Class 7 Science Chapter 11 প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র

Class 7 Science Chapter 11 প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Science Chapter – 11 প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র – সমাধান and select needs one.

SEBA Class 7 Science Chapter – 11 প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Science Chapter – 11 প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র – সমাধান Solutions for All Subject, You can practice these here…

প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র

পাঠ: ১১

অনুশীলনী

প্রশ্ন ১: স্তম্ভ I আৰু স্তম্ভ II ত থকা তথ্যবােৰ মিলােৱা ।

স্তম্ভ Iস্তম্ভ II
( i ) ষ্ট’মাতা ( পত্ৰৰন্ধ )( a ) পানী শােষণ
( ii ) জাইলেম( b ) বাষ্পমােচন
( ii ) চুলি শিপা( c ) খাদ্য পৰিবহন
( iv ) ফ্ল’ৱেম( d ) পানী পৰিবহন
( e ) কার্বহাইড্রেট সংশ্লেষণ 

উত্তৰঃ

স্তম্ভ Iস্তম্ভ II
( i ) ষ্ট’মাতা ( পত্ৰৰন্ধ )( b ) বাষ্পমােচন
( ii ) জাইলেম( d ) পানী পৰিবহন 
( ii ) চুলি শিপা( a ) পানী শােষণ 
( iv ) ফ্ল’ৱেম( c ) খাদ্য পৰিবহন 

প্রশ্ন ২: খালী ঠাই পূৰ কৰা ৷ 

( i ) হৃদযন্ত্রৰ পৰা শৰীৰৰ সকলাে অংশলৈ তেজ ……………ৰ দ্বাৰা পৰিবাহিত হয় । 

( ii ) হিম’গ্লবিন থকা তেজৰ কণিকাক ………..বােলে । 

( iii ) হৃদযন্ত্রৰ ছন্দায়িত প্ৰসাৰণ আৰু সংকোচনক ……………..বােলে ।

( iv ) ধমনী আৰু সিৰা দুয়াে সংযােগী হােৱা অংশক …………. বোলে । 

( v ) মানুহৰ ৰেচনৰ প্রধান অংগ হ’ল ………থাকে । 

( vi ) ঘামত পানী আৰু ……………….থাকে । 

( vii ) বৃক্কই তৰল হিচাবে নির্গত কৰা বর্জিত পদার্থক …………… বোলা হয় । 

( viii ) উদ্ভিদে পাতলৈ পানী মাটিৰ পৰা তুলি নিয়া কাৰ্যৰ বাবে প্রয়ােজনীয় শােযণ বল লাভ কৰাৰ কাৰণ হ’ল……………..। 

উত্তৰঃ ( i ) হৃদযন্ত্রৰ পৰা শৰীৰৰ সকলাে অংশলৈ তেজ  ধমনী  ৰ দ্বাৰা পৰিবাহিত হয় । 

উত্তৰঃ ( ii ) হিম’গ্লবিন থকা তেজৰ কণিকাক লােহিত কণা বােলে । 

উত্তৰঃ ( iii ) হৃদযন্ত্রৰ ছন্দায়িত প্ৰসাৰণ আৰু সংকোচনক  হৃদস্পন্দন বােলে ।

উত্তৰঃ ( iv ) ধমনী আৰু সিৰা দুয়াে সংযােগী হােৱা অংশক  ৰক্ত কেশিকা বোলে । 

উত্তৰঃ ( v ) মানুহৰ ৰেচনৰ প্রধান অংগ হ’ল ইউৰিয়া থাকে । 

উত্তৰঃ ( vi ) ঘামত পানী আৰু নিমখ থাকে । 

উত্তৰঃ ( vii ) বৃক্কই তৰল হিচাবে নির্গত কৰা বর্জিত পদার্থক মূত্র বোলা হয় । 

উত্তৰঃ (viii ) উদ্ভিদে পাতলৈ পানী মাটিৰ পৰা তুলি নিয়া কাৰ্যৰ বাবে প্রয়ােজনীয় শােযণ বল লাভ কৰাৰ কাৰণ হ’ল বাষ্পমােচন । 

প্রশ্ন ৩: শুদ্ধ উত্তৰটো বাছি উলিওৱা । 

( a ) উদ্ভিদত পানী পৰিবাহিত হয়— 

( i ) জাইলেম কলাৰে 

( ii ) ফ্ল’ৱেম কলাৰে  

( iii ) পত্ৰৰন্ধৰে 

( iv ) চুলি শিপাৰে 

উত্তৰঃ ( i ) জাইলেম কলাৰে 

( b ) শিপাৰে পানী শােষণৰ পৰিমাণ বৃদ্ধি কৰিব পৰাৰ এটা ব্যৱস্থা হ’ল– 

( i ) উদ্ভিদক ছাঁত ৰাখি 

( ii ) উদ্ভিদক কম পােহৰত’ৰাখি 

( iii ) উদ্ভিদক পাংখাৰ তলত ৰাখি 

( iv ) পলিথিন বেগৰ ভিতৰত ৰাখি 

উত্তৰঃ ( iii ) উদ্ভিদক পাংখাৰ তলত ৰাখি 

Sl. No.Contents
পাঠ-1উদ্ভিদৰ পুষ্টি
পাঠ-2প্ৰাণীৰ পুষ্টি
পাঠ-3তন্তৰ পৰা তন্তজলৈ
পাঠ-4তাপ
পাঠ-5এছিড, ক্ষাৰ আৰু লৱণ
পাঠ-6ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
পাঠ-7বতৰ, জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
পাঠ-8বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ
পাঠ-9মাটি
পাঠ-10জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
পাঠ-11প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
পাঠ-12উদ্ভিদ প্রজনন
পাঠ-13গতি আৰু সময়
পাঠ-14বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া
পাঠ-15পোহৰ
পাঠ-16পানী: এক অমূল্য সম্পদ
পাঠ-17বননি: আমাৰ জীৱন ৰেখা
পাঠ-18বর্জিত পানীৰ কথা

প্রশ্ন ৪: প্রাণী বা উদ্ভিদৰ ক্ষেত্ৰত কিয় পৰিবহনৰ আবশ্যক হয়, বাখ্যা কৰা । 

উত্তৰঃ প্রাণী বা উদ্ভিদক জীয়াই থাকিবলৈ হ’লে খাদ্য প্রয়ােজন । প্রাণীয়ে খাদ্য মুখেৰে খাই পাচন তন্ত্রত হজম কৰে । এই হজম হােৱা খাদ্য গ্লুক’জ অণুত পৰিণত হয় । ক্ষুদ্রান্ত্ৰৰ বেৰত এই অণুবােৰ তেজৰদ্বাৰা শােষিত হয় । তাৰ পৰাই তেজে গােটেই শৰীৰত বিতৰণ কৰে । 

প্ৰাণীৰ শৰীৰত ঘটা জৈৱ ৰাসায়নিক ক্রিয়াৰ ফলত বর্জনীয় তৰল উৎপন্ন হয় । এই তৰল ৰেচন তন্ত্ৰৰ দ্বাৰা শৰীৰৰ পৰা ওলাই যায় । 

উদ্ভিদৰ খাদ্য পাতত উৎপন্ন হয় । পাতৰ পৰা এই খাদ্য উদ্ভিদ দেহত জাইলেম কলাৰ দ্বাৰা বিতৰণ হয় । খাদ্য তৈয়াৰ কৰাৰ বাবে শিপাই মাটিৰ পৰা শােষণ কৰা পানীও ফ্ল’ৱেম নামৰ কলাৰে পাতলৈ পৰিচালিত হয় । 

গতিকে দেখা গ’ল উদ্ভিদ আৰু প্রাণী উভয়তে পৰিবহনৰ আৱশ্যক । 

প্রশ্ন ৫: যদি অণুচক্রিকা ( তেজৰ কণা ) নাথাকে, তেন্তে কি ঘটিব ? 

উত্তৰঃ তেজত থকা অণুচক্রিকা ( platelets ) ৰ কাম হ’ল ইশৰীৰৰ ক্ষত স্থানৰ পৰা ওলােৱা তেজ গােটমৰাত সহায় কৰে । তেজ গােট মৰাৰ বাবে সেই ক্ষত স্থানেৰে আৰু অধিক তেজ ওলাই আহিব নােৱাৰা হয় । ৰক্তক্ষৰণ বন্ধ নহ’লে শৰীৰৰ পৰা তেজ অবিৰাম গতিত ওলাই থাকি মানুহ বা অন্য জীৱ মৃত্যু মুখত পৰিব । গতিকে তেজত অণুচক্রিকাৰ অতীৱ প্রয়ােজন । 

প্রশ্ন ৬: ষ্ট’মাতা বা পত্ৰৰন্ধ কি ? ইয়াৰ দুটা কাৰ্য্য লিখা । 

উত্তৰঃ পাতৰ পৃষ্ঠত থকা সৰু সৰু বিন্ধাবােৰকে ষ্ট’মাতা বা পত্ৰৰন্ধ বােলে ৷ এইবােৰ দুটা ৰক্ষীকোষে আগুৰি ৰাখে । পত্ৰৰন্ধৰ দুটা কার্য হ’ল— 

( i ) উদ্ভিদৰ দেহৰ গেছৰ আদান প্রদান এই পত্ৰৰন্ধৰ মাজেৰে ঘটে । আৰু

( ii ) উদ্ভিদ দেহত উৎপন্ন হােৱা অতিৰিক্ত পানীভাগ এই পত্ৰৰন্ধৰ মাজেৰেই বাষ্পমােচন ঘটে । 

প্রশ্ন ৭: বাষ্পমােচনে উদ্ভিদৰ কিবা আৱশ্যকীয় কার্য সম্পন্ন কৰেনে ? বাখ্যা কৰা । 

উত্তৰঃ হয় , বাষ্পমােচনে উদ্ভিদৰ অতি আৱশ্যকীয় কার্য সম্পন্ন কৰে । সেয়া হ’ল— 

( i ) বাষ্পমােচনে উদ্ভিদক শিপাৰ দ্বাৰা মাটিৰ পৰা পানী পাবলৈ টানি অনাৰ বাবে শোষণ বলৰ সৃষ্টি কৰে । 

( ii ) বাষ্পমােচনৰ বাবে উদ্ভিদৰ দেহ শীতল হৈ থাকে । 

প্রশ্ন ৮: তেজৰ উপাংশসমূহ কি কি ? 

উত্তৰঃ তেজৰ উপাংশসমূহ হ’ল— 

( i ) প্লাজমা ( Plasma ) আৰু

( ii ) ৰক্তকণা ( Corpuscles ) 

তেজৰ তৰল অংশ হ’ল প্লাজমা । ৰক্ত কণিকাসমূহ আকৌ তিনিপ্ৰকাৰৰ –

( i ) লােহিত ৰক্ত কণা ( RBC ) 

( ii ) শ্বেতৰক্ত কণা ( WBC ) আৰু

( iii ) অনুচক্রিকা ( Platelets ) 

প্রশ্ন ৯: শৰীৰৰ সকলাে অংগকে তেজৰ কি প্রয়ােজন ? 

উত্তৰঃ শৰীৰৰ সকলাে অংশতে কোষ থাকে । কোষবােৰক জীয়াই থাকিবলৈ শক্তি লাগে । শক্তিৰ বাবে খাদ্যৰ প্রয়ােজন । কোষবােৰত গ্লুক’জ অণু সঞ্চিত হৈ থাকে । তেজে হাওঁফাওঁৰ পৰা অক্সিজেন সংগ্রহ কৰে আৰু এই অক্সিজেনৰ দ্বাৰাই কোয়ৰ এই গ্লুক’জ অণুৰ জাৰণ ঘটে আৰু তাত শক্তি উৎপন্ন হয় । গতিকে শৰীৰৰ সকলাে অংগতে তেজৰ প্রয়ােজন । 

প্রশ্ন ১০: কিহৰ বাবে তেজৰ ৰং ৰঙা হয় ? 

উত্তৰঃ তেজত লােহিত ৰক্ত থকা ৰঙা ৰঞ্জক পদার্থ হিম’গ্লবিনৰ বাবে তেজৰ ৰং ৰঙ হয় । 

প্রশ্ন ১১: হৃদযন্ত্র কার্য বর্ণনা কৰা । 

উত্তৰঃ হৃদযন্ত্র হ’ল তেজৰ ভড়াল । ইয়াৰ কোঠাত বিশুদ্ধ আৰু অশুদ্ধ তেজ জমা হৈ থাকে । হৃদযন্ত্রৰ স্বয়ংক্রিয় প্রসাৰণ আৰু সংকোচনৰ বাবে তাৰ পৰা বিশুদ্ধ তেজ ধমনীৰে শৰীৰৰ বিভিন্ন অংশলৈ ওলাই যায় । সেইদৰে বিশুদ্ধ তেজবােৰে কাৰ্যকৰাৰ পাছত অশুদ্ধ ( অক্সিজেন বিহীন ) হৈ পৰে । এই তেজ সিৰাৰে আহি হৃদযন্ত্ৰৰ অন্য কোঠালিত জমা হয় । তাৰ পৰা এই তেজ হাওঁফাওঁলৈ যায় আৰু তাত অক্সিজেনযুক্ত হৈ বিশুদ্ধ হয় । পুনৰ এই তেজ হৃদযন্ত্রৰ কোঠালিলৈ ঘূৰি আহে । 

প্রশ্ন ১২: শৰীৰৰ পৰা বর্জিত পদার্থ নিষ্কাশনৰ আৱশ্যকতা কি ? 

উত্তৰঃ বর্জিত পদার্থসমূহ বিষাক্ত আৰু যেতিয়া ই শৰীৰত বেছি পৰিমাণে জমা হৈ অধিক দিনৰ বাবে থাকে ইয়াৰ পৰা শৰীৰৰ বিভিন্ন উপসর্গই দেখা দিয়ে । অর্থাৎ বহুতাে বেমাৰৰ দ্বাৰা আক্রান্ত হ’ব পাৰে । সেইবাবে বর্জিত পদার্থবােৰ সময়ে সময়ে শৰীৰৰ পৰা নিষ্কাশন কৰিব লাগে । 

প্রশ্ন ১৩: মানুহৰ ৰেচন তন্ত্ৰ এটাৰ বিভিন্ন অংগসমূহ দেখুৱাই এটা চিত্র অংকন কৰা ।

উত্তৰঃ তলত মানুহৰ ৰেচন তন্ত্ৰৰ বিভিন্ন অংগসমূহৰ চিহ্নিত চিত্র অংকন কৰি দেখুওৱা হল— 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top