Class 12 Education Chapter – 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ

Class 12 Education Chapter – 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 12 Education Chapter – 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ and select needs one.

Class 12 Education Chapter – 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 5 স্মৃতি, মনোযোগ আৰু আগ্ৰহ Solutions for All Subject, You can practice these here.

স্মৃতি, মনোযোগ আৰু আগ্ৰহ

Chapter – 5

উওৰ দিয়াঃ

১। স্মৃতিৰ সংজ্ঞা দিয়া।

উত্তৰঃ স্মৃতিৰ সংজ্ঞা হৈছে:-

(১) বিখ্যাত মনোবিদ উইলিয়াম মেকডুগেলে(William Mc. Dougall) মতে স্মৃতি সম্বন্ধে সংজ্ঞা দাঙি ধৰি কয় যে “সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ কার্য হৈছে অতীতৰ অভিজ্ঞতা অনুসৰি কোনো ঘটনাৰ কল্পনা কৰা।”

(২) মেটলীন,২০০৫(Marlin)-ৰ মতে, “স্মৃতি হৈছে অতিৰিক্ত সময়ৰ বাবে তথ্যৰ ৰক্ষণাবেক্ষ কৰা এক প্ৰক্ৰিয়া।”

২। স্মৃতি কাক বোলে? স্মৃতি নিৰ্ভৰ কৰা উপাদানবোৰ আলোচনা কৰা।

উত্তৰঃ পূৰ্ব অভিজ্ঞতাক অবচেতন নির্জ্ঞান মনৰ পৰা চেতন বা সজ্ঞান মনলৈ পুনৰ উদ্ৰেক কৰা এই প্ৰক্ৰিয়াটোকেই স্মৃতি বোলা হয়।স্মৃতিৰ সহায়ত প্ৰয়োজন সাপেক্ষে আমাৰ মন আৰু মগজুত সাঁচি থোৱা অভিজ্ঞতাসমূহক হুবহুৰূপে যেতিয়া সচেতন মনলৈ আহে তাকে স্মৃতি বুলি ক’ব পাৰি।

স্মৃতি নিৰ্ভৰ কৰা উপাদান চাৰিটা আৰু এই বিষয়ে তলত উল্লেখ কৰা হ’ল:- 

(১) শিক্ষণ [Learning]:- স্মৃতিৰ প্ৰথম চৰ্ত হৈছে অভিজ্ঞতা আহৰণ। বাস্তৱ অভিজ্ঞতা লাভ নকৰাকৈ কোনো বিষয়ৰে প্ৰতিচ্ছবি লাভ কৰাটো সম্ভৱ নহয়। ইন্দ্ৰিয়যোগে লাভ কৰা অভিজ্ঞতাই ব্যক্তিমনত এক স্মৃতি চাপৰ সৃষ্টি কৰে। উদ্দীপকৰ স্পষ্টতা আৰু সজীৱতাৰ ওপৰত স্মৃতি নিৰ্ভৰ কৰে। উল্লেখযোগ্য যে শিক্ষাৰ্থীৰ দেহ- মানসিক সুস্থতা, আবেগ, সুস্থ পৰিবেশ আদিয়ে শিক্ষা আহৰণ প্ৰক্ৰিয়াত প্ৰভাৱান্বিত কৰে। আমি কোনো দিনে নেদেখা বা নুশুনা বিষয়ৰ স্মৃতি পাব নোৱাৰোঁ। উদাহৰণস্বৰূপে হিমালয় পৰ্বতমালাৰ চাক্ষুষ অভিজ্ঞতা নোহোৱাকৈ তাৰ নান্দনিক সৌন্দৰ্য আমি অনুভৱ কৰিব নোৱাৰোঁ।

(২) সংৰক্ষণ [Retention]:- স্মৃতিৰ দ্বিতীয় পৰ্যায় বা উপাদান হৈছে সংৰক্ষণ। সংৰক্ষণ হৈছে ব্যক্তিয়ে জন্মগতভাৱে লাভ কৰা এক মানসিক ক্ষমতা। ব্যক্তিমনৰ সংৰক্ষণ ক্ষমতাৰ ওপৰতেই স্মৃতি নিৰ্ভৰ কৰে। অৱশ্যে এই সংৰক্ষণ প্ৰক্ৰিয়া ব্যক্তিৰ দেহ- মনসিক সক্ৰিয়তা, পৰিৱেশ আদি কথাবোৰে প্ৰভাৱিত কৰে। 

(৩) পুনঃ স্মৰণ [Recall]:- স্মৃতি ক্ৰিয়াৰ তৃতীয়টো পৰ্যায় হৈছে পুনঃ স্মৰণ। পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ অবচেতন মনৰ পৰা চেতন মনলৈ পুনৰুদ্ধাৰ কৰি অনা কাৰ্যই হৈছে পুনঃ স্মৰণ। ই এক সক্ৰিয় মানসিক প্ৰচেষ্টা। পুনঃ স্মৰণ যোগে আমি পূৰ্বতে লাভ কৰা অভিজ্ঞতা উদ্দীপকৰ অবৰ্তমানতো সচেতন অৱস্থালৈ আনিব পৰোঁ।

(৪) প্ৰত্যভিজ্ঞা [Recognition]:- যেতিয়া স্মৰণ কৰিবলগীয়া বস্তু বা বিষয় ব্যক্তিৰ বাবে ইন্দ্ৰিকয়গ্ৰাহ্য হৈ থাকে তেনে অৱস্থাত বৰ্তমান অভিজ্ঞতা সহজ হৈ পৰে। অৰ্থাৎ তেনে ক্ষেত্ৰত পূৰ্ব অভিজ্ঞতাক বৰ্তমান অভিজ্ঞতাৰ লগত তুলনা কৰি চিনাক্তকৰণ কৰিব পাৰি। প্ৰত্যভিজ্ঞাৰ বাবে ব্যক্তিয়ে কেৱল পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বা সাঁচৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। উদাহৰণস্বৰূপে আগত জনা কোনো ব্যক্তিৰ নাম স্মৰণ কৰিবলৈ যিমান কঠিন, কেইটামান নাম দি তাৰ ভিতৰত সেই ব্যক্তিজনৰ নাম চিনাক্তকৰণ কৰাটো তুলনামূলকভাৱে সহজ হয়।

৩। স্মৃতি প্ৰখৰতাৰ বৈশিষ্ট্যবোৰ কি কি? স্মৃতি শক্তিৰ উন্নতি কেনেকৈ কৰিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ স্মৃতিৰ বৈশিষ্ট্যসমূহ হ’ল:- 

(১) স্মৃতি হৈছে এক জটিল মানসিক কার্য।

(২) বাস্তৱ ইন্দ্ৰিয় অভিজ্ঞতা স্মৃতি কার্যৰ প্ৰথম চৰ্ত। ইয়াৰ অবিহনে স্মৃতি সম্ভৱ নহয়।

(৩) পূৰ্ব অভিজ্ঞতাক অপৰিৱৰ্তিত ৰূপত মনলৈ ঘূৰাই অনা কার্যই হৈছে স্মৃতি।

(৪) স্মৃতি ক্ৰিয়াত অচেতন মনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰে।

(৫) স্মৃতিৰ বাবে বাস্তৱ অভিজ্ঞতাৰ প্ৰয়োজন।

(৬) স্মৃতি গঠনমূলক আৰু শিক্ষণৰ ফলস্বৰূপে স্মৃতি অভিজ্ঞতা পোৱা যায়।

বহুতো স্মৃতিক চিন্তা বুদ্ধি আদিৰ দৰে এক অন্তৰ্নিহিত মানসিক শক্তি বুলি ক’ব খোজে। এই শক্তিৰ পৰিমাণ সকলোৰে ক্ষেত্ৰত একে নহয়। ব্যক্তি অনুযায়ী এই মানসিক শক্তিৰ তাৰতম্য হোৱা দেখা যায়। যিসকল এই শক্তি সবল তেওঁলোকে দীৰ্ঘদিনলৈ শিক্ষণ অভিজ্ঞতা মনত ৰাখিব পাৰে আৰু পুৰণি অভিজ্ঞতা সহজেই মনত পেলোব পাৰে। আনহাতে, দুৰ্বল মানসিক শক্তিৰ ব্যক্তিয়ে শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ স্পষ্টভাৱে মনত ধৰি ৰাখিব নোৱাৰে।

৪। ভাল বা উত্তম স্মৃতিৰ লক্ষণসমূহ বৰ্ণনা কৰা।

উত্তৰঃ ভাল বা উত্তম স্মৃতিৰ লক্ষণসমূহ হৈছে:- 

১। সহজ আৰু দ্ৰুত শিক্ষা গ্ৰহণ [Ease and Rapidity of Learning]: উচ্চ স্মৃতিসম্পন্ন লোকে শিক্ষণীয় বিষয় সহজে আৰু কম সময়ৰ ভিতৰত আয়ত্ত কৰিব পাৰে। দুৰ্বল স্মৃতিৰ লোকক শিক্ষাগ্ৰহণ কাৰ্যত অধিক সময়ৰ প্ৰয়োজন হয় আৰু কষ্ট কৰিবলগীয়া হয়।

২। সংৰক্ষণৰ দীৰ্ঘস্থায়িত্ব [Permanence Retention]: আমি সহজতে শিকা কথা সহজতে পাহৰিও যাওঁ। অভিজ্ঞতাৰ দৃঢ় সংৰক্ষণ উচ্চ স্মৃতিসম্পন্ন লোকৰ এটা লক্ষণ। উচ্চ বা প্ৰখৰ স্মৃতিসম্পন্ন লোকে বিষয়বস্তু সহজে আয়ত্ত কৰাৰ লগতে দীৰ্ঘকাল সংৰক্ষণ কৰি ৰাখিব পাৰে। দুৰ্বল স্মৃতিৰ লোকৰ বাবে এই কার্য সম্ভৱ নহয়।

৩। দ্ৰুত আৰু যথাৰ্থ পুনৰাভিব্যক্তি [Prompt and Accurate Reproduction]: সংৰক্ষণ কৰি ৰখা অভিজ্ঞতাৰ প্ৰতিৰূপ প্ৰয়োজন সাপেক্ষে দ্ৰুতভাৱে মনলৈ ঘূৰাই আনিব পৰাটো স্মৃতি প্ৰখৰতাৰ লক্ষণ। এনে লোকে পূৰ্ব অভিজ্ঞতাক সম্পূৰ্ণ অক্ষতভাৱে যথাৰ্থ ৰূপত পুনৰুখাপন কৰিব পাৰে।

৪। ক্ৰিয়া উপযোগিতা [Serviceability]: কোনো কোনো সময়ত দেখা যায় যে সংৰক্ষিত অভিজ্ঞতা প্ৰয়োজনৰ মুহূৰ্তত চেতন মনলৈ পুনৰ উদ্ধাৰ কৰি অনাত আমি ব্যৰ্থ হওঁ। কিন্তু প্ৰখৰ স্মৃতিসম্পন্ন লোকে অচেতন মনত সংৰক্ষণ হৈ থকা অভিজ্ঞতাসমূহৰ পৰা প্ৰয়োজনীয় অংশ দ্ৰুতভাৱে চিনাক্ত কৰি সঠিক সময়ত সঠিকভাৱে প্ৰয়োগ কৰিব পাৰে।

৫। স্মৃতি পৰিসৰ বুলিলে কি বুজা?

উত্তৰঃ একেবাৰতে দেখা বা শুনা এই আখৰ বা সংখ্যা প্ৰথমে কম সংখ্যাক অৱস্থাৰ পৰা আৰম্ভ কৰে। ক্ৰমে ইয়াক বঢ়াই নিয়া হয়। ইয়াৰ ফলত এক নিৰ্দিষ্ট সংখ্যাক আখৰ শুদ্ধকৈ মনত পেলাব পৰা হয় আৰু তাতকৈ বেছি আখৰ মনত প্ৰলোৱা টান হৈ পৰে। ইয়াৰ পৰা এই কথা প্ৰতিপন্ন হয় যে মানুহে এবাৰকৈ দেখা বা শুনা বস্তু মনত ৰখাৰ এক নিৰ্দিষ্ট ক্ষমতা আছে। বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত থকা স্মৃতিৰ এনে সীমাবদ্ধ ক্ষমতাকে স্মৃতি পৰিসৰ বোলে।

৬। স্মৃতিৰ বিভিন্ন প্ৰকাৰৰ বৰ্ণনা কৰা।

উত্তৰঃ স্মৃতিৰ প্ৰকাৰসমূহ তলত উল্লেখ কৰা হৈছে:- 

১। অভ্যাস স্মৃতি [Habit Memory]: দৈহিক ক্ৰিয়া সঞ্চালনৰ যোগেদি আমি যি স্মৃতি লাভ কৰোঁ তাকেই অভ্যাস স্মৃতি বোলে। দৈহিকভাৱে কৰা ক্ৰিয়াৰ পুনৰাবৃত্তিৰ ফলস্বৰূপে মনত এক স্মৃতি চাপৰ সৃষ্টি হয়। ইয়াত ব্যক্তিৰ বুদ্ধি, চিন্তা, যুক্তি আদি মানসিক ক্ষমতাসমূহৰ প্ৰয়োজন নহয়।

সময়ৰ ব্যৱধানৰ ওপৰত ভিত্তি কৰি অভ্যাস স্মৃতিক আকৌ দুভাগত ভাগ কৰা হৈছে- 

(ক) তৎকালীন স্মৃতি [Immediate memory]: অভিজ্ঞতা আহৰণ, সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ মাজত সময়ৰ ব্যৱধান নাথাকিলে তেনে অভিজ্ঞতাক তৎকালীন স্মৃতি বোলে। ই সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত। উদাহৰণস্বৰূপে ছাত্ৰ-ছাত্ৰীয়ে শ্ৰুতলিপি লিখিবৰ বেলিকা এই স্মৃতি প্ৰয়োগ কৰে।

(খ) দীৰ্ঘকালীন স্মৃতি [Prolonged Memory]: শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ সংৰক্ষণ আৰু পুনঃ স্মৰণৰ ক্ষেত্ৰত অধিক সময়ৰ ব্যৱধান থাকিলে তাক দীৰ্ঘকালীন স্মৃতি বোলে। সময়ৰ অধিক ব্যৱধানে প্ৰতিৰূপ চাপ দুৰ্বল কৰি তোলা যদিও মনোবিসকলে মতপোষণ কৰে যে এনে ক্ষেত্ৰত অৰ্থাৎ সময়ৰ ব্যৱধানে অভিজ্ঞতা পুনৰগঠনত সহায়হে কৰে।

২। প্ৰতিৰূপ স্মৃতি[Image Memory]: পূৰ্বৰ অভিজ্ঞতা প্ৰতিৰূপৰ সহায়ত চেতন মনলৈ পুনৰুদ্ধাৰ কৰি অনা কার্যকেই প্ৰতিৰূপ স্মৃতি বোলা হয়। দৈহিক সঞ্চালনমূলক ক্ৰিয়াৰ পৰিবৰ্তে ব্যক্তিৰ সুস্থ মানসিক সংগঠন, বুদ্ধি, প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা, স্মৰণ শক্তি আদিৰ প্ৰতিৰূপ স্মৃতিৰ বাবে প্ৰয়োজন হয়।

৩। মুখস্থ স্মৃতি [Rote Memory]: দৈহিক আৰু যান্ত্ৰিকভাৱে কৰা পুনৰাবৃত্তিৰ ফলত যি স্মৃতি লাভ হয় তাকে মুখস্থ স্মৃতি বা যান্ত্ৰিক স্মৃতি বোলা হয়। ইয়াত শিক্ষণীয় বিষয়ৰ কোনো অৰ্থ নুবুজাকৈয়ে সম্পূৰ্ণ যান্ত্ৰিকভাৱে এই কাৰ্য সম্পাদন কৰা হয়। মানসিক ক্ষমতাসমূহৰ প্ৰয়োগ নকৰাকৈ বাৰে বাৰে কৰা দৈহিক সঞ্চালন ক্ৰিয়াৰ এই স্মৃতি লাভ কৰা হয়।

৪। যুক্তিসংগত স্মৃতি[Logical Memory]: চিন্তা, যুক্তি, বিচাৰ-বুদ্ধি আদি মানসিক শক্তিসমূহৰ প্ৰয়োগৰদ্ধাৰ যি স্মৃতি লাভ কৰা হয় তাক যুক্তিসংগত স্মৃতি বা বিচামূলক স্মৃতি বোলা হয়। ইয়াত শিক্ষণীয় বিষয়ৰ অভিজ্ঞতা যুক্তিযুক্তভাৱে বিচাৰ কৰি আয়ত্ত কৰা হয়।

৫। অনুসংগমূলক স্মৃতি[Associative Memory]: কোনো বিষয় বা অভিজ্ঞতাৰ কথা মনলৈ অনাৰ লগে লগে তাৰ লগত জড়িত হৈ থকা আন কোনো অভিজ্ঞতাৰ কথা মনলৈ আহে। অৰ্থাৎ এটা বিষয়ৰ অনুসংগত সমসাময়িকভাৱে ঘটা আন এটা বিষয়ৰ স্মৃতি আমাৰ মনলৈ আহে। শিক্ষণ অভিজ্ঞতাৰ স্মৃতি লাভৰ ক্ষেত্ৰত আমি এই অনুসংগৰ নীতি প্ৰয়োগ কৰোঁ।

৬। সংবেদনাত্মক স্মৃতি[Sensory Memory]: আমাৰ গ্ৰহণেন্দ্ৰিয়সমূহৰ প্ৰত্যক্ষ সংবেদন অনুভূতিৰদ্ধাৰা লাভ কৰা স্মৃতিক হয় সংবেদনাত্মক স্মৃতি বোলে। দৃষ্টি, স্পৰ্শ, ঘ্ৰাণ, শব্দ আৰু স্বাদ-সংবেদন অভিজ্ঞতাৰ পৰাই স্মৃতি প্ৰতিৰূপ লাভ কৰিব পৰা যায়। একেজন লোকৰ প্ৰতিটো সংবেদন অনুভূতিৰ স্মৃতি প্ৰতিৰূপ ধৰি ৰাখিব পৰা ক্ষমতা একে নহয়। ব্যক্তিভেদে সংবেদনাত্মক স্মৃতিৰ পাৰ্থক্য পৰিলক্ষিত হয়। দৰ্শনগত স্মৃতি প্ৰখৰ লোকজনৰ শ্ৰৱণগত স্মৃতি প্ৰখৰ নহ’বও পাৰে।

৭। সক্ৰিয় বা সচেষ্ট আৰু নিষ্ক্ৰিয় বা নিচেষ্ট স্মৃতি:[Active and passive Memory]: অতীত অভিজ্ঞতাৰ স্মৃতি লাভৰ বাবে ব্যক্তিৰ সচেষ্ট আৰু নিচেষ্ট প্ৰচেষ্টাৰ প্ৰয়োগৰ ওপৰত ভিত্তি কৰি স্মৃতি ক্ৰিয়াক সক্ৰিয় স্মৃতি আৰু নিষ্ক্ৰিয় স্মৃতি হিচাপে দুটা ভাগত ভাগ কৰা হৈছে।

যেতিয়া কোনো বিষয়ৰ অভিজ্ঞতাৰ স্মৃতি লাভ কৰিবলৈ ব্যক্তিৰ সক্ৰিয় মানসিক প্ৰচেষ্টাৰ প্ৰয়োজন হয় তাকেই সক্ৰিয় স্মৃতি বোলে। শিক্ষাৰ্থীৰ বাবে সক্ৰিয় স্মৃতি বিশেষ গুৰুত্বপূৰ্ণ। পৰীক্ষা গৃহত ছাত্ৰৰএনে স্মৃতিৰ প্ৰয়োজন হয়। এই স্মৃতি প্ৰয়োজন ভিত্তিক আৰু পৰিস্থিতি সাপেক্ষ।

আনহতে ব্যক্তিৰ সক্ৰিয় প্ৰচেষ্টা নোহোৱাকৈ যেতিয়া কোনো অভিজ্ঞতাৰ স্মৃতি স্বয়ংক্ৰিয়ভাৱে মনলৈ আহে তাকে নিষ্ক্ৰিয় স্মৃতি বোলে। সাধাৰণতে ব্যক্তিৰ নিচেষ্ট অৱস্থাত অচেতন মনত থুপ খাই থকা বিভিন্ন অভিজ্ঞতাৰ স্মৃতিয়ে সচেতন মনত ক্ৰিয়া কৰে।

৭। বিস্মৃতি কি? বিস্মৃতিৰ কাৰণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ বিস্মৃতি হৈছে স্মৃতিৰ বিপৰীত অৰ্থ। মনোবৈজ্ঞানিসকলৰ মতে কেতিয়াবা স্মৃতি ৰক্ষাৰ বাবেই যুক্তিসংগত বিস্মৃতিৰ প্ৰয়োজন হয়। শিক্ষণ অভিজ্ঞতাক, সচেতন মনত পুনৰুদ্ৰেক কৰা কাৰ্য্যত দেখা দিয়া ব্যৰ্থতাই হৈছে বিস্মৃতি।

 সাধাৰণতে পূৰ্ব অভিজ্ঞতাৰ সকলো কথাই আমি মনত ধৰি ৰাখিব নোৱাৰোঁ বা নিবিচাৰোঁ। যিবিলাক অভিজ্ঞতাই আমাক মনোকষ্ট দিয়ে বা শিক্ষণ অভিজ্ঞতাৰ যিবোৰ অংশ অপ্ৰয়োজনীয় বুলি ভাবোঁ সেইবিলাক অভিজ্ঞতা আমি পাহৰি যাব বিচাৰোঁ। সেয়েহে বিস্মৃতি কেতিয়াবা ইচ্ছাকৃত আৰু কেতিয়াবা অনিচ্ছাকৃত হয়। উল্লেখযোগ্য যে স্মৃতি সংৰক্ষণৰ বাবেও বিস্মৃতিৰ প্ৰয়োজন হয়।

বিস্মৃতিৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল―

১। মস্তিষ্কৰ আঘাত[Brain Injury]: মস্তিষ্কৰ যি অংশই স্মৃতি সম্পৰ্কীয় কার্য সম্পাদিত কৰে সেই অংশ কোনো কাৰণত আঘাতপ্ৰাপ্ত হ’লে স্মৃতি স্থায়ী বা অস্থায়ীভাৱে বিলোপ হ’ব পাৰে।

২। অৱসাদ বা ক্লান্তি [Fatigue]: অত্যধিক দৈহিক আৰু মানসিক শ্ৰমে দেহ-মনত এক অবসাদ আনে। এনে অৱস্থাত দেহৰ পেশী আৰু স্নায়ুসমূহৰ কার্যক্ষমতা দুৰ্বল হৈ পৰে আৰু প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা হ্ৰাস পায়। ফলত বিস্মৃতি বাঢ়ে।

৩। মাদক দ্ৰব্য সেৱন [Drug addiction]: মাদক দ্ৰব্য সেৱনৰ ফলত ব্যক্তিৰ স্নায়ুতন্ত্ৰ দুৰ্বল হৈ পৰে। ফলত প্ৰতিৰূপ সংৰক্ষণৰ ক্ষমতা দুৰ্বল হৈ পৰে আৰু স্মৃতি বিলোপ হয়।

৪। বাৰ্ধক্য [Old age]: দৈহিক আৰু স্নায়ৱিক দুৰ্বলতাৰ বাবে বৃদ্ধাৱস্থাত ব্যক্তিৰ প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা দুৰ্বল হৈ পৰে যাৰ ফলত স্মৃতি ৰক্ষাত অসমৰ্থ হয়।

৫। চৰ্চাৰ অভাৱ [Lack of Exercise]: শিক্ষণীয় বিষয়বস্তুৰ প্ৰতিৰূপ স্পষ্টভাৱে সংৰক্ষণ কৰিবলৈ হ’লে পুনৰাবৃত্তিৰ বা চৰ্চাৰ প্ৰয়োজন হয়।ইয়াৰ অভাৱ হ’লে শিক্ষণ অভিজ্ঞতা বিস্মৃতি হয়।

৬। পশ্চাদমুখী প্ৰতিৰোধ [Retroactive inhibition]: যদি কোনো দুটা বিষয়ৰ অধ্যয়ন অলপো সময়ৰ ব্যৱধান নৰখাকৈ কৰা হয় তেন্তে প্ৰথম বিষয়ৰ স্মৃতি ৰক্ষাত দ্বিতীয়টো বিষয়ে বাধা প্ৰদান কৰে। ইয়াকে পশ্চাদমুখী প্ৰতিৰোধ বোলে।ই এটা মানসিক প্ৰতিৰোধ কার্য। এক পৰীক্ষাৰদ্ধাৰা এই কাৰ্যৰ এক স্পষ্ট ধাৰণা দাঙি ধৰিব পৰা যায়। প্ৰথমতে ছাত্ৰৰ দুটা দলৰ প্ৰথমতো দলক এটা বিষয়ত পাঠদান কৰা হ’ল আৰু দ্বিতীয়টো দলক অলপো বিৰতি নিদিয়াকৈ একেলেঠাৰিয়ে দুটা বিষয়ৰ পাঠদান কৰা হ’ল। পিছত স্মৃতি ৰক্ষা সম্পৰ্কে দুয়োটা দলক পৰীক্ষা কৰি দেখা গ’ল যে দ্বিতীয়টো দলতকৈ প্ৰতিটো দলে স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰিছে।

৭। পৰিৱৰ্ত্তিত পৰিৱেশ[Changed Situation]: পৰিৱেশৰ পৰিৱৰ্তন ঘটিলেও আমাৰ স্মৰণ কার্য বাধাপ্ৰাপ্ত হয়। পৰিচিত পৰিৱেশত শিক্ষণ অভিজ্ঞতাৰ স্মৃতি স্বাভাৱিকভাৱেই প্ৰয়োগ কৰিব পৰা যায়। কিন্তু শিক্ষণৰ অনুসংগত থকা পৰিবেশ আৰু বিভিন্ন উদ্দীপকৰ অভাৱত ব্যক্তিৰ পূৰ্ব অভিজ্ঞতাৰ স্মৃতি বাধাপ্ৰাপ্ত হয়।

৮। বন্ধকৰণ [Closure]: শিক্ষণৰ সমাপ্তি বা বন্ধকৰণ বিস্মৃতিৰ এক কাৰণ হ’ব পাৰে। শিক্ষণ কাৰ্য সমাপ্ত হোৱাৰ ফলত মনত অনুভৱ হোৱা স্বস্তিৰ ভাবে বিষয়ৰ প্ৰতি থকা আগ্ৰহ আৰু কৌতূহল নোহোৱা কৰি তুলে। এনে নিষ্ক্ৰিয় মনোভাবে স্মৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।

৯। আবেগিক প্ৰতিৰোধ [Emotional blocking]: ব্যক্তি মনত অনুভূত হোৱা দুখ, লাজ, খং, ভয় আদি আবেগিক উত্তেজনাই শিক্ষা আহৰণ আৰু পুনঃ স্মৰণ কাৰ্যত বাধাৰ সৃষ্টি কৰে। অৰ্থাৎ অসুস্থ আবেগৰ প্ৰভাৱত স্মৃতি বাধাগ্ৰস্ত হয়।

১০। মানসিক ৰোগ [Mental diseases]: ব্যক্তিৰ মানসিক ৰোগ বিস্মৃতিৰ এক উল্লেখযোগ্য কাৰণ। মানসিক ৰোগত আক্রান্ত লোক পূৰ্ব অভিজ্ঞতাক পুনঃ স্মৰণ কৰাত ব্যৰ্থ হয়।

১১। অবদমন [Repression]: দুখদায়ক বা বিৰক্তিকৰ অভিজ্ঞতাবোৰ আমি মনত ধৰি ৰাখিব নিবিচাৰোঁ। এনেবোৰ অভিজ্ঞতা ইচ্ছাকৃতভাৱে আমাৰ চেতন মনৰ পৰা ঠেলি পঠিয়াও। ইয়াকে অবদমন বোলা হয়। আমাৰ সচেতন মনক অসুস্থ অভিজ্ঞতাৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবৰ বাবে ই এক মানসিক প্ৰতিৰক্ষা ব্যৱস্থা।

৮। চমুকৈ লিখা: 

(ক) পুনঃ স্মৰণ: অতীতত লাভ কৰা শিক্ষণ অভিজ্ঞতা পুনৰুদ্ধাৰ কৰা কার্যই হৈছে পুনঃ স্মৰণ। এই কাৰ্যত উদ্দীপক বৰ্তমান নাথাকে। ইন্দ্ৰিয় অভিজ্ঞতাৰ প্ৰতিৰূপ মনত সজীৱ কৰি ৰাখি এনে প্ৰতিৰূপৰ সহায়ত অভিজ্ঞতাৰ স্মৃতি মনত স্পষ্ট ৰূপত দাঙি ধৰা হয়। আমাৰ শিক্ষণ অভিজ্ঞতা যিমানেই স্পষ্ট আৰু গভীৰ হ’ব সিমানেই স্মৰণ কার্য সহজ হ’ব। এই কাৰ্যত ব্যক্তিৰ সুস্থ মানসিক সংগঠনৰ বিশেষ প্ৰয়োজন হয়। পৰীক্ষা গৃহত শিক্ষাৰ্থীয়ে উত্তৰ লিখিবলৈ এনে স্মৰণ কাৰ্য প্ৰয়োগ কৰে।

(খ) প্ৰত্যভিজ্ঞা: যেতিয়া স্মৰণ কৰিবলগীয়া বস্তু বা বিষয় ব্যক্তিৰ বাবে ইন্দ্ৰিকয়গ্ৰাহ্য হৈ থাকে তেনে অৱস্থাত বৰ্তমান অভিজ্ঞতা সহজ হৈ পৰে। অৰ্থাৎ তেনে ক্ষেত্ৰত পূৰ্ব অভিজ্ঞতাক বৰ্তমান অভিজ্ঞতাৰ লগত তুলনা কৰি চিনাক্তকৰণ কৰিব পাৰি। প্ৰত্যভিজ্ঞাৰ বাবে ব্যক্তিয়ে কেৱল পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বা সাঁচৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। উদাহৰণস্বৰূপে আগত জনা কোনো ব্যক্তিৰ নাম স্মৰণ কৰিবলৈ যিমান কঠিন, কেইটামান নাম দি তাৰ ভিতৰত সেই ব্যক্তিজনৰ নাম চিনাক্তকৰণ কৰাটো তুলনামূলকভাৱে সহজ হয়।

(গ) প্ৰতিৰূপ: পূৰ্বৰ অভিজ্ঞতা প্ৰতিৰূপৰ সহায়ত চেতন মনলৈ পুনৰুদ্ধাৰ কৰি অনা কার্যকেই প্ৰতিৰূপ স্মৃতি বোলা হয়। দৈহিক সঞ্চালনমূলক ক্ৰিয়াৰ পৰিবৰ্তে ব্যক্তিৰ সুস্থ মানসিক সংগঠন, বুদ্ধি, প্ৰতিৰূপ সংৰক্ষণ ক্ষমতা, স্মৰণ শক্তি আদিৰ প্ৰতিৰূপ স্মৃতিৰ বাবে প্ৰয়োজন হয়।

(ঘ) অবদমন: দুখদায়ক বা বিৰক্তিকৰ অভিজ্ঞতাবোৰ আমি মনত ধৰি ৰাখিব নিবিচাৰোঁ। এনেবোৰ অভিজ্ঞতা ইচ্ছাকৃতভাৱে আমাৰ চেতন মনৰ পৰা ঠেলি পঠিয়াও। ইয়াকে অবদমন বোলা হয়। আমাৰ সচেতন মনক অসুস্থ অভিজ্ঞতাৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবৰ বাবে ই এক মানসিক প্ৰতিৰক্ষা ব্যৱস্থা।

(ঙ) পশ্চাদমুখী প্ৰতিৰোধ: যদি কোনো দুটা বিষয়ৰ অধ্যয়ন অলপো সময়ৰ ব্যৱধান নৰখাকৈ কৰা হয় তেন্তে প্ৰথম বিষয়ৰ স্মৃতি ৰক্ষাত দ্বিতীয়টো বিষয়ে বাধা প্ৰদান কৰে। ইয়াকে পশ্চাদমুখী প্ৰতিৰোধ বোলে। ই এটা মানসিক প্ৰতিৰোধ কার্য। এক পৰীক্ষাৰদ্ধাৰা এই কাৰ্যৰ এক স্পষ্ট ধাৰণা দাঙি ধৰিব পৰা যায়। প্ৰথমতে ছাত্ৰৰ দুটা দলৰ প্ৰথমতো দলক এটা বিষয়ত পাঠদান কৰা হ’ল আৰু দ্বিতীয়টো দলক অলপো বিৰতি নিদিয়াকৈ দুটা বিষয়ৰ পাঠদান কৰা হ’ল। পিছত স্মৃতি ৰক্ষা সম্পৰ্কে দুয়োটা দলক পৰীক্ষা কৰি দেখা গ’ল যে দ্বিতীয়টো দলতকৈ প্ৰতিটো দলে স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰিছে।

৯। বিস্মৃতিৰ প্ৰভাৱ কিদৰে গুচাব পাৰি?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

১০। মনোযোগ বুলিলে কি বুজা? মনোযোগৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ মনযোগ হৈছে এক নিৰ্বাচিত প্ৰক্ৰিয়া। বাহ্য জগতৰ বিভিন্ন উদ্দীপকে আমাৰ দেহ-মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ই আমাৰ মনত এক সাধাৰণ সচেতনতাৰ ভাব আনি দিয়ে। দেহ মন উদ্দীপিত কৰা এটা বিশেষ বিষয়ৰ প্ৰতি মনোযোগ দি পৰিবেশৰ আন বিষয়ৰ প্ৰতি সাধাৰণভাৱে সচেতনতা অনুভব কৰা হয়।সচেতন মনত ক্ৰিয়া কৰা বিভিন্ন উপাদানসমূহৰ পৰা কোনো বিশেষ বিষয় বাছি লৈ তাৰ প্ৰতি মনৰ সচেতনতাক কেন্দ্ৰীভূত কৰা কাৰ্যই হৈছে মনোযোগ।

মনোযোগৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল―

১। মনোযোগ হৈছে এক মানসিক ক্ৰিয়া। এই ক্ৰিয়াৰ যোগেদি কোনো বিশেষ বস্তু বা বিষয়ৰ প্ৰতি চেতন মনক কেন্দ্ৰীভূত কৰা হয়।

২। মনোযোগ এক নিৰ্বাচনাত্মক কাৰ্য। পৰিবেশৰ  বিভিন্ন উদ্দীপকৰ মাজৰ পৰা এটা বিশেষ বিষয় বাছি লৈ তাৰ ওপৰতহে মনোযোগ প্ৰদান কৰা হয়।

৩। মনোযোগ গতিশীল। আমি আমাৰ মনটো এটা বিষয়ৰ ওপৰত অধিক সময় নিবদ্ধ কৰি ৰাখিব নোৱাৰোঁ।

৪। মনোযোগৰ এক সীমাবদ্ধতা আছে। একে সময়তে এক সীমিত পৰিমাণৰ বিষয়ৰ প্ৰতিহে মনোযোগ দিব পৰা যায়।

৫। মনোযোগ হৈছে মনৰ এক অনুসন্ধানকাৰী কার্য। প্ৰতিটো নতুন বিষয়ৰ বৈচিত্ৰ বা নতুনত্বৰ প্ৰতি মন মকৃষ্ট হয়।

৬। মনোযোগ সচেষ্ট আৰু নিচেষ্ট দুই ধৰণৰ হ’ব পাৰে। কোনো এটা বিষয়ত মনোযোগ দিয়া মানে পূৰ্বৰ বিষয়ৰ পৰা মনোযোগ আঁতৰাই অনাকে বুজায়।

৭। মনোযোগৰ বেলিকা ব্যক্তিৰ দৈহিক প্ৰস্তুতিৰ প্ৰয়োজন হয়। পৰিৱেশ পৰিস্থিতিৰ লগত সমাযোজন কৰি লোৱাৰ বাবে মনোযোগে ব্যক্তিক প্ৰস্তুত কৰি তোলে। মনযোগৰ বাবে জ্ঞানেন্দ্ৰিয়সমূহৰ দৈহিক প্ৰস্তুতিৰ প্ৰয়োজন।

৮। মনোযোগ এক বিশ্লেষণাত্মক প্ৰক্ৰিয়া। মনোযোগ দিয়া বিষয়বস্তুক পুঙ্খানুপুঙ্খভাৱে বিশ্লেষণ কৰি মনত তাৰ এক স্পষ্ট ধাৰণা লোৱা হয়।

১১। মনোযোগৰ কাৰণবোৰ বৰ্ণনা কৰা।

উত্তৰঃ মনোযোগৰ কাৰণবোৰ তলত উল্লেখ কৰা হৈছে:-

★ আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণ:-

১। প্ৰবৃত্তি [Instinct]: ব্যক্তিৰ জৈৱিক প্ৰবৃত্তিয়ে আভ্যন্তৰীণভাৱে মনোযোগৰ বিষয় নিৰ্ধাৰণ কৰে। কৌতূহল প্ৰবৃত্তিৰ বাবেই ব্যক্তিৰ মন নতুন বিষয়ৰ প্ৰতি মনোযোগী হয়।

২। আবেগ [Emotion]: বহু সময়ত আবেগৰ তাড়নাত ব্যক্তিয়ে মনোযোগৰ বিষয়বস্তু নিৰ্বাচন কৰি লয়। আবেগহীনভাৱে দিয়া মনোযোগ সাধাৰণতে স্থায়ী নহয়।

৩। আগ্ৰহ: [Interest]: মনোবিদ মেকডুগেলে আগ্ৰহক মনোযোগৰ এক সুপ্ত অৱস্থা বুলি অভিহিত কৰিছে। ব্যক্তিমনত অন্তৰ্নিহিত হৈ থকা আগ্ৰহে বিষয়বস্তুৰ প্ৰতি মনোযোগ আকৰ্ষিত কৰে।

৪। ভাববৃত্তি [Sentiment]: আবেগিৰ সুসংগঠিত আৰু স্থায়ী অৱস্থাই হৈছে ভাববৃত্তি। ইয়াৰ ফলত স্থায়ী ৰূপত ব্যক্তিমনত আগ্ৰহ আৰু মনোযোগৰ সৃষ্টি হয়। ইয়াক জৈৱ মানসিক প্ৰৱণতা বুলিও কোৱা হয়।

৫। বাসনা [Desire]: জৈৱিক প্ৰয়োজনৰ বাবে ব্যক্তিমনত সৃষ্টি হোৱা কামনা-বাসনাই ব্যক্তিৰ মনোযোগ প্ৰভাৱিত কৰে। ব্যক্তিত অন্তৰ্নিহিত থকা যৌন-কামনাই বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত কৰে।

৬। পূৰ্ব অভিজ্ঞতা [Past-experience]: পূৰ্ব অভিজ্ঞতাৰ স্মৃতি চাপে সেই বিষয়ৰ প্ৰতি ব্যক্তিমনক স্বাভাৱিকতেই আকৰ্ষণ কৰে।

৭। অভ্যাস [Habit]: অভ্যাসৰ যান্ত্ৰিক অনুশীলনেও ব্যক্তিমনৰ মনোযোগ নিৰ্ধাৰণ কৰিব পাৰে। অভ্যাসৰ ফলতেই ব্যক্তিয়ে একাধিক বিষয়ত একেলগে মনোযোগ দিব পৰা হয়।

৮। মানসিক স্বাস্থ্য [Mental Health]: সুস্থ মানসিক স্বাস্থ্য মনোযোগৰ আন এক চৰ্ত। বিভিন্ন মানসিক সমস্যাৰ ভাৰাক্ৰান্ত হৈ থাকিলে কোনো বিষয়ৰ প্ৰতি মনোযোগ দিব পৰা নাযায়।

★ বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ [Objective condition]: 

১। আকাৰ [Size]: সাধাৰণতে দেখা যায় যে ক্ষুদ্র আকাৰৰ বস্তুতকৈ বৃহত্তম বৃহৎ আকাৰৰ বস্তুৱে ব্যক্তিৰ মন সহজতে আকৰ্ষণ কৰে। সেয়েহে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ বাতৰি কাকত আদিত ডাঙৰ ডাঙৰ হৰফেৰে বিজ্ঞাপন পৰিবেশন কৰা হয়।

২। উদ্দীপকৰ তীব্ৰতা [Intensity of stimulus]: উদ্দীপকৰ তীব্রতাই সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰে। তীব্ৰ শব্দ, উজ্জ্বল পোহৰ, উজ্জ্বল ৰং আদিৰ প্ৰতি সহজতে আৰু স্বাভাৱিকতেই মনোযোগ প্ৰদান কৰা হয়।

৩। নতুনত্ব [Novelty]: নতুন বিষয়, নতুন পৰিৱেশৰ প্ৰতি সাধাৰণতেই আমি মনোনিবেশ কৰোঁ। শিশু এটি নতুন খেলা বস্তুৰ প্ৰতি, ছাত্ৰ এজন নতুন কিতাপৰ প্ৰতি বেছি আগ্ৰহী তথা মনোযোগী হয়।

৪। অৱস্থিত [Position]: বিষয়ৰ উপস্থাপন বা অৱস্থিত ব্যক্তিৰ মনোযোগ আকৰ্ষণৰ কাৰণ হ’ব পাৰে। সেয়েহে ব্যক্তিৰ মন আকৰ্ষিত কৰিব পৰাকৈ গুৰুত্বপূৰ্ণ বাতৰিসমূহ কাকতৰ প্ৰথম পৃষ্ঠাত বা ওপৰ অংশত উপস্থাপন কৰা হয়।

৫। পৰিৱৰ্ত্তন [Change]: পৰিবেশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনে অনেক সময়ত আমাৰ মনোযোগ আকৰ্ষণ কৰে।

৬। পুনৰাবৃত্তি [Repetition]: কোনো ঘটনা বা বিষয়ৰ পুনৰাবৃত্তিয়েও আমাৰ মন আকৰ্ষণ কৰিব পাৰে।

৭। আকস্মিকতা [Suddenness]: স্বাভাৱিক পৰিস্থিতিত ঘটা কোনো আকস্মিক ঘটনাই আমাৰ দৃষ্টি আকৰ্ষিত কৰে। ৰাস্তাৰে গৈ থকা উৎসৰ প্ৰতি মনোযোগী কৰি তোলা।

৮। গোপনীয়তা [Secrecy]: গোপন কৰি ৰখা ঘটনা বা কাৰ্যই আমাৰ মনত কৌতূহলৰ সৃষ্টি কৰে আৰু ইয়ে মনোযোগ আকৰ্ষণ কৰে। কৰিবলৈ বাধা দিয়া কামৰ প্ৰতি, নিষিদ্ধ কৰা বস্তু খোৱাৰ প্ৰতি শিশুমন অধিক আগ্ৰহী হৈ উঠে।

১২। মনোযোগৰ সংজ্ঞা দিয়া। মনোযোগৰ প্ৰধান প্ৰকাৰসমূহ উল্লেখ কৰি ব্যাখ্যা কৰা।

উত্তৰঃ মনোযোগৰ সংজ্ঞা হৈছে:- 

১। মনোবিদ জেমছ ৰ’ছৰ(James Ross) মতে মনোযোগ এক প্ৰক্ৰিয়া যাৰ যোগেদি চিন্তাৰ কোনো এক বিষয় মনত স্পষ্টভাৱে দাঙি ধৰা হয়।

২। ৰেক্স আৰু নাইট- ৰ ভাষাত, “মনোযোগ হ’ল সচেতনতাৰ নিৰ্বাচিত কাৰ্য্য।”

মনোযোগৰ প্ৰধান প্ৰকাৰসমূহ তলত উল্লেখ কৰা হ’ল―

১। ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগ: মনোযোগ প্ৰদানৰ ক্ষেত্ৰত ব্যক্তিমনৰ ইচ্ছা আৰু প্ৰস্তুতি থকা নথকাৰ ওপৰত ভিত্তি কৰি মনোবিদ জেমচ্ ৰ’ছে মনোযোগক দুটা ভাগত ভাগ কৰিছে―

(ক) ঐচ্ছিক মনোযোগ।

(খ) অনৈচ্ছিক মনোযোগ।

(ক) ঐচ্ছিক মনোযোগ [Volitional attention]: এইবিধ মনোযোগত ব্যক্তিৰ ইচ্ছাশক্তি নিহিত হৈ থাকে। ব্যক্তিমনৰ আগ্ৰহ, উদ্দেশ্যে, কৰ্তব্যনিষ্ঠা  তথা মানসিক মানসিক সচেতন আদিৰদ্ধাৰা ঐচ্ছিক মনোযোগ পৰিচালিত হয়। এই মনোযোগ আকৌ দুটা ভাগত ভাগ কৰা হৈছে:― স্পষ্ট মনোযোগ আৰু অনুমতি মনোযোগ।

অ. ০১.স্পষ্ট মনোযোগ [Explicit attention]: এই মনোযোগ পৰিস্থিতিৰ তৎকালিন প্ৰয়োজনীয়তাৰ দ্ধাৰা প্ৰভাৱিত।

আ. ০২ অনুমিত মনোযোগ [Implicit attention]: যেতিয়া কোনো কার্যৰ প্ৰতি দীৰ্ঘকাল ধৰি মনোযোগ বোলা হয়।ইয়াত ব্যক্তিৰ ইচ্ছা, আগ্ৰহ, আগ্ৰহ, জ্ঞানৰ গভীৰতা আৰু ঐকান্তিকতা নিহিত হৈ থাকে আৰু আভ্যন্তৰীণভাৱে বিষয়বস্তুৰ লগত জড়িত হৈ থাকে।

(খ) অনৈচ্ছিক মনোযোগ [Non- volitional attention]: অনৈচ্ছিক  মনোযোগৰ ক্ষেত্ৰত বাহ্যিক উদ্দীপকৰ তীব্ৰতা বা আকৰ্ষণীয়তাই প্ৰাধান্য লাভ কৰে। ই ব্যক্তিৰ ইচ্ছাশক্তিৰদ্ধাৰা নিয়ন্ত্ৰিত নহয়। ব্যক্তিয়ে পৰিবেশৰ বাহ্যিক বিষয়ৰ প্ৰতি স্বতঃ স্ফূর্তভাৱে আৰু প্ৰবৰ্ত্তিমূলকভাৱেহে মনোযোগ দিয়ে। অনৈচ্ছিক  মনোযোগক পুনৰ দুটা ভাগত ভগোৱা হৈছে― আৰোপিত আৰু স্বতঃ স্ফূর্ত মনোযোগ।

অ. ০১. আৰোপিত মনোযোগ[Enforced attention]: পৰিবেশৰ উদ্দীপকৰ প্ৰতি প্ৰবৃত্তিগতভাৱে মনোযোগ আৰোপ কৰাকে আৰোপিত মনোযোগ বোলে। তীব্র শব্দ বা উজ্জ্বল পোহৰে ইন্দ্ৰিয়ক আকৰ্ষণ কৰি মনোযোগৰ সৃষ্টি কৰে।

আ. ০২. স্বতঃ স্ফূর্ত মনোযোগ[Spontaneous attention]: পূৰ্বতে লাভ কৰা অভিজ্ঞতাৰ ফলত কিছুমান উদ্দীপকৰ প্ৰতি আমাৰ মনোযোগ স্বতঃ স্ফূর্তভাৱে আকৰ্ষিত হয়। ইয়াকে স্বতঃ স্ফূর্ত মনোযোগ বোলা হয়।

২। সংবেদনাত্মক মনোযোগ আৰু ভাবাত্মক মনোযোগ [Sensory attention and Idealistic attention] ইন্দ্ৰিয়যোগে লাভ কৰা প্ৰত্যক্ষ সংবেদন অনুভূতিৰ ফলত যি মনোযোগৰ সৃষ্টি হয় তাকে সংবেদনাত্মক মনোযোগ বোলে। ইয়াত মনোযোগ বাহ্যিক পৰিবেশৰ দ্বাৰা প্ৰভাৱিত আৰু নিয়ন্ত্ৰিত হয়। ব্যক্তিমনৰ আভ্যন্তৰীণ দিশসমূহ ইয়াত জড়িত নহয়।

আনহাতে ভাবাত্মক মনোযোগ ব্যক্তিৰ মনৰ ভাব-চিন্তা, আবেগ- অনুভূতি আদিৰ দ্বাৰা নিয়ন্ত্ৰত আৰু পৰিচালিত হয়। ইয়াত বাস্তৱ পৰিস্থিতিৰ বিষয়বস্তুৰ পৰিবৰ্তে পূৰ্ব অভিজ্ঞতাৰ স্মৃতিয়ে মনোযোগ আকৰ্ষণ কৰে।

৩। প্ৰত্যক্ষ আৰু পৰোক্ষ মনোযোগ [Immediate and Derived attention]: বাস্তৱ পৰিস্থিতিৰ উদ্দীপকৰ উদ্দীপনাই ব্যক্তিৰ মনোযোগ প্ৰত্যক্ষভাৱে আকৰ্ষিত কৰে। ইয়াত ব্যক্তিৰ নিজস্ব প্ৰচেষ্টা বা ব্যক্তিমনক নিয়ন্ত্ৰণ কৰাৰ কোনো প্ৰয়োজন নহয়। ই ব্যক্তিৰ জৈৱিক প্ৰবৃত্তিগত ক্ৰিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।

পৰোক্ষ মনোযোগৰ ক্ষেত্ৰত বিষয়বস্তুৰ কোনো নিজস্ব আকৰ্ষণীয় গুণ নাথাকে। কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ সৈতে জড়িত হোৱাৰ বাবেহে নিৰ্দিষ্ট বিষয়টোৱে মনোযোগ আকৰ্ষণ কৰে। 

৪। বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনোযোগ [Analytic attention and synthetic attention]: বিষয়বস্তুৰ প্ৰতি মনোযোগ প্ৰদানৰ ধৰণৰ ওপৰত ভিত্তি কৰি মনোবিদ এঞ্জেলে মনোযোগক বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মকস্বৰূপে দুভাগত ভাগ কৰিছে। অধ্যয়নৰ বিষয়বস্তুৰ প্ৰতিটো অংশৰ বিষয়ে যেতিয়া পুংখানুপুঙ্খভাৱে আৰু বিস্তৃতভাৱে মনোযোগ দিয়া হয় তাকে বিশ্লেষণাত্মক মনোযোগ বোলে। বিজ্ঞানীয়ে পৰীক্ষাগাৰত অধ্যয়ন কৰোঁতে এনে মনোযোগ প্ৰদান কৰে।

আনহাতে, বিষয়বস্তুৰ ওপৰত সামগ্ৰিকভাৱে মনোনিবেশ কৰা কাৰ্যকেই সংশ্লেষণাত্মক মনোযোগ বোলা হয়। এই মনোযোগ ব্যক্তিৰ জ্ঞান, দক্ষতা, মানসিক পৰিপক্কতা আৰু আন্তঃদৰ্শন ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল হয়।

৫। মনোযোগৰ প্ৰসাৰ [Span of Attention]: কোনো কোনো মনোবিজ্ঞানীৰ মতে এজন ব্যক্তিয়ে একে সময়তে একাধিক বস্তুৰ প্ৰতি মনোযোগ দিব পাৰে। একে সময়তে তেওঁ যিমান বস্তুৰ প্ৰতি মনোযোগ দিব পাৰে সেই সংখ্যাই তেওঁৰ মনোযোগৰ প্ৰসাৰ বুলিব পাৰি।

১৩। আগ্ৰহ কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰ বৰ্ণনা কৰা। 

উত্তৰঃ আগ্ৰহ এক সুপ্ত মানসিক অৱস্থা। আগ্ৰহৰ মৌলিক উপাদান বা উৎস প্ৰবৃত্তি, কামনা, আবেগ, অনুভূতি, অন্ত:প্ৰেৰণা, প্ৰয়োজন ইত্যাদি সহজাত জৈৱিক প্ৰৱণতাসমূহ ইয়াত অন্তৰ্নিহিত হৈ থাকে। পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ লগত সম্বন্ধ স্থাপনৰ ফলত এই সুপ্ত মানসিক উপাদানসমূহ সক্ৰিয় হৈ উঠে আৰু মনত আগ্ৰহৰ সৃষ্টি হয়।

ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ তলত বৰ্ণনা কৰা হ’ল ―

১। সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্ৰহ:

সুপ্ত আগ্ৰহ: ব্যক্তিৰ সহজাতা জৈৱিক প্ৰৱণতাবোৰে পৰিৱেশৰ সান্নিধ্যত আহি আগ্ৰহৰ সৃষ্টি কৰে। এনে জৈৱিক প্ৰৱণতাৰ দ্ধাৰা সৃষ্ট আগ্ৰহক সুপ্ত আগ্ৰহ বোলে। নৱজাত শিশুৰ প্ৰতি মাতৃৰ আগ্ৰহ, কিশোৰ- কিশোৰীৰ বিপৰীত লিঙ্গৰ প্ৰতি আগ্ৰহ এনে সুপ্ত আগ্ৰহ। এই সুপ্ত আগ্ৰহত শিক্ষাৰ প্ৰভাৱ নাথাকে। এনে আগ্ৰহ অনৈচ্ছিক বিধৰ হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী নহয়।

আৰ্জিত আগ্ৰহ: ব্যক্তিৰ শিক্ষা, অভিজ্ঞতা, প্ৰয়োজন, ৰুচিবোধ আদিয়ে বিষয়বস্তুৰ প্ৰতি মনত আগ্ৰহ সৃষ্টি কৰে। ইয়াকে আৰ্জিত আগ্ৰহ বোলা হয়। ব্যক্তিৰ ইচ্ছা আৰু সক্ৰিয়তাই আগ্ৰহ সুদূৰপ্ৰসাৰী আৰু স্থায়ীবিধৰ কৰি তুলিব পাৰে। 

২। স্থায়ী আৰু অস্থায়ী আগ্ৰহ: 

স্থায়ী আগ্ৰহ: ব্যক্তিমনত দীর্ঘসময়ৰ বাবে বৰ্তী থকা আগ্ৰহক স্থায়ী আগ্ৰহ বোলে। সন্তানৰ বাবে পিতৃ- মাতৃৰ আগ্ৰহ দীর্ঘস্থায়ী আগ্ৰহ। জীৱন নিৰ্বাহৰ বাবে কোনো বিষয় বা ব্যৱসায়ৰ প্ৰতি ব্যক্তিৰ আগ্ৰহ এনে আগ্ৰহৰে নিদৰ্শন।

অস্থায়ী আগ্ৰহ: ব্যক্তিমনত সানয়িকভাৱে সৃষ্টি হোৱা আগ্ৰহক অস্থায়ী আগ্ৰহ বোলে। প্ৰয়োজন আৰু পৰিস্থিতি সাপেক্ষেহে এই আগ্ৰহে দেখা দিয়ে। উদ্দেশ্য পূৰণৰ অন্তত এই আগ্ৰহৰো অন্ত পৰে। বাতৰি কাকতখনৰ প্ৰতি আগ্ৰহ দিনটোৰ বাবেহে থাকে, পাৰ হৈ যোৱা দিনটোৰ কাকতখনৰ প্ৰতি সাধাৰণতে আগ্ৰহ অনুভূত নহয়।

১৪। আগ্ৰহ আৰু মনোযোগৰ সম্পর্ক ব্যাখ্যা কৰা।

উত্তৰঃ আগ্ৰহ আৰু মনোযোগৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক আছে। এটাক বাদ দি আনটোৰ কথা চিন্তা কৰিব নোৱাৰি। ইহঁত দুয়ো এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে। মনোযোগ হৈছে এক সক্ৰিয় মানসিক অৱস্থা যি নিৰ্বাচনমূলক হয়। আনহাতে আগ্ৰহ হৈছে আৱেগ অনুভূতি আদিৰ দ্বাৰা পৰিচালিত এক সুপ্ত মানসিক অৱস্থা। এই আগ্ৰহেই চেতন মনৰ পৰা কোনো এটা বস্তু বা বিষয় বাছি লৈ তাৰ প্ৰতি মনোযোগ দিবলৈ আমাক শক্তি যোগায়। যিবোৰ বস্তু বা বিষয়ত আমাৰ আগ্ৰহ থাকে তেনেবোৰ বিষয়ৰ প্ৰতিহে আমি মনোযোগ দিওঁ। অৰ্থাৎ আগ্ৰহেই মনোযোগৰ আভ্যন্তৰীণ কাৰণ। আগ্ৰহ সুপ্ত হোৱা হেতুকে ই আমাৰ চকুত নপৰে। কিন্তু সেই আগ্ৰহৰ বাবেই যেতিয়া ব্যক্তিয়ে কোনো বিষয়ত মনোযোগ দিয়ে সি সহজে চকুত পৰে। সেয়ে আগ্ৰহৰ সক্ৰিয় অৱস্থাকে মনোযোগ বুলিব পাৰি। ‘আগ্ৰহ আৰু মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা’ 

মেকডুগেলৰ এই উক্তিৰ পৰা এই কথা প্ৰতিপন্ন হয় যে আগ্ৰহেই মনোযোগৰ বিষয়বস্তু নিৰ্ধাৰণ কৰে। এই কথা মনকৰিবলগীয়া যে কেৱল আগ্ৰহেই মনোযোগৰ কাৰণ নহ’ব পাৰে। কেতিয়াবা আগ্ৰহ অবিহনেও মনোযোগ সম্ভৱ হয়। অৰ্থাৎ মনোযোগেও কেতিয়াবা আগ্ৰহৰ সৃষ্টি কৰিব পাৰে। যেনে― প্ৰাথমিক স্কুলত ছাত্ৰই সকলোবোৰ বিষয় পঢ়িবলৈ বাধ্য হয় আৰু মনোযোগ দিয়ে। বাধ্যতামূলকভাৱে মনোযোগ দিয়াৰ ফলত যি আগ্ৰহৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ক’ব পাৰি যে আগ্ৰহ যিদৰে মনোযোগৰ কাৰণ সেইদৰে মনোযোগো আগ্ৰহৰ কাৰণ হ’ব পাৰে। সাধাৰণতে নতুনকৈ কোনো কামত প্ৰবৃত্ত হ’লে মনোযোগ দিবলগীয়া হয়। পিছলৈ তেনে কামৰ প্ৰতি আগ্ৰহ জন্মে।

১৫। ‘আগ্ৰহ আৰু মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা’― উক্তিটো ব্যাখ্যা কৰা।

 উত্তৰঃ ‘আগ্ৰহ আৰু মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা’ 

মেকডুগেলৰ এই উক্তিৰ পৰা এই কথা প্ৰতিপন্ন হয় যে আগ্ৰহেই মনোযোগৰ বিষয়বস্তু নিৰ্ধাৰণ কৰে। এই কথা মনকৰিবলগীয়া যে কেৱল আগ্ৰহেই মনোযোগৰ কাৰণ নহ’ব পাৰে। কেতিয়াবা আগ্ৰহ অবিহনেও মনোযোগ সম্ভৱ হয়। অৰ্থাৎ মনোযোগেও কেতিয়াবা আগ্ৰহৰ সৃষ্টি কৰিব পাৰে। যেনে― প্ৰাথমিক স্কুলত ছাত্ৰই সকলোবোৰ বিষয় পঢ়িবলৈ বাধ্য হয় আৰু মনোযোগ দিয়ে। বাধ্যতামূলকভাৱে মনোযোগ দিয়াৰ ফলত যি আগ্ৰহৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ক’ব পাৰি যে আগ্ৰহ যিদৰে মনোযোগৰ কাৰণ সেইদৰে মনোযোগো আগ্ৰহৰ কাৰণ হ’ব  পাৰে। সাধাৰণতে নতুনকৈ কোনো কামত প্ৰবৃত্ত হ’লে মনোযোগ দিবলগীয়া হয়। পিছলৈ তেনে কামৰ প্ৰতি আগ্ৰহ জন্মে।

১৬। পাৰ্থক্য নিৰ্ণয় কৰা:

(ক) ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগ 

উত্তৰঃ ঐচ্ছিক মনোযোগ: এইবিধ মনোযোগত ব্যক্তিৰ ইচ্ছাশক্তি নিহিত হৈ থাকে। ব্যক্তিমনৰ আগ্ৰহ, উদ্দেশ্যে, কৰ্তব্যনিষ্ঠা  তথা মানসিক মানসিক সচেতন আদিৰদ্ধাৰা ঐচ্ছিক মনোযোগ পৰিচালিত হয়। কোনো কাৰ্য সম্পাদনৰ ইচ্ছা থাকিলে প্ৰতিকূল পৰিবেশৰ মাজতো ব্যক্তিয়ে মনোযোগ দিয়ে।

অনৈচ্ছিক মনোযোগ: অনৈচ্ছিক  মনোযোগৰ ক্ষেত্ৰত বাহ্যিক উদ্দীপকৰ তীব্ৰতা বা আকৰ্ষণীয়তাই প্ৰাধান্য লাভ কৰে। ই ব্যক্তিৰ ইচ্ছাশক্তিৰদ্ধাৰা নিয়ন্ত্ৰিত নহয়। ব্যক্তিয়ে পৰিবেশৰ বাহ্যিক বিষয়ৰ প্ৰতি স্বতঃ স্ফূর্তভাৱে আৰু প্ৰবৰ্ত্তিমূলকভাৱেহে মনোযোগ দিয়ে। এই মনোযোগ ব্যক্তিৰ জ্ঞান বা মানসিক পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে।

(খ) সুপ্ত আৰু আৰ্জিত আগ্ৰহ

উত্তৰঃ 

    SL.NO        সুপ্ত আগ্ৰহ        SL.NO    আৰ্জিত আগ্ৰহ
১.সুপ্ত আগ্ৰহ জন্মগত।১.এনে আগ্ৰহ অর্জন কৰা হয়।
২.আগ্ৰহৰ অভিজ্ঞতা সাৰ্বজনীন।২.আগ্ৰহৰ অভিজ্ঞতা একান্তই ব্যক্তিগত।
৩.ইয়াৰ প্ৰভাৱ সীমাবদ্ধ।৩.ইয়াৰ প্ৰভাৱ সমগ্র জীৱনজুৰি থাকে।
৪.এনে আগ্ৰহত শিক্ষা-অভিজ্ঞতাৰ প্ৰয়োজন নহয়।৪.এনে আগ্ৰহত শিক্ষা-অভিজ্ঞতাই মূল ভেঁটি।
৫.এই আগ্ৰহ অনৈচ্ছিক বিধৰ।৫.এই আগ্ৰহ ঐচ্ছিক বিধৰ।
৬.এনে আগ্ৰহ সকলো শ্ৰেণী বা মানুহৰ একে হয়।৬.ব্যক্তিৰ ইচ্ছা, প্ৰয়োজন, সুবিধা অনুযায়ী আগ্ৰহ ভিন্ ভিন্ হয়।

১৭। চমুটোকা লিখা।

(ক) মনোযোগৰ বাহ্যিক কাৰণ

উত্তৰঃ ব্যক্তিমনৰ আভ্যন্তৰীণ অৱস্থাতকৈ বাহ্যিক পৰিবেশৰ বিভিন্ন পৰিস্থিতি বা কাৰকেহে ইয়াত গুৰুত্ব লাভ কৰে। এনে কাৰসমূহকে বাহ্যিক নিৰ্ধাৰক বোলা হয়। 

তলত এই বিষয়ে চমু আলোচনা কৰা হল―

১। আকাৰ [Size]: সাধাৰণতে দেখা যায় যে ক্ষুদ্র আকাৰৰ বস্তুতকৈ বৃহত্তম বৃহৎ আকাৰৰ বস্তুৱে ব্যক্তিৰ মন সহজতে আকৰ্ষণ কৰে। সেয়েহে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ বাতৰি কাকত আদিত ডাঙৰ ডাঙৰ হৰফেৰে বিজ্ঞাপন পৰিবেশন কৰা হয়।

২। উদ্দীপকৰ তীব্ৰতা [Intensity of stimulus]: উদ্দীপকৰ তীব্রতাই সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰে। তীব্ৰ শব্দ, উজ্জ্বল পোহৰ, উজ্জ্বল ৰং আদিৰ প্ৰতি সহজতে আৰু স্বাভাৱিকতেই মনোযোগ প্ৰদান কৰা হয়।

৩। নতুনত্ব [Novelty]: নতুন বিষয়, নতুন পৰিৱেশৰ প্ৰতি সাধাৰণতেই আমি মনোনিবেশ কৰোঁ। শিশু এটি নতুন খেলা বস্তুৰ প্ৰতি, ছাত্ৰ এজন নতুন কিতাপৰ প্ৰতি বেছি আগ্ৰহী তথা মনোযোগী হয়।

(খ) সংবেদনাত্মক মনোযোগ

উত্তৰঃ ইন্দ্ৰিয়যোগে লাভ কৰা প্ৰত্যক্ষ সংবেদন অনুভূতিৰ ফলত যি মনোযোগৰ সৃষ্টি হয় তাকে সংবেদনাত্মক মনোযোগ বোলে। ইয়াত মনোযোগ বাহ্যিক পৰিবেশৰ দ্বাৰা প্ৰভাৱিত আৰু নিয়ন্ত্ৰিত হয়।ব্যক্তিমনৰ আভ্যন্তৰীণ দিশসমূহ ইয়াত জড়িত নহয়।

(গ) ঐচ্ছিক মনোযোগ

উত্তৰঃ ঐচ্ছিক মনোযোগত ব্যক্তিৰ ইচ্ছাশক্তি নিহিত হৈ থাকে। ব্যক্তিমনৰ আগ্ৰহ, উদ্দেশ্যে, কৰ্তব্যনিষ্ঠা  তথা মানসিক মানসিক সচেতন আদিৰদ্ধাৰা ঐচ্ছিক মনোযোগ পৰিচালিত হয়। কোনো কাৰ্য সম্পাদনৰ ইচ্ছা থাকিলে প্ৰতিকূল পৰিবেশৰ মাজতো ব্যক্তিয়ে মনোযোগ দিয়ে।

(ঘ) অনৈচ্ছিক মনোযোগ

উত্তৰঃ অনৈচ্ছিক  মনোযোগৰ ক্ষেত্ৰত বাহ্যিক উদ্দীপকৰ তীব্ৰতা বা আকৰ্ষণীয়তাই প্ৰাধান্য লাভ কৰে। ই ব্যক্তিৰ ইচ্ছাশক্তিৰদ্ধাৰা নিয়ন্ত্ৰিত নহয়। ব্যক্তিয়ে পৰিবেশৰ বাহ্যিক বিষয়ৰ প্ৰতি স্বতঃ স্ফূর্তভাৱে আৰু প্ৰবৰ্ত্তিমূলকভাৱেহে মনোযোগ দিয়ে। এই মনোযোগ ব্যক্তিৰ জ্ঞান বা মানসিক পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে।

(ঙ) আৰ্জিত আগ্ৰহ

উত্তৰঃ ব্যক্তিৰ শিক্ষা, অভিজ্ঞতা, প্ৰয়োজন, ৰুচিবোধ আদিয়ে বিষয়বস্তুৰ প্ৰতি মনত আগ্ৰহ সৃষ্টি কৰে। ইয়াকে আৰ্জিত আগ্ৰহ বোলা হয়। ব্যক্তিৰ ইচ্ছা আৰু সক্ৰিয়তাই আগ্ৰহ সুদূৰপ্ৰসাৰী আৰু স্থায়ীবিধৰ কৰি তুলিব পাৰে। ব্যক্তিৰ নিজস্ব ক্ৰিয়া অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে আগ্ৰহো ভিন্ ভিন্ হয়। শিশুৱে খেলৰ প্ৰতি দেখুওৱা আগ্ৰহ হৈছে আৰ্জিত আগ্ৰহ।

(চ) মনোযোগৰ পৰিসৰ

উত্তৰঃকোনো কোনো মনোবিজ্ঞানীৰ মতে এজন ব্যক্তিয়ে একে সময়তে একাধিক বস্তুৰ প্ৰতি মনোযোগ দিব পাৰে। একে সময়তে তেওঁ যিমান বস্তুৰ প্ৰতি মনোযোগ দিব পাৰে সেই সংখ্যাই তেওঁৰ মনোযোগৰ প্ৰসাৰ বুলিব পাৰি।

চমু প্ৰশ্ন:

(a) স্মৃতিৰ প্ৰথম চৰ্ত কি?

উত্তৰঃ স্মৃতিৰ প্ৰথম চৰ্ত হ’ল ― শিকনৰ যােগেদি অভিজ্ঞতাক আহৰণ কৰা।

(b) প্ৰত্যভিজ্ঞা কি?

উত্তৰঃ যেতিয়া স্মৰণ কৰিবলগীয়া বস্তু বা বিষয় ব্যক্তিৰ বাবে ইন্দ্ৰিকয়গ্ৰাহ্য হৈ থাকে তেনে অৱস্থাত বৰ্তমান অভিজ্ঞতা সহজ হৈ পৰে। অৰ্থাৎ তেনে ক্ষেত্ৰত পূৰ্ব অভিজ্ঞতাক বৰ্তমান অভিজ্ঞতাৰ লগত তুলনা কৰি চিনাক্তকৰণ কৰিব পাৰি। প্ৰত্যভিজ্ঞাৰ বাবে ব্যক্তিয়ে কেৱল পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বা সাঁচৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। উদাহৰণস্বৰূপে আগত জনা কোনো ব্যক্তিৰ নাম স্মৰণ কৰিবলৈ যিমান কঠিন, কেইটামান নাম দি তাৰ ভিতৰত সেই ব্যক্তিজনৰ নাম চিনাক্তকৰণ কৰাটো তুলনামূলকভাৱে সহজ হয়।

(c) উত্তম স্মৃতিৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ উত্তম স্মৃতিৰ দুটা বৈশিষ্ট্য হৈছে―

১। সহজ আৰু দ্ৰুত শিক্ষা গ্ৰহণ: উচ্চ স্মৃতিসম্পন্ন লোকে শিক্ষণীয় বিষয় সহজে আৰু কম সময়ৰ ভিতৰত আয়ত্ত কৰিব পাৰে। দুৰ্বল স্মৃতিৰ লোকক শিক্ষাগ্ৰহণ কাৰ্যত অধিক সময়ৰ প্ৰয়োজন হয় আৰু কষ্ট কৰিবলগীয়া হয়।

২। ক্ৰিয়া উপযোগিতা: কোনো কোনো সময়ত দেখা যায় যে সংৰক্ষিত অভিজ্ঞতা প্ৰয়োজনৰ মুহূৰ্তত চেতন মনলৈ পুনৰ উদ্ধাৰ কৰি অনাত আমি ব্যৰ্থ হওঁ। কিন্তু প্ৰখৰ স্মৃতিসম্পন্ন লোকে অচেতন মনত সংৰক্ষণ হৈ থকা অভিজ্ঞতাসমূহৰ পৰা প্ৰয়োজনীয় অংশ দ্ৰুতভাৱে চিনাক্ত কৰি সঠিক সময়ত সঠিকভাৱে প্ৰয়োগ কৰিব পাৰে।

(d) ” বিস্মৃতি সচেতন মনৰ এক প্ৰতিৰক্ষা প্ৰক্ৰিয়া”― কোনে কৈছিল।

উত্তৰঃ “বিস্মৃতি সচেতন মনৰ এক প্ৰতিৰক্ষা প্ৰক্ৰিয়াটো” মনোবিদ চিগমণ্ড ফ্ৰয়েদে কৈছিল।

(e) মনোযোগৰ চৰ্ত দুটা কি কি?

উত্তৰঃ মনোযোগৰ চৰ্ত দুটা হৈছে:- 

১। আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ।

২।বাহ্যিক বা বস্তুনিষনিষ্ঠ।

(f) ঐচ্ছিক মনোযোগৰ প্ৰকাৰ দুটা কি কি?

উত্তৰঃ ঐচ্ছিক মনোযোগৰ প্ৰকাৰ দুটা হ’ল―

১। স্পষ্ট মনোযোগ।

২। অনুমিত মনোযোগ।

(g) আগ্ৰহ শব্দটো মূলতে কি ভাষাৰ পৰা অনা হৈছে?

উত্তৰঃ আগ্ৰহ শব্দটো মূলতে লেটিন ভাষাৰ পৰা অনা হৈছে।

(h) সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্ৰহৰ পার্থক্য লিখা।

উত্তৰঃ সুপ্ত আগ্ৰহ আৰু আৰ্জিত আগ্ৰহৰ পার্থক্য হ’ল―

সুপ্ত আগ্ৰহ:- সুপ্ত আগ্ৰহ জন্মগত।

আৰ্জিত আগ্রহ:- আগ্ৰহৰ অভিজ্ঞতা একান্তই ব্যক্তিগত।

(i) আগ্ৰহৰ তিনিটা উপাদান লিখা।

উত্তৰঃ আগ্ৰহৰ তিনিটা উপাদান হ’ল:-

১। দৈহিক সুস্থতা।

২। বৌদ্ধিক ক্ষমতা।

৩। পৰিৱেশৰ প্ৰভাৱ।

(j) শ্ৰেণীকোঠাত আগ্ৰহৰ সৃষ্টিৰ দুটা উপায় লিখা।

উত্তৰঃ শ্ৰেণীকোঠাত আগ্ৰহৰ সৃষ্টিৰ দুটা উপায় হল―

১। ভাব-বিনিময় আৰু আকৰ্ষণীয় শিক্ষণ পদ্ধতি।

২। অন্তৰ্ভুক্ত আৰু সহায়ক শিক্ষণ পৰিৱেশ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top