Class 12 Education Chapter – 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

Class 12 Education Chapter – 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 12 Education Chapter – 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা and select needs one.

Class 12 Education Chapter – 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 1 ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা Solutions for All Subject, You can practice these here…

ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

Chapter – 1

উওৰ দিয়াঃ

১। মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ ডক্টৰ লক্ষ্মনস্বামী মুডালিয়া।

২। স্বধীন ভাৰতৰ প্ৰথমখন শিক্ষা আয়োগ কোন চনত গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫২-৫৩ চনত। 

৩। মাধ্যমিক শিক্ষা আয়োগ গঠনৰ আৰৰ কাৰণবোৰ কি কি?

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগ গঠনৰ আৰৰ কাৰণবোৰ:-

(১) ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ বৰ্তমান অৱস্থাৰ সকলোবোৰ দিশ অনুসন্ধান কৰা আৰু সেই সম্বন্ধে প্ৰতিবেদন দাখিল কৰা।

(২) মাধ্যমিক শিক্ষাৰ লক্ষ্য, সংগঠন আৰু অধ্যয়নৰ উপাদান সম্বন্ধে।

(৩) প্ৰাথমিক, বুনিয়াদী আৰু উচ্চ শিক্ষাৰ লগত ইয়াৰ সম্বন্ধ সম্পৰ্কে।

(৪) বিভিন্ন প্ৰকাৰৰ মাধ্যমিক বিদ্যালয়ৰ মাজত থকা সম্বন্ধ সম্পৰ্কে।

(৫) অন্যান্য প্ৰসংগিক সমস্যা সম্বন্ধে।

৪৷ মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনত সৰ্বমুঠ কেইটা অধ্যায় আছিল?

উত্তৰঃ ১৫টা।

৫। প্ৰচলিত মাধ্যমিক শিক্ষাৰ আসোঁৱাহবোৰ কি কি আছিল?

উত্তৰঃ (১) জীৱন  বিচ্ছিন্নতা।

(২) সংকীৰ্ণ আৰু একপক্ষীয়।

(৩) ইংৰাজী ভাষাৰ প্ৰাধান্য।

(৪) ত্ৰুটিপূৰ্ণ শিক্ষাদানৰ পদ্ধতি।

(৫) ছাত্ৰ শিক্ষকৰ ব্যক্তিগত সম্বন্ধৰ অভাৱ।

(৬) পৰীক্ষা প্ৰধান।

৬। মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধনৰ বিষয়ে লিখা।

উত্তৰঃ গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন [Developing democratic citizenship]:

◆ চিন্তাৰ স্পষ্টতা, কথন আৰু লিখনৰ মুক্ততা অবিহনে গণতন্ত্ৰ কেতিয়াও সফল হব নোৱাৰে। গতিকে মাধ্যমিক  শিক্ষাই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মুক্ত আলোচনা আৰু ধ্যান ধাৰণাৰ বিনিময় কৰিব পৰা তথা কথন আৰু লিখনৰ যোগেদি সুস্থ জনমত গঢ় দি তুলিব পৰা এক অৱস্থাৰ সৃষ্টি কৰিব লাগে।

◆ এজন ব্যক্তিয়ে অকলে কেতিয়াও জীয়াই থাকিব অথবা বিকাশ লাভ কৰিব নোৱাৰি। তেওঁৰ নিজৰ আৰু সমাজৰ মংগলৰ বাবে মানুহে আইনৰ সৈতে বসবাসৰ শিক্ষা লাভ কৰিব লাগে। সামাজিক জীৱনৰ বাবে প্ৰয়োজনীয় গুনসমূহ  যেনে: অনুশাসন, সহযোগিতা, সামাজিক সংবেদনশীলতা আৰু সহনশীলতাৰ বিকাশৰ ক্ষেত্ৰত শিক্ষাই মুখ্য ভূমিকা লব লাগিব।

৭। মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ উল্লেখ কৰা।

উত্তৰঃ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ হ’ল:

◆ গণতান্ত্ৰিক নাগৰিকত্ব বিকাশ সাধন।

◆ বৃত্তিয় যোগ্যতাৰ বিকাশ সাধন।

◆ ব্যক্তিত্বৰ বিকাশ।

◆ নেতৃত্বৰ শিক্ষা।

৮। মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম কি? 

উত্তৰঃ মুডালিয়াৰ আয়োগ।

৯। ১৯৬৪ চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ ডক্টৰ ডি.এচ কোঠাৰী।

১০। কোন আয়োগ ১০+২+৩ শিক্ষাৰ গাঠনিৰ পৰামৰ্শ আগবঢ়াইছিল?

উত্তৰঃ কোঠাৰী আয়োগে।

১১। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ আন এটা নাম কি?

উত্তৰঃ কোঠাৰী আয়োগ।

১২। শিক্ষা আৰু উৎপাদনমুখিতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ আয়োগৰ মতে, জাতীয় আয় বৃদ্ধিৰ বাবে শিক্ষাৰ লক্ষ্য এনেকুৱা হোৱা উচিত যাতে ই উৎপাদনশীলতা বৃদ্ধি  কৰিব পাৰে। বিজ্ঞান শিক্ষাৰ বিকাশৰদ্ধাৰা শিক্ষা আৰু উৎপাদনৰ মাজত যোগসূত্ৰ সৃষ্টি কৰিব পাৰি।

১৩। কোঠাৰী আয়োগে আগবঢ়োৱা প্ৰাথমিক শিক্ষাৰ গাঁথনি উল্লেখ কৰা?

উত্তৰঃ কোঠাৰী আয়োগে আগবঢ়োৱা প্ৰাথমিক শিক্ষাৰ গাঁথনি ১০+২+৩।

১৪। কোঠাৰী আয়োগৰ প্ৰতিবদনক কি নামেৰে জনা যায়?

উত্তৰঃ ‘শিক্ষা আৰু জাতীয় ‘বিকাশ নামেৰে জনা যায়।

১৫। এখন দেশৰ ভাগ্য এটা শ্ৰেণীকোঠাত গঢ় লৈ উঠে  —কোন প্ৰতিবেদনত এই বাক্যশাৰী লিখা আছিল?

উত্তৰঃ কোঠাৰী আয়োগৰ প্ৰতিবেদনত।

১৬। কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ উল্লেখ কৰা।

উত্তৰঃ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ:- 

(১) শিক্ষা আৰু উৎপাদনমুখিতা।

(২) শিক্ষা, সামাজিক আৰু জাতীয় সংহতি।

(৩) আধুনিকীকৰণ আৰু শিক্ষা।

(৪) সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ শিক্ষা। আৰু

(৫) ধর্ম নিৰপেক্ষতা আৰু ধর্ম।

১৭। ১০+২+৩-ৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১০+২+৩ ৰ বিষয়ে:- ১০ বছৰীয়া মাধ্যমিক স্কুল আৰু ২ বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা আৰু ১০ বছৰীয়া হাইস্কুল  আৰু ১২ বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা ব্যৱস্থা।

১৮। কোঠাৰী আয়োগৰ মতে প্ৰথম ৰাজহুৱা পৰীক্ষা কোন শ্ৰেণীৰ পিছত হোৱা উচিত?

উত্তৰঃ দশম শ্ৰেণীৰ পিছত।

১৯। মাধ্যমিক শিক্ষাৰ বৃত্তিমুখিকৰণৰ ক্ষেত্ৰত কোঠাৰী আয়োগ আগবঢ়োৱা ছয়টা পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ কোঠাৰী আয়োগ আগবঢ়োৱা ছয়টা পৰামৰ্শ:-

(ক) জুনিয়ৰ টেকনিকেল স্কুলবোৰক টাকনিকেল হাইস্কুল নাম দি পূৰ্ণ পৰ্যায়ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।

(খ) ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু টেকনিকেল স্কুল-সমূহত উৎপাদনমূখী প্ৰশিক্ষণ দিব লাগিব।

(গ) টেকনিকেলসমূহৰ দশম শ্ৰেণীৰ তলৰ শ্ৰেণীত নামভৰ্তিৰ সুবিধা দি নিপুণ কৰ্মীক প্ৰশিক্ষণ দিব লাগিব।

(ঘ) আধাতে শিক্ষা এৰি কামত নিয়োজিত হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যৱসায়িক আৰু কাৰিকৰী প্ৰশিক্ষণ, অংশকালীন শিক্ষা, ডাকযোগে শিক্ষা আদিৰ ব্যৱস্থা কৰিব লাগে।

(ঙ) বৃত্তিমূলক প্রতিষ্ঠানসমূহত শিক্ষকৰ অৰ্হতা আৰু দৰমহাৰ ওপৰত গুৰুত্ব দিব লাগে।

(ঘ) কাৰিকৰী হাইস্কুল আৰু পলিটেকনিকৰ পৰা ডিপ্লোমা লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ক্ষুদ্ৰাকৃতিৰ উদ্যোগ,কাৰখানা আদি স্থাপন কৰিব লাগে।

২০। কোঠাৰী আয়োগৰ মতে বৃত্তিমুখী শিক্ষাৰ মাধ্যম  কি হোৱা উচিত?

উত্তৰঃ আয়োগৰ মতে বৃত্তিমুখী শিক্ষাৰ মাধ্যম শিক্ষা বৃত্তিমূখীকৰণৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰৰ কাম কৰাৰ বাবে উপযুক্ত হিচাপে গঢ়ি তুলিব পৰা যাব।

২১। ৰাষ্ট্ৰীয় শিক্ষানীতি কোন চনত গৃহিত হয়?

উত্তৰঃ ১৯৮৬।

২২। নবোদয় বিদ্যালয় কি?

উত্তৰঃ যিসকল  ছাত্ৰ-ছাত্ৰীৰ বিশেষ প্ৰতিভা থাকে তেওঁলোকক উন্নতমানৰ শিক্ষা দিয়াটো আছিল এই সমূহ বিদ্যালয়ৰ উদ্দেশ্য। এই ক্ষেত্ৰত দৰিদ্ৰতা অথবা থকা ঠাই কেতিয়াও ইয়াৰ সৃষ্টিকৰী হব নোৱাৰি। কাৰণ দেশৰ প্ৰায় সকলো ঠাইতে এই বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰা হৈছে আৰু ইয়াৰ শিক্ষা বিনামূলীয়া।

২৩। অপাৰেচন ব্লেকবোৰ্ড মানে কি?

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ১৯৮৭ চনত প্ৰস্তুত কৰা এখন আঁচনি। ইয়াৰ উদ্দেশ্য হল সমগ্র ৰাষ্ট্ৰতে প্রথমিক বিদ্যালয়সমূহৰ উন্নতি সাধন কৰা।

২৪। OBB-ৰ সম্পূৰ্ণ  ৰূপটো লিখা।

উত্তৰঃ Operation Black Board.

২৫। নবোদয় বিদ্যালয় স্থাপনৰ উদ্দেশ্য কি?

উত্তৰঃ নবোদয় বিদ্যালয় স্থাপনৰ উদ্দেশ্য হল:- 

(১) বিনামূলীয়া শিক্ষা প্ৰদান।

(২) গ্ৰাম্যঞ্চলৰ লৰা ছোৱালীক উন্নত শিক্ষা দিয়া।

(৩) দৰিদ্ৰতাই বাধাগ্ৰস্ত কৰা সকলক শিক্ষাৰ সুযোগ দিয়া।

২৬। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পাঁচটা বৈশিষ্ট্য:-

(১) জাতীয় শিক্ষাই দেশৰ বাবে – এক সাধাৰণ শিক্ষা ব্যৱস্থাৰ কথা পূৰ্বালোক কৰে।

(২) শিক্ষাৰ প্ৰতিটো স্তৰৰ বাবে শিক্ষাৰ নূন্যতম পৰ্য্যয় স্থিৰ কৰা হব।

(৩) শিক্ষা প্ৰক্ৰিয়াৰ এক অন্যতম লক্ষ্য হ’ল – জীৱনজোৰা শিক্ষাৰ ব্যৱস্থা কৰা।

(৪) সমতাৰ বিকাশ সাধন কৰাৰ বাবে সকলো সমানে সুবিধা দিব লাগিব যাতে সকলোৱে বিকাশ কৰিব পাৰে।

(৫) এই শিক্ষা পদ্ধতিৰ পাঠ্যক্ৰমৰ হ’ব ৰাষ্ট্ৰীয় ভিক্তিৰ আৰু ইয়াৰ পৰিবৰ্তনীয় দিশ থাকিব।

২৭। মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষনীতিৰ পৰামৰ্শ আলোচনা কৰা।

উত্তৰঃ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ:-

(১) স্কুলত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰি তুলিব লাগে।

(২) মাধ্যমিক শিক্ষাৰ চৰকাৰী পৰিদৰ্শন কার্য অধিক উন্নত আৰু নিয়মীয়া কৰি তুলিব লাগে।

(৩) অসমীয়া মাধ্যমৰ স্কুলবোৰত ইংৰাজী বিষয় উন্নত পদ্ধতিৰে শিক্ষা দিয়াত জোৰ দিব লাগে।

(৪ ) অসমৰ মাধ্যমিক শীক্ষা বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানমুখী কৰি তুলিব লাগে।

(৫) মাধ্যমিক শিক্ষা বৃত্তিমূলক কাৰণৰ বাবে শেষতীয়াকৈ ১৯৮৬ চনৰ জাতীয় শিক্ষা নীতিত।গ্ৰহণ কৰা প্ৰভাৱসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগে।

২৮। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ কোন চনত গঠিত হৈছিল?

উত্তৰঃ ১৯৮৪ চনত।

২৯। SEBA আৰু AHSEC-ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ SEBA —Secondary Education Board of Assam. আৰু  AHSEC — Assam Higher Secondary Education Council.

৩০। স্বাধীনোত্তৰ কালত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ আধুনিকীকৰ কৰি তুলিবৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হয়।১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পিছত পূৰ্বৰ অসমৰ মাধ্যমিক শিক্ষাৰ ভাৰ কলিকতা বিশ্ববিদ্যালয়ৰ হাতৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাতলৈ অনা হৈছিল। তাৰ ফলত প্ৰৱেশিকা পৰীক্ষাৰো ফলাফল লাভ হৈছিল আৰু ১৯৪৭-৪৮ চনৰ১৯১খন হাইস্কুলৰ পৰা ১৯৫৩-৫৪ চনৰ ভিতৰত সংখ্যা বাঢ়ি গৈ ৩৩৮ খন হৈছিল আৰু সেই অনুপাতে ছাত্ৰৰ সংখ্যাও বাঢ়িছিল।

১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষা সংক্ৰান্তত দিয়া পৰামৰ্শই অসমৰ মাধ্যমিক শিক্ষাৰ শৈক্ষিক, সাংগঠনিক আৰু প্ৰশাসনীক পৰিৱৰ্তন কৰিছিল। আয়োগে এই পৰ্যায়ৰ শিক্ষাৰ লক্ষ্য উদ্দেশ্য স্বাধীন দেশৰ গণতান্ত্ৰিক আদৰ্শত ভিত্তি কৰি এক নতুন ৰূপত গঢ় দি তোলে।

এই আয়োগৰ পৰামৰ্শক্রমে অসমত ১১ বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা প্ৰৱৰ্তন কৰা হয় আৰু বহুমুখী বিদ্যালয় স্থাপন কৰা হয়। ১৯৫২ চনলৈকে ৬৭ খন হাইস্কুল উচ্চতৰ মাধ্যমি -কলৈ  ৰূপান্তৰ কৰা হয়। পাঠ্যক্ৰম সাতটা গোটৰ, ভিতৰত কলা,বিজ্ঞান,বাণিজ্য, সুকুমাৰ ক’লা আৰু বিজ্ঞান আদি গোটৰ বাবে অধ্যয়নৰ ব্যৱস্থা কৰা হয়।

৩১। অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰধান সমস্যাবোৰ কি কি?

উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰধান সমস্যাবোৰ:-

(১) ঠেক গণ্ডীৰ উদ্দেশ্য।

(২) ঠেক গণ্ডীৰ পাঠ্যক্ৰম।

(৩) পৰীক্ষা ব্যৱস্থা ক্ৰুটি।

(৪) পাঠ্যপুথিৰ দোষ।

(৫) প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ অভাৱ।

(৬) মাধ্যমিক স্কুলৰ বৈষয়িক সমস্যা।

(৭) শিক্ষক-শিক্ষাৰ্থীৰ সম্বন্ধ কম।

(৮) শিক্ষাৰ্থীসকলৰ অনুশাসনহীনতা।

(৯) কৰ্তৃপক্ষ,শিক্ষক,অভিভাৱকৰ উদাসীনতা।

(১০) বৃত্তিমূলক শিক্ষাৰ অভাব।

৩২। অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাবোৰ সমাধানৰ উপায়বোৰ আলোচনা কৰা।

উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাবোৰ সমাধানৰ উপায়বোৰ:-

(১) মাধ্যমিক স্কুলবোৰৰ বৈষয়িক অৱস্থা উন্নত কৰি তোলাৰ কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰি তুলিব লাগে। 

(2) দুৰ্বল স্কুলবোৰৰ প্ৰশাসনীয় ব্যৱস্থা উন্নত কৰি তুলিবৰ বাবে পৰিচালন সমিতিবোৰ অধিক শক্তিশালী কৰি তুলিব লাগে।

(৩) বৃত্তীয় শিক্ষাৰ কৰ্ম নিযুক্তিৰ নতুন নতুন সম্ভাৱনীয়তাসমূহ চৰকাৰ আৰু সংশ্লিষ্ট কৃতপক্ষই উদ্ভাৱন কৰিব লাগে।

(৪)  স্কুলৰ শিক্ষা ব্যৱস্থা নিয়মীয়া বিধৰ কৰি তুলিবৰ বাবে শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰি তুলিব লাগে।

(৫) শিক্ষাৰ মান উন্নতকৰণ আৰু সমস্যা সমাধানৰ দিশত শিক্ষক অভিভাৱকসকলৰ মাজত অধিক সহযোগিতা আৰু ঘনিষ্ঠ সম্বন্ধ স্থাপনৰ প্ৰয়োজন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top