Class 7 Science Chapter 8 বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ

Class 7 Science Chapter 8 বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Science Chapter – 8 বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ – সমাধান and select needs one.

SEBA Class 7 Science Chapter – 8 বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Science Chapter – 8 বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ – সমাধান Solutions for All Subject, You can practice these here…

বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ

পাঠ: ৮

অনুশীলনী 

প্রশ্ন১: খালী ঠাই পূৰ কৰা । 

( a ) বতাহ হ’ল …………বায়ু । 

( b ) পৃষ্ঠৰ …………তাপৰ বাবে বতাহৰ সৃষ্টি হয় । 

( c ) ভূ – পৃষ্ঠৰ ওচৰৰ …………..বায়ু ওপৰলৈ উঠে আৰু তুলনামূলকভাবে ……………. তললৈ নামে । 

( d ) বায়ু ……….চাপ , অঞ্চলৰ পৰা ………….চাপ অঞ্চললৈ গতি কৰে । 

উত্তৰঃ ( a ) বতাহ হ’ল গতিশীল বায়ু ।

উত্তৰঃ ( b ) পৃষ্ঠৰ অসমতুলিত তাপৰ বাবে বতাহৰ সৃষ্টি হয় ।

উত্তৰঃ ( c ) ভূ – পৃষ্ঠৰ ওচৰৰ  উষ্ণ বায়ু ওপৰলৈ উঠে আৰু তুলনামূলকভাবে শীতল  তললৈ নামে ।

উত্তৰঃ ( d ) বায়ু উচ্চ চাপ , অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে ।

প্রশ্ন২: এখন ঠাইৰ বতাহৰ দিশ নির্ণয় কৰিব পৰা দুটা পদ্ধতিৰ আভাস দিয়া । 

উত্তৰঃ কোনাে এখন ঠাইৰ বতহাৰ দিশ নির্ণয় কৰিব পৰা দুটা পদ্ধতি হল— 

( i ) যদি আমি’এমুঠি ধূলি ওপৰৰ পৰা এৰি দিওঁ ধূলিখিনি যি দিশে যায় , সেইদিশে বতাহ বলা বুলি ঠিৰাং কৰিব পাৰি । 

( ii ) বায়ু চকৰি বা বায়ু ঘড়ী সাজি তাৰ ঘূৰণৰ দিশ চাই বায়ু কোন দিশৰ পৰা বলিছে তাক নির্ণয় কৰিব পাৰি । 

প্রশ্ন৩: বায়ুয়ে যে চাপ দিয়ে তাৰ অভিজ্ঞতাৰ বিষয়ে লিখা । ( পাঠ্যপুথিত থকা নথকা ) 

উত্তৰঃ বায়ুয়ে চাপ দিয়ে । ইয়াক তলৰ দুটা অভিজ্ঞতাৰে উপলদ্ধি কৰিব পাৰি । 

অভিজ্ঞতা ১:- বেলুন এটা ফুৱাই দিলে ই ফুলি উঠে । বেছিকৈ ফুলালে ই ফাটি যায় । বায়ুৱে দিয়া চাপৰ বাবে বেলুনটো ফাটি যায় । 

অভিজ্ঞতা ২:- পানীপূর্ণ গিলাছ এটাত কাগজ বা প্লেট এখন ঢাকি দিলে , ওলােটাই দিলে কাগজখন বা প্লেটখন তললৈ সৰি নপৰে । প্লেটখনৰ ওপৰত বায়ুৱে দিয়া চাপৰ বাবে প্লেটখন সৰি পৰে । 

প্রশ্ন৪: তুমি এটা ঘৰ কিনিব বিচাৰিছা । তুমি কেৱল খিৰিকি থকা কিন্তু ভেন্টিলেটৰ নথকা ঘৰ এটা পাইছা । পছন্দ কৰিবনে ? বাখ্যা কৰা । 

উত্তৰঃ এখন খিৰিকী থকা , কিন্তু ভেন্টিলেটৰ নথকা ঘৰটো কিনাৰ বাবে পছন্দ কৰা নহয় । গৰমৰ দিনত বায়ু গৰম হৈ পাতল হয় , পাতল বায়ু লগে লগে ওপৰলৈ উঠে । ওপৰৰ ভেন্টিলেটৰ থাকিলেহে এই গৰম বায়ু ভেন্টিলেটৰেৰে বাহিৰলৈ ওলাই যায় । তেতিয়া বাহিৰৰ পৰা ঠাণ্ডা বতাহ ৰুমৰ ভিতৰত সােমাই ৰুমটো শীতল হৈ থাকে । যদি ভেন্টিলেটৰ নাথাকে এই গৰম বায়ু বাহিৰ ওলাই যাব নােৱাৰে । গতিকে ৰুমৰ ভিতৰলৈ বাহিৰৰ ঠাণ্ডা বতাহ সােমাই নায়ায় । গতিকে গ্রীষ্মকালত সেই ঘৰটো বাসপােযােগী নহ’ব । গতিকে ঘৰটো নিকিনাই শ্রেয় ।

প্রশ্ন৫: আৰি দিয়া বেনাৰ আৰু হ’র্ডিংবােৰত কিয় ফুটা কৰি দিয়া হয় ? 

উত্তৰঃ বায়ুয়ে চাপ দিয়ে । যদি আৰি থােৱা বেনাৰ আৰু হ’র্ডিংবােৰত ফুটা কৰি দিয়া নহয় , তেতিয়া বায়ুৰ হেচাত এইবােৰ ফালি চিৰি যাব । ফুটা কৰি দিলে সেই ফুটাৰে বায়ুই গতি কৰিব আৰু এইবােৰ নষ্ট হৈ নাযায় । 

Sl. No.Contents
পাঠ-1উদ্ভিদৰ পুষ্টি
পাঠ-2প্ৰাণীৰ পুষ্টি
পাঠ-3তন্তৰ পৰা তন্তজলৈ
পাঠ-4তাপ
পাঠ-5এছিড, ক্ষাৰ আৰু লৱণ
পাঠ-6ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
পাঠ-7বতৰ, জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
পাঠ-8বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ
পাঠ-9মাটি
পাঠ-10জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
পাঠ-11প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
পাঠ-12উদ্ভিদ প্রজনন
পাঠ-13গতি আৰু সময়
পাঠ-14বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া
পাঠ-15পোহৰ
পাঠ-16পানী: এক অমূল্য সম্পদ
পাঠ-17বননি: আমাৰ জীৱন ৰেখা
পাঠ-18বর্জিত পানীৰ কথা

প্রশ্ন৬: তুমি কিদৰে তােমাৰ প্রতিবেশীক তােমাৰ গাঁও বা নগৰলৈ আহি থকা র্ণীবতাহৰ পৰা ৰক্ষা পাবলৈ সহায় কৰিবা ? 

উত্তৰঃ আহি থকা ঘূর্ণীবতাহৰ পৰা প্রতিবেশীক ৰক্ষা কৰিবলৈ তলৰ ব্যৱস্থাসমূহ হাতত ল’ব পাৰি— 

( ক ) অত্যাৱশ্যকীয় ঘৰুৱা সামগ্রী , পােহনীয়া প্রাণী , গাড়ী – মটৰ , খাদ্য আদি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব লাগিব । 

( খ ) ওচৰৰ অগ্নিনির্বাপক বাহিনী , আৰক্ষী চকী , হস্পিতাল আদিৰ ফোন নম্বৰ যােগাৰ কৰি থােৱা । 

( গ ) দূষিত পানী খাব নিদি বিশুদ্ধ খােৱা পানী সঞ্চিত কৰি ৰখা ।

( ঘ ) তিতা হাতে বিদ্যুতৰ চুইছ স্পর্শ নকৰিবলৈ কোৱা , যান-বাহন আদি পানীৰ কাষেদি চলাই নিয়াত বাধা দিয়া । 

প্রশ্ন৭: ঘূর্ণীবতাহে সৃষ্টি কৰা অৱস্থাৰ মুখামুখী হ’বলৈ আগতীয়াকৈ কি ধৰণৰ আঁচনি কৰিব পাৰি ? 

উত্তৰঃ চৰকাৰী বিভাগৰ ফালৰ পৰা –

( i ) এই ক্ষেত্ৰত স্থাপন হােৱা চৰকাৰী বিভাগবােৰক সঘনাই যােগাযােগৰ দ্বাৰা সজাগ । কৰি থােৱা । 

( ii ) মাছমৰীয়া , জাহাজ বা নৌকাৰে পাৰ হােৱা যাত্রীবােৰক সতর্ক কৰি দিয়া । 

( iii ) ঘূর্ণীবতাহৰ বাবে স্পর্শকাতৰ ঠাইসমূহৰ বাসিন্দাসকলৰ বাবে আগতীয়াকৈ আশ্রয় শিবিৰ স্থাপন কৰি থােৱা ।. 

ৰাইজৰ তৰফৰ পৰা –

( i ) অত্যাৱশ্যকীয় চৰকাৰী সেৱা , আৰক্ষী চকী , অগ্নিনির্বাপক বাহিনী , হস্পিতেল আদিৰ ফোন নম্বৰ মজুত ৰখা । 

( ii ) ঘৰচীয়া প্রাণী , অত্যাৱশ্যকীয় ঘৰুৱা সামগ্রী , যান-বাহন , চাকি লেম্প , কাপােৰকানি আদি নিবাপদ ঠাইলৈ স্থানান্তৰ কৰি থােৱা । 

( iii ) বিশুদ্ধ খােৱা পানী , খাদ্য আৰু কাপােৰকানি জমা কৰি থােৱা । 

প্রশ্ন৮: তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

তলৰ কোনখন ঠাই ঘূর্ণীবতাহৰ দ্বাৰা প্রভাবান্বিত হােৱাৰ সম্ভাবনা কম ? 

( a ) চেন্নাই

( b ) বাংগালুৰু

( c ) অম্ৰিতচৰ 

( d ) পুৰী 

উত্তৰঃ ( c ) অম্রিতচৰ ।

প্রশ্ন৯: তলত দিয়া কোনটো উক্তি শুদ্ধ ? 

( a ) শীতকালত বতাহ স্থলৰ পৰা সাগৰলৈ বলে । 

( b ) গ্রীষ্মকালত বতাহ স্থলভাগৰ পৰা সাগৰৰ ফালে বলে । 

( c ) ঘূর্ণীবতাহ কোনাে ঠাইত প্রচণ্ড উচ্চ চাপৰ সৃষ্টি হােৱাৰ ফলত তাৰ চাৰিওফালে বলা প্রচণ্ড দ্রুতিৰ বতাহ । 

( d ) ভাৰতৰ সাগৰৰ উপকূলীয় অঞ্চল ঘূর্ণীবতাহৰ বাবে স্পর্শকাতৰ নহয় । 

উত্তৰঃ ( a ) শীতকালত বতাহ স্থলৰ পৰা সাগৰলৈ বলে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top