Class 12 Education Chapter – 4 শিক্ষণ

Class 12 Education Chapter – 4 শিক্ষণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 12 Education Chapter – 4 শিক্ষণ and select needs one.

Class 12 Education Chapter – 4 শিক্ষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 4 শিক্ষণ Solutions for All Subject, You can practice these here.

শিক্ষণ

Chapter – 4

উওৰ দিয়াঃ

A.  তলৰ প্ৰশ্নসমূহৰ ভূল/শুদ্ধ নিৰ্ণয় কৰা:

১। শিক্ষণ হৈছে আচৰণৰ এক সংশোধন মাত্ৰ।

উত্তৰঃ শুদ্ধ।

২। শিক্ষণ হৈছে এক সাৰ্বজনীন প্ৰক্ৰিয়া।

উত্তৰঃ শুদ্ধ।

৩। ব্যক্তিৰ আগ্ৰহ, মনোযোগ হৈছে শিক্ষণৰ মনোবৈজ্ঞায়ানিক উপাদান।

উত্তৰঃ শুদ্ধ।

৪। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ পৃষ্ঠপোষক হ’ল আইভেন, পেভ্ লভ্ ।

উত্তৰঃ অশুদ্ধ।

৫। আমেৰিকা শিক্ষাবিদ এডৱাৰ্ড লী থিৰ্ণডাইক অনুবন্ধন পদ্ধতিৰ পৃষ্ঠপোষক আছিল।

উত্তৰঃ অশুদ্ধ।

৬। প্ৰচেষ্টা আৰু ভুল পদ্ধতিয়ে সামগ্ৰিক ধাৰণাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

উত্তৰঃ শুদ্ধ।

৭। প্ৰচেষ্টা আৰু ভুল পদ্ধতি হৈছে যান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰিণতি।

উত্তৰঃ অশুদ্ধ।

৮। মনোবিজ্ঞানী ক’হলাৰে পৰীক্ষা- নিৰীক্ষা কৰা চিম্পাঞ্জীটোৰ নাম আছিল ‘চুলতান’।

উত্তৰঃ শুদ্ধ।

৯। অন্তদর্শন পদ্ধতি এক উচ্চখাপৰ শিক্ষণ পদ্ধতি।

উত্তৰঃ শুদ্ধ।

১০। আইভেন্ পি. পেভ্ পেভ্ এগৰাকী জাৰ্মান মনোবিজ্ঞানী আছিল।

উত্তৰঃ শুদ্ধ।

B. খালী ঠাই পুৰ কৰা:

১। গেইটছৰ মতে, শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ  জৰিয়তে কৰা সংশোধন মাত্ৰ।

২। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মূল পৃষ্ঠপোষক হ’ল এডৱাৰ্ড লী থৰ্ণডাইক

৩। এডৱাৰ্ড লী থৰ্ণডাইক এগৰাকী আমেৰিকাৰ মনোবিদ আছিল।

৪। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এক  শিক্ষণ প্ৰক্ৰিয়া।

৫। ‘গেষ্টাল্ট’ শব্দৰ অৰ্থ হৈছে একেলগ কৰা

৬। গেষ্টাল্ট শব্দটো এটা জাৰ্মান শব্দ।

৭। অন্তৰ্দৃষ্টি জাগৰণৰ বাবে মানসিক প্ৰক্ৰিয়া, পৃথকীকৰণ আৰু সামান্যীকৰণৰ প্ৰয়োজন।

৮। ক’হলাৰে আফ্ৰিকাৰ ‘টেনেৰিফ’ নামৰ কিতাপখনত সমগ্রিকতাবাদ পৰীক্ষাৰ বিষয়ে উল্লেখ কৰা।

৯। ক’হলাৰ, কাফ্কা আৰু জাৰ্মানীৰ সামগ্ৰীকতাবাদৰ প্ৰধান পৃষ্ঠপোষক।

১০। শৰীৰতত্ত্ববিদ মনোবিজ্ঞানী পেভ্ লভ্ অনুবন্ধনবাদৰ মূল পৃষ্ঠপোষক।

১১। এডৱাৰ্ড লী থৰ্ণডাইক প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ পৃষ্ঠপোষক আছিল।

C. চমু উত্তৰ দিয়া: 

১। শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ শিক্ষণৰ দুটা বৈশিষ্ট্য হ’ল—

(১) বিকাশশীল প্ৰক্ৰিয়া: শিক্ষণ এক বিকাশশীল প্ৰক্ৰিয়া। যেনেকৈ আমি শাৰীৰিক আৰু মানসিকভাৱে বিকাশত হওঁ, ঠিক তেনেকৈ শিক্ষাণো ক্ৰমাগতভাৱে বিকাশ হয়।

(২) উন্নতিকৰণ প্ৰক্ৰিয়া: শিক্ষণ এক উন্নতিকৰণ প্ৰক্ৰিয়া। ব্যক্তিয়ে লাভ কৰা অভিজ্ঞতাসমূহক শিক্ষণৰ দ্বাৰা উন্নীত কৰিব পাৰি।

২। শিক্ষণৰ এটা সংজ্ঞা উল্লেখ কৰা।

উত্তৰঃ শিক্ষণৰ এটা সংজ্ঞা হ’ল—

(১) মানৰ মতে, “শিক্ষণ মানে আচৰণ আৰু অভিজ্ঞতাৰ সংশোধন।”

৩। শিক্ষণৰ দুটা আভ্যন্তৰীণ কাৰক উল্লেখ কৰা।

উত্তৰঃ শিক্ষণৰ দুটা আভ্যন্তৰীণ কাৰক হল—

(১) বংশগত প্ৰভাৱ।

(২) শাৰীৰিক অৱস্থা।

৪। শিক্ষণৰ দুটা বাহ্যিক কাৰক উল্লেখ কৰা।

উত্তৰঃ শিক্ষণৰ দুটা বাহ্যিক কাৰক হল—

(১) স্কুলৰ প্ৰভাৱ।

(২) পৰিয়ালৰ প্ৰভাৱ।

৫। শিক্ষণৰ দুটা প্ৰকাৰ উল্লেখ কৰা।

উত্তৰঃ শিক্ষণৰ দুটা প্ৰকাৰ হল—

(১) কৌশলপূৰ্ণ শিক্ষণ: এনেবোৰ শিক্ষণ কাৰ্য্যত আমি নিজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে। ইয়াৰ দ্বাৰা আমাৰ সংবেদনাত্মক সংশোধন আৰু অংগ সঞ্চালন কাৰ্য্য উন্নতি কৰিব পাৰি। কথা- কোৱা, পঢ়া, লিখা আৰু কোনো কামত জড়িত হোৱা শিক্ষণসমূহ হৈছে কৌশলপূৰ্ণ শিক্ষণৰ অন্তৰ্গত।

(২) মনোভাৱমূলক শিক্ষণ: এনে শিক্ষণ ভাল- বেয়া, সন্তোষ- অসন্তোষ আদি দিশৰ ওপৰত নিৰ্ভৰশীল। শিশুৱে পৰিপক্কতা লাভ কৰাৰ লগে লগে শিক্ষণৰ মাত্ৰাও বৃদ্ধি পায় আৰু মানসিক সংগঠনো দৃঢ় হয়। কালক্রমত এনে শিক্ষণে এক ‘মনোভাৱ’ ৰূপ হয় আৰু বিভিন্ন পৰিৱেশীয় ঘটনা, বস্তু সম্বন্ধে শিশুৰ মনত ধাৰণাৰ সৃষ্টি হয়।

৬। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য সমূহ হল—

(১) প্ৰচেষ্টা আৰু ভুল পদ্ধতি এক ক্ৰমাগত আৰু যান্ত্ৰিক পদ্ধতি।

(২) অনুশীলন নীতিৰ ব্যাপকভাৱে প্ৰয়োগ কৰা হয়।

৭। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা দোষ উল্লেখ কৰা।

উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা দোষ সমূহ হল—

(১) এই পদ্ধতি যান্ত্ৰিক আৰু আন্ধ প্ৰচেষ্টাৰ পৰিণতি। গতিকে ইয়াক বুদ্ধি নাইবা বোধশক্তিৰ ওপৰত প্ৰাধান্য দিয়া নহয়।

(২) উচ্চশিক্ষা লাভত এই পদ্ধতিৰ তেনেই কম।

৮। অন্তদর্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ অন্তদর্শন পদ্ধতিৰ দুটা বৈশিষ্ট্যসমূহ হল –

(১) এই পদ্ধতিয়ে শিক্ষণৰ সামগ্ৰিক দিশটোৰ প্ৰতি অধিক গুৰুত্ব দিছে।

(২) এনে শিক্ষণ পদ্ধতিত কোনো অন্ধ প্ৰচেষ্টা বা অনুশীলনৰ প্ৰয়োজন নহয়।

৯। অন্তদর্শন পদ্ধতিৰ দুটা দোষ উল্লেখ কৰা।

উত্তৰঃ অন্তদর্শন পদ্ধতিৰ দুটা দোষ হল—

(১) নিম্নশ্ৰেণীৰ ল’ৰা ছোৱালীৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰাটো সহজ নহয়।

(২) কেৱল উচ্চ বুদ্ধিসম্পন্ন লোকৰ বাবে এই পদ্ধতি প্ৰযোজ্য।

১০। অনুবন্ধন পদ্ধতিৰ দুটা গুৰুত্ব উল্লেখ কৰা।

উত্তৰঃ অনুবন্ধন পদ্ধতিৰ দুটা গুৰুত্ব হল–

(১) শাস্তি আৰু পুৰস্কাৰ নীতি এই পদ্ধতিৰ লগত ওত:প্ৰোতভাৱে জড়িত। শাস্তিয়ে সংযোগ সাধন দুৰ্বল কৰে আৰু পুৰস্কাৰ সেই  সংযোগ দৃঢ় কৰে।

(২) অনুবন্ধন স্থাপন কৰি আমাৰ ভাষা শিক্ষণ,সৎ আচৰণ আয়ত্তকৰণ সুস্থ মনোভাৱ গঠন কৰিব পাৰি।

১১। থৰ্ণডাইকৰ শিক্ষণ নীতি দুটা উল্লেখ কৰা।

উত্তৰঃ থৰ্ণডাইকৰ শিক্ষণৰ নীতি দুটা উল্লেখ কৰা হৈছে– 

(ক) প্ৰস্তুতিৰ নীতি। 

(খ) অনুশীলনৰ নীতি।

(ক) প্ৰস্তুতিৰ নীতি:- যেতিয়া ব্যক্তিয়ে কোনো কাম কৰিবলৈ ইচ্ছুক হয় আৰু কৰিবলৈ সুবিধা পায়, তেতিয়া সেই কামটো কৰিবলৈ পালে তেওঁৰ শিক্ষা অধিক আনন্দময়, খৰতকীয়া আৰু সহজ হৈ পৰে।

(খ) অনুশীলনৰ নীতি:- আমি যিটো কাৰ্য্য অনুশীলন কৰোঁ বা পুনৰাবৃত্তি কৰোঁ, ভালকৈ শিকোঁ আৰু যিটো কাৰ্য্য পুনৰাবৃত্তি নকৰোঁ, সেইটো নিশিকোঁ। গতিকে শিক্ষণীয় অভিজ্ঞতাসমূহক স্থায়ী ৰূপ দিবলৈ হলে অনুশীলনৰ প্ৰয়োজন।

১২। “গেষ্টাল্ট” শব্দৰ অৰ্থ লিখা।

উত্তৰঃ “গেষ্টাল্ট” শব্দটো অৰ্থ হৈছে- ‘একেলগ কৰা’।

১৩। পৰিপক্কতা মানে কি বুজায়?

উত্তৰঃ পৰিপক্কতা হল’ বৃদ্ধি আৰু বিকাশৰ প্ৰক্ৰিয়া। পৰিপক্কতাই এনে কিছুমান আচৰণসমূহ সম্পাদনৰ বাবে কোনো প্ৰশিক্ষনলদ্ধ অভিজ্ঞতাৰো প্ৰয়োজন নহয়। মনোবিদ কোলেচনিকৰ মতে  “জন্মগত প্ৰৱন্তসমূহ স্বাভাৱিকভাৱে প্ৰস্ফুটিত হোৱাৰ ফলত আচৰণৰ গুণগত আৰু পৰিমাণগত পৰিবৰ্তনৰ প্ৰক্ৰিয়াই হল’ পৰিপক্কতা”।

১৪। অনুবন্ধনৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ অনুবন্ধনৰ দুটা বৈশিষ্ট্য হল—

(১) অনুবন্ধনত প্ৰতিক্ৰিয়া শিক্ষণীয় অভিজ্ঞতাৰ দ্ধাৰা জাগ্ৰত হয়। অৰ্থাৎ অনুবন্ধিত প্ৰীতিক্রিয়া শিক্ষালব্ধ।

(২) অনা- অনুবন্ধিত প্ৰতিক্ৰিয়া নিজে নিজে সৃষ্টি হয়।

১৫। অনুশীলনৰ নীতি মানে কি?

উত্তৰঃ আমি যিটো কাৰ্য্য অনুশীলন কৰোঁ বা পুনৰাবৃত্তি কৰোঁ, ভালকৈ শিকোঁ আৰু যিটো কাৰ্য্য পুনৰাবৃত্তি নকৰোঁ, সেইটো নিশিকোঁ। তাকে অনুশীলনৰ নীতি বোলে।

D. প্রশ্ন: উত্তৰ দিয়া:

১। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্ধাৰা কেনেকৈ শিক্ষা হয় চমুকৈ লিখা।

উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ থৰ্ণডাইকে এটা ভোকাতুৰ ওপৰত পৰীক্ষা চলাইছিল। তেওঁ মেকুৰীটোক এটা বিশেষভাৱে নিৰ্মিত পিঞ্জৰাত বন্ধ কৰি ৰাখিছিল। পিঞ্জৰাটো এনেভাৱে নিৰ্মিত কৰা হৈছিল দুৱাৰখন খুলিবলৈ অলপ হেঁচা দিলেই হ’ল মেকুৰীটোক আকৰ্ষণ কৰিবলৈ পিঞ্জৰাটোৰ অলপ দূৰত এখন থালত অলপ ভজা মাছ ৰখা হৈছিল। মেকুৰীটোৱে মাছ দেখা পোৱাৰ লগে লগে পিঞ্জৰাৰ ভিতৰতে জঁপিয়াই, দৌৰা, খামুচি ধৰি আদি কাৰ্য্যৰে বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। এনেদৰে নেৰানেপেৰা আৰু উদ্দেশ্যবিহীনভাৱে মেকুৰীটোৱে চেষ্টা কৰি থকাৰ সময়তে হঠাৎ দুৱাৰখনৰ শিকলিডাল খোলা খাই গৈছেল। দুৱাৰখন খোল খোৱাৰ পিছত মেকুৰীটো বাহিৰলৈ ওলাই আহিছিল আৰু মাছখিনি খাবলৈ সমৰ্থ হৈছিল। পুনৰ একে অৱস্থাতে মেকুৰীটোক পিঞ্জৰাত আবদ্ধ কৰি ৰখা হৈছিল আৰু দেখা পোৱা গৈছিল যে প্ৰতিবাৰেতে মেকুৰীটোৱে দুৱাৰ খুলি ওলাই অহাৰ  সময়ৰ ব্যৱধান কমি আহিছিল। কিছুদিন পুনৰাবৃত্তিৰ পিছত প্ৰমাণিত হৈছিল যে মেকুৰীটোৱে শেষ পৰ্যায়ত ভুল নোহোৱাকৈ শুদ্ধ কৌশল আয়ত্ত কৰিবলৈ সক্ষম হৈছিল আৰু দুৱাৰ খুলিব পাৰিছিল। থৰ্ণডাইকৰ এনে শিক্ষণক ‘প্ৰচেষ্টা আৰু ভুল’ পদ্ধতিৰ শিক্ষণ বুলি কোৱা হয়।

২। অন্তদর্শন পদ্ধতিৰ দ্ধাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি? চমুকৈ।

উত্তৰঃ এই পদ্ধতিৰ সমৰ্থসকলে মত পোষণ কৰে যে বিষয়বস্তুৰ অংশসমূহৰ পৰিবৰ্তে সামগ্ৰীকভাৱে সকলো বস্তুক প্ৰত্যক্ষ কৰা উচিত। সমস্যা সমাধান কৰিবলৈ হ’লে বিষয়বস্তুৰ সূক্ষ্ম অন্তৰ্নিহিত অংশসমূহ সামগ্ৰিকভাৱে নিৰীক্ষণ কৰিব লাগিব। কোনো সমস্যা সমাধানত ব্যক্তিয়ে শিক্ষণৰ পৰিস্থিতিতো সামগ্ৰিকভাৱে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। অৰ্থাৎ শিক্ষণৰ সময়ত ব্যক্তিয়ে সমগ্র সত্তাৰে সমগ্র সমস্যাটোৰ উদ্দেশ্যৰে এটা সামগ্ৰীক প্ৰতিক্ৰিয়া কৰে। এই সমগ্রিকতাবোধ হঠাতে শিক্ষাৰ্থী/ব্যক্তিৰ মনলৈ আহে। গতিকে সমস্যা সমাধানৰ বাবে হঠাৎ সৃষ্টি হোৱা উপলব্ধিকে অন্ত:দৃষ্টি বুলি কব পাৰি। শিক্ষৰ্থীয়ে যেতিয়া শিক্ষণ পৰিস্থিতিৰ পৰা পৃথকীকৰণ আৰু সামান্যীকৰণৰ সহায়ত অন্তৰ্নিহিত সাধাৰণ সূত্ৰসমূহ উপলব্ধি কৰিব পাৰে তেতিয়াই অন্তৰ্দৃষ্টি জাগ্ৰত হয় আৰু শিক্ষণো সম্ভৱ হয়।

৩। অনুবন্ধন কি? ইয়াৰ দ্বাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি? চমুকৈ লিখা।

উত্তৰঃ ব্যক্তিৰ ব্যক্তিত্বৰ গুণ, নিয়মিত খোৱা-বোৱা, খেলা-ধূলা, সৎ আচৰণ আয়ত্তকৰণ, আত্মসংযম, পৰিস্কাৰ-পৰিচন্নতা, সহযোগিতা আদি বিভিন্ন কাৰ্য্যকে অনুবন্ধন বুলি কোৱা হয়।

শিশুৰ শিক্ষা আহৰণ ক্ষেত্ৰতো এই পদ্ধতিৰ গুৰুত্ব আছে। ভাষা শিক্ষণ, প্ৰাথমিক সাংখ্যিক গাণিতিক জ্ঞান আহৰণত এই পদ্ধতিৰ শিক্ষা প্ৰদান কৰিব পাৰি। শিক্ষণীয় ব্যৱস্থাত শ্ৰৱণ-দর্শন সঁজুলি প্ৰয়োগ কালত এই পদ্ধতিৰ সহায় ল’ব পাৰি। উদাহৰণস্বৰূপে, ‘গৰু’ শব্দটোৰ ধাৰণা দিওঁতে শিক্ষকে ‘গৰুৰ এখন ছবি’ আৰু শব্দটো একেলগে উচ্চাৰণ কৰিব লাগে। কিছুমান তেনে কৰাৰ পিছত কেৱল ‘গৰু’ শব্দটো উচ্চাৰণ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে স্বাভাৱিকতেই চিঞৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু ‘গৰু’ শব্দটো উচ্চাৰণ কৰিব। গতিকে ছাত্ৰ-ছাত্ৰীয়ে অনুষঙ্গ স্থাপন কৰি প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰি শব্দৰ লগত পৰিচয় ঘটাবলৈ সক্ষম হৈছিল।

অনুবন্ধন পদ্ধতিয়ে সমস্যা, অপৰাধ প্ৰৱণতা আৰু অন্যান্য বাধাগ্ৰস্ত ল’ৰা ছোৱালীৰ প্ৰতিকাৰ আৰু চিকিৎসা প্ৰদানতো সহায় কৰিব পাৰে। চমুকৈ আমি কব পাৰোঁ যে:―

১। শাস্তি আৰু পুৰস্কাৰ নীতি এই পদ্ধতিৰ লগত ওত:প্ৰোতভাৱে জড়িত। শাস্তিয়ে সংযোগ সাধন দুৰ্বল কৰে আৰু পুৰস্কাৰে সেই সংযোগ দৃঢ় কৰে।

২। অনুবন্ধন স্থাপন কৰি আমাৰ ভাষা শিক্ষণ, সৎ আচৰণ আয়তকৰণ, সুস্থ মনোভাৱ গঠন কৰিব পাৰি।

৩। শুদ্ধ উচ্চাৰণ, পৰিৱেশৰ লগত সংযোগ স্থাপনত অনুবন্ধনৰ ভূমিকা তাৎপৰ্যপূৰ্ণ।

৪। অনুশীলন নীতিৰ অৰ্থ আৰু শ্রেণীকোঠাৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ অনুশীলন নীতিৰ অর্থ হ’ল- শিক্ষণীয় অভিজ্ঞতাসমূহক স্থায়ী ৰূপ দিবলৈ হ’লে অনুশীলন বা পুনৰাবৃত্তিৰ প্ৰয়োজন। কোনো কাৰ্য্যৰ পুনৰাবৃত্তিয়েই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সংযোগ অধিক দৃঢ় আৰু শক্তিশালী কৰি তোলে। আনহাতে, পুনৰাবৃত্তিৰ অভাৱ হলে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সংযোগ শিথিল বা দুৰ্বল হৈ পৰে আৰু অভিজ্ঞতা আহৰণ কৰিব নোৱাৰি। শিক্ষণ অভিজ্ঞতাৰ স্থায়িত্ব প্ৰদান কৰিবলৈ হলে পুনৰাবৃত্তিৰ প্রয়োজন।

শ্ৰেণীকোঠাৰ প্রয়োজনীয়তা সম্পৰ্কে তলত চমুকৈ দিয়া হৈছে―

শিক্ষাক স্থায়ীৰূপ দিবলৈ হলে অনুশীলৰ প্ৰয়োজন। অভ্যাসে আমাক নির্ভুল কৰি তুলিব পাৰে। অভ্যাসৰ দ্বাৰা কামৰ নিপুনত আৰু কাৰ্য্যদক্ষতা বদ্ধি কৰিব পাৰি। ইংৰাজীত এষাৰ কথা কৈছে ‘Practice  makes a man perfect’ — অনুশীলনে মানুহ নির্ভুল তৈয়াৰ কৰিব পাৰে। গতিকে ব্যক্তিৰ কোনো ক্ৰিয়াৰ দক্ষতা আৰু যোগ্যতা নিৰ্ভৰ কৰে এই অনুশীলনৰ ওপৰত। 

শ্ৰেণীকোঠাত শিক্ষকে যিবোৰ বিষয়ত ছাত্ৰ-ছাত্ৰীৰ দক্ষতাৰ প্ৰয়োজন, তেনে পৰিস্থিতিত অনুশীলনৰ ব্যবস্থা কৰা উচিত। যিহেতু অনুশীলনৰ অভাৱে পাহৰণিৰ সৃষ্টি কৰিব পাৰে, এই ক্ষেত্ৰত শিক্ষাসকলক সজাগ হোৱা উচিত আৰু সময়ে পাঠৰ অনুশীলন কৰোৱাব লাগে। 

৫। প্ৰস্তুতিৰ নীতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ প্ৰস্তুতিৰ নীতিমতে , যেতিয়া ব্যক্তিয়ে কোনো কাম কৰিবলৈ ইচ্ছুক হয় আৰু কৰিবলৈ সুবিধা পায়, তেতিয়া সেই কামটো কৰিবলৈ পালে তেওঁৰ শিক্ষা অধিক আনন্দময়, খৰতকীয়া আৰু সহজ হৈ পৰে। আনহাতে, তেঁও যদি শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহী নহয় অৰ্থাৎ শিকিবৰ বাবে প্ৰস্তুত নহয়; কিন্তু শিকিবলৈ বাধ্য কৰোৱা হয় তেন্তে তেনে শিক্ষা ফলৱতী নহয়। বৰং তেওঁ বিৰক্ত আৰু অসন্তোষ অনুভৱ কৰিব।

যদি ব্যক্তি মনৰ কোনো আগ্ৰহ নাথাকে, তেন্তে তেওঁৰ শিকা কাৰ্য্য আমনিদায়ক আৰু বিৰক্তিকৰ হ’ব। গতিকে ব্যক্তি যদি শিক্ষাগ্ৰহৰ বাবে প্ৰস্তুত হয়, তেন্তে তেওঁ স্বত:স্ফূ ৰ্তভাৱে তথা নিয়াৰিকৈ কাৰ্য্য সমাধান বাছিব পাৰিব। আনহাতে যদি সেই সুযোগ নাপায় তেন্তে বিৰক্তি আৰু অসন্তোষে দেখা দিব। অৰ্থাৎ শিকিবৰ বাবে ব্যক্তি নিজকে প্ৰস্তুতি কৰিব লাগিব, তেতিয়াহে তেওঁৰ শিক্ষণ সহজ হব আৰু যদি তেওঁৰ প্ৰস্তুতি নাথাকে শিক্ষা আমনিদায়ক হব।শিক্ষাগ্ৰহণৰ বাবে দৈহিক আৰু মানসিক প্ৰস্তুতিৰ প্রয়োজন অধিক। অৱশ্যে এইটো স্বীকাৰ কৰিব লাগিব যে দৈহিক প্ৰস্তুতিয়ে ব্যক্তিৰ মানসিক প্ৰস্তুতিও আনি দিয়ে।

৬। শিক্ষণ আৰু পৰিপক্কতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ শিক্ষণ আৰু পৰিপক্কতাৰ বিষয়ে চমুকৈ তলত উল্লেখ কৰা হৈছে—

শিক্ষন আৰু পৰিপক্কতা দুয়োটা বিকাশমূলক প্ৰক্ৰিয়া, যাৰ ফলত ব্যক্তিৰ আচৰণ পৰিবৰ্তন ঘটে। অনেক সময়ত আচৰণগত পৰিবৰ্তন সমূহৰ  কোনবিলাক শিক্ষণলবদ্ধ, কোনবিলাক পৰিপক্কতাৰ ফল তাক স্পষ্টভাৱে নিৰ্ধাৰণ কৰাটো কঠিন হৈ পৰে। কিন্তু এই দুই প্ৰক্ৰিয়া সম্পূৰ্ণ পৃথক। শিশুৰ জীৱনৰ বিকাশৰ ক্ষেত্ৰত এই দুই প্ৰক্ৰিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

পৰিপক্কতা আৰু শিক্ষণৰ মাজৰ সম্বন্ধ বিজ্ঞানভিত্তিকভাৱে পাব পৰা নাযায়। মানুহৰ কোনবিধ আচৰণৰ পৰিবৰ্তন জৈৱিক পৰিপক্কতাৰ ফলত আৰু কোনবিধ আচৰণ শিকনৰ ফলত সংঘটিত হয়, তাক স্পষ্ট ৰূপত নিৰ্ধাৰণ কৰাটো কঠিন। দুয়ো দিশৰে যুটীয়া প্ৰভাৱ আচৰণৰ পৰিৱৰ্তনত পৰিলক্ষিত হয়।

শিশুৰ  বদ্ধি বা বিকাশৰ ধাৰা অনুশীলন কৰিলে দেখা যায় যে একেবাৰে অসায়ভাৱে ভূমিষ্ঠ হোৱা শিশুটিয়ে পৰ্যায়ক্ৰমে অনেক নতুন আচৰণ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈ উঠে।জীৱবিজ্ঞানী  আৰু মনোবিজ্ঞানীসকলে ইয়াক শিশুৰ জীৱন বিকাশৰ ফল বুলি আখ্যা দিছে। শিশুৰ প্রয়োজনীয় দৈহিক পৰিপক্কতা হৈ নুঠাত শিক্ষা বলপূৰ্বক কৰি তোলা হলে সি ক্ষতি সাধন কৰিব পাৰে। সেইদৰে দৈহিক বিকাশৰ পৰিপক্কতা লাভৰ উপযুক্ত সময় পাৰ হৈ গলে শিক্ষণৰ সুফল আৰু প্ৰয়োজনীয় ক্ৰিয়া পটুতা লাভকৰণত ব্যৰ্থ হব লাগে। গতিকে শিকনৰ চূৰান্ত প্ৰাপ্তিৰ সীমা দৈহিক পৰিপক্কতাই নিৰ্ধাৰণ কৰি তোলে।

৭। থৰ্ণডাইকৰ শিক্ষণ নীতিবোৰ শ্ৰেণীকোঠাৰ  তাৎপৰ্য্যৰ সৈতে আলোচনা কৰা।

উত্তৰঃ থৰ্ণডাইকৰ শিক্ষণ নীতিবোৰ শ্রেণীকোঠাৰ তাৎপৰ্য্যৰ  সৈতে আলোচনা কৰা হল― 

থৰ্ণডাইকৰ শিক্ষণ নীতিবোৰ:- (ক) প্রস্তুতিৰ নীতি।

(খ) অনুশীলনৰ নীতি। 

(গ) ফলাফলৰ নীতি।

(ক) প্ৰস্তুতিৰ নীতি:- যেতিয়া ব্যক্তিয়ে কোনো কাম কৰিবলৈ ইচ্ছুক হয় আৰু কৰিবলৈ সুবিধা পায়, তেতিয়া সেই কামটো কৰিবলৈ পালে তেওঁৰ শিক্ষা অধিক আনন্দময়, খৰতকীয়া আৰু সহজ হৈ পৰে। আনহাতে, তেঁও যদি শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহী নহয় অৰ্থাৎ শিকিবৰ বাবে প্ৰস্তুত নহয়; কিন্তু শিকিবলৈ বাধ্য কৰোৱা হয় তেন্তে তেনে শিক্ষা ফলৱতী নহয়। বৰং তেওঁ বিৰক্ত আৰু অসন্তোষ অনুভৱ কৰিব।

যদি ব্যক্তি মনৰ কোনো আগ্ৰহ নাথাকে, তেন্তে তেওঁৰ শিকা কাৰ্য্য আমনিদায়ক আৰু বিৰক্তিকৰ হ’ব। গতিকে ব্যক্তি যদি শিক্ষাগ্ৰহৰ বাবে প্ৰস্তুত হয়, তেন্তে তেওঁ স্বত:স্ফূ ৰ্তভাৱে তথা নিয়াৰিকৈ কাৰ্য্য সমাধান বাছিব পাৰিব। আনহাতে যদি সেই সুযোগ নাপায় তেন্তে বিৰক্তি আৰু অসন্তোষে দেখা দিব। অৰ্থাৎ শিকিবৰ বাবে ব্যক্তি নিজকে প্ৰস্তুতি কৰিব লাগিব, তেতিয়াহে তেওঁৰ শিক্ষণ সহজ হব আৰু যদি তেওঁৰ প্ৰস্তুতি নাথাকে শিক্ষা আমনিদায়ক হব।শিক্ষাগ্ৰহণৰ বাবে দৈহিক আৰু মানসিক প্ৰস্তুতিৰ প্রয়োজন অধিক। অৱশ্যে এইটো স্বীকাৰ কৰিব লাগিব যে দৈহিক প্ৰস্তুতিয়ে ব্যক্তিৰ মানসিক প্ৰস্তুতিও আনি দিয়ে।

শ্রেণীকোঠাৰ তাৎপৰ্য:- শিক্ষাদান কাৰ্য্যত এই নীতিৰ তাৎপৰ্য সহজেই অনুমান কৰিব পাৰি। পাঠদান কৰাৰ পূৰ্বে শিক্ষকে সদায় ছাত্ৰ-ছাত্ৰীৰ দেহ-মানসিক প্ৰস্তুতিৰ প্ৰতি গুৰুত্ব দিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ দেহ-মানসিক প্ৰস্তুতি থাকিলেহে শিক্ষাগ্ৰহণ আৰু শিক্ষাদান দুয়োটা ব্যৱস্থাই সহজ আৰু সফল হ’ব। শীক্ষা আহৰণৰ বাবে কোনটো সময়ত ছাত্ৰ-ছাত্ৰী প্ৰস্তুত বা অপ্ৰস্তুত, শিক্ষানীয় পৰিৱেশ গ্ৰহণযোগ্য নে অগ্ৰহণযোগ্য― এই বিষয়ে শিক্ষকে ভালদৰে জানিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰস্তুতি অনাৰ বাবে শিক্ষকে বিভিন্ন শ্ৰৱণ-দৰ্শন সঁজুলি, কৌশলপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা, সমস্যা সমাধান পৰিস্থিতি, জনাৰ পৰা নজনালৈ আদি শিক্ষণীয় ব্যবস্থা বা উপায়ৰ ব্যৱহাৰৰ বাবে চেষ্টা কৰিব লাগে।

(খ) অনুশীলনৰ নীতি: আমি যিটো কাৰ্য্য অনুশীলন কৰোঁ বা পুনৰাবৃত্তি কৰোঁ, ভালকৈ শিকোঁ আৰু যিটো কাৰ্য্য পুনৰাবৃত্তি নকৰোঁ, সেইটো নিশিকোঁ। গতিকে শিক্ষণীয় অভিজ্ঞতাসমূহক স্থায়ী ৰূপ দিবলৈ হ’লে অনুশীলন বা পুনৰাবৃত্তিৰ প্ৰয়োজন। কোনো কাৰ্য্যৰ পুনৰাবৃত্তিয়েই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সংযোগ অধিক দৃঢ় আৰু শক্তিশালী কৰি তোলে। আনহাতে, পুনৰাবৃত্তিৰ অভাৱ হলে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সংযোগ শিথিল বা দুৰ্বল হৈ পৰে আৰু অভিজ্ঞতা আহৰণ কৰিব নোৱাৰি। শিক্ষণ অভিজ্ঞতাৰ স্থায়িত্ব প্ৰদান কৰিবলৈ হলে পুনৰাবৃত্তিৰ প্রয়োজন।

শ্রেণীকোঠাৰ তাৎপৰ্য:- শিক্ষাক স্থায়ীৰূপ দিবলৈ হলে অনুশীলৰ প্ৰয়োজন। অভ্যাসে আমাক নির্ভুল কৰি তুলিব পাৰে। অভ্যাসৰ দ্বাৰা কামৰ নিপুনত আৰু কাৰ্য্যদক্ষতা বদ্ধি কৰিব পাৰি। ইংৰাজীত এষাৰ কথা কৈছে ‘Practice  makes a man perfect’ — অনুশীলনে মানুহ নির্ভুল তৈয়াৰ কৰিব পাৰে। গতিকে ব্যক্তিৰ কোনো ক্ৰিয়াৰ দক্ষতা আৰু যোগ্যতা নিৰ্ভৰ কৰে এই অনুশীলনৰ ওপৰত। 

শ্ৰেণীকোঠাত শিক্ষকে যিবোৰ বিষয়ত ছাত্ৰ-ছাত্ৰীৰ দক্ষতাৰ প্ৰয়োজন, তেনে পৰিস্থিতিত অনুশীলনৰ ব্যবস্থা কৰা উচিত। যিহেতু অনুশীলনৰ অভাৱে পাহৰণিৰ সৃষ্টি কৰিব পাৰে, এই ক্ষেত্ৰত শিক্ষাসকলক সজাগ হোৱা উচিত আৰু সময়ে পাঠৰ অনুশীলন কৰোৱাব লাগে। 

(গ) ফলাফলৰ নীতি:- থৰ্ণডাইকৰ মতে ” উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনৰ পৰিণতি বা ফলাফল  তৃপ্তিদায়ক হয়, তেন্তে সেই বন্ধন অধিক শক্তিশালী হয় আৰু উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ যদি বিৰক্তিকৰ বা আমনিদায়ক হয়, তেন্তে বন্ধনৰ শক্তি দুৰ্বল হয় বা হ্ৰাস পায়।ফলাফলৰ সন্তোষজনক পৰিণতিয়ে কোনো কাম পুনৰ কৰিবলৈ ব্যক্তিক উৎসাহী কৰি তুলি শিক্ষণ অধিক ফলপ্ৰসূ আৰু আগ্ৰহ সৃষ্টি কৰিব পাৰি।

শ্রেণীকোঠাৰ তাৎপৰ্য:- এই শিক্ষানীতিৰ শ্ৰেণীকোঠাত যথেষ্ট তাৎপৰ্য আছে। ছাত্ৰ-ছাত্ৰীয়ে সদায় নিজ কাৰ্য্যৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি পৰবৰ্তী কাৰ্য্যৰ প্ৰতি অগ্ৰসৰ হয়। শিক্ষাৰ প্ৰচেষ্টা যদি কৃতকার্যমূলক হয়, তেন্তে কাম পুনৰ কৰিবলৈ আৰু নতুন নতুন কাৰ্য্য হাতত ল’বলৈ ছাত্র-ছাত্ৰীক অধিক উদ্যম, কাৰ্য্যক্ষম আৰু উৎসাহিত্য কৰি তোলে।

৮। শিক্ষণ আৰু পৰিপক্কতাৰ পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ শিক্ষণ আৰু পৰিপক্কতাৰ পাৰ্থক্যসমূ তলত আলোচনা কৰা হল—

SL.NO.শিক্ষণSL NO.পৰিপক্কতা
শিক্ষণ জীবনব্যাপী প্ৰক্ৰিয়া।পৰিপক্কতা জীৱনব্যাপী প্ৰক্ৰিয়া নহয়।
শিক্ষণৰ বাবে সংক্ৰিয়তাৰ প্ৰয়োজন আছে।পৰিপক্কতাৰ ক্ষেত্ৰত সক্ৰিয়তাৰ প্ৰয়োজন নাই।
শিক্ষণ চাহিদাৰ ওপৰত নিৰ্ভৰশীল।পৰিপক্কতা চাহিদাৰ ওপৰত নিৰ্ভৰশীল নহয়।
শিক্ষণ প্ৰক্ৰিয়া সদায় উদ্দেশ্যভিত্তিক।পৰিপক্কন উদ্দেশ্যভিত্তিক নহয়।
শিক্ষণ এক মানসিক প্ৰক্ৰিয়া।পৰিপক্কন এক জৈৱিক প্ৰক্ৰিয়া।
শিক্ষণ চৰ্তসাপেক্ষ প্ৰক্ৰিয়া।পৰিপক্কন চৰ্তহীন প্ৰক্ৰিয়া।
শিক্ষণ বাহ্যিক।পৰিপক্কন আভ্যন্তৰীণ।
শিক্ষণৰ বাবে অনুশীলনৰ প্রয়োজন আছে।পৰিপক্কনৰ ক্ষত্ৰত অনুশীলনৰ প্ৰভাৱ নাই।
শিক্ষণত ব্যক্তিৰ আত্মসক্ৰিয়তা থাকে।পৰিপক্কতাত কোনো আত্মসচেতন বা আত্ম- সক্ৰিয়তা নাই। 
১০শিক্ষণ প্ৰক্ৰিয়া নিয়ন্ত্ৰিতবিধৰ।।১০পৰিপক্কতা এক স্বাভাৱিক স্বাভাৱিক পনিয়ন্ত্ৰিত নহয়।

৯। উদাহৰণ সৈতে পেভ্ লভৰ অনুবন্ধন তত্ত্বটো আলোচনা কৰা।

উত্তৰঃ পেভ্ লভে (১৮৪৯-১৯৩৬) ৰাছিয়া আৰু জাৰ্মানীত চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰিছিল। এগৰাকী শৰীৰতত্ত্ববিদ আৰু মনোবিজ্ঞানী পেভ্ লভে শিক্ষণৰ এই অনুবন্ধনবাদ পদ্ধতি ১৯০৪ চনত আবিষ্কাৰ কৰিছিল। তেখেতে ‘কুকুৰৰ পাচন তন্ত্ৰ’ৰ ওপৰত কৰা গৱেষণাৰ বাবে নো’বেল বঁটা লাভ কৰিছিল। অনুবন্ধন মতে, জীৱই স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তনে আন এটা কৃত্ৰিম উদ্দীপকক বাৰে বাৰে উপস্থাপন কৰিলেও স্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে আৰু শিক্ষণ হয়। এই শিক্ষণ পদ্ধতিক ‘প্ৰতিক্ৰিয়া শিক্ষণ’ ‘উদ্দীপক শিক্ষণ’ ‘অনুবন্ধন’ বুলিও জনা যায়।

আচৰণবাদী মনোবিজ্ঞানীসকলে শিক্ষণক দৈহিক দৃষ্টিকোণৰ পৰা বিবেচনা কৰি মত পোষণ কৰে যে যিটো উদ্দীপকে কোনো এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু পিছলৈ যদি সেই উদ্দীপকৰ লগত আন উদ্দীপক সংযুক্ত কৰা হয়, তেতিয়াও স্বাভাৱিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব। পেভ্ লভৰ মতে, ব্যক্তিৰ স্বাভাৱিক প্ৰতিক্ৰিয়াক অন্য এক উদ্দীপকৰ লগত সংযুক্ত কৰিলে অথবা অনুবন্ধিত কৰিব পাৰিলেহে শিক্ষণ সম্ভৱ হয়। অৰ্থাৎ স্বাভাৱিক উদ্দীপকৰ অৱৰ্তমানত যদি আন কোনো উদ্দীপক প্ৰদান কৰা হয়। তেন্তে স্বাভাৱিক প্ৰতিক্ৰিয়াকে প্ৰকাশ কৰে।

সাধাৰণতে কেতবোৰ উদ্দীপকৰ লগত নিৰ্দিষ্ট কেতবোৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, আহাৰ দেখিলে লালটি ওলোৱা, ডাঙৰ শব্দ শুনিলে ভয় লগা, তীব্ৰ পোহৰ দেখিলে চকু জপাই দিয়া ইত্যাদি। এনে কিছুমান প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰোঁতে কোনো শিক্ষণ অভিজ্ঞতাৰ প্ৰয়োজন নহয়। কিন্তু এনে স্বভাৱিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিবলৈ স্বাভাৱিক উদ্দীপকৰ পৰিবৰ্তে আন উদ্দীপকৰ লগত প্ৰতিক্ৰিয়া সংযুক্ত কৰা হয় তেতিয়া শিক্ষণ হয়। গতিকে স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে এক কৃত্ৰিম উদ্দীপক প্ৰদান কৰিলেও ব্যক্তিয়ে পূৰ্বৰ স্বাভাৱিক প্ৰতিক্ৰিয়াকেই প্ৰদৰ্শন কৰে এয়ে হৈছে অনুবান্ধিত প্ৰতিক্ৰিয়া।

১০। অন্তদর্শন শিক্ষণ কি? ক’হলাৰৰ অন্তদর্শন পদ্ধতি সম্পৰ্কে শৈক্ষিক তাৎপৰ্য্যৰ সৈতে আলোচনা কৰা।

উত্তৰঃ মনোবিজ্ঞানী ৱল্ ফ্গেং ক’হলাৰে ১৯১৩ চনৰ পৰা ১৯১৭ চনলৈকে আফ্ৰিকাৰ টেনেৰিফ দ্বীপত চিম্পাঞ্জীৰ ওপৰত শিক্ষণ সম্বন্ধে ভালেমান পৰীক্ষা-নিৰীক্ষা চলাইছিল। ক’হলাৰে ‘Mentality of Apes’ নামৰ পুথিখনত কেতবোৰ পৰীক্ষাৰ বৰ্ণনা কৰে। 

বিভিন্ন পৰীক্ষাৰ ভিতৰত এটা তলত উল্লেখ কৰা হ’ল:-

ক’হলাৰে ‘চুলতান’ নামৰ এটা চতুৰ চিম্পাঞ্জী পিঞ্জৰাত আৰদ্ধ কৰি ৰাখিছিল আৰু তাৰ চকুত পৰাকৈ বাহিৰত কল কিছুমান ৰখা হৈছিল। চিম্পাঞ্জীটুৱে কলকেইটা যাতে সহজতে ঢুকি নাপায় তাৰ বাবে অলপ দূৰত্বত ৰখা হৈছিল। আনহাতে, পিঞ্জৰাৰ ভিতৰত দুডাল লাঠী থোৱা হৈছিল―এডাল দীঘল আৰু আনডাল অলপ চুটি। কিন্তু দুয়োডাল লাঠী লগ লাগিলেহে চিম্পাঞ্জীটোৱে কলখিনি ঢুকি পাব। সৰু লাঠীডাল ডাঙৰ লাঠীডাল লগত সুমুৱাই দি দীঘল কৰাৰ ব্যৱস্থা আছিল। প্ৰথম অৱস্থাত চিম্পাঞ্জী ‘চুলতানে’ দুয়োখন হাতেৰে কল আনিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। কোনো উপায়ে কল আনিব নোৱাৰি, একো নকৰাকৈ কিছু সময় বহি থাকি সময় অতিবাহিত কৰিছিল। এনেকৈ কিছুমান থকাৰ পিছত হঠাতে তাৰ মনত বুদ্ধি উদয় হ’ল আৰু এডাল লাঠীৰ মূৰত আনডাল লাঠী সুমুৱাই কলখিনি সংগ্ৰহ কৰিছিল। এনেদৰে পুনৰ চিম্পাঞ্জীটোক একে পৰিস্থিতিত ৰখা হৈছিল আৰু পূৰ্ব অভিজ্ঞতাৰ সহায়ত সি সহজেই সমস্যা সমাধান কৰিব পাৰিছিল।

১১। অনুবন্ধনবাদ কি? অনুবন্ধন কেনেকৈ সৃষ্টি হয়? অনুবন্ধনৰ শৈক্ষিক তাৎপৰ্য্য উল্লেখ কৰা।

উত্তৰঃ অনুবন্ধনবাদ ছাত্ৰ-ছাত্ৰীৰ অভ্যাস গঠন, পৰিপাৰ্টীকৈ থকা, আনক সন্মান কৰা, আত্ম-অনুশাসন আদি বিকাশত সহায় কৰে ।

অনুবন্ধনৰ শৈক্ষিক তাৎপৰ্য্য ―

শিশুৰ শিক্ষা আহৰণ ক্ষেত্ৰতো এই পদ্ধতিৰ গুৰুত্ব আছে। ভাষা শিক্ষণ, প্ৰাথমিক সাংখ্যিক গাণিতিক জ্ঞান আহৰণত এই পদ্ধতিৰ শিক্ষা প্ৰদান কৰিব পাৰি। শিক্ষণীয় ব্যৱস্থাত শ্ৰৱণ-দর্শন সঁজুলি প্ৰয়োগ কালত এই পদ্ধতিৰ সহায় ল’ব পাৰি। উদাহৰণস্বৰূপে, ‘গৰু’ শব্দটোৰ ধাৰণা দিওঁতে শিক্ষকে ‘গৰুৰ এখন ছবি’ আৰু শব্দটো একেলগে উচ্চাৰণ কৰিব লাগে। কিছুমান তেনে কৰাৰ পিছত কেৱল ‘গৰু’ শব্দটো উচ্চাৰণ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে স্বাভাৱিকতেই চিঞৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু ‘গৰু’ শব্দটো উচ্চাৰণ কৰিব। গতিকে ছাত্ৰ-ছাত্ৰীয়ে অনুষঙ্গ স্থাপন কৰি প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰি শব্দৰ লগত পৰিচয় ঘটাবলৈ সক্ষম হৈছিল।

অনুবন্ধন পদ্ধতিয়ে সমস্যা, অপৰাধ প্ৰৱণতা আৰু অন্যান্য বাধাগ্ৰস্ত ল’ৰা ছোৱালীৰ প্ৰতিকাৰ আৰু চিকিৎসা প্ৰদানতো সহায় কৰিব পাৰে। 

চমুকৈ আমি কব পাৰোঁ যে:―

১। শাস্তি আৰু পুৰস্কাৰ নীতি এই পদ্ধতিৰ লগত ওত:প্ৰোতভাৱে জড়িত। শাস্তিয়ে সংযোগ সাধন দুৰ্বল কৰে আৰু পুৰস্কাৰে সেই সংযোগ দৃঢ় কৰে।

২। অনুবন্ধন স্থাপন কৰি আমাৰ ভাষা শিক্ষণ, সৎ আচৰণ আয়তকৰণ, সুস্থ মনোভাৱ গঠন কৰিব পাৰি।

৩। শুদ্ধ উচ্চাৰণ, পৰিৱেশৰ লগত সংযোগ স্থাপনত অনুবন্ধনৰ ভূমিকা তাৎপৰ্যপূৰ্ণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top