Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি

Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 5 ( ক ) স্মৃতি আৰু বিস্মৃতি and select needs one.

Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি Solutions for All Subject, You can practice these here…

( ক ) স্মৃতি আৰু বিস্মৃতি

পাঠ: ৫

অতি চমু প্রশ্নোত্তৰ ( ১ নম্বৰৰ প্রশ্ন )

A. তলত দিয়া প্রতিটো উক্তিয়েই শুদ্ধ নে অশুদ্ধ লিখা । 

প্রশ্ন ১। বিস্মৃতিয়ে ৰােমন্থন কার্যত সহায় কৰে । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ২। একেসময়তে এটাতকৈ বেছি কথাত আমি মন বহুৱাব নােৱাৰে । 

প্রশ্ন ৩। ৰাতিতকৈ দিনত আমি বেছিকৈ পাহৰাে ।

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৪। অভ্যাসৰ দ্বাৰা স্মৃতিশক্তি বঢ়াব নােৱাৰি ।

উত্তৰঃ অশুদ্ধ ।

 প্রশ্ন ৫। বিস্মৃতি স্থায়ী হােৱাৰ দৰে অস্থায়ীও হ’ব পাৰে । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৬। স্মৃতিক এটা মানসিক প্রক্রিয়া হিচাপে বিবেচনা কৰে ফেকাল্টি স্কুল অৱ চাইকলজিষ্টে । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৭। শিকনৰ বাবে পুনৰাবৃত্তি প্রয়ােজনীয় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৮। ভাল স্মৃতিশক্তিৰ এটা পূর্ব প্রয়ােজন হ’ল স্বাস্থ্য । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৯। স্মৃতি হ’ল এটা যান্ত্রিক প্রক্রিয়া । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১০। স্মৃতি হ’ল অতীত অভিজ্ঞতাৰ সাম্প্রতিক জ্ঞান । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১১। যেতিয়া পূৰাতন স্মৃতিয়ে নতুন স্মৃতিৰ পুনঃপ্রাপ্তিত ব্যাঘাত জন্মায় , তাক কোৱা হয় বাৰণ । 

প্রশ্ন ১২। মুখস্থকৰণৰ ক্ষেত্ৰত অন্তৰিত শিকনতকৈ সমূহীয়া শিকন অধিক সহায়ক হয় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১৩। শিকনৰ সামগ্রিক পদ্ধতি মুখস্থৰণৰ ক্ষেত্ৰত আংশিক শিকনতকৈ অধিক প্ৰভাৱী হয় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১৪। বন্ধকৰণ হ’ল বিস্মৃতিৰ এটা কাৰণ । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১৫। অর্থহীন শব্দবোৰ স্মৰণ কৰা সহজ । 

উত্তৰঃ অশুদ্ধ । 

প্ৰশ্ন ১৬। অতীত অভিজ্ঞতাৰ উপস্থিতিত স্মৰণ বা চিনাক্তকৰণ সম্ভব হয় । 

উত্তৰঃ শুদ্ধ । 

প্ৰশ্ন ১৭। জ্ঞানেন্দ্রিয় গ্রাহা অভিজ্ঞতাৰ অনুপস্থিতিত স্মৰণ বা চিনাক্তকৰণ সম্ভৱ নহয় । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১৮। স্মৃতিৰ বাবে বিস্মৃতি প্রয়ােজনীয় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১৯। স্মৃতি হ’ল এটা লক্ষণীয় মানসিক শক্তি । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২০। স্মৃতি হ’ল আমাৰ মনৰ এটা সক্রিয় প্রক্রিয়া । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২১। জ্ঞানেন্দ্রিয় গ্রাহ্য অভিজ্ঞতা অবিহনে স্মৃতিয়ে ঠাই ল’ব নােৱাৰে । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২২। স্মৃতিশক্তিৰ ধাৰণ ক্ষমতা নিজস্ব । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ২৩। মনত পেলােৱাতকৈ স্মৰণ বা চিনাক্তকৰণ তুলনামূলকভাবে এটা পৰােক্ষ প্রক্রিয়া । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ২৪। অভ্যস্ত স্মৃতিৰ বাবে আমি পূৰণ নেওঁতা মনত পেলাওঁ । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৫। ভাল স্মৃতি সদায় কর্ম বা ব্যৱহাৰোপযােগী । 

উত্তৰঃ শুদ্ধ ।

B. খালী ঠাই পূৰ কৰা :

প্রশ্ন ২৬। চেতন মনত অতীত অভিজ্ঞতাৰ পুনৰুদ্ভাৱন প্রক্রিয়াক ………..হিচাপে জনা যায় । 

উত্তৰঃ স্মৃতি ।

প্রশ্ন ২৭। ইয়াৰ উপস্থিতিত অতীত অভিজ্ঞতাৰ চিনাক্তকৰণক ………..হিচাপে জনা যায় । 

উত্তৰঃ প্ৰত্যভিজ্ঞা । 

প্রশ্ন ২৮। পুনৰুদ্ভাৱনৰ উদ্দেশ্যৰ উপস্থিতি ……… প্রক্রিয়াত প্রয়ােজনীয় । 

উত্তৰঃ স্মৃতি । 

প্রশ্ন ২৯। সময়ৰ ব্যৱধান হ’ল ………. ৰ এটা কাৰণ । 

উত্তৰঃ বিস্মৃতি । 

প্রশ্ন ৩০। বার্গছৰ মতে স্মৃতি দুই প্রকাৰৰ ………… এটা হ’ল সঁচা স্মৃতি আৰু আনটো প্রকাৰ হ’ল ………. স্মৃতি । 

উত্তৰঃ অভ্যাস ।

প্রশ্ন ৩১। স্মৰণ অক্ষমতা সাধাৰণভাৱে ……….. হিচাপে জনা যায় । 

উত্তৰঃ বিস্মৃতি । 

প্রশ্ন ৩২। শাৰীৰিক কাৰণত হােৱা বিস্মৃতিক ……….বুলি কোৱা হয় । 

উত্তৰঃ অপক্ষয় । 

প্রশ্ন ৩৩। ………. কাৰণবােৰৰ বাবে হােৱা বিস্মৃতি হ’ল প্রতিবন্ধকতাৰ দৰে । 

উত্তৰঃ দৈহিক ।

প্রশ্ন ৩৪। এটা অতীত প্রবৃত্তিৰ উপস্থিতিত হে ……….. সম্ভৱপৰ । 

উত্তৰঃ প্রত্যাভিজ্ঞা । 

প্রশ্ন ৩৫। পশ্চাদ সক্রিয়-অৱদমন হ’ব পাৰে ……….ৰ এটা কাৰণ । 

উত্তৰঃ বিস্মৃতি ।

প্রশ্ন ৩৬। স্মৃতিত থাকে তিনিটা সুকীয়া , কিন্তু আন্তঃসম্পর্কিত উপাদান, সেইবােৰ হ’ল …….. শিকন , ধাৰণ শক্তি আৰু ……….।

উত্তৰঃ প্রত্যাভিজ্ঞ । 

প্রশ্ন ৩৭। স্মৃতিৰ চিন – মােকামবােৰক ……….হিচাপে জনা যায় । 

উত্তৰঃ এনগ্রাম । 

প্রশ্ন ৩৮। যেতিয়া নবীনতম স্মৃতিয়ে পুৰাতন স্মৃতিৰ পুনঃপ্রাপ্তিত ব্যাঘাত জন্মায় , তাক কোৱা হয় …………। 

উত্তৰঃ পশ্চাৎমুখী প্রতিৰোধ । 

প্রশ্ন ৩৯। ব্যৱধান ৰাখি কোনাে কথা শিকাক …….বুলি জনা যায় । 

উত্তৰঃ ব্যৱহৃত পদ্ধতি । 

প্রশ্ন ৪০। ………..বিশ্বাস কৰিছিল যে অভ্যাসৰ জৰিয়তে স্মৃতি শক্তি বঢ়াব পাৰি । 

উত্তৰঃ উইলিয়াম মেকভুগলে । 

প্রশ্ন ৪১। বিস্মৃতি হ’ল সচেতন মনৰ এটা প্রতিক্ষা ব্যৱস্থা । এই মন্তব্য কৰিছিল …………. এ ।

উত্তৰঃ ছিগমাণ্ড ফ্রয়েডে । 

প্রশ্ন ৪২। এজন মানুহে বহুদিন ধৰি লগ নােপােৱা এজন বন্ধুক চিনি পালে । এইটো কৰিব পাৰিলে তেওঁ ………… ৰ সহায়ত । 

উত্তৰঃ প্রত্যাভিজ্ঞা । 

প্রশ্ন ৪৩। ল’ৰালিতে শিকা একেগৰাকী কবিৰ এটা কবিতা স্মৃতিৰ পৰা আবৃত্তি কৰি এজন শিক্ষকে যেতিয়া শিকায় , তেতিয়া সক্রিয় হােৱা স্মৃতিৰ ধৰণটো হ’ল ………..। 

উত্তৰঃ অনুযংগমূলক । 

প্রশ্ন ৪৪। ……….. হ’ল স্মৃতিৰ প্রথম ঢাপ । 

উত্তৰঃ শিক্ষণ ।

প্ৰশ্ন ৪৫। …………. হল স্মৃতিৰ দ্বিতীয় স্তৰ । 

উত্তৰঃ ধাৰণ শক্তি ।

প্রশ্ন ৪৬। …………. হ’ল কল্পনাৰ মানসিক পুনৰুজ্জীৱন । 

উত্তৰঃ স্মৃতি ।

প্রশ্ন ৪৭। মটৰ-গাড়ীৰ যান্ত্রিক কৌশলৰ জৰিয়তে গঠিত স্মৃতিক …………….. বুলি জনা যায় ।

উত্তৰঃ যান্ত্রিক স্মৃতি ।  

প্রশ্ন ৪৮। শিকন আৰু স্মৰণৰ মাজৰ সময়ৰ ব্যৱধান যেতিয়া দীঘলীয়া হয় , তেতিয়া তাক ……..স্মৃতি বুলি কোৱা হয় । 

প্রশ্ন ৪৯। …………স্মৃতি হ’ল যুক্তিসংগত চিন্তা ভিত্তিক । 

উত্তৰঃ যুক্তিযুক্ত স্মৃতি । 

প্ৰশ্ন ৫০। …………..ৰ মতে অভ্যাসৰ দ্বাৰা স্মৃতি শক্তি বঢ়াব পাৰি । 

উত্তৰঃ উইলিয়াম মেকভূগেল ।

প্রশ্ন ৫১। …………. ৰ মতে ধাৰণ ক্ষমতা হল সহজাত । 

উত্তৰঃ স্কাউট ( Sout ) 

প্রশ্ন ৫২। ……………মনােযােগ উদ্দীপকৰ কোনাে প্রভাৱ নাথাকে । 

উত্তৰঃ স্বতঃস্ফূর্ত । 

প্রশ্ন ৫৩। কোনাে এজন ব্যক্তিয়ে আনৰ হস্তক্ষেপ নােহাৱাকৈ ইচ্ছাকৃতভাৱে পৰিবেশৰ কোনাে বস্তু বা বিষয়লৈ প্ৰদান কৰা মনোযােগক ………. মনােযােগ বােলে । 

উত্তৰঃ ঐচ্ছিক ।

প্রশ্ন ৫৪।  স্মৃতি সদায় অতীতমুখী বুলি কোৱা কথাটো শুদ্ধনে ? তেমাৰ উত্তৰৰ সমূৰ্থনত যুক্তি দিয়া । 

উত্তৰঃ শুদ্ধ । কাৰণ অতীত অভিজ্ঞতা নহ’লে স্মৃতি কার্য সম্পন্না নহয় । 

( ঘ ) চমু উত্তৰ দিয়া 

প্রশ্ন ৫২। অতীত অভিজ্ঞতা মনুঃছবিৰ সহায়ত ঘটা মানসিক প্রক্রিয়াটোৰ নাম লিখা । 

উত্তৰঃ স্মৃতি । 

প্রশ্ন ৫৩। স্মৰণ বা চিনাক্তকৰণ কি ? 

উত্তৰঃ পূর্ব অভিজ্ঞতাৰ কোনাে মাধ্যমৰ সহায়েৰে মনলৈ অনাটোৱেই হ’ল স্মৰণ । 

প্রশ্ন ৫৪। মুখস্থকৰণৰ প্ৰথমটো কাৰক কি ? 

উত্তৰঃ অভিজ্ঞতা বা শিক্ষা । 

প্রশ্ন ৫৫। অসদয় অভিজ্ঞতাক সচেতন মনৰ পৰা অৱচেতন পদ্ধতিলৈ প্ৰেৰণ কৰা প্রক্রিয়াটোৰ নাম লিখা । 

উত্তৰঃ অৱদমন ।

প্রশ্ন ৫৬। অভ্যাস স্মৃতি কি ? 

উত্তৰঃ শিক্ষণীয় বিষয়বস্তু বাৰে বাৰে অনুশীলন কৰাৰ ফলত গঠন হােৱা স্মৰণকেই অভ্যাস স্মৃতি বােলে । 

প্রশ্ন ৫৭। সঁচা স্মৃতি কি ? 

উত্তৰঃ দৈহিক ক্রিয়াৰ ওপৰত নিৰ্ভৰ নকৰাকৈ সম্পূর্ণৰূপে মনত সংৰক্ষিত প্রতিৰূপ ওপৰত নিৰ্ভৰশীল হােৱা স্মৃতিকেই সঁচা স্মৃতি বুলি কোৱা হয় । 

প্রশ্ন ৫৮। মনত পেলােৱাতকৈ চিনাক্তকৰণ কিয় সহজ ?

উত্তৰঃ চিনাক্তকৰণত অতীত উদ্দীপক উপস্থিত থাকে । 

প্রশ্ন ৫৯। বহুতৰ মাজৰ পৰা বাছনি কৰিবলগীয়া বিষয়ৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত কাম কৰা প্রক্রিয়াটো উল্লেখ কৰা । 

উত্তৰঃ প্ৰত্যাভিজ্ঞা । 

প্রশ্ন ৬০। তাৎক্ষণিক স্মৃতিৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ শ্ৰুতলিপি লিখা ।

প্রশ্ন ৬১। ক’লাই আমাক বগাৰ কথা মনত পেলাই দিয়ে ’ – কিয় ? 

উত্তৰঃ অনুষংগ স্মৃতিৰ ফলত ক’লাই আমাক বগাৰ কথা মনত পেলাই দিয়ে । 

প্রশ্ন ৬২। ‘ছােৱালীজনীৰ মুখনিয়ে আমাক তাইৰ মাকৰ কথা মনত পেলাই দিয়ে ‘ — কিয় ? 

উত্তৰঃ যেতিয়া কোনাে বস্তুৰ লগত আন এটা বস্তু জড়িত হৈ থাকে তেতিয়া সিহঁতৰ এটাক স্মৰণ কৰা লগে লগে আনটো কথাও মনত পৰে । 

প্রশ্ন ৬৩। কবিতা কিয় অধিক সহজতে মুখস্থ কৰিব পাৰি ? 

উত্তৰঃ কাৰণ কবিতাৰ অৰ্থ বুজিবলৈ চেষ্টা নকৰাকৈ আমি মনত ৰখাৰ ওপৰত গুৰুত্ব দিওঁ আৰু সহজতে মুখস্থ হয় । 

প্রশ্ন ৬৪। স্মৰণতকৈ প্রত্যাভিজ্ঞা কিয় সহজ ? 

উত্তৰঃ স্মৰণতকৈ প্রত্যাভিজ্ঞ সহজ কাৰণ প্রত্যাভিজ্ঞাত অতীত উদ্দীপক উপস্থিত থাকে । উদাহৰণস্বৰূপে কোবা বছৰৰ মূৰত পুৰণি বান্ধৱী এজনীক লগ পালে অতীত অভিজ্ঞতাৰ সহায়েৰে চিনাক্তকৰণ কৰিবলৈ সহজ হয় । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top