Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা and select needs one.
Class 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HSClass 12 Education Chapter – 1 অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা Solutions for All Subject, You can practice these here…
অসম আৰু ভাৰতৰ মাধ্যমিকশিক্ষা ( স্বৰাজোত্তৰ কাল )
পাঠ : ১
অতি চমু প্রশ্নোত্তৰ ( ১ নম্বৰৰ প্রশ্ন )
A. শুদ্ধ নে অশুদ্ধ লিখা ?
প্রশ্ন ১. ১৯৬৪-৬৬ ৰ শিক্ষা আয়ােগখনেই স্বাধীন ভাৰতৰ প্ৰথমখন আয়ােগ আছিল ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ২. শিক্ষা সম্পর্কীয় ৰাষ্ট্ৰীয় নীতি পূনৰীক্ষণ কৰা হৈছিল ১৯৯২ চনত ।
উত্তৰঃ অশুদ্ধ ।
প্রশ্ন ৩. মুদালিয়াৰ আয়ােগখন নিযুক্ত কৰা হৈছিল ড° লক্ষ্মণ মুদালিয়াৰৰ অধ্যক্ষতাত ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ৪. কোঠাৰী আয়ােগ নিযুক্ত হৈছিল ১৯৬৪ চনৰ ১ জানুৱাৰীত ।
উত্তৰঃ অশুদ্ধ ।
প্রশ্ন ৫. ভাৰতীয় শিক্ষা আয়ােগে গুৰুত্ব দিছিল উৎপাদনশীলতাৰ ওপৰত ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ৬. নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে জোৰ দিছিল বৃত্তিমুখীকৰণৰ প্ৰয়ােজনীয়তাৰ ওপৰত ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ৭. ‘শিক্ষাৰ প্ৰত্যাহ্বান এক নীতিগত’ শীর্ষক নথিখন ৰাষ্ট্ৰীয় নীতি, ১৯৬৮ ৰ সৈতে সম্পর্কিত ।
উত্তৰঃ অশুদ্ধ ।
প্রশ্ন ৮. শিক্ষা আয়ােগে স্কুলীয়া শিক্ষাৰ গাঁথনিক তিনিটা স্তৰত ভগাইছিল ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ৯. মুদালিয়াৰ আয়ােগৰ প্রতিবেদন প্রথম অধ্যায়ত আছিল মাধ্যমিক শিক্ষাৰ উদ্দেশ্য সম্পর্কীয় পৰামৰ্শাৱলী ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ১০. মাধ্যমিক শিক্ষা আইন, অসম গৃহীত হৈছিল ১৯৬২ চনত ।
উত্তৰঃ অশুদ্ধ ।
প্রশ্ন১১. মুদালিয়াৰ আয়ােগে ইয়াৰ প্রতিবেদন দাখিল কৰিছিল ১৯৫২ চনত ।
উত্তৰঃ অশুদ্ধ ।
প্রশ্ন ১২. মুদালিয়াৰ আয়ােগ প্রতিবেদনৰ প্ৰথমটো অধ্যায়ত ভাৰতৰ মাধ্যমিক ত্রুটীসমূহৰ বিষয়ে আলােচনা কৰিছিল ।
উত্তৰঃ অশুদ্ধ ।
প্রশ্ন ১৩. বৃক্তিগত দক্ষতাৰ বিকাশ আছিল মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া শিক্ষাৰ লক্ষ্য ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ১৪. কোঠাৰী আয়ােগৰ প্রতিবেদনৰ শীৰ্ষক আছিল ‘শিক্ষা সম্পৰ্কত চৰকাৰ সমূহৰ নীতি’।
উত্তৰঃ অশুদ্ধ ।
প্রশ্ন ১৫. কোঠাৰী আয়ােগৰ মতে মাধ্যমিক শিক্ষাৰ অৱধি ৩ ৰ পৰা ৪ বছৰ হােৱা উচিত ।
উত্তৰঃ অশুদ্ধ ।
প্রশ্ন ১৬. কোঠাৰী আয়ােগে সাধাৰণ আৰু বৃত্তিমুখী শিক্ষাৰ সম্পূৰ্ণৰূপে পৃথক কৰাৰ পোষকতা কৰিছিল ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ১৭. নতুন শিক্ষা নীতিয়ে শিক্ষাৰ গাঁথনি ১০ + ২ + ৩ কৰাৰ পৰামর্শ দিছিল ।
উত্তৰঃ অশুদ্ধ ।
B. খালী ঠাই পূৰ কৰা প্রশ্ন
প্রশ্ন ১৮. ডি এছ কোঠাৰীৰ অধ্যক্ষতাত শিক্ষা আয়ােগ নিযুক্ত হৈছিল ………….ত ।
উত্তৰঃ ১৯৬৪ চনত ।
প্রশ্ন ১৯. প্রাক প্রাথমিক শিক্ষা হল ……….. পূৰ্বৰ স্তৰ ।
উত্তৰঃ প্রাথমিক ।
প্রশ্ন ২০. প্রাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ত পৰামর্শ দিয়া কাৰ্যসূচীটোক ……… হিচাপে জনা যায় ।
উত্তৰঃ অপাৰেচন ব্লেকবাের্ড ।
প্রশ্ন ২১. ১৯৬৪ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া আয়ােগখনৰ অধ্যক্ষ গৰাকী আছিল……… ।
উত্তৰঃ ড° ডি . এছ . কোঠাৰী ।
প্রশ্ন ২২. মাধ্যমিক শিক্ষা আয়ােগৰ অধ্যক্ষ আছিল …….. ।
উত্তৰঃ ড ° লক্ষ্মণস্বামী মুদালিয়াৰ ।
প্রশ্ন ২৩. মুদালিয়াৰ আয়ােগ নিযুক্ত হৈছিল ………. চনত ।
উত্তৰঃ ১৯৫২ চনৰ ২৩ ছেপ্টেম্বৰত ।
প্রশ্ন ২৪. মুদালিয়াৰ আয়ােগ ………… হিচাপে জনাজাত ।
উত্তৰঃ মাধ্যমিক শিক্ষা আয়ােগ ।
প্রশ্ন ২৫. ‘ভাৰতৰ ভাগ্যক ইয়াৰ শ্ৰেণীকোঠা সমূহত সম্প্রতি গঢ় দি থকা হৈছে ’ — এই মন্তব্য কৰিছিল ………. এ ।
উত্তৰঃ কোঠাৰী আয়ােগে ।
প্রশ্ন ২৬. ‘শিক্ষাৰ প্ৰত্যাহ্বানঃ এক নীতিগত দিশ’ শীর্ষক নথিখন ………. ৰে সম্পর্কিত ।
উত্তৰঃ ১৯৮৪ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি
প্রশ্ন ২৭. অসমত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ……… চনত স্থাপিত হৈছিল ।
প্রশ্ন ২৮. কোঠাৰী আয়ােগৰ প্রতিবেদন দাখিল কৰা হৈছিল ……….. চনত ।
উত্তৰঃ ১৯৬৬ চনত ।
প্রশ্ন ২৯. চাকৰিৰ পৰা ডিগ্রীক যােগসূত্রহীন কৰাই –এই ধাৰণাক তুলি ধৰিছিল …………..এ ।
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতি ।
প্রশ্ন ৩০. ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ চূড়ান্ত খচৰাখন উত্থাপন কৰা হৈছিল ………. চনত ।
উত্তৰঃ ১৯৮৬ চনত ।
প্রশ্ন ৩১.অসম মাধ্যমিক শিক্ষা আইনখন গৃহীত হৈছিল ………….চনত ।
উত্তৰঃ ১৯৬১ চনত ।
প্রশ্ন ৩২. অসম মাধ্যমিক শিক্ষা আইনে ……….ক ‘মাধ্যমিক শিক্ষা পৰিষদ’ৰ অধ্যক্ষ হিচাপে স্বীকৃতি দিছে ।
উত্তৰঃ শিক্ষাধিকর্তা ।
প্রশ্ন ৩৩. ‘মাধ্যমিক শিক্ষা পৰিষদ অসম’ৰ কার্যালয় ……….ত আছে ।
উত্তৰঃ গুৱাহাটী ।
প্রশ্ন ৩৪. ১৯৬৯-৭০ চনত অসমত বহুমুখী বিদ্যালয়ৰ সংখ্যা আছিল ………।
উত্তরঃ ৭০ খন ।
প্রশ্ন ৩৫. মুদালিয়াৰ আয়ােগৰ প্রতিবেদনত ……..টা অধ্যায় আছিল ।
উত্তৰঃ ১৫ টা ।
প্রশ্ন ৩৬. মুদালিয়াৰ আয়ােগৰ প্রতিবেদনৰ তৃতীয় অধ্যায় দ্বিতীয় খণ্ডত আগবঢ়োৱা হৈছিল মাধ্যমিক শিক্ষাৰ ……… ।
উত্তৰঃ লক্ষ্য ।
প্রশ্ন ৩৭. কোঠাৰী আয়ােগৰ মতে প্রথম বাজহুৱা পৰীক্ষা হোৱা উচিত স্কুললৈ যােৱাৰ প্রথম ………. বছৰৰ শেষত ।
উত্তৰঃ ১০ বছৰ ।
প্রশ্ন ৩৮. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি পুনৰীক্ষণ কৰা হৈছিল ১৯৯২ চনত …………..কমিটিৰ দ্বাৰা ।
উত্তৰঃ জনার্দন কমিটিৰ দ্বাৰা ।
প্রশ্ন ৩৯. বর্তমান কটন কলেজিয়েট স্কুলখনৰ নাম আছিল ……… ।
উত্তৰঃ গুৱাহাটী ছেমিনাৰী স্কুল ।
প্রশ্ন ৪০. অসমত প্ৰথমখন মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল ………… ত ।
উত্তৰঃ ১৯৩৫ চনৰ ১৫ জুনত ।
প্রশ্ন ৪১. অসমৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণৰ দক্ষতা কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছিল ……….. চনত ।
উত্তৰঃ ১৯৫৭ চনত ।
প্রশ্ন ৪২. অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ স্থাপিত হৈছিল ………. আয়ােগৰ পৰামৰ্শৰ ভিক্তিত ।
উত্তৰঃ মুদালিয়াৰ আয়ােগ ।
প্রশ্ন ৪৩. প্ৰাক – বিশ্ববিদ্যালয় পাঠ্যক্রমটোক বিশ্ববিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়লৈ নিয়াৰ পৰামর্শ দিছিল ………….আয়ােগে ।
উত্তৰঃ কোঠাৰী আয়ােগ ।
C. চমু উত্তৰ দিয়া ( পৰাপক্ষত এটা বাক্যত )
প্রশ্ন ৪৪. শিক্ষা আয়ােগ ১৯৬৪-৬৬ ৰ অধ্যক্ষ কোন আছিল ?
উত্তৰঃ শিক্ষা আয়ােগ ১৯৬৪-৬৬ ৰ অধ্যক্ষ ড° ডি.এছ কোঠাৰীয়ে আছিল ।
প্রশ্ন ৪৫. প্রাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰামৰ্শ দিয়া কাৰ্যসূচীটোৰ নাম কি ?
উত্তৰঃ প্রাথমিক শিক্ষাৰ বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পৰামৰ্শ দিয়া কাৰ্যসূচীটোৰ নাম হ’ল- “অপাৰেচন ব্লেকবাের্ড” ।
প্রশ্ন ৪৬. শিক্ষাৰ গাঁথনি ১০ + ২ + ৩ হ’ব লাগে বুলি কোনখন আয়ােগে পৰামর্শ দিছিল ?
উত্তৰঃ শিক্ষাৰ গাঁথনি ১০ + ২ + ৩ হ’ব লাগে বুলি কোঠাৰী আয়ােগে পৰামর্শ দিছিল ।
প্রশ্ন ৪৭. শিক্ষা আয়ােগে ১৯৬৪-৬৬ ৰ আন নামটো কি ?
উত্তৰঃ শিক্ষা আয়ােগে ১৯৬৪-৬৬ ৰ আন নামটো হ’ল- কোঠাৰী আয়ােগ ।
প্রশ্ন ৪৮. অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি ?
উত্তৰঃ অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম হ’ল- কটন কলেজিয়েট হাইস্কুল ।
প্রশ্ন ৪৯. মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নিযুক্ত প্ৰথমখন আয়ােগৰ নাম লিখা ।
উত্তৰঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নিযুক্ত প্ৰথমখন আয়ােগৰ নাম হ’ল-১৯৫২-৫৩ চনৰ মােদালিয়াৰ আয়াগ ।
প্রশ্ন ৫০. মুদালিয়াৰ আয়ােগ নিযুক্তিৰ উদ্দেশ্য কি আছিল ?
উত্তৰঃ মুদালিয়াৰ আয়ােগ নিযুক্তিৰ উদ্দেশ্য কি আছিল –
১. মাধ্যমিক শিক্ষাৰ পুনৰ গঠন আৰু উন্নতিকৰণ ।
প্রশ্ন ৫১. মুদালিয়াৰ আয়ােগৰ প্রতিবেদন কেতিয়া দাখিল কৰা হৈছিল ?
উত্তৰঃ মুদালিয়াৰ আয়ােগৰ প্রতিবেদন ১৯৫৩ চনত দাখিল কৰা হৈছিল ।
প্রশ্ন ৫২. শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে আধুনিকীকৰণ প্রক্রিয়াক ত্বৰান্বিত কৰাৰ পৰামর্শ কোনে আগবঢ়াইছিল ।
উত্তৰঃ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হিচাপে আধুনিকীকৰণ প্রক্রিয়াক ত্বৰান্বিত কৰাৰ পৰামর্শ
কোঠাৰী আয়ােগে আগবঢ়াইছিল ।
প্রশ্ন ৫৩. মাধ্যমিক শিক্ষা পৰিষদ গঠনৰ উদ্দেশ্য কি আছিল ?
উত্তৰঃ মাধ্যমিক শিক্ষা পৰিষদ গঠনৰ উদ্দেশ্য কি আছিল –
১.মাধ্যমিক শিক্ষাৰ ( + ২ ) পৰিচালনা , নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব বিশ্ববিদ্যালয় সমূহৰ পৰা পৃথক কৰা ।
প্রশ্ন ৫৪. মুদালিয়াৰ আয়ােগৰ পৰামর্শক্রমে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সলনি কৰা মাধ্যমিক বিদ্যালয়ৰ সংখ্যা উল্লেখ কৰা ।
উত্তৰঃ মুদালিয়াৰ আয়ােগৰ পৰামর্শক্রমে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সলনি কৰা মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হ’ল–২০৬ খন ।
প্রশ্ন ৫৫. কোন বৰ্ষত অসম মাধ্যমিক শিক্ষা আইন বলবৎ কৰা হৈছিল ?
উত্তৰঃ ১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন বলবৎ কৰা হৈছিল ?
প্রশ্ন ৫৬. অসম মাধ্যমিক শিক্ষা পৰিষদ স্থাপিত হৈছিল ……… চনত ।
উত্তৰঃ ১৯৮৪ চনত ।
প্রশ্ন ৫৭. মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰাৰ ক্ষেত্ৰত শিক্ষা আয়ােগ ১৯৬৪-৬৬ৰ নিৰ্ধাৰিত লক্ষ্য কি আছিল ?
উত্তৰঃ মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰাৰ ক্ষেত্ৰত শিক্ষা আয়ােগ ১৯৬৪-৬৬ৰ নিৰ্ধাৰিত লক্ষ্য আছিল –
১. শিক্ষা আৰু উৎপাদনমুখিতা ।
প্রশ্ন ৫৮. কোন বছৰত ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি যুগুত কৰা হৈছিল ?
উত্তৰঃ ১৯৮৬ চনত ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি যুগুত কৰা হৈছিল ।
প্রশ্ন ৫৯. নবােদয় বিদ্যালয়ৰ গুৰুত্বপূর্ণ উদ্দেশ্য এটা উল্লেখ কৰা ।
উত্তৰঃ নবােদয় বিদ্যালয়ৰ গুৰুত্বপূর্ণ উদ্দেশ্য এটা উল্লেখ হ’ল-
১. ছাত্ৰ – ছাত্ৰীক থকা , খােৱা আৰু পঢ়া বিনামূলীয়া কৰা ।
প্রশ্ন ৬০. অসমত বহুমুখী মাধ্যমিক বিদ্যালয় আৰু …………. আয়ােগৰ পৰামৰ্শৰ ভিত্তিত প্রতিষ্ঠা কৰা হৈছিল ?
উত্তৰঃ মুদালিয়া আয়ােগৰ ।
প্রশ্ন ৬১. আগতীয়া বাল্যকালৰ যত্ন আৰু শিক্ষাৰ উদ্দেশ্য কি ?
উত্তৰঃ আগতীয়া বাল্যকালৰ যত্ন আৰু শিক্ষাৰ উদ্দেশ্য হ’ল-
১. শিশুসকলক আনন্দমুখৰ পৰিৱেশত বিকাশ সাধন কৰা ।
চমু প্রশ্নোত্তৰ (২ নম্বৰৰ প্ৰশ্ন)
প্রশ্ন ১. মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া শিক্ষাৰ দুটা ত্রুটী লিখা ।
উত্তৰঃ মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া শিক্ষাৰ দুটা ত্রুটী হ’ল—
( i ) প্রচলিত শিক্ষা ব্যৱস্থা সংকীর্ণ আৰু এক পক্ষীয় বিধৰ যি ছাত্র – ছাত্রীৰ সম্পূর্ণ বিকাশ সাধন কৰিব নােৱাৰে । আৰু
( ii ) এই শিক্ষাই ইংৰাজী ভাষাৰ ওপৰত বেছি গুৰুত্ব আৰােপ কৰে ।
প্রশ্ন ২. নবােদয় বিদ্যালয় কি ?
উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এটা মূল্যৱান প্রস্তাৱ আছিল নবােদয় বিদ্যালয়ৰ প্রতিষ্ঠা । শিক্ষানীতিত কোৱা হৈছিল যে বিশেষ অৰ্হতাসম্পন্ন ল’ৰা – ছােৱালীৰ শৈক্ষিক চাহিদা পূৰণ কৰিব পৰাকৈ সপ্তম পঞ্চবার্ষিক পৰিকল্পনাৰ ভিতৰতে ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে একোখনকৈ নবােদয় বিদ্যালয় স্থাপন কৰা হ’ব । পিতৃ – মাতৃৰ আর্থ সামাজিক স্থিতি তথা তেওঁলােকৰ মাচুল দিব পৰাৰ সামৰ্থ যিয়েই নহওক লাগিলে , নবােদয় বিদ্যালয়ত তেওঁলােকৰ প্রতিভা এই বিদ্যালয়ত ৭৫ ভাগ আসন গাঁও অঞ্চলৰ ল’ৰা – ছােৱালীৰ বাবে সংৰক্ষিত হ’ব । তদুপৰি জিলাখনত অনুসূচিত জাতি ( SC ) আৰু অনুসূচিত জনজাতি ( ST ) ৰ লােকৰ সংখ্যা অনুপাতে নবােদয় বিদ্যালয়ত এই দুই শ্রেণীৰ লােকৰ ল’ৰা – ছােৱালীৰ বাবে আসন সংৰক্ষিত হ’ব । প্রচেষ্টা চলােৱা হ’ব যাতে নবােদয় বিদ্যালয়ত এই দুই শ্ৰেণীৰ লােকৰ ল’ৰা – ছােৱালী হয় । নবােদয় বিদ্যালয়ত ছাত্ৰ – ছাত্ৰীৰ এক তৃতীয়াংশ ছােৱালী হয় । নবােদয় বিদ্যালয়ত ছাত্র – ছাত্রীৰ থকা , খােৱা আৰু পঢ়া – শুনা সম্পূর্ণ বিনামূলীয়া হ’ব ।
প্রশ্ন ৩. অপাৰেশ্যন ব্লেক ব’র্ড কি ?
উত্তৰঃ প্ৰাথমিক শিক্ষাৰ গুণমান উন্নত কৰি তােলাৰ দিশত জাতীয় শিক্ষা নীতিয়ে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে । ইয়াৰ বাবে গ্ৰহণ কৰা ক্রিয়া আঁচনিক সাংকেতিকভাৱে কৃষ্ণফলি আঁচনি ( Operation Black Board ) নামে অভিহিত কৰা হয় । ইয়াৰ যােগেদি স্কুলৰ বৈষয়িক অৱস্থাৰ উন্নতি কৰি তােলাৰ আঁচনি গ্ৰহণ কৰা হয় । সেইমতে এজনীয়া শিক্ষকৰ ব্যৱস্থা তুলি দি প্রতিখন স্কুলতে কমেও দুজন শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হয় । ইয়াৰ এগৰাকী মহিলা শিক্ষক হ’ব লাগে । প্রতিখন স্কুলতে শিক্ষা দানৰ ন্যূনতম সা – সুবিধাখিনি প্ৰদান কৰিব লাগে । ইয়াৰ ভিতৰত স্কুলঘৰ নিৰ্মাণ , আহল বহল শ্রেণী কোঠা , শিক্ষাদানৰ সা – সঁজুলি , যেনে ব্লেক বাের্ড , মেপ , চার্ট , পুতলা আদি প্রধান এই কৃষ্ণফলি আঁচনিৰ অন্তর্ভুক্ত কৰা হয় ।
প্রশ্ন ৪. ই চি চি ই কি ?
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতিত , বিশেষকৈ কণ কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয় । শিশুসকলে আনন্দমুখৰ পৰিবেশৰ মাধ্যমত যাতে বিকশিত হ’ব পাৰে তাৰ ব্যৱস্থা লােৱাৰ অর্থে খাদ্য , স্বাস্থ্য আৰু সামাজিক – মানসিক আৰু শাৰিৰীক দিশৰ ওপৰত গুৰুত্ব দিয়া হয় । আগতীয়া বাল্যকালৰ তত্বাৱধান আৰু শিক্ষাই ( E.C.C.E ) এই ক্ষেত্ৰত প্রাধন্য লাভ কৰিব ।
প্রশ্ন ৫. নবােদয় বিদ্যালয়ৰ উদ্দেশ্যসমূহ কি কি ?
উত্তৰঃ নৱােদয় বিদ্যালয়ৰ উদ্দেশ্যসমূহ হ’ল–
( i ) ছাত্র – ছাত্রীৰ থকা , খােৱা আৰু পঢ়া সম্পূর্ণ বিনামূলীয়া কৰা ।
( ii ) আর্থিকভাৱে পিচপৰা অথচ বিশেষ অহর্তা সম্পন্ন লৰা ছােৱালীৰ শৈক্ষিক চাহিদা পূৰণ কৰা ।
প্রশ্ন ৬. পৰীক্ষাৰ সংস্কাৰ সম্পর্কিত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ দ্বাৰা আগবঢ়োৱা দুটা পৰামর্শ উল্লেখ কৰা ।
উত্তৰঃ পৰীক্ষাৰ সংস্কাৰ সম্পৰ্কিত নতুন শিক্ষানীতি ১৯৮৬ ৰ দ্বাৰা আগবঢ়োৱা দুটা পৰামর্শ হল–
( i ) বিষয়াত্মক আৰু সুযােগৰ উপাদানসমূহ বাদ দিয়াৰ লগতে মুখস্থ , পদ্ধতিৰ ওপৰত গুৰুত্বহীনতা দেখুৱাব লাগিব ।
( ii ) পৰীক্ষা নিয়ন্ত্রণ ব্যৱস্থাৰ বিকাশ সাধন কৰিব লাগিব ।
প্রশ্ন ৭. শিক্ষা আয়ােগে ১৯৬৪ ৰ পৰামর্শ অনুসৰি শিক্ষাৰ গাঁথনিটো লিখা ।
উত্তৰঃ শিক্ষা আয়ােগ ১৯৬৪ চনৰ পৰামর্শ অনুসৰি শিক্ষাৰ গাঁথনিটো হ’ল —১০ + ২ + ৩
প্রশ্ন ৮. ডিগ্ৰীৰ পৰা চাকৰিক যােগসূত্রহীন কৰা মানে কি বুজায় ?
উত্তৰঃ কিছুমান নির্বাচিত অঞ্চলত ডিগ্রীক চাকৰিৰ পৰা বিচ্ছিন্ন কৰাৰ আৰম্ভণী কৰা হ’ব । এই প্ৰস্তাৱটো কিছুমান ক্ষেত্ৰত প্ৰয়ােগ কৰিব পৰা নাযাব , যেনে অভিযান্ত্রিক শিক্ষা , চিকিৎসাবিজ্ঞান , আইন , শিক্ষকতা আদি বৃত্তিত । সেইদৰেই কলা , সমাজবিজ্ঞান , বিজ্ঞান আদি কিছুমান দিশৰ বিদ্যালয়তনিক উপাধিৰ ক্ষেত্ৰত নিয়ােগৰ সুবিধা থাকিব ।
পৃথকীকৰণ অৱস্থা কিছুমান সেৱাৰ ক্ষেত্ৰত প্ৰয়ােগ হ’ব যিবােৰত বিশ্ববিদ্যালয় উপাধি প্রয়ােজন নহয় । ডিগ্রী প্রয়ােজন নােহােৱা কর্মক্ষেত্র অথবা চাকৰিত দক্ষ আৰু অৰ্হতাসম্পন্ন ব্যক্তিকহে নিয়ােগৰ সুবিধা দিয়া হয় । এই ক্ষেত্ৰত সহায় হােৱাকৈ জাতীয় অভীক্ষা সেবা নামৰ গােট স্থাপন কৰা হ’ব । এই গােটৰ মাধ্যমত ক্ষেত্র অনুযায়ী দক্ষ ব্যক্তি নির্বাচন কৰি লােৱা হ’ব আৰু এই পদ্ধতি নীতিগত হব ।
প্রশ্ন ৯. ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি মানে কি বুজায় ?
উত্তৰঃ ভাৰতৰ সংবিধানে ৰাষ্ট্রীয় পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ কথা প্রকাশ কৰিছে । ইয়াৰ অর্থ হ’ল- জাতি , বর্ণ , ধর্ম নির্বিশেষে সকলাে লােককে শিক্ষা গ্রহণৰ সুবিধা দিয়া । প্রবর্তিত শিক্ষানীতিত এক সর্বভাৰতীয় দৃষ্টিভংগী অন্তর্নিহিত হৈ আছে আৰু ইয়াক দেশত এটা উপযুক্ত ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা প্রতিষ্ঠা কৰিবৰ বাবে অবিৰতভাৱে চলােৱা প্রচেষ্টা বুলি ক’ব পাৰি । ১৯৬৮ চনৰ শিক্ষানীতিয়ে প্ৰৱৰ্তন কৰিবলৈ বিচৰা ‘সাধাৰণ স্কুলব্যৱস্থা এই ক্ষেত্ৰত অধিক ফলপ্রসূ হ’ব । ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাত সকলােৰে বাবে সাধাৰণ শিক্ষাৰ গাঁথনিৰ কথা কোৱা হৈছে । দেশৰ সকলাে অংশতে ১০ + ২ + ৩ সূত্ৰৰ গাঁথনিৰ শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
প্রশ্ন ১০. শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি প্রাথমিক শিক্ষাৰ গাঁথনিটো লিখা ।
উত্তৰঃ শিক্ষা আয়ােগে ১৯৬৪ ৰ পৰামর্শ অনুসৰি প্রাথমিক শিক্ষাৰ গাঁথনিটো হ’ল—
( ১ ) প্রাক – প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ ।
( ২ ) প্রাথমিক পর্যায় ৭-৮ বছৰলৈ । ইয়াক দুটা উপ – পর্যায় স্বৰূপে ভাগ কৰি নিম্ন প্রাথমিক ৪-৫ বছৰৰ আৰু উচ্চ প্রাথমিক ৩ বছৰৰ ।
প্রশ্ন ১১. শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা ।
উত্তৰঃ শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো হ’ল–
( ১ ) নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তিয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে ।
( ২ ) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তিয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে ।
প্রশ্ন ১২. শিক্ষা বৃত্তিমুখীকৰণে কি বুজায় ?
উত্তৰঃ শিক্ষা উৎপাদনমূখী কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষা বৃত্তিমূলক প্রবণতা শক্তিশালী কৰা উচিত। ইয়াৰ বাবে বিশ্ববিদ্যালয় পর্যায়তাে কৃষিমূলক আৰু কাৰিকৰী বিজ্ঞানমূলক শিক্ষাৰ ওপৰত জোৰ দিব লাগে । বৃত্তিমুখী শিক্ষা আয়ােগৰ অৰ্থ হ’ল আত্মনিয়ােগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৰ শক্তিৰ মাজত থকা অপসমযােজন নােহােৱা কৰা । ইয়াৰ উপৰি যিবিলাকে কোনাে ধৰণৰ আগ্ৰহ আৰু উদ্দেশ্য নােহােৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলােকক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা ।
প্রশ্ন ১৩. শিক্ষকৰ মর্যাদা আৰু দায়িত্ব সম্পৰ্কত ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পৰামর্শ কি কি ?
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষকসকলৰ মৰ্যাদা উন্নত কৰাৰ অৰ্থে আৰু লগতে শিক্ষকৰ তাৰ ভিতৰত আছে–
( ১ ) শিক্ষক বাছনি প্রক্রিয়াৰ সংস্কাৰ সাধন ।
( ২ ) শিক্ষকৰ সংস্থান , কর্মপদ্ধতি আৰু সেৱা ব্যৱস্থাৰ উন্নয়ন ।
( ৩ ) শিক্ষক সমাজৰ অসুবিধাসমূহ দূৰীকৰণৰ বাবে উপযুক্ত আৰু কার্যকৰী প্রশাসনীয় ব্যৱস্থা গ্রহণ ।
( ৪ ) শিক্ষকসকলৰ বৃত্তিগত আচৰণবিধি প্রস্তুতকৰণ ইত্যাদি ।
প্রশ্ন ১৪. কর্ম অভিজ্ঞতা কি ?
উত্তৰঃ কর্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলােবােৰ বিষয়ৰ শিক্ষাৰ অবিচ্ছেদ্য অংগ হ’ব লাগে । গৃহ , স্কুল , কর্মশালা , ফার্ম , ফেক্টৰী অথবা আন যিকোনাে উৎপাদনমূলক পৰিস্থিতিত অংশ গ্রহণ কৰা কাৰ্যই হৈছে কর্ম অভিজ্ঞতা । কোঠাৰী আয়ােগৰ মতে উদ্দেশ্যপ্রণােদিতভাৱে দিয়া সকলােবােৰ শিক্ষাতে সাক্ষৰতা , কর্ম অভিজ্ঞতা আৰু সমাজসেৱা এই চাৰিটা শিক্ষা উপাদান থাকিব লাগিব । কর্ম অভিজ্ঞতা প্রৱর্তনে আধুনিক শিক্ষাত থকা কর্ম বিমুখতাৰ দুর্বলতা গুচাব পাৰেই হৈছে শিক্ষা আৰু কৰ্মৰ মাজত সমন্বয় সাধনকাৰী , বিজ্ঞানভিত্তিক কাৰিকৰী বিজ্ঞান গ্ৰহণ কৰা । বর্তমান সকলােবােৰ সমাজৰ বাবেই কর্ম অভিজ্ঞতা হৈছে — অপৰিহার্য।ই বুদ্ধিজীৱী আৰু শ্রমজীৱীসকলৰ মাজত ব্যৱধান আঁতৰ কৰিব পাৰে ।
প্রশ্ন ১৫. এনপিচিক চূড়ান্তৰূপ দিয়াৰ আঁৰৰ লক্ষ্য কি ?
উত্তৰঃ NPC ক চূড়ান্ত ৰূপ দিয়াৰ লক্ষ্যবােৰ হ’ল—
( ১ ) এক নির্দিষ্ট পর্যায়লৈকে ছাত্র – ছাত্ৰীসকলে জাতি , বর্ণ , লিংগ , স্থান নির্বিশেষে তুলনামূলকভাৱে উন্নত গুণমানৰ শিক্ষা লাভৰ সুবিধা কৰা ৷
( ২ ) ১০ + ২ + ৩ শিক্ষা গাঁথনি সমগ্র দেশতে সাধাৰণভাৱে প্রচলিত কৰােৱা ইত্যাদি ।
প্রশ্ন ১৬. মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ দুটা প্রয়ােজনীয়তা উল্লেখ কৰা ।
উত্তৰঃ মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ দুটা প্রয়ােজনীয়তা হ’ল-
( ক ) নিবনুৱা সমস্যা সমাধান কৰা ক্ষেত্ৰত বৃত্তিমুখীকৰণৰ প্রয়ােজনীয়তা আছে ।
( খ ) বিস্তৃতভাৱে বৃত্তিমূলক শিক্ষা প্রবর্তন কৰিব পাৰিলেহে শিক্ষাৰ অপচয় ৰোধ কৰিব পৰা হ’ব ।
৩ নম্বৰৰ প্ৰশ্ন
প্রশ্ন ১. মাধ্যমিক শিক্ষা আয়ােগৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ এটা লক্ষ্য হিচাপে নাগৰিকত্বৰ বিকাশ সম্পর্কে ব্যাখ্যা কৰা ।
উত্তৰঃ মাধ্যমিক শিক্ষা আয়ােগে উল্লেখ কৰিছিল যে মাধ্যমিক শিক্ষাই যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ’ব সেইহেতু ছাত্ৰ – ছাত্ৰীসকলে গণতান্ত্রিক ভাৰতবৰ্ষৰ প্ৰয়ােজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব লাগিব । গণতন্ত্ৰৰ বাবে প্রত্যেকজন নাগৰিকৰে বহু গুণ , দৰকাৰ হয়।যেনে –
( ক ) প্রত্যেক নাগৰিকৰে সুস্থ চিন্তাধাৰাৰ অতি প্রয়ােজন ।
( খ ) সমাজৰ সৈতে সুস্থ সমাযোজনৰ বাবে প্রতিজন নাগৰিকে উপযুক্ত শিক্ষা লাভ কৰিব লাগিব ।
( গ ) বাক – পটুতা আৰু লিখনিৰ স্পষ্টতা ।
( ঘ ) সহনশীলতা আৰু প্রকৃত দেশপ্রেম ইত্যাদি ।
প্রশ্ন ২. মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া মতে এখন গণতান্ত্রিক দেশত ‘নেতৃত্বৰ শিক্ষা’ৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ গণতন্ত্র সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্রয়ােজনীয় । বিশ্ববিদ্যালয়ে উচ্চতম নেতৃত্বৰ যােগান ধৰিব লাগে । সাহিত্য , বিজ্ঞান , কলা , বাণিজ্য , কাৰিকৰী , উদ্যেগ সকলােতে উচ্চতম নেতৃত্বৰ যোগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম । কিন্তু সকলােৱে বিশ্ববিদ্যালয়লৈ যাব নােৱাৰে । সেইবাবে সৰহভাগ নাগৰিকৰ কাৰণে মাধ্যমিক শিক্ষাই শেষ শিক্ষা । এনেস্থলত মাধ্যমিক শিক্ষাই মাধ্যমিক পর্যায়ত সাহিত্য , কলা , বিজ্ঞান , ৰাজনীতি , উদ্যোগ , বাণিজ্য আদিত নেতৃত্বৰ যােগান ধৰিব লাগিব ।
প্রশ্ন ৩. মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতিৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ কোঠাৰী আয়ােগে অনুভৱ কৰে যে সকলাে ধৰণৰ উন্নতি সাধনৰ বাবে এখন শক্তিশালী আৰু ঐক্যবদ্ধ দেশ গঢ়ি তােলাটোৱে হ’ব আমাৰ পূর্বচর্ত । এই ক্ষেত্ৰত দেশৰ অর্থনৈতিক , সামাজিক , সাংস্কৃতিক আৰু ৰাজনৈতিক দিশ জড়িত হৈ আছে । এই দিশ সমূহেই সমাজৰ বিভিন্ন শ্রেণী লােকৰ মাজত সামাজিক ব্যৱধান বৃদ্ধি কৰি তােলে আৰু সামাজিক বিশৃংখলাৰ সৃষ্টি কৰে । এনে ব্যৱস্থাই আঞ্চলিক , ভাষিক , ধর্মীয় আৰু আন আন বিভেদমূলক ভাবৰ সৃষ্টি কৰি জাতীয় সংহতি দূর্বল কৰি তুলিব পাৰে । আয়ােগে এই দিশত আগবঢ়োৱা পৰামর্শসমূহ হ’ল —
( ক ) সাধাৰণ বিদ্যালয় স্থাপন ।
( খ ) সামাজিক আৰু জাতীয় সেৱা ।
( গ ) ভাষা – নীতি গঢ় দি তােলা ।
( ঘ ) জাতীয় সচেতনতা আৰু আন্তর্জাতিক বুজা পৰা ।
প্রশ্ন ৪. শিক্ষা আয়ােগ ১৯৬৪ ৰপৰামর্শ মতে প্রাথমিক স্তৰৰ গাঁথনি সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ শিক্ষা আয়ােগে ১৯৬৪ ৰ পৰামর্শ অনুসৰি প্রাথমিক শিক্ষাৰ গাঁথনিটো হ’ল—
( ১ ) প্রাক – প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ ।
( ২ ) প্রাথমিক পর্যায় ৭-৮ বছৰলৈ । ইয়াক দুটা উপ – পর্যায় স্বৰূপে ভাগ কৰি নিম্ন প্রাথমিক ৪-৫ বছৰৰ আৰু উচ্চ প্রাথমিক ৩ বছৰৰ ।
প্রশ্ন ১১. শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা ।
উত্তৰঃ শিক্ষা আয়ােগ ১৯৬৪ ৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনিটো হ’ল–
( ১ ) নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তিয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে ।
( ২ ) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তিয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে ।
প্রশ্ন ৫. মাধ্যমিক শিক্ষা আয়ােগ নিযুক্তিৰ চৰ্তসমূহ কি কি ?
উত্তৰঃ মাধ্যমিক শিক্ষা আয়ােগ নিযুক্তিৰ চৰ্তসমূহ হ’ল –
( ক ) প্রচলিত মাধ্যমিক শিক্ষাৰ সৰ্বদিশৰ অনুসন্ধান সম্বলিত প্রতিবেদন প্রস্তুত কৰা আৰু
( খ ) মাধ্যমিক শিক্ষাৰ পুনৰ গঠন আৰু উন্নতিৰ বাবে ল’বলগা ব্যৱস্থা , বিশেষকৈ নিম্নলিখিত দিশসমূহৰ সংক্ৰান্তত
( i ) মাধ্যমিক শিক্ষাৰ লক্ষ্য , বিষয়বস্তু আৰু সংগঠন সম্পর্কে;
( ii ) প্রাথমিক , বুনিয়াদী আৰু উচ্চ শিক্ষাৰ সৈতে মাধ্যমিক শিক্ষাৰ সম্বন্ধ ;
( iii ) বিভিন্ন ধৰণৰ মাধ্যমিক স্কুলৰ আন্তঃসম্বন্ধ ; আৰু
( iv ) আন আন সংশ্লিষ্ট সমস্যাসমূহ ।
প্রশ্ন ৬. অসম মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ প্ৰভাৱ কেনেকুৱা ?
উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত ১০ + ২ + ৩ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই শিক্ষানীতিৰ ভিত্তিত সংযােজিত বিভিন্ন পৰিৱৰ্তনসমূহ অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত পৰিলক্ষিত হােৱা দেখা গৈছিল । ইয়াত গ্রহণ কৰা সিদ্ধান্ত অনুযায়ী অসমৰ প্ৰতিখন জিলাতে একোখন নবােদয় বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হয় । এই সিদ্ধান্ত অনুসৰি প্ৰথম অৱস্থাত ৭ খন নবােদয় বিদ্যালয় স্থাপন কৰা হৈছিল । ইয়াৰ উপৰি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আন এটা গুৰুত্বপূর্ণ সিদ্ধান্ত হৈছে মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰি তােলা । ১৯৯৫ চনৰ ভিতৰত শতকৰা ২৫ ভাগ ছাত্রই এই বৃত্তিমুখী শিক্ষা গ্রহণ কৰাটো সম্ভৱ কৰি তােলাটো আছিল ইয়াৰ লক্ষ্য । সেই সময়ত অসম চৰকাৰে উচ্চতৰ মাধ্যমিক পর্যায়ৰ ৩৩ খন স্কুলত বৃত্তিমূলক শিক্ষা প্রণালীৰ ব্যৱস্থা হাতত লৈছিল । ইয়াৰ পিছৰ পৰ্যায়ত মুঠ ১৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ত এই বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল ।
বর্তমান অসমত মাধ্যমিক শিক্ষাৰ সংখ্যাগত দিশত উর্ধ্বমুখী ধাৰা পৰিলক্ষিত হ’লেও ইয়াৰ গুণগত দিশটো সন্তোষজনক নহয় ।
প্রশ্ন ৭. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পৰামর্শ মতে শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল উদ্দেশ্যবােৰ হ’ল—
( ক ) এক নির্দিষ্ট পর্যায়লৈকে ছাত্ৰ – ছাত্ৰী সকলে জাতি , বর্ণ , লিংগ , স্থান নির্বিশেষে তুলনামূলকভাৱে উন্নত গুণমানৰ শিক্ষা লাভৰ সুবিধা পাব লাগে ।
( খ ) জাতীয় শিক্ষা ব্যৱস্থাই ১০ + ২ + ৩ শিক্ষা গাঁথনি সমগ্র দেশতে সাধাৰণভাৱে গ্রহণ কৰি উঠিব ।
( গ ) শিক্ষাই আমাৰ উঠি অহা ছাত্ৰসকলৰ মনত আর্ন্তজাতিক সহযােগিতা আৰু সহ অৱস্থানৰ মনােভাব গঢ়ি তুলিব ।
প্রশ্ন ৮. নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ত প্রস্তাৱিত গাঁথনিত পৰিৱর্তনসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ ১৯৫৩ চনত মাধ্যমিক শিক্ষা আয়ােগে দিয়া স্কুলীয়া শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ বিষয়টো ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়ােগে কিছু সংশােধন কৰে । মাধ্যমিক শিক্ষা আয়ােগৰ মতে স্কুলীয়া শিক্ষা হ’ল ১১ বছৰীয়া । ইয়াৰ প্রথম পাঁচ বছৰ হ’ল নিম্ন প্রাথমিক , ৩ বছৰ হ’ল উচ্চ প্রাথমিক আৰু শেষৰ ৩ বছৰ উচ্চতৰ মাধ্যমিক স্বৰূপে বিভক্ত কৰা হৈছিল । সেইদৰে স্নাতক পর্যায়টো ৩ বছৰীয়া আৰু স্নাতকোত্তৰ পর্যায়টো ২ বছৰীয়া কৰা হৈছিল । কোঠাৰী আয়ােগৰ দৃষ্টিত এই ব্যৱস্থা সমগ্র দেশতে কার্যকৰী কৰা হােৱা নাছিল , কেৱল পাঁচখন ৰাজ্যতহে এই ব্যৱস্থা কার্যকৰী কৰা হৈছিল । তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ শেষলৈকে সমগ্র দেশতে মাত্র শতকৰা ২৫ শতাংশ ভাগ স্কুলকহে উচ্চতৰ মাধ্যমিক স্তৰলৈ ৰূপান্তৰ কৰা হয় , সেইবাবে এই গাঁথনি পৰিবৰ্তন কৰি ১০ + ২ + ৩ ৰ নতুন গাঁথনিৰ পৰামর্শ দিয়া হয় ।
প্রশ্ন ৯. চমুটোকা লিখা।
( ক ) কোঠাৰী আয়ােগৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনি ।
( খ ) সংহত শিশু বিকাশ কার্যসূচী ।
( গ ) অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ।
উত্তৰঃ ( ক ) কোঠাৰী আয়ােগৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাঁথনি :- কোঠাৰী আয়ােগৰ পৰামর্শ অনুসৰি মাধ্যমিক শিক্ষাৰ গাৰ্থনি হ’ল —
( i ) নিম্ন – মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰ পৰা ৩ বছৰৰ বাবে হ’ব লাগে ।
( ii ) উচ্চতৰ মাধ্যমিক সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হব লাগে ।
( খ ) সংহত শিশু বিকাশ কার্যসূচী :- শিশু বিকাশৰ বাবে বিনিয়ােগ ব্যৱস্থাত এই জাতীয় শিক্ষানীতিয়ে গুৰুত্ব আৰোপ কৰে আৰু তাগ্রাধিকাৰ প্ৰদান কৰে । ইয়াৰ বাবে সংহত শিশু বিকাশ সেৱা আঁচনি গ্ৰহণৰ কথা কোৱা হয় । ঘৰত কেঁচুৱাৰ যত্ন লােৱা ছােৱালীবােৰক সার্বজনীন প্রাথমিক শিক্ষা গ্ৰহণৰ সুবিধা প্রদান কৰিবলৈ আৰু দুখীয়া শ্রেণীৰ শ্ৰমিক মাতৃসকলক সহায় কৰিবলৈ দিনৰ ভাগত শিশু যতন কেন্দ্র স্থাপন কৰি শিশুক সহায়ক সেবা গঢ় দি তোলা হ’ব । এই সময়ৰ শিশু যতন আৰু শিক্ষা ব্যৱস্থা লিখা – পঢ়া শিকোৱা বিধৰ নহৈ খেলা – ধূলাৰ যােগেদি শিশুক ব্যক্তিসত্তা বিকাশ সাধনমুখী কৰি তােলা হ’ব । এনে কার্যত স্থানীয় লােকসকলক সম্পূর্ণৰূপে জড়িত কৰি তােলা হ’ব । এই শিশু যতন আঁচনি আৰু প্রাক প্রাথমিক শিক্ষাৰ সমন্বয় সাধন কৰি তােলা হ’ব যাতে ইয়াৰ এটাই আনটোৰ বিকাশত সহায়ক হৈ উঠিব পাৰে ।
( গ ) অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ :- কোঠাৰী আয়ােগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ । মাধ্যমিক পর্যায়ৰ ( +২ ) পৰিচালনা , নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে । ফলস্বৰূপে তেতিয়াৰ পৰা পূর্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ ( +২ ) পাঠ্যক্রম প্রস্তুতি , পাঠ্যপুথি প্রণয়ন , পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে । স্কুলৰ বাহিৰেও কলেজ সমূহত উচ্চতৰ মাধ্যমিক শ্রেণী দুটা সংলগ্ন হৈ আছে যদিও ইয়াৰ সকলাে দায়িত্বভাৰ সংসদৰ হাতত । তাৰােপৰি + ২’শ্রেণী দুটাৰ স্বীকৃতিৰে ‘ জুনিয়ৰ কলেজ’গঠন কৰাৰো চিন্তা অসম চৰকাৰে কৰি আছিল । যাৰ ফলস্বৰূপে বৰ্ত্তমান এই কলেজসমূহ অব্যাহত আছে ।
প্রশ্ন ১০. কি পৰিস্থিতিত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ যুগুত কৰা হৈছিল ব্যাখ্যা কৰা ।
উত্তৰঃ ভাৰত চৰকাৰে ১৯৮৫ চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত ঘােষণা কৰে যে দেশৰ বাবে বর্তমান সময়ৰ পৰিবর্তিত পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এক নতুন শিক্ষানীতি প্রস্তুত কৰি তােলা হ’ব । তেওঁ মত প্রকাশ কৰিছিল , “ ভাৰতে স্বাধীনতাৰ পিছৰে পৰা বিজ্ঞান আৰু কাৰিকৰী দিশত বিস্ময়কৰ সম্পদৰ বিকাশ নােহােৱাকৈয়ে আছে ।”
কুৰি শতিকাৰ শেষ মুহূর্তত পদার্পণ কৰি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই নতুন চিন্তাধাৰা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ প্রসূত জ্ঞানৰ মাজেৰেহে নতুন পুৰুষক একৈছু শতিকাৰ বাবে প্রস্তুত কৰি তুলিব লাগিব । এই উদ্দেশ্য আগত ৰাখি ১৯৮৫ চনত ‘শিক্ষা প্রত্যাহ্বান ’ নামৰ এখন শিক্ষা সম্পর্কীয় এখন পত্র প্রকাশ কৰা হয় । শিক্ষা প্রত্যাহ্বান ’ পত্ৰৰ ভেটীত গণতান্ত্রিক ভাৱধাৰাৰে বিভিন্ন দিশৰ ভাৰতীয় নাগৰিকসকলৰ পৰা শিক্ষা সম্পর্কীয় পৰামর্শ গ্রহণ কৰা হয় । শিক্ষা ৰাষ্ট্ৰৰ বর্তমান আৰু ভৱিষ্যতৰ সংযােজনৰ ক্ষেত্ৰত এক অদ্বিতীয় আৰু উল্লেখযােগ্য বিনিয়ােগ ব্যবস্থা । এইটোৰ ওপৰত ভিত্তি কৰি ১৯৮৬ চনৰ মে ‘ মাহত ভাৰতবৰ্ষৰ দুয়ােখন সংসদ অধিবেশনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গৃহীত কৰা হয় । ইয়াক ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ‘ বুলি জনা যায় ।
প্রশ্ন ১১. শিক্ষাৰ মান সম্পর্কত এনটিপিয়ে আগবঢ়োৱা পৰামর্শসমূহ উল্লেখ কৰা ।
উত্তৰঃ আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষাৰ মান আৰু প্রয়ােজনীয়তা সম্পৰ্কত কোৱা হৈছে যে , সকলােৰে বাবে শিক্ষা হ’ল আমাৰ দেশৰ এক জাতীয় দৃষ্টিভংগী । ইয়াৰ ভূমিকা তলত দিয়া ধৰণে হ’ব লাগে –
( ক ) দেশৰ জাতীয় ঐক্য , বিজ্ঞানমূলত মনােভাব , মন আৰু আত্মাৰ সংযােগ আদিৰ দৰে সূক্ষ্ম চেতনাসমূহৰ বিকাশত এক নির্দিষ্ট ভূমিকা আছে ।
( খ ) শিক্ষা হ’ল আমাৰ পৰ্থিৱ , আধ্যাত্মিক তথা সৰ্বাংগীন বিকাশৰ মূল সমল ।
( গ ) শিক্ষাই দেশৰ অৰ্থনীতিৰ বিভিন্ন ক্ষেত্রত প্রয়ােগ হ’ব পৰাকৈ মানৱশক্তি বিকাশ সাধন কৰিব লাগে ।
প্রশ্ন ১২. আধুনিকীকৰণৰ প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শসমূহ কি কি ?
উত্তৰঃ আধুনিকৰণৰ প্ৰক্ৰিয়াত কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শবােৰ হ’ল –
( ক ) বর্তমান পৃথিবীত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱত সমাজৰ দ্রুত পৰিবর্তন ঘটিছে আৰু তাৰ লগে লগে জ্ঞানৰ বিস্ফোৰণ ঘটাও দেখা গেছে । গতিকে সমাজৰ এই পৰিবৰ্তনৰ ধাৰাৰ লগত মিলাকে শিক্ষা পদ্ধতিৰাে পৰিবৰ্তন হ’ব লাগিব ।
( খ ) তাৰ বাবে ছাত্র – ছাত্রীৰ মনৰ আগ্ৰহ ৰুচি আৰু মূল্যবােধৰ ঠাইত বিকাশৰ বাবে শিক্ষকৰ বাবেও বিশেষ প্রশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব ।
( গ ) বর্তমান সমাজত দ্ৰুত পৰিবৰ্তৰ প্রতি লক্ষ্য ৰাখি শিক্ষাৰ ক্ষেত্ৰত বিকাশশীল আৰু গতিশীল নীতি গ্রহণ কৰিব লাগিব ।
প্রশ্নোত্তৰ (৪ নম্বৰৰ )
প্রশ্ন ১. এখন গণতান্ত্রিক দেশত মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হিচাপে ‘ বৃত্তিগত দক্ষতা’ৰ গুৰুত্ব কি ?
উত্তৰঃ মাধ্যমিক শিক্ষা আয়ােগৰ মতে আমাৰ দ্বিতীয় প্রয়ােজনীয় দিশটো হৈছে ছাত্র ছাত্রীসকলৰ বৃত্তিয় দক্ষতা বৃদ্ধি কৰা কাৰণ ছাত্র – ছাত্রীয়ে হাতৰ কাম , উৎপাদনমূলক কাম কৰিব নাজানে , ফলত আনৰ পৰিশ্ৰমৰ ওপৰত শিক্ষিত শ্রেণীৰ মানুহে ৰঘুমলাৰ দৰে খাবলৈ লৈছে । কায়িক শ্ৰমৰ প্রতি গুৰুত্ব কমি গৈছে । গতিকে ছাত্র ছাত্রীক কায়িক শ্ৰমৰ প্রতি শ্রদ্ধাভাৱ জগাই ভােলা , স্ব – ক্রিয়াৰ প্রতি সচেতন কৰি তােলা কর্ম তৎপৰতা বৃদ্ধি কৰা , শিল্প – উদ্যোগৰ বাবে প্রয়ােজনীয় কৌশল আয়ত্বকৰণৰ ব্যৱস্থা সূচল কৰা ইত্যাদি দিশৰ প্রতি গুৰুত্ব প্রদান কৰিব লাগিব । কোনাে এটা বৃত্তি সকলাে ছাত্র – ছাত্রীকে বাধ্যতামূলক ভাৱে শিকালে তাৰ পৰা তেওঁলােকৰ ব্যক্তিত্বৰ কেউটা দিশৰ বিকাশ হব । জীৱিকা উপার্জনৰ বাট বিচাৰি পাব , আগলৈ কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব , দেশৰ সম্পদ বৃদ্ধি হ’ব । তেতিয়াহে মাধ্যমিক শিক্ষাই শিক্ষার্থীসকলক স্বাৱলম্বী কৰি তােলাৰ লগতে জাতীয় অর্থ ভঁৰাল টনকিয়াল হ’ব আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হ’ব ।
প্রশ্ন ২. উৎপাদনশীলতা আৰু শিক্ষাৰ মাজত সম্পর্ক স্থাপন কৰিবলৈ কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামর্শসমূহ কি কি ?
উত্তৰঃ উৎপাদনশীলতা আৰু শিক্ষাৰ মাজত সম্পর্ক স্থাপন কৰিবলৈ কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামৰ্শ সমূহ হ’ল –
( ক ) বিদ্যালয়ৰ শিক্ষক বিজ্ঞানভিত্তিক হ’ব লাগিব । ক্রমান্বয়ে এই শিক্ষা উচ্চ শিক্ষাৰ পাঠ্যক্রমতাে অন্তর্ভুক্ত কৰা হ’ব ।
( খ ) কর্ম অভিজ্ঞতা সকলাে শিক্ষা স্তৰতে বাধ্যতামূলক হ’ব ।
( গ ) শিক্ষা বৃত্তিমুখীকৰণ কৰিব লাগিব , বিশেষকৈ মাধ্যমিক শিক্ষাক ব্যাপক ৰূপত বৃত্তিমুখী কৰি গঢ়ি তুলিব লাগিব ।
( ঘ ) বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতীকৰণৰ লগতে কৃষি উৎপাদন , প্রযুক্তিবিদ্যা আৰু উদ্যোগীকৰণ আদিৰ উন্নতীকৰণৰ প্রচেষ্টা ল’ব লাগিব ।
প্রশ্ন ৩. অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষা আয়ােগৰ প্ৰভাৱ কেনেকুৱা ?
উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত মাধ্যমিক শিক্ষা আয়ােগৰ যথেষ্ট প্রভাব বিদ্যমান । বহুত সময়ত এই আয়ােগৰ মাধ্যমিক শিক্ষা সংস্কাৰৰ পৰামর্শসমূহ আজিও প্রাসংগিক হৈ আছে । বিশেষকৈ আয়ােগে আগবঢ়োৱা শিক্ষাৰ লক্ষ্য , ইয়াৰ সংগঠন , পাঠ্যক্রম অথবা পৰীক্ষা তথা মূল্যায়ন ব্যৱস্থাৰ ওপৰত আগবঢ়োৱা পৰামর্শসমূহ অতি মূল্যবান । শিক্ষাৰ লক্ষ্যৰ ক্ষেত্ৰত আয়ােগে আগবঢ়োৱা পৰামর্শসমূহে অসমৰ শিক্ষাবিদসকলক নতুনকৈ শৈক্ষিক মানচিত্র অংকনত সহায় কৰিছে । বিশেষকৈ গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধন , বৃত্তীয় যােগ্যতাৰ বিকাশ , ব্যক্তিত্বৰ বিকাশ সাধন অথবা নেতৃত্বৰ শিক্ষা এই আটাইকেইটা পৰামৰ্শই অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূর্ণ ।
আয়ােগে ইয়াৰ চতুর্থ অধ্যায়ত মাধ্যমিক শিক্ষাৰ পুনৰ গঠনৰ বিভিন্ন দিশ সামৰি পৰামর্শ আগবঢ়াইছিল । সেই – অনুসৰি পিছৰ কালত অসমৰ মাধ্যমিক শিক্ষাৰ পুনৰ গঠনৰ কাম হাতত লােৱা হয় । অৱশ্যে বিভিন্ন কাৰণবশতঃ বর্তমানেও অসমৰ সকলাে বিদ্যালয়কে উচ্চতম মাধ্যমিকলৈ ৰূপান্তৰিত কৰা হােৱা নাই । আয়ােগে ছাত্র – ছাত্রীৰ সর্বাত্মক বিকাশৰ স্বাৰ্থত বহুমুখী বিদ্যালয় স্থাপনৰ পোষকতা কৰিছিল । আয়ােগৰ পৰামর্শ অনুসৰি অসমত কেবাখনাে বহুমুখী বিদ্যালয় স্থাপন হৈছিল যদিও অসমত এই বিদ্যালয় সমূহে সর্বাত্মক জনপ্রিয় হৈ উঠিবলৈ অপাৰগ হ’ল । কাৰণ আয়ােগৰ সেই পৰামর্শসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ যিধৰণৰ বিদ্যালয়ৰ বৈষয়িক অৱস্থা , উন্নত মানৰ পাঠ্যক্রম প্রৱর্তনৰ প্রয়ােজন সেয়া সম্ভৱ হৈ নুঠিল । আনহাতে নতুন বিষয় দিয়া হ’ল যদিও উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ , পাঠ্যপুথিৰ অভাৱ । পৰীক্ষাগাৰ , প্রয়ােগশালা আদিৰ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষাৰ পৰামর্শসমূহে যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছিল । পৰীক্ষা আৰু মূল্যায়ন সম্পর্কতাে এই আয়ােগে ভালেমান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে । অসমত বিদ্যালয়সমূহত আভ্যন্তৰীণ পৰীক্ষাৰ লগতে বস্তুনিষ্ট পৰীক্ষাৰ ওপৰতাে অগ্রাধিকাৰ দিবলৈ আৰম্ভ কৰিলে আয়ােগৰ পৰামর্শ অনুযায়ী ।
অৱশ্যে আয়ােগে প্রচলিত পাঠ্যক্ৰমৰ যিবােৰ দোষ – ত্রুটি আঙুলিয়াই দিছিল দুর্ভাগ্যবশতঃ আজিও তাৰ সৰহ সংখ্যক বিদ্যমান ।
প্রশ্ন ৪. অসমৰ মাধ্যমিক শিক্ষা আইন ১৯৬১ ৰ চাৰিটা বিধান লিখা ।
উত্তৰঃ অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ ৰ চাৰিটা বিধান হ’ল–
( ক ) এই আইন সমগ্ৰ অসমতে প্রযােজ্য হ’ব ।
( খ ) ইতিমধ্যে থকা মাধ্যমিক স্কুলসমূহ মাধ্যমিক শিক্ষা বৰ্ডৰ অধীনলৈ আহিব ।
( গ ) মাধ্যমিক শিক্ষা ব’র্ডে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ , প্রশাসন আৰু উন্নতীকৰণৰ সকলাে ব্যৱস্থা গ্ৰহণ কৰিব ।
( ঘ ) শিক্ষা বিভাগৰ সঞ্চালক গৰাকীয়েই মাধ্যমিক শিক্ষা ব’ৰ্ডৰ সভাপতি হ’ব আৰু বিভিন্ন বিভাগৰ বিশেজ্ঞসকলৰ ব’ৰ্ডৰ সদস্য হিচাপে থাকিব ।
( ঙ ) কিন্তু ব’ৰ্ডৰ সচিব গৰাকীক চৰকাৰে নিযুক্তি দিব আৰু তেৱে ব’ৰ্ডৰ সদস্য হ’ব ।
প্রশ্ন ৫. অসমৰ মাধ্যমিক শিক্ষাৰ প্রশাসনিক সমস্যাসমূহৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ মাধ্যমিক শিক্ষাৰ শৈক্ষিক দিশটোৰ প্রতি অসমত আগতে গুৱাহাটী বিশ্ববিদ্যালয়ে দায়িত্ব বহন কৰিছিল । এই দায়িত্ব ১৯৬২ চনত অসম মাধ্যমিক শিক্ষা বার্ড গঠন হােৱাৰ পিচত ব’র্ডে বহন কৰিছে । কিন্তু মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ শৈক্ষিক দিশটোত বৰ্তমানলৈকে কোনাে বিশেষ উন্নতি পৰিলক্ষিত হােৱা নাই ।
মাধ্যমিক স্কুললৈ চৰকাৰৰ সাহায্য দানৰ নীতি ৰাজনৈতিক হেঁচাইহে থিৰাং কৰে , স্কুলখনৰ আভ্যন্তৰীণ অৱস্থাই নহয় । স্কুলৰ আভ্যন্তৰীণ পৰিচালনাৰ ক্ষেত্ৰতাে নানা ৰকমৰ বিজুতিয়ে দেখা দিছে ।
পৰিদৰ্শন ব্যৱস্থাৰাে অকণাে উন্নতি হােৱা নাই বুলিবই পাৰি । আজি-কালি বহু বছৰৰ পিচতাে একোখন স্কুল পৰিদৰ্শন কৰা নহয় , হলেও পৰিদর্শন পালমৰা বিধৰ ।
| Sl. No. | Contents |
| Chapter 1 | অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা |
| Chapter 2 | অনানুষ্ঠানিক শিক্ষা |
| Chapter 3 | শিক্ষাৰ চলিত ধাৰাসমূহ |
| Chapter 4 | শিক্ষন |
| Chapter 5 | ( ক ) স্মৃতি আৰু বিস্মৃতি |
| Chapter 5 | ( খ ) মনােযােগ আৰু আগ্রহ |
| Chapter 6 | মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি |
প্রশ্ন ৬. চমুটোকা লিখা ( পৰাপক্ষত প্ৰতিটোৰ বাবে আঠটাকৈ বাক্য )
( ক ) উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ।
( খ ) ১০ + ২ + ৩ পদ্ধতি ।
( গ ) মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ ।
( ঘ ) কোঠাৰী আয়ােগ আৰু অসমৰ মাধ্যমিক শিক্ষা ।
উত্তৰঃ ( ক ) উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ :- কোঠাৰী আয়ােগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ । মাধ্যমিক পর্যায়ৰ ( +২ ) পৰিচালনা , নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে । ফলস্বৰূপে তেতিয়াৰ পৰা পূর্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ ( +২ ) পাঠ্যক্রম প্রস্তুতি , পাঠ্যপুথি প্রণয়ন , পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে । স্কুলৰ বাহিৰেও কলেজ সমূহত উচ্চতৰ মাধ্যমিক শ্রেণী দুটা সংলগ্ন হৈ আছে যদিও ইয়াৰ সকলাে দায়িত্বভাৰ সংসদৰ হাতত । তাৰােপৰি + ২’শ্রেণী দুটাৰ স্বীকৃতিৰে ‘ জুনিয়ৰ কলেজ’গঠন কৰাৰো চিন্তা অসম চৰকাৰে কৰি আছিল । যাৰ ফলস্বৰূপে বৰ্ত্তমান এই কলেজসমূহ অব্যাহত আছে ।
( খ ) ১০ + ২ + ৩ পদ্ধতি :- ভাৰতবৰ্ষৰ স্কুলীয়া শিক্ষাৰ বিভিন্ন পর্যায়সমূহক স্তৰ অনুযায়ী ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে বিভিন্ন ভাগত ভাগ কৰিছে । প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ আৰু প্রাথমিক পর্যায় ৭-৮ বছৰলৈ । ইয়াক দুটা উপ পর্যন্ত স্বৰূপে ভাগ কৰি নিম্ন প্রাথমিক ৪-৫ বছৰব আৰু উচ্চ প্রাথমিক ৩ বছৰৰ কৰিব লাগে । নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে ।
উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰ হ’ব লাগে ।
উচ্চ শিক্ষা প্রথম ডিগ্রীৰ অধ্যয়ন সূচী ৩ বছৰ অর্থাৎ ৩ বছৰৰ প্রথম স্নাতক ডিগ্রী । বিদ্যালয় স্তৰৰ বাবে আয়ােগে অনুমােদন জনােৱা সময়সূচীকে ১০+ ২ + ৩ বুলি জনা যায় ।
( গ ) মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ :- বহু ছাত্র – ছাত্রীয়ে সফলতাৰে মাধ্যমিক পর্যায় শেষ কৰাৰ পাছত একো একোটা উপযুক্ত বৃত্তি লাভ কৰিবলৈ আৰু নিজ বৃত্তিত এক সন্তোষজনক কার্যদক্ষতা আহৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰে । কিন্তু আন বহু ছাত্রই উচ্চ শিক্ষা অনুধাবন কৰিবলৈ ইচ্ছা কৰে । এনেবিলাক ছাত্র – ছাত্রীৰ কাৰণে ততােধিক বছৰৰ পলিটেকনিক বা কাৰিকৰী অনুষ্ঠানৰ পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব । কোঠাৰী আয়ােগে স্কুলীয়া শিক্ষাৰ দুটা পর্যায়ত বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰাৰ পৰামর্শ দিছে । বৃত্তিমূলক শিক্ষা হৈছে বিজ্ঞান আৰু প্রযুক্তি কৌশল প্রয়ােগ কৰি , কম শাৰীৰিক পৰিশ্ৰমত অধিক আৰু উন্নত উৎপাদন বা কার্যসম্পাদন কৰাই আধুনিকীকৰণ । ইয়াৰে নিমিত্তে বিজ্ঞানৰ ব্যৱহাৰিক জ্ঞান আৰু প্রযুক্তি কৌশল প্রয়ােগ শিক্ষা প্রয়ােজন ।
ফলপ্রসু বিজ্ঞান শিক্ষা আৰু কৰ্ম অভিজ্ঞতা আঁচনিৰ মাধ্যমত ছাত্র – ছাত্রীক বৃত্তিমূলক শিক্ষাৰ নিমিত্তে প্রস্তুত কৰিব পৰা হয় । শিক্ষার্থীয়ে ব্যক্তিগতভাৱে বৃত্তি নির্বাচন কৰোতে নিজৰ শক্তি , সামর্থ্য , ৰাপ , ৰুচি , আদিৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লােৱা আৱশ্যক । বিস্তৃতভাৱে বৃত্তিমূলক শিক্ষা প্রৱৰ্তন কৰিব পাৰিলেহে , শিক্ষিত নিবনুৱা সমস্যা আৰু শিক্ষাৰ অপচয় ৰোধ কৰিব পৰা হ’ব ।
( ঘ ) কোঠাৰী আয়ােগ আৰু অসমৰ মাধ্যমিক শিক্ষা :- ১৯৬৬ চনৰ কোঠাৰী আয়ােগৰ প্রতিবেদন অনুসৰি ১৯৭৩ চনৰ পৰা অসমত মাধ্যমিক শিক্ষা বর্ডে ১২ বছৰীয়া স্কুলীয়া শিক্ষাৰ প্রৱর্তন কৰে আৰু দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্রমে ইয়াৰ লগে লগে যুগুত কৰে । এই পাঠ্যক্রম ১৯৭৩ চনৰ পৰা ৬৩ খন স্কুলত চলে ।
এই কোঠাৰী আয়ােগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমতাে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পর্যায়ৰ ( +২ ) পৰিচালনা , নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে । ফলস্বৰূপে তেতিয়াৰ পৰা পূর্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ ( +২ ) পাঠ্যক্রম প্রস্তুতি , পাঠ্যপুথি প্রণয়ন পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে ।
১৯৬৬ চনত অসম মাধ্যমিক শিক্ষা ব’র্ড গঠন কৰা হয় আৰু তেতিয়াৰ পৰা অসমৰ সকলাে মাধ্যমিক স্কুল ইয়াৰ নিয়ন্ত্রণলৈ অনা হয় । কোঠাৰী আয়ােগৰ প্রতিবেদনৰ ফলস্বৰূপে অসম চৰকাৰে পর্যায়ক্রমে উচ্চ মাধ্যমিক স্কুলসমূহক উচ্চতৰ মাধ্যমিক স্কুললৈ পৰিবর্তন কৰাৰ ব্যৱস্থা গ্রহণ কৰে আৰু + ২ ‘ শ্রেণী দুটাৰ স্বীকৃতিৰে “ জুনিয়ৰ কলেজ ” গঠনৰ চিন্তা অসম চৰকাৰে আৰম্ভ কৰে ।
প্রশ্ন ৭. অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ অতিক্রম কৰাৰ বাবে চাৰিটা উপায় পৰামর্শ দিয়া ।
উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ অতিক্রম কৰাৰ বাবে ৪ টা উপায়ৰ পৰামর্শ হ’ল–
( ক ) বৃত্তিমূলক মাধ্যমিক শিক্ষাৰ প্রৱর্তনঃ চাকৰি পােৱাত সহায় কৰাই যে মাধ্যমিক শিক্ষাৰ উদ্দেশ্য নহয় , সেইটো সচর্চা । কিন্তু এই শিক্ষাই ব্যক্তিক জীৱিকা উপার্জনৰ উপায় দিব লাগিব । উচ্চ শিক্ষাৰ কাৰণে মাধ্যমিক শিক্ষাই ব্যক্তিক প্রস্তুত কৰি তুলিব লাগিব । আৰু যিবিলাকে উচ্চ শিক্ষাৰ বাবে ইচ্ছুক বা উপযােগী নহয় , তেনে শিক্ষার্থীৰ বাবে বৃত্তিমূলক শিক্ষা অপৰিহাৰ্য ।
( খ ) বহুমুখী পাঠ্যক্রম :- মাধ্যমিক শিক্ষা ঘাইকৈ বৃত্তিমুখী আৰু স্বয়ং সম্পূর্ণ হ’ব লাগিব । বিভিন্ন ব্যক্তিৰ চাহিদা বা ৰুচি অভিৰুচি পূৰণ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পাঠ্যক্রম থাকিব লাগে যাতে শিক্ষার্থীয়ে ইচ্ছানুযায়ী বিষয়বােৰ বাছনি কবি ল’ব পাৰে ।
( গ ) শিক্ষক নিযুক্তি :- শিক্ষকৰ চাকৰি আকর্ষণীয় কৰিব লাগে আৰু অৰ্হতা সম্পন্ন ব্যক্তিকহে শিক্ষকতা কামৰ বাবে নিযুক্তি দিব লাগে ।
( ঘ ) নেতৃত্ব শিক্ষা :- নেতৃত্ব শিক্ষা তথা উপযুক্ত নাগৰিকৰ শিক্ষাৰ কাৰণে প্রয়ােজনীয় সা – সুবিধা আগবঢ়াব লাগে ।
প্রশ্ন ৮. কোঠাৰী আয়ােগৰ নিযুক্তি সম্পৰ্কত আলােচনা কৰা ।
উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত দেশৰ শিক্ষা ব্যবস্থাৰ উন্নতি সাধনৰ বাবে চৰকাৰৰ নির্দেশ মর্মে কেইবাখনাে সমিতি গঠন কৰা হৈছিল । তাৰ ভিতৰত ১৯৫৮ চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়ােগ আৰু তাৰ পিছত ১৯৫২-৫৩ চনৰ মুদালিয়াৰ আয়ােগ অথবা মাধ্যমিক শিক্ষা আয়ােগ । ইয়াৰ পাছতে পুনৰ দেশৰ আর্থ – সামাজিক উন্নতিৰ বাবে পুনৰ প্রচলিত শিক্ষা ব্যবস্থা পর্যালােচনা কৰি গণতান্ত্রিক দেশ এখনৰ প্রয়ােজন পূৰাব পৰাকৈ এক নতুন জাতীয় শিক্ষা ব্যবস্থা গঠনৰ বাবে দেশৰ বিভিন্ন শিক্ষাবিদসকলে পৰামৰ্শ আগবঢ়াইছিল । অবশেষত এই পৰামর্শ অনুযায়ী শিক্ষাৰ সকলাে স্তৰ আৰু দিশতে সাধাৰণ সূত্র আৰু নীতি নিৰ্ধাৰণ কৰি সৰ্বভাবতীয় ভিত্তিত একেজাতীয় শিক্ষা ব্যৱস্থা গঠনৰ বাবে ১৯৬৪ চনত চৰকাৰে সেইসময়ৰ বিশ্ববিদ্যালয়ৰ শিক্ষা আয়ােগৰ সভাপতি ড° ডি এছ কোঠাৰীক সভাপতিৰূপে লৈ ভাৰতীয় শিক্ষা আয়ােগ গঠন কৰিছিল । এই আয়ােগত দেশ – বিদেশৰ আন ১৬ গৰাকী সদস্যর্ক অন্তর্ভুক্ত কৰা হৈছিল । এই প্রতিবেদনখন আয়ােগৰ সভাপতি ড° ডি এছ কোঠাৰীৰ নামেৰে অর্থাৎ কোঠাৰী আয়ােগ ” বুলিও কোৱা হয় ।
প্রশ্ন ৯. মুদালিয়াৰ আয়ােগ নিযুক্তিৰ প্ৰয়ােজনীয়তা সৃষ্টিকাৰী পৰিস্থিতি ব্যাখ্যা কৰা ।
উত্তৰঃ ভাৰতবর্ষ ব্রিট্রিছ শাসনৰ পৰা মুক্ত হােৱাৰ পাছত সামাজিক বা ৰাজনৈতিক প্রেক্ষাপটৰ দ্রুত পৰিবর্তন ঘটাৰ বাবে দেশৰ আর্থ – সামাজিক দিশৰ সৰল পৰিৱৰ্তন সাধন বাবে প্রয়ােজন আহি পৰিল । আৰু সেয়ে দেশৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটাবলগীয়া হল । এই উদ্দেশ্য আগত ৰাখি ১৯৪৮ চনত কেন্দ্রীয় শিক্ষা বাের্ডে ( CABE ) ভাৰত চৰকাৰক এক নির্দেশযােগে মাধ্যমিক শিক্ষাৰ পুংখানুপুঙ্খ বিচাৰ কৰি শিক্ষা বিস্তাৰৰ বাবে কার্যপন্থা গ্রহণ কৰিবলৈ এখনি মাধ্যমিক শিক্ষা আয়ােগ নিযুক্তি দিবলৈ পৰামৰ্শ আগবঢ়াইছিল । আৰু বৰ্ডৰ এই পৰামৰ্শ মানি লৈ চৰকাৰে ১৯৫২ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে তেতিয়াৰ মাদ্রাজ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° লক্ষ্মণস্বামী মুদালিয়াৰক সভাপতি নিয়ােগ কৰি এখনি আয়ােগ গঠন কৰিলে । আৰু এই আয়ােগখনেই হ’ল মাধ্যমিক শিক্ষা আয়ােগ -১৯৫২ চন’ অথবা আয়ােগৰ সভাপতিৰ নামেৰে এই আয়ােগক ‘ মুদালিয়াৰ আয়ােগ ’ বুলিও নামাকৰণ কৰা হয় ।
প্রশ্ন ১০. মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ সন্দৰ্ভত ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ প্ৰস্তাৱসমূহ আলােচনা কৰা ।
উত্তৰঃ মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ সন্দৰ্ভত ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ প্ৰস্তাৱসমূহ হ’ল–
( ক ) ৰাষ্ট্ৰীয় শিক্ষানীতিত এক সু – শৃংখলাবদ্ধ আৰু পদ্ধতিগত ভাৱে শিক্ষা পুনৰ গঠন আঁচনিত বৃত্তিমূলক শিক্ষাৰ কাৰ্যসূচীৰ পাতনি মেলা হ’ব । ইয়াৰ জৰিয়তে শিক্ষার্থীয়ে নিজৰ জীৱিকাৰ পথ বিচাৰি পাব লগতে কোনাে উদ্দেশ্য নথকাকৈ উচ্চ শিক্ষা ল’বলৈ যােৱা শিক্ষার্থীসকলে এক বিকল্প পথৰ সন্ধান পাব ।
( খ ) বৃত্তিমূলক শিক্ষাক এক নির্দিষ্টশাখা হিচাপে ধৰি ইয়াৰ দ্বাৰা শিক্ষার্থীক নিজৰ জীৱিকাৰ লক্ষ্যত উপনীত কৰিব পৰা যাব । এই বিষয়টো মাধ্যমিক স্তৰৰ শেষত প্ৰৱৰ্তন কৰা হব যদিও অষ্টম শ্রেণীৰ পৰাই ইয়াক আৰম্ভ কৰিব পৰা যাব । ইয়াক অধিক ফলপ্রসূ কৰি তােলাৰ বাবে ঔদ্যোগিক প্রশিক্ষণ কেন্দ্ৰবােৰত অধিক সা – সুবিধা প্রধান কৰা হ’ব ।
( গ ) স্বাস্থ্যজড়িত বৃত্তিমুখী বিষয়সমূহৰ জৰিয়তে স্বাস্থ্য পৰিকল্পনাৰ আৰু স্বাস্থ্যসেৱা ব্যৱস্থাপনা অন্তর্ভুক্ত কৰি প্ৰয়ােজনীয় মানৱসম্পদ গঢ়ি তােলা আৰু তেওঁলােকৰ বাবে শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হ’ব ।
( ঘ ) বৃত্তিমূলক শিক্ষাৰ স্নাতকসকলৰ বাবে সাধাৰণ প্রযুক্তিবিদ্যা আৰু ব্যৱসায়িক শিক্ষাৰ ক্ষেত্ৰত সুবিধা প্রদান কৰা হ’ব ।
( ঙ ) ন শিকাৰু , প্রাথমিক শিক্ষা সম্পূর্ণ কৰা , অকালতে বিদ্যালয় এৰা , নিবনুৱা , আংশিকভাবে চাকৰি কৰা আৰু মহিলাসকলৰ প্রতি অনানুষ্ঠানিক বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা থাকিব ।
৫/৬ নম্বৰৰ প্রশ্ন
প্রশ্ন ১. মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ ত্রুটীসমূহ আলােচনা কৰা ।
উত্তৰঃ মুদালিয়াৰ আয়ােগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ ত্রুটীসমূহ হ’ল–
( ক ) আয়ােগে প্রচলিত শিক্ষা বাৱস্থাক যান্ত্রিক , পুথিগত আৰু একঘেয় বুলি অভিহিত কৰি এনে শিক্ষাই শিক্ষার্থীৰ লক্ষ্য পূৰণত বাধাৰ সৃষ্টি কৰে বুলি কয় ।
( খ ) আয়ােগে আঙুলিয়াই দিছিল যে এই শিক্ষা ব্যৱস্থা সম্পূর্ণ পৰীক্ষাকেন্দ্রিক , পাঠ্যক্ৰমৰ অতিৰিক্ত বােজা , শিকন পদ্ধতি বিজ্ঞানসন্মত নহয় আৰু শিক্ষার্থীক লক্ষ্যত উপনীত কৰােৱাত ব্যর্থ হৈছে ।
( গ ) শ্ৰেণীত ছাত্র – ছাত্রীৰ সংখ্যা অত্যাধিক হােৱা বাবে শিক্ষক – ছাত্ৰৰ ব্যৱধান বেছি হয় , ফলত শিকন ফলপ্রসূ নহয় ।
( ঘ ) শিক্ষক নির্বাচন প্রক্রিয়া আসোঁৱাহপূর্ণ হােৱাত শিকনৰ বাবে উপযুক্ত বা আগ্রহী শিক্ষক নিযুক্তিত বাধা জন্মে ।
( ঙ ) বিদ্যালয়ত সহপাঠ্যক্রমিক কার্যসূচী ৰূপায়ণৰ সুবিধা নথকা , খেল পথাৰৰ অভাৱ আদিয়ে শিক্ষার্থীৰ সৰ্বাংগীন বিকাশত বাধাৰ সৃষ্টি কৰে ।
প্রশ্ন ২. মাধ্যমিক শিক্ষা আয়ােগৰ পৰামর্শ অনুসৰি শিক্ষাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা ৷
উত্তৰঃ মাধ্যমিক শিক্ষা আয়ােগে ( ১৯৫২-৫৩ ) নিৰূপণ কৰি দিয়া শিক্ষাৰ লক্ষ্যবােৰ হৈছে –
( ক ) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ ও মাধ্যমিক শিক্ষা সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ’ব , সেয়েহে ছাত্র – ছাত্রীসকলে গণতান্ত্রিক ভাৰতবৰ্ষৰ প্ৰয়ােজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব । প্রতিজন নাগৰিকৰ গণতন্ত্রৰ বাবে নিম্নলিখিত গুণসমূহৰ প্রয়ােজন হয় ।
( ১ ) সুস্থ চিন্তাধাৰা :- এখন গণতান্ত্রিক দেশত প্রত্যেক নাগৰিকৰে সুস্থ চিন্তাধাৰাৰ অতি প্রয়ােজন । মাধ্যমিক শিক্ষাই এনে শিক্ষা প্রদান কৰিব লাগে যাতে প্রতিজন নাগৰিকে সু – চিন্তা কৰি নিজৰ ভাব স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰে আৰু কু – সংস্কাৰ , অজ্ঞানতা , অন্ধবিশ্বাস আদি জয় কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে ৷
( ২ ) সুস্থ সামাজিক সমাযােজন :- প্রতিজন নাগৰিকে নিজৰ কৰ্তব্য , ওচৰ – চুবুৰীয়াৰ সৈতে সদভাৱ , মিলা – প্রীতি , বন্ধুত্ব , সহানুভূতি , সামাজিক চেতনা , সংযম আদি গুণ সমূহৰ বিকাশ সাধন কৰি মাধ্যমিক শিক্ষাৰ জৰিয়তে সমাজৰ লগত সুস্থ সমাযােজনৰ শিক্ষা লাভ কৰিব ।
( ৩ ) সামাজিক ন্যায় :- মাধ্যমিক শিক্ষাই কোনাে ধৰণৰ ব্যক্তি বৈষম্যতাক গুৰুত্ব নিদি সামাজিক ন্যায় প্রতি সু – মনােভাব ছাত্র – ছাত্রীৰ মনত গঢ় দি তােলাত গুৰুত্ব দিব লাগিব ।
( ৪ ) বাকপটুতা আৰু লিখনিৰ স্পষ্টতা :- মাধ্যমিক শিক্ষাই ছাত্র – ছাত্রীৰ সৃষ্টিকামী মনােভাব , নতুন চিন্তা – চৰ্চা , নতুন আদর্শ আৰু বৌদ্ধিক সংহতি গ্রহণ কৰা যােগ্যতা আদি গুণৰ বিকাশ কৰাৰ উপৰি তেওঁলােকৰ প্ৰকাশভংগী , কথন কৌশল , লিখন ভংগী আদি দিশত উপযুক্ত প্রশিক্ষণ দিব লাগিব ।
( ৫ ) সহনশীলতা :- মাধ্যমিক শিক্ষা ব্যৱস্থাই ছাত্র – ছাত্রীৰ কষ্ট সহিষ্ণুতা , কর্তব্য পৰায়ণতা , নিয়মানুবর্তিতা আদি গুণৰ বিকাশ ঘটাব লাগিব ।
( ৬ ) প্রকৃত দেশপ্রেম :- মাধ্যমিক শিক্ষাৰ জৰিয়তে ছাত্র – ছাত্রীৰ মনত দেশ মাতৃৰ প্ৰতি প্রেম ভালপােৱা জাগ্রত কৰি হিত সাধন কৰিবলৈ গুৰুত্ব দিব লাগে ।
( খ ) বৃত্তীয় যােগ্যতাৰ শ্ৰীবৃদ্ধিকৰণ :- মাধ্যমিক শিক্ষাই ছাত্র – ছাত্রীৰ কায়িক শ্ৰমৰ প্রতি শ্রদ্ধাভাব জগাই তােলা ; স্ব – ক্রিয়াৰ প্রতি সচেতন কৰি তােলা , কর্ম তৎপৰতা বৃদ্ধি কৰা , শিল্প , উদ্যোগৰ বাবে প্রয়ােজনীয় কৌশল আয়ত্তকৰণ ব্যৱস্থা সুচল কৰা ইত্যাদি দিশসমূহৰ প্রতি গুৰুত্ব প্রদানূ কৰিব লাগিব । ছাত্র – ছাত্রীসকলে জীবিকা উপার্জনৰ বাট বিচাৰি পাবলৈ , কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধাৰ বাবে যিকোনাে এটা বৃত্তি সকলাে ছাত্র – ছাত্রীয়ে বাধ্যতামূলকভাৱে মাধ্যমিক শিক্ষাত সন্নিৱিষ্ট কৰিব লাগিব ।
( গ ) ব্যক্তিত্বৰ বিকাশ :- মাধ্যমিক শিক্ষাই ছাত্র – ছাত্রীৰ শাৰীৰিক , মানসিক আনুভূতিক , সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ সর্বাংগীন বিকাশৰ চাহিদা পূৰণ কৰিব লাগিব ।
( ঘ ) নেতৃত্বৰ শিক্ষা :- মাধ্যমিক শিক্ষাই মাধ্যমিক পর্যায়ত সাহিত্য , কলা , ৰাজনীতি , উদ্যোগ , বাণিজ্য আদিত নেতৃত্বৰ যােগান ধৰিব লাগে।গণতন্ত্র সুস্থ বিকাশৰ বাবে নেতৃত্বৰ অতি প্রয়ােজন । নেতৃত্বৰ বিকাশৰ ক্ষেত্ৰত মাধ্যমিক স্কুলে স্কুলৰ ভিতৰতে সকলাে সা – সুবিধা কৰি ল’ব লাগিব ।
প্রশ্ন ৩. কোঠাৰী আয়ােগে উল্লেখ কৰা শিক্ষাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা । নাইবা , মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে কোঠাৰী আয়ােগৰ পৰামর্শসমূহ আলােচনা কৰা ।
উত্তৰঃ ভাৰতবৰ্ষৰ জাতীয় বিকাশৰ বাবে শিক্ষাৰ লক্ষ্য আদর্শ নিম্নলিখিত ভাৱে কোঠাৰী আয়ােগে দাঙি ধৰিছে ।
১। বর্তমান দেশৰ সামাজিক আৰু অর্থনৈতিক দিশত জাতীয় বিকাশৰ বাবে বিজ্ঞান আৰু কাৰিকৰী দিশৰ ওপৰত সর্বাধিক গুৰুত্ব আৰােপ কৰিছে । এই দিশত কৰা আয়ােগৰ বিশ্লেষণে ভাৰতীয় শিক্ষাৰ লক্ষ্যত থকা গতানুগতিকতাৰ জড়তা ভংগ কৰি গতিশীলতাৰ প্রবণতা আনি দিছে ।
২। বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ অগ্রগতি পাশ্চাত্যমুখী কৰি তােলাৰ পৰিৱর্তে ভাৰতীয় আধ্যাত্মিক আৰু নৈতিক দিশত বিকাশমুখী কৰি তুলিবলৈ চেষ্টা কৰা হৈছে ।
৩। আয়ােগে আমাৰ শিক্ষাত উৎপাদনমুখিতাৰ ধাৰণা প্রদান কৰি অর্থনৈতিক , সামাজিক আৰু ৰাজনৈতিক স্থিৰতা আৰু প্ৰগতিৰ এক নিশ্চিত পথ ৰচনা কৰিছে । বর্তমান উন্নত দেশৰবাৰে গ্ৰহণ কৰা শিক্ষাৰ প্রয়ােগবাদ দৰ্শনৰ কর্মমুখিতা আৰু কৰ্ম অভিজ্ঞতা আমাৰ শিক্ষাত জনপ্রিয় কৰি তােলা হৈছে ।
৪। ভাৰতীয় সংবিধানৰ সমতা , ভ্রাতৃত্ব আৰু সামাজিক ন্যায়ৰ গণতান্ত্রিক আদর্শ শিক্ষাৰ লক্ষ্য আদর্শত আৰু ইয়াৰ কাৰ্যব্যৱস্থাতে প্রতিষ্ঠা কৰি তােলাৰ প্ৰয়াস কৰা হৈছে ।
৫। বর্তমান বিকাশশীল সমাজত দ্রুত আধুনিকীকৰণৰ প্রয়ােজনীয়তাৰ প্ৰতি আয়ােগে আমাৰ দৃষ্টি আকর্ষণ কৰিছে ।
৬। দেশৰ জাতীয় ঐক্য সাধনাৰ বাবে ভাৰতীয় শিক্ষাত ধর্ম নিৰপেক্ষতা নীতি গ্রহণ প্রয়ােজনীয়তা আৰু যুক্তিযুক্ততা আয়ােগে প্রতিপন্ন কৰে ।
প্রশ্ন ৪. শিক্ষা আয়ােগ ১৯৬৪ ৰ দ্বাৰা অনুমােদিত শিক্ষাৰ গাঁথনিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ ১৯৬৪-৬৬ চনত শিক্ষা আয়ােগে পৰামর্শ প্রদান কৰা শিক্ষা আঁচনি তলত দিয়া ধৰণৰ—
( ক ) প্রাক প্রাথমিক পর্যায় ১ বছৰৰ পৰা ৩ বছৰলৈ ।
( খ ) প্রাথমিক পর্যায় ৭-৮ বছৰলৈ ৷ ইয়াক দুটা উপ – পর্যায় স্বৰূপে ভাগ কৰি নিম্ন ) প্রাথমিক ৪-৫ বছৰৰ আৰু উচ্চ প্রাথমিক ৩ বছৰৰ কৰিব লাগে ।
( গ ) নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা ৩ বা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে ।
( ঘ ) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰৰ হ’ব লাগে ।
( ঙ ) উচ্চ শিক্ষা প্রথম ডিগ্ৰীৰ অধ্যয়ন সূচী ৩ বছৰ বা অধিক হ’ব লাগে । এই আঁচনিকে ১০ + ২ + ৩ শিক্ষা আঁচনি বুলি কোৱা হয় ।
প্রশ্ন ৫. মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ সম্পৰ্কত শিক্ষা আয়ােগ ১৯৬৪ এ দিয়া পৰামর্শসমূহৰ বিষয়ে লিখা ।
উত্তৰঃ ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে বৃত্তিমুখী কৰণত যথেষ্ট গুৰুত্ব আৰােপ কৰিছিল । আয়ােগে ভাৰতত বৃত্তিমূলক শিক্ষাৰ অনগ্ৰসৰতা আক্ষেপেৰে লক্ষ্য কৰে । বৃত্তিমুখী শিক্ষা প্রয়ােগৰ অৰ্থ হ’ল আত্মনিয়ােগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱ শক্তিৰ মাজত থকা অপসমযােজন নােহােৱা কৰা । ইয়াৰ উপৰি যিবিলাকে কোনাে ধৰণৰ আগ্রহ আৰু উদ্দেশ্য নােহােৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলোেক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা । বৃত্তিমুখী শিক্ষা এটা নির্দিষ্ট শাখা হিচাপে পৰিগণিত হ’ব আৰু শিক্ষার্থীসকলক নির্দিষ্ট পেচাৰ বা প্রস্তুত কৰি তােলা হ’ব । পলিটেকনিক আৰু টেকনিকেল হাইস্কুলৰ পৰা পাছ কৰা ছাত্র – ছাত্রীয়ে স্থানীয় জনগােষ্ঠীৰ চাহিদা পূৰণ কৰিব পৰাকৈ সৰু সৰু কাৰখানা , উদ্যোগ প্রতিষ্ঠান , সেবা – সংস্থা আদি গঢ়ি তুলিব পাৰে । স্বাস্থ্য পৰিকল্পনা আৰু স্বাস্থ্যসেৱা ব্যৱস্থাপনা কৰি স্বাস্থ্য জড়িত বৃত্তি বিষয় শিক্ষাত সন্নিৱিষ্ট কৰি বৃত্তিৰ উপযোগী কৰি তােলা হ’ব । এই শিক্ষা + ২ স্তৰৰ উচ্চতৰ মাধ্যমিক শিক্ষাত প্ৰয়ােগ কৰা হ’ব । বৃত্তিমুখী শিক্ষাৰ অনুষ্ঠানসমূহ স্থাপন কাৰাৰ দায়িত্ব চৰকাৰৰ ওপৰত থাকিব । সেইদৰে ৰাজহুৱা আৰু ব্যক্তি মালিকানা নিয়ােগকাৰী সকলৰ ওপৰতাে দায়িত্ব থাকিব ।
প্রশ্ন ৬. ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ৰ পাঁচটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ বিষয়ে লিখা ।
উত্তৰ : ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ চনৰ ৫ টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল –
( ১ ) বিদ্যালয়ৰ খেল পথাৰৰ বাবে ওচৰ – পাজৰত থকা খালী ঠাই অধিগ্রহণ কৰিব লাগিব , এইবিলাক ওচৰা – উচৰিকৈ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীয়ে ব্যৱহাৰ কৰিব পাৰিব ।
২। অতিৰিক্ত শ্রেণীকোঠা আৰু পৰীক্ষাগাৰ সাজিবৰ বাবে নির্মাণকার্যৰ আঁচনি হাতত লােৱা হ’ব । বিদ্যালয় স্তৰীয় শিক্ষাৰ দায়িত্ব মূলতঃ ৰাজ্যিক চৰকাৰ আৰু কর্তৃপক্ষৰ ওপৰত । তথাপি সম্ভৱ হ’লে কেন্দ্রীয় চৰকাৰে এনেধৰণৰ নিৰ্মাণ কাৰ্যৰ বাবে সাহায্য আগবঢ়াব ।
৩। অধিক অৰ্হতাসম্পন্ন ব্যক্তিক শিক্ষক বৃত্তিলৈ আকর্ষণ কৰি শিক্ষকৰ দক্ষতা বৃদ্ধি কৰা হ’ব । শিক্ষকক প্রাক নিযুক্তি আৰু নিযুক্তিকালীন প্রশিক্ষণ নিয়াৰিকৈ দিবৰ বাবে শিক্ষক প্রশিক্ষণ অনুষ্ঠানবিলাক টনকিয়াল কৰি তােলা হ’ব । এই প্রক্রিয়া এতিয়াই আৰম্ভ কৰা হ’ব ।
৪। কোঠাৰী আয়ােগে পৰামৰ্শ আগবঢ়াইছিল যে উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুপাত ১৪৩ হােৱা উচিত । এই পৰামর্শ কার্যত পৰিণত কৰা হ’ব । বর্তমান অৱস্থিত বহুতাে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা , বিজ্ঞান আৰু বাণিজ্যৰ ভিতৰত মাত্র এটা বা দুটা ধাৰাহে আছে আৰু বেছিভাগতে বৃত্তিমূলক ধাৰা নাই ।
৫। শিক্ষানীতিত কোৱাৰ দৰে শৈক্ষিক সুদৃঢ়কৰণৰ বাবে মূল পাঠ্যক্রমে এক মুখ্য ভূমিকা ল’ব । ইয়াৰ বাবে পাঠ্যপুথিৰ উন্নীতকৰণ , শিক্ষক – প্রশিক্ষণ , পৰীক্ষা / মূল্যায়ন আদিৰ উন্নতিৰ জৰিয়তে পাঠ্যক্ৰমৰ উন্নতি আনিবলৈ চেষ্টা কৰা হ’ব ।
প্রশ্ন ৭. অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ ধাৰা সম্পর্কে চমুকৈ আলােচনা কৰা ।
উত্তৰঃ ১৯৪৮ চনত গুৱাহাটী চহৰত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হয় । এই বিশ্ববিদ্যালয়ৰ প্রথম উপাচার্য আছিল পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ । ১৯৪৮ চনৰ পৰা অসমৰ মাধ্যমিক শিক্ষাৰ ভাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে গ্রহণ কৰে । সেই বছৰৰ পৰা অসমৰ সকলােবিলাক মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক প্রশাসন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে আৰু সেইবছৰৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ে প্রৱেশিক্ষা পৰীক্ষা পাতিবলৈ আৰম্ভ কৰে । ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়ােগৰ অনুমােদনক্রমে অসমতাে ১৯৬২ চনত এখন মাধ্যমিক শিক্ষা বাের্ড স্থাপন হয় । তেতিয়াৰ পৰা মাধ্যমিক শিক্ষাৰ শৈক্ষিক প্রশাসনৰ ভাৰ বিশ্ববিদ্যালয়ৰ পৰিৱর্তে এই বােৰ্ডৰ তললৈ আহে । এই বােৰ্ডৰ কার্যালয় তেতিয়াৰে পৰা এতিয়ালৈকে গুৱাহাটী চহৰত অৱস্থিত । মুডালিয়াৰ ( ১৯৫২-৫৩ ) আয়ােগে উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহুমুখী বিদ্যালয় স্থাপন কৰাৰ পৰামৰ্শ আগ বঢ়াইছিল । আয়ােগৰ এই অনুমােদন ক্রমে সেই সময়ত অসমৰ ৬৭ খন উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পৰিবৰ্তিত হল । ১৯৬৪-৬৬ চনৰ শিক্ষা আয়ােগ ( কোঠাৰী আয়ােগ ) ৰ প্রতিবেদন অনুসৰি ১৯৭৩ চনৰ পৰা অসম মাধ্যমিক শিক্ষা বাের্ডে অসমত -১২ বছৰীয়া স্কুলীয়া শিক্ষা প্রৱর্তন কৰে । ১৯৬১ চনত অসম চৰকাৰে মাধ্যমিক শিক্ষা বিল প্রস্তুত কৰি বিধানসভাত উপস্থাপন কৰে আৰু ই পাছত আইনত পৰিণত হয় । এই আইনৰ ফলতেই জন্ম হয় অসম মাধ্যমিক শিক্ষা বাের্ড ।
প্রশ্ন ৮.অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃ অসমৰ মাধ্যমিক সমস্যাসমূহ হ’ল –
( ক ) পাঠ্যক্রম :- আমাৰ দেশত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্রচলিত পাঠ্যক্রম জীৱনৰ প্রয়ােজনীয়তাৰ লগত তেনে সম্বন্ধ নাই । এই পাঠ্যক্রমে উচ্চ শিক্ষাৰ কাৰণে প্রস্তুত কৰিব পাৰে, কিন্তু জীৱনৰ বাবে নহয় ।
( খ ) শিক্ষক :- শিক্ষা কার্যৰ সফলতা বহুলাংশে নির্ভৰ কৰে অৰ্হতা সম্পন্ন শিক্ষক মণ্ডলীৰ ওপৰত । কিন্তু অসমৰ মাধ্যমিক স্কুলবােৰৰ এটি প্রধান সমস্যাৰূপে দেখা দিছে— যােগ্য তথা প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ । আনকি প্রশিক্ষণ কলেজবােৰৰ অৱস্থাও বেছিভাগৰে মাধ্যমিক স্কুলৰ দৰেই ।
( গ ) ঘৰ – দুৱাৰ আৰু সা – সঁজুলি :- স্কুলঘৰৰ অৱস্থা বেছিভাগৰে সন্তোষজনক নহয় । মাধ্যমিক শিক্ষাবর্ডে স্কুলঘৰ সজাৰ নিয়ম বান্ধি দিলেও বহুত স্কুলে টকাৰ অভাৱত সেইমতে ঘৰ সাজিব পৰা নাই । পুথিভঁৰাল , পঢ়া – কোঠা , পৰীক্ষাগাৰ আদি ছাত্র – ছাত্রীক আৱশ্যক অনুযায়ী দিব পৰা নাই ।
( ঘ ) পৰীক্ষা পদ্ধতি :- পৰীক্ষাত উত্তীর্ণ হােৱাই যেন আমাৰ শিক্ষাৰ মূল উদ্দেশ্য এনে ধাৰণাই আমাৰ মনত সােমাই গৈছে । এইটো হােৱাৰ মূলতে হ’ল পৰীক্ষাৰ ফলাফলৰ ওপৰত অধিক গুৰত্ব দিয়াৰ বাবে ।
( ঙ ) বিদ্যালয়ৰ পুঁজিৰ অভাৱ :- প্রয়ােজনীয় পুঁজিৰ অভাৱে বিদ্যালয়ৰ সাংগঠনিক দিশত প্ৰভাৱ পেলায় । প্রয়ােজনীয় সা – সঁজুলিৰ অভাৱে বাহ্যিক দিশত শিক্ষার্থীক আগুৱাই নিয়াত ব্যর্থ হয় ।
প্রশ্ন ৯. মাধ্যমিক শিক্ষা পৰিষদ , অসমৰ কার্যাৱলীৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ কোঠাৰী আয়ােগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমতাে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ’ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পর্যায়ৰ পৰিচালনা , নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে । ফলস্বৰূপে তেতিয়াৰে পৰা পূর্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ পাঠ্যক্রম প্রস্তুতি , পাঠ্যপুথি প্রণয়ন , পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে ।
১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন গৃহীত হয় । এই আইনৰ প্ৰস্তাৱমতে মাধ্যমিক শিক্ষা ব’র্ড গঠন কৰা হয় । এই ব’র্ডৰ মূল কাৰ্যাৱলীসমূহ হল –
( ক ) মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ বাবে পাঠ্যক্রম প্রস্তুত কৰা ।
( খ ) পৰীক্ষা পৰিচালনা আৰু ফলাফল ঘােষণা কৰা ।
( গ ) বৃত্তি আৰু পুৰস্কাৰ বিতৰণৰাে নীতি প্রস্তুত কৰা ।
( ঘ ) মাধ্যমিক বিদ্যালয়ৰ সমস্যাসমূহ পৰীক্ষা আৰু অধ্যয়ন কৰা ।
( ঙ ) মাধ্যমিক স্কুলৰ পুঁজি সমন্ধীয় ব্যৱস্থাৰ দায়িত্ব গ্রহণ কৰা ।
প্রশ্ন ১০. শিক্ষাৰ সমতা স্থাপনৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ ত উল্লেখ কৰা ব্যৱস্থাসমূহ কি কি ?
উত্তৰঃ নতুন শিক্ষানীতিয়ে বিভিন্নতা দূৰ কৰাৰ বাবে বিশেষ গুৰুত্ব আৰােপ কৰিছে । শিক্ষাৰ সুবিধাসমূহ সমভাৱে দিয়াৰ ক্ষেত্ৰত বিশেষ প্রয়ােজনীয় দিশবােৰ হাতত লােৱাৰ ব্যৱস্থা কৰিছে । সুবিধাৰ পৰা বঞ্চিত লােকসকলক সমপর্যায়ৰ শিক্ষা প্রদানৰ সা – সুবিধা আগবঢ়োৱাত গুৰুত্ব আৰােপ কৰিছে । সমতাৰ বাবে শিক্ষাই সকলাে লােককে সমঅধিকাৰত শিক্ষা লাভ কৰাৰ কথাকে সূচোৱা হয় ।
ৰাষ্ট্ৰীয় শিক্ষানীতি ( ১৯৮৬ ) য়ে মহিলাৰ বাবে শিক্ষাৰ বিকাশ আৰু প্ৰগতিত বিশেষ গুৰুত্ব দিছে । মহিলাসকলক সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষাই মূল বাহক হিচাপে পৰিগণিত হ’ব অতীতৰ সৃষ্টি হােৱা বৈষম্যতা দূৰ কৰি নিৰপেক্ষ দৃষ্টিভংগী লােৱাৰ ক্ষেত্রসমূহ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰা হ’ব । শিক্ষানুষ্ঠানসমূহত মহিলা শিক্ষাৰ বিকাশৰ বাবে প্রয়ােজনীয় সা – সুবিধাসমূহৰ ব্যৱস্থা কৰা হ’ব , পাঠ্যপুথি , শিক্ষক , প্রশিক্ষণ আৰু অভিৰোচন ব্যৱস্থা কৰা হ’ব । উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত মহিলা অধ্যয়ন আদিৰ দৰে বিষয়বােৰ সামৰি লােৱা হ’ব আৰু অনুষ্ঠানসমূহে যাতে মহিলাসকলৰ ভৱিষ্যৎ বিকাশত উৎগনি যােগায় তাৰ প্রতি দৃষ্টি ৰখা হ’ব । মহিলাসকলৰ মাজৰ পৰা নিৰক্ষৰতা নির্মূল কৰাৰ ব্যৱস্থা কৰি প্রাথমিক শিক্ষা যাতে নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হয় তাৰ প্রতি গুৰুত্ব দিয়া হ’ব । অনুসূচিত জাতিৰ লােকসকলে যাতে অ – অনুসূচীত জাতিৰ লােকসকলৰ সমানে শিক্ষা লাভ কৰিবলৈ সক্ষম হয় তাৰ ব্যৱস্থা কৰা হ’ব । গ্রাম্যাঞ্চলৰ মহিলা আৰু পুৰুষ আৰু চহৰ – অঞ্চলৰ মহিলা – পুৰুষৰ মাজত সমতা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰােপ কৰা হ’ব । অনুসূচিত জনজাতি অধ্যুষিত অঞ্চলত প্রাথমিক বিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ’ব । জনজাতিৰ মাজৰ পৰা শিক্ষক নিয়ােগ ব্যৱস্থাও কৰা হ’ব । কিছুমান অঞ্চলৰ সংখ্যালঘু সম্প্রদায় সমূহ শিক্ষাৰ পৰা বঞ্চিত আৰু পিছপৰা হৈ আছে । সমতা আৰু সামাজিক ন্যায় স্থাপন কৰাৰ অৰ্থে এনে সম্প্রদায় সমূহৰ ওপৰত মনােযােগ দিয়া হ’ব । বাধাগ্রস্ত শিক্ষার্থীসকলৰ বাবে প্ৰতিখন জিলাতে আবাসিক বিদ্যালয় স্থাপন কৰা হ’ব ।
প্রশ্ন ১১. মাধ্যমিক শিক্ষা পৰিষদ , অসমৰ ক্ষমতা আৰু কাৰ্যৰ বিষয়ে আলােচনা কৰা ।
উত্তৰঃ কোঠাৰী আয়ােগৰ পৰামৰ্শৰ আধাৰতেই ১৯৮৪ চনত অসমতাে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ’ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পর্যায়ৰ পৰিচালনা , নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব সংসদৰ হাতলৈ আহে । ফলস্বৰূপে তেতিয়াৰে পৰা পূর্বে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হাতত লােৱা উচ্চতৰ মাধ্যমিক শিক্ষাৰ পাঠ্যক্রম প্রস্তুতি , পাঠ্যপুথি প্রণয়ন , পৰীক্ষা আদিৰ সকলাে দায়িত্ব সংসদৰ দায়িত্ব হৈ পৰে ।
১৯৬১ চনত অসম মাধ্যমিক শিক্ষা আইন গৃহীত হয় । এই আইনৰ প্ৰস্তাৱমতে মাধ্যমিক শিক্ষা ব’র্ড গঠন কৰা হয় । এই ব’র্ডৰ মূল কাৰ্যাৱলীসমূহ হল –
( ক ) মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ বাবে পাঠ্যক্রম প্রস্তুত কৰা ।
( খ ) পৰীক্ষা পৰিচালনা আৰু ফলাফল ঘােষণা কৰা ।
( গ ) বৃত্তি আৰু পুৰস্কাৰ বিতৰণৰাে নীতি প্রস্তুত কৰা ।
( ঘ ) মাধ্যমিক বিদ্যালয়ৰ সমস্যাসমূহ পৰীক্ষা আৰু অধ্যয়ন কৰা ।
( ঙ ) মাধ্যমিক স্কুলৰ পুঁজি সমন্ধীয় ব্যৱস্থাৰ দায়িত্ব গ্রহণ কৰা ।
প্রশ্ন ১২. সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতি শক্তিশালী কৰাৰ বাবে কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামৰ্শবলী কি কি ?
উত্তৰঃ সামাজিক আৰু ৰাষ্ট্ৰীয় সংগতি শক্তিশালী কৰাৰ বাবে কোঠাৰী আয়ােগে আগবঢ়োৱা পৰামৰ্শবােৰ হ’ল –
( ক ) আয়ােগৰ মতে জাতীয় উন্নয়ন লক্ষ্য হিচাপে সর্বসাধাৰণ লােকৰ বাবে সাধাৰণ বিদ্যালয় ( Common School ) স্থাপন কৰিব লাগিব ।
( খ ) সকলাে ল’ৰা – ছােৱালীৰ কাৰণে সামাজিক আৰু জাতীয় সেৱা আঁচনি বাধ্যতামূলক হ’ব আৰু ই শিক্ষাৰ সকলাে স্তৰতে প্রযােজ্য হ’ব ।
( গ ) মাতৃভাষাক বিদ্যালয় বা উচ্চতৰত শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাটো উচিত হ’ব ।
( ঘ ) সর্বভাৰতীয় পর্যায়ত ইংৰাজীত মাধ্যম স্বৰূপে ব্যৱহাৰ কৰিব যদিও আঞ্চলিক পর্যায়ত আঞ্চলিক ভাষা হিচাপে ব্যৱহাৰ কৰিব লাগিব ।
( ঙ ) জাতীয় চেতনাৰ উন্নতিৰ কাৰণে জাতীয় সংস্কৃতিৰ পুনৰ মূল্যায়ন কৰিব লাগিব ।
( চ ) আন্তর্জাতিক বুজাপৰাৰ বাবে শিক্ষা নীতি গ্রহণ কৰিব লাগিব ।
প্রশ্ন ১৩. শিক্ষাৰ প্ৰমূল্যসমূহ কৰ্ষিত কৰিবলৈ কোঠাৰী আয়ােগৰ পৰামৰ্শৱলী উল্লেখ কৰা ।
উত্তৰঃ জাতীয় শিক্ষাৰ লক্ষা হিচাপে কোঠাৰী আয়ােগে প্রমূল্যবােধ বিকাশ সাধনৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল । এই প্রমূল্যবােধৰ এক সক্রিয় শিক্ষা ব্যবস্থা গঢ় দি তুলিবৰ বাবে আয়োগে নিম্নলিখিত পৰামৰ্শ আগবঢ়ায় ।
( ক ) কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰবােৰে তেওঁলােকৰ প্রত্যক্ষ নিয়ন্ত্রণত থকা সকলােবােৰ শিক্ষানুষ্ঠাতে নৈতিক , সামাজিক আৰু আধ্যাত্মিক মূল্যবােধৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে ।
( খ ) ব্যক্তিগতভাৱে পৰিচালিত অনুষ্ঠানেও এনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।
( গ ) এনে মূল্যবােধৰ শিক্ষা স্কুলৰ কাৰ্যসূচীৰ অবিচ্ছেদ্য অংগ হােৱাৰ উপৰি ইয়াৰ বাবে স্কুলৰ সময় তালিকাত আছুতীয়াকৈ শ্ৰেণীৰ ব্যৱস্থা ৰাখিব লাগে ।
( ঘ ) ধৰ্মৰ তুলনামূলক অধ্যয়নৰ দিশত বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট বিভাগবােৰে ইয়াৰ প্ৰয়ােজনীয় শিক্ষাৰ উপায় উদ্ভাৱন কৰিব লাগে ।
( ঙ ) প্রথম স্নাতক উপাধি পাঠ্যক্ৰমত পৃথিৱীৰ বিভিন্ন ধৰ্মৰ সাধাৰণ অধ্যয়ন অন্তর্ভুক্ত কৰিব লাগে ।
( চ ) ছাত্ৰসকলে দলীয়ভাৱে মৌন – ধ্যান কৰাত উৎসাহ যােগাব লাগে ইত্যাদি ।
প্রশ্ন ১৪. মাধ্যমিক শিক্ষা সন্দৰ্ভত এনপিচিৰ দ্বাৰা আগবঢ়োৱা পৰামর্শৱলী উল্লেখ কৰা ।
উত্তৰঃ মাধ্যমিক শিক্ষা সন্দৰ্ভত NPC ৰ দ্বাৰা আগবঢ়োৱা পৰামর্শবােৰ তলত উল্লেখ কৰা হ’ল ।
( ক ) মাধ্যমিক শিক্ষাৰ জৰিয়তে শিক্ষার্থীক কলা , বিজ্ঞান , সমাজবিজ্ঞান আদিৰ বিভিন্ন জ্ঞান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।
( খ ) মানৱতাবােধ , সাংবিধানিক দায়বদ্ধতা , মিশ্রিত সংস্কৃতিৰ মূল্যবােধ আৰু শাৰীৰিক শ্ৰমৰ প্রতি সুস্থ মনােভাব গঠনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
( গ ) মাধ্যমিক শিক্ষাক বিশেষ অনুষ্ঠানসমূহৰ জৰিয়তে বৃত্তিমুখী কৰি গঢ়ি তােলা হ’ব । যাতে এই ব্যৱস্থাই প্রয়ােজনীয় মানৱশক্তিৰ যােগান ধৰাৰ লগতে দেশৰ অর্থনীতিও সবল কৰি তুলিব ।
( ঘ ) মাধ্যমিক শিক্ষাৰ সুবিধা নথকা অঞ্চলসমূহৰ ছাত্ৰ – ছাত্ৰীৰ বাবে মাধ্যমিক শিক্ষাৰ প্রসাৰৰ ব্যবস্থা গ্রহণ কৰাৰ লগতে ইতিমধ্যে থকা মাধ্যমিক বিদ্যালয়সমূহ উন্নীতকৰণ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
( ঙ ) মেধাবী আৰু বিশেষ যােগ্যতাসম্পন্ন শিক্ষার্থীৰ বাবে দেশৰ বিভিন্ন স্থানত “ নবােদয় বিদ্যালয় স্থাপন কৰা হ’ব ।
( চ ) নবােদয় বিদ্যালয়ত বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা থকাৰ উপৰিও দেশৰ সকলাে অঞ্চলৰ লগতে গাঁৱৰ ছাত্ৰ – ছাত্ৰীক থকাৰ বাবে আৱাসৰ ব্যৱস্থাও থাকিব ইত্যাদি ।
প্রশ্ন ১৫. প্রাথমিক শিক্ষা সন্দৰ্ভত এনপিচিয়ে আগবঢ়োৱা পৰামর্শৱলী আলােচনা কৰা ।
উত্তৰঃ প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত দুটা দিশৰ ওপৰত গুৰুত্ব দিয়া হ’ব –
( ক ) সার্বজনীন নাম ভৰ্তিকৰণ আৰু ১৪ বছৰ বয়সলৈকে শিক্ষানুষ্ঠানত উপস্থিতি আৰু
( খ ) শিক্ষাৰ গুণগত দিশৰ বিষয়াক উন্নীতকৰণ । প্রাথমিক শিক্ষা সন্দৰ্ভত এন . পি . চিয়ে আগবঢ়োৱা পৰামৰ্শাসমূহ হল –
( ক ) শিশুকেন্দ্রিক শিক্ষা :- শিশুসকলক শিক্ষানুষ্ঠানত উপস্থিত হােৱা কথাটো শিকাৰ বাবে সুন্দৰভাৱে স্বাগতম জনাই উৎসাহপূর্ণ ধাৰণা ল’ব লাগিব আৰু প্রয়ােজনসমূহ পূৰণৰ চেষ্টা কৰিব লাগিব । প্রাথমিক স্তৰত শিক্ষণ প্রক্রিয়া কর্মশীল শিশুকেন্দ্রিক কৰি তুলিব লাগিব । প্রথম গােষ্ঠীৰ শিক্ষার্থীসকলৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰা হ’ব ৷ তেওঁলােকৰ ব্যক্তিগত চাহিদা , পঠনীয় বিষয়ৰ প্রতি অনুৰাগ , দৃষ্টিভংগী আৰু সামর্থ্যৰ প্রতি লক্ষ্য ৰাখিহে শিক্ষা প্রদান কৰা হ’ব । শাস্তি প্রদান কৰাৰ ব্যৱস্থা বাদ দি শিশুৰ সুবিধা হােৱাকৈ স্কুলৰ সময় আৰু বন্ধৰ দিন মিলাই লােৱা হ’ব ।
( খ ) স্কুলৰ সুবিধাসমূহ :- প্রাথমিক বিদ্যালয়সমূহক প্রয়ােজনীয় সা – সুবিধাখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগিব । সকলাে সময়ৰ উপযােগীকৈ দুটা ডাঙৰ কোঠা , পুতলা , কলা বাের্ড , চার্ট আৰু আন আন সঁজুলিসমূহ যােগান ধৰিব লাগিব । প্রত্যেকখন বিদ্যালয়তে দুজনকৈ শিক্ষক নিয়ােগ কৰিব লাগিব , তাৰে এগৰাকী মহিলা হােৱাটো বাঞ্ছনীয় । পাৰিলে শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি প্রত্যেক শ্ৰেণীৰ বাবে একোজনকৈ শিক্ষকৰ ব্যৱস্থা কৰিব লাগিব । সমগ্ৰ ৰাষ্ট্রতে বিদ্যালয়বিলাকক ‘ অপাৰেচন ব্লেকবোর্ড ’ আঁচনিৰ মাধ্যমেৰে উন্নত কৰাৰ ব্যৱস্থা সােনকালে ফলপ্রসূ হােৱাকৈ হাতত লােৱা হ’ব । এই ক্ষেত্ৰত স্থানীয় সন্থাসমূহ , স্বেচ্ছাকে অনুষ্ঠান আৰু ব্যক্তিসকলক সম্পূৰ্ণৰূপে জড়িত কৰা হ’ব । N.R.E.P. আৰু R.L.E.G.P. আঁচনিৰ সহায়ত বিদ্যালয়ৰ ঘৰবােৰ নিৰ্মাণৰ ব্যৱস্থা হাতত লােৱা হ’ব ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


Thank you so much sir☺️
WLCM
Education chapter 1 question answer
Thank you Sir☺️
wlcm
Sr I need economics for whole exercise
Please upload in English too.??
Already Uploaded please check…
https://devlibrary.in/class-12-education-solutions/
Please upload this I English medium??
Already Uploaded please check…
https://devlibrary.in/class-12-education-solutions/
Iyat dekhun 7 nmbr chapter r question answer ni a
thank you ?
Thank you so much for your help to us….
Thank you??
Thanks a lot
Thank you so much sir☺️😊
Dear User, we are really glad that you like our Notes. Your support and voice are very important to us.
Thank you so much sir
Thank you so much sir 😊
Thank you so much sir
Sir aponi answer bilak di bhot amak help korise
Sir aponi answer bilak di amak bhot help korise