Class 12 Education Chapter – 2 অগতানুগতিক শিক্ষা

Class 12 Education Chapter – 2 অগতানুগতিক শিক্ষা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 12 Education Chapter – 2 অগতানুগতিক শিক্ষা and select needs one.

Class 12 Education Chapter – 2 অগতানুগতিক শিক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 2 অগতানুগতিক শিক্ষা Solutions for All Subject, You can practice these here.

 অগতানুগতিক শিক্ষা

Chapter – 2

উওৰ দিয়াঃ

১। অগতানুগতিক শিক্ষা কাক বোলে?

উত্তৰঃ অগতানুগতিক শিক্ষা এনে এক শীক্ষা ব্যবস্থা, যাক আনুষ্ঠানিক শিক্ষা গণ্ডীৰ বাহিৰত নিৰ্বাচিত কেতবোৰ প্ৰয়োজনীয় বিষয়ৰ ওপৰত কম সময়ৰ ভিতৰত দিয়া হয়।

২। অগতানুগতিক শিক্ষাৰ সংজ্ঞা দিয়া।

উত্তৰঃ অগতানুগতিক শিক্ষাৰ সংজ্ঞা:-

(১) কম্বচ্ (coombs)ৰ মতে, “পৰিকল্পিত আনুষ্ঠানিক শিক্ষাৰ বাহিৰত যিকোনো সংগঠিত, পদ্ধতিগতভাৱে শৈক্ষিক কাৰ্যৰ ব্যৱস্থাকৰণেই হ’ল অগতানুগতিক শিক্ষা।”

(২) মেককল (MC Call)-ৰ মতে, ” (অগতানুগতিক শিক্ষা হৈছে নিয়মীয়া বিদ্যালয় প্ৰক্ৰিয়াৰ বাহিৰৰ সমগ্ৰ শিক্ষণীয় অভিজ্ঞতাৰ সমষ্টি।”

(৩) হিনদাৰচন (Henderson)-ৰ মতে, “অগতানুগতিক শিক্ষা যথেষ্ট বহল আৰু ই বিদ্যালয়ৰ বাহিৰত বহুল অভিজ্ঞতা প্ৰদান কৰে।”

(৪) জে. পি. নায়ক (J.P.Naik)-ৰ মতে ,”শিশু বা প্ৰাপ্তবয়স্ক লোকৰ বাবে এক নিৰ্ভৰযোগ্য আৰু বাছনিযুক্ত  শিক্ষা প্ৰদানৰ বাবে আনুষ্ঠানিক পদ্ধতিৰ বিকল্প স্বৰূপে সংগঠিত আৰু পদ্ধতিগতভাৱে প্ৰদান কৰা শিক্ষা ব্যৱস্থাই হ’ল অগতানুগতিক শিক্ষা”

(৫) এ.চন্দ্ৰ. আৰু এ. স্বাস্থ (A. Chandra and A. Saha) – মত অনুসৰি, “আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ সুকীয়া গাথঁনিৰ বাহিৰত তনামূলকভাৱে উন্নত জীৱন প্ৰৱাহৰ বাবে নিৰ্ধাৰিত শিক্ষা ব্যৱস্থা হ’ল অগতানুগতিক শিক্ষা”

৩। অগতানুগতিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য:-

(১) অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্ৰিক।

(২) এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে ডাকযোগে পঠাই দিয়াৰ ব্যৱস্থা থাকে।

৪। যোগাযোগ শিক্ষা মানে কি?

উত্তৰঃ যোগাযোগ শিক্ষা হৈছে পত্ৰৰ আদান-প্ৰদানৰ মাধ্যমেৰে যোগাযোগ স্থাপন কৰি দিয়া আৰু লোৱা শিক্ষা। শ্রেণীকক্ষত উপস্থিত নাথকাকৈয়ে এই শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীয়ে নিজ নিজ ভূমিকা পালন কৰিব পাৰে। বৰ্তমানৰ আনুষ্ঠানিক শিক্ষাৰ ব্যয়বহুলতাৰ পৰা সাধাৰণ শ্ৰেণীৰ লোকক এই শিক্ষাই ৰেহাই দিব পাৰে। শাৰিৰীকভাৱে অক্ষম লোকসকলেও কোনো ধৰণৰ বাধা নোপোৱাকৈ যোগাযোগ শিক্ষা ব্যবস্থাৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব পাৰে।

৫। যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ যোগাযোগ শিক্ষাৰ দুটা উদ্দেশ্য:-

(১) নিয়মীয়াকৈ শ্রেণীত উপস্থিত থকাৰ বিকল্প হিচাপে উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰা।

(২) কম ব্যয় আৰু আধিক দক্ষতায়ে উচ্চ শীক্ষাৰ ব্যৱস্থা কৰা।

৬। অগতানুগতিক শিক্ষা প্ৰতিষ্ঠানিক হয়নে?

উত্তৰঃ অগতানুগতিক শিক্ষা প্ৰতিষ্ঠানিক হয়।

৭। অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত ব্যক্তিসকল কোন কোন ?

উত্তৰঃ অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত ব্যক্তিসকল হল:- অশিক্ষিত প্তাপ্তবয়স্ক, কৃষক আৰু। অদক্ষ বনুৱা, অকৃতকার্য যুৱক, দক্ষ কৰ্মী, আৰু শিল্পী, ব্যৱসায়ী আৰু প্ৰযুক্তিবিদ, গৃহিনী, আইনকৰ্তা, সামাজিক কৰ্মী, শিক্ষক, নেতা, জনজাতিৰ লোকসকল, সংখ্যালঘুসকল, শিশু শ্রমিক আদি।

৮। যোগাযোগ শিক্ষাৰ ধাৰণা কোনে প্ৰথম প্ৰচলন কৰিছিল?

উত্তৰঃ যোগাযোগ শিক্ষাৰ ধাৰণা আইজাক পিটমেন  নামৰ শিক্ষাবিদে প্রথম প্ৰচলন কৰিছিল।

৯। অগতানুগতিক শিক্ষাৰ চাৰিটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ অগতানুগতিক শিক্ষাৰ চাৰিটা উদ্দেশ্য:-

(১) সমাজৰ সকলো স্তৰৰ বিভিন্ন লোক সকললৈ আৰ্থ সামাজিক আৰু আৰ্থ সাংস্কৃতিক দিশৰ  জ্ঞান প্ৰদান কৰা।

(২) অগতানুগতিক শিক্ষাৰ আন এক লক্ষ্য হ’ল উপাৰ্জন আৰু শীক্ষা আহৰণ কার্য সমান্তৰাল- ভাৱে পৰিচালিত কৰাটো সম্ভৱ কৰি তোলা।

(৩) ব্যক্তিসকলক ব্যৱহাৰিক শিক্ষাৰ সুযোগ প্ৰদান কৰি জীৱন ধাৰণাৰ গুণগত মানদণ্ডৰ উন্নতি সাধন কৰা অগতানুগতিক শিক্ষাৰ এক প্ৰধান উদ্দেশ্য।

(৪) এই শিক্ষাৰ আন এক উদ্দেশ্য হ’ল বৰ্তমানৰ বিশ্বায়নৰ যুগত বিভিন্ন প্ৰযুক্তিৰ সহায়ত বিভিন্ন প্ৰান্তৰ জ্ঞান আহৰণৰ লগতে ব্যক্তিসকলৰ আন্তৰ্জাতিক মনোভাৱ আৰু সহযোগিতা বৃদ্ধি কৰা।

১০। অগতানুগতিক শিক্ষাই জ্ঞানৰ বিস্ফোৰণৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰি?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা। 

১১। বৰ্তমান সময়ত অগতানুগতিক শিক্ষা কিয় প্ৰয়োজনীয়?

উত্তৰঃ মানুহৰ ক্ৰমবৰ্ধমান  শিক্ষা চাহিদা পূৰণৰ বাবে অগতানুগতিক শিক্ষাৰে উদ্ভৱ হৈছিল। আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া অনেক ক্ৰটি এই শিক্ষাৰ যোগেদি সংশোধন কৰিব পাৰি। শিক্ষাৰ  ক্ষেত্ৰখনত অগতানুগতিক শিক্ষাৰ গুৰুত্ব যথেষ্ঠ। তলত ইয়াৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা হ’ল অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোকে শৈক্ষিক আৰু অর্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰে। 

(১) অগতানুগতিক শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ  সাৰ্বজনীনকৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে।

(২) অগতানুগতিক শিক্ষাই বিভিন্ন বৃত্তিধাৰী লোকসকলৰ বৃত্তিমূলক বিকাশৰ ক্ষত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়াই।

১২। যোগাযোগ শিক্ষাৰ দুটা ভাল দিশ উল্লেখ কৰা।

উত্তৰঃ যোগাযোগ শিক্ষাৰ দুটা ভাল দিশ:-

(১) জীৱনব্যাপী শিক্ষা  আহৰণ কৰাত সুযোগ প্ৰদান কৰে।

(২) অৱসৰ সময়ত সুস্থভাৱে পালনত সহায় কৰে।

১৩। যোগাযোগ শিক্ষাৰ দুটা কুফল দিশ উল্লেখ কৰা।

উত্তৰঃ যোগাযোগ শিক্ষাৰ দুটা কুফল দিশ:-

(১) শিক্ষাৰ্থীসকলৰ মাজত সক্রিয়তাৰ অভাৱ পৰিলক্ষিত হোৱা দেখা যায়।

(২) অৱসৰ সময় সুস্থভাৱে পালনত সহায় কৰে।

১৪। দূৰৱৰ্তী শিক্ষা মানে কি?

উত্তৰঃ সাধাৰণ অৰ্থত কবলৈ গ’লে ঘৰৰ পৰা বহু দূৰত অৱস্থিত শিক্ষা কীৰ্তপক্ষৰ লগত যোগাযোগ স্থাপন কৰি শিথিলতাৰ নীতিৰে ব্যক্তিয়ে লাভ কৰা প্ৰয়োজন ভিত্তিক শীক্ষাই হ’ল দূৰৱৰ্তী শিক্ষা।

১৫। দূৰৱৰ্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ দূৰৱৰ্তী শিক্ষাৰ সংজ্ঞা:-

(১) জাক্ ফকচে (Jack Fokes) দূৰত্ব শিক্ষাৰ সংজ্ঞা প্ৰদান কৰি কয় যে, “দূৰত্ব শিক্ষা হৈছে শিক্ষা আহৰণৰ পদ্ধতি, যি বিদ্যালয়ৰ চৌহদৰ শিক্ষা ব্যৱস্থাত থকা কেতবোৰ বৈশিষ্ট্যতকৈ পৃথক।” 

১৬। দূৰৱৰ্তী শিক্ষাৰ যিকোনো চাৰিটা উদ্দেশ্য লিখা।

উত্তৰঃ দূৰৱৰ্তী শিক্ষাৰ যিকোনো চাৰিটা উদ্দেশ্য-

(১) প্ৰচলিত নিয়মীয়া শিক্ষা ব্যৱস্থাৰ কার্যকাৰিতা পৰ্যালোচনা কৰি শিক্ষাৰ মানদণ্ডৰ সমম্বয় ৰক্ষা কৰা।

(২) শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ডৰ বিকাশ সাধন কৰা এই শিক্ষাৰ আন এক উদ্দেশ্য।

(৩) প্ৰচলিত শিক্ষা ব্যৱস্থাক বহুমুখী আৰু বৃত্তিমুখী কৰি তোলাত এই শিক্ষাৰ উদ্দেশ্য।

(৪) এই শিক্ষাৰ আন এক উদ্দেশ্য হ’ল – শিক্ষাৰ সাৰ্বজনীনকৰণ কৰা।

১৭। দূৰৱৰ্তী শিক্ষাৰ যিকোনো দুটা উদ্দেশ্য লিখা।

উত্তৰঃ দূৰৱৰ্তী শিক্ষাৰ যিকোনো দুটা উদ্দেশ্য:-

(১) সকলো যোগ্য আৰু শিক্ষা লাভৰ হেঁপাহ থকা লোকক শিক্ষাৰ সুবিধা প্ৰদান কৰা দূৰত্ব শিক্ষাৰ উদ্দেশ্য।

(২) গণতান্ত্ৰিক আদৰ্শৰ ভিত্তিক শিক্ষা ব্যৱস্থাত সমতা স্থাপন কৰা।

১৮। মুক্ত শিক্ষা মানে কি?

উত্তৰঃ যি শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে সম্পূৰ্ন স্বাধীনতা ভোগ কৰিবলৈ সুবিধা পায়, স্ব- ইচ্ছাৰে আৰু স্ব-নিৰ্দেশিতভাবে শিক্ষা লাভ কৰিব পাৰে, যি শিক্ষা ব্যৱস্থাত শিশুকেন্দ্ৰিক শিক্ষাক গুৰুত্ব দিয়া হয় তেনে শিক্ষাকে মুক্ত শিক্ষা বোলে।

১৯। মুক্ত শিক্ষাৰ যিকোনো দুটা উদ্দেশ্য লিখা।

উত্তৰঃ মুক্ত শিক্ষাৰ দুটা উদ্দেশ্য:-

(১) জীৱনজোৰা শিক্ষাৰ প্ৰয়োজন পূৰণৰ বাবে এই শিক্ষাৰ যোগেৰে সমাজৰ লোকসকলক সুবিধা প্ৰদান কৰা।

(২) উপযুক্ত সময়ত শিক্ষাৰ পৰা বঞ্চিত হোৱা, আধাতে শিক্ষা এৰিব লগা হোৱা, কৰ্মৰত প্ৰাপ্তবয়স্ক লোকসকলক অবিৰত শিক্ষাৰ সুবিধা দিয়া।

২০। মুক্ত শিক্ষাৰ যিকোনো তিনিটা উদ্দেশ্য লিখা।

উত্তৰঃ মুক্ত শিক্ষাৰ যিকোনো তিনিটা উদ্দেশ্য:-

(১) উচ্চ শিক্ষাৰ গুণগত মানদণ্ড ৰাখি ইচ্ছুক শিক্ষাৰ্থীক শিক্ষা লাভৰ বাবে সহায় কৰা।

(২) শিক্ষা আহৰণ আৰু উপাৰ্জন সমান্তৰালভাৱে পৰিচালিত কৰাটো সম্ভৱপৰ কৰি তোলা।

(৩) শিক্ষা ব্যৱস্থাৰ মানদণ্ডৰ উন্নতি সাধন কৰা।

২১। অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য:-

(১) সমাজৰ প্ৰতিটো শ্রেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

(৩) অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্ৰিক।

২২। মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো তিনিটা উদ্দেশ্য লিখা।

উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ তিনিটা উদ্দেশ্য:-

(১) জনসাধাৰণক নতুন জ্ঞান আৰু কৌশল আহৰণ সুবিধা প্ৰদান কৰা।

(২) উচ্চ শিক্ষাক শিক্ষক- প্ৰধানৰ পৰিবৰ্তে শিক্ষাৰ্থী-প্ৰধান কৰি গঢ়ি তোলা।

(৩) শিক্ষাক জীৱনজোৰা প্ৰক্ৰিয়া স্বৰূপে গঢ় দি তোলা এই শিক্ষাৰ আন এক উদ্দেশ্য।

২৩। মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনো দুটা উদ্দেশ্য লিখা।

উত্তৰঃ মুক্ত বিশ্ববিদ্যালয়ৰ দুটা উদ্দেশ্য:-

(১) শিক্ষাত গণতান্ত্ৰিক ভাৱধাৰাৰ বিকাশ সাধন কৰা এই শিক্ষাৰ অন্যতম উদ্দেশ্য।

(২) শিক্ষা আৰু কৰ্ম সমান্তৰালভাৱে আগুৱাই লৈ যোৱাও এই শিক্ষাৰ আন এক উদ্দেশ্য।

২৪। ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি?

উত্তৰঃ ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়ৰ নাম – ‘কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়’

২৫। IGNOU- ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ IGNOU-ৰ সম্পূৰ্ণ ৰূপটো –  Indira Gandhi National Open University.

২৬। ১৯৮৫ চনত স্থাপিত হোৱা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আছিল?

উত্তৰঃ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়।

২৭। প্ৰথম মুক্ত বিশ্ববিদ্যালয়খন কত আৰু কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৬৩ চনত ইংলেণ্ডত প্ৰথম মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল।

২৮। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালখন কোন চনত আৰু কত স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৮৫ চনত নতুন দিল্লীত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল।

২৯। অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ৰখা হৈছিল?

উত্তৰঃ অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়ৰ নাম  ‘কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়’ ৰখা হৈছিল।

৩০। খালী ঠাই পূৰণ কৰা:

(ক) ডক্টৰ ডি. এচ.কোঠাৰী আছিল বিশ্ববিদ্যালয় অনুদানৰ অধ্যক্ষ।

(খ) ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে পৰামৰ্শ দিয়া শিক্ষাৰ গাঁথনিৰ প্ৰক্ৰিয়াটো হ’ল ১০+২+৩

(গ) কোঠাৰী আয়োগৰ প্ৰতিবেদনখনৰ প্ৰকৃতভাৱে নামকৰণ কৰা হৈছে শিক্ষা আৰু জাতীয় বিকাশ

(ঘ) ৯ জন সদস্যৰে আয়োগখন গঠন কৰা হৈছিল।

৩১। চমুটোকা লিখা:

(ক) দূৰৱৰ্তী শিক্ষা।  

(খ) মুক্ত বিদ্যালয়। 

(গ) মুক্ত বিশ্ববিদ্যালয়।

উত্তৰঃ (ক) দূৰৱৰ্তী শিক্ষা :- বিদ্যালয় পৰ্যায়ৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ পৰ্যায়লৈকে দূৰত্ব শিক্ষাই সকলো স্তৰৰ শিক্ষা ব্যক্তিসকলক প্ৰদান কৰে। কোনো এটা বিশেষ শিক্ষা স্তৰৰ মাজত দূৰত্ব শিক্ষা সীমাৱদ্ধ নহয়। এই ব্যৱস্থাত শিক্ষাক আৰু শিক্ষাৰ্থীৰ মাজত পাৰস্পৰিক সম্বন্ধ স্থাপন নোহোৱাকৈয়ে শিক্ষা সম্ভৱ হৈ উঠে। দৈহিকভাৱে স্কুল-কলেজত নিয়মীয়াকৈ উপস্থিত নোহোৱাকৈয়ে দূৰত্ব শিক্ষাৰ  যোগেদি শিক্ষাৰ্থীয়ে ডিগ্ৰী, ডিপ্লোমা, চাৰ্টিফিকেট আদি লাভ কৰিব পাৰে। দৈহিক আৰু মানসিকভাৱে প্ৰতিবন্ধকতা থকা ব্যক্তিসকলেও এই শিক্ষা আহৰণ কৰিব পাৰে।ইয়াৰ উপৰিও আৰ্থিক অসুবিধাৰ বাবে শিক্ষা সমাপ্ত কৰিব নোৱাৰাসকল, গৃহিণী, ব্যক্তিগত বা পাৰিবাৰিক অসুবিধাৰ বাবে শিক্ষা অসম্পূৰ্ণ কৰাসকল, বৃত্তিত নিয়োজিত শিক্ষা সম্পূৰ্ণ নকৰা ব্যক্তিসকল, উচ্চ শিক্ষা লাভৰ হেঁপাহ ৰখা সকল আৰু চাকৰিৰ পদোন্নতিৰ বাবে শিক্ষাৰ প্ৰয়োজন থকা সকলো ব্যক্তিৰে শিক্ষাৰ প্ৰয়োজন দূৰত্ব শিক্ষাই পূৰণ কৰিব পাৰে।

(খ) মুক্ত বিদ্যালয়:- সাধাৰণতে মাধ্যমিক শিক্ষাৰ  দাবিসমূহ মুক্ত বিদ্যালয়ে পূৰণ কৰে। আনুষ্ঠানিক বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত হোৱা লোকসকলক মুক্ত বিদ্যালয়ৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়। সাধাৰণতে লৰা – ছোৱালীৰ উপৰিও বিদ্যালয়ৰ শিক্ষা শেষ কৰিব নোৱাৰাসকল, কৰ্মৰত প্ৰাপ্তবয়স্কসকল, গৃহিণী আৰু আৰ্থ- সামাজিকভাৱে পিছপৰা শ্ৰেণীক এই শীক্ষই সামৰি লয়।মুক্ত বিদ্যালয়ৰ শিক্ষাত নামভৰ্ত্তিৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বয়স সম্বন্ধে উদাৰ নীতি গ্ৰহণ কৰা হয় আৰু  নীতি-নিয়ম, অনুশাসন আৰু মূল্যায়ন ব্যৱস্থাতো শিথিলতাৰ নীতি গ্ৰহণ কৰা হয়।

(গ) মুক্ত বিশ্ববিদ্যালয়:- মুক্ত বিদ্যালয়ৰ আৰ্হিতে সমাজৰ সকলো শ্ৰেণীৰ লোকক নমনীয় উচ্চ শিক্ষা প্ৰদানৰ বাবে মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থা গঢ় লৈ উঠিছে। নিয়মিতভাৱে শ্ৰেণীৰ উপস্থিত থাকি উচ্চ শিক্ষা লাভ কৰিবলৈ অসমৰ্থ হোৱা লোকসকল উচ্চ শিক্ষা প্ৰদানৰ বাবে এই অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে। মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্ত্তিৰ বাবে পূৰ্বৰ শিক্ষাগত অৰ্হতা, বয়স, বিষয় নিৰ্বাচন আদিৰ ক্ষেত্ৰত এক নমনীয় দৃষ্টিভংগী গ্ৰহণ কৰা হয়। জীৱনৰ যিকোনো সময়তে ব্যক্তিসকলে এই শিক্ষা লাভ কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top