Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি

Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 5 ( ক ) স্মৃতি আৰু বিস্মৃতি and select needs one.

Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 5 ( ক ) স্মৃতি আৰু বিস্মৃতি Solutions for All Subject, You can practice these here…

 ৰচনাধর্মী প্রশ্নোত্তৰ ( মূল্যাংক -৫ / ৬ ) 

প্রশ্ন ১। স্মৃতি কি ? ইয়াৰ ব্যৱস্থাটো বা স্মৃতিৰ উপাদানসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ মানৱ মন বিভিন্ন ক্রিয়া ক্ষমতাৰ অধিকাৰী । ইয়াৰ ভিতৰত স্মৃতি অন্যতম । সহজভাৱে ক’বলৈ গ’লে বাস্তৱৰ ইন্দ্রিয় অভিজ্ঞতাৰ চাপ , প্রভাৱ বা প্রতিপক মনত ধৰি ৰখা আৰু তাক পৰৱৰ্তী কালত হুবহু পুনৰুদ্ধাৰ কৰিব পৰা ক্রিয়া – ক্ষমতাকেই স্মৃতি বুলিব পাৰি । 

এই স্মৃতি প্রক্রিয়াৰ লগত জড়িত বিভিন্ন মানসিক দিশসমূহ তলত উল্লেখ কৰা হ’ল— 

( ১ ) অভিজ্ঞতা আহৰণ :- স্মৃতিৰ বাবে সর্বপ্রথম চর্ত হৈছে শিকনৰ যােগেদি অভিজ্ঞতাক আহৰণ কৰা । যি বিষয়ত আমাৰ কোনাে অভিজ্ঞতা লাভ হােৱা নাই তেনে বিষয়ৰ স্মৰণ কেতিয়াও সম্ভৱ হ’ব নােৱাৰে ।

( ২ ) সংৰক্ষণ :- মনে অভিজ্ঞতাৰ সাঁচ সংৰক্ষণ কৰি ৰাখিব পাৰে কাৰণেহে বৰ্তমান লাভ কৰা কোনাে অভিজ্ঞতা পিছত স্মৰণ কৰাটো সম্ভব হয় । মনৰ এই গুণটো নথকা হ’লে এসময়ত শিকা কোনাে কথাকেই পিছত স্মৰণ কৰাটো সম্ভৱ নহ’লহেঁতেন । 

( ৩ ) পুনঃস্মৰণ :- সংৰক্ষিত অভিজ্ঞতাৰ চেতন মনত পুনৰুদ্রেক ঘটোৱাই হ’ল পুনঃস্মৰণ । ইয়াৰ বাবে শিকন আৰু সংৰক্ষণৰ প্রয়ােজন । পূর্ব অভিজ্ঞতাৰ সাঁচ মনত যিমানে গভীৰ আৰু স্পষ্ট হয় , সেই অভিজ্ঞতাৰ পুনঃস্মৰণণো সিমান সহজ হয় । ব্যক্তিৰ বুদ্ধি বৃত্তি আৰু সুস্থ মানসিক সংগঠন শক্তিৰ ওপৰত পুনঃস্মৰণ নিৰ্ভৰ কৰে । 

( ৪ ) প্রত্যাভিজ্ঞা :- ইন্দ্রিয়গ্রাহ্য অৱস্থাত থকা কোনাে বস্তু বা বিষয়ক পূর্ব অভিজ্ঞতাৰ সহায়েৰে চিনাক্ত কৰা কাৰ্যই হৈছে প্রত্যাভিজ্ঞ । আগতে জন্য কোনাে ব্যক্তিৰ নাম মনত পেলাবলৈ দিলে যিমান কষ্ট হয় কেইটামান নাম দি তাৰ ভিতৰত সেই ব্যক্তিজনৰ নাম চিনাক্ত কৰিবলৈ দিলে চিনাক্ত কৰাটো সিমান কষ্টকৰ নহয় । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন ২। স্মৃতি কি ? স্মৃতিৰ কেইটামান সূত্র দিয়া । 

উত্তৰঃ প্রত্যেক মানুহৰ মনৰ ঘাইকৈ দুটা স্তৰ থাকে— 

( ১ ) সচেতন ।

( ২ ) অচেতন । 

দৈনন্দিন জীৱনত যি শিক্ষণ আৰু অভিজ্ঞতা লাভ কৰা হয় সেইসমূহ মনৰ চেতন ভাগত সঞ্চিত হৈ থাকে । স্মৃতি এনে এক প্রক্রিয়া যাৰ সহায়েৰে মনত সঞ্চিত থকা অতীত অভিজ্ঞতা আৰু শিক্ষণ পুনঃস্মৰণ কৰিবলৈ মানুহ সমর্থ হয় । 

বহুবছৰ পূর্বে শক্তিত্ববাদী ( Faculty Theorist ) নামৰ মনােবিজ্ঞানীসকলে মানুহৰ মনটো কেতবােৰ বিশেষ শক্তিৰ আধাৰ বুলি গণ্য কৰিছিল । তেখেতসকলৰ মতে স্মৃতি এক মানসিক শক্তি , ই জন্মলব্ধ শক্তি আৰু সেয়েহে ব্যক্তিবিশেষে স্মৃতিৰ পার্থক্য পৰিলক্ষিত হয় বুলি কোৱা হৈছিল । এই শক্তিতত্ত্ববাদীসকলৰ মতে স্মৃতি উন্নতি সাধন সম্ভৱ শিক্ষণ আৰু প্ৰশিক্ষণৰ যােগেদি । 

কিন্তু আধুনিক মনােবিদসকলে শক্তিবাদীসকলৰ মতৰ বিৰোধিতা কৰিছে । তেওঁলােকৰ মতে স্মৃতি কোনাে মানসিক শক্তি নহয় , ই এক মানসিক প্রক্রিয়াহে । তেওঁলােকৰ মতে এই প্রক্রিয়াৰ জৰিয়তে আমাৰ পঞ্চন্দ্ৰিয়ৰ দ্বাৰা আহৰণ কৰি মনত সঞ্চিত কৰা বিভিন্ন জ্ঞান ,অভিজ্ঞতাৰ ছাপ বা প্রতিপসমূহ পুনঃস্মৰণ কৰা হয় । এই মানসিক প্রক্রিয়াত তিনিধৰণৰ ক্রিয়া নিহিত হৈ থাকে— 

( ক ) পৰিবেশৰ পৰা শিক্ষণ আৰু অভিজ্ঞতা আহৰণ ( Learning and Collection of experience )।

( খ ) সেইসমূহৰ প্ৰতিৰূপ মনত সঞ্চিতকৰণ ( Retention )।

( গ ) প্রয়ােজনসাপেক্ষে প্রতিরূপৰ পুনঃস্মৰণ বা পুনৰুদ্ধাৰ ( Recall and Recognition ) । 

স্মৃতিৰ সংজ্ঞা :- ( ১ ) বিশিষ্ট মনােবিদ মেকডুগলে ( Mc . Dougall ) স্মৃতিৰ সম্পর্কে সংজ্ঞা এনেধৰণে দিছে— “ অতি সীমিত বা সংকীর্ণ অর্থত স্মৃতি বা স্মৰণ ক্রিয়া । হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহৰ মনত কল্পনা কৰা । ” ( “ In the strictest or narrowest sense memory or remembering implies imagining of events as experienced in the past ” ) . 

( ২ ) যেমচ এছ ৰ’ছৰ মতে, ( James . S. Ross ) “ স্মৃতি হৈছে পূর্ব অভিজ্ঞতাৰ প্রৱণতাৰ দ্বাৰা নিৰ্ধাৰিত এক নতুন অভিজ্ঞতা । এই দুয়ােবিধৰ মাজৰ সম্বন্ধ স্পষ্টভাৱে অনুমেয় । ” 

( “ A memory is a new experience determined by the dispositions laid down by a previous experience , the relation be tween the two clearly apprehended . ” ) 

( ৩ ) প্রখ্যাত মনােবিদ ষ্টাউটৰ ( Stout ) মতে— ‘স্মৃতি হৈছে এক নিখুঁত পুনৰ উদ্দীপন কার্য । য’ত অতীত অভিজ্ঞতাৰ বিষয়বস্তুসমূহ যিমান দূৰ সম্ভৱ পূৰ্বৰ বিন্যাস আৰু ধৰণ অনুযায়ী পুনৰ প্ৰতিষ্ঠা কৰা হয় । ” ( Memory is the ideal revival …… , in which the object of past experiences are reinstated as much as possible in the order and manner of their original occurance . ” ) 

Sl. No.Contents
Chapter 1অসম আৰু ভাৰতৰ মাধ্যমিক শিক্ষা
Chapter 2অনানুষ্ঠানিক শিক্ষা
Chapter 3 শিক্ষাৰ চলিত ধাৰাসমূহ
Chapter 4শিক্ষন
Chapter 5( ক ) স্মৃতি আৰু বিস্মৃতি
Chapter 5( খ ) মনােযােগ আৰু আগ্রহ
Chapter 6মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিধি

প্রশ্ন ৩। স্মৃতিৰ সূত্র দিয়া । স্মৃতি অহাৰ বাবে প্রয়ােজনীয় তিনিটা বিষয় কি কি ? 

উত্তৰঃ সাধাৰণ অৰ্থত অভিজ্ঞতাসমূহৰ মাজৰ পৰা কিছুমান কথা মনত থাকি যায় আৰু প্রয়ােজন অনুসৰি মনত পেলােৱা হয় । এই মনত পেলােৱা কার্যকে স্মৃতি বুলি কোৱা হয় । 

মনােবৈজ্ঞানিক Stout ৰ মতে স্মৃতি হ’ল অভিজ্ঞতাৰ হুবহু পুনৰুজ্জীৱন ক্রিয়া অথবা পুনৰােক্তি । 

Adams ৰ মতে স্মৃতি হ’ল কোনাে সময়ৰ শিকনৰ পৰিমাণক সংৰক্ষণেৰে জুৰি লােৱা এটা প্রক্রিয়া মাথোন । 

James ৰ মতে স্মৃতি হ’ল অভিজ্ঞতাৰ জীৱন্ত বৈশিষ্ট্য ; যত পাৰ হৈ যােৱা ফলাফল সমূহে ভৱিষ্যতৰ অভিজ্ঞতাত সহায় কৰে । স্মৃতি অহাৰ বাবে প্রয়ােজনীয় তিনিটা বিষয় হল – 

( a ) শিকন :- কোনাে এটা কাম কৰিলে নাইবা নতুনকৈ শিকিলে তাত অভিজ্ঞতা হয় আৰু অভিজ্ঞতাৰ বাবে মনত পেলােৱা হয় । স্মৰণৰ বাবে পূর্ব অভিজ্ঞতা পৰিচিত ।

( b ) সংৰক্ষণ :- যিকোনাে অভিজ্ঞতাৰ সাঁচ মনত যত্নৰে সাঁচি ৰখাকে সংৰক্ষণ বােলে । স্মৃতি হ’ব হ’লে পূর্ব অভিজ্ঞতা সংৰক্ষণ কৰি ৰখাটো অতি প্রয়ােজনীয় । 

( c ) পুনঃস্মৰণ :- পূর্ব অভিজ্ঞতাৰ কোনাে মাধ্যমৰ সহায়েৰে মনলৈ অনাটোৱেই হ’ল পুনঃস্মৰণ । পূর্ব অভিজ্ঞতাৰ হুবহু ৰূপটো নিজস্ব স্তৰত থাকি যায় আৰু পুনঃস্মৰণে তাক উত্থাপিত কৰে । 

প্রশ্ন ৪। স্মৃতিৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ( ১ ) স্মৃতিৰ বাবে প্রত্যক্ষ ইন্দ্রিয় অভিজ্ঞতাৰ প্রয়ােজন । 

( ২ ) অতীত অভিজ্ঞতাৰ প্রতিৰূপ হুবহুৰূপে মনত সংৰক্ষণ কৰা ক্ষমতাৰ ওপৰতে স্মৃতি নির্ভৰ কৰে । 

( ৩ ) স্মৃতি স্থায়ী ৰূপ পাবৰ বাবে অভিজ্ঞতাৰ পুনৰাবৃত্তিৰ প্রয়ােজন । 

( ৪ ) স্মৃতি ক্রিয়া চাৰিটা পর্যায়ত বিভক্ত কৰিব পাৰি যেনে— অভিজ্ঞতা অর্জন , সংৰক্ষণ আৰু তাৰ পুনৰুদ্দীপন আৰু প্রত্যাভিজ্ঞা । 

( ৫ ) স্মৃতি ক্রিয়াত অচেতন মতে বিশেষ প্ৰভাৱ পেলায় । ইয়াৰ ফলস্বৰূপে অভিজ্ঞতাৰ কিছু অংশ পাহৰণিৰ গৰাহত পৰে আৰু ইয়াকে বিস্মৃতি বােলে ।

( ৬ ) মনােযােগ , আগ্রহ আৰু কৌতুহলৰ দ্বাৰা স্মৃতি কার্য বহু পৰিমাণে প্রভাবিত হয় । 

প্রশ্ন ৫। ভাল স্মৃতিৰ চিনবােৰ কি কি ?

উত্তৰঃ স্মৃতিৰ কেইটামান উল্লেখযােগ্য বৈশিষ্ট্যৰ বিষয়ে তলত আলােচনা কৰা হ’ল— 

( ক ) ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতাৰ প্রয়ােজন ( Need of sensory experience ) :- আমাৰ সকলােৰে শৰীৰত পাঁচবিধ ইন্দ্রিয় আছে । স্মৃতি লাভৰ বাবে ইন্দ্ৰিয়ৰ প্ৰয়ােগৰ সহায়েৰে শিক্ষণ অথবা অভিজ্ঞতা আয়ত্তকৰণ অতিশয় প্রয়ােজন । 

( খ ) সংৰক্ষণ কার্যৰ আৱশ্যকীয়তা ( Need of Retention ) :- প্রত্যেক ব্যক্তিৰেই মনৰ সংৰক্ষণৰ ক্ষমতা আছে । এই ক্ষমতা জন্মগত ই শক্তি প্রয়ােগৰ দ্বাৰাই স্মৃতি লাভৰ বাবে বিভিন্ন অভিজ্ঞতাৰ ছাপ মনত সংৰক্ষিত কৰি ৰখা হয় । 

( গ ) পুনঃস্মৰণৰ প্রয়ােজন ( Need of Recalling ) :- স্মৃতিৰ আন এক উল্লেখযােগ্য বৈশিষ্ট্য হল স্মৃতিক লাভৰ বাবে সঠিক পুনঃস্মৰণৰ প্রয়ােজন বাঞ্ছনীয় । 

( ঘ ) অচেতন মনৰ ভূমিকা ( Role of Unconscious mind ) :- আমাৰ সকলােৰে মনৰ দুটা ভাগ থাকে— সচেতন আৰু অচেতন । অতীত অভিজ্ঞতা পুনঃউদ্দীপকৰ ক্ষেত্ৰত অচেতন মনে এক বিশেষ ভূমিকা পালন কৰা দেখা যায় । মনােবিদসকলৰ মতে , চেতনাই সাধাৰণতে সুখদায়ক বা আনন্দ দায়ক অভিজ্ঞতাসমূহ সংৰক্ষণত সহায় কৰে আৰু ই মানুহক জীৱনৰ দুখদায়ক অভিজ্ঞতাসমূহ পাহৰি যােৱাত সহায় কৰে । 

( ঙ ) পুনৰাবৃত্তিৰ প্ৰয়ােজন ( Need of repetition ) :- যিকোনাে শিক্ষণ বা অভিজ্ঞতাৰ সংৰক্ষণৰ বাবে পুনৰাবৃত্তিব অতি প্রয়ােজন । পুনৰাবৃত্তিয়ে স্মৃতি লাভত বিশেষ সহায় কৰে । যিকোনাে শিক্ষণ বা অভিজ্ঞতা লাভৰ পাছত যদি পুনৰাবৃত্তি কৰা নহয় , তেনেহলে পাহৰণিৰ প্রভাৱ বেছি হয় ।

( চ ) সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতা ( Need of good mental health ) :- মানসিক স্বাস্থ্য অসুস্থ বা দুর্বল হলে ব্যক্তিয়ে শিক্ষণ বা অভিজ্ঞতা যুক্তি সংগতভাৱে লাভ কৰিবলৈ অসমর্থ হয় । ইয়াৰ ফলত স্মৃতি লাভৰ ক্ষেত্ৰতাে বিপর্যয় ঘটিব পাৰে । গতিকে সঠিক পুনঃস্মৰণৰ বাবে সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যক । 

প্রশ্ন ৬। মনত পেলােৱা কি ? মনত পেলােৱাৰ সৈতে সম্পর্কিত কেইটামান মনস্তাত্বিক কাৰক ব্যাখ্যা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিব চেষ্টা কৰিবা ।

প্রশ্ন ৭। বিস্মৃতি কি ? ইয়াৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা । 

উত্তৰঃ বিস্মৃতিৰ অৰ্থঃ স্মৃতিৰ বিপৰীত গুণকে বিস্মৃতি বুলি কোৱা হয় । অতীতৰ প্রত্যেক অভিজ্ঞতাৰ কথা মনত পেলােৱা আমাৰ বাবে সম্ভৱ নহয় । অতীত অভিজ্ঞতা চেতন মনত পুনৰুদ্রেক কৰাৰ অক্ষমতাই হ’ল বিস্মৃতি । বিস্মৃতিৰ বৈশিষ্ট্যসমূহ হ’ল – 

( i ) ইন্দ্রিয় অভিজ্ঞতাৰ প্ৰতিৰূপ সংৰক্ষণত দেখা দিয়া অক্ষমতাই হৈছে বিস্মৃতি । 

( ii ) বিস্মৃতি হৈছেপ্রতিৰূপ সংৰক্ষণ আৰু তাৰ পুনঃস্মৰণ কাৰ্যৰ এক মধ্যবর্তী অৱস্থাস্বৰূপ । 

( iii ) দুখদায়ক অভিজ্ঞতাৰ স্মৃতিয়ে পীড়িত কৰিব নােৱৰাকৈ বিস্মৃতিয়ে সচেতন মনত এক প্রতিক্ষা ব্যৱস্থাস্বৰূপে কাম কৰে । 

( iv ) বিস্মৃতি হৈছে মনৰ স্মৃতিৰক্ষাৰ সহায়কাৰী এক প্রয়ােজনীয় চৰ্ত বিশেষ । 

( v ) বিস্মৃতিক প্রকৃত শিক্ষণৰ এক যুক্তিকৰণ কাৰ্যস্বৰূপে গণ্য কৰিব পাৰি । 

( vi ) জিৰণিৰ অৱস্থাতকৈ কর্মব্যস্ত অৱস্থাত বিস্মৃতিৰ অধিক প্ৰভাৱ পৰে । 

প্রশ্ন ৮। স্মৃতিৰ কিদৰে উন্নতি সাধিব পাৰি ব্যাখ্যা কৰা । 

উত্তৰঃ শিক্ষণ কালত উপযুক্ত পদ্ধতি আৰু প্রচেষ্টা অৱলম্বন কৰি শিক্ষণীয় বিষয়ৰ স্মৃতি অধিক স্থায়ী কৰিব পাৰি । সেই সমূহ হ’ল— 

( ১ ) আগ্রহ :- আগ্রহ হৈছে কোনাে বিষয়ৰ স্মৃতি সংৰক্ষণৰ সবাটোকৈ প্রয়ােজনীয় মানসিক অৱস্থা । কোনাে বিষয়ৰ জ্ঞান লাভ কৰিবলৈ হ’লে প্ৰৱল আগ্রহ প্রয়ােজন । আগ্রহে শিক্ষণ স্মৃতি মনত সজীৱ আৰু সক্রিয় কৰি ৰাখে । 

( ২ ) অভিপ্রায় :- যি কোনাে কথা শিকাৰ আগতে ইয়াৰ এটা নির্দিষ্ট লক্ষ্য বা উদ্দেশে স্থিৰ কৰি ললে , সেই কথাৰ স্মৃতি চিৰস্থায়ী আৰু সহজলভ্য হয় । শিক্ষণ বিষয়ৰ অভিপ্রায় সম্বন্ধে থকা স্পষ্ট ধাৰণাই সেই বিষয়ৰ স্মৃতি ৰক্ষা কৰাতে সহায় কৰে । 

( ৩ ) অনুৰাগ সৃষ্টি :- কোনাে বিষয়ৰ প্রতি স্মৃতি দীর্ঘস্থায়ী কৰিবৰ বাবে প্রথমে সেই বিষয়টোৰ প্ৰতি গভীৰ অনুৰাগ জন্মাব লাগিব । অনুৰাগবিহীন শিক্ষাই মনত প্রতিক্রিয়াৰ সৃষ্টি কৰিব নােৱাৰা বাবে সহজে বিস্মৃত হয় । 

( ৪ ) অধিক ইন্দ্ৰিয়ৰ ব্যৱহাৰ :- যিমানেই পঞ্চ ইন্দ্রিয়ক বেছি উপযুক্তভাৱে ব্যৱহাৰ কৰি শিক্ষা লাভ কৰা হয় সিমানেই শিক্ষণীয় বিষয় সহজে মনত ৰৈ যায় । সেয়েহে অজিকালি শিক্ষণ কার্যত দৃশ্য শ্ৰব্যৰ অনুষ্ঠান ব্যৱহাৰ কৰা হয় ।

( ৫ ) প্রতিৰূপৰ ব্যৱহাৰ :- শিক্ষণ অভিজ্ঞতাক প্ৰতিৰূপৰ যােগেদিহে মনত সংৰক্ষণ আৰু পুনৰুদ্দীপন কৰিব পাৰি । সেইবাবে শিক্ষণীয় বিষয়ৰ স্মৃতি ৰক্ষা ক’বলৈ শিক্ষণ কালত প্রতিৰূপৰ উপযুক্ত প্রয়ােগৰ দৰকাৰ । 

( ৬ ) ছন্দৰ প্ৰয়ােগৰ শিক্ষণীয়:- কিছুমান বিষয় বিশেষকৈ কবিতাসমূহ সুৰ লগাই পঢ়ি ছন্দৰ প্ৰয়ােগ কৰিব পাৰিলে অধিক মনােগ্রাহী আৰু ইয়াৰ স্মৃতি দীর্ঘস্থায়ী হয় । বিশেষকৈ প্রাক প্রাথমিক শিক্ষা কালত ছন্দ , সুৰ , তাল ঝংকাৰ আদিৰ প্ৰয়ােগেৰে কণ কণ শিশুৰ স্মৃতি দীর্ঘস্থায়ী হয় । 

( ৭ ) পুনৰাবৃত্তি আৰু অনুশীলন :- শিক্ষণীয় কোনাে বিষয়ৰ স্মৃতি দীর্ঘস্থায়ী কৰিবৰ বাবে ইয়াৰ পুনৰাবৃত্তি আৰু অনুশীলনৰ প্রয়ােজন । মনােবিজ্ঞানী থর্নডাইকে এই কথা পৰীক্ষাৰে , প্রমাণ কৰি দেখুৱাইছিল । 

( ৮ ) অখণ্ড পদ্ধতি :- ব্যক্তিয়ে কোনাে কথা খণ্ড খণ্ড কৰি নিশিকি যদি একেবাৰতে অখণ্ড হিচাপে শিকি তাৰ জ্ঞান লাভ কৰে ; ইয়াকে অখণ্ড পদ্ধতি বােলা হয় । এই পদ্ধতি খণ্ড পদ্ধতিতকৈ অধিক কার্যকৰী হয় স্মৃতি শক্তি সংৰক্ষণৰ বাবে । 

( ৯ ) জিৰণি :- যি কোনাে বিষয় শিকাৰ পাছত কিছু সময় জিৰণিৰ প্রয়ােজন । সুস্থ আৰু সবল স্মৃতি লাভৰ বাবে জিৰণিৰ প্ৰয়ােজন । 

( ১০ ) অনুকূল পৰিৱেশ :- শিক্ষণৰ বাবে এক উপযুক্ত পৰিৱেশৰ প্রয়ােজন । পৰিৱেশ প্রতিকূল হলে বা পৰিৱেশৰ পৰিৱৰ্তন হ’লে মনােযােগত বাধা পৰে আৰু সংৰক্ষণ কার্য ভালদৰে সম্পন্ন নহয় । 

প্রশ্ন ৯। বিস্মৃতিৰ গুৰুত্বপূর্ণ কাৰণবােৰ লিখা । 

উত্তৰঃ মনােবিদসকলে বিস্মৃতিৰ বহুতাে কাৰণ উদ্ভাৱন কৰিছে । এই কাৰণসমূহক দুটা ভাগত ভাগ কৰিব পাৰি শাৰীৰিক বা দৈহিক কাৰণ আৰু মানসিক কাৰণ । শাৰীৰিক কাৰণৰ ফলত হােৱা বিস্মৃতিক মনােবিজ্ঞানত স্নান হােৱা ’ বা অস্পষ্ট ‘ ( Fading ) আৰু মানসিক কাৰণৰ ফলত হােৱা পাহৰণিক ‘ গতিৰূধ বা ৰূদ্ধ হােৱা ’ ( Blocking ) বুলি কোৱা হয় । এই কাৰণসমূহ তলত আলােচনা কৰা হ’ল— 

( ১ ) শাৰীৰিক বা দৈহিক কাৰণ ( Physical causes of Forgetting ) :– পাহৰণিৰ দৈহিক কাৰণ বিভিন্ন হ’ব পাৰে । যেনে— 

( ক ) বৃদ্ধাৱস্থা old age ) :- বয়স্ক লােকৰ ক্ষেত্ৰত পাহৰণি বেছিকৈ পৰিলক্ষিত হয় । 

( খ ) মগজুৰ আঘাত ( Brain Injury ) :- কোনাে দুর্ঘটনা বা দুৰাৰােগ্যৰ ফলত মগজুৰ কোনাে ভাগ আঘাত প্রাপ্ত হয় , তেতিয়া বিস্মৃতি হ’ব পাৰে । 

( গ ) শাৰীৰিক ক্লান্তি বা ভাগৰ ( Physical Tiredness ) :- দীঘলীয়া সময়জুৰি জিৰণি নােলােৱাকৈ পৰিশ্ৰম কৰিলে দেহৰ স্নায়ুতন্ত্র ঘাইকৈ মগজু অৱসাদগ্রস্থ হৈ পৰে , ফলত পাহৰণিৰ সৃষ্টি হয় ।

( ঘ ) পুনৰাবৃত্তিৰ অভাৱ ( Lack of repetition ) :- যিকোনাে বিষয়ৰ কথা মনত ৰাখিবৰ বাবে পুনৰাবৃত্তিৰ প্রয়ােজন । পুনৰাবৃত্তি বা চৰ্চাৰ অভাৱত যিকোনাে শিক্ষণ , অভিজ্ঞতা সহজেই বিস্মৃতিৰ গৰাহত পৰে । 

( ঙ ) ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰৰ ফলত শিক্ষণীয় বিষয় পাহৰণিৰ গৰ্ভত পৰে । 

( চ ) হঠাৎ পৰিবেশৰ পৰিবৰ্তনে শিক্ষণীয় বিষয়ৰ স্মৰণত কেতিয়াবা বাধাৰ সৃষ্টি কৰে । 

( ২ ) মানসিক কাৰণ ( Mental causes of Forgetting ) :- 

( ক ) আগ্রহবিহীন শিক্ষণ ( Learning without interest ) :- শিক্ষণ অভিজ্ঞতা যদি আগ্রহ সহকাৰে গ্ৰহণ কৰা নহয় , তেনেহ’লে সেই শিক্ষণৰ ছাপ মনৰ পৰা সােনকালে আঁতৰি যােৱাৰ সম্ভাৱনা থাকে । গতিকে মনােবিদসকলৰ মতে আগ্রহ বিহীনভাৱে আয়ত্ত কৰা শিক্ষণ অভিজ্ঞতা ক্ষণস্থায়ী । 

( খ ) পশ্চাৎমুখী প্রতিবােধ ( Retroactive Inhibition ) :- মনােবিদ এছ এছ চৌহানৰ মতে , “ পশ্চাৎমুখী প্রতিৰোধৰ অৰ্থ হ’ল কিবা এটা প্রতিৰোধৰ বাবে কিবা এবিধে পশ্চাৎমুখী হৈ ক্ৰিয়া কৰে ।” ( Retroactive inhibition means that something works back ward to block something else ” . ) এনে পশ্চাৎম্মুখী প্রতিবৰোধৰ সৃষ্টি হয় যেতিয়া সময়ৰ ব্যৱধান নৰখাকৈ দুটা ভিন্ন বিষয়ৰ শিক্ষণ লাভ কৰিবলৈ যত্ন কৰা হয় । তেনেক্ষেত্ৰত দ্বিতীয় শিক্ষণে প্রথম শিক্ষণৰ স্মৃতি ৰক্ষাত এক মানসিক বাধাৰ সৃষ্টি কৰে । ইয়াকে কোৱা হয় “ পশ্চাৎমুখী প্রতিৰােধ ” । 

( গ ) দমন কার্য ( Repression ) :- আমাৰ মনত দমন আৰু অৱদমন ক্ষমতা আছে । ই এক জটিল মানসিক ক্রিয়া , যাৰ দ্বাৰা জীৱনৰ অসম্পূর্ণ ইচ্ছা বাসনা , তীক্ত অভিজ্ঞতা ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দূৰ কৰি অচেতন মনত দমন কৰি ৰাখিব পাৰি । মনােবিদ ফ্রয়েডে সেয়েহে অৱদমনক ইচ্ছাকৃত পাহৰণি কার্য বুলি অভিহিত কৰিছে । কিন্তু অতিমাত্রা অৱদমন মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । 

( ঘ ) আবেগিক আলােড়ন ( EmotionalTurmoil ) :- আবেগসমূহপ্রবৃত্তিৰ লগত জন্মলব্ধ । সকলাে ব্যক্তিয়েই বিভিন্ন আবেগ , যেনে মৰম – ভালপােৱা , ভয় , ক্রোধ , ঈর্ষা , হিংসা আদিৰ দ্বাৰা সময়ে সময়ে প্রভাৱিত হয় । কেতিয়াবা কিবা বিশেষ কাৰণ বা বিৰূপ পৰিস্থিতিৰ বাবে ব্যক্তিয়ে আবেগিক আলােড়নত ভুগিত পাৰে । এনে আবেগিক আলােড়নে বিস্মৃতিত সহায় কৰে । 

( ঙ ) শিক্ষণৰ সমাপ্তিকৰণ ( Termination of learning ) :- শিক্ষণ এবিধ সক্রিয় মানসিক ক্রিয়া । ইয়াৰ লগত আন আন মানসিক গুণৰ দৰে স্মৃতিও জড়িত । যেতিয়ালৈকে কোনাে এটা বিষয়ে শিক্ষণ লাভ কৰি থকা হয় , তেতিয়ালৈকে স্মৃতিও সক্রিয় হৈ থাকে । কিন্তু বিষয়টোৰ শিক্ষণ সমাপ্ত হােৱাৰ পাছত বিস্মৃতি আৰম্ভ হ’বলৈ ধৰে । 

প্রশ্ন ১০। বিভিন্ন ধৰণৰ স্মৃতিৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ অতীজতে স্মৃতি শক্তি বিশেষ এক প্রকাৰ মানসিক শক্তি বুলি নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু আধুনিক মনােবিদসকলৰ মতে স্মৃতিৰ বিভিন্ন প্রকাৰৰ আছে ।

মনােবিদ বার্গছনৰ ( Bergson ) মতে স্মৃতি দুই প্রকাৰৰ –

১ । অভ্যাসগত ।

 ২। প্রকৃত স্মৃতি । 

১। অভ্যাসগত স্মৃতি :- শিক্ষণীয় বিষয় পুনঃচর্চা কৰাৰ ফলত মনত যি সাঁচ পৰে তাকে অভ্যাসগত স্মৃতি বােলে । ক্ৰিয়াৰ দৈহিক পুনৰাবৃত্তিয়ে উদ্দীপক আৰু প্রতিক্রিয়াৰ সংযােগ সজীৱ আৰু সক্রিয় কৰি ৰাখে । গতিকে ই এক যান্ত্রিক স্মৃতি , ই মনৰ প্রতিৰূপ অথবা স্মৰণশক্তিৰ ওপৰত নিৰ্ভৰ নকৰে । এই প্রক্রিয়াৰ দ্বাৰা পঠনীয় বিষয়বস্তুৰ তাৎপর্য বা অন্তর্নিহিত অর্থ উপলব্ধি নকৰাকৈয়ে মুখস্থ কৰা হয় । অৱশ্যে চৰ্চাৰ অভাৱে তাৰ ব্যতিক্রম ঘটোৱাও দেখা যায় । অভ্যাসগত স্মৃতিক দুই ভাগত ভাগ কৰিব পাৰি— 

( ক ) তৎকালীন স্মৃতি ( Immediate memory ) । আৰু 

( খ ) দীর্ঘকালীন স্মৃতি ( remote memory ) । 

অভ্যাসগত স্মৃতিয়ে সময়ৰ অপচয় ৰােধ কৰে যদিও মনৰ বিকাশ সাধনত অকণে সহায় নকৰে । অৱশ্যে বিভিন্ন বিষয় শিকাৰ ক্ষেত্ৰত যেনে বানান , কবিতা , নেওঁতা আদি শিকাৰ ক্ষেত্ৰত এই ধৰণৰ স্মৃতিৰ প্রয়ােজন হয় ।

( ক ) তৎকালীন স্মৃতি :- তৎকালীন স্মৃতি হৈছে অভ্যাস স্মৃতিৰ এটি ভাগ । সময়ৰ ব্যৱধানৰ মাত্রাই হৈছে এইবিধ অভ্যাস স্মৃতিৰ মূল বিষয়বস্তু । কোনাে বিষয়বস্তু শিকাৰ পাছত কম সময়ৰ ব্যৱধানত স্মৰণ কৰাকে তৎকালীন স্মৃতি বােলা হয় । এইবিধ স্মৃতিত শিক্ষণ আৰু তাৰ স্মৃতি উদ্ধাৰৰ মাজত সময়ৰ ব্যৱধান অতি কম হয় । উদাহৰণস্বৰূপে যিসকল শিক্ষার্থীয়ে পৰীক্ষাৰ কেইদিনমানৰ আগৰে পৰা মাত্র পঢ়া – শুনা কৰে আৰু পৰীক্ষা শেষ হােৱাৰ লগে লগে সকলাে পাহৰি যায়— তেনেধৰণৰ স্মৃতিক তৎকালীন স্মৃতি বােলে । এই স্মৃতিৰ উপযুক্ত প্রয়ােগৰ বাবে ব্যক্তিৰ দেহ – মানসিক সতর্কতা আৰু মনােযােগৰ প্রয়ােজন । 

( খ ) দীর্ঘকালীন স্মৃতি :- কোনো বিষয়বস্তু শিকাৰ বহুদিনৰ পাছত স্মৰণ কৰাকে দীর্ঘকালীন স্মৃতি বােলে । দীর্ঘকালীন স্মৃতিৰ বেলিকা শিক্ষণ আৰু তাৰ পুনৰ প্ৰয়ােগৰ মাজত যথেষ্ট সময়ৰ ব্যৱধান থাকে । এই দীর্ঘকালীন স্মৃতিৰ উপযুক্ত প্রয়ােগ কৰিবৰ বাবে ব্যক্তিৰ দৈহিক ক্ৰিয়াৰ সঘনে পুনৰাবৃত্তি কৰা প্রয়ােজন হয় । উদাহৰণস্বৰূপে নৃত্যশিল্পীয়ে তেওঁৰ শিক্ষালাভ কৰাৰ কিছু সময়ৰ পিছতহে নৃত্য পৰিৱেশন কৰে ।

( ২ ) প্রকৃত স্মৃতি বা প্রতিরূপ স্মৃতি :- শিক্ষণৰ অভিজ্ঞতা প্রতিৰূপৰ সহায়েৰে সচেতন মনলৈ পুনৰুদ্ধাৰ কৰাকেই প্রতিৰূপ স্মৃতি বােলা হয় । এইধৰণৰ স্মৃতিত মানসিক কল্পৰ ( Mental image ) প্রয়ােজন হয় আৰু বিষয়বস্তু উপলব্ধিৰ বাবে যুক্তি শক্তিৰাে প্রয়ােজন হয় । ইয়াৰ উপৰিও ব্যক্তিৰ সুস্থ মানসিক সংগঠন , বুদ্ধি , প্রতিৰূপ সংৰক্ষণ আৰু স্মৰণ । ক্ষমতা আদিৰ ওপৰতাে ই নিৰ্ভৰ কৰে । সেয়েহে এই স্মৃতিক যুক্তি প্রতিষ্ঠিত স্মৃতি ( Logical বা যথার্থ স্মৃতি ( True memory ) বুলিও ব্যাখ্যা কৰে । এই স্মৃতিত পূর্ব অভিজ্ঞতাৰ প্রতিৰূপ মনত সংৰক্ষণ কৰি ৰখা হয় আৰু প্রয়ােজন সাপেক্ষে তাৰ পুনৰুদ্ধাৰ কৰা হয় । ই স্বভাৱজাত নহয় , আর্জিত । এই স্মৃতিৰ পৰিসৰ দীর্ঘকালীন । 

আধুনিক মনােবিজ্ঞানীসকলে স্মৃতিক আৰু কেবাটাও ভাগত ভাগ কৰিছে । সেইসমূহ হ’ল–

( ১ ) মুখস্থ বা যান্ত্রিক স্মৃতি ( Rote memory ) :- শিক্ষণ কালত কোনাে কথা বা বিষয়বস্তুৰ মূলতত্ব বুজিবলৈ চেষ্টা নকৰি কেবল মাত্র যন্ত্রচালিতভাৱে তাক মনত ৰাখিবলৈ চেষ্টা কৰাকে , যান্ত্রিক স্মৃতি বা মুখস্থ স্মৃতি বােলা হয় । যান্ত্রিকভাৱে কেৱল মাত্র বিষয়বস্তুৰ অংশ সমূহৰ মৌখিক পুনৰাবৃত্তিৰ দ্বাৰা এই স্মৃতি ৰক্ষা কৰা হয় কাৰণে ইয়াৰ পৰিসৰ চুটি হয় । পৰীক্ষাত উত্তীর্ণ হ’বৰ বাবে বিষয়বস্তুৰ মূলজ্ঞান নােহােৱাকৈ কেবল মাত্র মুখস্থৰ ওপৰতে গুৰুত্ব দিয়া ছাত্র – ছাত্রীসকলৰ স্মৃতি এইবিধ স্মৃতিৰ অন্তৰ্গত । নানাবিধ বস্তু আৰু ব্যক্তিৰ নাম , ঘৰ , গাড়ী বা টেলিফোন আদিৰ নম্বৰ আৰু অভিধানৰ শব্দতালিকা আদি মনত ৰখা কার্যক যান্ত্রিক স্মৃতিৰ ভিতৰত ধৰিব পাৰি । 

( ২ ) যুক্তিসংগত স্মৃতি ( Logical Memory ) :- যুক্তিসংগত স্মৃতি নির্ভৰ কৰে শিক্ষণীয় বিষয়বস্তুৰ অর্থ উপলব্ধি আৰু বিচাৰ শক্তিৰ ওপৰত । ব্যক্তিয়ে ইয়াত শিক্ষণীয় বিষয়ৰ যান্ত্রিকভাৱে স্মৃতি ৰক্ষা নকৰি তাৰ অন্তর্নিহিত ভাবার্থ বুজি উঠিহে মনত সংৰক্ষণ কৰাৰ প্রচেষ্টা চলায় । বিষয়বস্তুৰ স্মৃতি সংৰক্ষণ কৰাৰ আগতে ব্যক্তিয়ে নিজৰ বিচাৰ – বিবেচনা , যুক্তি – চিন্তাৰে পৰিচালিত হৈ বিষয়বস্তুৰ প্ৰতিটো দিশৰ ওপৰতে নজৰ দিয়ে । গতিকে এই স্মৃতি কেৱল মাত্র দৈহিক পুনৰাবৃত্তিৰ ফলত লাভ কৰিব পৰা নাযায় । ইয়াত ব্যক্তিৰ বৌদ্ধিক ক্ষমতাই প্ৰভাৱ বিস্তাৰ কৰে আৰু যুক্তিৰ আধাৰত সংৰক্ষণ হয় বাবে ইয়াৰ ম্যাদ দীর্ঘ দিনীয়া হয় । এইবিধ স্মৃতি উচ্চ মানসিক শক্তিৰ আধাৰত ৰচিত বাবে ই শিশুৰ বাবে বিশেষভাৱে প্রযােজ্য নহয় । উদাহৰণস্বৰূপে কোনাে কবিতাৰ ভাবার্থ ভালদৰে বুজি তাক মুখস্থ কৰিলে , ই বহুদিনলৈ মনত ৰৈ যায় । 

( ৩ ) অনুষংগমূলক স্মৃতি :- কেতিয়াবা শিক্ষণ বিষয় মনত পেলাবৰ বাবে সেই বিষয়ৰ লগত মিল থকা আন বিষয়ৰ সহায় ল’ব লগা হয় অর্থাৎ এটা কথাৰ অনুষংগতহে আনটো কথাৰ স্মৃতি ৰক্ষা কৰা হয় । গতিকে অচল ঘটনাৰ লগত অন এটি ঘটনা জড়িত স্মৃতিক অনুষংগমূলক স্মৃতি বােলে । উদাহৰণ স্বৰূপে এগৰাকী মাতৃৰ দৈহিক গঠন মনত পেলাবলৈ তেওঁৰ ছােৱালীৰ কথা ভৰা হ’ব । গতিকে ছােৱালীৰ বিষয়ে থকা স্মৃতিৰ সহায়তহে মাকক মনত পেলাৰ পৰা গ’ল । এনে ধৰণৰ স্মৃতিকে অনুষংগমূলক স্মৃতি বােলা হয় । 

( ৪ ) সংবেদনাত্মক স্মৃতি :- ইন্দ্ৰিয়ৰ জৰিয়তে পৰিৱেশৰ পৰা যি স্মৃতি আহৰণ কৰা হয় তাকে সংবেদনাত্মক স্মৃতি বােলা হয় । এই ইন্দ্ৰিয়ৰ যোগদি লাভ কৰা স্মৃতি দৃষ্টি , শ্ৰৱণ , স্পর্শ , গােন্ধ আৰু স্বাদ আদি অভিজ্ঞতাৰ লগত জড়িত হয় । দৃষ্টিৰ দ্বাৰা চক্ষুৰ স্মৃতি , শব্দৰ দ্বাৰা শ্ৰৱণ স্মৃতি , গন্ধ দ্বাৰা গ্ৰাণজ স্মৃতি , স্পর্শ দ্বাৰা স্পর্শজ স্মৃতি আৰু স্বাদৰ দ্বাৰা স্বাদজ স্মৃতি আমি লাভ কৰে । গতিকে জ্ঞানেন্দ্রিয়সমূহৰ সংবেদন অভিজ্ঞতাৰ দ্বাৰা যি স্মৃতি লাভ হয় , তাকে সংবেদনাত্মক স্মৃতি বােলা হয় । অৱশ্যে ইন্দ্রিয় সমূহৰ এই বিবিধ স্মৃতিৰ যােগ্যতা ব্যক্তি অনুযায়ী বেলেগ বেলেগ হয় । এজন লােকে আটাইকেইবিধ স্মৃতিৰ যােগ্যতা সমানে লাভ কৰাৰ আশা কৰিব নােৱাৰে ।

প্রশ্ন ১১। অভ্যাসৰ দ্বাৰা স্মৃতিশক্তিৰ উন্নতি সাধিব পাৰিনে ? আলােচনা কৰা । 

উত্তৰঃ অনুশীলনৰ দ্বাৰা স্মৃতিশক্তি বঢ়াব পাৰি নে নােৱাৰি সেই বিষয়ে মনােবিজ্ঞানীসকলৰ মাজত মতানৈক্য আছে । এই সম্পর্কে দুই ধৰণৰ মতবাদ প্রচলিত আছে । তাৰে এটা শৰীৰ সম্বন্ধীয় মতবাদ আৰু আনটো মনস্তাত্বিক মতবাদ । প্রথম মতবাদ অনুসৰি স্মৃতি হ’ল এক দৈহিক শক্তি আৰু ই জন্মগত । গতিকে অনুশীলনৰ দ্বাৰা ইয়াৰ উন্নতি সাধন কৰিব নােৱাৰি । যিহেতু স্মৰণ কাৰ্যটো দেহৰ মাধ্যমতহে সম্পন্ন হয় , সেই হেতুকেই মনত ৰখা কাৰ্যটো পুনৰাবৃত্তি বা অনুশীলনৰ দ্বাৰা উন্নতি কৰিব নােৱাৰি । মনােবৈজ্ঞানিক জেমছে এই মতবাদৰ সপক্ষে যথেষ্ট যুক্তি আগবঢ়াইছে । কিন্তু মনস্তাত্বিক মতবাদ মতে সাধাৰণভাৱে স্মৃতি শক্তিৰ উন্নতি সাধন যদিও কৰিব নােৱাৰি তথাপি অনুশীলনৰ দ্বাৰা কোনাে এটা বিশেষ ক্ষেত্ৰত এই স্মৃতিশক্তিৰ উন্নতি সাধন কৰিব পাৰি । মনােবিজ্ঞানী ষ্টাউ , মেডুগলৰ মতেও স্মৃতিৰ এই  বৃদ্ধিৰ সাধন হয় স্মৃতিৰ লগত জড়িত থকা অন্যান্য উপাদানসমূহৰ যেনে— মনােযােগ , অনুৰাগ ইত্যাদি উন্নতিৰ জৰিয়তে । এতেকে দেখা যায় যে ছাত্র – ছাত্রীৰ স্মৃতি শক্তিৰ উন্নতি কৰিবলৈ হ’লে সিহঁতৰ নিজস্ব আগ্রহ , প্রস্তুতি আৰু অনুৰাগ সৃষ্টি কৰিব লাগিব যাতে শ্রেণী শিক্ষণীয় বিষয়ৰ প্রতি মনােযােগ দিব পাৰে । 

প্রশ্ন ১২। স্মৃতি প্রশিক্ষণৰ বিভিন্ন পদ্ধতিৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ শিক্ষণ কালত উপযুক্ত পদ্ধতি আৰু প্রচেষ্টা অৱলম্বন কৰি শিক্ষণীয় বিষয়ৰ স্মৃতি অধিক স্থায়ী কৰিব পাৰি । সেই সমূহ হ’ল– 

( ১ ) আগ্রহ :- আগ্রহ হৈছে কোনাে বিষয়ৰ স্মৃতি সংৰক্ষণৰ সবাটোকৈ প্রয়ােজনীয় মানসিক অৱস্থা । কোনাে বিষয়ৰ জ্ঞান লাভ কৰিবলৈ হ’লে প্ৰৱল আগ্ৰহৰ প্রয়ােজন । আগ্রহে শিক্ষণ স্মৃতি মনত সজীৱ আৰু সক্রিয় কৰি ৰাখে । 

( ২ ) অভিপ্রায় :- যি কোনাে কথা শিকাৰ আগতে ইয়াৰ এটা নির্দিষ্ট লক্ষ্য বা উদ্দেশে স্থিৰ কৰি ললে , সেই কথাৰ স্মৃতি চিৰস্থায়ী আৰু সহজলভ্য হয় । শিক্ষণ বিষয়ৰ অভিপ্রায় সম্বন্ধে থকা স্পষ্ট ধাৰণাই সেই বিষয়ৰ স্মৃতি ৰক্ষা কৰাতাে সহায় কৰে । 

( ৩ ) অনুৰাগ সৃষ্টি :- কোনাে বিষয়ৰ প্ৰতি স্মৃতি দীর্ঘস্থায়ী কৰিবৰ বাবে প্রথমে সেই বিষয়টোৰ প্রতি গভীৰ অনুৰাগ জন্মাব লাগিব । অনুৰাগবিহীন শিক্ষাই মনত প্রতিক্রিয়া সৃষ্টি কৰিব নােৱাৰা বাবে সহজে বিস্মৃত হয় । 

( ৪ ) অধিক ইন্দ্ৰিয়ৰ ব্যৱহাৰ :- যিমানেই পঞ্চ ইন্দ্রিয়ক বেছি উপযুক্তভাৱে ব্যরহাৰ কৰি শিক্ষা লাভ কৰা হয় সিমানেই শিক্ষণীয় বিষয় সহজে মনত ৰৈ যায় । সেয়েহে অজিকালি শিক্ষণ কার্যত দৃশ্য শ্ৰব্যৰ অনুষ্ঠান ব্যৱহাৰ কৰা হয় । 

( ৫ ) প্রতিৰূপৰ ব্যৱহাৰ :- শিক্ষণ অভিজ্ঞতাক প্ৰতিৰূপৰ যােগেদিহে মনত সংৰক্ষণ আৰু পুনৰুদ্দীপন কৰিব পাৰি । সেইবাবে শিক্ষণীয় বিষয়ৰ স্মৃতি ৰক্ষা ক’বলৈ শিক্ষণ কালত প্রতিৰূপৰ উপযুক্ত প্রয়ােগৰ দৰকাৰ ।

( ৬ ) ছন্দৰ প্ৰয়ােগ :- শিক্ষণীয় কিছুমান বিষয় বিশেষকৈ কবিতাসমূহ সুৰ লগাই পঢ়ি ছন্দৰ প্রয়ােগ কৰিব পাৰিলে অধিক মনােগ্রাহী আৰু ইয়াৰ স্মৃতি দীর্ঘস্থায়ী হয় । বিশেষকৈ প্ৰাক্ প্রাথমিক শিক্ষা কালত ছন্দ , সুৰ , তাল ঝংকাৰ আদিৰ প্ৰয়ােগেৰে কণ কণ শিশুৰ স্মৃতি দীর্ঘস্থায়ী হয় । 

( ৭ ) পুনৰাবৃত্তি আৰু অনুশীলন :- শিক্ষণীয় কোনাে বিষয়ৰ স্মৃতি দীর্ঘস্থায়ী কৰিবৰ বাবে ইয়াৰ পুনৰাবৃত্তি আৰু অনুশীলনৰ প্রয়ােজন । মনােবিজ্ঞানী থনড়াইকে এই কথা পৰীক্ষাৰে  প্রমাণ কৰি দেখুৱাইছিল । 

( ৮ ) অখণ্ড পদ্ধতি :- ব্যক্তিয়ে কোনাে কথা খণ্ড খণ্ড কৰি নিশিকি যদি একেবাৰতে অখণ্ড হিচাপে শিকি তাৰ জ্ঞান লাভ কৰে ইয়াকে অখণ্ড পদ্ধতি বােলা হয় । এই পদ্ধতি খণ্ড পদ্ধতিতকৈ অধিক কার্যকৰী হয় স্মৃতি শক্তি সংৰক্ষণৰ বাবে জিৰণিৰ প্ৰয়োজন । 

( ৯ ) জিৰণি :- যি কোনাে বিষয় শিকাৰ পাছত কিছু সময় জিৰণিৰ প্রয়ােজন । সুস্থ আৰু সবল স্মৃতি লাভৰ বাবে জিৰণিৰ প্রয়ােজন । 

( ১০ ) অনুকূল পৰিৱেশ :- শিক্ষণৰ বাবে এক উপযুক্ত পৰিৱেশৰ প্রয়ােজন । পৰিৱেশ প্রতিকূল হলে বা পৰিৱেশৰ পৰিৱৰ্তন হ’লে মনােযােগত বাধা পৰে আৰু সংৰক্ষণ কার্য ভালদৰে সম্পন্ন হয় । 

প্রশ্ন ১৩। ভাল বা বেয়া স্মৃতি থাকিব পাৰেনে ? তােমাৰ উত্তৰৰ যুক্তি যুক্ততা প্রতিপন্ন কৰা । 

উত্তৰঃ প্রত্যেক ব্যক্তিৰেই জীৱনৰ সফলতাত স্মৃতি শক্তিয়ে এক বিশেষ ভূমিকা গ্রহণ কৰে । সেয়েহে সমগ্র জীৱনৰ স্মৃতি কার্যক্ষম হৈ থকাটো সকলােৰে কাম্য । কিন্তু এনে হােৱা সাধাৰণতে দেখা নাযায় কাৰণ সকলাে ব্যক্তিৰে স্মৰণশক্তি সম পর্যায়ৰ নহয় । কাৰােবাৰ স্মৃতিশক্তি উত্তম বা ভাল , আনহাতে কাৰােবাৰ দুর্বল বা বেয়া । ইংলেণ্ডৰ মনােবিজ্ঞানী ষ্টাইটে চিনাক্ত কৰা কেতবােৰ লক্ষণ আমাৰ বিবেচনাযােগ্য 

( i ) বিষয় বস্তুক সহজে শিক্ষা গ্রহণ আৰু কম সময়ৰ ভিতৰত তাক আয়ত্তকৰণ কৰিব পৰাটো ভাল স্মৃতিৰ পৰিচায়ক । 

( i ) প্রখৰ স্মৃতি থকা লােকে সহজে শিকি উঠা বিষয়ক অধিক সময়ৰ বাবে মনত ধৰি ৰাখিব পাৰে । দুর্বল স্মৃতিৰ লােকৰ বাবে সি সম্ভৱ নহয় । 

( iii ) মনত স্মৃতি প্রতিৰূপ স্বৰূপে সংৰক্ষণ কৰা বিষয়ক প্রয়ােজনমতে তৎক্ষণাৎ পুনৰ মনলৈ ঘূৰাই আনিব পৰাটো ভাল স্মৃতিৰ লক্ষণ । 

( iv ) ভাল স্মৃতিৰ অধিকাৰী হােৱা লােকে তাক সমান আৰু প্রয়ােজন অনুসৰি সত ব্যৱহাৰ কৰি উঠিব পাৰে । তেনে লােকব স্মৃতি হৈছে ক্রিয়া উপযােগিতাণ । 

প্রশ্ন ১৪। মুখস্থকৰণৰ বিভিন্ন অর্থনৈতিক পদ্ধতিৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ মুখস্থকৰণৰ বিভিন্ন অর্থনৈতিক পদ্ধতিবােৰ তলত আলােচনা কৰা হ’ল– 

( a ) অখণ্ড শিকন পদ্ধতি :- শিক্ষা গ্রহণৰ বেলিকা শিক্ষাৰ উপাদনাবােক খণ্ড খণ্ড কৰি ভাঙি অথবা অখণ্ডভাৱে সমগ্র উপাদান অতিৰিক্তভাৱে আয়ত্তকৰণৰ চেষ্টা কৰা হয় । অবশ্য ইয়াৰ স্মৃতি ৰক্ষাকৰণৰ ফালৰপৰা অখণ্ড পদ্ধতি অধিক ফলদায়ক স্বৰূপে গণ্য কৰা হয় ।

( b ) ব্যবহৃত পদ্ধতি :- দুটা পৃথক বিষয়ৰ অধ্যয়নৰ মাজত সময় কিছু ব্যৱধান বা দূৰত্ব  ৰখাটো তাৰ স্মৃতি ৰক্ষাৰ বাবে প্রয়ােজন । সঠিক মুখস্থকৰণৰ বাবে ক্ষন্তেকৰ বিৰতি অব্যাহতি বা ব্যৱহৃত পদ্ধতি প্রয়ােগ কৰা উচিত । 

( c ) প্রতিৰূপৰ প্রয়ােগকৰণ :- প্রতিবিহীন বিমূর্ত বিষয়ৰ মনত সংৰক্ষণ কৰাটো কঠিন । প্রতিৰূপ হৈছে এই ক্ষেত্ৰত স্মৃতি ৰক্ষাৰ প্রধান অৱলম্বনস্বৰূপ । উল্লেখযােগ্য যে ছাত্ৰসকলে নিজ পাঠ্যপুথিৰ আলােক চিত্র , অংকিত চিত্র আদিৰ যােগেদিহে চিন্তামূলক কথাবােৰ মনত সংৰক্ষণ কৰি ৰাখিব পাৰে । 

( d ) সক্রিয় পদ্ধতি :- নিষ্ক্রীয় কর্ম বিমুখভাৱে শিকা বিষয়ৰ স্মৃতি প্রতিৰূপ হয় দুর্বল আৰু ক্ষণস্থায়ী । আনহাতে সঞ্চিয়ভাৱে হাতে কামে কৰা অভিজ্ঞতাৰ স্মৃতি চাপ হয় সজীৱ আৰু প্ৰাঞ্জল বিধৰ যাক অধিক সময় মনত ধৰি ৰাখিব পাৰি আৰু প্রয়ােজন মতে পুনঃস্মৰণ কৰিব পাৰি । 

( e ) শিকনত জিৰণি :- শিকনৰ কর্মক্ষমতা বৃদ্ধিকৰণ আৰু স্মৃতিৰক্ষা কৰণৰ বাবে জিৰণি প্রয়ােজন । ক্লান্ত দেহ – মনত শিকন অভিজ্ঞতাৰ প্রতিপক সংৰক্ষণ কৰিব নােৱাৰি । জিৰণিৰ যােগেদিহে দেহৰ স্নায়ুকোষবােৰৰ ক্রান্তি চাই শিকনৰ প্ৰতিৰূপ সংৰক্ষণৰ স্বাভাৱিক ক্ষমতাক প্রদান কৰিব পৰা যায় । 

প্রশ্ন ১৫। নিজকে এগৰাকী স্কুল শিক্ষক হিচাপে ধৰি লৈ এটা শিশুৰ ভাল স্মৃতি বিকাশত তুমি কিদৰে সহায় কৰিবা ? 

উত্তৰঃ শিক্ষণ কালত উপযুক্ত পদ্ধতি আৰু প্রচেষ্টা অবলম্বন কৰি শিক্ষণীয় বিষয়াৰ স্মৃতি অধিক স্থায়ী কৰিব পাৰি । সেই সমূহ হ’ল— 

( ১ ) আগ্রহ :- আগ্রহ হৈছে কোনাে বিষয়ৰ স্মৃতি সংৰক্ষণৰ সবাতােকৈ প্ৰয়ােজনীয় মানসিক অৱস্থা । কোনাে বিষয়ৰ জ্ঞান লাভ কৰিবলৈ হ’লে প্রবল আগ্রহ প্রয়ােজন । আগ্রহে শিক্ষণ স্মৃতি মনত সজীৱ আৰু সক্রিয় কৰি ৰাখে । 

( ২ ) অভিপ্রায় :- যি কোনাে কথা শিকাৰ আগতে ইয়াৰ এটা নির্দিষ্ট লক্ষ্য বা উদ্দেশে স্থিৰ কৰি ললে , সেই কথাৰ স্মৃতি চিৰস্থায়ী আৰু সহজলভ্য হয় । শিক্ষণ বিষয়ৰ অভিপ্রায় সম্বন্ধে থকা স্পষ্ট ধাৰণাই সেই বিষয়ৰ স্মৃতি ৰক্ষা কৰাত সহায় কৰে ।

( ৩ ) অনুৰাগ সৃষ্টি :- কোনাে বিষয়ৰ প্ৰতি স্মৃতি দীর্ঘস্থায়ী কৰিবৰ বাবে প্রথমে সেই বিষয়টোৰ প্রতি গভীৰ অনুৰাগ জন্মাব লাগিব । অনুৰাগ বিহীন শিক্ষই মনত প্রতিক্রিয়া সৃষ্টি কৰিব নােৱাৰা বাবে সহজে বিস্মৃত হয় । 

( ৪ ) অধিক ইন্দ্ৰিয়ৰ ব্যৱহাৰ :- যিমানেই পঞ্চ ইন্দ্রিয়ক , বেছি উপযুক্তভাৱে ব্যৱহাৰ কৰি শিক্ষা লাভ কৰা হয় সিমানেই শিক্ষণীয় বিষয় সহজে মনত ৰৈ যায় । সেয়েহে অজিকালি শিক্ষণ কার্যত দৃশ্য শ্ৰব্যৰ অনুষ্ঠান ব্যৱহাৰ কৰা হয় । 

( ৫ ) প্রতিৰূপৰ ব্যৱহাৰ :- শিক্ষণ অভিজ্ঞতাক প্ৰতিৰূপৰ যােগেদিহে মনত সংৰক্ষণ আৰু পুনৰুদ্দীপন কৰিব পাৰি । সেইবাবে শিক্ষণীয় বিষয়ৰ স্মৃতি ৰক্ষা ক’বলৈ শিক্ষণ কালত প্রতিৰূপৰ উপযুক্ত প্রয়ােগৰ দৰকাৰ ।

 ( ৬ ) ছন্দৰ প্রয়ােগ :- শিক্ষণীয় কিছুমান বিষয় বিশেষকৈ কবিতাসমূহ সুৰ লগাই পঢ়ি ছন্দৰ প্ৰয়ােগ কৰিব পাৰিলে অধিক মনােগ্রাহী আৰু ইয়াৰ স্মৃতি দীর্ঘস্থায়ী হয় । বিশেষকৈ প্ৰাক্‌ প্রাথমিক শিক্ষা কালত ছন্দ , সুৰ , তাল ঝংকাৰ আদিৰ প্ৰয়ােগেৰে কণ কণ শিশুৰ স্মৃতি দীর্ঘস্থায়ী হয় । 

( ৭ ) পুনৰাবৃত্তি আৰু অনুশীলন :- শিক্ষণীয় কোনাে বিষয়ৰ স্মৃতি দীর্ঘস্থায়ী কৰিবৰ বাবে ইয়াৰ পুনৰাবৃত্তি আৰু অনুশীলনৰ প্রয়ােজন । মনােবিজ্ঞানী থর্নড়াইকে এই কথা পৰীক্ষাৰে  প্রমাণ কৰি দেখুৱাইছিল । 

( ৮ ) অখণ্ড পদ্ধতি :- ব্যক্তিয়ে কোনাে কথা খণ্ড খণ্ড কৰি নিশিকি যদি একেবাৰতে অখণ্ড হিচাপে শিকি তাৰ জ্ঞান লাভ কৰে ; ইয়াকে অখণ্ড পদ্ধতি বােলা হয় । এই পদ্ধতি খণ্ড পদ্ধতিতকৈ অধিক কার্যকৰী হয় স্মৃতি শক্তি সংৰক্ষণৰ বাবে । 

( ৯ ) জিৰণি :- যি কোনাে বিষয় শিকাৰ পাছত কিছু সময় জিৰণিৰ প্রয়ােজন । সুস্থ আৰু সবল স্মৃতি লাভৰ বাবে জিৰণিৰ প্ৰয়ােজন । 

( ১০ ) অনুকূল পৰিৱেশ :- শিক্ষণৰ বাবে এক উপযুক্ত পৰিৱেশৰ প্রয়ােজন । পৰিৱেশ প্রতিকূল হলে বা পৰিৱেশৰ পৰিৱৰ্তন হ’লে মনােযােগত বাধা পৰে আৰু সংৰক্ষণ কার্য ভালদৰে সম্পন্ন নহয় । 

প্রশ্ন ১৬। এজন মানুহে বহুদিন লগ নােপােৱা এজন বন্ধুক……….. প্রক্রিয়াৰ দ্বাৰা চিনাক্ত কৰে ।

উত্তৰঃ প্রত্যাভিজ্ঞা । 

প্রশ্ন ১৭। স্মৰণৰ যিকোনাে দুটা সঞ্চয়ী পদ্ধতি চমুকৈ বর্ণনা কৰা ।

উত্তৰঃ স্মৰণৰ দুটা পদ্ধতি তলত আলােচনা কৰা হ’ল— 

( ক ) অনুষংগ পদ্ধতি :- শিক্ষণীয় বিষয়বস্তুসমূহ অনুষংগৰ যােগেদি পৰস্পৰৰ লগত সংযুক্ত কৰিব পাৰিলে মনত ৰখা সহজ হয় । দুটা বিষয়ৰ মা যােগাযােগ বা সম্পর্ককেই এই ক্ষেত্ৰত অনুষংগ বুলি কোৱা হয় । কেতিয়াবা সম্পর্ক , স্বাভাৱিকভাৱে হয় আৰু কেতিয়াবা এই সম্পর্ক স্থাপনৰ বাবে প্রচেষ্টা চলাব লগা হয় ।

( খ ) সামাগ্রিক আৰু আংশিক পদ্ধতি :- সামগ্রিক পদ্ধতিৰ অৰ্থ হ’ল শিক্ষণীয় বিষয়বস্তু সামগ্রিকভাৱে অনুশীলন কৰা । অর্থাৎ বিষয়বস্তুক আৰম্ভণিৰ পৰা শেষ পর্যন্ত বাৰে বাৰে অনুশীলন কৰাকে সামগ্রিক পদ্ধতি বুলি কোৱা হয় । 

আনহাতে বিষয়বস্তুক খণ্ড খণ্ডভাৱে ভাগ কৰি অনুশীলন কৰাকে অংশ পদ্ধতি বুলি কোৱা হয় । মনােবিজ্ঞানীসকলৰ মতে অর্থপূর্ণ বিষয়ৰ ক্ষেত্ৰত অংশ পদ্ধতিতকৈ সামগ্রিক পদ্ধতি অধিক কার্যকৰী । কিন্তু বিষয়টো যদি অর্থহীন হয় বা অতি দীঘল হয় তেতিয়া অংশ পদ্ধতি অধিক ফলপ্রসূ হয় । সেইদৰেই অংগ সঞ্চালন সংক্রান্ত কৌশল বা দক্ষতা অর্জনৰ ক্ষেত্ৰত অংশ পদ্ধতি অধিক প্রযােজ্য । 

প্রশ্ন ১৮। স্মৃতি কি ? স্মৃতিৰ উপাদানসমূহ চমুকৈ আলােচনা কৰা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিব চেষ্টা কৰা ।

প্রশ্ন ১৯। ভাল স্মৃতিৰ চাৰিটা লক্ষণ চমুকৈ বর্ণনা কৰা । 

উত্তৰঃ ভাল স্মৃতিৰ চাৰিটা লক্ষণ হ’ল— 

( ক ) বিষয়বস্তু কম সময়ৰ ভিতৰত সহজে আয়ত্ত কৰিব পৰাটো ভাল স্মৃতিৰ লক্ষণ । যদি কোনাে ছাত্র – ছাত্রীয়ে অতি সােনকালে বিষয়বস্তু শিকিব পাৰে তেন্তে তেওঁক স্মৃতি সম্পন্ন বুলি আখ্যা দিয়া হয় । 

( খ ) ভাল স্মৃতিৰ লােকে স্মৰণৰ বিষয়বস্তু অধিক সময়ত মনত ধৰি ৰাখিব পাৰে । গতিকে সহজে শিকাৰ লগতে উত্তম স্মৃতিৰ এটা আনুষংগিক গুণ হ’ল দীর্ঘ সময় ধৰি মনত সংৰক্ষণ কৰিব পাৰে । 

( গ ) মনত সংৰক্ষণ কৰি থােৱা অভিজ্ঞতাসমূহ যথা সময়ত দ্রুত পুনৰুদ্রেক কৰিব পৰাটো ভাল স্মৃতিৰ আন এক লক্ষণ । 

( ঘ ) ভাল স্মৃতিৰ অধিকাৰী লােকে স্মৃতিক সঠিক সময়ত সঠিকভাৱে প্ৰয়ােগ কৰিব পাৰে । ইয়াৰ মাধ্যমেৰে ব্যক্তিয়ে তেওঁৰ স্মৰণৰ ক্রিয়া কার্যকাৰিতা মূর্ত কৰি তােলে । 

প্রশ্ন ২০। বিস্মৃতিৰ চাৰিটা মানসিক কাৰণ বর্ণনা কৰা ৷ 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিব চেষ্টা কৰিবা ।

প্রশ্ন ২১। ‘স্মৃতিৰ বাবে বিস্মৃতিৰ প্রয়ােজন’ কাৰণ দর্শোৱা । 

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিব চেষ্টা কৰিবা ।

প্রশ্ন ২২। তলৰ পৰিস্থিতিসমূহত কি কি প্ৰকাৰৰ স্মৃতি ক্রিয়াশীল লিখা ।

( a ) পিয়ানাে বজাওঁতে ।

( b ) শ্রুতলিপি লিখেতে । 

উত্তৰঃ ( a ) অভ্যাস স্মৃতি । 

উত্তৰঃ ( b )  তাৎক্ষণিক স্মৃতি ।

( c ) পৰীক্ষাত প্ৰশ্নৰ উত্তৰ কৰোঁতে ।

( b ) পিনৰ খোচ অনুভব কৰােতে । 

উত্তৰঃ প্রকৃত স্মৃতি । 

উত্তৰঃ ইন্দ্রিয়মূলক স্মৃতি ।

( ২ ) পৰিবৰ্তন । 

প্রশ্ন ১১। মনযােগক কিয় মনৰ এটা বাছনিকৃত কার্য হিচাপে বিবেচনা কৰ হয় ?

উত্তৰঃ মনােযােগ হৈছে সচেতন মনক নিয়ন্ত্রিত কৰি 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top