Class 7 Science Chapter 2 প্ৰাণীৰ পুষ্টি

Class 7 Science Chapter 2 প্ৰাণীৰ পুষ্টি – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Science Chapter – 2 প্ৰাণীৰ পুষ্টি – সমাধান and select needs one.

SEBA Class 7 Science Chapter – 2 প্ৰাণীৰ পুষ্টি – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Science Chapter – 2 প্ৰাণীৰ পুষ্টি – সমাধান Solutions for All Subject, You can practice these here…

প্ৰাণীৰ পুষ্টি

পাঠ: ২ 

অনুশীলনী 

প্রশ্ন১: খালী ঠাই পূৰ কৰা :

( a ) মানুহৰ পুষ্টি প্রধান স্তৰবােৰ হ’ল ………., …………., ……………, …………..আৰু…………… । 

( b ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি হল ………….. ।

( c ) পাকস্থলীয়ে হাইড্র’ক্লৰিক এছিড আৰু ………… ৰস নিসৰণ কৰে যিয়ে খাদ্যৰ ওপৰত ক্রিয়া কৰে । 

( d ) ক্ষুদ্ৰান্তৰ বেৰৰ পৰা ওলােৱা আঙুলিৰ দৰে প্ৰবৰ্দ্ধবােৰক …………….. বােলা হয় । 

( e ) এমিবাই তাৰ খাদ্য …………..ত পাচন ঘটায় ।

উত্তৰঃ ( a ) মানুহৰ পুষ্টি প্রধান স্তৰবােৰ হ’ল খাদ্যগ্রহণ ,পাচন , শোষণ, আত্মীকৰণ, আৰু নির্গমণ। 

( b ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি হল যকৃৎ ( লিভাৰ )

(c ) পাকস্থলীয়ে হাইড্র’ক্লৰিক এছিড আৰু  পাচক ৰস নিসৰণ কৰে যিয়ে খাদ্যৰ ওপৰত ক্রিয়া কৰে । 

( d ) ক্ষুদ্ৰান্তৰ বেৰৰ পৰা ওলােৱা আঙুলিৰ দৰে প্ৰবৰ্দ্ধবােৰক খাদ্য ভিলি বােলা হয় ।

( e ) এমিবাই তাৰ খাদ্য ৰসধানীত (ফুড ভেকুঅ’ল) ত পাচন ঘটায় ।

প্রশ্ন২: সঁচা-মিছা লিখা । 

( a ) পেটত পাচন আৰম্ভ হয় । 

উত্তৰঃ মিছা ।

( b ) জিভাই লালটিৰ লগত খাদ্য মিহলি কৰাত সহায় কৰে । 

উত্তৰঃ সঁচা ।

( c ) পিত্তথলি ( গল ব্লাডাৰ ) পিত্তৰস সাময়িকভাবে জমা কৰি ৰাখে । 

উত্তৰঃ সঁচা ।

( d ) পাগুলি খােৱা জন্তুবােৰে ( ৰুমিনেন্ট ) গিলি থােৱা ঘাঁহবােৰ উগাৰি আনে আৰু কিছুসময় পাগুলি থাকে । 

উত্তৰঃ সঁচা । 

প্রশ্ন৩: শুদ্ধ উত্তৰটো বাছি উলিওৱা— 

( a ) চৰী সম্পূৰ্ণৰূপে হজম হােৱা অংগ হ’ল— 

( i ) পাকস্থলী ( ii ) মুখগহ্বৰ ( iii ) ক্ষুদ্রান্ত্র ( iv ) বৃহদান্ত্র 

উত্তৰঃ ( iii ) ক্ষুদ্রান্ত্র ।

( b ) হজম নােহােৱা খাদ্যৰ পৰা নিৰ্গত পানী ভাগ প্রধানকৈ শােষিত হােৱা অংগটো হ’ল– 

( i ) পাকস্থলী ( ii ) খাদ্যনলী ( iii ) ক্ষুদ্রান্ত্র ( iv ) বৃহদান্ত্র 

উত্তৰঃ ( iv ) বৃহদান্ত্র । 

প্রশ্ন৪: স্তম্ভ- I ৰ লগত স্তম্ভ- II ৰ তথ্যবােৰ মিলােৱা 

স্তম্ভ- Iস্তম্ভ- II
খাদ্য উপাদানপাচনৰ সামগ্রী 
কার্ব’হাইড্রেটফেটিএছিড আৰু গ্লিচাৰল
প্ৰ’টিনচেনী 
চৰ্বীএমিন’ এচিড

উত্তৰঃ

স্তম্ভ- Iস্তম্ভ- II
খাদ্য উপাদানপাচনৰ সামগ্রী
কার্ব’হাইড্রেটচেনী
প্ৰ’টিনএমিন’ এচিড
চৰ্বীফেটিএছিড আৰু গ্লিচাৰল

প্রশ্ন৫: ভিলি কি ? ইয়াক ক’ত পােৱা যায় আৰু ইয়াৰ কাৰ্য কি ? 

উত্তৰঃ ভিলি ( villi ) :- ক্ষুদ্রান্ত্রৰ অন্তভাগৰ বেৰৰ পৰা হাজাৰ হাজাৰ সংখ্যক আঙুলিৰ দৰে ওলাই অহা প্ৰবৰ্দ্ধবােৰকে ভিলি বােলে । ইয়াক ক্ষুদ্রান্ত্রৰ বেৰৰ অন্তভাগত পােৱা যায় । 

কার্য :- ভিলিবােৰে ক্ষুদ্রান্ত্রৰ পৃষ্ঠকালি বঢ়াই দিয়ে আৰু এনেকৈ পাচন হােৱা খাদ্য শােষণত সহায় কৰে । 

প্রশ্ন৬:  পিত্তৰস ক’ত উৎপন্ন হয় ? ই খাদ্যৰ কোনটো উপাদান হজম কৰাত সহায় কৰে ? 

উত্তৰঃ পিত্তৰস যকৃতত উৎপন্ন হয় । এই ৰস পিত্তথলিত সঞ্চিত হৈ থাকে আৰু ই চর্বীজাতীয় খাদ্য হজম কৰাত সহায় কৰে । 

Sl. No.Contents
পাঠ-1উদ্ভিদৰ পুষ্টি
পাঠ-2প্ৰাণীৰ পুষ্টি
পাঠ-3তন্তৰ পৰা তন্তজলৈ
পাঠ-4তাপ
পাঠ-5এছিড, ক্ষাৰ আৰু লৱণ
পাঠ-6ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
পাঠ-7বতৰ, জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
পাঠ-8বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ
পাঠ-9মাটি
পাঠ-10জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
পাঠ-11প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
পাঠ-12উদ্ভিদ প্রজনন
পাঠ-13গতি আৰু সময়
পাঠ-14বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া
পাঠ-15পোহৰ
পাঠ-16পানী: এক অমূল্য সম্পদ
পাঠ-17বননি: আমাৰ জীৱন ৰেখা
পাঠ-18বর্জিত পানীৰ কথা

প্রশ্ন৭: ৰুমিনেটিং ( পাগুলি খােৱা ) প্রাণীয়ে হজম কৰিব পৰা অথচ মানুহে হজম কৰিব নােৱাৰা খাদ্যবিধৰ নাম লিখা । হজম কৰিব নােৱাৰাৰ কাৰণাে দিয়া । 

উত্তৰঃ মানুহে হজম কৰিব নােৱাৰা অথচ পাণ্ডলি খােৱা জন্তুৱে ( ৰুমিনেল ) হজম কৰিব পৰা খাদ্যবিধ ছেলুল’জ নামৰ এবিধ কার্ব’হাইড্রেট । 

ৰুমিনেটবােৰৰ ক্ষুদ্রান্ত্র আৰু বৃহদান্ত্রৰ মাজত ৰূমেন নামৰ এটি ডাঙৰ কোঠালি থাকে । যিটো মানুহৰ নাথাকে । এই কোঠালিটোত এবিধ বেক্টেৰিয়া থাকে আৰু ইহঁতে ছেলুল’জ হজম কৰাত সহায় কৰে । 

প্ৰশ্ন৮: আমি গ্লুক’জৰ পৰা তাৎক্ষণিক শক্তি কিয় পাওঁ ? 

উত্তৰঃ কাৰণ গ্রুক’জ হ’ল সৰলতম কার্ব’হাইড্রেট । ইয়াৰ অণু আমাৰ দেহৰ কোষত অক্সিজেনৰ সহায়ত সহজে ভাঙি কার্বন ডাই অক্সাইড , পানী আৰু শক্তি উৎপন্ন হয় । 

প্রশ্ন৯: পােষ্টিক নলীৰ কোনবােৰ অংগ তলত দিয়া কার্যসমূহৰ লগত জড়িত ? 

( i ) খাদ্য শােষণ      ( ii ) খাদ্য চোবােৱা

( iii ) বেক্টেৰিয়া নাশ কৰণ ( iv ) খাদ্যৰ পূৰ্ণ পাচন  

( v ) মল প্রস্তুত 

উত্তৰঃ ( i ) ক্ষুদ্রান্ত্র ( ii ) মুখ গহৰ ( iii ) পাকস্থলী ( iv ) ক্ষুদ্রান্ত্র ( v ) বৃহদান্ত্র । 

প্রশ্ন১০: মানুহ আৰু এমিবাৰ পুষ্টিৰ এটাকৈ মিল আৰু এটাকৈ অমিল দেখুওৱা । 

উত্তৰঃ মানুহ আৰু এমিবাৰ পুষ্টিৰ এটাকৈ মিল আৰু এটাকৈ অমিল হল—

 মিল :- মানুহৰ খাদ্য পাচনৰ ক্ষেত্ৰত পাকস্থলী আৰু ক্ষুদ্রান্ত্রৰ পৰা পাচক ৰস নিসৰণ হয় আৰু ই খাদ্য হজম হােৱাত সহায় কৰে । 

এমিবাৰ পাচনৰ ক্ষেত্ৰটো খাদ্য ৰসধানীৰ পৰা পাচক ৰস নিসৰণ হয় আৰু খাদ্য হজম হােৱাত এই ৰসে সহায় কৰে । 

অমিল :- এমিবাৰ ক্ষেত্ৰত ক্ষুদ্রাতি ক্ষুদ্র খাদ্যবােৰ ই ইয়াৰ কূটপদেৰে আৱৰি লৈ দেহৰ ভিতৰত সােমাই লয় । তাত খাদ্য ভেকুঅ’লৰ সৃষ্টি কৰে । 

মানুহৰ ক্ষেত্ৰত খাদ্য মুখেৰে গ্ৰহণ কৰাৰ পাছত ই পূর্ণ পাচনতন্ত্র এটাৰ বিভিন্ন অংগৰ মাজেৰে যায় আৰু ক্রমান্বয়ে বিভিন্ন অংগৰ সহায়ত হজম ক্রিয়া সম্পূর্ণ হয় । 

প্রশ্ন১১: স্তম্ভ- I ৰ লগত স্তম্ভ- II বােৰ মিলােৱা ।

স্তম্ভ- Iস্তম্ভ- I
( a ) লালটি গ্রন্থি( i ) পিত্ত ৰস নিঃসৰণ 
( b ) পাকস্থলী( ii ) হজম নােহােৱা খাদ্যৰ ভৰাল
 ( c ) যকৃত( iii ) লালটি নিঃসৰণ
( d ) ৰেক্টাম ( মলভাণ্ড ) ( iv ) এছিড নিঃসৰণ
( e ) ক্ষুদ্রান্ত্র( v ) পাচন সম্পূর্ণ হয় । 
( f ) বৃহদান্ত্র( vi ) পানীৰ শোষণ
(vii) বিষ্ঠা নির্গমণ ।

উত্তৰঃ

স্তম্ভ- Iস্তম্ভ- I
( a ) লালটি গ্রন্থি( iii ) লালটি নিঃসৰণ
( b ) পাকস্থলী( iv) এচিড নিঃসৰণ
 ( c ) যকৃত( i ) পিত্ত ৰস নিঃসৰণ 
( d ) ৰেক্টাম ( মলভাণ্ড ) ( ii )হজম নোহোৱা খাদ্যৰ ভঁৰাল
( e ) ক্ষুদ্রান্ত্র( v ) পাচন সম্পূৰ্ণ হয়পাচন সম্পূর্ণ হয় । 
( f ) বৃহদান্ত্র( vi )বিষ্ঠা নির্গমণ

প্রশ্ন১২: তলৰ পাচন তন্ত্ৰটোৰ বিভিন্ন অংগসমূহ চিনাক্ত কৰা । 

উত্তৰঃ 

Class 7 Science Chapter - 2 প্ৰাণীৰ পুষ্টি

প্রশ্ন১৩: আমি মাত্র কেঁচা পাতজাতীয় শাক পাচলি / তৃণ খাইয়ে ওপৰতে জীয়াই থাকিব পাৰোনে ? আলােচনা কৰা । 

উত্তৰঃ হয় আমি মাত্ৰ কেঁচা পাতজাতীয় শাক পাচলি খাইয়াে জীয়াই থাকিব পাৰো । আমি পৰপােষী প্রাণী । গতিকে নিজৰ আহাৰ নিজে প্রস্তুত কৰিব নােৱাৰে । উদ্ভিদে প্রস্তুত কৰা কাৰ্ব’হাইড্রেট জাতীয় খাদ্য খাই আমি জীৱন ধাৰণ কৰাে । কার্ব’হাইড্রেটে শক্তি যােগান ধৰে । তাৰােপৰি কাৰ্ব’হাইড্রেট সংশ্লেষিত হৈ শ্বেতসাৰ আৰু প্রটিনাে উদ্ভিদে তৈয়াৰ কৰে । গতিকে মাত্র উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি জীৱন ধাৰণ কৰিব পাৰাে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top