Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ

Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 3 শিক্ষাৰ চলিত ধাৰাসমূহ and select needs one.

Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ Solutions for All Subject, You can practice these here…

শিক্ষাৰ চলিত ধাৰাসমূহ

পাঠ :

অতি চমু প্রশ্নোত্তৰ ( ১ নম্বৰৰ প্ৰশ্ন )  

A. খালী ঠাই পূৰ কৰা :

প্রশ্ন ১. ধৰিত্ৰী শীর্ষ সন্মিলন ১৯৯২ অনুষ্ঠিত হৈছিল ………….. মহানগৰত । 

উত্তৰঃ ব্রাজিলৰ ৰিউ দি জেনেৰােত । 

প্রশ্ন ২. আন্তঃৰাষ্ট্ৰীয় পাৰিপাৰ্শ্বিকতা শিক্ষা সন্মিলন ………….চনত বেলগ্রেডত ( যুগােশ্লাভিয়া ) অনুষ্ঠিত হৈছিল । 

উত্তৰঃ ১৯৭৫ চনত । 

প্রশ্ন ৩. মানৱীয় পাৰিপার্শ্বিকতা সম্পর্কীয় বাষ্ট্ৰসংঘৰ সন্মিলন ১৯৭২ চনত ……..ত অনুষ্ঠিত হৈছিল । 

উত্তৰঃ চুইডেনৰ ষ্টকহ’মত । 

প্রশ্ন ৪. বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় ……..ত । 

উত্তৰঃ ১১ জুলাইত । 

প্রশ্ন ৫. প্রতিবছৰে পাৰিপাৰ্শ্বিকতা দিৱস পালন কৰা হয় ………..ত । 

উত্তৰঃ ৫ জুনত । 

প্রশ্ন 6. পাৰিপাৰ্শ্বিকতা শিক্ষা সন্দৰ্ভত পাৰিপাৰ্শ্বিকতা বিষয়ক প্রথমখন আন্তঃচৰকাৰী  সন্মিলন অনুষ্ঠিত হৈছিল ………..ত । 

উত্তৰঃ ১৯৭৭ চনত । 

প্রশ্ন ৭. আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালিত হয় ………ত । 

উত্তৰঃ ৮ মাৰ্চত ।

প্রশ্ন ৮. ভাৰতবৰ্ষৰ বর্তমান সাক্ষৰতাৰ হাৰ ………।

উত্তৰঃ ৭৪.৪ শতাংশ । 

প্রশ্ন ৯. ভাৰতৰ বৰ্তমানৰ জনসংখ্যা …………।

উত্তৰঃ ১,০২৮ মিলিয়ন । 

প্রশ্ন ১০.  ………….. হ’ল বিশেষকৈ প্রশিক্ষণ হিচাপে বা স্বাস্থ্য অটুত ৰাখিবলৈ অথবা উন্নত কৰিবলৈ কৰা অনুশাসন ভংগী আৰু শৰীৰ চালনাৰ পদ্ধতিগত উপায় । 

উত্তৰঃ শাৰীৰিক শিক্ষা । 

প্রশ্ন ১১. সংসদ আৰু ৰাজ্যিক বিধায়িনী নিকায় সমূহত মহিলাৰ বাবে …………..শতাংশ সংৰক্ষণ নিশ্চিত কৰে মহিলাৰ সংৰক্ষণ বিধেয়কে । 

উত্তৰঃ ৩৩ শতাংশ ।

প্রশ্ন ১২. ‘পাৰিপাৰ্শ্বিকতা’ শব্দটোৰ অৰ্থ হ’ল ………। 

উত্তৰঃ পৰিবেষ্টন কৰি ৰখা । 

প্রশ্ন ১৩. Environment শব্দটো ফৰাছী শব্দৰ …………. পৰা আহিছে । 

উত্তৰঃ Environir.

প্রশ্ন ১৪. ধৰিত্ৰী শীর্য সন্মিলন অনুষ্ঠিত হৈছিল ……….. ত ।

উত্তৰঃ ১৯৯২ চনত ব্রাজিলত । 

প্রশ্ন ১৫. পাৰিপার্শ্বিকতা শিক্ষাৰ উদ্দেশ্য নির্ধাৰণ কৰা হৈছিল ……….. সন্মিলনত ।

উত্তৰঃ মানৱীয় পাৰিপার্শ্বিকতা ৰাষ্ট্ৰসংঘ সন্মিলনত । ( বিলিচ ) 

প্রশ্ন ১৬. পাৰিপার্শ্বিকতাক শাৰীৰিক , সামাজিক আৰু ……….. পাৰিপাৰ্শ্বিকতা হিচাপে ভাগ কৰা হয় । 

উত্তৰঃ জৈৱিক । 

প্রশ্ন ১৭. পাৰিপার্শ্বিক শিক্ষা সম্পর্কীয় বিলছি আন্তঃচৰকাৰী সন্মিলন অনুষ্ঠিত হৈছিল………..। 

উত্তৰঃ ১৯৭৭ চনত ।

প্রশ্ন ১৮. ভাৰতত পাৰিপাৰ্শ্বিকতা শিক্ষাৰ এটা কেন্দ্র স্থাপন কৰা হৈছিল …………..ত । 

উত্তৰঃ Ahamedabad ( 1982 ) 

প্রশ্ন ১৯. সুস্থ মনৰ এটা প্রাকপ্রয়ােজনীয়তা হ’ল ………… ।

উত্তৰঃ শাৰীৰিক শিক্ষা । 

প্রশ্ন ২০. মহিলা শিক্ষা সমিতি গঠিত হৈছিল ………… ।  

উত্তৰঃ ১৯৭৪ চনত । 

প্রশ্ন ২১. মহিলাৰ মর্যাদা সম্পর্কীয় আয়ােগ নিযুক্ত হৈছিল …………. ত । 

উত্তৰঃ ১৯৭৪ চনত । 

প্রশ্ন ২২. মহিলাৰ সাহিত্যিক কথন ‘ সবল ’ কৰিবলৈ মাহিলাক দিব লাগিব …………. ।

উত্তৰঃ শিক্ষা ।

B. শুদ্ধ নে অশুদ্ধ লিখা 

প্রশ্ন ২৩.আন্তঃৰাষ্ট্ৰীয় পাৰিপাৰ্শ্বিকতা শিক্ষা সম্পর্কীয় কর্মশালা ১৯৭২ চনত বেলগ্রেডত অনুষ্ঠিত হৈছিল । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ২৪. ১৯৯২ চনত অনুষ্ঠিত হৈছিল ৰিঅ ‘ – ডি – জেনেইৰ’ৰ ধৰিত্ৰী সন্মিলন । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৫. পাৰিপাৰ্শ্বিকতা শিক্ষা হ’ল আন্তঃঅনুশাসনমূলক । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৬. পাৰিপাৰ্শ্বিকতা শিক্ষা প্ৰমূল্যৰ সৈতে সম্পর্কিত নহয় । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ২৭. যৌন শিক্ষা হল জনসংখ্যা শিক্ষাৰ এটা অংশ । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৮. পৰিয়াল পৰিকল্পনাৰ অর্থে জনসংখ্যা শিক্ষা । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৯. জনসংখ্যা শিক্ষা হল আদর্শনিষ্ঠ । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩০. জনসংখ্যা শিক্ষাই ছাত্র – ছাত্রীৰ জনগাঁথনিমূলক ধাৰণাবােৰৰ সৈতে পৰিচিত কৰায় । 

প্রশ্ন ৩১. শাৰীৰিক শিক্ষাই আত্মবিশ্বাস বঢ়ায় ।

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩২. খেলা – ধূলা স্বাভাৱিকতেই প্রতিযােগিতামূলক । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৩৩. প্ৰমূল্যবােৰ হ’ল বৈধানিক মান । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৩৪. প্রমূল্যবােৰ শিকোৱা হয় , থপিয়াই লােৱা নহয় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩৫. মহিলাৰ সৰলীকৰণে মহিলাৰ সিদ্ধান্ত লােৱাৰ ক্ষমতাক মজবুত কৰে । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩৬. মহিলাৰ সবলীকৰণে বাছনি কৰিবলৈ আৰু নিজাববীয়াকৈ সিদ্ধান্ত ল’বলৈ কর্তৃত্ব / স্বায়ত্ততা দিয়ে । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩৭. কোন বছৰত ষ্টকহ’ম সন্মিলন অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ১৯৭২ চনত ।

প্রশ্ন ৩৮. কোন বছৰত ভাৰত চৰকাৰে ‘মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি’ গ্ৰহণ কৰিছিল ? 

উত্তৰঃ ২০০১ চনত । 

প্রশ্ন ৩৯. কোনখন দেশ বিশ্বৰ ভিতৰতে আটাইতকৈ জনবহুল ? 

উত্তৰঃ চীন । 

প্রশ্ন ৪০. সাংস্কৃতিক পৰিবেশ কি ? 

উত্তৰঃ সাংস্কৃতিক পৰিবেশ বুলিলে সমাজৰ ৰীতি – নীতি , জীৱনৰ মানদণ্ড জনসংখ্যাৰ গাঁথনি , সামাজিক গাঁথনি , মূল্যবােধ আদি বিষয়বােৰ অন্তর্ভুক্ত কৰা বুজায় । 

প্রশ্ন ৪১. কোন দিনা বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় ? 

উত্তৰঃ ১১ জুলাই । 

প্রশ্ন ৪২. কোন দিনা বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস পালন কৰা হয় ? 

উত্তৰঃ ৫ জুন । 

প্রশ্ন ৪৩. জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে উলিয়াইছিল ? 

উত্তৰঃ এলভা মাৰডালে । 

প্রশ্ন ৪৪. প্রমূল্য কি ? 

উত্তৰঃ প্রমূল্য হৈছে কোনাে বস্তুৰ প্রয়ােজনীয়তা বা কার্যকাৰিতাৰ পৰিমাণ বা মাত্রা । 

প্রশ্ন ৪৫. মহিলাৰ সবলীকৰণ কি ?

উত্তৰঃ যিবােৰ ধাৰণা আৰু পৰম্পৰাৰ বাবে সমাজত নাৰী পুৰুষৰ অধীন হৈ থাকিব লগা হৈছে সেইবােৰ প্ৰত্যাহ্বান জনােৱা আৰু পৰিবৰ্তন কৰাৰ বাবে মহিলাৰ সামৰ্থ বঢ়োৱাৰ প্রক্রিয়াকে মহিলা সৰলীকৰণ বুলিব পাৰি । 

প্রশ্ন ৪৬. কোন বছৰত ‘ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা বিধেয়ক’ গৃহীত হৈছিল ? 

উত্তৰঃ ২০০৫ চনত । 

চমু প্রশ্নোত্তৰ ( মূল্যাংক -২ ) 

প্রশ্ন ১.পৰিবেশ কি ? 

উত্তৰঃ আমাৰ চাৰিওফালে জৈৱিক আৰু অজৈৱিক উপাদানেৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতিয়েই হৈছে পৰিবেশ । পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ সামাজিক ব্যৱস্থা , অর্থনৈতিক অবস্থা , দৈহিক অৱস্থা আদিৰ প্ৰভাৱ পৰিলক্ষিত হয় । মানুহকে আদি কৰি সকলাে সজীৱ প্রাণী জীয়াই থকা প্রকৃতি বা পৰিস্থিতিক পৰিবেশৰ অন্তর্ভুক্ত কৰা হয় । 

প্রশ্ন ২. সামাজিক পৰিবেশ কি ? 

উত্তৰঃ সামাজিক পৰিবেশ বুলিলে আর্থ – সামাজিক গাঁথনি , জনগাঁথনি , জনসংখ্যাৰ হাৰ , নিয়ােগ ব্যৱস্থা , সাংস্কৃতিক পৰিক্ৰমা , জীৱন নির্বাহৰ মানদণ্ড আদি বিষয়বােৰ অন্তর্ভুক্ত কৰা হােৱা বুজায় ।

প্রশ্ন ৩. প্রমূল্য শিক্ষা আহৰণৰ দুটা উপায় লিখা । 

উত্তৰঃ প্রমূল্য শিক্ষা আহৰণৰ দুটা উপায় হল— 

( ১ ) জাতীয় উৎসৱ উদযাপন আৰু জাতীয় দিন পালন কৰা । 

( ২ ) দৈনন্দিন পাঠদানত শ্ৰেণীকোঠাত ছাত্র – ছাত্রীক বিভিন্ন ৰাজ্যৰ নীতি শিক্ষাৰ দ্বাৰা এই শিক্ষা প্রদান কৰা । 

প্রশ্ন ৪. জনসংখ্যা বিস্ফোৰণ কি ? 

উত্তৰঃ যেতিয়া কোনাে বিশেষ আর্থ – সামাজিক অথবা পৰিস্থিতিৰ প্ৰভাৱত অপ্রত্যাশিত আৰু অত্যাধিকভাৱে জনসংখ্যা বৃদ্ধি পায় তাক জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয় । ই হৈছে  দেশ তথা সমাজৰ বাবে এটি অস্বস্তিকৰ পৰিস্থিতি । জনসংখ্যা বিস্ফোৰণৰ ফলত এখন দেশত নানান সমস্যাই গা কৰি উঠে । যেনে –দৰিদ্ৰতা সমস্যা , খাদ্য সমস্যা , নিৰক্ষৰতা ইত্যাদি । 

প্রশ্ন ৫. জনসংখ্যা শিক্ষা কি ? 

উত্তৰঃ জনসংখ্যা শিক্ষা কি বুলিলে চমুকৈ ক’ব পাৰি যে ই এক শৈক্ষিক কার্যসূচী যাৰ দ্বাৰা পৰিয়ালৰ গঠন সৰু পৰিয়াল আৰু ডাঙৰ পৰিয়ালৰ অসুবিধাবােৰ পৰিয়ালৰ আৰু সামগ্রিকভাৱে জাতিটোৰ জীৱন ধাৰণৰ মান কেনেকৈ উন্নত হ’ব , আর্থিক উন্নতি কেনেকৈ সম্ভৱ হ’ব — এই সকলােবােৰ কথা বুজি উঠাত সহায় কৰে । 

প্রশ্ন ৬. প্রমূল্য শিক্ষা কি ?

উত্তৰঃ যিবিলাক আচৰণ , ধাৰণা , গুণ , কর্ম আৰু বস্তু শিশুৰ শৈক্ষিক বিকাশৰ বাবে প্রয়ােজনীয় আৰু গুৰুত্বপূৰ্ণ সেইবােৰকেই প্রমূল্য শিক্ষা আখ্যা দিয়া হয় । ই এনে এক শৈক্ষিক কার্যসূচী অন্তর্ভুক্ত কৰা বুজায় যিবােৰে ব্যক্তি আৰু সমাজৰ উন্নতিত অৰিহণা যােগায় । এই শিক্ষাই এজন ব্যক্তিৰ সৰ্বাংগীণ বিকাশ তথা শাৰীৰিক , মানসিক , নৈতিক সামাজিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে । 

প্রশ্ন ৭. পাৰিপাৰ্শ্বিকতা শিক্ষাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ UNESCO- ৰ পৰিবেশ শিক্ষা সম্পর্কীয় আলােচনা চক্ৰই পৰিবেশ শিক্ষাৰ ওপৰত দিয়া সংজ্ঞা মতে , “ পৰিবেশ শিক্ষা হৈছে পৰিবেশ ৰক্ষণা-বেক্ষণৰ লক্ষ্যসমূহক বাস্তৱায়িত কৰা এক উপায় ।” 

পাৰিপাৰ্শ্বিক শিক্ষা হৈছে এনে এটা শৈক্ষিক প্রক্রিয়া যিটোৱে প্রকৃতি আৰু মানুহে সৃষ্টি কৰা পৰিবেষ্টনীৰ লগত মানুহৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰে । 

প্রশ্ন ৮. পৰিবেশৰ সংজ্ঞা দিয়া । 

উত্তৰঃ পৰিবেশ অথবা পাৰিপাৰ্শ্বিক অৱস্থাই সাধাৰণতে এটা নির্দিষ্ট স্থান আৰু সময়ত মানুহক পৰিবেষ্টিত কৰি ৰখা বিভিন্ন অৱস্থাৰ সামূহিক ৰূপটোকেই বুজায় । 

আমাৰ চাৰিওফালৰ জৈৱিক আৰু অজৈৱিক উপাদানৰে পৰিবেষ্টিত কৰি ৰখা পৰিস্থিতিয়েই হৈছে পৰিৱেশ ।

প্রশ্ন ৯. জনসংখ্যাৰ শিক্ষাৰ এটা সংজ্ঞা দিয়া । বা , জনসংখ্যাৰ শিক্ষা কাক বোলে ?

উত্তৰঃ যি শিক্ষাই মানুহৰ সমাজত জন্মৰ হাৰ বৃদ্ধিৰ ফলত পাৰিপাৰ্শ্বিকতা আৰু জীৱন প্রক্রিয়াত ইয়াৰ প্ৰভাৱ সম্পর্কে প্রণালীবদ্ধ জ্ঞান প্রদান কৰি জন্মৰ হাৰ নিয়ন্ত্রণ প্রয়ােজনীয়তা আৰু যুক্তিযুক্ত প্রক্রিয়াৰ বিষয়ে জ্ঞান প্রদান কৰে তাকেই জনসংখ্যা শিক্ষা বুলি কোৱা হয় । 

১৯৬৯ চনত NCERT- এ বােম্বাইত সংগঠিত কৰা ৰাষ্ট্ৰীয় আলােচনা চক্ৰত মন্তব্য প্ৰকাশ কৰি কৈছিল যে , পৰিয়ালৰ আকাৰ যে নিয়ন্ত্রণযােগ্য এই কথা উপলব্ধি কৰাৰ বাবে ছাত্ৰ – ছাত্ৰীক সমর্থবান কৰি তােলাটোৱেই জনসংখ্যা শিক্ষাৰ উদ্দেশ্য হােৱা উচিত । 

প্রশ্ন ১০. শাৰীৰিক শিক্ষাৰ সংজ্ঞা দিয়া ।

উত্তৰঃ Jay B. Nash ৰ মতে , “ শাৰীৰিক শিক্ষা সেই শিক্ষাক্ষেত্র যাৰ সম্পর্ক পেশীয় কার্যাৱলী আৰু সেইবােৰৰ লগত সম্পর্কিত অনুক্রিয়া । ” 

Nixon and Cozens ৰ মতে , ‘ শাৰীৰিক শিক্ষা পূর্ণ শিক্ষা প্রক্রিয়াটোৰ সেই অংশ যিটো পেশীয় কার্যাৱলী , সেইবােৰৰ লগত সম্পর্কিত অনুক্রিয়াসমূহ আৰু অনুক্রিয়াসমূহৰ ফলত ব্যক্তিজনৰ ক্ষেত্ৰত হােৱা পৰিবৰ্তনৰ লগত জড়িত । 

প্রশ্ন ১১. মহিলা সবলীকৰণৰ দুটা গুৰুত্বপূর্ণ বিষয় উল্লেখ কৰা । 

উত্তৰঃ মহিলা সবলীকৰণৰ দুটা গুৰুত্বপূর্ণ বিষয় হল— 

( ১ ) ৰাজনৈতিক ক্ষমতা । আৰু 

( ২ ) জনসংখ্যাৰ শিক্ষা । 

প্রশ্ন ১২. “শাৰীৰিক শিক্ষাই এটা সুস্থ জীৱনৰ বাট দেখুৱায় । ” — দুটা যুক্তি দিয়া । 

উত্তৰঃ যুক্তি দুটা হল—

( ক ) শাৰীৰিক শিক্ষাই এজন ব্যক্তিৰ শাৰীৰিক দক্ষতা বৃদ্ধি কৰাৰ লগতে মানসিক অৱসাদ দূৰ কৰাত সহায় কৰে । 

( খ ) এই শিক্ষাৰ মাধ্যমেৰে অর্থপূর্ণ আঁচনি আৰু পৰিকল্পিত শাৰীৰিক কার্যসূচী বিকাশ কৰিব পৰা যায় ।

See Next Page…

1 thought on “Class 12 Education Chapter – 3 শিক্ষাৰ চলিত ধাৰাসমূহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top