Class 12 Assamese Chapter 7 অসমীয়া চলচ্চিত্রৰ গতিধাৰা

Class 12 Assamese Chapter 7 অসমীয়া চলচ্চিত্রৰ গতিধাৰা, Class 12 Assamese Question Answer, HS 2nd year Assamese notes, অসমীয়া চলচ্চিত্র Class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 7 অসমীয়া চলচ্চিত্রৰ গতিধাৰা and select needs one.

Class 12 Assamese Chapter 7 অসমীয়া চলচ্চিত্রৰ গতিধাৰা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 7 অসমীয়া চলচ্চিত্রৰ গতিধাৰা Solutions for All Subject, You can practice these here.

অসমীয়া চলচ্চিত্রৰ গতিধাৰা

আর্হি প্রশ্ন:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতি’ কথাছবিৰ কাহিনীৰ উৎস কি?

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতি’ কথাছবিৰ কাহিনীৰ উৎস হ’ল- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকখন।

২। জ্যোতিপ্রসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল?

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল।

৩। ‘চিত্রবন’ ষ্টডিঅ’ কোনে  নির্মাণ কৰিছিল?

উত্তৰঃ ‘চিত্রবন’ ষ্টডিঅ’ জ্যোতিপ্রসাদ আগৰৱালাই তেজপুৰৰ ওচৰতে থকা ভোলাগুৰি চাহ বাগিছাত নির্মাণ কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।

উত্তৰঃ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ’ল- নিমিলা অংক।

৫। লতা মংগেশকাৰে গীতত কন্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।

উত্তৰঃ লতা মংগেশকাৰে গীতত কন্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম হ’ল- এৰা বাটৰ সুৰ।

(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা ছবি দুখনৰ নাম লিখা।  

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰা ছবি দুখনৰ নাম হ’ল- ‘জয়মতী’ (১৯৩৫), আৰু ‘ইন্দ্ৰমালতী’ (১৯৩৯ )। 

২। এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা— এৰাবাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি। 

উত্তৰঃ এই কথাছবি কেইখনৰ পৰিচালকৰ নাম  হ’ল— এৰাবাটৰ সুৰ— ড ° ভূপেন হাজৰিকা; ডাঃ বেজবৰুৱা— ব্ৰজেন বৰুৱা; গঙা চিলনীৰ পাখি— পদুম বৰুৱা।

৩। ভবেন্দ নাথ শইকীয়া পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা ।

উত্তৰঃ  ভবেন্দ নাথ শইকীয়া পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম হ’ল- সাৰথি, কোলাহল আৰু আবৰ্তন ।

৪. জয়মতী, চিৰাজ আৰু সতী বেউলা- এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইগৰাকীৰ লিখা।

উত্তৰঃ জয়মতী কথাছবি খনৰ সংগীত পৰিচালকজনৰ নাম হ’ল- জ্যোতিপ্রসাদ আগৰৱালা

চিৰাজ কথাছবি খনৰ সংগীত পৰিচালকজনৰ নাম হ’ল- কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা

সতী বেউলা কথাছবি খনৰ সংগীত পৰিচালকজনৰ নাম হ’ল- ভূপেন হাজৰিকা ।

৫। অসম চৰকাৰে অসমীয়া চিনেমা – শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে?

উত্তৰঃ অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশৰ বাবে প্ৰযোজকসকলক আৰ্থিক অনুদান প্ৰদান কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত “জ্যোতি চিত্ৰবন ছোছাইটি” নামেৰে ষ্টুডিঅ’ কমপ্লেক্স স্থাপন কৰি স্থানীয় চলচ্চিত্ৰ নিৰ্মাতাসকলক সহায় কৰিছে। ইয়াৰ সৈতে “ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইনষ্টিটিউট” প্ৰতিষ্ঠা কৰি নতুন প্ৰজন্মক চলচ্চিত্ৰ শিক্ষাৰ সুযোগ দিছে। ছবি প্ৰযোজনাত অৰ্থনৈতিক সহায়ৰ বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম গঠন কৰা হৈছে। লগতে অসমীয়া চলচ্চিত্ৰৰ ইতিহাস সংৰক্ষণৰ বাবে চলচ্চিত্র সংগ্ৰহালয় আৰু আর্কাইভ স্থাপন কৰিছে।

সামগ্ৰিকভাৱে কোৱা যায়, চৰকাৰে আৰ্থিক সহায়, ষ্টুডিঅ’, প্ৰশিক্ষণ, নিগম আৰু সংগ্ৰহালয় স্থাপন কৰি অসমীয়া চিনেমাৰ বিকাশত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্রসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা।

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্র নির্মাণৰ বিশেষ প্ৰশিক্ষণ লৈছিল। তাৰ পিছত তেখেতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ আলম লৈ ১৯৩৫ চনৰ ১০ মার্চ ‘জয়মতী’ নামৰ কথাছবিখনেৰে অসমীয়া চিনেমা জগতৰ আৰম্ভণি কৰিছিল। প্ৰথম অসমীয়া চিনেমা হোৱা বাবে ‘জয়মতী’ অসমীয়াৰ মাজত অসীম আগ্ৰহ জাগ্ৰত কৰিছিল, যদিও পৰিৱেশনাৰ পৰিকাঠামোৰ অভাৱ আৰু অধিক ব্যয়ৰ কাৰণে জ্যোতিপ্রসাদ আগৰৱালাই বহু টকা লোকচান ভোগ কৰিবলগা হৈছিল।

অসমীয়া চলচ্চিত্র জগতৰ বিকাশত তেওঁৰ দ্বিতীয়খন ছবি ‘ইন্দ্ৰমালতী’ (১৯৩৯) এক নতুন অধ্যায় ৰচনা কৰিলে। এই ছবিখন সম্পূৰ্ণৰূপে তেওঁৰ নিজৰ কাহিনীৰ ওপৰত আধাৰিত আছিল আৰু কলকাতাৰ অৰোৰা ষ্টুডিঅ’ত নিৰ্মাণ কৰা হৈছিল। ‘জয়মতী’ত অতীত গৌৰৱৰ কাহিনী থাকিলে, ‘ইন্দ্ৰমালতী’ত স্বাধীনতা আন্দোলনৰ আদৰ্শ প্ৰতিফলিত হৈছিল। ইয়াৰ জৰিয়তে জ্যোতিপ্রসাদ আগৰৱালাই চলচ্চিত্র মাধ্যমৰ জৰিয়তে সমাজত দেশপ্ৰেমৰ আদৰ্শ জাগ্ৰত কৰাৰ চেষ্টা কৰিছিল।

তেখেতে প্ৰথমে তেজপুৰৰ ভোলাগুৰি চাহ বাগিচাত ‘চিত্ৰবন’ ষ্টুডিঅ’ স্থাপন কৰি দৃশ্যগ্ৰহণ কৰিছিল। পাছত সম্পাদনাৰ বাবে ছবিখন লাহোৰ আৰু কলকাতালৈ লৈ যোৱা হৈছিল। তেতিয়াৰ সময়ত অসমৰ ভিতৰত কোনো চলচ্চিত্র নিৰ্মাণৰ সুবিধা নাথাকিলেও জ্যোতিপ্রসাদ আগৰৱালাই নিজৰ শিল্পপ্ৰেম আৰু দৃঢ় মনোবলৰ জৰিয়তে অসমীয়া চলচ্চিত্রৰ ভিত গঢ়ি তুলিছিল।

সামগ্ৰিকভাৱে কোৱা যায়, জ্যোতিপ্রসাদ আগৰৱালাই প্ৰথম অসমীয়া চলচ্চিত্র নিৰ্মাণ কৰি অসমীয়া সমাজক নতুন শিল্প-সংস্কৃতিৰ লগত পৰিচিত কৰাই দিছিল। সঁচাকৈয়ে তেওঁকেই এজন অসমীয়া চলচ্চিত্রৰ জনক (Father of Assamese Cinema) বুলি কোৱা হয়।

২। অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকা দেৱৰ অৱদান অতুলনীয় আছিল। তেখেতে ১৯৫৬ চনত পৰিচালিত ‘এৰা বাটৰ সুৰ’ ছবিখনৰ মাধ্যমেৰে অসমৰ মাটিৰ সুৰ, কৃষ্টি আৰু স্বদেশপ্ৰেমৰ ভাৱ চলচ্চিত্ৰৰ জৰিয়তে ফুটাই তুলিছিল। এই ছবিখনত ভূপেন হাজৰিকাই ভাৰতৰ খ্যাতনামা সংগীতশিল্পী লতা মংগেছকাৰ আৰু হেমন্ত মুখাৰ্জীৰ কণ্ঠ ব্যৱহাৰ কৰি অসমীয়া চলচ্চিত্ৰক এটা বহল পৰিসৰত চিনাকি কৰাবলৈ সক্ষম হৈছিল।

অসমীয়া ছবিক নতুন দিশলৈ লৈ যাবলৈ তেওঁ ১৯৬৫ চনত খাচি লোককথাৰ আধাৰত ‘প্ৰতিধ্বনি’ ছবিখন নিৰ্মাণ কৰে। পাছত এই ছবিখন খাচি ভাষালৈ ডাব কৰি তেওঁ অসমীয়া চলচ্চিত্ৰৰ পৰিধি বৃদ্ধি কৰাৰ লগতে অসমৰ বাহিৰতো চলচ্চিত্ৰৰ আগ্ৰহ সৃষ্টি কৰে।

ভূপেন হাজৰিকাই ছবিৰ বজাৰ বিস্তাৰৰ বাবে হিন্দী ছবি ‘তকদীৰ’ক অসমীয়ালৈ ডাব কৰিছিল। ইয়াৰ পিছত ৰাজশ্ৰী প্ৰডাকচনৰ সৈতে যৌথ প্ৰযোজনাত ‘চিকমিক বিজুলী’ ছবিখন নিৰ্মাণ কৰে। ই আছিল প্ৰথমখন ছবি যি এখন প্ৰতিষ্ঠিত প্ৰযোজনা সংস্থাই অসমীয়া ভাষাত প্ৰযোজনা কৰিছিল। এই ছবিৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত ব্যৱসায়ী সংস্থাৰ অংশগ্ৰহণ আৰম্ভ হৈছিল আৰু ইয়াৰ দ্বাৰা অসমীয়া চিনেমা শিল্পত নতুন গতি আহে।

সামগ্ৰিকভাৱে ভূপেন হাজৰিকাই অসমীয়া চলচ্চিত্ৰক সংগীত, কাহিনী আৰু সাংস্কৃতিক বৈচিত্রৰে সমৃদ্ধ কৰি তুলিবলৈ অমূল্য অৱদান আগবঢ়াইছিল। তেখেতকেই এজন অসমীয়া চলচ্চিত্ৰ শিল্পৰ সমৃদ্ধিৰ পথ প্ৰদৰ্শক বুলি অভিহিত কৰিব পাৰি।

৩। ভৱেন্দ্র নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অসমীয়া চলচ্চিত্র শিল্পলৈ ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ অভূতপূৰ্ব অৱদান আছে। ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘সন্ধ্যাৰাগ’ (১৯৭৭) ছবিখনে ব্যৱসায়িক আৰু কলাগত সফলতা লাভ কৰি অসমীয়া চিনেমাক এক নতুন দিশত আগুৱাই লৈ গৈছিল। এই ছবিৰে অসমীয়া চলচ্চিত্ৰত বাস্তৱবাদী ধাৰাৰ সঞ্চাৰ ঘটে। তেখেতে একে একে ‘অনির্বাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আবর্তন’, ‘ইতিহাস’ আদি প্ৰশংসনীয় ছবি নিৰ্মাণ কৰে। লগতে তেওঁ হিন্দী ভাষাত ‘কালসন্ধ্যা’ নামৰ ছবি নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰক ৰাষ্ট্ৰীয় পৰিসৰত খ্যাতি প্ৰদান কৰিছিল। ভবেন্দ্ৰ নাথ শইকীয়াৰ ছবিসমূহ দেশ-বিদেশৰ বহু চলচ্চিত্ৰ উৎসৱত প্ৰদৰ্শিত হৈছিল আৰু সন্মান লাভ কৰিছিল।

জাহ্নু বৰুৱাইও সমসাময়িকভাৱে অসমীয়া চলচ্চিত্ৰলৈ এক বিশেষ অৱদান আগবঢ়াইছিল। তেওঁৰ প্ৰথম ছবি ‘অপৰূপা’ ই অসমীয়া চলচ্চিত্ৰত নতুন মাধুৰ্য্য আৰু কল্পনাশক্তিৰ সংযোজন কৰিছিল। পৰৱৰ্তী কালত তেওঁৰ ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘বনানী’, ‘তৰা’, ‘সাগৰলৈ বহু দূৰ’ আদি ছবিসমূহ দেশৰ ভিতৰতে নহয়, বিদেশতো সন্মান আৰু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। জাহ্নু বৰুৱাই বাস্তৱধর্মী চলচ্চিত্ৰৰ জৰিয়তে অসমীয়াৰ সামাজিক জীৱন আৰু সমস্যাবোৰক প্ৰভাৱশালী ভাৱে প্ৰতিফলিত কৰিছিল।

সামগ্ৰিকভাৱে কোৱা যায়, ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চলচ্চিত্ৰ শিল্পক কলাগত, সাহিত্যিক আৰু আন্তর্জাতিক পৰিসৰত গৌৰৱ দান কৰি অসমীয়া চলচ্চিত্ৰ ইতিহাসত সৰ্বাধিক প্ৰভাৱশালী পৰিচালক হিচাপে স্থান লাভ কৰিছে।

৪। অসমীয়া বিনোদনধর্মী চলচ্চিত্রৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ অসমীয়া বিনোদনধর্মী চলচ্চিত্ৰ মূলতঃ দৰ্শকক আনন্দ, মনোৰঞ্জন আৰু উপভোগ প্ৰদানৰ উদ্দেশ্যে নিৰ্মাণ কৰা হয়। এই ধাৰাৰ চলচ্চিত্ৰবোৰত সাধাৰণতে আৱেগ, নাটকীয়তা আৰু ৰোমাঞ্চৰ উপাদান পোৱা যায়। অসমৰ বিনোদনধর্মী চলচ্চিত্ৰ জগত অতিকৈ প্ৰফুল্লিত হৈছিল ১৯৬৯ চনত ব্ৰজেন বৰুৱা পৰিচালিত ‘ডাঃ বেজবৰুৱা’ ছবিখনৰ মাধ্যমেৰে। এই ছবিখনক প্ৰথম আৱেগমিশ্ৰিত থ্ৰিলাৰধর্মী অসমীয়া ছবি বুলি গণ্য কৰা হয় আৰু ইয়াৰ সাফল্যে দৰ্শকৰ মাজত বিনোদনধর্মী চলচ্চিত্ৰৰ নতুন ধাৰাৰ আৰম্ভণি ঘটাইছিল।

এই ধাৰাত পৰৱৰ্তীকালত কেইবাখনো জনপ্রিয় ছবি নিৰ্মাণ কৰা হয়। সেয়া হ’ল — ‘মুকুতা’, ‘যোগ-বিয়োগ’, ‘উপগ্ৰহ’, ‘ভাইটি’, ‘চামেলি মেমচাব’, ‘আজলী নবৌ’ আদি। এই ছবিবোৰত দৰ্শকৰ মনৰ ৰুচি অনুসৰি কাহিনী সাজি তুলা হৈছিল আৰু কাহিনীবোৰ আৱেগপূৰ্ণ তথা নাটকীয় উপাদানৰে ভৰা আছিল। যদিও চলচ্চিত্ৰ ভাষাৰ দিশৰ পৰা এই ছবিসমূহ অতি উচ্চ মানৰ নাছিল, তথাপিও ই দৰ্শকৰ ৰুচিবোধক সন্মান জনাই নিটোল আৰু গ্রহণযোগ্য কাহিনীৰে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

বিনোদনধর্মী ছবিৰ বিকাশত কেইজনমান পৰিচালকে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তাৰ ভিতৰত নিপ বৰুৱা, দ্বিবন বৰুৱা, আব্দুল মজিদ আৰু শিৱ ঠাকুৰ উল্লেখযোগ্য। এই পৰিচালকসকলে বিনোদনমূলক উপাদান সংলগ্ন কৰি দৰ্শকক মনোৰঞ্জন প্ৰদানৰ লগতে অসমীয়া চলচ্চিত্ৰক বহুলভাৱে জনপ্রিয় কৰি তুলিবলৈ সক্ষম হৈছিল।

৫। অসমীয়া চলচ্চিত্ৰই লাভ কৰা ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অসমীয়া চলচ্চিত্ৰই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত বহু গুৰুত্বপূর্ণ স্বীকৃতি লাভ কৰিছে। প্ৰথম স্বীকৃতিৰ সূচনা হৈছিল ১৯৫৫ চনত ফণী শর্মা পৰিচালিত ‘পিয়লি ফুকন’ ছবিৰে, যিটো ‘ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট’ লাভ কৰা প্ৰথম অসমীয়া ছবি আছিল। তাৰ পিছত ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাব’ ছবিৰ সংগীত পৰিচালনাৰ বাবে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ অৰ্জন কৰি অসমীয়া চলচ্চিত্ৰক এক নতুন গৌৰৱৰ সোপানত উপনীত কৰে।

পৰৱৰ্তী সময়ত ড° ভৱেন্দ্ৰ নাথ শইকীয়া পৰিচালিত ‘অগ্নিস্নান’ ছবিখনে শ্রেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে আৰু জাহ্নু বৰুৱাৰ ‘সাগৰলৈ বহু দূৰ’ ছবিখনে শ্রেষ্ঠ পৰিচালকৰ বঁটা অৰ্জন কৰে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা আন কেইখনমান অসমীয়া ছবি হ’ল — ‘ৰাগ বিৰাগ’ (বিদ্যুত চক্রৱৰ্তী), ‘হলধৰ’ (সঞ্জীৱ হাজৰিকা), ‘ৱশ্ববিপু’ (গৌতম বৰা), ‘হালধীয়া চৰায়ে বাওধান খায়’ (জাহ্নু বৰুৱা), ‘বনানী’ (জাহ্নু বৰুৱা), ‘বৈভব’ (মঞ্জু বৰা), ‘তৰা’ (জাহ্নু বৰুৱা), ‘জুয়ে পোৰা সোণ’ (সঞ্জীৱ সভাপণ্ডিত), ‘আই ক’ত নাই’ (মঞ্জু বৰা) আদি।

চলচ্চিত্ৰৰ বিভিন্ন শাখাতো অসমীয়া প্ৰতিভাসকলে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। শ্বেৰ চৌধুৰী সংগীত পৰিচালনাৰ বাবে, মলয়া গোস্বামী অভিনয়ৰ বাবে, এ শ্ৰীকৰ প্রসাদ সম্পাদনাৰ বাবে আৰু মৃণালকান্তি দাস চিত্ৰগ্ৰহণৰ বাবে বঁটা লাভ কৰে। অভিনয় শাখাতো ৰুদ্র বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰঘৰীয়ায়ে ‘জুৰিৰ বিশেষ উল্লেখ’ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

সামগ্ৰিকভাৱে কোৱা যায়, অসমীয়া চলচ্চিত্ৰ শিল্পই নিজস্ব বৈশিষ্ট্য আৰু সৃষ্টিশীলতাৰ দ্বাৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত সন্মানৰ আসন দখল কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত অসমীয়া চিনেমা বিশ্ব চলচ্চিত্ৰৰ মানচিত্রত গৌৰৱৰ সৈতে প্ৰতিষ্ঠিত হৈছে।

3 thoughts on “Class 12 Assamese Chapter 7 অসমীয়া চলচ্চিত্রৰ গতিধাৰা”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top