভ- I আৰু স্তম্ভ- II ৰ তথ্যবােৰ মিলােৱা ।

স্তম্ভ- Iস্তম্ভ- II 
১.মুকুল( i ) মেপল
২.চকু( ii ) স্পাইৰ’গাইৰা 
৩.বিখণ্ডন( iii ) ইষ্ট 
৪.পাখি( iv ) মাৰি থােৱা ময়দা
৫.পৰাগৰেণু ( v ) আলু
( vi ) গােলাপ 

উত্তৰঃ

স্তম্ভ- Iস্তম্ভ- II 
১.মুকুল( iii ) ইষ্ট
২.চকু( v ) আলু  
৩.বিখণ্ডন( ii ) স্পাইৰ’গাইৰা
৪.পাখি( i ) মেপল
৫.পৰাগৰেণু ( iv ) মাৰি থােৱা ময়দা । 

প্রশ্ন১০: শুদ্ধ উত্তৰ বাছি উলিওৱা । 

( a ) উদ্ভিদ প্রজনন ক্ষম অংগ এটা হল— 

( i ) পাত

( ii ) কাণ্ড

( iii ) শিপা

( iv ) ফুল

উত্তৰঃ ( iv ) ফুল ।

( b )পুংজননকোষ আৰু স্ত্রীজনন কোষৰ মিলনৰ প্রক্রিয়াটোক কোৱা হয়— 

( i ) নিষেচন

( ii ) পৰাগ সংযাগ

( iii ) প্রজনন 

( iv ) বীজ গঠন 

উত্তৰঃ ( i ) নিষেচন ।

( c ) পূৰঠ অণ্ডকোষে উৎপন্ন কৰে— 

( i ) গুটি

( ii ) গর্ভনলী ।

( iii ) পৰাগ নলী

( iv ) ফুল 

উত্তৰঃ ( iv ) ফুল ।

( d ) ৰেণু উৎপন্নকাৰী এবিধ উদ্ভিদ হল— 

( i ) গােলাপ

( ii ) ব্রেড মােল্ড ( এবিধ ভেঁকুৰ ) 

( iii ) আলু  

( iv ) আদা  

উত্তৰঃ ( ii ) ব্রেড মােল্ড ( এবিধ ভেঁকুৰ ) ।

( e ) পাতেগজা ( ব্রাইঅ’ফাইলাম ) জাতীয় উদ্ভিদে প্রজনন কৰা অংগ হ’ল— 

( i ) কাণ্ড

( ii ) পাত

( iii ) শিপা

( iv ) ফুল

উত্তৰঃ ( ii ) পাত ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top