Class 12 Education Chapter – 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূ

Class 12 Education Chapter – 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 12 Education Chapter – 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূ and select needs one.

Class 12 Education Chapter – 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূ Solutions for All Subject, You can practice these here.

শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূ

Chapter – 3

উওৰ দিয়াঃ

১। পৰিৱেশ শিক্ষা মানে কি?

উত্তৰঃ পৰিৱেশ শিক্ষা এক এনেকুৱা শিক্ষা ব্যৱস্থা যাৰ  দ্বাৰা পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব পাৰি। পৰিৱেশ শিক্ষা এক শৈক্ষিক প্ৰক্ৰিয়া, য’ত মানুহ আৰু প্ৰাকৃতিক উপাদানে সৃষ্টি কৰা পৰিৱেশৰ লগত মানুহৰ সিম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। পৰিৱেশ শিক্ষা মানুহক পাৰিপাৰ্শ্বিক উন্নতিৰ বাবে জ্ঞান, কৌশল, সজাগতা, মনোভাৱৰ সম্পূৰ্ণ বিকাশ সাধন কৰি পৰিপূৰ্ণ বিকাশ আৰু উন্নতিত সহায় কৰে। পৰিৱেশ শিক্ষা এক গতিশীল আৰু অবিৰত প্ৰক্ৰিয়া।

২। পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ পৰিৱেশ শিক্ষাৰ দুটা বৈশিষ্ট্য:-

(১) পৰিৱেশৰ শিক্ষা পৰিৱেশৰ সমস্যাৰ লগত জড়িত।

(২) পৰিৱেশ শিক্ষা এক অভিজ্ঞতাকেন্দ্ৰিক শিক্ষা য’ত পৰিৱেশৰ শাৰীৰিক, প্ৰকৃতিক আৰু মানৱ সম্পদৰ অধ্যয়নৰ সুযোগ পোৱা যায়।

৩। ‘বিশ্ব পৰিৱেশ দিৱস’ কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ ‘বিশ্ব পৰিৱেশ দিৱস’ ৫ জুন তাৰিখে পালন কৰা হয়।

৪। পৰিৱেশ শিক্ষা কিয় গুৰুত্বপূৰ্ণ?

উত্তৰঃ পৰিৱেশ শিক্ষাৰ গুৰুত্বপূৰ্ণ তলত আলোচনা কৰা হল–

পৰিৱেশ হৈছে বিভিন্ন প্ৰকৃতিৰ অনবদ্য সৃষ্টী আৰু মানুহে কৰা কেতবোৰ কার্যৰ সংলগ্ন এক অৱস্থা। বয়স,বৃত্তি, ধর্ম নিৰ্বিশেষে সকলো স্তৰৰ লোক পৰিৱেশৰ দ্ধাৰা প্ৰবাহিত হয়।

(১) পৰিৱেশ সঠিক জ্ঞান প্ৰদান: পৰিৱেশৰ বিভিন্ন উপাদান যেনে— বায়ু, পানী, মাটি, উদ্ভিদ, জীৱ – জন্তু আদিৰ বিষয়ে জ্ঞান প্ৰদান কৰাই পৰিৱেশ শিক্ষাৰ অন্যতম লক্ষ্য।

(২) পৰিৱেশৰ প্ৰতি সুসংহত আচৰণৰ বিকাশ: পৰিৱেশৰ প্ৰাণী বা উদ্ভিদৰ জীৱনধাৰণাৰ মান উন্নত কৰিবলৈ হলে ব্যক্তি নিজেই সচেতন আৰু সংযমী হোৱা দৰকাৰ। মানুহ আৰু প্ৰকৃতি উভয়ে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল।

৫। পৰিৱেশ শিক্ষাৰ চাৰিটা উদ্দেশ্য লিখা।

উত্তৰঃ পৰিৱেশ শিক্ষাৰ চাৰিটা উদ্দেশ্য হল-

(১) পৰিৱেশ আৰু পৰিৱেশৰ বিভিন্ন সমস্যা সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মনত সচেতনতাৰ ভাৱ সৃষ্টি কৰা।

(২) পৰিৱেশ আৰু মানুহৰ মাজত থকা আন্তঃসম্পৰ্কৰ বিষয়ে উপলব্ধি কৰোৱা।

(৩) পৰিৱেশ সংৰক্ষণত জড়িত সামাজিক প্ৰমূল্যসমূহৰ বিষয়ে অৱগত কৰোৱা।

(৪) পৰিৱেশ সমস্যাসমূহ চিনাক্ত কৰা আৰু সমাধানৰ কৌশলসমূহ আয়ত্তকৰণৰ সুবিধা কৰা।

৬। পৰিৱেশ সংৰক্ষণত শিক্ষাৰ ভূমিকা বৰ্ণনা কৰা।

উত্তৰঃ পৰিৱেশ সংৰক্ষণত শিক্ষাৰ ভূমিকা-

(১) পাৰিপাৰ্শ্বিক অৱনমন প্ৰতিৰোধ কৰিবলৈ হ’লে শিক্ষাৰ প্ৰতিটো স্তৰতে পাৰিপাৰ্শ্বিক শিক্ষা অধ্যয়নৰ ব্যৱস্থা কৰা উচিত। এই শিক্ষাৰ কার্যপন্থাসমূহ স্থানীয় প্ৰয়োজন আৰু পৰিস্থিতি অনুসৰি প্ৰস্তুত কৰিব লাগে। এই বিষয়টোৰ জ্ঞান তাত্বিক পদ্ধতিৰে প্ৰদান কৰাতকৈ প্ৰায়োগিক পদ্ধতিৰে প্ৰদান  কৰাত গুৰুত্ব দিব লাগে।

(২) পাৰিপাৰ্শ্বিক অৱনমনৰ অন্তৰালত লুকাই থকা এক প্ৰধান কাৰক হৈছে জনসংখ্যা বৃদ্ধি। শিক্ষাব্যৱস্থাৰ জৰিয়তে জনসাধাৰণক জনসংখ্যা বৃদ্ধিৰ ভয়াবহতা সম্পৰ্কে জ্ঞান প্ৰদান কৰি জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ জ্ঞান প্ৰদান কৰিব পাৰি।

(৩) পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ বাবে শিক্ষানুষ্ঠানসমূহে গছপুলিৰ সংৰক্ষণ, প্ৰতিপালন, সামাজিক বনানিকৰণৰ দৰে কার্যসূচীসমূহ ৰূপায়ণৰ ব্যবস্থা কৰিব লাগে।

(৪)পৰিৱেশৰ ক্ষেত্ৰত ব্যক্তি আৰু সমাজৰ লোকৰ নিৰ্বোধ আৰু যুক্তিহীন আচৰণ নিয়ন্ত্ৰণ কৰাৰ বাবে স্থানীয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয়ভাৱে বিভিন্ন আইন-কানুনৰ ব্যবস্থা কৰা হৈছে। শিক্ষাৰ দ্ধাৰা পৰিৱেশ অধ্যয়নৰ এই আইনী ব্যবস্থা সম্পৰ্কে জনসাধাৰণক সজাগ কৰি তুলিব পাৰি।

(৫) মানুহ হৈছে প্ৰকৃতি আৰু পৰিৱেশৰ অবিচ্ছেদ্য অংশবিশেষক আৰু সেইবাবে মানুহে প্ৰকৃতিৰ নীতি-নিয়ম মানি চলিব লাগে। প্ৰকৃতি থাকিলেহে মানুহ থাকিব পাৰে। প্ৰকৃতি ধ্বংস কৰি মানুহৰ অস্তিত্ব ৰক্ষা কৰা আৰু বিকাশ সাধন কৰাটো যে সম্ভৱ নহয় সেই কথা শিক্ষাৰ জৰিয়তে জনগনণক জ্ঞান প্ৰদান কৰি সজাগতা সৃষ্টি কৰিব লাগে।

৭। জনসংখ্যা শিক্ষাৰ অৰ্থ লিখা।

উত্তৰঃ জনসংখ্যা শিক্ষাৰ অৰ্থ- জনসংখ্যা শিক্ষা হৈছে এক শৈক্ষিক আঁচনি যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক এটা পৰিয়ালৰ জনসংখ্যাৰ অৱস্থা সম্পৰ্কে, এটা জাতি বা বিশ্বৰ জনসংখ্যাৰ অৱস্থা সম্পৰ্কে জানিবলৈ দিয়া হয়। এইদৰে লাভ কৰা জ্ঞানৰ যোগেদি তেওঁলোকে জনসংখ্যাৰ অৱস্থা সম্পৰ্কে যুক্তিপূৰ্ণ, দায়িত্বশীল মনোভাৱ আৰু আচৰণ গঢ়ি তোলে।

৮। জনসংখ্যা শিক্ষাৰ পাঁচটা বৈশিষ্ট্য লিখা।

উত্তৰঃ জনসংখ্যা শিক্ষাৰ পাঁচটা বৈশিষ্ট্য হল-

(১) শৈক্ষিক কার্যসূচী: জনসংখ্যা শিক্ষা দৰাচলতে এক শৈক্ষিক কাৰ্যসূচী। এই শিক্ষাই ছাত্ৰ-ছাত্ৰীক জনসংখ্যাৰ গাঁঠনি, জনসংখ্যা তত্ত্ব,পৰিস্থিতি তথা আন আন বিষয়ৰ জ্ঞান প্ৰদান কৰে। শিক্ষাৰ পৰ্যায় অনুসৰি জনসংখ্যা শিক্ষাৰ কার্যসূচীবোৰ ভিন্ ভিন্ হয়।

(২) বহুমুখী বিষয়বস্তু: জনসংখ্যা শিক্ষাৰ বিষয়বস্তু বহুমুখী। অৰ্থনীতি বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান, গাৰ্হস্থ বিজ্ঞান, জীৱ বিজ্ঞান, মনোবিজ্ঞান, সমাজ বিজ্ঞান, জনসংখ্যা অধ্যয়ন আদি বিভিন্ন বিষয়বোৰৰ অধ্যয়নৰ সূচীৰে জনসংখ্যা শিক্ষাৰ অধ্যয়নৰ বিষয়সূচী প্ৰস্তুত কৰা হয়।

(৩) মূল্যবোধ ভিত্তিক বিষয়: জনসংখ্যা শীক্ষ এক মূল্যবোধভিত্তিক বিষয়। কিয়নো, এই শীক্ষৰ লক্ষ্য হ’ল ছাত্ৰ-ছাত্ৰীসকলক জনসংখ্যাৰ সমস্যাবোৰৰ প্ৰতি যুক্তিপূৰ্ণ, দায়িত্বশীল, সচেতন আৰু সংবেদনশীল কৰি গঢ়ি তোলা।

(৪) সমস্যাকেন্দ্ৰিক শিক্ষা: জনসংখ্যা শিক্ষাক সমস্যাকেন্দ্ৰিক শিক্ষা স্বৰূপেও অভিহিত কৰিব পাৰি। এই শিক্ষাৰ প্ৰধান শিক্ষণ প্ৰক্ৰিয়াবোৰ অনুসন্ধান, আবিষ্কাৰ আৰু সমস্যা সমাধান কাৰ্যৰ লগত জড়িত।

(৫) সামগ্ৰীক ধাৰণা: জনসংখ্যা শিক্ষাক কেতিয়াবা কেতিয়াবা পৰিয়াল পৰিকল্পনা, যৌন শিক্ষা বা পাৰিবাৰিক জীৱনৰ শিক্ষাৰূপে গণ্য কৰা হয়। ই এক ভ্ৰান্ত ধাৰণা। কিয়নো, জনসংখ্যা শিক্ষা এক ব্যাপক পৰিসৰৰ সামগ্ৰীক ধাৰণা।

৯। জনসংখ্যা শিক্ষাৰ অধ্যয়ন কিয় গুৰুত্বপূৰ্ণ?

উত্তৰঃ জনসংখ্যা শিক্ষাৰ অধ্যয়নৰ গুৰুত্ব-

(১) জনসংখ্যা বিস্ফোৰণ: বৰ্তমান সময়ত প্ৰতি ১২ বছৰত পৃথিৱীৰ জনসংখ্যা ৭ বিলিয়ন বদ্ধি হোৱা দেখা গৈছে। জনসংখ্যা বিস্ফোৰণ এই ভয়াৱহ সমস্যা প্ৰতিৰোধ কৰাৰ বাবে জনসংখ্যা শিক্ষাৰ প্ৰয়োজনীয়তা আছে।

(২) জনগাঁঠনি সম্বন্ধে জ্ঞান: জনসংখ্যা শিক্ষাৰ সহায়ত এখন দেশৰ জনসংখ্যা গাঁঠনি সম্বন্ধে আমি জ্ঞান লাভ কৰিব পাৰোঁ।

(৩) সৰু পৰিয়ালত নীতি গ্ৰহণ কৰা: জনসংখ্যা শিক্ষাই জনসাধাৰণৰ মাজত সৰু পৰিয়ালৰ ভাৱাদৰ্শ  গঢ়ি তোলাত সহায় কৰে। আমাৰ সমাজত অতীতৰ পৰা চলি অহা যৌথ পৰিয়ালৰ ব্যৱস্থা বৰ্তমান সময়ত কমি আহিছে আৰু একক পৰিয়াল ব্যৱস্থা অধিকভাৱে বৃদ্ধি পাইছে।

(৪) দায়িত্বশীল নাগৰিকৰ সৃষ্টি: জনসংখ্যা শিক্ষাই মানুহক সমাজৰ এজন দায়িত্বশীল নাগৰিক স্বৰূপে গঢ়ি তুলিব পাৰে। বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী ভৱিষ্যত দেশৰক হব আৰু ভৱিষ্যতে দেশৰ জনসংখ্যা বৃদ্ধি প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব।

(৫) মানৱ সম্পদৰ বিকাশ সাধন: বৰ্তমান সময়ত জনসংখ্যা শিক্ষাৰ কাৰ্যসূচীবোৰক মানৱ সম্পদ বিকাশৰ কাৰ্যসূচীস্বৰূপে গন্য কৰা হয়। এই শিক্ষাই ব্যক্তিক নিজৰ অন্তৰ্নিহিত সম্ভৱনীতাবোৰৰ ক্ষেত্ৰত অধিক আত্ম-সংযমী কৰি তোলে আৰু সম্ভাৱনীয়তাবোৰৰ চিনাক্তকৰণ আৰু বিকাশত সহায় কৰে।

১০। ‘জনসংখ্যা শিক্ষা’ ধাৰণাটোৰ নামাকৰণ কোনে কৰিছিল?

উত্তৰঃ ‘জনসংখ্যা শিক্ষা’ ধাৰণাটোৰ নামাকৰণ আলভা মিৰডালে কৰিছিল। 

১১। জনসংখ্যা শিক্ষাৰ সংজ্ঞা লিখা।

উত্তৰঃ জনসংখ্যা শিক্ষাৰ সংজ্ঞা হৈছে– 

ভাৰতীয় শিক্ষাবিদ গোপাল ৰাও ৰ মতে, “জনসংখ্যা শিক্ষা এক শিক্ষামূলক আঁচনি, যি জনসংখ্যা পৰিস্থিতি অধ্যয়নত সহায় কৰে। দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰি তোলা সমস্যা সম্বন্ধে যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ কৰাত ই ছাত্ৰসকলে সমক্ষ কৰি তোলে।”

১২। শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰি?

উত্তৰঃ শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেকৈ প্ৰদান কৰিব পাৰি তাৰ বিষয়ে তলত আলোচনা কৰা হৈছে —

(১) প্ৰাথমিক বিদ্যালয় কণ কণ লৰা- ছোৱালীবোৰক ‘সৰু পৰিয়াল সুখী পৰিয়াল’ ধাৰণাৰ জ্ঞান প্ৰদান কৰিব লাগে।

(২) মাধ্যমিক পৰ্যায়ৰ পৰা যৌন শিক্ষাক জনসংখ্যা শিক্ষাৰ অংশ স্বৰূপে প্ৰদান কৰিব লাগে।

(৩) মাধ্যমিক পৰ্যায়ত লৰা- ছোৱালীসকলক ব্যক্তিগত আৰু সামাজিক জীৱনত জনসংখ্যা বৃদ্ধিৰ ভয়াৱহ প্ৰভাৱৰ বিষয়ে জ্ঞাত কিৰব লাগে

১৩। শাৰীৰিক শিক্ষা মানে কি?

উত্তৰঃ শাৰীৰিক শিক্ষা এক বহল পৰিসৰৰ ধাৰণা। শিশুসকলৰ সুস্থ দৈহিক বিকাশৰ লক্ষ্যৰে শিক্ষানুষ্ঠানবোৰত শাৰীৰিক শিক্ষাৰ ধাৰণাই গঢ় লৈ উঠিছে। এই লক্ষ্যত উপনীত হ’বৰ বাবে শিশুসকলে বিভিন্নধৰণৰ দৈহিক কাৰ্যকলাপ সম্পাদন কৰিবলগীয়া হয়। শিশুৰ সমগ্র ব্যক্তিত্ব বিকাশ আৰু শিশুৰ শৰীৰ,মন আৰু আত্মাৰ সম্পূৰ্ণতা প্ৰদান কৰা এক শিক্ষা ব্যৱস্থা হ’ল শাৰীৰিক শিক্ষা।

১৪। শাৰীৰিক শিক্ষাৰ সংজ্ঞা আগবঢ়োৱা।

উত্তৰঃ শাৰীৰিক শিক্ষাৰ সংজ্ঞা হল–

(১) মহাত্মা গান্ধী-ৰ মতে, “শাৰীৰিক শিক্ষা মানে কেৱল শৰীৰৰ বিকাশই নহয়, ই ব্যক্তিৰ মানসিক আৰু আধ্যাত্মিক দিশৰো বিকাশ সাধনক বুজায়”।

(২) কেচ্ছিদি-ৰ মতে, “সঞ্চালনমূলক ক্ৰিয়াৰ অভিজ্ঞতাৰ ফলস্বৰূপে উদ্ভৱ হোৱা ব্যক্তিৰ পৰিৱৰ্তনৰ সমষ্টিয়েই হ’ল শাৰীৰিক শিক্ষা”

১৫। শাৰীৰিক শিক্ষাৰ চাৰিটা উদ্দেশ্য লিখা।

উত্তৰঃ শাৰীৰিক শিক্ষাৰ চাৰিটা উদ্দেশ্য হল–

(১) সামগ্ৰীক ৰূপত ব্যক্তিৰ বিকাশ সাধন কৰা।

(২) শিশুৰ ভাৰসাম্য ব্যক্তি সত্বাৰ বিকাশ সাধন কৰা।

(৩) শিশুসকলৰ গণতান্ত্ৰিক, সামাজিক আৰু নৈতিক গুনসমূহৰ বিকাশ সাধন কৰা।

(৪) ছাত্ৰ-ছাত্ৰীসকলক উপযুক্তভাৱে অৱসৰ সময় অতিবাহিত কৰাত সহায় কৰে।

১৬। শাৰীৰিক শিক্ষাৰ তিনিটা প্ৰয়োজনীয়তা লিখা।

উত্তৰঃ শৰীৰিক শিক্ষাৰ তিনিটি প্ৰয়োজনীয়তা হল–

(১) স্বাস্থ্য আৰু পুষ্টি সম্বন্ধে সজাগতাৰ সৃষ্টি: শাৰীৰিক শিক্ষাৰ জৰিয়তে দৈহিক আৰু মানসিক স্বাস্থ্যৰ সকলোবোৰ দিশৰ বিষয়ে উপযুক্ত জ্ঞান লাভ কৰিব পাৰি। ইয়ে সুস্থ খাদ্যাভ্যাস বিকাশাই তোলে আৰু পুষ্টি সম্বন্ধে নিৰ্দেশনা প্ৰদান কৰে।

(২) স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব প্ৰদান: শাৰীৰিক শিক্ষাৰ শ্ৰেণীসমূহে ব্যক্তিগত স্বাস্থ্যবিজ্ঞান আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব দিয়ে। যি শিক্ষাৰ্থীসকলক স্বাস্থ্যবিজ্ঞানৰ গুৰুত্ব উপলব্ধি কৰাত আৰু বাস্তৱ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰাৰ বাবে আগ্ৰহী কৰি তোলে।

(৩) জ্ঞানমূলক দক্ষতাৰ বিকাশ সাধন: শাৰীৰিক শিক্ষাই ব্যক্তি এজনৰ সামগ্ৰীক জ্ঞানমূলক দক্ষতাৰো বিকাশ সাধন কৰিব পাৰে। উদাহৰণস্বৰূপে, কোনো এক বিশেষ ধৰণৰ খেলত অংশ গ্ৰহণ কৰা ব্যক্তি এজনে সেই খেলখনৰ উৎপত্তি, ঐতিহাসিক গুৰুত্ব আদি সম্বন্ধে জ্ঞাত হব পাৰে।

১৭। শাৰীৰিক শিক্ষা সম্বন্ধে কোঠাৰী আয়োগৰ পাঁচটা পৰামৰ্শ লিখা।

উত্তৰঃ শাৰীৰিক শিক্ষা সম্বন্ধে কোঠাৰী আয়োগৰ পাঁচটা পৰামৰ্শ হল–

(১)  শাৰীৰিক শিক্ষাৰ কাৰ্যসূচী অংশগ্ৰহণকাৰীসকলৰ আগ্ৰহ আৰু সমৰ্থ্যৰ ভিত্তিক প্ৰস্তুত কৰিব লাগে।

(২) শাৰীৰিক শিক্ষাৰ কাৰ্যৱলী এই শিক্ষাৰ শিতানত খৰচ কৰিবলগীয়া অৰ্থৰে চলাব পৰাকৈ প্ৰস্তুত কৰিব লাগে।

(৩) শাৰীৰিক শিক্ষাৰ বাবে গ্ৰহণ কৰা কাৰ্যৱলী আন শৈক্ষিক কাৰ্যাৱলীৰ বিকল্প নহৈ সেইবোৰৰ পৰিপূৰক হ’ব লাগে।

(৪) শাৰীৰিক শিক্ষাৰ কাৰ্যসূচী কেতবোৰ নিৰ্দিষ্ট ছাত্ৰ-ছাত্ৰীক প্ৰদান নকৰি সকলো ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব লাগে।

(৫) শাৰীৰক শিক্ষাৰ ক্ষেত্ৰত বিশেষ প্ৰৱণতা থকা প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিব লাগে। 

১৮। বিদ্যালয়ত কেনেদৰে শাৰীৰিক শিক্ষা প্ৰদান কৰিব পাৰি?

উত্তৰঃ বিদ্যালয়ত এনেদৰে শাৰীৰক শিক্ষা প্ৰদান কৰিব পাৰি-

(ক) নাৰ্ছাৰী বা প্ৰাক-প্ৰাথমিক বিদ্যালয়: এই পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলক জঁপিওৱা, খোজকাঢ়া, দৌৰা, গান-গোৱা, সংগীতৰ লহৰত নচা আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

(খ) প্রাথমিক বিদ্যালয়: প্ৰাথমিক পৰ্যায়ত ঘটনা সম্বন্ধিত নৃত্য,খেলা-ধূলা, ব্যায়াম, যোগ, জঁপিওৱা, সাঁতোৰা, খো-খো, কাবাডী,লঘু- খেল ইত্যাদিৰ যোগেদি ছাত্ৰ- ছাত্ৰীক শাৰীৰিক শিক্ষা প্ৰদান পৰা যায়।

(গ) মাধ্যমিক বিদ্যালয়: মাধ্যমিক বা হাইস্কুল পৰ্যায়ত বিভিন্ন ধৰণৰ কাৰ্যাৱলী যেনে— ভলিবল, ফুটবল, বাস্কেটবল আদিৰ দৰে খেল- ধেমালি, যোগ, সাঁতোৰ, নৃত্য আদিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীক বিকাশ সাধন কৰাত গুৰুত্ব দিব লাগে।

এই শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন পৰ্যায়ত শাৰীৰিক শিক্ষা প্ৰদান কৰিব পৰা যায়।

১৯। মূল্যবোধ মানে কি?

উত্তৰঃ মূল্যবোধৰ অৰ্থ বিভিন্ন ধৰণে প্ৰকাশিত হয়। মূল্যবোধৰ ইংৰাজী প্রতিশব্দ Value য়ে মানুহৰ অন্তৰ্নিহিত নৈতিক গুণ, বিশেষত্ব বা যোগ্যতাৰ কথা বুজায়।

মূল্যবোধ হ’ল আচৰণ আৰু চিন্তাৰ বিমূৰ্ত আৰু সাধাৰণকৃত ৰূপ যাৰ প্ৰতি মানুহ অত্যন্ত আৱেগিক আৰু ইতিবাচকভাৱে প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু যি অন্য মানুহৰ কাম-কাজ, বিচাৰ-বিবেচনা আৰু লক্ষ্যৰ মানদণ্ডৰূপে স্বীকৃত হয়।            

মূল্যবোধ  ব্যক্তি আৰু দলৰ সংহতি অব্যাহত ৰাখে আৰু উভয়ৰে লক্ষ্য পূৰণৰ ক্ষেত্ৰত আৱশ্যক হোৱা সংগঠনিক নীতি নিৰ্ধাৰণ কৰে।

২০। মূল্যবোধ শিক্ষা কাক বোলে?

উত্তৰঃ মূল্যবোধ শিক্ষা হৈছে যিবিলাক আচৰণ, ধাৰণা, গুণ, কৰ্ম, আৰু বস্তু শিশুৰ শৈক্ষিক বিকাশৰ বাবে প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ সেইবোৰকেই মূল্যবোধৰ শিক্ষা বোলা হয়। মূল্যবোধৰ শিক্ষাই এজন ব্যক্তিৰ সৰ্বাংগীন বিকাশ তথা শাৰীৰিক, মানসিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে।

২১। মূল্যবোধৰ প্ৰকাৰবোৰ উল্লেখ কৰা।

উত্তৰঃ মূল্যবোধৰ প্ৰকাৰবোৰ তলত দিয়া হল—

(১) সামাজিক মূল্যবোধ:- বন্ধুত্ব, সহযোগিতা, ভাতৃত্ববোধ, দায়িত্ব পৰায়ণতা, সহানুভূতিশীলতা, ধৈৰ্য আদিবোৰ হ’ল সামাজিক মূল্যবোধ যিবোৰ সমাজৰ লগত সম্বন্ধিত।

(২) নৈতিক মূল্যবোধ:- কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নৈতিক মূল্যবোধ সহায় কৰে। এই মূল্যবোধ মানুহৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰ প্ৰভাৱিত কৰে।

(৩) সৌন্দৰ্যবোধক মূল্যবোধ:- কোনো বস্তু বা বিষয়ৰ ক্ষেত্ৰত ব্যক্তিয়ে উপলদ্ধি কৰা সৌন্দৰ্যই হ’ল সৌন্দৰ্যবোধক মূল্যবোধ।

(৪) অর্থনৈতিক মূল্যবোধ:- সাধাৰণতে টকা বা বস্তুৰ মাজতো আমি মূল্য বিচাৰি পাওঁ; কিয়নো, ই আমাৰ প্ৰয়োজন পূৰণ কৰে। বস্তুবাদী মানসিকতা এই মূল্যবোধৰ অন্তৰ্গত।

(৫) স্বাস্থ্য আৰু দৈহিক মূল্যবোধ:- এই মূল্যবোধ স্বাস্থ্য বা দৈহিক সক্ষমতা, খেল আৰু দৈহিক প্ৰয়োজনস্বৰূপ ভোগ, ক্ষুধা, আমাৰ, যৌনতা আদিৰ সন্তোষজনক অৱস্থাৰ লগত সম্বন্ধিত।

(৬) বৌদ্ধিক মূল্যবোধ:- কোনো বস্তু বা কাৰ্যৰ সত্যতাৰ উদঘটন বা সত্যতা ঢাকি ৰখাৰ ক্ষেত্ৰত এই মূল্যবোধ প্ৰয়োগ কৰা হয়। 

(৭) ধৰ্মীয় মূল্যবোধ:- যিবোৰৰ লগত ঐশ্বৰিক আৰু ধৰ্মীয় বিষয় জড়িত হৈ থাকে সেইবোৰ বিষয় ধৰ্মীয় মূল্যবোধৰ অন্তৰ্গত।

২২। মূল্যবোধ শিক্ষা কিয় প্ৰয়োজনীয়?

উত্তৰঃ (১) ব্যক্তিত্বৰ বিকাশ সাধন: সাধাৰণতে মানৱ জীৱনৰ পুৰুষাৰ্থ আৰু বিশেষকৈ ব্যক্তিত্ব বিকাশৰ বাবে মূল্যবোধ শিক্ষা অতি প্ৰয়োজননীয়। 

(২) ছাত্ৰক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰা: কেৱল জ্ঞান আহৰণ কৰাটোৱে শিক্ষাৰ একমাত্ৰ লক্ষ্য হব নোৱাৰে। শিক্ষাৰ মূল লক্ষ্য হব জ্ঞান আহৰণ কৰাৰ লগতে নৈতিক মূল্যবোধৰ বিকাশ সাধন কৰা।

(৩) সমাজৰ বেয়া প্ৰভাৱ পৰিহাৰ: যুৱ প্ৰজন্মৰ এনে বহুতো আদৰ্শৰ ব্যক্তি আছে যিসকলে সমাজত বহুতো বেয়া কাৰ্য যেনে— যৌন অপৰাধ, নাৰীৰ মৰ্যাদা হানি, ৰাগীয়াল দ্ৰব্য সেৱন আদি কৰা দেখা যায়।

২৩। মূল্যবোধৰ শিক্ষাৰ সংজ্ঞা দিয়া।

উত্তৰঃ মূল্যবোধৰ শিক্ষাৰ সংজ্ঞা হল- 

 (১) ৰোকিয়াক ৰ মতে, মূল্যবোধ হৈছে “এক বিশ্বাস, এক বিশেষ ধৰণৰ ব্যৱহাৰ বা আচৰণ।”

(২)  কান-ৰ মতে, “মূল্যবোধ হৈছে আদৰ্শ, বিশ্বাস বা মানদণ্ড যাক এখন সমাজ বা সমাজৰ গৰিষ্ঠসংখ্যক ব্যক্তিয়ে গ্ৰহণ কৰে।”

২৪। শিক্ষানুষ্ঠানত মূল্যবোধ শিক্ষা কিদৰে প্ৰদান কৰিব পাৰি?

উত্তৰঃ শিক্ষানুষ্ঠানত মূল্যবোধ শিক্ষা এনেদৰে প্ৰদান কৰিব পাৰি–

(১) প্ৰাক্-প্ৰাথমিক পৰ্যায়ত মূল্যবোধ শিক্ষা: প্ৰাক্-প্ৰাথমিক শিক্ষা পৰ্যায়ত সংকীৰ্ণ মূল্যবোধৰ ধাৰণা। যেনে— সত্য, শুদ্ধ, শান্তি, প্ৰেম আৰু অহিংসা আদিৰ জ্ঞান প্ৰদান কৰিব লাগে। এই জ্ঞান কণ কণ শিশুসকলক পাঠ্যক্ৰমিক আৰু সহ-পাঠ্যক্ৰমিক দিশেৰে প্ৰদান কৰিব লাগে।

(২) প্রথমিক আৰু মাধ্যমিক পৰ্যায়ত মূল্যবোধ শিক্ষা: শিক্ষাৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত মূল্যবোধৰ শিক্ষা পাঠ্যক্ৰমিক আৰু সহ- পাঠ্যক্ৰমিক কাৰ্যসূচীৰে প্ৰদান কৰিব পাৰি।

(ক) পাঠ্যক্ৰমিক কার্যসূচী: প্ৰত্যেক বিষয়ৰে ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত মূল্যবোধৰ জ্ঞান প্ৰদান কৰিব পাৰি। উদাহৰণস্বৰূপে—

(i) গণিত: গণিত বিষয়ত ছাত্ৰ-ছাত্ৰীসকলক যোগ, বিয়োগ, পূৰণ, হৰণৰ জ্ঞানৰ জৰিয়তে গাণিতিক  জ্ঞান প্ৰদান কৰে।

(ii) বিজ্ঞান: বিজ্ঞান বিষয়ৰ বিভিন্ন পাঠৰ জৰিয়তেও ছাত্ৰ- ছাত্ৰীসকলক মূল্যবোধৰ ধাৰণা প্ৰদান কৰিব লাগে।

(iii) ভূগোল: উদাহৰণস্বৰূপে পৃথিৱীৰ বিভিন্ন দেশে বিভিন্নধৰণৰ কৃষি উৎপাদন কৰে আৰু এইবোৰ আমদানি-ৰপ্তানিৰ যোগে এখন দেশৰ পৰা আন এখন দেশলৈ অনা-নিয়া কৰে।

(iv) বুৰঞ্জী: বুৰঞ্জী বিষয়ত বিখ্যাত ৰজা-মহাৰজা, বীৰ- বীৰংগনাসকলৰ মানৱীয় মূল্যবোধৰ উদাহৰণ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিব লাগে।

(v) ভাষা: ভাষা বিষয়তো মূল্যবোধ সন্নিৱিষ্ট বিভিন্ন প্ৰবন্ধ, গল্প আৰু কবিতাৰ জৰিয়তে ছাত্ৰ- ছাত্ৰীসকলক মূল্যবোধৰ জ্ঞান প্ৰদান কৰিব পাৰি।

(খ) সহ পাঠ্যক্ৰমিক কাৰ্যসূচী: সহ- পাঠ্যক্ৰমিক কাৰ্যসূচীবোৰৰ যোগেদিও প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলক  মূল্যবোধ শিক্ষা প্ৰদান কৰিব পাৰি।

(i) মৌনতা অৱলম্বন: ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যক দিনাই কিছু সময়ৰ বাবে মৌনতা অৱলম্বন কৰি বহিবলৈ দিলে সিহঁতৰ মাজত শান্তি আত্মসংযম, আগ্ৰহ, মনোযোগ আদি মূল্যবোধৰ বিষয়ে জানিব আৰু স্মৃতি শক্তিও উন্নত কৰিব পাৰিব।

(ii) পোৱাৰ সমাৱেশ: শিক্ষাৰ্থীৰ মনত মূল্যবোধৰ ধাৰণা দৃঢ়ভাৱে গঢ়ি তুলিবৰ বাবে প্ৰত্যক শিক্ষানুষ্ঠানতে শৈক্ষিক কাম-কাজ আৰম্ভ হোৱাৰ আগতে সমাৱেশৰ ব্যৱস্থা থাকিব লাগে।

(iii) দলীয় সংগীত: দলীয় সংগীতৰ যোগেৰে ছাত্ৰ-ছাত্ৰীৰ মনত শান্তি, প্ৰেম আৰু আনন্দৰ অনুভৱ গঢ়ি তুলিব পাৰি।

(iv) দলীয় কৰ্ম: দলীয় কৰ্ম যেনে— কুইজ, নাটক, এন.চি.চি., সামাজিক সেৱা আঁচনিৰ যোগেদিও ছাত্ৰ-ছাত্ৰীৰ মনত মূল্যবোধৰ ভাৱ গঢ়ি তুলিব পাৰি।

৩। বিশ্ববিদ্যালয় পৰ্যায়ত মূল্যবোধ শিক্ষা: (i) ছাত্ৰ-ছাত্ৰীসকলক দলিয়ভাৱে মৌন ধ্যান কৰা উৎসাহ যোগাব লাগে।

(ii) সামাজিক সমতা আৰু ন্যায়ৰ মনোভাৱ গঢ়ি তুলে।

২৫। মহিলা সবলীকৰণৰ সংজ্ঞা দিয়া।

উত্তৰঃ মহিলা সবলীকৰণৰ সংজ্ঞা হৈছে: UNESCO-ৰ Gender Empowerment Index-ৰ মতে—”এজন ব্যক্তি তেতিয়া ক্ষমতাশালী হয় যেতিয়া তেওঁ সামাজিক আৰু ৰাজনৈতিকভাৱে নিজৰ লগতে আনৰো সিদ্ধান্ত নিজেই ল’ব পৰাকৈ সক্ষম হয়।”

২৬। মহিলা সবলীকৰণ মানে কি?

উত্তৰঃ যিবোৰ ধাৰণা, মনোভাৱ আৰু পৰম্পৰাৰ  বাবে আৰ্থ-সামাজিক ক্ষেত্ৰত মহিলা পুৰুষৰ অধীন তথা বশৱৰ্তী হৈ থাকিবলগা হৈছে সেইবোৰক প্ৰত্যাহ্বান জনোৱা আৰু পৰিৱৰ্তন কৰাৰ বাবে মহিলাৰ সামৰ্থ্য বঢ়োৱাৰ প্ৰক্ৰিয়াকে মহিলা সবলীকৰণ বোলে।

২৭। মহিলা সবলিকৰণৰ তিনিটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ মহিলা সবলীকৰণৰ তিনিটা উদ্দেশ্য তলত উল্লেখ কৰা হল–

(১) লিংগ বৈষম্য দূৰ কৰা: নাৰী সবলীকৰণৰ এক প্ৰধান উদ্দেশ্য হৈছে লিংগ বৈষম্য নোহোৱা কৰা। নাৰীসকলকো পুৰুষৰ সমানে আগুৱাই লৈ যোৱা আৰু নাৰীৰ বিকাশ সাধন কৰা নাৰী সবলীকৰণৰ উদ্দেশ্য।

(২) চিন্তা আৰু বিচাৰৰ স্বাধীনতা: কোনো এজন ব্যক্তি প্ৰকৃতাৰ্থক স্বাধীন আৰু হ’বলৈ হলে তেওঁৰ চিন্তা কৰা বিচাৰ কৰাৰ স্বাধীনতা থাকিব লাগে। নাৰী সবলিকৰণৰ কাৰ্যৱলীসমূহে এই ভাৱধাৰা সফল কৰি তুলিব পাৰে।

(৩) নাৰজনীত সামাজিক সমস্যা দূৰীকৰণ: বৰ্তমান আমাৰ সমাজত নাৰীজনিত বিভিন্ন সামাজিক সমস্যা যেনে— বেশ্যাবৃত্তি, যৌতুক, নাৰী নিৰ্যাতন আদি চলি আছে। নাৰীসকলক সবল কৰাৰ উদ্দেশ্য আগত ৰাখি নাৰী সবলীকৰণৰ বিভিন্ন কাৰ্য-আঁচনিসমূহ বাস্তৱত ৰূপায়িত কৰা হয়।

২৮। ‘নাৰী সবলিকৰণৰ ৰাষ্ট্ৰীয় নীতি’ কোন চনত গ্ৰহণ কৰা হয়?

উত্তৰঃ ‘নাৰী সৱলীকৰণৰ ৰাষ্ট্ৰীয় নীতি’ ২০০১ চনত গ্ৰহণ কৰা হয়।

২৯। ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’ কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’ ৮ মাৰ্চ তাৰিখে পালন কৰা হয়।

৩০। মহিলা সবলিকৰণত শিক্ষাৰ ভূমিকা বৰ্ণনা কৰা। 

উত্তৰঃ মহিলা সবলিকাৰণত শিক্ষাৰ ভূমিকা হল– শিক্ষা হৈছে সমাজ পৰিবৰ্তনৰ এক শক্তিশালী আহিলা। সমাজ পৰিবৰ্তনৰ আহিলাস্বৰূপে শিক্ষাই দুটা কাম কৰে। ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা কৰে আৰু তেওঁক সমাজৰ যোগ্য ব্যক্তি হিচাপে প্ৰস্তুত কৰি তোলে। মহিলাসকলক সবল কৰি তোলাৰ ক্ষত্ৰতো শিক্ষাৰ ভূমিকা অপৰিসীম। নাৰীসকলক সৰ্বতোপ্ৰকাৰে সৱলীকৰণ কৰাত শিক্ষাৰ প্ৰভাৱ অনস্বীকাৰ্য।

শিক্ষাৰ সহায়ত নাৰীসকলে নিজৰ জীৱন বিকাশাই তোলাৰ সঠিক গতিপথৰ সন্ধান পায়। শিক্ষাই তেওঁলোকক স্বাধীন জীৱনৰ মূল্য উপলব্ধিত সহায় কৰে। এখন গণতান্ত্ৰিক সমাজত থকা সকলোধৰণৰ সা-সুবিধা লাভৰ ক্ষেত্ৰতো নাৰীসকলক শীক্ষই সহায় কৰে। শিক্ষাৰদ্বাৰা নাৰীসকলৰ সুপ্ত সম্ভাৱনীয়তা বিকাশ কৰিব পাৰে। ব্যক্তিসত্ত্বাৰ বিকাশ কৰিব পাৰি আৰু আত্ম স্বীকৃতিৰে নাৰীসকলৰ উন্নতিৰ সিখৰলৈ আগুৱাই নিব পাৰি। নাৰীৰ সামাজিক-সাংস্কৃতিক মৰ্যাদা বৃদ্ধিতো শিক্ষাই ভূমিকা গ্ৰহণ কৰে। নাৰীসকলক এই বিষয়েও জ্ঞান প্ৰদান কৰিব পাৰি কেৱল শিক্ষা ব্যৱস্থাৰদ্ধাৰাহে। অৰ্থাৎ নাৰীৰ সবলীকৰণত শিক্ষা হল এক আৱশ্যকীয় আহিলা। নাৰীসকলক সবলীকৰণৰ বাবে আমাৰ শিক্ষানুষ্ঠিনসমূহত বিভিন্নধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top