Class 7 Science Chapter 1 উদ্ভিদৰ পুষ্টি

Class 7 Science Chapter 1 উদ্ভিদৰ পুষ্টি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Science Chapter – 1 উদ্ভিদৰ পুষ্টি – সমাধান and select needs one.

SEBA Class 7 Science Chapter – 1 উদ্ভিদৰ পুষ্টি – সমাধান

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Science Chapter – 1 উদ্ভিদৰ পুষ্টি – সমাধান Solutions for All Subject, You can practice these here…

উদ্ভিদৰ পুষ্টি

পাঠ: ১

অনুশীলনী 

প্রশ্ন১: জীৱক কিয় খাদ্য প্রয়ােজন হয় ? 

উত্তৰঃ জীৱ এটাই তাৰ দেহৰ গঠন আৰু বৃদ্ধি ঘটাবলৈ আৰু জীৱন প্রক্রিয়া চলাবলৈ শক্তিৰ প্রয়ােজন হয় । খাদ্যই এই প্রয়ােজনীয় শক্তিৰ যােগান ধৰে ।

প্রশ্ন২: পৰজীৱী আৰু মৃতজীৱী উদ্ভিদৰ মাজৰ প্রভেদ লিখা ।

উত্তৰঃ পৰজীৱী উদ্ভিদবােৰে আন উদ্ভিদৰ পৰা খাদ্য শােষণ কৰি তাৰ পুষ্টি সাধন কৰে । কিন্তু মৃতজীৱী উদ্ভিদবােৰে মৰা , পচা আদি বস্তুৰ পৰাহে খাদ্য শােষণ কৰে । পৰজীৱী উদ্ভিদে তাৰ আশ্রয়দাতা উদ্ভিদৰ অনিষ্ট সাধন কৰে । কিন্তু মৃতজীৱী উদ্ভিদৰ ক্ষেত্ৰত এনে নহয় । 

প্রশ্ন৩: পাতত শ্বেতসাৰৰ উপস্থিতি কিদৰে প্ৰমাণ কৰিব পাৰি ? 

উত্তৰঃ টাবত ৰােৱা সেউজীয়া পাতৰ একেধৰণৰ দুডাল উদ্ভিদৰ এডালক ৰ’দত আৰু আনডালক অন্ধকাৰ কোঠা এটাত ( বা কলা বাকচৰ ভিতৰত ) প্রায় ৭২ ঘণ্টাৰ বাবে ৰাখি থােৱা হ’ল । ৭২ ঘণ্টাৰ পিছত দুয়ােডাল উদ্ভিদৰ পৰা দুটা পাত আনি উতলা পানীত ধুই তাৰ ওপৰত দুটোপালমান আয়ডিনৰ দ্ৰব পেলাই দিয়া হ’ল । আয়’ডিনৰ দ্ৰবই শ্বেতসাৰৰ লগত বিক্রিয়া কৰি পাতৰ ৰং কলা – নীলা ( ডাঠ নীলা ) কৰে । গতিকে দেখা যাব যে যিটো পাত সূৰ্যৰ পােহৰত আছিল তাৰ ৰং ডাঠ নীলা হয় আৰু আনটোৰ বৰণ সলনি নহয় । 

ইয়াৰ পৰা দেখা গ’ল যে সেউজীয়া পাতত শ্বেতসাৰ থাকে । এই শ্বেতসাৰ পাতে সূৰ্যৰ পােহৰতহে উৎপাদন কৰে ।

প্রশ্ন৪: সেউজীয়া উদ্ভিদে খাদ্য সংশ্লেষণ কৰা প্ৰক্ৰিয়াৰ চমু বর্ণনা কৰা । অথবা , সালােক সংশ্লেষণ প্রক্রিয়াৰ চমু বর্ণনা দিয়া । 

উত্তৰঃ উদ্ভিদৰ পাত হ’ল খাদ্য প্রস্তুত কৰা কাৰখানা । ইয়াৰ বাবে প্রয়ােজনীয় দ্রব্য হ’ল পানী , বায়ুৰ কার্বন – ডাই – অক্সাইড , পাতত থকা ক্ল’ৰফিল আৰু সূৰ্যৰ পােহৰ । 

উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা খনিজ লৱণ সহ পানী শােষণ কৰি পাতত যােগান ধৰে । পাতত থকা ক্ষুদ্র ক্ষুদ্র ছিদ্ৰৰ সহায়ত ই বায়ুৰ পৰা কার্বন – ডাই – অক্সাইড আহৰণ কৰে । পাতত থকা হৰিৎ ( সেউজীয়া ) কণা বা ক্লৰ’ফিলে সূৰ্যৰ ৰশ্মি শােষণ কৰি লয় । এই তিনিও বিধৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটি পাতত কার্বহাইড্রেট অণুৰ উৎপাদন হয় । অৱশ্যে বিক্রিয়া এক জটিল প্রক্রিয়াৰ মাজেৰে সংঘটিত হয় । উৎপাদিত কার্বহাইড্রেটৰ বহু সংখ্যক অণুক লগ লগাই ( সংশ্লেষণ কৰি ) জটিল শ্বেতসাৰৰ অণু প্রস্তুত কৰে । ইয়ে উদ্ভিদৰ ( জীৱৰ ) খাদ্য হিচাবে ব্যৱহাৰ হয় । সূৰ্যৰ পােহৰ ( আলােক ) ৰ সহায়ত এই প্রক্রিয়া সংঘটিত হয় বাবে ইয়াক সালােক সংশ্লেষণ ( Photosynthesis : Photo – light , Synthesis – to combine ) বোলে । 

সালােক সংশ্লেষণৰ বিক্রিয়াটো চমুকৈ তলত দিয়াৰ দৰে লিখিব পাৰি— 

কার্বন ডাই অক্সাইড + পানী  সূর্যৰ পােহৰ   কার্বহাইড্রেট + অক্সিজেন   

                                              পত্রহৰিৎ 

উল্লেখযােগ্য যে সালােকসংশ্লেষণ বিক্রিয়াত অতিৰিক্ত অক্সিজেন উৎপন্ন হয় । পাতে এই অক্সিজেন বায়ুমণ্ডলত এৰি দিয়ে । প্রাণীয়ে শ্বাস – প্রশ্বাসৰ বাবে এই অক্সিজেন ব্যৱহাৰ কৰে । 

প্রশ্ন৫: এটা থুলমূল চিত্ৰৰ সহায়ত দেখুওৱা যে — উদ্ভিদ হ’ল জীৱৰ খাদ্যৰ মূল উৎস ।

উত্তৰ  

Class 7 Science Chapter - 1 উদ্ভিদৰ পুষ্টি

চিত্ৰৰ পৰা দেখা গ’ল যে মানুহৰ খাদ্য ভাত , ডাইল , মাংস , গাখীৰ , কণী আদি সকলােৰাে মূল উৎস উদ্ভিদ । ঠিক তেনেদৰে অন্য জীৱ – জন্তুৰ ক্ষেত্ৰটো ( ছাগলী , গৰু , মূৰ্গী , মাছ আদিৰো ) খাদ্যৰ মূল উৎস হ’ল উদ্ভিদ । 

প্রশ্ন৬: খালী ঠাই পূৰ কৰা : 

( a ) উদ্ভিদে নিজৰ খাদ্য নিজে প্রস্তুত কৰে বাবে ইহঁতক ……………বােলে । 

( b ) উদ্ভিদে সংশ্লেষণ কৰা খাদ্য …………..হিচাবে সঞ্চিত হয় । 

( c ) সালােক সংশ্লেষণত যি কণাই সূৰ্যৰ ৰশ্মি শােষণ কৰে তাক ……………. বােলে । 

( d ) সালােক সংশ্লেষণ প্রক্রিয়াত উদ্ভিদে …………… গ্রহণ কৰে আৰু ……….এৰি দিয়ে ।

উত্তৰঃ (a) উদ্ভিদে নিজৰ খাদ্য নিজে প্রস্তুত কৰে বাবে ইহঁতক  স্বপােষী  বােলে । 

(b)  উদ্ভিদে সংশ্লেষণ কৰা খাদ্য শ্বেতসাৰ হিচাবে সঞ্চিত হয় । 

( c ) সালােক সংশ্লেষণত যি কণাই সূৰ্যৰ ৰশ্মি শােষণ কৰে তাক  ক্লৰফিল বােলে ।

(d ) সালােক সংশ্লেষণ প্রক্রিয়াত উদ্ভিদে  কাৰ্বন ডাই অক্সাইড গ্রহণ কৰে আৰু অক্সিজেন এৰি দিয়ে ।

প্রশ্ন৭: তলত দিয়াবােৰৰ নাম লিখা :

( i ) হালধীয়া , নলীকা সদৃশ অকোৱা পকোৱা কাণ্ড থকা পৰজীৱী উদ্ভিদ । 

( ii ) পৰপােষিতা আৰু স্বপােষিতা উভয় গুণ সম্পন্ন উদ্ভিদ । 

( iii ) উদ্ভিদৰ পাতত থকা ছিদ্র যাৰ মাজেৰে ইহঁতে গেছৰ বিনিময় কৰে । 

উত্তৰঃ ( i ) স্বর্ণলতা 

উত্তৰঃ ( ii ) …….. 

উত্তৰঃ ( iii ) ষ্ট’মাটা ( পত্ৰৰন্ধ ) 

Sl. No.Contents
পাঠ-1উদ্ভিদৰ পুষ্টি
পাঠ-2প্ৰাণীৰ পুষ্টি
পাঠ-3তন্তৰ পৰা তন্তজলৈ
পাঠ-4তাপ
পাঠ-5এছিড, ক্ষাৰ আৰু লৱণ
পাঠ-6ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
পাঠ-7বতৰ, জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
পাঠ-8বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ
পাঠ-9মাটি
পাঠ-10জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
পাঠ-11প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
পাঠ-12উদ্ভিদ প্রজনন
পাঠ-13গতি আৰু সময়
পাঠ-14বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া
পাঠ-15পোহৰ
পাঠ-16পানী: এক অমূল্য সম্পদ
পাঠ-17বননি: আমাৰ জীৱন ৰেখা
পাঠ-18বর্জিত পানীৰ কথা

প্রশ্ন৮: শুদ্ধ উত্তৰ বাছি উলিওৱা :

( a ) স্বর্ণলতা হ’ল :

( i ) স্ব – পােষী ( ii ) পৰজীৱী ( iii ) মৃতজীৱী ( iv ) পােষক ( host ) 

উত্তৰঃ ( ii ) পৰজীৱী ।

( b ) যিবিধ উদ্ভিদে পতংগ ধৰি লৈ তাক ভক্ষণ কৰি পুষ্টি সাধন কৰে সেইবিধ হলঃ 

( i ) স্বর্ণলতা ( ii ) চীনা গােলাপ ( চীনা বােজ ) ( iii ) কলহ লতা ( iv ) গােলাপ । 

উত্তৰঃ ( iii ) কলহ লতা ।

প্রশ্ন৯: স্তম্ভ- I ত দিয়াবােৰক স্তম্ভ- II ৰ লগত শুদ্ধকৈ মিলােৱা । 

স্তম্ভ- Iস্তম্ভ- Il 
ক্লৰ’ফিলবেক্টেৰিয়া 
নাইট্র’জেনপৰপােষী
স্বর্ণলতাকলহলতা
প্ৰাণীপাত
পতংগপৰজীৱী

উত্তৰঃ 

স্তম্ভ- Iস্তম্ভ- Il 
ক্লৰ’ফিলপাত
নাইট্র’জেনবেক্টেৰিয়া
স্বর্ণলতাপৰজীৱী 
প্ৰাণীপৰপােষী
পতংগকলহলতা 

প্রশ্ন ১০: সঁচা মিছা বাছি উলিওৱা : 

( i ) সালােক সংশ্লেষণত কার্বন ডাই অক্সাইড নির্গত হয় ।

উত্তৰঃ ( ii ) মিছা 

 ( ii ) যি বিলাক উদ্ভিদে নিজৰ আহাৰ নিজে প্রস্তুত কৰে সেইবিলাক উদ্ভিদক মৃতজীৱী বােলা হয় ।

উত্তৰঃ ( i ) মিছা 

( iii ) সালােক সংশ্লেষণত উৎপন্ন হােৱা দ্রব্য প্র’টিন নহয় । 

উত্তৰঃ ( iii ) সঁচা 

( iv ) সালােক সংশ্লেষণত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয় । 

উত্তৰঃ ( iv ) সঁচা  

প্রশ্ন১১: তলৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা : 

( a ) উদ্ভিদৰ কোন অংগই বায়ুৰ পৰা কার্বন ডাই অক্সাইড সালােক সংশ্লেষণৰ বাবে গ্রহণ কৰে –

( i ) চুলি শিপা ( ii ) পত্ৰৰন্ধ ( iii ) পত্ৰ সিৰা ( iv ) বেটুপাত 

উত্তৰঃ ( ii ) পত্ৰৰন্ধ 

( b ) উদ্ভিদে বায়ুমণ্ডলৰ পৰা কার্বন ডাই অক্সাইড আহৰণ কৰাৰ ক্ষেত্ৰত মূলত তলৰ কোন অংগৰ ব্যৱহাৰ হয় – 

( i ) শিপা ( ii ) কাণ্ড ( iii ) ফুল ( iv ) পাত 

উত্তৰঃ ( iv ) পাত

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top