Class 12 Education Chapter – 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

Class 12 Education Chapter – 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Class 12 Education Chapter – 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান and select needs one.

Class 12 Education Chapter – 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 6 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান Solutions for All Subject, You can practice these here.

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

Chapter – 6

উওৰ দিয়াঃ

উত্তৰ দিয়া:

১। মানসিক স্বাস্থ্য কি?

উত্তৰঃ মানসিক স্বাস্থ্য হ’ল ব্যক্তিৰ সম্পূৰ্ণ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখি বিভিন্ন পৰিৱেশত খাপ খুৱাই ল’ব পৰা এক প্ৰক্ৰিয়া। মানসিক স্বাস্থ্যই ব্যক্তিক সম্পূৰ্ণৰূপে আৰু সুস্থভাৱে জটিল পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সক্ষম কৰি তোলে।

২। মানসিক স্বাস্থ্যৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ মানসিক স্বাস্থ্যৰ  সংজ্ঞা  হ’ল- জে. এ.হেডফিল্ডৰ (J.A. Hadfield) মতে, ‘মানসিক স্বাস্থ্য হৈছে সমগ্র ব্যক্তিত্বৰ পৰিপূৰ্ণ আৰু সুশ্ৰৱ্য কাৰ্য্য।

৩। মানসিক স্বাস্থ্যস্বিজ্ঞান কি?

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞান হ’ল এনেকুৱা এটা বিষয় যাৰ দ্বাৰা ব্যক্তিয়ে কেতবোৰ নীতি-নিয়ম বা চৰ্তৰ কথা অনুকৰণ কৰি ব্যক্তিত্ব বিকাশ ঘটাই সমাজত সংগতিপূৰ্ণভাৱে সমাযোজন কৰিব পাৰে।

৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা এটা লিখা।

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা হ’ল- জে. এ.হেডফিল্ডৰ (J.A. Hadfield) মতে, মানসিক স্বাস্থ্যবিজ্ঞান মানসিক স্বাস্থ্য বজাই ৰাখা আৰু মানসিক অসুস্থতা প্ৰতিৰোধ কাৰ্য্যৰ লগত জড়িত।

৫। ক্লিফোৰ্ড বিয়াৰচে লিখা কিতাপখনৰ নাম কি আছিল?

উত্তৰঃ ক্লিফোৰ্ড বিয়াৰচে লিখা কিতাপখনৰ নাম  হ’ল- ‘A mind that found itself,’.

৬। প্ৰথম অৱস্থাত মানসিক স্বাস্থ্যবিজ্ঞানে কিহৰ ওপৰত অধ্যয়ন কৰিছিল?

উত্তৰঃ প্ৰথম অৱস্থাত, মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ কেতবোৰ মানসিক বিকাৰগ্ৰস্ত লোকসকলৰ সমস্যাৰ বিষয়ে অধ্যয়ন কৰিছিল।

৭। মানসিক স্বাস্থ্যবিজ্ঞান দুটা উদ্দেশ্য লিখা।

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞান দুটা উদ্দেশ্য হ’ল-

১। মানসিক অসুস্থতাৰ প্ৰতিকাৰ কৰা।

২। মানসিক স্বাস্থ্য ৰক্ষা কৰা।

৮। মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্তৰ্গত দুটা পৰিধিৰ বিষয়ে লিখা।

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্তৰ্গত দুটা পৰিধিৰ বিষয়ে হ’ল:―

১। ব্যক্তিৰ সামাজিক জীৱনৰ বিভিন্ন আচৰণ হিংসামূলক, প্ৰতিশোধপৰায়ণতা, উশ্ছৃ্ংখলতা আদি বিষয়ৰ অধ্যয়ন মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।

২। ব্যক্তিৰ মানসিক স্বাস্থ্যৰ সৈতে শাৰীৰিক স্বাস্থ্য ৰক্ষা কৰা আৰু উৎকৰ্ষ সাধন কৰা মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিধিৰ অন্তৰ্গত।

৯। মানসিকভাৱে সুস্থ ব্যক্তিৰ চাৰিটা গুণ উল্লেখ কৰা।

উত্তৰঃ মানসিকভাৱে সুস্থ ব্যক্তিৰ চাৰিটা গুণ তলত উল্লেখ কৰা হৈছে- 

১। নিজক আত্ম-মূল্যায়ন কৰিব পাৰে।

২। বৌদ্ধিক আৰু আবেগিকভাৱে পৰিপক্ক হয়।

৩। কোনো উদ্দেশ্য বা লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰে।

৪। পৰিৱেশৰ সকলো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সক্ষম হয়।

১০। খালী ঠাই পূৰ কৰা:

(ক) মানসিক স্বাস্থ্য হৈছে সম্পূৰ্ণ আৰু পৰিপূৰ্ণ  বিকাশৰ কাৰ্য্য।

(খ) সুস্থ সমাযোজনে সুস্থ আৰু স্বাস্থ্য বজাই ৰাখে।

(গ) আত্মজীৱনী ‘A mind that found itself’ নামৰ কিতাপখন ক্লিফোৰ্ড বিয়াৰচে লিখিছিল।

(ঘ) মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হ’ল প্ৰতিৰোধ  সংৰক্ষণ আৰু নিৰাময়।

(ঙ) উইলিয়াম  চুইট্’জাৰ আছিল প্ৰথমগৰাকী ব্যক্তি যিয়ে স্পষ্টকৈ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল।

(চ) মানসিক স্বাস্থ্যবিজ্ঞানৰ ৰাষ্ট্ৰীয় কমিটিখন গঠন কৰা হৈছিল ১৯০৯ চনত।

১১। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰকৃতি সমূহ লিখা।

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰকৃতি সমূহ তলত উল্লেখ কৰা হৈছে:- 

১। মানসিক স্বাস্থ্যবিজ্ঞান এক গতিশীল ধাৰণা।

২। মানসিক স্বাস্থ্যবিজ্ঞান এক বিকাশশীল আৰু বিজ্ঞানসন্মত বিষয়।

৩। শাৰীৰিক সুস্বাস্থ্য অবিহনে মানসিক স্বাস্থ্য থাকিব নোৱাৰে।

৪। মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য একে বিষয় নহয়।

৫। মানসিক স্বাস্থ্য মানে সম্পূৰ্ণৰূপে মানসিক ৰোগৰ পৰা মুক্ত হোৱাটো নুবুজায়।

৬। মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিধি অতি ব্যাপক। শিক্ষা-মনোবিজ্ঞান, চিকিৎসাশাস্ত্ৰ, শিশু মনোবিজ্ঞান, সমাজ বিজ্ঞান ইয়াৰ অন্তৰ্ভুক্ত।

৭। মানসিক স্বাস্থ্যবিজ্ঞান, নীতিশাস্ত্ৰ, নৈতিক আদি বিষয়ত পৰা পৃথক।

৮। মানসিক স্বাস্থ্যবিজ্ঞান ব্যক্তিৰ মানসিক ৰোগ প্ৰতিকাৰ আৰু মানসিক স্বাস্থ্য সংৰক্ষণত বিশেষভাৱে জড়িত।

১২। মানসিক  স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ বৰ্ণনা কৰা।

উত্তৰঃ মানসিক  স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ তলত উল্লেখ কৰা হৈছে- 

১। নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য [Diagnostic and curative function]: মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ মানসিক ৰোগ, অপসমাযোজন, মানসিক অস্থিৰতা,মানসিক বিকাৰ, মানসিক সমস্যা, অস্বাভাৱিকতা আদিৰ ক্ষেত্ৰত জড়িত থকা বিভিন্ন নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্যসমূহ সম্পাদন কৰে। মানসিক দিশৰ লগত জড়িত থকা এই সকলোবোৰ সমস্যা নিদানমূলক কাৰ্য্যোৰ দ্বাৰা বিশ্লেষণ কৰা হয় আৰু তাৰ চিকিৎসাৰ নিমিত্তে আৰোগ্যমূলক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হয়।

২। প্ৰতিকাৰমূলক/নিবাৰণমূলক কাৰ্য: মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক ৰোগ, অপসমাযোজনৰ সমস্যা, মানসিক বিশৃংখলতা, আদিৰ প্ৰতিকাৰমূলক কাৰ্য্য সম্পাদন কৰে। এনেবোৰ সমস্যা সমাধানৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি মানুহৰ দেহ-মন ৰোগমুক্ত কৰি সুখী আৰু সুন্দৰ জীৱন-যাপনত সহায় কৰে।

৩। সংৰক্ষণমূলক/নিৰাপদমূলক কাৰ্য্য [Preservative function]: মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যই ব্যক্তি তথা সমাজ উভয়ৰে কল্যাণকামী বিকাশ হোৱাটো বিচাৰে। ব্যক্তিয়ে যাতে মনৰ ভাৰসাম্য ৰক্ষা কৰি সুস্থ, সুন্দৰ আৰু সুখী জীৱন যাপন কৰে আৰু সমাজৰ বিকাশত অৰিহণা যোগাব পাৰে তাৰ পৰিৱেশ মানসিক স্বাস্থ্য বিজ্ঞানে প্ৰদান কৰিব পাৰে। ব্যক্তিৰ মানসিক সুস্থিৰতাই এখন উন্নত, সুসংগঠিত আৰু সুনিয়ন্ত্ৰিত সমাজ গঢ়াত বিশেষ সহায় কৰে। মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক নিজৰ সুস্থ মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ পৰিপূৰ্ণ বিকাশৰ বাবে সংৰক্ষণমূলক ব্যৱস্থা, উপায়, কৌশল ভালদৰে আয়ত্ব কৰাত সহায় কৰে।

১৩। মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ চমুকৈ লিখা।

উত্তৰঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ তলত উল্লেখ কৰা হৈছে-

১। নিজ সত্তা বা আত্মৰ লগত সমযোজন নীতি [Principle of seeking adjustment with oneself]: মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ নিজ ‘সত্তা’ বা ‘আত্ম’-ৰ লগত ভালদৰে পৰিচিত হোৱাত সহায় কৰে। ব্যক্তিৰ ভাৰসাম্য বিকাশ, আত্ম-নিয়ন্ত্ৰণ, আত্ম-আকাংখা, আত্ম-বিকাশ আদিৰ বিষয়ে মানসিক স্বাস্থ্যবিজ্ঞানে প্ৰয়োজনীয় নীতি গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰে।

২। পৰিৱেশৰ লগত সমাযোজন নীতি [Principle of seeking adjustment with environment]: মানসিক স্বাস্থ্যবিজ্ঞান ব্যক্তিৰ নিজস্ব প্ৰয়োজন পূৰণ, আবেগিক প্ৰশিক্ষণ, ভাল স্বাস্থ্য ৰক্ষাত আগ্ৰহী, কৰ্মৰ প্ৰতি স্পৃহা, সামাজিকৰণ কৰা, জীৱনৰ সংশয় আৰু বাধাৰ লগত সমাযোজন কৰা, আনক ভালদৰে বুজা অথবা গ্ৰহণ কৰা, জীৱনৰ প্ৰতি ধনাত্মক মনোভাৱ গঢ়ি তোলা, ভগৱানৰ প্ৰতি বিশ্বাস ৰখা আদি বিভিন্ন নীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত যিটোৱে ব্যক্তি পৰিৱেশৰ লগত সুস্থ সমাযোজনত সহায় কৰে।

৩। মানসিক স্বাস্থ্যৰ আৰোগ্যমূলক নীতি [Principle of cure of mental health]: এই নীতি অনুযায়ী মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক ৰোগ, মানসিক আশাস্তি, অস্থিৰতা, অসুস্থ অৱস্থা আদি সম্পৰ্কে ব্যক্তিক বিহিত ব্যৱস্থা প্ৰদান কৰে আৰু পূৰ্বৱস্থালৈ ঘূৰাই আনি স্বভাৱিক জীৱন যাপনৰ পথ দেখুৱাই দিয়ে।

৪। মানসিক বিকাৰৰ প্ৰতিকাৰমূলক নীতি[Principle of prevention of mental disorder]: এই নীতিয়ে ব্যক্তিৰ অপসমাযোজনৰ বিভিন্ন সামাজিক আৰু ব্যক্তিগত কাৰক সমূহ, প্ৰয়োজন, আকাংখা, প্ৰেৰণা, সংশয়, অভিপ্ৰায়, ক্লান্তি, হতাশা আদি সম্পৰ্কে জ্ঞান প্ৰদান কৰে। ব্যক্তিৰ এই সমস্যা বিলাকৰ সমাধানৰ বেলিকা মানসিক স্বাস্থ্য বিজ্ঞানে নিৰ্দিষ্ট পৰামৰ্শ প্ৰদান কৰি তেওঁলোকৰ আবেগিক আৰু সামাজিক সমাযোজনত সহায় কৰে।

৫। মানসিক জীৱন সংৰক্ষণ নীতি [Principle of preservation of mental life]: এই নীতিৰ আধাৰত মানসিক বিজ্ঞান ব্যক্তিৰ পৰিপূৰ্ণ বিকাশ, আবেগিক পৰিপক্কতা, আবেগিক সুস্থ দেহ-মন ৰক্ষা, ব্যক্তিগত আৰু সামাজিক নিৰাপত্তা আদি দিশৰ লগত জড়িত। গতিকে দেখা যায় যে ব্যক্তিক দৈহিক, মানসিক, আৱেগিক, আগ্ৰহ, অভিৰুচি আৰু পৰিৱেশ সংক্ৰান্তীয় বিভিন্ন দিশৰ পৰিপূৰ্ণ আৰু সুস্থ বিকাশৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানৰ অধ্যয়ন অতি প্ৰয়োজনীয়। ব্যক্তিৰ মানসিক স্বাস্থ্যই আৰু মানসিক স্বাস্থ্যবিজ্ঞানে বৰ্ত্তমানে সমাজত দেখা দিয়া ন-ন সমস্যাৰ লগত ভালদৰে সমাযোজন কৰিবলৈ প্ৰেৰণা যোগাব পৰিছে।

১৪। মানসিক স্বাস্থ্যৰক্ষাত স্কুলৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ মানসিক স্বাস্থ্যৰক্ষাত স্কুলৰ ভূমিকা সম্পৰ্কে উল্লেখ কৰা হৈছে:―  

মানসিক স্বাস্থ্যৰক্ষাত স্কুলৰ ভূমিকা গুৰুত্বপূৰ্ণ। ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক, আধ্যাত্মিক দিশৰ বিকাশ সাধন কৰাটো স্কুলৰ এক গুৰুত্বপূৰ্ণ কাৰ্য্য। স্কুলৰ দ্বাৰা লাভ কৰা সামাজিক অভিজ্ঞতাই ছাত্ৰ-ছাত্ৰীক সমাজৰ লগত সুস্থ সমাযোজনত সহায় কৰে। ছাত্ৰ-ছাত্ৰীৰ মনুভূতি, আগ্ৰহ, ইচ্ছা, ৰুচি-অভিৰুচি, দক্ষতা, অভিজ্ঞতা আদিৰ প্রোয়োজনীয়তা পূৰণ কৰি স্কুলে সৰ্বাংগীন বিকাশত সহায় কৰে। সেয়ে, ছাত্ৰ-ছাত্ৰীৰ সকলো স্তৰৰ বিকাশ সুস্থভাৱে প্ৰতিফলিত কৰি এক সুন্দৰ ব্যক্তিত্ব গঢ় দি তুলিব পাৰে। বৰ্তমানৰ যান্ত্ৰিক জীৱৰত স্কুলে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰক্ষাত বিশেষ ভূমিকা পালন কৰিব পাৰে। স্কুলৰ পৰিৱেশ, শিক্ষক-শিক্ষয়িত্ৰীৰ মৰম-ভালপোৱাই ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰক্ষাত সহায় কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীৰ ইচ্ছা-আগ্ৰহ, বয়স, প্ৰতিভা আদিৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত নিৰ্দেশনাৰহে ব্যৱস্থা কৰা উচিত। স্কুলৰ শিক্ষক, সমনীয়া বন্ধু-বান্ধৱ আদিক লৈ বহু সময়ত বিভিন্ন ঘটনা আৰু পৰিস্থিতিৰ সৃষ্টি হয়।এনে কাৰ্য্যই ছাত্ৰ-ছাত্ৰীৰ মনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। শিক্ষকৰ ৰোঢ় আচৰণ, শাস্তিৰ ভয়, গালি-শপনি, অনুৰোধ আদিয়ে ছাত্ৰ-ছাত্ৰীৰ মানসিক ব্যাঘাত জন্মায়।ইয়াৰ ফলত উপযুক্ত মানসিক শক্তি থকা স্বাস্থ্যৰক্ষাত স্কুলৰ গুৰুত্ব অপৰিসীম। 

এইক্ষেত্ৰত, স্কুলে মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে নিম্নলিখিত দিশসমূহৰ প্ৰতি গুৰুত্ব দিব লাগে:―

১। শিক্ষক সদায় গণতান্ত্ৰিক দৃষ্টিভংগীৰ হোৱা উচিত। তেওঁৰ ভূমিকা বন্ধু, দাৰ্শনিক আৰু পৰামৰ্শতাতা হিচাপে পালন কৰা উচিত। ছাত্ৰ-ছাত্ৰীৰ মনত গণতান্ত্ৰিক ভাৱধাৰা, আদৰ্শ, মূল্যবোধ সৃষ্টিৰ চেষ্টা কৰিব লাগে।

২। ছাত্ৰ- ছাত্ৰীৰ ব্যক্তিত্বৰ প্ৰতি সন্মান জনাব লাগে। প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে যাতে নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত।

১৫। মানসিক স্বাস্থ্যৰক্ষাত স্কুলে গুৰুত্ব দিবলগীয়া দুটা বিষয়ৰ কথা উল্লেখ কৰা।

উত্তৰঃ মানসিক স্বাস্থ্যৰক্ষাত স্কুলে গুৰুত্ব দিবলগীয়া দুটা বিষয়ৰ কথা তলত উল্লেখ কৰা হৈছে―

১। শিক্ষক সদায় গণতান্ত্ৰিক দৃষ্টিভংগীৰ হোৱা উচিত। তেওঁৰ ভূমিকা বন্ধু, দাৰ্শনিক আৰু পৰামৰ্শতাতা হিচাপে পালন কৰা উচিত। ছাত্ৰ-ছাত্ৰীৰ মনত গণতান্ত্ৰিক ভাৱধাৰা, আদৰ্শ, মূল্যবোধ সৃষ্টিৰ চেষ্টা কৰিব লাগে।

২। ছাত্ৰ- ছাত্ৰীৰ ব্যক্তিত্বৰ প্ৰতি সন্মান জনাব লাগে। প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে যাতে নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত।

১৬। মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনত প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনত প্ৰভাৱৰ বিষয়ে তলত আলোচনা কৰা হৈছে― ঘৰখনত ল’ৰা- ছোৱালীৰ নিজৰ পিতৃ-মাতৃ, বাই-ভনী, ভাই-ককাই আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ লগত একেলগে বাস কৰিব লগা হয়। ঘৰখনৰ সকলো সদস্যৰ প্ৰয়োজন, ভাৱ-অনুভূতি, আচাৰ-ব্যৱহাৰ, দৃষ্টিভংগী আদিৰ ক্ষেত্ৰত প্ৰত্যেকে নতুন নতুন পৰিস্থিতিৰ সন্মুখীন লবলগীয়াত পৰে। এনেক্ষেত্ৰত যদি পিতৃ-মাতৃৰ প্ৰয়োজনীয় জ্ঞান, সচেতনতা, মনোযোগ নাথাকে তেন্তে ল’ৰা-ছোৱালীৰ মানসিক স্বাস্থ্য ক্ষুণ্ণ হয়। অত্যধিক আদৰ, উদাসীনতা, অৱহেলা, শাসনধর্মী মনোভাৱ, তিৰস্কাৰ, শৃঙ্খলাৰ অভাৱ আদিয়েও ল’ৰা-ছোৱালীৰ মনত মানসিক অশান্তিৰ সৃষ্টি কৰে। গতিকে পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীৰ শাৰীৰিক, মানসিক, আবেগিক আদি দিশত পৰিলক্ষিত হোৱা বিভিন্ন প্ৰয়োজনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বিকাশত সুবিধা প্ৰদান কৰিব লাগে। ঘৰুৱা পৰিৱেশৰ পৰাই ল’ৰা-ছোৱালীয়ে বৈচিত্ৰ্যময় অভিজ্ঞতা লাভ কৰি জ্ঞান আৰু কৌশল অৰ্জন কৰিব পাৰে। ইয়াৰ বাবে ঘৰুৱা পৰিৱেশ আনন্দময়, স্বাস্থ্যসন্মত আৰু যথোচিত কৰি তোলাটো পিতৃ-মাতৃ বা অভিভাৱকৰ দায়িত্ব।

শিশুৰ মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনে পালন কৰিব লগা কেতবোৰ দায়িত্ব তলত উল্লেখ কৰা হ’ল:―

১। শিশুৰ সামগ্ৰীক বিকাশত চকু দিব লাগে।

২। শিশুৰ বিভিন্ন প্ৰয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে।

৩। মৰম-ভালপোৱাৰে শিশুৰ সমস্যাবোৰৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে।

৪। শিশুৰ কৌতূহলী মনৰ প্ৰয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে।

৫। ঘৰখনত অনুশাসন আৰু নৈতিক পৰিৱেশৰ সৃষ্টি কৰিব লাগে।

৬। শিশুৰ ভয়, ক্ৰোধ, হিংসা আদি পৰিস্থিতিত যুক্তিসংগতভাৱে সমাধানৰ চেষ্টা কৰিব লাগে।

১৭। মানসিক স্বাস্থ্যৰক্ষাত পিতৃ- মাতৃৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ মানসিক স্বাস্থ্যৰক্ষাত পিতৃ- মাতৃৰ ভূমিকা সম্পৰ্কে চমুকৈ তলত উল্লেখ কৰা হৈছে:―

ঘৰখনত ল’ৰা- ছোৱালীৰ নিজৰ পিতৃ-মাতৃ, বাই-ভনী, ভাই-ককাই আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ লগত একেলগে বাস কৰিব লগা হয়। ঘৰখনৰ সকলো সদস্যৰ প্ৰয়োজন, ভাৱ-অনুভূতি, আচাৰ-ব্যৱহাৰ, দৃষ্টিভংগী আদিৰ ক্ষেত্ৰত প্ৰত্যেকে নতুন নতুন পৰিস্থিতিৰ সন্মুখীন লবলগীয়াত পৰে। এনেক্ষেত্ৰত যদি পিতৃ-মাতৃৰ প্ৰয়োজনীয় জ্ঞান, সচেতনতা, মনোযোগ নাথাকে তেন্তে ল’ৰা-ছোৱালীৰ মানসিক স্বাস্থ্য ক্ষুণ্ণ হয়। অত্যাধিক আদৰ, উদাসীনতা, অৱহেলা, শাসনধর্মী মনোভাৱ, তিৰস্কাৰ, শৃঙ্খলাৰ অভাৱ আদিয়েও ল’ৰা-ছোৱালীৰ মনত মানসিক অশান্তিৰ সৃষ্টি কৰে। গতিকে পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীৰ শাৰীৰিক, মানসিক, আৱেগিক আদি দিশত পৰিলক্ষিত হোৱা বিভিন্ন প্ৰয়োজনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বিকাশত সুবিধা প্ৰদান কৰিব লাগে। ঘৰুৱা পৰিৱেশৰ পৰাই ল’ৰা-ছোৱালীয়ে বৈচিত্ৰ্যময় অভিজ্ঞতা লাভ কৰি জ্ঞান আৰু কৌশল অৰ্জন কৰিব পাৰে। ইয়াৰ বাবে ঘৰুৱা পৰিৱেশ আনন্দময়, স্বাস্থ্যসন্মত আৰু যথোচিত কৰি তোলাটো পিতৃ-মাতৃ বা অভিভাৱকৰ দায়িত্ব।

১৮। মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনে কেনেকুৱা দায়িত্ব পালন কৰিব লাগে সেই সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনে কেনেকুৱা দায়িত্ব পালন কৰিব লাগে সেই সম্পৰ্কে চমুকৈ তলত দিয়া হৈছে―

১। শিশুৰ সামগ্ৰীক বিকাশত চকু দিব লাগে।

২। শিশুৰ বিভিন্ন প্ৰয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে।

৩। মৰম-ভালপোৱাৰে শিশুৰ সমস্যাবোৰৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে।

৪। শিশুৰ কৌতূহলী মনৰ প্ৰয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে।

৫। ঘৰখনত অনুশাসন আৰু নৈতিক পৰিৱেশৰ সৃষ্টি কৰিব লাগে।

৬। শিশুৰ ভয়, ক্ৰোধ, হিংসা আদি পৰিস্থিতিত যুক্তিসংগতভাৱে সমাধানৰ চেষ্টা কৰিব লাগে।

১৯। মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা হ’ল:

বৰ্তমান সময়ত দেখা দিয়া বিভিন্ন জটিলতা, জীৱন ধাৰাৰ পৰিৱৰ্তন, নতুন জীৱনৰ কৌশল গ্ৰহণ আদিয়ে আমাৰ দেহ-মানসিক প্ৰয়োজনবোৰৰ পৰিসৰ বৃদ্ধি কৰি তুলিছে। যিমানেই জটিল অৱস্থাৰ সৃষ্টি হৈছে, সিমানেই মানসিক অস্থিৰতা, অশান্তি বৃদ্ধি পাই আহিছে। মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ এই সকলোবোৰ সমস্যাৰ পৰ্য্যবেক্ষণ, গৱেষণা কৰি তাৰ প্ৰতিকাৰৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিব পাৰে। ব্যক্তি জীৱনৰ শৈশৱৰ পৰা আৰম্ভ কৰি প্ৰতিটো স্তৰৰ বৈশিষ্ট্য, পৰিয়ালৰ লোকসকল বা সমাজৰ লোকসকলৰ লগত থকা বিভিন্ন সম্পর্কৰ পৰ্য্যবেক্ষণ কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্তৰ্গত।

শিশুৰ প্ৰতি পিতৃ-মাতৃ আৰু বয়স্কসকলৰ আচৰণ, শিশুৰ মূল চাহিদা পূৰণ, দৈনন্দিন জীৱনৰ অভিজ্ঞতা আদি ঘটনাসমূহৰ পৰ্য্যবেক্ষণ কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্তৰ্গত। এক কথাত কবলৈ হ’লে ব্যক্তিৰ সমগ্র জীৱন পৰ্য্যবেক্ষণ আৰু অনুসন্ধান কৰি পৰিৱেশৰ সকলো দিশতে যাতে ব্যক্তিয়ে সুস্থভাৱে সমাযোজন কৰিব পাৰে তাকে অধ্যয়ন কৰাটোৱেই মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য। ব্যক্তিৰ  জীৱন-নিৰ্বাহৰ জটিলতা, সংঘাতপূৰ্ণ আৰু প্ৰত্যাহ্বানমূলক প্ৰক্ৰিয়াই সকলো দিশতে মানসিক উত্তেজনা দুঃচিন্তা, অৱসাদ আদিৰ বঢ়াই তুলিছে। ফলস্বৰূপে মানসিক সমস্যাৰ সৃষ্টি হৈছে আৰু ইয়াৰ বাবে ব্যক্তিক মানসিক স্বাস্থ্যবিজ্ঞানৰ জ্ঞান প্ৰদান কৰাটো অতি দৰকাৰ।   

চমুকৈ আমি ক’ব পাৰোঁ যে মানসিক স্বাস্থ্যবিজ্ঞানে তলৰ দিশসমূহ হাঙুৰি লয়।

১। ব্যক্তিৰ আচৰণত পৰিলক্ষিত হোৱা অস্বাভাৱিক আচৰণৰ কাৰণ, তাৰ  প্ৰতিকাৰ সম্পৰ্কে গৱেষণা কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভুক্ত বিষয়।

২। ব্যক্তিৰ সামাজিক জীৱনৰ বিভিন্ন আচৰণ হিংসামূলক, প্ৰতিশোধপৰায়ণতা, উশ্ছৃ্ংখলতা আদি বিষয়ৰ অধ্যয়ন মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।

৩। ব্যক্তিৰ মানসিক স্বাস্থ্যৰ সৈতে শাৰীৰিক স্বাস্থ্য ৰক্ষা কৰা আৰু উৎকৰ্ষ সাধন কৰা মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিধিৰ অন্তৰ্গত।

২০। চমুটোকা লিখা:

(ক) মানসিক স্বাস্থ্যৰ ধাৰণা।

উত্তৰঃ (ক) মানসিক স্বাস্থ্যৰ ধাৰণা:- সাধাৰণতে ব্যক্তিত্বৰ পূৰ্ণ কাৰ্যক্ৰমৰ সমবিকাশকেই মানসিক স্বাস্থ্য বুলি ক’ব পাৰি। মানুহৰ মনৰ মাজত কিছুমান জন্মগত আৰু কিছুমান আৰ্জিত চাপ থাকে। যেতিয়া এহ চাপসমূহে একেলগে এটাই আনটোৰ সৈতে সমিলমিলকৈ কাম কৰি যায় তেতিয়া তাৰ সম্পূৰ্ণ অভিব্যক্তি প্ৰতিফলিত হয়। যি ব্যক্তিৰ ব্যক্তিত্বত ইয়াক দেখা যায় তেনে ব্যক্তিৰ স্বাস্থ্যক সুস্থ মানসিক স্বাস্থ্য বুলি অভিহিত কৰা হয়।

(খ) মানসিক স্বাস্থ্য বিজ্ঞানৰ অৰ্থ।

উত্তৰঃ সাধাৰণ অৰ্থত, মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম-কানুনৰ শাস্ত্ৰকেই মানসিক বিজ্ঞান বোলে। মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনৰ স্বাস্থ্য আৰু ইয়াৰ লগত জড়িত থকা বিভিন্ন দিশ সম্পৰ্কে অধ্যয়ন কৰে। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ ভাৰসাম্য ব্যক্তিত্ব বিকাশ সাধন কৰি সমাজত সুস্থভাৱে সমাযোজনত সহায় কৰা। অৰ্থাৎ মানসিক স্বাস্থ্যবিজ্ঞান হ’ল এনেকুৱা এটা বিষয় যাৰ দ্বাৰা ব্যক্তিয়ে কেতবোৰ নীতি-নিয়ম বা চৰ্তৰ কথা অনুকৰণ কৰি ব্যক্তিত্ব বিকাশ ঘটাই সমাজত সংগতিপূৰ্ণভাৱে সমাযোজন কৰিব পাৰে।

(গ) মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশসমূহ।

উত্তৰঃ (গ) মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশসমূহ:-

১। মানসিক অসুস্থতাৰ প্ৰতিকাৰ কৰা।

২। মানসিক স্বাস্থ্য ৰক্ষা কৰা।

৩। মানসিক ৰোগ নিৰাময়ৰ ব্যৱস্থা কৰা।

(ঘ) মানসিক স্বাস্থ্যবান লোকৰ বৈশিষ্ট্য।

উত্তৰঃ (ঘ) মানসিক স্বাস্থ্যবান লোকৰ বৈশিষ্ট্য:-

১। নিজক আত্ম-মূল্যায়ন কৰিব পাৰে।

২। বৌদ্ধিক আৰু আৱেগিকভাৱে পৰিপক্ক হয়।

৩। কোনো উদ্দেশ্য বা লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰে।

৪। পৰিৱেশৰ সকলো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সক্ষম হয়।

৫। নিজৰ জীৱিকা বা কাৰ্য্যৰ প্ৰতি স্পৃহা আৰু আনন্দ প্ৰকাশ কৰে।

৬। নতুন পৰিৱেশত কোনো বাধাৰ সন্মূখীন নোহোৱাকৈ সুস্থভাৱে স্থাপন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top