Class 12 Assamese Chapter 8 কৰুণতম

Class 12 Assamese Chapter 8 কৰুণতম Class 12 Assamese Question Answer, HS 2nd year Assamese notes কৰুণতম Class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 8 কৰুণতম and select needs one.

Class 12 Assamese Chapter 8 কৰুণতম

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 8 কৰুণতম Solutions for All Subject, You can practice these here.

কৰুণতম

Chapter – 16

আর্হি প্রশ্ন:

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক ১)

১। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হ’ল― বন ফৰিঙৰ ৰং’।

২। নিমলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে?

উত্তৰঃ নিমলপ্ৰভা বৰদলৈয়ে `সুদীৰ্ঘ দিন আৰু ঋতু’ নামৰ পুথিখনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে।

৩। `কৰুণতম’ কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ কৰুণতম’ কবিতাটো কবিৰ `দিনৰ পিছত দিন’ নামৰ কবিতাপুথিত সংকলিত হৈছে।

৪। `কৰুণতম’ কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ`কৰুণতম’ আধুনিক শ্ৰেণীৰ কবিতা।

৫। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট হ’ল– 

(i) নগৰীয়া জীৱনৰ প্ৰতি বিদ্বষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ।

(খ) চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক ২ অথবা ৩)

১। নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতাপুথিৰ নাম হ’ল–` সমীপেষু’,`অন্তৰংগ’ আৰু `বনফৰিঙৰ ৰং’।

২। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম হ’ল-`সোণবৰনীয়া আই’ আৰু `সুৰীয়া মাত’।

৩। নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষনামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষণামূলক গ্ৰন্থ তিনিখনৰ নাম হ’ল-`দেৱী’,`সূৰ্য ‘আৰু `শিৱ’।

৪। `কৰুণতম’ আৰু `সুবাস’ শব্দৰ অৰ্থ লিখা?

উত্তৰঃ কৰুণতম– শব্দৰ অৰ্থ হ’ল- চৰম বেদনাদায়ক বা দুখদায়ক আৰু সুবাস শব্দৰ অৰ্থ হ’ল- সুগন্ধ।

৫। `কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট লিখা?

উত্তৰঃ `কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট হ’ল- 

(i) আধুনিক কবিতা বাস্তৱবাদী।

(ii) আধুনিক কবিতা সামবাদী ভাৱধাৰাৰে পৰিপুষ্ট।

(গ) দীঘল প্ৰশ্নৰ উত্তৰ (মুল্যাংক ৪ অথবা ৫)

১। `কৰুনতম’ কবিতাৰ নামাকৰনৰ তাৎপৰ্য বিশ্লেষন কৰা?

উত্তৰঃ কৰুনতম’ কবিতাটোত ভৱিষ্যতৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম,আদৰ্শ সন্দৰ্ভত সন্দিহান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। কবিতাখনত কবিয়ে পিতৃ-মাতৃৰ অপৰিসীম মৰম, স্মৃতি আৰু নিজৰ অন্তৰৰ শূন্যতাৰ অনুভূতি প্ৰকাশ কৰিছে। বিশেষকৈ আহিনৰ পথাৰৰ গোন্ধে পিতৃৰ সেই কৰ্ম সাধনাক লৈ কবি গৌৰবান্বিত। একেদৰে দোকানৰ জাপ- ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰেI কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কৰ্মত লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে।

২। `কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে বিচাৰ কৰা?

উত্তৰঃ কৰুণতম’ কবিতাটোৰ মাজেৰে কবিয়ে নিজ পিতৃ মাতৃৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ পাইছে। কবিয়ে দেখুৱাইছে যে তেওঁলোকৰ স্মৃতি প্ৰকৃতিত, দৈনন্দিন জীৱনত আৰু জীৱনৰ প্ৰতিটো দিশত সজীৱ হৈ আছে। আহিনৰ সজাল ধৰা ধাননি-পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয়। কাৰন কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি-কৰ্মৰে তেওঁ পৰিয়ালটিক ভৰন-পোষন দিছিল। ইয়াত কবিৰ শ্রদ্ধা স্পষ্ট, কাৰণ পিতৃ-মাতৃক তেওঁ কেৱল ব্যক্তিগত ৰূপত নহয়, এক সাংস্কৃতিক আৰু সামাজিক পৰম্পৰাৰ ৰূপত উপলব্ধি কৰিছে। কবিৰ অন্তৰৰ আৱেগত প্ৰকাশ পায় যে, তেওঁলোকৰ অনুপস্থিতিতো কবিৰ জীৱনৰ মূলে তেওঁলোক উপস্থিত।

৩। `কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা?

উত্তৰঃ কবিতাটিত কবিৰ অন্তৰৰ গভীৰ দুখবোধ পিতৃ-মাতৃৰ স্মৃতিৰ জৰিয়তে প্ৰকাশ পাইছে। আহিনৰ পথাৰৰ সুগন্ধে পিতৃক মনত পেলোৱা আৰু গামোচাৰ সুবাসত মাতৃক স্মৰণ কৰাটো এক দুখেৰে ভৰা হৃদয়ৰ প্ৰতিচ্ছবি। কবিয়ে অনুভৱ কৰিছে যে নিজৰ অস্তিত্ব পিতৃ-মাতৃৰ মাজতেই নিহিত আছিল, কিন্তু তেওঁৱে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰনৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব- সেই ভাৱনাই কবিৰ অন্তৰত গভীৰ দুখবোধৰ সৃষ্টি কৰিছে। আধুনিৰ পৃথিৱীখনত কবিয়ে কৰিব পৰা একোৱেই নাই, যাৰ বাবে ভৱিষৎ প্ৰজন্মই কবিক মনত ৰাখিব। সেয়েহে কবিয়ে গভীৰ অস্তিত্বৰ সংকটত ভুগিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ’ব নোৱাৰে।

৪। `কৰুণতম’ কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিএ আংকন হোৱা বুলি ক’ব পাৰি নেকি বিচাৰ কৰা?

উত্তৰঃ “কৰুণতম” কবিতাত গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাত সূক্ষ্মভাৱে প্ৰকাশ পাইছে। কবিয়ে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকানৰ  জাপ ভঙা গামোচাৰ সুবাসৰ লগত পিতৃ-মাতৃৰ স্মৃতি জড়িত কৰি গ্ৰাম্য সমাজ-সংস্কৃতিৰ এখনি আকৰ্ষনীয় চিএ অংকন কৰিছেI কবিৰ পিতৃ আহিনৰ পথাৰৰ সৈতে জড়িত, অৰ্থাৎ মাটিৰ গন্ধ, কৃষিজীৱন, গ্ৰাম্য সংস্কৃতিৰ সৈতে সংযুক্ত। আনহাতে, মাতৃৰ স্মৃতি নগৰীয়া দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসৰ সৈতে যুক্ত। এই দুই দিশৰ উল্লেখৰ দ্বাৰা কবিয়ে দেখুৱাইছে যে তেওঁৰ জীৱনৰ এক অংশ গ্ৰাম্যত, আৰু অন্য অংশ নগৰীয়া জীৱনত গাঁথি আছে। 

কবিয়ে যিদৰে এফালে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসৰ কথা লৈ গ্ৰাম্য জীৱনৰ গুণ-গৰিমা আৰু অকৃএিমতাৰ এখন সাৰ্থক চিএ ৰুপায়ন কৰিছে, সেইদৰে ভৱিষ্যত প্ৰজন্মলৈ কবিয়ে একো স্থিতি এৰি যাব নোৱাৰিব বুলি আক্ষেপ প্ৰকাশ কৰি আধুনিক নগৰীয়া সভ্য সমাজৰ এখন নিজস্বতাহীন, নিস্তেজ আৰু শূন্যতাৰে ভৰা ছবি আংকন কৰিছে।

৫। প্ৰসংগ সংগতি দৰ্শাই  ব্যাখ্যা কৰা।

(ক) মই মোক                                                                                                                                  

মোৰ সন্তানৰ কাৰণে

ক’ত থৈ যাম                                                                                                                           

ক’ত?

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্য়পুথি `সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচিত `কৰুণতম’ কবিতাটোৰ পৰা অনা হৈছে।

ইয়াত কবিয়ে নিজৰ আত্মিক দ্বন্দ্ব প্ৰকাশ কৰিছে। পিতৃ-মাতৃ হেৰুৱাৰ দুখত তেওঁৰ অন্তৰ শূন্য। তেওঁৰ মনে অনুভৱ কৰিছে যে তেওঁ নিজে অনাথ, কিন্তু তেখেতে নিজৰ সন্তানৰ বাবে জীৱনৰ যাত্ৰা অব্যাহত ৰাখিবই লাগিব। তেখেতে নিজক ক’ত থৈ যোৱাৰ প্রশ্ন তুলিছে— অৰ্থাৎ নিজৰ দুখ, অসহায়তা আৰু মানসিক শূন্যতাৰ মাজত সন্তানৰ দায়িত্বৰ টানত তেওঁ থিৰ হৈ পৰিছে। কবিয়ে কেনেধৰনৰ কৰ্মাদৰ্শৰে ভৱিষ্যৎৰ বাবে  নিজৰ স্মৃতি ৰাখি যাব –সেই আশংকাত কবি চিন্তাক্লিষ্ট  হৈ পৰিছে। নিজ সন্তানৰ ওচৰতেই ভৱিষ্যতে অচিনাকি হৈ যোৱাৰ সংশয়ত কবিৰ অন্তৰত ওপজা গভীৰ দুখবোধৰ ভাবো কবিতাফাকিৰ মাজেদি প্ৰকাশ পাইছে। 

2 thoughts on “Class 12 Assamese Chapter 8 কৰুণতম”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top