Class 12 Assamese Chapter 2 মগনিয়াৰ

Class 12 Assamese Chapter 2 মগনিয়াৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 2 মগনিয়াৰ and select needs one.

Class 12 Assamese Chapter 2 মগনিয়াৰ

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 2 মগনিয়াৰ Solutions for All Subject, You can practice these here…

দীঘলীয়া প্রশ্ন মূল্যাংকঃ ৪

(ক) “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই ।”- কোনে, কি প্রসংগত এই কথাখিনি কৈছিল জুকিয়াই লিখা

অথবাঃ কোনে কি প্রসংগত এই উক্তি কৰিছিল ?

উত্তৰঃ কবি যতীন্দ্রনাথ দুৱৰাই নিজৰ চোলাৰ মোনাত হাত সুমুৱাই একোকে নোপোৱাত মগনিয়াৰজনক উদ্দেশ্যি প্রশ্নোদ্ধৃত কথাখিনি কৈছিল । এদিন কবি দুৱৰাই বাটেদি গৈ আছিল । হঠাতে তেওঁৰ সন্মুখত বেমাৰী বুঢ়া হাড়-ছাল ওলোৱা মগনিয়াৰ আহি থিয় দিলেহি । মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ, চকুত দৰিদ্রতাৰ জলন্ত শোক লগা দৃশ্য দেখা যায় ।

মগনিয়াৰজনে উখহা অপৰিস্কাৰ হাত মেলি সহায় বিচাৰিলে । কবি দুৱৰাই চোলাৰ মোনাত হাত সুমুৱাই একোকে নেপালে । টকা, ঘড়ী, ৰুমাল একোৱেই অনা নাছিল । মগনিয়াৰজনৰ কঁপা হাত দুখনত সাৱতি ধৰি কবিয়ে প্রশ্নোদ্ধৃত কথাখিনি কৈছিল ।

(খ) ‘কি হ’ল একো কথা নাই – ইয়াৰ কাৰণে অশেষ “ধন্যবাদ – ইও যে এটা দান” – কথাষাৰ কোনে কি প্রসংগত কৈছিল ? কথাষাৰৰ তাৎপৰ্য বুজাই লিখা ।

অথবাঃ মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে ?

উত্তৰঃ কবি যতীন্দ্রনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল । তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি কবি দুৱৰাৰ সন্মুখত থিয় হৈছে । মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্রতাৰ শোকদায়ক ছবি দাঙি ধৰিছে । মগনিয়াৰজনে তাৰ উখহা অপৰিস্কাৰ হাত এখন মেলি কবিক সহায় খুজিলে । কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে । টকা, ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল । মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰি কৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাৱতি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ কলে ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

মগনিয়াৰজনে শেতা ওঁঠ দুখনৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে প্রশ্নোদ্ধৃত কথাখিনি কৈছিল আৰু অশেষ ধন্যবাদ জনালে । লগতে, মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্রকাৰ দান বুলিলে ।

Sl. No.Contents
Unit 1 নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

দীঘলীয়া প্রশ্ন  মূল্যাংকঃ ৫

(ক) মগনিয়াৰশীৰ্ষক কথা-কবিতাটিৰ মূলভাৱ লিখা ।

অথবাঃ মগনিয়াৰ শীৰ্ষক কথা-কবিতাটিৰ সারাংশ লিখা ।

(খ) ‘ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ ।’ – মগনিয়াৰ পাঠটিৰ আধাৰত কথাখিনি মুকলিকৈ বুজাই লিখা ।  

উত্তৰঃ কবি যতীন্দ্রনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল । তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি কবি দুৱৰাৰ সন্মুখত থিয় হৈছে । মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্রতাৰ শোকদায়ক ছবি দাঙি ধৰিছে । মগনিয়াৰজনে তাৰ উখহা অপৰিস্কাৰ হাত এখন মেলি কবিক সহায় খুজিলে । কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে । টকা, ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল । মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰি কৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাৱতি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ কলে ।

মগনিয়াৰজনে শেতা ওঁঠ দুখনৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে । লগতে, মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্রকাৰ দান (ধন্যবাদ)  বুলিলে । কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পোৱা বুলি কৈ ৰূপকাত্মক অৰ্থ প্রকাশ কৰিছে । পাঠটিৰ/বাক্যটিৰ মুখ্য কেন্দ্রস্থ ভাৱ হৈছে দৰিদ্রতা আৰু সেই দৰিদ্রতাৰ প্রতি থকা কবিৰ আন্তৰিকতা ।

(গ) প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা করাঃ

ময়ো বুজিলে যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ ।

উত্তৰঃ উক্ত কথা-কবিতা ফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত যতীন্দ্র নাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত ‘মগনিয়াৰ’ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে ।

এই কথা-কবিতা ফাকিৰ মাধ্যমেৰে কবিজনাই এজন লগৰীয়া অৰ্থাৎ সেই মগনীয়া জনৰ পৰা এটা দান অৰ্থাৎ ধন্যবাদ পোৱাৰ কথা ব্যক্ত কৰিছে ।

কবি যতীন্দ্রনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল । তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি কবি দুৱৰাৰ সন্মুখত থিয় হৈছে । মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্রতাৰ শোকদায়ক ছবি দাঙি ধৰিছে । মগনিয়াৰজনে তাৰ উখহা অপৰিস্কাৰ হাত এখন মেলি কবিক সহায় খুজিলে । কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে । টকা, ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল । মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰি কৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাৱতি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ কলে ।

মগনিয়াৰজনে শেতা ওঁঠ দুখনৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে । লগতে, মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্রকাৰ দান (ধন্যবাদ)  বুলিলে । কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পোৱা বুলি কৈ ৰূপকাত্মক অৰ্থ প্রকাশ কৰিছে । পাঠটিৰ/বাক্যটিৰ মুখ্য কেন্দ্রস্থ ভাৱ হৈছে দৰিদ্রতা আৰু সেই দৰিদ্রতাৰ প্রতি থকা কবিৰ আন্তৰিকতা ।

(ঘ) ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে ?

উত্তৰঃ মগনিয়াৰ পাঠটিত কথা-কবিতাৰ প্রায়বোৰ লক্ষণেই বিৰাজ কৰা দেখা যায় ।

(১) মগনিয়াৰ পাঠটিত উল্লেখিত ভাব কবিত্বময়ী কথা লিখাৰ এক ভংগী বুলি কব পাৰি ।

(২) কথা-কবিতাটিত ৰূপকৰ সমাৱেশ দেখা যায় । কবি দুৱৰাই মগনিয়াৰজনৰ পৰা পোৱা দানক ৰূপকাত্মক অৰ্থ প্রকাশ কৰিছে ।

(৩) মগনিয়াৰ কবিতাটি চিত্রধৰ্মী, এটা সম্পূৰ্ণ ছবি কথা-কবিতাৰ মাজত বিৰাজমান ।

(৪) ‘মগনিয়াৰ’ কথা কবিতাটিৰ মাজত এটা সম্পূৰ্ণ ভাব ফুটি উঠিছে । মগনিয়াৰ আৰু কবিৰ মাজৰ যি আন্তৰিকতা তাক এক কেন্দ্রস্থ ভাৱত ফুটি উঠিছে ।

(ঙ) কবি যতীন্দ্রনাথ দুৱৰাৰ সাহিত্যকৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা ।

উত্তৰঃ কবি যতীন্দ্রনাথ দুৱৰাই ঘাইকৈ কথা কবিতাৰ জনক । ছাত্রাৱস্থাৰ পৰাই তেওঁ কবিতা ৰচনা কৰিছিল । তেওঁ ৰচিত কাব্যপুথিসমূহ হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ । ‘কথা কবিতা’ তেওঁৰ একমাত্র কথাকবিতাৰ পুথি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়তৰ প্রথম অসমীয়ালৈ ভাবানুবাদ কৰি দুৱৰাই ‘ওমৰ তীৰ্থ’ পুথিখন ৰচনা কৰে ।

  ‘বনফুল’ কবিতাপুথিৰ বাবে দুৱৰাই সাহিত্য অকাদেমি বঁটা লাভ কৰে । এই বঁটা লাভ কৰা তেৱেই প্রথম অসমীয়া । ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিবেশনত দুৱৰাই সভাপতিত্ব কৰিছিল ।

(চ) মগনিয়াৰ পাঠটি ক’ৰ পৰা সংগ্রহ কৰা হৈছে? পাঠটিৰ মূল ভাবটি তোমাৰ ভাষাত লিখা ।

উত্তৰঃ ‘মগনিয়াৰ দুৱৰাৰ ‘কথা কবিতা’ নামৰ পুথিখনৰ পৰা লোৱা হৈছে । পাঠটিৰ মূলভাৱ তলত দিয়া হ’লঃ

কবি যতীন্দ্রনাথ দুৱৰা এদিন বাটেদি গৈ থাকোতে হাড়-ছাল ওলোৱা এজন মগনিয়াৰৰ সৈতে দেখা হ’ল । মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা, পিন্ধনৰ ফটা কাপোৰ দৰিদ্রতাৰ শোকদায়ক ছবি দাঙি ধৰিছে । মগনিয়াৰজনে উখহা অপৰিস্কাৰ হাত মেলি কবিক সহায় বিচাৰিলে । কবিয়ে মোনাত হাত সুমুৱাই একোকে নেপালে । কবিয়ে নিজৰ লগত টকা, ঘড়ী, ৰুমাল একোৱেই অনা নাছিল । দুখজনক সেই দৃশ্য কবিৰ সহ্য নহ’ল সমস্ত আন্তৰিকতা উজাৰি দি কবিয়ে মগনিয়াৰৰ দুখত সাৱতি ধৰিলে আৰু তেওঁৰ ওচৰত দিবলৈ যে একোৱেই নাই তাকে কৈ দুখ প্রকাশ কৰিলে ।

পিছে মগনিয়াৰজনে যেন নভবা কিবা এক আন্তৰিকতাৰে কবিৰ দুচকুত লাভ কৰিলে । এয়াই মগনিয়াৰজনৰ বাবে এক বিশেষ দান । শেতা ওঁঠ দুটিৰে মগনিয়াৰজনে এই দানৰ বাবে কবিক অন্তৰেৰে ধন্যবাদ জনালে । লগতে, মগনিয়াৰজনৰ প্রতি কবিয়ে প্রকাশ কৰা সহানুভূতিক একপ্রকাৰ দান বুলিলে ।

কবিতাটোৰ কেন্দ্রীয় ভাব হৈছে মানৱ মনৰ আন্তৰিকতা, মানৱীয়তা । পাৰ্থিৱ বস্তুৱে পূৰাব নোৱাৰা অভাৱ আন্তৰিকতাৰেও পূৰ হৈ যায় । মগনিয়াৰজন দৰিদ্র হালত তাৰ মনত আন্তৰিকতাৰ অভাৱ হোৱা নাছিল । কবিয়ে মগনিয়াৰৰ জৰিয়তে মানবীয় অনুভূতিৰ জয়কেই সাব্যস্ত কৰিছে ।

(ছ) ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা ।

উত্তৰঃ এদিন কবি বাটেদি গৈ থাকোতে বুঢ়া, হাড়-ছাল, ওলোৱা মগনিয়াৰ এজনে কবিক ভিক্ষা খুজিলে । সেই সময়ত কবিৰ হাতত একোৱেই নাছিল । টকা, ঘড়ী আনকি এখন ৰুমালো নাছিল । এনেদৰে থাকিব নোৱাৰি কবিয়ে ল’ৰা লৰিকৈ মগনিয়াৰ জনৰ দুহাত সাবটি ধৰি কৈ উঠিল- “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই ।”

মগনিয়াজনে আচৰিত হৈ এবাৰ কবিৰ ফালে চালে আৰু অলপ হাঁহিলে তাৰ পিছত কবিৰ হাত দুখনত ধৰি অতি কষ্টৰে মাত লগালে- “কি হল একো কথা নাই- ইয়াৰ কাৰণে অশেষ ধন্যবাদ- ইও যে এটা দান ।”

 কবিয়েও এজন লগৰীয়াৰ পৰা এটা দান পালে ।

1 thought on “Class 12 Assamese Chapter 2 মগনিয়াৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top