Class 12 Education Chapter – 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি

resppost2025

Class 12 Education Chapter – 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি and select needs one.

Class 12 Education Chapter – 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি Solutions for All Subject, You can practice these here…

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি 

পাঠ: 6

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক-১ )

A. শুদ্ধ নে অশুদ্ধ লিখাঃ 

resppost2025

প্রশ্ন ১। মানসিক স্বাস্থ্য হ’ল পাৰিপাৰ্শ্বিকতাৰ সৈতে নিজকে খাপ খুওৱাৰ সামৰ্থ্য ।

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ২। মানসিক স্বাস্থ্য বজাই ৰখাটো নিৰ্ভৰ কৰে প্ৰয়ােজনীয়তা পূৰণৰ ওপৰত । 

sqare

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩। মানসিক স্বাস্থ্য হ’ল মনৰ সুস্থিৰ অৱস্থা । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৪। মানসিক স্বাস্থ্য সামাজিক প্ৰমূল্য , বিধান আৰু মানৰে সম্পর্কিত । 

sqare

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৫। মানসিক স্বাস্থ্য মানে মানসিক অসুস্থতাৰ অনুপস্থিতি । 

উত্তৰঃ শুদ্ধ । 

sidebar2026

প্রশ্ন ৬। মানসিক স্বাস্থ্যবিধি মানসিক বিসংগতিৰ নিৰাময়কাৰী দিশটোৰে সম্পর্কিত । 

উত্তৰঃ শুদ্ধ ।

2026

প্রশ্ন ৭। শাৰীৰিক স্বাস্থ্য হ’ল মানসিক স্বাস্থ্যৰ এটা গুৰুত্বপূৰ্ণ চর্ত । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৮। মানসিক স্বাস্থ্য হ’ল এটা চানেকি স্বৰূপ ধাৰণা । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৯। মানসিক স্বাস্থ্যবিধিৰ কাম হ’ল মানসিক স্বাস্থ্য নিৰাপদে ৰখা ।

sidebar2026

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১০। মানসিক স্বাস্থ্যবিধিৰ লক্ষ্য মানসিক স্বাস্থ্যৰ নিৰাপদকৰণ । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১১। মানসিকভাবে স্বাস্থ্যবান লােকৰ এক সন্তুলিত ব্যক্তিত্ব থাকে । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১২। মানসিক অসুস্থতা নিৰাময়সাধ্য । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১৩। মানসিক অসুস্থতাৰ ক্ষেত্ৰত বংশগত প্রভাৱ নাথাকে ।

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১৪। মানসিকভাৱে স্বাস্থ্যবান লােক এজন আবেগিকভাৱে সুস্থিৰ হয় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১৫। মানসিক স্বাস্থ্যবিধি হ’ল পৰিসমাপ্তি আৰু মানসিক স্বাস্থ্য হ’ল উপায় । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ১৬। এগৰাকী শাৰীৰিকভাৱে স্বাস্থ্যবান লােক মানসিকভাৱে স্বাস্থ্যবান নহ’বও পাৰে । 

উত্তৰঃ শুদ্ধ ।

2026

প্রশ্ন ১৭। এগৰাকী মানসিকভাবে সুস্থ লােক সামাজিকভাৱে ভালদৰে খাপ খােৱা নহ’বও পাৰে । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ১৮। শাৰীৰিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্য এটা মাত্রাৰ বিষয় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১৯। মানসিক স্বাস্থ্য হ’ল মনৰ সুস্থিৰ অৱস্থা । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ২০। মানসিক স্বাস্থ্য আহৰণ সামাজিক পৰিমণ্ডলত সম্ভৱ । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২১। সমন্বিত সমিলমিল মানসিক স্বাস্থ্যৰ এটা আৱশ্যকীয় চর্ত । 

উত্তৰঃ শুদ্ধ । 

B.  খালী ঠাই পূৰ কৰা :

প্রশ্ন ২২। এগৰাকী লোক মানসিক স্বাস্থ্য নির্ধাৰিত হয় তেওঁৰ ……….ৰ সমিলমিল দ্বাৰা । 

উত্তৰঃ সমাজ । 

প্রশ্ন ২৩। মানসিক স্বাস্থ্যবিধি হ’ল মানসিক স্বাস্থ্য বজাই ৰখাৰ ………. ।

উত্তৰঃ বিজ্ঞান বা প্রক্রিয়া । 

প্রশ্ন ২৪। মানসিক স্বাস্থ্যবিধিয়ে সহায় কৰে ব্যক্তিত্বৰ ……….. বিকাশত । 

উত্তৰঃ মানসিক । 

প্রশ্ন ২৫। মানসিক ৰােগ নিৰাময় কৰাটো হ’ল মানসিক স্বাস্থ্যবিধি ……….. কার্য । 

উত্তৰঃ প্রধান । 

প্রশ্ন ২৬। মানসিক স্বাস্থ্যবিধি হ’ল ……….. আৰু মানসিক স্বাস্থ্য হ’ল ………. ।

2026

উত্তৰঃ উপায় , সমাপ্তি । 

প্রশ্ন ২৭। মানসিক স্বাস্থ্যবিধিৰ উদ্দেশ্য হ’ল ………… আহৰণ । 

উত্তৰঃ মানসিক স্বাস্থ্য নির্ধাৰণ । 

প্রশ্ন ২৮। মানসিক স্বাস্থ্যবিধিৰ তিনিটা গুৰুত্বপূৰ্ণ দিশ আছে –প্রতিৰোধমূলক , নিৰাময়ক আৰু ………….। 

উত্তৰঃ সংৰক্ষণমূলক ।

প্রশ্ন ২৯। মানসিক স্বাস্থ্যবিধি হল সর্বাধিক ……….আৰু সর্বনিম্ন ……….সমিলমিল । 

উত্তৰঃ মানসিক স্বাস্থ্য , মানসিক অসুস্থতা । 

C. চমু উত্তৰ দিয়া : 

প্রশ্ন ৩০। মানসিক স্বাস্থ্যবিধি হ’ল এবিধ বিজ্ঞান , যি মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানৱীয় সম্পৰ্কৰ সকলাে ক্ষেত্রতে পৰিব্যাপ্ত’– এই কথা কোনে কৈছিল ? 

উত্তৰঃ ক্ৰো আৰু ক্রো । 

প্রশ্ন ৩১। ‘মানসিক স্বাস্থ্যবিধি মানসিক স্বাস্থ্য অটুট ৰখা আৰু মানসিক বিসংগতিৰ সৈতে সংযুক্ত ’ — এই উক্তি কাৰ ? 

উত্তৰঃ হেডফিল্ড । 

প্রশ্ন ৩২। শাৰীৰিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্য এটা মাত্ৰাৰ বিষয়’— কোনে কৈছিল ? 

উত্তৰঃ প্ৰফেছাৰ হােমল । 

প্রশ্ন ৩৩। এটা অপৰাধপ্ৰৱণ ছাত্র মানসিকভাৱে স্বাস্থ্যৱান হ’ব পাৰে নে নােৱাৰে লিখা । 

উত্তৰঃ নােৱাৰে ।

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১। মানসিক স্বাস্থ্যৰ ধাৰণাটো লিখা ।

উত্তৰঃ সাধাৰণতে ব্যক্তিত্বৰ পূর্ণ কার্যক্রম সমবিকাশকেই মানসিক স্বাস্থ্য বুলি ক’ব পাৰি । মানুহৰ মনৰ মাজত কিছুমান জন্মগত আৰু কিছুমান আর্জিত চাপ থাকে । যেতিয়া এই চাপসমূহে একেলগে এটাই আনটোৰ সৈতে সমিল মিলকৈ কাম কৰি যায় তেতিয়া তাৰ সম্পূর্ণ অভিব্যক্তি প্রতিফলিত হয় । যি ব্যক্তিৰ ব্যক্তিত্বত ইয়াক দেখা যায় তেনে ব্যক্তিৰ স্বাস্থ্যক সুস্থ  মানসিক স্বাস্থ্য বুলি অভিহিত কৰা হয় । 

প্রশ্ন ২। মানসিক স্বাস্থ্যবিধিৰ সংজ্ঞা দিয়া । 

2026

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এনে এটা বিজ্ঞান যি মানৱ কল্যাণৰ সৈতে জড়িত আৰু ই মানুহৰ সম্বন্ধৰ সকলাে ক্ষেত্রকে সামৰি লয় । 

মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিবলৈ লােৱা প্ৰতিৰােধমূলক ব্যৱস্থা আৰু শীঘ্র চিকিৎসাৰ “ জৰিয়তে মানসিক ৰােগ হ্রাস কৰিবলৈ লােৱা ব্যৱস্থা সমূহক একেগে মানসিক স্বাস্থ্যবিধি বােলে । 

প্রশ্ন ৩। মানসিক স্বাস্থ্যবিধিৰ দুটা উদ্দেশ্য লিখা । 

উত্তৰঃ মানসিক স্বাস্থ্যবিধিৰ দুটা উদ্দেশ্য হ’ল— 

( ১ ) ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণ আৰু উন্নতি সাধন কৰা । 

( ২ ) ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতা সমূহৰ মাজত সজীৱ হৈ থকা সম্পর্কসমূহৰ বিষয়ে উপযুক্ত ৰোধৰ বিকাশ ঘটোৱা ।

প্রশ্ন ৪। মানসিক স্বাস্থ্যবিধিৰ দুটা গুৰুত্বপূর্ণ কার্য লিখা । 

উত্তৰঃ মানসিক স্বাস্থ্যবিধিৰ দুটা কার্য হ’ল— 

( ১ ) মানসিক স্বাস্থ্যবিধিৰ মূল কাম হৈছে মানসিক অসুস্থতা ব্যক্তিত্বৰ বিকাশ আৰু সমাজেনৰ সমস্যাসমূহ নিবাৰণ কৰা । 

( ২ ) মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল’ব লগা উপায় , কৌশল আৰু প্রক্রিয়াসমূহৰ বিষয়ে জ্ঞান প্রদান কৰা । 

প্রশ্ন ৫। মানসিক স্বাস্থ্যৰ প্রতিৰোধমূলক কার্যটো কি ? 

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞান প্রতিৰোধমূলক কার্যটো হৈছে মানসিক অসুস্থতা , ব্যক্তিত্ব বিকাশ আৰু সমাযােজনৰ সমস্যাসমূহ নিবাৰণ কৰা । এই বিজ্ঞানে মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণবােৰ ব্যক্তিত্বৰ বিকাশ আৰু সমাযােজনৰ সমস্যাসমূহৰ বিষয়ে বুজি পােৱাৰ ক্ষেত্ৰত সহায় আগবঢ়ায় । 

প্রশ্ন ৬। মানসিক স্বাস্থ্যৰ সংৰক্ষণমূলক কার্য কি ? 

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণমূলক কার্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল’ব লগা উপায় কৌশল আৰু প্রক্রিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধ জ্ঞান প্রদান কৰে মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণমূলক কার্যৰ মূল লক্ষ্য । 

প্রশ্ন ৭। মানসিক স্বাস্থ্যৰ নিৰাময়ক কার্য কি ? 

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ নিৰাময়ক কার্যসমূহে মূলতঃ চিকিৎসা কৌশলসমূহৰ ওপৰত গুৰুত্ব প্রদান কৰে । এই বিজ্ঞানে মানুহৰ অকল মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা , ব্যক্তিত্বৰ বিকাশ আৰু – সমাযােজনাৰ সমস্যাসমূহ উপলব্ধি আৰু প্ৰতিকাৰৰ কৌশলসমূহৰ জ্ঞান প্রদান কৰে । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -৩ ) 

প্রশ্ন ১। মানসিক স্বাস্থ্যবিধিৰ অর্থ ব্যাখ্যা কৰা । 

উত্তৰঃ ব্যক্তিৰ অপসযােজনত বাধা দান কৰিবলৈ পৰিবেশৰ প্রয়ােজনীয় অৱস্থাৰ সৃষ্টি কৰি আৱেগিক মনােভাৱ গঢ় দি তােলা আৰু চিন্তাক অভ্যস্ত কৰি তােলা কাৰ্যই মানসিক স্বাস্থ্য বিজ্ঞান । ই হৈছে মানসিক স্বাস্থ্যৰ উৎকর্ষ সাধন কৰা আৰু মানসিক বিশৃংখলতাক বাধা দান কৰা সম্বন্ধীয় নীতি আৰু পদ্ধতিৰ অধ্যয়ন । ই এনে এবিধ বিজ্ঞান যি প্রতিজন লােকৰ জীৱনৰ অভিজ্ঞতাৰ বাবেই অর্থপূর্ণ হৈ উঠিব পাৰে । বহল অর্থত ক’বলৈ হ’লে ব্যক্তিক তেওঁৰ সুস্থ , সুন্দৰ , সুখী আৰু সম্পূর্ণ জীৱন যাপনত সহায় কৰিবৰ বাবে ল’ব লগা যি দেহ মানসিক তৎপৰতা সেয়ে হৈছে মানসিক স্বাস্থ্যবিজ্ঞান । 

প্রশ্ন ২। মানসিক স্বাস্থ্যবিধিৰ পৰিসৰ ব্যাখ্যা কৰা । 

2026

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ অতি বহল । মানসিক আলােড়নৰ কাৰণসমূহ জনাৰ ক্ষেত্ৰত সহায় আগবঢ়ায় । মানসিক স্বাস্থৰ বিজ্ঞানৰ জ্ঞানৰ সহায়ত মানসিক ৰােগৰ কাৰণবােৰ সুন্দৰভাৱে বুজিব পাৰি । মানসিক সমস্যাসমূহ আঁতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায় সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে । মানসিক স্বাস্থ্য বিজ্ঞানৰ জৰিয়তে সকলােবােৰ মানসিক বিশৃংখলৰ পৰা পৰিত্রান পােৱাৰ উপযুক্ত পদক্ষেপ গ্রহণ কৰিব পাৰি । মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধিৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় আগবঢ়ায় । ব্যক্তিত্ব বিকাশৰ প্রক্রিয়া সুন্দৰভাবে উপলব্ধি কৰাত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে । মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সমাযােজন প্রক্রিয়াৰ দ্বাৰা নানা ক্রিয়া বিধি অর্থাৎ মানসিক অথবা প্রতিক্ষা মন্ত্র ৰচনা যিবােৰে মানসিক উত্তেজনা উপশম ঘটোৱা অথবা মানসিক স্বাস্থ্যৰ বাবে গ্রহণ কৰা হয় । সুন্দৰ মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ সকলােবােৰ সমাযােজন প্রক্রিয়াৰ লগত মানসিক স্বাস্থ্য বিজ্ঞান সম্পর্ক আছে । সামগ্রিকভাৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ প্রণালীবদ্ধ মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ প্রক্রিয়াৰ লগত গভীৰভাৱে সম্পর্কযুক্ত হৈ আছে । 

প্রশ্ন ৩। মানসিক স্বাস্থ্যবিধি কিয় গুৰুত্বপূর্ণ ? 

উত্তৰঃ মানসিক স্বাস্থ্যবিধিৰ ওৰুত্বপূর্ণ কিছুমান দিশ তলত উল্লেখ কৰা হ’ল— 

( ১ ) মানসিক স্বাস্থ্যবিধিয়ে মানসিক স্বাস্থ্য সম্বন্ধীয় বিভিন্ন জ্ঞান আহৰণৰ উপায় দিয়ে । 

( ২ ) ই এক সুখী আৰু সমতুল জীৱন ধাৰণত সহায় কৰে । 

( ৩ ) শাৰীৰিক আৰু মানসিক সুবিধাসমূহে ব্যক্তিৰ সু – চৰিত্ৰ গঠনত সহায় কৰে আৰু শৰীৰৰ অৱস্থা উন্নত কৰাৰ লগতে মানসিক ক্ষমতা বৃদ্ধি কৰি ব্যক্তিক আত্মনিৰ্ভৰশীল কৰি তােলে । 

প্রশ্নঃ ৪। মানসিক স্বাস্থ্যবিধিৰ তিনিটা উদ্দেশ্য লিখা । 

উত্তৰঃ মানসিক স্বাস্থ্যবিধিৰ তিনিটা উদ্দেশ্য হল— 

( ১ ) মানসিক স্বাস্থ্যবিধিয়ে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে । 

( ২ ) পৰিবেশৰ লগত সুন্দৰভাৱে সমাযােজন কৰিব পৰা ধৰণে ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা চলায় । 

( ৩ ) ভাৰসাম্য আৰু সু – সামঞ্জস্য ব্যক্তিত্বৰ বিকাশৰ বাবে এই বিজ্ঞানে মানসিক দোষ ত্রুটিসমূহ নিবাৰণ কৰাৰ প্রচেষ্টা চলয় । 

প্রশ্ন ৫। মানসিক স্বাস্থ্যবিধিৰ তিনিটা গুৰুত্বপূৰ্ণ কার্য লিখা । 

উত্তৰঃ ( ১ ) নিৱাৰণমূলক কার্য :- মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাম হৈছে মানসিক অসুস্থতা , ব্যক্তিত্বৰ বিকাৰ আৰু সমাযােজনৰ সমস্যাসমূহ নিবাৰণ কৰা । মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণ , ব্যক্তিত্বৰ বিকাৰ আৰু সমাযােজনৰ সমস্যা সমূহৰ বিষয়ে মানসিক স্বাস্থ্য বিজ্ঞানে বুজি পােৱাত সহায় আগবঢ়ায় । 

( ২ ) আবােগ্যমূলক কার্য :- চিকিৎসা কৌশলসমূহৰ ভিতৰত গুৰুত্ব প্রদান কৰা মূলতে হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ আৰােগ্যমূলক কার্য । মানুহৰ মানসিক অসুস্থতাৰ সমস্যাসমূহ : উপলব্ধি কৰা , ব্যক্তিত্ব বিকাৰ আৰু সমাযােজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় আগবঢ়ায় ।

( ৩ ) সংৰক্ষণমূলক কার্য :- সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্রক্রিয়া তথা সামাজিক জীৱন প্রক্রিয়াৰে উন্নতি কেতিয়াও সম্ভৱ নহয় । মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যৰ মূল লক্ষ্য । 

See Next Page…

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top