Class 12 Education Chapter – 4 শিক্ষন

Class 12 Education Chapter – 4 শিক্ষন Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 4 শিক্ষন and select needs one.

Class 12 Education Chapter – 4 শিক্ষন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 4 শিক্ষন Solutions for All Subject, You can practice these here…

শিক্ষন

পাঠ: ৪

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ )

A. শুদ্ধ নে অশুদ্ধ লিখা :

প্রশ্ন ১. অন্তর্দৃষ্টি হ’ল শিক্ষনৰ উচ্চতৰ পদ্ধতি । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২. শিক্ষন পৰিপূৰ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৩. অন্তদৃষ্টিৰে শিক্ষন হ’ল শিক্ষনৰ এটা যান্ত্রিক পদ্ধতি । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৪. শিক্ষাৰ আগ্রহে যুদ্ধখনৰ আধাখিনি জয় কৰায় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৫. শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰোৰ প্ৰস্তুতিৰ প্ৰয়ােজন নাই । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৬. কাম কৰাৰ বেয়া পৰিবেশে শিক্ষনত বাধা জন্মায় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৭. ছন্দোবদ্ধ আবৃতি শিক্ষনৰ এটা ভাল পূর্বচর্ত । 

প্রশ্ন ৮. প্রণােদিতকৰণ শিক্ষনৰ বাবে অত্যন্ত প্রয়ােজনীয় । 

প্রশ্ন ৯. ক্লান্তিয়ে শিক্ষনৰ দক্ষতা হেৰুওৱাৰ কাৰণ ।

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১০. কোহলাৰ তেওঁৰ উপযােগীকৰণেৰে শিক্ষনৰ পদ্ধতিৰ বাবে জনাজাত । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ১১. শিক্ষন হ’ল সমস্যা সমাধানৰ এটা কর্ম । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ১২. শিক্ষন হ’ল এটা জীৱনজোৰা প্রক্রিয়া । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১৩. শিক্ষন হ’ল কেৱল ভালৰ বাবে আচৰণৰ পৰিৱর্তন , বেয়াৰ বাবে নহয় । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ১৪. শিক্ষন সচেতন আৰু অসচেতন উভয়ে হ’ব পাৰে । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১৫. আনকি আচৰণৰ এটা অতি অস্থায়ী পৰিৱৰ্তনকো শিক্ষন বােলা হয় । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ১৬. অন্তদৃষ্টিযুক্ত শিক্ষন হ’ল এক যান্ত্রিক ধৰণৰ শিকন । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ১৭. প্রচেষ্টা আৰু ভুলৰ মাজেৰে শিক্ষন উচ্চ শিক্ষাৰ ক্ষেত্ৰত ফলদায়ক নহয় । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ১৮. প্রচেষ্টা আৰু ভুল প্রক্রিয়াৰে শিক্ষন হ’ল এক সমস্যা সমাধানকাৰী ধৰণৰ শিক্ষণ ।

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ১৯. পূর্ণতাপ্রাপ্তি হ’ল এক স্বাভাৱিক প্রক্রিয়া । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ২০. প্রচেষ্টা আৰু ভুল প্রক্রিয়াৰে শিক্ষনত ভুলসমূহৰৰ শিক্ষন মূল্য থাকে । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২১. পূর্ণতাপ্রাপ্তি স্বভাৱিকতে জৈৱিক প্রক্রিয়া । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২২. শিক্ষন নিৰ্ভৰ কৰে প্ৰাণীৰ বুদ্ধিমত্তাৰ স্তৰৰ ওপৰত । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৩. সকলাে প্ৰকাৰৰ শিক্ষনেই আচৰণৰ পৰিৱর্তন সাধন , কিন্তু আচৰণৰ সকলাে ধৰণৰ পৰিৱৰ্তন সাধনেই শিক্ষন নহয় । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৪. শিক্ষন নিৰ্ভৰ কৰে প্ৰাণীৰ বুদ্ধিমত্তাৰ স্তৰৰ ওপৰত । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ২৫. শিক্ষন হ’ল আচৰণৰ ফলত হােৱা আচৰণৰ পৰিৱর্তন । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ২৬. শিক্ষন হ’ল সামাজিকভাৱে বাঞ্ছনীয় আচৰণৰ আহৰণ । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ২৭. পূর্ণতাপ্রাপ্তি হ’ল প্রয়ােজনভিত্তিক । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ২৮. পূর্ণতাপ্রাপ্তি হ’ল জীৱনজোৰা প্রক্রিয়া । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ২৯. শিক্ষনক বংশগত গুণে পােনপটীয়াকৈ প্ৰভাৱিত নকৰে । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৩০. শিক্ষন আৰু পূর্ণতাপ্রাপ্তি উভয়ে ব্যক্তিগতকৃত প্রক্রিয়া । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩১. শিক্ষন হ’ল এক আংগিক প্রক্রিয়া । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৩২. প্রথম নির্ভুল পুনৰুদ্ভাৱন স্তৰৰ ঊর্ধ্বত শিক্ষন হ’ল অত্যধিক শিক্ষন । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩৩. সম্পৰীক্ষা আৰু ভুল পদ্ধতিৰ শিক্ষন হ’ল বাছনি আৰু সংযােগমূলক শিক্ষন । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩৪. চৰ্তকৰণ হ’ল সহযােগমূলক শিক্ষনৰ এটা ধৰণ । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩৫. চৰ্তকৰণ আনৰ বাবে প্রবৃত্ত এজনক সলনিকৰণত জড়িত ।

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩৬. চর্তকৰণ হ’ল এক যান্ত্রিক প্রক্রিয়া । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩৭. চৰ্তৰ সহাঁৰিবােৰ হ’ল স্বাভাৱিকতেই নির্দিষ্ট আৰু অনমনীয় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩৮. চৰ্তৰ সহাঁৰিবােৰ স্থায়ী । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩৯.অন্তদৃষ্টিৰ দ্বাৰা শিক্ষনে শিক্ষন সমস্যা সমাধানৰ প্রতি ক্রমাগত আগ্রহকে সূচায় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৪০. শিক্ষন অনুশীলনৰ পৰিমাণৰ সৈতে আনুপাতিক নহয় । 

উত্তৰঃ অশুদ্ধ । 

B. যথাযথ শব্দৰে খালী ঠাই পূৰণ কৰা :

প্ৰশ্ন ৪১. সম্পৰীক্ষা আৰু ভুল পদ্ধতিৰ শিক্ষন ……………..দ্বাৰা সমর্থিত আছিল ।

উত্তৰঃ থৰ্নডাইক ( Thorndike ) ।

প্ৰশ্ন ৪২. Gestalt হ’ল এটা ………. শব্দ ।

উত্তৰঃ জার্মান । 

প্ৰশ্ন ৪৩. শিক্ষন , জ্ঞান , অভ্যাস আৰু ………….আহৰণৰ সৈতে জড়িত ।

উত্তৰঃ অভিজ্ঞতা । 

প্ৰশ্ন ৪৪. অনুশীলনীৰ নীতিয়ে ………..ৰ প্রয়ােজনীয়তাৰ ওপৰত জোৰ দিয়ে । 

উত্তৰঃ পুনৰাবৃত্তি । 

প্ৰশ্ন ৪৫. প্রণােদিতকৰণ হ’ল শিক্ষনৰ এটা ……… উপাদান । 

উত্তৰঃ আভ্যন্তৰীণ । 

প্ৰশ্ন ৪৬.  ……………আভ্যন্তৰীণ অৱস্থাকে বুজায় , যিয়ে শিক্ষাৰোৰ লক্ষ্যৰ পিনে আগবঢ়াই নিয়ে । 

উত্তৰঃ অভিৰােচন ।

প্রশ্ন ৪৭. শিক্ষন হ’ল অভিজ্ঞতাৰ জৰিয়তে ……….ৰ সলনিকৰণ । 

উত্তৰঃ আচৰণ ।

প্ৰশ্ন ৪৮.   ……….সূত্র উদ্ভাৱন কৰিছিল পাভলভে । 

উত্তৰঃ অনুবন্ধনবাদ । 

প্ৰশ্ন ৪৯. গেষ্টেলট মনস্তত্বৰ মতে এক তাৱৎ হ’ল ইয়াৰ ………… ৰ মুঠতকৈ অধিক । 

উত্তৰঃ অংশবােৰ । 

প্ৰশ্ন ৫০. শিক্ষনৰ ……….সূত্রৰ তাৎপর্যপূর্ণ কথাটো হ’ল প্রবৃত্তি সলনিকৰণ । 

উত্তৰঃ অনুবন্ধন । 

প্ৰশ্ন ৫১. টেনেৰাইফ দ্বীপত কোলহাৰে তেওঁৰ বেছিভাগ পৰীক্ষা – নিৰীক্ষা জন্তুটো আছিল ………..। 

উত্তৰঃ চিম্পাঞ্জী । 

প্ৰশ্ন ৫২. স্কীনাৰৰ মতে ‘শিকন হ’ল অভ্যাস , জ্ঞান আৰু ………..আহৰণ তথা ধাৰণ ।’ 

উত্তৰঃ মনােভংগীৰ ।

প্ৰশ্ন ৫৩. গেষ্টেল্ট স্কুল অৱ চাইক’লজীৰ প্ৰতিষ্ঠাপক ফাদাৰ আছিল …………..। 

উত্তৰঃ ক’হলাৰ ( Kohler ) ।

প্ৰশ্ন ৫৪. শিক্ষন হ’ল …………..আহৰণ । 

উত্তৰঃ অভিজ্ঞতা । 

প্ৰশ্ন ৫৫. থর্ণডাইকৰ মতে শিকন হ’ল …………… আৰু ……………ৰ মাজত সম্পর্ক স্থাপন । 

উত্তৰঃ উদ্দীপক , প্রতিক্রিয়া । 

প্ৰশ্ন ৫৬. এক কৃত্রিম প্রবৃত্তিৰ দ্বাৰা সৃষ্ট স্বাভাৱিক সঁহাৰিক ………….হিচাপে জনা যায় । 

উত্তৰঃ অনুন্ধানবাদ ।

প্ৰশ্ন ৫৭. ………….আৰু ………….ৰ বিকাশৰ ৰাবেই পৰিপূৰ্ণত আহে । 

উত্তৰঃ দৈহিক , মানসিক । 

প্ৰশ্ন ৫৮. গেষ্টেল্ট মানে …………।

উত্তৰঃ সামূহিক । 

প্ৰশ্ন ৫৯. শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ নীতিটোৰ ভিত্তি হল …………..।

উত্তৰঃ ফলাফল । 

প্ৰশ্ন ৬০. বাৰে বাৰে কৰা প্ৰচেষ্টাৰ জৰিয়তে , দীঘলীয়া সময়ৰ পিছত এজন ছাত্রই নিজে এটা অংক গণনা কৰাত সফল হয় । এনে শিক্ষনক ………. ৰ সূত্রই সমর্থন কৰে । 

উত্তৰঃ সংযােগবাদ / প্রচেষ্টা আৰু ভুল পদ্ধতি । 

প্ৰশ্ন ৬১. বৃত্তিগতভাৱে পেভলভ আছিল এজন …………..।  

উত্তৰঃ শৰীৰতত্ববিদ । 

প্ৰশ্ন ৬২. অন্তদৃষ্টিৰে শিকন হ’ল ………… স্কুল অৱ চাইক’লজীৰ অৱদান । 

উত্তৰঃ গেষ্টাল্ট ( Gestalt ) ।

প্ৰশ্ন ৬৩. প্রচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষন ………….সূত্ৰৰ সৈতে সম্পর্কিত । 

উত্তৰঃ সংযােগবাদ । 

প্রশ্ন ৬৪. সন্তুষ্টি আৰু প্ৰকৰণ শিক্ষনৰ ………..সূত্ৰত মূল কাৰক । 

উত্তৰঃ ফলাফল ।

প্ৰশ্ন ৬৫.  …………ৰ এক নিৰ্দিষ্ট স্থৰত উপনীত হ’লেহে শিক্ষন সম্ভৱ ।

উত্তৰঃ পৰিপক্কতা ।

প্ৰশ্ন ৬৬. কৃত্রিম প্রবৃত্তি আৰু ………. ৰ মাজত এক নতুন সংযােগ হ’ল চৰ্তকৰণ । 

উত্তৰঃ প্রতিক্রিয়া । 

প্ৰশ্ন ৬৭. অন্তদৃষ্টি হ’ল সাধাৰণ …………. ৰ এক সচেতনতা । 

উত্তৰঃ মনৰ । 

প্ৰশ্ন ৬৮. প্রভাবৰ নীতিয়ে শিক্ষনত ………………ৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে । 

উত্তৰঃ ফলাফল । 

প্ৰশ্ন ৬৯.  …………. ৰ নীতিয়ে শিক্ষনত পুৰস্কাৰ আৰু শাস্তিৰ ভূমিকাৰ ওপৰত জোৰ দিয়ে ।

উত্তৰঃ ফলাফল । 

C. চমু উত্তৰ দিয়া

প্রশ্ন ৭০. ‘চৰ্তকৰণেৰে শিকন’ উদ্ভাৱন কৰা ৰাছিয়ান চিকিৎসকগৰাকী কোন আছিল ? 

উত্তৰঃ পেভলভ ( Pevlov ) ।

প্রশ্ন ৭১. শিক্ষনৰ এটা ধৰণ ‘অন্তদৃষ্টি’ৰ কথাটো উদ্ভাৱন কৰা মনস্তত্ববিদগৰাকী কোন আছিল ? 

উত্তৰঃ কহলাৰ । 

প্রশ্ন ৭২. চৰ্তৰ সঁহাৰি কি ? 

উত্তৰঃ কৃত্রিম প্রবৃত্তি আৰু প্ৰক্ৰিয়াৰ মাজত এক নতুন সংযােগ হ’ল চৰ্তৰ সহাঁৰি । 

প্রশ্ন ৭৩. প্রচেষ্টা আৰু ভুল পদ্ধতিৰে আমি শিকা আচৰণৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ চাইকেল চলাব শিকা ।

প্রশ্ন ৭৪. চৰ্তকৰণৰ ফলত হােৱা এটা আচৰণৰ উদাহৰণ দিয়া । 

উত্তৰঃ ভাল অভ্যাস গঠন । 

প্রশ্ন ৭৫. গেটছে আগবঢ়োৱা শিক্ষনৰ সূত্ৰটো লিখা । 

উত্তৰঃ “অভিজ্ঞতা আৰু প্ৰশিক্ষনৰ দ্বাৰা আচৰণ সংশােধন কৰা কাৰ্যই হৈছে শিক্ষণ । 

প্রশ্ন ৭৬. পাভলভৰ চৰ্তকৰণৰ পৰীক্ষা – নিৰীক্ষাত চর্তহীন সঁহাৰি কি আছিল ? 

উত্তৰঃ বেল বা ঘণ্টা শব্দ । 

প্রশ্ন ৭৭. শিক্ষনৰ সম্পৰীক্ষা আৰু ভুল পদ্ধতিৰ সৈতে জড়িত সূত্ৰটো কি ? 

উত্তৰঃ সংযােগবাদ । 

প্রশ্ন ৭৮. অন্তদৃষ্টিময় শিক্ষনৰ সৈতে জড়িত সূত্ৰটো কি ? 

উত্তৰঃ সামগ্রিকতাবাদ । 

প্রশ্ন ৭৯. পূর্ণতাপ্রাপ্তি আৰু শিক্ষনৰ এটা উমৈহতীয়া বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ পূর্ণতা প্রাপ্তিয়ে শিক্ষনৰ সীমা নিধাৰণ কৰে । 

প্রশ্ন ৮০. শিক্ষন হ’ল অভিজ্ঞতা আৰু প্ৰশিক্ষনৰ আচৰণৰ সলনিকৰণ ’ – এই উক্তিৰে সৈতে জড়িত ব্যক্তিগৰাকীৰ নাম লিখা । 

উত্তৰঃ গেইটছ ( Gates ) ।

প্রশ্ন ৪১. অন্তদৃষ্টিৰ অর্থ কি ? 

উত্তৰঃ জ্ঞানৰ সমগ্ৰতাৰ দৃষ্টি পৰিহাৰ কৰি অংশৰ স্বৰূপৰ ওপৰত দিয়া দৃষ্টি আৰু চিন্তা । 

প্রশ্ন ৮২. শিক্ষনৰ কোনবােৰ নীতি বা শিক্ষনৰ কোনবোৰ পদ্ধতি তলত দিয়া কথাবােৰৰ ক্ষেত্ৰত কাম কৰে যেন লাগে–

( ক ) অনুশীলন এগৰাকী লােকক নিপুণ কৰে । 

উত্তৰঃ অনুশীলনৰ নীতি । 

( খ ) সাফল্যক একোৱেই অতিক্রম কৰিব নােৱাৰে । 

উত্তৰঃ ফলাফলৰ নীতি । 

( গ ) পাটিগণিতত ভাল ভাল কৃতিত্বৰ বাবে শ্ৰেণীত মীৰাক শিক্ষকে প্রশংসা কৰে । নিজৰ প্ৰচেষ্টাৰে তাই সমস্যাসমূহ সমাধান কৰাটো ( অংক কৰাটো ) অব্যাহত ৰাখে । 

উত্তৰঃ ফলাফলৰ নীতি ।

( ঘ ) চাৰিবছৰীয়া বৰুণৰ বাবে শিক্ষন ব্যাকৰণৰ কোনাে কাম নাই । 

উত্তৰঃ পৰিপক্কতা ।

( ঙ ) ট্রেফিক পইণ্টত ৰঙা সংকেত দেখি চালকজনে গাড়ীখন ৰখাই দিয়ে । 

উত্তৰঃ অনুবন্ধনবাদ তত্ত্ব । 

( চ ) সাঁতােৰ শিকিবলৈ আৰম্ভ কৰোঁতেই তেওঁৰ বাহুৰে পানী হেঁচি আৰু ফালি পেশীৰ শক্তিৰ অপচয় কৰে । 

উত্তৰঃ প্রচেষ্টা আৰু ভুল পদ্ধতি । 

( ছ ) সন্তুষ্টি আৰু অনুশীলন শিক্ষণৰ ………..পদ্ধতিৰ মূল উপাদান ।

উত্তৰঃ প্রচেষ্টা আৰু ভুল পদ্ধতি । 

( জ ) “ সমগ্ৰ নিৰীক্ষণৰ ওপৰত শিক্ষণ নিৰ্ভৰশীল ” — এই উক্তিটোৰ লগত শিক্ষণৰ কোনটো পদ্ধতি জড়িত ? 

উত্তৰঃ অন্তর্দর্শন পদ্ধতি ।

See Next Page…

3 thoughts on “Class 12 Education Chapter – 4 শিক্ষন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top