Class 12 Assamese Chapter 3 আনন্দৰাম বৰুৱা

Class 12 Assamese Chapter 3 আনন্দৰাম বৰুৱা, Class 12 Assamese Question Answer, HS 2nd year Assamese notes, আনন্দৰাম বৰুৱা Class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 3 আনন্দৰাম বৰুৱা and select needs one.

Class 12 Assamese Chapter 3 আনন্দৰাম বৰুৱা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 3 আনন্দৰাম বৰুৱা Solutions for All Subject, You can practice these here.

আনন্দৰাম বৰুৱা

Chapter – 3

আর্হি প্রশ্ন:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)

১। আনন্দৰাম বৰুৱাৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম ১৮৫০ চনৰ ২১ মে’ তাৰিখে উওৰ গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল।

২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই ভাৰতত শিক্ষা শেষ কৰি জ্ঞানলাভৰ কাৰণে সুদূৰ ইউৰােপলৈ গৈছিল।

৩। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ আনন্দৰাম বৰুৱাই সংস্কৃত গ্রন্থ ‘মহাবীৰ চৰিত’ত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।

৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।

উত্তৰঃ ইউৰােপৰ প্রসিদ্ধ পণ্ডিত মেক্সমূলাৰে আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হৈছিল।

৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র কি আছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কৰ্ম। তেওঁ বিশ্বাস কৰিছিল যে “কৰ্মই জীৱন আৰু কৰ্মহীনতাই মৃত্যু”। এজন জ্ঞানপিপাসু হিচাপে তেওঁ একাগ্ৰতা আৰু অধ্যৱসায়ৰ জৰিয়তে নিজৰ জীৱনক মহৎ কৰ্মত নিবেদন কৰিছিল। জ্ঞানাৰ্জনৰ বাবে ভাৰতৰ পৰা সুদূৰ ইউৰোপলৈ গৈ অসীম সাহস দেখুৱাইছিল। কামৰ বাবে মান-সম্মান নাপাহৰি কেৱল কৰ্মকেই প্ৰধান্য দিয়া তেওঁৰ জীৱনৰ বিশেষ বৈশিষ্ট্য আছিল। অবিৰাম কৰ্ম আৰু জ্ঞানপ্ৰেমৰ বাবেই আনন্দৰাম বৰুৱা আজিও অসমবাসীৰ গৌৰৱৰ ৰূপে পূজনীয়।

(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া। নিজ জন্মভূমি তথা পৰিয়ালৰ প্ৰতি থকা শ্ৰদ্ধা, দেশভক্তি, একাগ্ৰতা, পৰিশ্ৰম, মনোবল, কৰ্মস্পৃহা, অনুসন্ধান স্পৃহা আৰু তেওঁ দেখুৱাই যোৱা আন আন আদৰ্শবোৰ সদায় আমি অনুকৰন কৰা উচিত।

২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাৰ সময়ত ইউৰোপলৈ যাবলৈ মানুহে সাহ নকৰাৰ প্ৰধান কাৰণ আছিল ভয় আৰু সামাজিক ধাৰণা। তেতিয়া পথ বৰকৈ দুর্গম আছিল, ইমানেই নহয় অসমৰ পৰা ওচৰৰ বংগদেশলৈ যাবলৈকে মানুহ ভয় কৰিছিল। তাৰ উপৰি সমাজত এই বিশ্বাস দৃঢ় আছিল যে ইউৰোপলৈ গ’লে জাতি নষ্ট হয়। এনে কুসংস্কাৰ আৰু ভয়ৰ বাবে ভাৰতীয়সকল ইউৰোপলৈ যাবলৈ আগ্ৰহ দেখুওৱা নাছিল। কিন্তু আনন্দৰামে জ্ঞানাৰ্জনৰ প্ৰবল ইচ্ছা আৰু অসীম সাহসৰ জোৰত সকলো বাধা উপেক্ষা কৰি সুদূৰ ইউৰোপলৈ গৈ অসমবাসীৰ নাম উজ্জ্বল কৰিছিল।

৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?

উত্তৰঃ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্র পৰশুৰাম আৰু জানকীৰামৰ ভ্রাতৃ বুলি পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল।

। ‘আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’ বুজাই লিখা।

উত্তৰঃ আনন্দৰাম বৰুৱাই শিক্ষালাভ কৰি বিশ্ববিখ্যাত পণ্ডিত হোৱাৰ পাছতো নিজৰ দেশৰ প্ৰতি অটল ভক্তি দেখুৱাইছিল। তেওঁ সদায় ‘প্ৰাগজ্যোতিষপুৰ সম্ভৱম্’ বুলি গৌৰৱ অনুভৱ কৰিছিল আৰু নিজৰ গ্ৰন্থসমূহত প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ উল্লেখ কৰিছে। বিশেষকৈ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লিখন কৰি স্বদেশপ্ৰেমৰ পৰিচয় দিছে। লগতে ভূঞা ডাঙৰীয়াই লিখা জীৱনী অনুসৰি, আনন্দৰাম বৰুৱাই সদায় নিজৰ দেশ আৰু দেশবাসীৰ সন্মান ৰক্ষা কৰিছিল। সেইবাবে ক’ব পাৰি — আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও অতি দৃঢ় আছিল।

৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?

উত্তৰঃ আনন্দৰাম বৰুৱা তেওঁৰ জ্ঞান, অধ্যৱসায় আৰু একাগ্ৰতাৰ বাবে পূজ্য হৈ থাকিব। তেওঁ অতি কম বয়সতে ভাৰত আৰু ইউৰোপত শিক্ষা লাভ কৰি বিশ্ববিখ্যাত পণ্ডিত হিচাপে খ্যাতি অৰ্জন কৰিছিল। কামৰ বাবে কেতিয়াও মান-সম্মান বিচাৰ নকৰাকৈ কেৱল কৰ্মক প্ৰধান্য দিয়াটো তেওঁৰ বিশেষ গুণ আছিল। নিজৰ দেশৰ নাম উজ্জ্বল কৰি, অসমীয়া সমাজক জ্ঞান-অনুসন্ধান আৰু অধ্যৱসায়ৰ পথ দেখুৱাই গৈছে। সেয়েহে তেওঁৰ একাগ্ৰতা, কৰ্মপ্ৰেম, স্বদেশভক্তি আৰু জ্ঞানৰ দানৰ বাবে আনন্দৰাম বৰুৱা চিৰদিন পূজ্য হৈ থাকিব।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? ‘আনন্দৰাম বৰুৱা’ পাঠটিৰ আধাৰত বুজাই লিখা।

উত্তৰঃ ব্যাখেয় কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অর্ন্তগত প্ৰবন্ধকাৰ উপেন্দ্ৰে চন্দ্ৰ লেখাৰু দেৱৰ ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে।

মহাপুৰুষসকলৰ জীৱন মানুহৰ বাবে পথপ্ৰদৰ্শক। তেওঁলোকৰ আদৰ্শ আৰু কৰ্মপথ অনুসৰণ কৰিলে মানুহে নিজৰ জীৱনক উন্নতিৰ পথত পৰিচালিত কৰিব পাৰে। ‘আনন্দৰাম বৰুৱা’ পাঠত দেখুৱা মতে, আনন্দৰাম বৰুৱাই তেওঁৰ জীৱনৰ মূলমন্ত্র ৰূপে একাগ্ৰতা, অধ্যৱসায় আৰু কৰ্মক গ্ৰহণ কৰিছিল। তেওঁৰ জ্ঞান-পিপাসা, স্বদেশপ্ৰেম আৰু সাহসী মানসিকতা সকলোৰে বাবে অনুসৰণযোগ্য।

আনন্দৰামে তেওঁৰ সময়ত সমাজৰ ভয় আৰু কুসংস্কাৰ ভাঙি ইউৰোপলৈ গৈ শিক্ষা অৰ্জন কৰিছিল। ইমানেই নহয়, তেওঁ নিজৰ কামৰ দ্বাৰা প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত সেতু নিৰ্মাণ কৰিছিল। তেওঁ কামৰ বাবে কেতিয়াও মান-সম্মান বিচৰা নাছিল, কেৱল কৰ্মত একনিষ্ঠ হৈ থাকিছিল। তেওঁৰ দৰে মহাপুৰুষৰ আদৰ্শ গ্ৰহণ কৰিলে মানুহে জীৱনত সাহস, একাগ্ৰতা আৰু অধ্যৱসায়ৰ মূল্য বুজিব পাৰে।

এনে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰিলে মানুহে নিজৰ ব্যক্তিত্বক গঠন কৰাৰ লগতে সমাজ আৰু দেশকো আগবঢ়াব পাৰে। আনন্দৰামৰ জীৱনেই প্ৰমাণ যে অবিৰাম কৰ্ম, জ্ঞানচর্চা আৰু স্বদেশপ্ৰেমেৰে মানুহে মহত্ত্বৰ শিখৰ স্পৰ্শ কৰিব পাৰে। সুতৰাং, মহাপুৰুষসকলৰ আদৰ্শক চকুৰ আগত ৰাখি জীৱন পৰিচালিত কৰাটোৱেই সাফল্যৰ সৰ্বশ্ৰেষ্ঠ উপায়।

২। একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?

উত্তৰঃ একাগ্ৰতা আনন্দৰাম বৰুৱাৰ জীৱনৰ অন্যতম মহৎ গুণ আছিল। এই গুণৰ দ্বাৰাই তেওঁ অতি কম বয়সতেই অসাধাৰণ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল। ল’ৰাকালতে ভাওনা আদি অভিনয়ত যোগ দিওঁতে তেওঁ যিদৰে একমনা হৈছিল, তেনে একমনা ভাবেই তেওঁ পঢ়াশোনাতো অবলম্বন কৰিছিল। ফলস্বৰূপে গোটেই ‘অমৰকোষ’খনি কণ্ঠস্থ কৰিবলৈ সক্ষম হৈছিল, যি সাধাৰণ কোনো লোকে মনোসংযোগ নথকা অৱস্থাত কৰিব নোৱাৰে। একাগ্ৰতাৰ জোৰতেই তেওঁ ইউৰোপলৈ গ’ই অধ্যয়ন কৰি বিশ্ববিখ্যাত পণ্ডিত হ’ব পাৰিছিল। এককথাত ক’বগৈলে, একাগ্ৰতা গুণেই আনন্দৰামক জ্ঞানপিপাসু, অধ্যৱসায়ী আৰু অমৰ কর্মী ৰূপে গঢ়ি তুলিছিল।

৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা ‘কর্মই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ’।

উত্তৰঃ এই কথাফাকিখন আমাৰ পাঠ্যপুথি “সাহিত্য সৌৰভ”ত অর্ন্তগত প্ৰবন্ধকাৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ “আনন্দৰাম বৰুৱা” শীৰ্ষক প্ৰবন্ধৰ পৰা উদ্ধৃত কৰা হৈছে।

আনন্দৰাম বৰুৱাৰ মতে কৰ্মেই আছিল জীৱনৰ মূলমন্ত্ৰ। তেওঁৰ দৃষ্টিত কৰ্মই ধৰ্ম, কাৰণ কেৱল অবিৰাম কৰ্মদ্বাৰাই জীৱন সাৰ্থক হয়। ভাৰতীয় দৰ্শনতো কৰ্মক জীৱনৰ মূল বুলি ধৰা হয়— ফলৰ আশাবিহীনভাৱে কৰ্ম সাধনাই জীৱনৰ যথাৰ্থ অৰ্থ। এনে দৰ্শনৰ পূৰ্ণ অনুকৰণ আনন্দৰামে নিজৰ জীৱনত কৰিছে। তেওঁ বিশ্বাস কৰিছিল যে কৰ্মৰ দ্বাৰাই মানুহ অমৰ হৈ থাকে, কিন্তু কৰ্মহীন মানুহৰ জীৱন প্ৰকৃততে মৃত্যু সদৃশ।

আনন্দৰাম বৰুৱাৰ জীৱনেই এই সত্যৰ প্ৰমাণ। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰাৰ পাছতে চাকৰি জীৱনৰ অতি সৰু সময়ৰ ভিতৰতে তেওঁ বহুকেইখন উৎকৃষ্ট গ্ৰন্থ প্ৰকাশ কৰিছিল। তাৰ উপৰিও তিনি অনেক গ্ৰন্থ ৰচনাৰ সংকল্প কৰিছিল। তেওঁৰ এই একাগ্ৰতা, কৰ্মস্পৃহা আৰু অধ্যৱসায়ৰ ফলতে জগতবিখ্যাত পণ্ডিত মেক্সমূলাৰেও বিস্ময় প্ৰকাশ কৰিছিল। কামৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বা মান-সন্মান বিচৰা নাছিল, কেৱল কৰ্মতেই আনন্দ পাইছিল।

জ্ঞানস্পৃহাৰ বাবে আনন্দৰামে ইউৰোপলৈ গৈ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ কর্ম, জ্ঞান আৰু খ্যাতিৰ দ্বাৰাই প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন হৈছিল। দেশ-জাতিৰ কল্যাণৰ বাবে তেওঁৰ জীৱন এক উদাহৰণ হৈ আছে। সেয়ে প্ৰবন্ধকাৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱে এই বাক্যৰে প্ৰকাশ কৰিছে যে— কৰ্মহীনতা মানেই জীৱনৰ মৃত্যু, কৰ্মহে জীৱনৰ আচল শক্তি।

। আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা।

উত্তৰঃ আনন্দৰাম বৰুৱাই নিজৰ জীৱনৰ দ্বাৰা আমাৰ বাবে এক উদাহৰণ স্থাপন কৰি গৈছে। তেওঁৰ মহৎ আদৰ্শবোৰ আমাক প্ৰেৰণা দিয়ে। প্ৰথমতে, আনন্দৰামৰ দৰে আমিও অধ্যৱসায়ী, একাগ্ৰ আৰু কৰ্মস্পৃহালু হ’ব লাগিব। তেওঁ জ্ঞানস্পৃহাৰ বাবে দেশৰ পৰা সুদূৰ ইউৰোপলৈ গৈ শিক্ষা আর্জন কৰিছিল। এই দিশেৰে আমিও অধ্যয়নক জীৱনৰ মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰোঁ।

দ্বিতীয়তে, আনন্দৰাম বৰুৱাৰ দৰে আমিও কৰ্মক ধৰ্ম বুলি গ্ৰহণ কৰি ফলৰ আশা নকৰি অবিৰাম কৰ্ম কৰি যোৱা উচিত। কামৰ দ্বাৰাই জীৱন সাৰ্থক হয় আৰু সমাজ-জাতিৰ উন্নতি সাধন হয় —এই পাঠ আমাক তেওঁৰ জীৱনেদি পঢ়ায়।

তৃতীয়তে, আনন্দৰামৰ দেশপ্ৰেম, জাতি-সমাজৰ কল্যাণৰ চিন্তা আৰু প্ৰাচ্য-পাশ্চাত্যক একত্ৰ কৰাৰ মানসিকতাই আমাকো পথ দেখায়। তেওঁ সদায় নিজৰ স্বাৰ্থৰ ওপৰত সমাজ-জাতিৰ কল্যাণক গুৰুত্ব দিছিল। আমিও তেওঁক আদৰ্শ মেনে সমাজ-জাতিৰ কল্যাণত নিজকে নিয়োজিত কৰিব পাৰোঁ।

সেয়ে ক’ব পাৰি— আনন্দৰাম বৰুৱাৰ জ্ঞানস্পৃহা, কৰ্মপ্ৰেম, দেশভক্তি আৰু মহৎ জীৱন আদৰ্শক গ্ৰহণ কৰি আমি নিজৰ জীৱনক সাৰ্থক কৰি সমাজ-জাতিৰ উন্নতি সাধন কৰিব পাৰোঁ।

৫। প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে, বুজাই লিখা।

উত্তৰঃ অধ্যাপক উপেন্দ্ৰচন্দ্ৰ লেখাৰুয়াৰ মতে, আনন্দৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বিশেষভাৱে বিকশিত হৈছিল বুলি কোৱা কঠিন। সেই সময়ত পাশ্চাত্য পণ্ডিতসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ গভীৰ অধ্যয়ন কৰিবলৈও বিশেষ সুবিধা পোৱা নাছিল। কিন্তু আনন্দৰাম বৰুৱাৰ পিছত এইক্ষেত্ৰত এক নতুন জাগৰণৰ সূচনা হৈছিল। প্ৰাচ্য আৰু পাশ্চাত্যৰ জ্ঞানৰ সংমিশ্ৰণত আনন্দৰামৰ অৱদান অতি গৌৰৱজনক। তেওঁক আদৰ্শ কৰি ভাৰতে বহু পণ্ডিতে সংস্কৃত অধ্যয়ন-চৰ্চাৰ দিশে আগবাঢ়িলে। অসমৰ বাবে বৰুৱা সত্যই গৌৰৱৰ ৰবি।

আজিও দেশত যিমানেই শক্তি অনুসৰি পণ্ডিতসকলে অধ্যয়ন-চৰ্চা আৰু অনুসন্ধান কৰি খ্যাতি লাভ কৰিছে, সেয়া মূলতঃ আনন্দৰাম বৰুৱাৰ আদৰ্শৰ পৰা অনুপ্ৰাণিত। একাগ্ৰতা, অধ্যৱসায় আৰু দৃঢ়চিত্ততাৰ বলত আনন্দৰাম বৰুৱাই জাতিসমূহৰ মাজত নিজৰ আসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁহে প্ৰথমতে নৱযুগৰ আত্মবিশ্বাসৰ সৈতে আমাৰ সমাজত আশা জন্মালে আৰু প্ৰাচ্য-পাশ্চাত্যৰ মিলনত বীজ সিঁচিলে। আনন্দৰাম বৰুৱাৰ জীৱন আৰু কৰ্মই প্ৰমাণ কৰে যে তেওঁ জাতিসমূহৰ লগতে প্ৰাচ্য আৰু পাশ্চাত্যৰ ঐক্য সাধনত এক অমোঘ ভূমিকা পালন কৰিছিল।

3 thoughts on “Class 12 Assamese Chapter 3 আনন্দৰাম বৰুৱা”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top