Class 12 Assamese Chapter 6 আঘোণৰ কুঁৱলী

Class 12 Assamese Chapter 6 আঘোণৰ কুঁৱলী, Class 12 Assamese Question Answer, HS 2nd year Assamese notes আঘোণৰ কুঁৱলী Class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 6 আঘোণৰ কুঁৱলী and select needs one.

Class 12 Assamese Chapter 6 আঘোণৰ কুঁৱলী

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 6 আঘোণৰ কুঁৱলী Solutions for All Subject, You can practice these here.

আঘোণৰ কুঁৱলী

Chapter – 14

আর্হি প্রশ্ন:

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক ১)

১। কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? 

উত্তৰঃ কবি কেশৱ মহন্তই ‘মােৰ যে কিমান হেঁপাহ’ গ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। 

২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা। 

উত্তৰঃ কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম হ’ল― ‘মােৰ যে কিমান হেঁপাহ’। 

৩। ‘পছােৱা’আলােচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল? 

উত্তৰঃ পছােৱা’ আলােচনী হেম বৰুৱাই সম্পাদনা কৰিছিল। 

৪। কেশৱ মহন্তই কোনখন আললাচনীত প্রথমতেকবি হিচাপে আত্মপ্রকাশ কৰিছিল? 

উত্তৰঃ কেশৱ মহন্তই ‘জয়ন্তী’ আললাচনীত প্রথমতেকবি হিচাপে আত্মপ্রকাশ কৰিছিল।

৫। ‘আঘােণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘ সেউতী কোন? 

উত্তৰঃ ‘আঘােণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘ সেউতী হ’ল― কবিৰ প্ৰেয়সী।

(খ) চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক ২ অথবা ৩)

১।‘জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হল—

(i) কবিতাসমূহ সাম্যবাদী তথা প্রগতিশীল ভাবধাৰাৰ। 

(ii) ‘জয়ন্তী’ৰ কবিতাসমূহত কৃষক, শ্রমিক আদি সাধাৰণ শ্ৰেণীৰ লােকৰ সুখ-দুখ আৰু সংগ্ৰামৰ প্রতিচ্ছবি প্রকাশ পায়। 

২। অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যােগােৱা তিনিখন আলােচনীৰ নাম লিখা।

উত্তৰঃ অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগাৱা তিনিখন আলোচনীৰ নাম হ’ল-

(i) ‘জয়ন্তী’। 

(ii) ‘বাঁহী’। 

(iii) ‘ৰামধেনু’।

৩। কেশৱ মহন্তৰ দুখন কবিতাপুথিৰ নাম লিখা। 

উত্তৰঃ কেশৱ মহন্তৰ দুখন কবিতাপুথি হ’ল— আমাৰ পৃথিৱী আৰু আগন্তুক। 

৪। ‘আঘােণৰ পথাৰত কাম আৰু কাম’— কবিয়ে আঘােণৰ পথাৰত থকা কি কাম’ৰ বিষয়ে ইংগিত কৰিছে?

উত্তৰঃ কবিয়ে আঘোণৰ পথাৰত কৃষকৰ কৰ্মব্যস্ত জীৱনৰ ছবি দাঙি ধৰিছে। আঘোণ মাহ কৃষকৰ বাবে ধান কাটা, কাচি তোলা, ডাঙৰি ভাঙলি, দাৱনী আদি কামৰ মাজত সৰ্বাধিক ব্যস্ত সময়। কবিয়ে কবিতাটোত ‘আঘোণৰ পথাৰত কাম আৰু কাম’ কথাষাৰৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত কৰিছে।

৫। ‘উৰুলি’ আৰু ‘ৰাগি’ শব্দ দুটাৰ অর্থ লিখা।

উত্তৰঃ ‘উৰুলি’ৰ অৰ্থ হ’ল―শুভ কার্যত তিৰােতাসকলে মুখেৰে কৰা ধ্বনি বিশেষ আৰু ৰাগি’ৰ অর্থ হ’ল— নিচা, মাদকতা।

(গ) দীঘল প্ৰশ্নৰ উত্তৰ (মুল্যাংক ৪ অথবা ৫) 

১। আঘােণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা। 

উত্তৰঃ আঘােণৰ সােণবৰণীয়া ধাননি পথাৰত ৰূপহী দাৱনীজাকে খিলখিলকৈ হাঁহি মাতি ধান দাবলৈ ধৰিছে। কবিয়ে ধাননিৰ সোনালী আঁচল, দাৱনীৰ দৃশ্য, খিলখিল হাঁহি অথবা সেউতীৰ লগত সাক্ষাৎ লাভ কৰিব পৰা নাছিল। কুঁৱলীৰে সকলো দিশ ঢাকি পেলাওঁতে কবিৰ অন্তৰত হিয়া ভাঙা আমনি জন্মে। কুঁৱলীৰে যেন প্ৰেম, সৌন্দর্য আৰু জীৱনৰ ৰঙবোৰ আৱৰি ৰাখিছে। তাকে দেখি তেওঁৰ প্রাণ-প্রিয়াক বিচাৰি যােৱা মনটোৱেও বন-হাঁহৰ দৰে উৰি উৰি যেন বন শেষ কৰিলে; কিন্তু সেউতীক বিচাৰি নাপালে; সেউতীক বিচাৰি যােৱা বাটবােৰ যেন আঘােণৰ কুঁৱলীয়ে ভেটা দি ধৰিছে।

২। আঘােণৰ পথাৰৰ মন পৰশা চিত্র আঘােণৰ কুঁৱলীত কেনেদৰে প্রকাশ পাইছে আলােচনা কৰা। 

উত্তৰঃ  ‘আঘােণৰ কুঁৱলী’ কবিতাত গীতিকাৰ , কবি কেশৱ মহন্তই আঘােণৰ পথাৰৰ এটি মন পৰশা চিত্র অংকন কৰিছে। কবিতাটিত আঘােণৰ পথাৰৰ সােণবৰণীয়া ধাননিৰ মনােমােহা পৰিৱেশৰ মাজত নিৰ্ভজ প্ৰেমৰ সন্ধান আৰু আঘােণৰ কুঁৱলীয়ে বাট ভেটি প্রেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবােধ তাৰাে সহজ–সৰল প্রকাশ ঘটিছে। 

আঘােণৰ পথাৰ সােণবৰণীয়া ধানেৰে উপচি পৰি অতি মনােমােহা হৈ পৰিছে। দাৱনীয়ে মূৰত আকর্ষণীয় খােপা বান্ধি হাতত কাচি লৈ লিহিৰি লিহিৰি আঙুলিৰে মুঠি মুঠি ধান কেকেকৈ কাটিব লাগিছে , যেন দাৱনীয়ে মূৰ তুলি চাবলৈকে সময় পােৱা নাই। কিন্তু এনে সুন্দৰ পৰিৱেশকো আঘােণৰ কুঁৱলীয়ে ঢাকি ধৰি একো নমনা কৰি আমনি কৰিছে। তথাপিতাে দাৱনীসকলৰ প্রাণ চঞ্চল হাঁহি–খিকিন্দালিয়ে পৰিৱেশত মধুৰতা ঢালিছে। 

আঘােণৰ এই মন পৰশা পৰিৱেশৰ মাজতেই আকাশেৰে জাকি মাৰি বন–হাঁহ উৰি কোনােবা বিললৈকে গুচি যায়গৈ। সিহঁতৰ কলৰৱ ধ্বনিয়ে আকাশত উৰুলি ৰাগি তােলে । লগে লগে কবিয়েও মন–হাঁহ খেদি খেদি বন শেষ কৰিও সিহঁতক লগ ধৰিব নােৱাৰে; কাৰণ আঘােণৰ কুঁৱলী ঢাকি ধৰি একোকে নমনা কৰি ৰাখিছে; কুঁৱলীয়ে বাট ভেটি ধৰিছে।

৩। আঘােণৰ কুঁৱলী’ শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা। 

উত্তৰঃ কবিতাটিত কবিয়ে সেউতীৰ প্ৰেমত নিজ অনুভূতি প্ৰকাশ কৰিছে। কুঁৱলীৰে ঢকা পথাৰত সেউতীক পোৱা নোৱৰা কবিৰ অন্তৰত স্নেহ আৰু সহজ-সৰল প্ৰেমৰ তীব্ৰ আশংকা প্ৰকাশ পাইছে। আঘােণৰ কুঁৱলীয়ে একো নমনাকৈ সােণবৰণীয়া ধাননি পথাৰ আৰু ধাননি পথাৰত মুঠি মুঠি ধান কাচিৰে কাটি হাঁহি-খিকিন্দালি কৰি থকা সুন্দৰকৈ তুলি বন্ধা খােপাৰে শুৱনি দাৱনীহঁতক ঢাকি ধৰি থাকিলেও কবিয়ে তাৰ মাজতেই তেওঁৰ মৰমৰ প্রেম-প্রিয়া সেউতীক বিচাৰি চাব বিচাৰিছে কিন্তু সোতৰ বছৰীয়া ভৰ যৌৱনা গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে ‘যাঃ’ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি অতিকৈ আগ্রহী। মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্রশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো। “আঘোণৰ কুঁৱলীত ধাননি লুকাল, দাৱনী ঢাকিল, সেউতীও হেৰাল; কবিক উপেক্ষা কৰি হাতৰ তৰা-জবী হাততেই ৰই গ’ল।”

৪। আঘােণৰ কুঁৱলীত কবিৰ অন্তৰ বিষাদবােধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা। 

উত্তৰঃ কবিৰ অন্তৰত মূলত সেউতীৰ প্ৰেম আৰু আঘোণৰ পথাৰৰ সৌন্দর্য উপভোগ কৰাৰ আশংক্ষা আছে। কিন্তু কুঁৱলীৰে সকলো ঢাকি পেলাওঁতে তেওঁ একো বুজিব নোৱাৰে, একো স্পষ্ট দেখিব নোৱাৰে। সেউতীৰ সৈতে দেখা নাপাই, দাৱনীৰ দৃশ্য উপভোগ নকৰিব পাৰি। কবিৰ অন্তৰত গভীৰ বিষাদ জন্মে। কবিৰ মন হাঁহি খেদি খেদি বন শেষ হৈ পৰে। আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মুৰত খোপা বান্ধি পথাৰত নামি যায়। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকে আকর্ষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেয়সীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত তেওঁ কাকো ভালদৰে দেখি পোৱা নাছিল। কবিয়ে তেওঁৰ প্রেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছিল। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীৰে যেন কবিৰ সপোন, আনন্দ আৰু প্রেম আৱৰি ৰাখিছে, আৰু ইয়াতেই কবিৰ অন্তৰৰ বিষাদবােধ প্ৰকাশ পাইছে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

(ক)  আঘোণৰ পথাৰত দাৱনীৰ কাম আছে

মুঠি মুঠি ডাঙৰি ডাঙৰি,

কাম আছে

আঘোণৰ পথাৰত কাম আৰু কাম।

উত্তৰঃ কবিতাফাঁকিৰ মাজেৰে কবিয়ে আঘোণৰ পথাৰত দাৱনীৰ লানি নিছিগা কামৰ সম্পৰ্ক ব্যক্ত কৰিছে। এই সময়ত কৃষকসকলে ধান কাটি কাচি তোলাত ব্যস্ত হয়। পথাৰত দাৱনী চলি থাকে, মুঠি মুঠি কাচি ডাঙৰি ভাঙলি তোলাৰ দৃশ্য এক চাঞ্চল্য সৃষ্টি কৰে। কবিতাৰ প্রসংগত কুঁৱলীয়ে যদিও সেই দৃশ্য ঢাকি পেলায়, তথাপিও কৃষকৰ ক্ষেতি-কামৰ গতি থমকি নাথাকে। অসমীয়া তিৰোতাসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা, ধান চপোৱা, আদি নানান কাম কৰিবলগা হয়। কবিয়ে কবিতাফাঁকিৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত কৰিছে।

(খ)  আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে, 

ৰাগি আছে,

আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।

উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। আঘোণ মাহত আকাশত মেঘৰ উৰুলি আৰু বজ্ৰৰ ৰাগি গৰ্জন কৰে। এই বজ্ৰ-বিদ্যুতৰ গৰ্জনই কৃষকৰ জীৱন আৰু প্ৰকৃতি দুয়োটাক এক ভয়ংকৰ পৰিৱেশত ভৰি তোলে। কবিতাৰ মূল প্ৰবাহত আঘোণৰ কুঁৱলীৰে পথাৰ ঢাকি পেলোৱাৰ লগতে আকাশৰ ৰাগি-গৰ্জনে এক ভিন্ন দৃশ্য সৃষ্টিৰ সংগতি ৰাখিছে।

(গ) আঘোণৰ কুঁৱলীত ধাননী লুকালে

আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে

আঘোণৰ কুৱলীতে সেউতী হেৰালে

ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল।

উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।

সোনালী ধাননি, দাৱনীৰ দৃশ্য আৰু সেউতীৰ প্ৰেমময় উপস্থিতি—সকলো কুঁৱলীৰে ঢাকি পেলায়। কবি সেউতীৰ সৈতে মিলনৰ আশা লৈ থাকিলেও কুঁৱলীৰে সেই আশা পূৰণ হ’ব দিয়া নাছিল। কবিৰ অন্তৰত সেউতীৰ হাত ধৰি প্ৰেমৰ বন্ধন গঢ়ি তোলাৰ ইচ্ছা জন্মে, কিন্তু সেই ইচ্ছা কুঁৱলীৰ আঁতৰ-আবৰণত অপূৰ্ণ হৈ থাকে। আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল। কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল। 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

8 thoughts on “Class 12 Assamese Chapter 6 আঘোণৰ কুঁৱলী”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top