Class 7 Science Chapter 13 গতি আৰু সময়

Class 7 Science Chapter 13 গতি আৰু সময় – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Science Chapter – 13 গতি আৰু সময় – সমাধান and select needs one.

Join Telegram channel

SEBA Class 7 Science Chapter – 13 গতি আৰু সময় – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Science Chapter – 13 গতি আৰু সময় – সমাধান Solutions for All Subject, You can practice these here…

গতি আৰু সময়

পাঠ: ১৩

অনুশীলনী

প্রশ্ন১: তলত দিয়া গতিবােৰক সৰলৰৈখিক , বৃত্তীয় আৰু দোলন গতি হিচাপে শ্রেণীবিভাগ কৰা । 

( i ) দৌৰি থকা অৱস্থাত তােমাৰ হাতৰ গতি ।

উত্তৰঃ দোলন গতি ।

( ii ) পােন ৰাস্তাত টানি থকা গাড়ী এখনৰ ঘোঁৰাৰ গতি । 

উত্তৰঃ সৰল ৰৈখিক গতি । 

( iii ) মেৰি – গােৰাউণ্ডত গতি কৰি থকা শিশু এটিৰ গতি । 

উত্তৰঃ বৃত্তীয় গতি ।

( iv ) চি – ছত উঠি থকা ছোৱালী এজনীৰ গতি । 

উত্তৰঃ দোলন গতি । 

( v ) ইলেকট্রিক বেল এটাৰ দণ্ডডালৰ গতি । 

উত্তৰঃ দোলন গতি ।

( vi ) পােন দলং এখনৰ ওপৰেৰে যােৱা ৰেলগাড়ীৰ গতি । 

উত্তৰঃ সৰল ৰৈখিক গতি । 

প্রশ্ন২: তলত দিয়াবােৰৰ শুদ্ধ আৰু অশুদ্ধবােৰ বাছি উলিওৱা । 

( i ) সময়ৰ মুখ্য একক ছেকেণ্ড । 

উত্তৰঃ শুদ্ধ ।

( ii ) সকলাে বস্তুই ধ্ৰুৱীয় গতিৰে গতি কৰে ।

উত্তৰঃ অশুদ্ধ ।

( iii ) দুখন মহানগৰৰ মাজৰ দূৰত্ব কি.মি.ত জোখা হয় । 

উত্তৰঃ শুদ্ধ ।

( iv ) প্রদত্ত সৰল দোলক এটাৰ পর্যায়কাল ধ্ৰুৱক নহয় । 

উত্তৰঃ অশুদ্ধ ।

( v ) ট্রেইন এখনৰ দ্রুতি কি.মি. / ঘণ্টা এককত জোখা হয় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন৩: এটা সৰলকে 20 টা দোলনৰ বাবে 32 ছে , সময় লয় । দোলকটোৰ পর্যায়কাল কিমান ? 

উত্তৰঃ ইয়াত দিয়া আছে ,

          দোলকৰ দোলন সংখ্যা = 20

          মুঠ সময় = 32 ছে . 

          আমি জানাে ,পর্যায় কাল = মুঠ সময়/ মুঠ দোলন সংখ্যা

          এতেকে নির্ণেয় পর্যায় কাল = 20/16

                                           = 1.6 ছেকেণ্ড । 

প্রশ্ন৪: দুটা ষ্টেচনৰ মাজৰ দূৰত্ব 240 কি.মি .। ট্রেইন এখনৰ এই দূৰত্ব অতিক্রম কৰিবলৈ 4 ঘণ্টা সময় লাগে । ট্ৰেইনখনৰ দ্ৰুতি কিমান ? 

উত্তৰঃ দিয়া আছে , 

               ষ্টেচন দুটাৰ দূৰত্ব = 240 কি.মি .

                               সময় = 4 ঘণ্টা 

             আমি জানো , দ্রুতি = দূৰত্ব/ সময় 

          এতেকে  নির্ণেয় দ্রুতি =240/4  কি.মি. /ঘণ্টা

                                     = 60 কি.মি. / ঘণ্টা । 

প্রশ্ন 5ঃ গাড়ীৰ অড’মিটাৰ এটাৰ পাঠ আৰম্ভণিতে 57321.0 কি.মি .। সেই সময়ত ঘড়ীৰ সময় 08:30 AM . যদি ঘড়ীত 08:50 AM হয় আৰু অড’মিটাৰৰ পাঠ সেই সময়ত পৰিৱৰ্তন হৈ 57336.0 কি.মি .। গাড়ীখনৰ দ্ৰুতি কি.মি. / মিনিটত গণনা কৰা । গাড়ীখনৰ দ্ৰুতি কি.মি. / ঘণ্টাতাে প্রকাশ কৰা । 

উত্তৰঃ  দিয়া আছে , 

অড’মিটাৰৰ আদি পাঠ = 57321.0 কি.মি. অডমিটাৰৰ শেষ পাঠ = 57336.0 কি.মি .

ঘড়ীৰ আদি পাঠ = 08:30 AM 

ঘড়ীৰ অন্তিম পাঠ = 08:50 AM 

এতিয়া , মুঠ দূৰত্ব = ( 57336.0 –57321.0 ) কি.মি. = 15.0 কি.মি. 

মুঠ সময় = ( 08.50 – 08.30 ) মিনিট = 20 মিনিট 

এতেকে নির্ণেয় দ্রুতি = 15/20 কি.মি. / মিনিট

                               = 0.75 কি.মি. / মিনিট 

                    1 ঘণ্টা = 60 মিনিট 

কি.মি. / ঘণ্টাত দ্রুতি = 0.75 x 60 = 45 কি.মি. / ঘণ্টা । 

প্রশ্ন৬: ছালমাই তাইৰ ঘৰৰ পৰা স্কুল পাবলৈ চাইকেলেৰে 15 মিনিট সময় লয় । যদি চাইকেলখনৰ দ্ৰুতি 2 মি . / ছে , হয় , তেন্তে ছালমাৰ ঘৰ আৰু স্কুলৰ দূৰত্ব কিমান ?

উত্তৰঃ দিয়া আছে , 

             চাইকেলৰ দ্রুতি = 2 মি . / ছে .

                           সময় = 15 মিনিট 

                                  = 15 x 60 ছে , 

                                  = 900 ছে 

        অতিক্রম কৰা দূৰত্ব = দ্রুতি x সময় 

                                  = 2 মি . / ছে , x 900 ছে , 

                                  = 1800 মি . 

 ছালমাৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব = 1.800 কি.মি .। 

Sl. No.Contents
পাঠ-1উদ্ভিদৰ পুষ্টি
পাঠ-2প্ৰাণীৰ পুষ্টি
পাঠ-3তন্তৰ পৰা তন্তজলৈ
পাঠ-4তাপ
পাঠ-5এছিড, ক্ষাৰ আৰু লৱণ
পাঠ-6ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
পাঠ-7বতৰ, জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
পাঠ-8বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ
পাঠ-9মাটি
পাঠ-10জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
পাঠ-11প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
পাঠ-12উদ্ভিদ প্রজনন
পাঠ-13গতি আৰু সময়
পাঠ-14বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া
পাঠ-15পোহৰ
পাঠ-16পানী: এক অমূল্য সম্পদ
পাঠ-17বননি: আমাৰ জীৱন ৰেখা
পাঠ-18বর্জিত পানীৰ কথা

প্রশ্ন৭: তলত দিয়া গতিৰ ক্ষেত্ৰত সময় – দূৰত্বৰ লেখৰ প্রকৃতি দেখুওৱা । 

( i ) স্থিৰ ( constant ) দ্রুতিত গতি কৰি থকা গাড়ী । 

( ii ) ৰাস্তাৰ কাষত পার্কিং কৰি ৰখা গাড়ী এখন । 

উত্তৰঃ              

স্থিৰ দ্ৰুতিৰ সময় লেখ দূৰত্বৰ লেখ ।                    ৰাস্তাৰ কাষত পার্কিং কৰি ৰখা গাড়ীৰ সময় দূৰত্বৰ লেখ । 

প্রশ্ন৮: তলৰ শুদ্ধ উত্তৰ বাছি উলিওৱা ।

( i ) দ্রুতি = দূৰত্ব x সময় 

( ii ) দ্রুতি =সময়/ দূৰত্ব 

( iii ) দ্রুতি = দূৰত্ব/দূৰত্ব

( iv ) দ্রুতি =1/দূৰত্ব x সময় 

উত্তৰঃ ( ii ) দ্রুতি=সময়/ দূৰত্ব 

প্রশ্ন৯:  দ্রুতিৰ মূল একক হল— 

( i ) কি.মি. / মিনিট

( ii ) মি . / মিনিট

( iii ) কি.মি. / ঘণ্টা

( iv ) মি . / ছে.

উত্তৰঃ ( iv ) মি . / ছে .

প্রশ্ন১০: 40 কি.মি. / ঘণ্টা বেগেৰে গতি কৰি থকা গাড়ী এখনে 15 মিনিট গতি কৰি পাছৰ 15 মিনিটৰ বাবে ঘণ্টাত 60 কি.মি. / ঘণ্টা বেগেৰে গতি কৰিছে । গাড়ীখনে অতিক্রম কৰা মুঠ দূৰত্ব হ’ল— 

( i ) 100 কি.মি.    

( ii ) 25 কি.মি.    

( iii ) 15 কি.মি.  

( iv ) 10 কিমি .

উত্তৰঃ ( ii ) 25 কি.মি .।

প্রশ্ন১১: পাঠ্যপুথিত দিয়া চিত্ৰত কেইখন মান গাড়ীৰ গতি দেখুওৱা হৈছে । প্রথম চিত্ৰখন দ্বিতীয় খনতকৈ 10 ছে . পাছত লােৱা । ফট’গ্রাফত যদি 1 ছেমি . = 100 মি . হয় , তেন্তে কলা গাড়ীখনৰ দ্ৰুতি কিমান ? 

উত্তৰঃ চিত্ৰ দুখন জুখি চাই দেখা গৈছে যে কলা গাড়ীখনে 10 ছে , পাছত 8.5 – 7.5 = 1 ছে.মি. আগবাঢ়িছে । 

অর্থাৎ 1 ছেমি . = 100 মি . আগবাঢ়িছে । 

এতেকে    দূৰত্ব = 100 মি . 

            সময় = 10 ছে.

এতেকে নির্ণেয় দ্রুতি হ’ব = 100/10=10 মি . /ছে 

প্রশ্ন১২: তলত দিয়া চিত্রই A আৰু B গাড়ী দুখনৰ সময় – দূৰত্বৰ লেখ সূচাইছে ।

 A আৰু B ৰ ভিতৰত কোনখন গাড়ীৰ দ্ৰুতি বেছি । 

উত্তৰঃ        

A গাড়ীৰ দ্রুতি বেছি । দুয়ােডাল লেখক এটাকৈ P এটা A লেখত লােৱা যিকোনাে বিন্দু । P ৰ পৰা X- অক্ষৰ ওপৰত PM লম্ব আৰু Y- অক্ষৰ ওপৰত PQ , PR লম্ব । OM এ সময় বুজাব । OM সময়ত A গাড়ী অতিক্রম কৰা দূৰত্ব = OQ ; আৰু B গাড়ী অতিক্রম কৰা দূৰত্ব = OR ; OQ } OR , অর্থাৎ A গাড়ীয়ে একে সময়ত বেছি দূৰত্ব অতিক্রম কৰে । গতিকে গাড়ীৰ দ্ৰুতি বেছি । 

প্রশ্ন১৩: কোনডাল লেখে ট্রাক এখনৰ অসুষম গতিৰ বেগ বুজাব ? 

উত্তৰঃ ( ii ) আৰু ( iii ) 

( ii ) ট্রাকখনে এই ক্ষেত্ৰত স্থিৰে আছে । 

( iii ) ট্রাকখনে এই ক্ষেত্ৰত দ্রুতিৰ মান বৃদ্ধি কৰি আছে ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising