Class 7 Science Chapter 4 তাপ – সমাধান

Class 7 Science Chapter 4 তাপ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Science Chapter – 4 তাপ – সমাধান and select needs one.

SEBA Class 7 Science Chapter – 4 তাপ – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Science Chapter – 4 তাপ – সমাধান Solutions for All Subject, You can practice these here…

তাপ

পাঠ: ৪

অনুশীলনী 

প্রশ্ন ১: পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থার্ম’মিটাৰ আৰু ক্লিনিকেল থার্ম’মিটাৰৰ মাজৰ পার্থক্য আৰু সাদৃশ্য লিখা । 

উত্তৰঃ পৰীক্ষাগাৰ আৰু থার্ম’মিটাৰৰ মাজত থকা সাদৃশ্য হ’ল— ক্লিনিকেল  

( ১ ) দুয়ােটাতে তৰল পদার্থ হিচাপে পাৰা ব্যৱহাৰ কৰা হয় । 

( ২ ) দুয়ােটাতে এমূৰত এটাকৈ পাৰা জমা থকা বাল্ব আছে । 

( ৩ ) দুয়ােটাতে ছেলছিয়াছ স্কেলৰ দাগ কটা হয় । 

( ৪ ) দুয়ােটাই হ’ল দীঘল , ঠেক , কাঁচৰ নলীৰে গঠিত । 

পার্থক্য :- ( ১ ) ক্লিনিকেল থার্ম’মিটাৰত উষ্ণতাৰ জোখ 35°C ৰ পৰা 42°C লৈ লােৱাৰ সুবিধা আছে । কিন্তু লেব’ৰেটৰী ( পৰীক্ষাগাৰৰ ) থার্ম’মিটাৰত উষ্ণতাৰ জোখৰ পৰিসৰ -10°C ৰ পৰা 110°C লৈ আছে । 

( ২ ) ক্লিনিকেল থার্মমিটাৰ বাল্বৰ কাষত এটা বেকা পথ ( kink ) থাকে যিটো লেব’ৰেটৰী থার্মমিটাৰত নাথাকে । 

প্রশ্ন২: তাপ পৰিবাহী আৰু অপৰিবাহী পদাৰ্থৰ দুটাকৈ নাম লিখা ।

উত্তৰঃ তাপ পৰিবাহী পদার্থ ( ১ ) লাে , ( ২ ) তাম । 

তাপ অপৰিবাহী পদার্থ— ( ১ ) কাঠ , ( ২ ) প্লাষ্টিক । 

প্রশ্ন৩: খালী ঠাই পূৰ কৰা :

( a ) কোনাে বস্তুৰ তাপ ইয়াৰ …………….ৰ দ্বাৰা নির্ণয় কৰা হয় । 

( b ) উতলা পানীৰ উষ্ণতা …………থার্মামিটাৰৰ সহায়ত জুখিব নােৱাৰি । 

( c ) …………. প্রক্রিয়াৰে তাপ পৰিবহনত কোনাে মাধ্যমৰ প্ৰয়ােজন নাই । 

( d ) এখন ষ্টিলৰ ঠাণ্ডা চামুচ একাপ গৰম গাখীৰত ডুৱাই দিয়া হ’ল । চামুচখনৰ ইমূৰে ………..প্রক্রিয়াৰ দ্বাৰা তাপৰ সঞ্চালন হয় । 

উত্তৰঃ ( a ) কোনাে বস্তুৰ তাপ ইয়াৰ  উষ্ণতা  ৰ দ্বাৰা নির্ণয় কৰা হয় । 

( b ) উতলা পানীৰ উষ্ণতা ছেলছিয়াছ থার্মামিটাৰৰ সহায়ত জুখিব নােৱাৰি । 

( c ) ক্লিনিকেল প্রক্রিয়াৰে তাপ পৰিবহনত কোনাে মাধ্যমৰ প্ৰয়ােজন নাই । 

( d ) এখন ষ্টিলৰ ঠাণ্ডা চামুচ একাপ গৰম গাখীৰত ডুৱাই দিয়া হ’ল । চামুচখনৰ ইমূৰে বিকিৰণ প্রক্রিয়াৰ দ্বাৰা তাপৰ সঞ্চালন হয় । 

প্রশ্ন৪: তলত দিয়াবােৰ মিলােৱা :

( i ) স্থল বতাহ বােৱা সময়( a ) গ্রীষ্ম 
( ii ) জল বতাহ বােৱা সময়( b ) শীত 
( iii ) ডাঠ ৰঙৰ বস্ত্র উপযােগী( c ) ৰাতি 
( iv ) পাতুল ৰঙৰ বস্ত্র উপযােগী( d ) দিনত

উত্তৰঃ

( i ) স্থল বতাহ বােৱা সময়(d) দিনত
( ii ) জল বতাহ বােৱা সময়( c ) ৰাতি  
( iii ) ডাঠ ৰঙৰ বস্ত্র উপযােগী( b ) শীত
( iv ) পাতুল ৰঙৰ বস্ত্র উপযােগী( a ) গ্রীষ্ম

প্রশ্ন৫: ডাঠ কাপােৰৰ এখন বস্ত্র পিন্ধাতকৈ পাতল কাপােৰৰ তৰপ তৰপকৈ চিলােৱা বস্ত্ৰত বেছি গৰম পােৱা যায় কিয় ? 

উত্তৰঃ ডাঠ কাপােৰৰ তৰপ তৰপকৈ চিলােৱা বস্ত্ৰৰ তৰপৰ মাজত বায়ুৰ পাতল তৰপ সােমাই পৰে । অর্থাৎ এনে কাপােৰৰ ভিতৰত বায়ু বেছি পৰিমাণে থাকে । বায়ু তাপৰ কুপৰিবাহী । বায়ুৰ মাজেদি শৰীৰৰ উত্তাপ বাহিৰলৈ ওলাই যাব নােৱাৰে । ফলত শৰীৰ উত্তাপিত হৈ থাকে ।

প্রশ্ন৬: তলৰ চিত্ৰটো নিৰীক্ষণ কৰা আৰু কোন অংশত কি পদ্ধতিৰে তাপ সঞ্চালন ঘটিছে চিনাক্ত কৰা ।

Class 7 Science Chapter - 3 তাপ

উত্তৰঃ চিত্ৰত তাপ পৰিবহনৰ পদ্ধতিবােৰ হ’ল— 

( i ) বিকিৰণ :-  বার্ণাৰৰ পৰা চচপেনৰ তলিলৈ । 

( ii ) পৰিবহন :- পাত্ৰৰ তলিৰ পৰা ওপৰলৈ আৰু চামুচখনৰ গালৈ । 

( iii ) পৰিচলন :- পাত্ৰৰ তলিৰ পৰা পানীৰ ওপৰ পৃষ্ঠলৈ । 

Sl. No.Contents
পাঠ-1উদ্ভিদৰ পুষ্টি
পাঠ-2প্ৰাণীৰ পুষ্টি
পাঠ-3তন্তৰ পৰা তন্তজলৈ
পাঠ-4তাপ
পাঠ-5এছিড, ক্ষাৰ আৰু লৱণ
পাঠ-6ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
পাঠ-7বতৰ, জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
পাঠ-8বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ
পাঠ-9মাটি
পাঠ-10জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
পাঠ-11প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
পাঠ-12উদ্ভিদ প্রজনন
পাঠ-13গতি আৰু সময়
পাঠ-14বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া
পাঠ-15পোহৰ
পাঠ-16পানী: এক অমূল্য সম্পদ
পাঠ-17বননি: আমাৰ জীৱন ৰেখা
পাঠ-18বর্জিত পানীৰ কথা

প্রশ্ন৭: গৰম প্রধান ঠাইৰ ঘৰবােৰৰ বেৰৰ বাহিৰ ফালে বগা ৰং দিয়াটোকে পৰামর্শ দিয়া হয় । ব্যাখ্যা কৰা । 

উত্তৰঃ বগা ৰঙে সূৰ্যৰ পােহৰ আৰু ৰ’দ ( তাপ ) কমকৈ শােষণ কৰে । কাৰণ সূৰ্যৰ পােহৰত থকা সাতােটা ৰঙে বগা ৰঙৰ বস্তুই তাৰ গাৰ পৰা প্রতিফলিত কৰে । ফলত বস্তুটো ঠাণ্ডা হৈ থাকে । গৰম প্রধান দেশৰ ঘৰবােৰৰ বেৰৰ বাহিৰফালে বগা ৰং দিলে সূৰ্যৰ পৰা বেৰত আপতিত তাপ কমকৈ শােষিত হয় বাবে বেৰখন ঠাণ্ডা থাকে । গতিকে ঘৰৰ ভিতৰলৈ তাপ সঞ্চালনৰ পৰিমাণ কম হয় বাবে ৰূমৰ ভিতৰত গৰম কম হয় । সেয়েহে গ্রীষ্ম প্রধান ঠাইৰ ঘৰবিলাকৰ বেৰৰ বাহিৰফালে বগা ৰং দিয়াৰ পৰামৰ্শ আগবঢ়োৱা হয় । 

প্রশ্ন৮: 30° ছে , উষ্ণতাত থকা 1 লিটাৰ পানীৰ লগত 50° ছে , উষ্ণতাত 1 লিটাৰ পানী মিহলােৱা হ’ল । মিশ্ৰণৰ উষ্ণতা হব ………। 

( a ) 80°C 

( b ) 50°C ত কৈ বেছি কিন্তু 80°C ত কৈ কম 

( c ) 20°C 

( d ) 30°C আৰু 50°C ৰ মাজত 

উত্তৰঃ ( d ) 30°C আৰু 50°C ৰ মাজত । 

প্রশ্ন৯: এটা 40° ছে . উষ্ণতাত থকা লােৰ বল 40° ছে , উষ্ণতাৰ মগৰ পানীত , ডুবাই দিয়া হ’ল । তাপৰ সঞ্চালনৰ ক্ষেত্ৰত তলৰ শুদ্ধ উত্তৰটো হ’ল–

( a ) লােৰ বলৰ পৰা পানীলৈ ।

( b ) লােৰ বলৰ পৰা পানীলৈ বা পানীৰ পৰা লােৰ বললৈ কোনােফালে নহয় । 

( c ) পানীৰ পৰা লােৰ বললৈ ।

( d ) দুয়ােৰে উষ্ণতা বাঢ়িব । 

উত্তৰঃ ( b ) কোনােফালে নহয় । 

প্রশ্ন১০: এখন কাঠৰ চামুচৰ এটা মূৰ আহচক্রিমৰ বাটিত সােমাই দিয়া হ’ল । ইয়াৰ আনটো মূৰ –

( a ) পৰিবহনৰ দ্বাৰা শীতল হব 

( b ) পৰিচলনৰ দ্বাৰা শীতল হ’ব 

( c ) বিকিৰণৰদ্বাৰা শীতল হ’ব 

( d ) শীতল নহয় 

উত্তৰঃ ( d ) শীতল নহয় । 

প্রশ্ন১১: ষ্টেইলেচ ষ্টিল ( নিষ্কলংক তীখা ) ৰ কেৰাহি এটাৰ তলিত তামৰ প্রলেপ দিয়া হয় । ইয়াৰ কাৰণটো হ’ল— 

( a ) তামৰ প্রলেপে কেৰাহিটোৰ আয়ুস বঢ়ায় ।

( b ) কেৰাহিটো দেখাত ধুনীয়া হয় । 

( c ) তাম ষ্টিলতকৈ বেছি পৰিবাহী ।

( d ) তামক ষ্টিলতকৈ বেছি সহজে পৰিষ্কাৰ কৰিব পাৰি । 

উত্তৰঃ ( c ) তাম ষ্টিলতকৈ বেছি পৰিবাহী ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top