Class 12 Assamese Chapter 7 অসমীয়া চলচ্চিত্রৰ গতিধাৰা

Class 12 Assamese Chapter 7 অসমীয়া চলচ্চিত্রৰ গতিধাৰা, Class 12 Assamese Question Answer, HS 2nd year Assamese notes, অসমীয়া চলচ্চিত্র Class 12 The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 7 অসমীয়া চলচ্চিত্রৰ গতিধাৰা and select needs one.

Class 12 Assamese Chapter 7 অসমীয়া চলচ্চিত্রৰ গতিধাৰা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 7 অসমীয়া চলচ্চিত্রৰ গতিধাৰা Solutions for All Subject, You can practice these here…

অসমীয়া চলচ্চিত্রৰ গতিধাৰা

Unit-7

অতি চমু প্রশ্ন – ১ নম্বৰ

(ক) জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতি’ কথাছবিৰ কাহিনীৰ উৎস কি?
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতি’ কথাছবিৰ কাহিনীৰ উৎস হ’ল- সাহিত্যৰথী লক্ষ্মীনাথ বেজবরুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকখন ।

(খ) জ্যোতিপ্রসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল?
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল ।

(গ) ‘চিত্রবন’ ষ্টডিঅ’ কোনে আরু ক’ত নির্মাণ কৰিছিল?
উত্তৰঃ ‘চিত্রবন’ ষ্টডিঅ’ জ্যোতিপ্রসাদ আগৰৱালাই তেজপুৰৰ ওচৰতে থকা ভোলাগুৰি চাহ বাগিছাত নির্মাণ কৰিছিল ।

(ঘ) লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা ।
উত্তৰঃ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ’ল- নিমিলা অংক ।

(ঙ) লতা মংগেশকাৰে গীতত কন্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা ।
উত্তৰঃ লতা মংগেশকাৰে গীতত কন্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম হ’ল- এৰা বাটৰ সুৰ ।

(চ) প্রথম অসমীয়া কথাছবি ‘জয়মতী’ কেতিয়া মুক্তি লাভ কৰিছিল?
উত্তৰঃ প্রথম অসমীয়া কথাছবি ‘জয়মতী’ ১৯৩৫ চনত মুক্তি লাভ কৰিছিল ।

(ছ) জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম লিখা ।
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰা দ্বিতীয়খন কথাছবিৰ নাম হ’ল- ইন্দ্রমালতী ।

(জ) ‘এৰা বাটৰ সুৰ’ নামৰ কথাছবিখনৰ নির্মাতা কোন আছিল?
উত্তৰঃ ‘এৰা বাটৰ সুৰ’ নামৰ কথাছবিখনৰ নির্মাতা আছিল- ভূপেন হাজৰিকা ।

(ঝ) অসমীয়া হাস্য ৰসাত্মক কথাছবি এখনৰ নাম লিখা ।
উত্তৰঃ অসমীয়া হাস্য ৰসাত্মক কথাছবি এখনৰ নাম হ’ল-যোগবিয়োগ ।

(ঞ) প্রথম অসমীয়া থ্রিলাৰ (উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবি) খনৰ নাম লিখা ।
উত্তৰঃ প্রথম অসমীয়া থ্রিলাৰ (উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবি) খনৰ নাম ‘ডাঃ বেজবৰুৱা’ (১৯৬৯ চন, ব্রজেন বরুৱাৰ দ্বাৰা পৰিচালিত) ।

চমু প্রশ্ন -২ নম্বৰ

(ক) জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰা দুখন কথাছবিৰ নাম লিখা ।
উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰা দুখন কথাছবিৰ নাম হ’ল- জয়মতী আরু ইন্দ্রমালতী ।

(খ) ব্রজেন বৰুৱা কোন আছিল?

উত্তৰঃ ব্রজেন বরুৱা অসমীয়া চিনেমা জগতৰ এজন প্রখ্যাত পৰিচালক আছিল । তেখেতে ১৯৬৯ চনত প্রথম আৱেগ মিশ্রিত থ্রিলাৰ ছবি হিচাপে ‘ডাঃ বেজবৰুৱা’ নির্মাণ কৰি উলিয়াইছিল । পৰৱৰ্তী পর্যায়ত তেখেতে ‘মুকুতা’, ‘ললিতা’, ‘ওপজা সোণৰ মাটি’ আদি ছবিসমূহৰ পৰিচালনাৰে অসমীয়া ছবিজগতক আগুৱাই লৈ গৈছিল । অন্তৰ্দৃশ্য দৃশ্যগ্রহণ কৰাৰ উদ্দেশ্যে তেখেতে কলকতা যোৱাৰ পৰিৱৰ্তে অসমৰে সাধাৰণ ঘৰতে দৃশ্যগ্রহণৰ কাম কৰিছিল আরু অসমৰ থলুৱা ল’ৰা-ডেকাকে কাৰিকৰী কাম শিকাই লৈ তেওঁ ছবি পৰিচালনা কৰিছিল ।

(গ) কুৰি শতিকাৰ সত্তৰ দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তৱবাদী ধাৰাৰ দুখন কথাছবিৰ নাম লিখা ।

উত্তৰঃ কুৰি শতিকাৰ সত্তৰ দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তৱবাদী ধাৰাৰ দুখন কথাছবিৰ নাম হ’ল- ‘অপৰাজেয়’(১৯৭০, চতুৰংগ পৰিচালিত) আরু ‘গঙা চিলনীৰ পাখি’(১৯৭৬, পদুম বরুৱাৰ দ্বাৰা পৰিচালিত) ।

(ঘ) বড়ো আরু কাৰ্বি ভাষাৰ প্রথম চলচ্চিত্র দুখনৰ নাম লিখা ।

উত্তৰঃ বড়ো আৰু কাৰ্বি ভাষাৰ প্রথম চলচ্চিত্র দুখনৰ নাম আছিল ক্রমে- ‘আলয়াৰণ’ (বড়ো), পৰিচালক আছিল-জাওদাং বডোচা আৰু ‘জিৰ চং’(কাৰ্বি), পৰিচালক আছিল-প্রফুল্ল শইকীয়া ।

(ঙ)অসমীয়া কথাছবিৰ দুগৰাকী সংগীত পৰিচালকৰ নাম লিখা ।

উত্তৰঃ অসমীয়া কথাছবিৰ দুগৰাকী সংগীত পৰিচালকৰ নাম- জ্যোতিপ্রসাদ আগৰৱালা আৰু ভূপেন হাজৰিকা ।

চমু প্রশ্ন – ৩ নম্বৰ

(ক) এই কথাছবিকেইখনৰ পৰিচালকৰ নাম লিখা- এৰা বাটৰ সুৰ, ডাঃ বেজবরুৱা আৰু গঙা চিলনীৰ পাখি ।

উত্তৰঃ এৰা বাটৰ সুৰ কথাছবিখনৰ পৰিচালকৰ নাম হ’ল- ভূপেন হাজৰিকা ।
ডাঃ বেজবৰুৱা কথাছবিখনৰ পৰিচালকৰ নাম হ’ল- ব্রজেন বৰুৱা ৷
গঙা চিলনীৰ পাখি কথাছবিখনৰ পৰিচালকৰ নাম হ’ল- পদুম বৰুৱা ।

(খ) ভবেন্দ নাথ শইকীয়া পৰিচালিত তিনিখন কথাছবিৰ নাম লিখা ।

উত্তৰঃ ভবেন্দ নাথ শইকীয়া পৰিচালিত তিনিখন কথাছবিৰ নাম হ’ল- সাৰথি, কোলাহল আৰু আবৰ্তন ।

(গ) জয়মতী, চিৰাজ আরু সতী বেউলা- এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইগৰাকীৰ লিখা ।

উত্তৰঃ জয়মতী কথাছবি খনৰ সংগীত পৰিচালকজনৰ নাম হ’ল- জ্যোতিপ্রসাদ আগৰৱালা
চিৰাজ কথাছবি খনৰ সংগীত পৰিচালকজনৰ নাম হ’ল- কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা
সতী বেউলা কথাছবি খনৰ সংগীত পৰিচালকজনৰ নাম হ’ল- ভূপেন হাজৰিকা ।

(ঘ) হাই ডেফিনেচন পদ্ধতিত নির্মিত প্রথম অসমীয়া কথাছবিখনৰ নাম কি? কোনে, কেতিয়া এই ছবিখন নির্মাণ কৰে?

উত্তৰঃ হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নির্মিত প্রথম অসমীয়া কথাছবিখনৰ নাম হ’ল- ‘জাংফাই জোনাক’ । সঞ্জীৱ সভাপণ্ডিতে ২০১০ চনত এই ছবিখন নির্মাণ কৰে ।

(ঙ) অসমীয়া কথাছবি- শিল্প উদ্যোগ হিচাপে প্রতিষ্ঠিত নোহোৱাৰ তিনিটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ অসমীয়া কথাছবি- শিল্প উদ্যোগ হিচাপে প্রতিষ্ঠিত নোহোৱাৰ তিনিটা কাৰণ হ’ল-
(ক) অসমীয়া কথাছবিৰ কাৰিকৰী দিশৰ উচ্চ মানৰ অভাৱ আছে ।
(খ) অসমীয়া কথাছবিৰ বিষয়বস্তুৰ বৌদ্ধিক গুণ আৰু দাৰ্শনিক সমলৰ অভাৱ পৰিলক্ষিত হয় ।
(গ) অসমীয়া কথাছবিৰ বাবে প্রয়োজনীয় পৰিকাঠামোৰ অভাৱে বাৰুকৈয়ে প্রভাৱ পেলায় ।

দীঘলীয়া প্রশ্ন – ৪ নম্বৰৰ

(ক) জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰা ‘জয়মতী’ কথাছবি সম্পর্কে এটি টোকা প্রস্তত কৰা ।

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰা ‘জয়মতী’ হ’ল অসমীয়া চিনেমাৰ প্রথমখন কথাছবি । এই কথাছবিখন সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ আলমত ৰচিত হৈছিল । তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত ‘চিত্রবন’ নামৰ ষ্টুডিঅ’ সাজি ‘জয়মতীৰ’ দৃশ্যগ্রহণ কৰিছিল । লাহোৰৰ ষ্টুডিঅ’ত জয়মতী ছবিখনৰ সম্পাদনা কৰা হৈছিল । ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে কলকতাৰ ‘ৰাউনাক’ পেক্ষাগৃহত এই ছবিখনৰ প্রথম দৰ্শনীৰ আয়োজন কৰা হৈছিল । এই ছবিখন ১৯৩৫ চনৰ ২০ মাৰ্চত গুৱাহাটীত মুক্তিলাভ কৰিছিল ।

অসমীয়াৰ প্রথমখন ছবি বাবে অসমৰ ৰাইজৰ আগ্রহ অসীম আগ্রহ আছিল। ‘জয়মতী ছবিখনৰ বাবে প্রয়োজনীয় পৰিকাঠামোৰ অভাৱ হৈছিল আৰু ছবিখনৰ বাবে বহু টকা লোকচান ভৰিবলগীয়াও হৈছিল । তথাপিও ৰাইজৰ অত্যন্ত সমাদাৰ লাভ কৰিছিল । ‘জয়মতি’ অতীত গৌৰৱৰ কাহিনী আছিল । জ্যোতিপ্রসাদ আগৰৱালাৰ নেতৃত্বত এই কাহিনীটোয়ে ঐত্যহ্যৰ বাবে এক আদর্শ আৰু প্রেৰণাৰ উৎস হিচাপে খ্যাত হৈ পৰিছিল ।

(খ) অসমীয়া চলচ্চিত্র ক্ষেত্রৰ লগত বিষ্ণু প্রসাদ ৰাভা, পদুম বরুৱা, লক্ষ্যধৰ চৌধুৰী আৰু লতা মংগেশকাৰ কিদৰে জৰিত, দহোটামান বাক্যৰে উত্তৰ লিখা ।

উত্তৰঃ অসমীয়া চলচ্চিত্র ক্ষেত্রৰ লগত বিষ্ণু প্রসাদ ৰাভা, পদুম বৰুৱা, লক্ষ্যধৰ চৌধুৰী আরু লতা মংগেশকাৰ কম-বেছি পৰিমাণে জড়িত । কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাই ‘চিৰাজ’ ছবিখনৰ সংগীত পৰিচলনা কৰি অসমীয়া চলচ্চিত্রৰ সৈতে জড়িত হৈ পৰিছিল ।

কুৰি শতিকাৰ সত্তৰ দশকত মুক্তি লাভ কৰা অসমীয়া বাস্তৱবাদী ধাৰাৰ দুখন কথাছবিৰ নাম আছিল- ‘অপৰাজেয়’(১৯৭০, চতুৰংগ পৰিচালিত) আরু আনখন হ’ল- ‘গঙা চিলনীৰ পাখি’ । এই ছবিখন ১৯৭৬ চনত পদুম বরুৱাৰ দ্বাৰা পৰিচালিত এক উল্লেখযোগ্য ছবি আছিল । পদুম বৰুৱাৰ এই ছবিখনে বাস্তৱবাদী চলচ্চিত্রৰ ধাৰণাটোক শক্তিশালী কৰি তুলিছিল ।

১৯৫৫ চনত লক্ষ্যধৰ চৌধুৰীয়ে ‘নিমিলা অংক’ নামৰ এক মধ্যবিত্তীয় সমাজৰ ছবি নির্মাণ কৰিছিল । এই ছবিখনে অসমীয়া ছবিৰ কাহিনীলৈ বাস্তৱমুখী ঘটনাৰ আগমন ঘটায় ।

১৯৫৬ চনত ভূপেন হাজৰিকাদেৱৰ দ্বাৰা পৰিচালিত ‘এৰা বাটৰ সুৰ’ ছবিখন নির্মাণ কৰা হৈছিল । এই ছবিখনত ভাৰতৰ বিখ্যাত সংগীত প্রতিভা লতা মংগেছকাৰে কন্ঠদান কৰিছিল আৰু অসমীয়া চলচ্চিত্রৰ লগত জড়িত হৈ পৰিছিল ।

(গ) ‘ব্যৱসায়িক ভাৱে সফল অসমীয়া কথাছবি’ শীর্ষক চমু প্রবন্ধ এটি লিখা ।

উত্তৰঃ প্রথম কথাছবি হিচাপে ‘জয়মতি’ৰ নির্মাণত খৰচ আৰু লোকচান হৈছিল । কিন্তু ১৯৩৯ চনত নির্মাণ কৰি উলিওৱা ইন্দ্রমালতী ছবিখন ব্যৱসায়িক দিশত সফল হৈছিল । এই ছবিখনে ‘জয়মতী’ত হোৱা ক্ষয়-ক্ষতিসমূহ পূৰণ কৰিবলৈ সক্ষম হৈছিল ।

১৯৬৯ চনত ব্যৱসায়িক ভাৱে সফল অসমীয়া কথাছবি আছিল- ‘ডাঃ বেজবরুৱা’ । ব্রজেন বৰুৱাৰ দ্বাৰা পৰিচালিত এই ছবিখনে সফল ব্যৱসায়ৰ বার্তা বহন কৰিছিল আরু বহু পৰিচালকে সেই বাটেৰে বাট বুলিছিল ।

১৯৯৮ চনত মুক্তি লাভ কৰা আন এক উল্লেখনীয় ছবি আছিল- ‘যৌৱনে আমনি কৰে’ । অশোক কুমাৰ বিষয়াৰ দ্বাৰা নির্মিত এই ছবিখনে অসমীয়া ছবিৰ ব্যৱসায়ৰ বৰ্ণহীন ছবিখনক উজ্জ্বল কৰি তুলিছিল । এই ছবিখনৰ সাফল্যতাৰ বাবে বহু নির্মাতাই হিন্দী আৰু দক্ষিণ ভাৰতীয় ছবিৰ উপাদানৰ সমাবেশ ঘটায় চিনেমা নির্মাণ কৰিছিল ।

অসমীয়া চিনেমাৰ আন কেইখন সফল চিনেমা আছিল- ‘মহাৰথী’, ‘বুকুৰ মাজত জ্বলে’ আদি । ইয়াৰ সমসাময়িকভাৱে ব্যৱসায়িক দিশত সফল লাভ কৰা চিনেমাখন হ’ল- মুনিন বৰুৱাৰ ‘হিয়া দিয়া নিয়া’ ।

(ঘ) অসমীয়া চলচ্চিত্রৰ বিকাশৰ বাবে অসম চৰকাৰে গ্রহণ কৰা পদক্ষেপ সম্পর্কে আলোচনা কৰা ।

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাৰ আহোপুৰুষাৰ্থ প্রচেষ্টাত অসমীয়া চিনেমাৰ থন ধৰি উঠিছিল । অসম চৰকাৰে পাছলৈ অসমীয়া চিনেমা নির্মাণ আৰু কাৰুকাৰ্যৰ পৰিপেক্ষিতত আর্থিক অনুদান প্রদান কৰিছিল । অসম চৰকাৰে জ্যোতিপ্রসাদ আগৰৱালাৰ স্মৃতিত ‘জ্যোতিচিত্রবন ছোছাইটি’ নামৰ ষ্টুডিঅ’ কমপ্লেক্স এটি নির্মাণ কৰিছিল । ইয়াৰ সহায়ত অসমৰ চলচ্চিত্র নির্মাণ কর্তাসকলে প্রযোজনাৰ বাবে বাহিৰত নোযোৱাকৈ এই ‘ছবি গৃহ’ৰ সহায়ত প্রযোজনা কৰিবলৈ সক্ষম হৈছিল ।

লগতে অসম চৰকাৰে ‘জ্যোতিচিত্রবন ছোছাইটি’ নামৰ ষ্টুডিঅ’ কমপ্লেক্সৰ চৌহদতে ‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট’ নামৰ এক চলচ্চিত্র নির্মাণ প্রশিক্ষণ বিদ্যালয়খন স্থাপন কৰিছিল । ইয়াৰ উপৰি, অসম চৰকাৰে চিনেমা প্রযোজনাৰ সহায়ক হোৱাকৈ ‘অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’ স্থাপন কৰিছিল । সমসাময়িকভাৱে, অসম চৰকাৰে চলচিত্র সংগ্রাহলয় আরু আৰ্কাইভ স্থাপন কৰি অসমীয়া চিনেমা জগতত সহায় কৰিছে ।

(ঙ) ‘অসমীয়া চলচ্চিত্রৰ সংগীত আৰু সংগীত পৰিচালক’ শীর্ষক চমু প্রবন্ধ এটি প্রস্তুত কৰা ।

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই নিজে প্রথম অসমীয়া ছবি ‘জয়মতী’ৰ সংগীত পৰিচালনা কৰিছিল । বিষ্ণুপ্রসাদ ৰাভাই ‘চিৰাজ’ ছবিখনৰ সংগীত পৰিচালনা কৰিছিল । ভূপেন হাজৰীকা দেৱে ‘সতী বেউলা’ ছবিখনৰ সংগীত পৰিচালক কৰিছিল আৰু সংগীত পৰিচালক হিচাপে আত্মপ্রকাশ কৰিছিল । তেখেতে ‘চামেলি মেমচাব’ ছবিখনৰ বাবে শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

প্রখ্যাত ব্রজেন বৰুৱাই ‘স্মৃতিৰ পৰশ’ ছবিখনত অভিনেতা আৰু সংগীত পৰিচালক কৰিছিল । গায়ক ৰমেন বৰুৱাই ‘ডাঃ বেজবৰুৱা’ ছবিখনৰ মাধ্যমেৰে সংগীত পৰিচালক হিচাপে প্রতিষ্ঠিত হৈছিল । অসমৰ এন কেইগৰাকীমান খ্যাত সংগীত পৰিচালক হ’ল- জিতু-তপন, উপেন কাকতি, জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ আদি ।

Sl. No.Contents
Unit 1 নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

দীঘলীয়া প্রশ্ন – ৫ নম্বৰ

(ক) অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্রসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা ।

উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল । তাৰ পাছত তেখেতে লক্ষ্মীনাথ বেজবরুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ আলম লৈ ১৯৩৫ চনৰ ১০ মার্চ তাৰিখত ‘জয়মতী’ নামৰ কথাছবিখনেৰে অসমীয়া চিনেমা জগতৰ আৰম্ভণি কৰিছিল । প্রথম অসমীয়া চিনেমা হোৱা পৰিপেক্ষিতত সকলো অসমীয়াৰ মন মুগ্ধ কৰিছিল যদিও জ্যোতিপ্রসাদ আগৰৱালাদেৱে বহুতো অভাৱ, ব্যয় আরু টকা লোকচানৰ সন্মুখীন হব লগা হৈছিল ।

অসমীয়া চিনেমা জগতৰ বাবে তেওঁ দ্বিতীয়খন চিনেমা ‘ইন্দ্রমালতী’ ১৯৩৯ চনত নির্মাণ কৰি উলিয়াইছিল । অতীত গৌৰৱ কাহিনীৰে ‘জয়মতি’ আরু স্বাধীনতা আন্দোলনৰ আদর্শৰে ‘ইন্দ্রমালতি’ নির্মাণ কৰি তেওঁ অসমীয়া চিনেমা জগতৰ বাবে দেশপ্রেমৰ আদর্শ জাগ্রত কৰিছিল । ছবি নির্মাণ কৰি অধিক লাভজনক হোৱা নাছিল যদিও জ্যোতিপ্রসাদ আগৰৱালাদেৱে চলচ্চিত্র কলাটি ভালপোৱা আরু ছবিৰ মাধ্যমেৰে জনগণৰ বাবে কিছু আদর্শ আরু প্রেৰণা প্রদান কৰিবৰ বাবে চেষ্টা কৰিছিল । অসমীয়া ছবি নির্মাণ কৰাৰ বাবে অতি সুবিধা নাছিল যদিও তেখেতে প্রথমে ‘চিত্রবন’ ষ্টুডিঅ’ আরু পাছত কলকতাৰ ‘অৰোৰা ষ্টুডিঅ’ত ছবিৰ দ্রাবিং আরু আন আন সম্পাদন কৰিছিল ।

(খ) অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা ।

উত্তৰঃ অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকা দেৱৰ অৱদান অতুলনীয় আছিল । তেখেতে ১৯৫৬ চনত ‘এৰা বাটৰ সুৰ’ ছবিখনৰ মাধ্যমেৰে অসমৰ মাটিৰ সুৰৰ ওপৰত আৰু স্বদেশ প্রেমৰ ভাব চিনেমাৰ জৰীয়তে ফুটাই তুলিছিল । ‘এৰা বাটৰ সুৰ’ ছবিখনৰ বিখ্যাত সংগীতজ্ঞ প্রতিভা লতা মংগেছকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কন্ঠৰ গীত সংলগ্ন কৰি অসমীয়া চলচ্চিত্র জগতখনক এদোপ আগুৱাই নিবলৈ সক্ষম হৈছিল ।

অসমীয়া ছবিক দুপত দুপে আগবঢ়াই নিয়াৰ নিমিত্তে তেখেতে ১৯৬৫ চনত খাচি লোককথাৰ ভেটিত ‘প্রতিধ্বনি’ নির্মাণ কৰিছিল । পাছত এই ছবিখন খাচি ভাষালৈ ‘ডাব’ কৰি তেওঁলোকৰ সংস্কৃতিকো উতগনি জোগাছিল ।

অসমীয়া চিনেমাৰ উৎকন্ঠা বঢ়াবৰ বাবে তেওঁ হিন্দী ছবি ‘তকদীৰ’(ভাগ্য) চিনেমাখনক অসমীয়ালৈ ‘ডাব’ কৰিছিল । ভূপেন হাজৰিকাদেৱে ৰাজশ্রী প্রডাকচনৰ সৈতে যৌথ প্রযোজনাৰে ‘চিকমিক বিজুলি’ নির্মাণ কৰি অসমীয়া চিনেমাৰ মুধৰতাৰ প্রদান কৰিছিল । এইখনেই আছিল প্রতিষ্ঠিত চলচ্চিত্র প্রযোজনা সংস্থা এটাই প্রযোজনা কৰে প্রথমখন অসমীয়া ছবি । ইয়াৰ পৰৱৰ্তী পর্যায়ৰ পৰা অসমীয়া ছবিত ব্যৱসায়ী সংস্থাৰ অংশগ্রহণ আৰম্ভ হৈছিল ।

(গ) ভৱেন্দ্র নাথ শইকীয়া আৰু জাহ্নু বরুৱাই অসমীয়া চলচ্চিত্র শিল্পলৈ আগবঢ়োৱা অৱদান সম্পর্কে আলোচনা কৰা ।

উত্তৰঃ অসমীয়া চলচ্চিত্র শিল্পলৈ ভৱেন্দ নাথ শইকীয়া আৰু জাহ্নু বরুৱাৰ অভূতপূর্ব অবদান আছে । ভবেন্দ নাথ শইকীয়াদেৱৰ ১৯৭৭ চনত নির্মাণ হোৱা ‘সন্ধ্যাৰাগ’ ছবিখনে ব্যৱসায়িক আৰু কলাগত সফলতাই অসমীয়া চিনেমাগজগতক একদুপ আগুৱাই নিবলৈ সক্ষম হৈছিল । তেখেতৰ এই ছবিখনৰ মাধ্যমেৰে অসমীয়া চিনেমাৰ বাস্তৱবাদী ধাৰাটোৰ সঞ্চাৰ ঘটিছিল । অসমীয়া চিনেমা জগতৰ বাবে আগবঢ়োৱা তেখেতৰ আন আন ছবিসমূহ আছিল- ‘অনির্বাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আবর্তন’, ‘ইতিহাস’ আদি । তেখেতে হিন্দী ভাষাত ‘কালসন্ধ্যা’ ছবিখন পৰিচালনা কৰি অসমীয়াৰ মান একদুপ বৃদ্ধি কৰিছিল ।

জাহ্নু বৰুৱাই সমসাময়িকভাৱে অসমীয়া চলচ্চিত্রলৈ অৰিহণা জোগাইছিল । তেখেতৰ ‘অপৰুপা’ ছবিখনে অসমীয়া চিনেমাৰ মধুৰতাৰ ভাৱ প্রদান কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ ছবিসমূহে দেশৰ ভিতৰে আৰু বাহিৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । তেখেতে বাস্তৱধর্মী ছবিৰ মাধ্যমেৰে অসমীয়া ছবিজগতক এক আদর্শ আৰু অনুপ্রেৰণা প্রদান কৰিছিল ।

(ঘ) অসমীয়া বিনোদধর্মী চলচ্চিত্রৰ বিষয়ে এটি চমু আলোচনা আগবঢ়োৱা ।

উত্তৰঃ অসমীয়া বিনোদধর্মীৰ চিনেমাৰ অতিকৈ প্রফুল্লিত হৈছিল ১৯৬৯ চনত ব্রজেন বরুৱাৰ দ্বাৰা পৰিচালিত ‘ডাঃ বেজবৰুৱা’ চিনেমাখনৰ মাধ্যমেৰে । এই ছবিসমূহে দর্শকক উপভোগ্য ছবিৰ উপহাৰ প্রদান কৰিছিল । এই ছবিসমূহৰ কাহিনী আছিল-আৱেগপূর্ণ আৰু নাতকীয় উপাদানেৰে ভৰপূৰ । ‘মুকুতা’, ‘যোগ বিয়োগ’, ‘উপগ্রহ’, ‘ভাইটি’, ‘চামেলি মেমচাব’, আজলী নবৌ আদি বিনোদধর্মীমূলক অসমীয়া ছবি ।

এই ছবিসমূহ চলচ্চিত্র ভাষাৰ দিশৰ পঢ়া অতি উচ্চ খাপৰ নাছিল । তথাপি, এই ছবিসমূহে দর্শকৰ ৰুচিবোধৰ প্রতি সন্মান জনাই এক নিটোল গ্রহণযোগ্য কাহিনীৰে মনোযোগ আকর্ষণ কৰিছিল । বিনোদধর্মী ছবিসমূহৰ কেইজনমান খ্যাত পৰিচালক আছিল- নিপ বৰুৱা, দ্বিবন বৰুৱা, আব্দুল মজিদ, শিৱ ঠাকুৰ আদি ।

(ঙ) অসমীয়া কথাছবিয়ে লাভ কৰা ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা ।

উত্তৰঃ অসমীয়া কথাছবিয়ে প্রথমটো পুৰস্কাৰ ১৯৫৫ চনত ফণী শর্মাৰ দ্বাৰা পৰিচালিত ‘পিয়লি ফুকন’ ছবিখনৰ বাবে ‘ৰাষ্ট্রপতিৰ চাৰ্টিফিকেট অব মেৰিট’ লাভ কৰিবলৈ সক্ষম হৈছিল । ড০ ভূপেন হাজৰিকা দেৱে ‘চামেলি মেমচাব’ ছবিখনৰ সংগীত পৰিচালনাৰ বাবে প্রথমটো ৰাষ্ট্রীয় পর্যায়ত পুৰস্কাৰ অর্জন কৰিছিল । তাৰ পৰৱৰ্তী পর্যায়ত, ড০ ভবেন্দ্র নাথ শইকীয়াৰ ‘অগ্নিস্নান’ ছবিখনৰ বাবে শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । জাহ্নু বৰুৱাৰ ‘সাগৰলৈ বহু দূৰ’ ছবিখনৰ বাবে ‘শ্রেষ্ঠ পৰিচালকৰ বঁটা’ লাভ কৰিছিল ।

ৰাষ্ট্রীৰ বটা প্রাপ্ত আন কেইখনমান খায়ত অসমীয়া ছবি হ’ল- ‘ৰাগ বিৰাগ’(বিদ্যুত চক্রৱৰ্তী), ‘হলধৰ’ (সঞ্জীৱ হাজৰিকা), ‘ৱশ্ব’বিপু’(গৌতম বৰা), ‘হালধীয়া চৰায়ে বাওধান খায়’(জাহ্নু বৰুৱা), ‘বনানী’ (জাহ্নু বৰুৱা), ‘বৈভব’ (মঞ্জু বৰা), ‘তৰা’(জাহ্নু বৰুৱা), ‘জুয়ে পোৰা সোণ’ (সঞ্জীৱ সভাপণ্ডিত), ‘আই ক’ত নাই’(মঞ্জু বৰা) আদি ।

আন আন শিতানত বঁটা লাভ কৰা ব্যক্তিকেইগৰাকীমান হ’ল- শ্বেৰ চৌধুৰী(সংগীত পৰিচালনাৰ বাবে), মলয়া গোস্বামী(অভিনয়), এ শ্রীকৰ প্রসাদ(সম্পাদনা), মৃণালকান্তি দাস(চিত্রগ্রহণ)আদি । অভিনয়ৰ বাবে ‘জুৰিৰ বিশেষ উল্লেখ’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল- ৰুদ্র বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰঘৰীয়া ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top