Class 12 Assamese Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ, Class 12 Assamese Question Answer, HS 2nd year Assamese notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ and select needs one.
Class 12 Assamese Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো Solutions for All Subject, You can practice these here.
বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ
Chapter – 8
| আর্হি প্রশ্ন: |
(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ১)
১। ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’- প্রবন্ধটো লেখকৰ কোনখন গ্রন্থৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো’ প্রবন্ধটো লেখকৰ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
২। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?
উত্তৰঃ বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ’ল- ক্ষুদ্র ভাইৰাছ বা বীজাণু।
৩। আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়?
উত্তৰঃ আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাক ‘বিজ্ঞান’ বুলি কোৱা হয় ।
৪। যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?
উত্তৰঃ যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি। ই এক মানুহৰ ভ্রান্ত ধাৰণাহে।
৫। ড° দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা ।
উত্তৰঃ ড° দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হ’ল- ‘দৃষ্টি’।
(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত ?
উত্তৰঃ ‘সপোনত পোৱা ঔষধ’ বুলি কোৱা হয় যেতিয়া কোনো মানুহে সপোনত কিবা দৰব বা মন্ত্র লাভ কৰাৰ দাবী কৰে। কিন্তু এনে দাবীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। অধিকাংশ ক্ষেত্ৰতে এইবোৰ মিছা বুলি প্রমাণিত হৈছে আৰু বাস্তৱত ৰোগ নিৰাময় কৰিবলৈ সক্ষম নহয়। সেইবাবে ৰোগীয়ে সপোনত পোৱা ঔষধ ব্যৱহাৰ কৰা অতি অনুচিত আৰু বিপদ জ্নক।
২। বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি?
উত্তৰঃ বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যবান অৱদান হৈছে- বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। ইয়াৰ সহায়ত বিজ্ঞানে নতুন তথ্য আৰু নতুন পৰ্যবেক্ষণৰ মাধ্যমেৰে নতুন নতুন আৱিষ্কাৰ অব্যাহত ৰাখিছে।
৩। মুকলি মন মানে কি?
উত্তৰঃ মুকলি মন মানে আকোঁৰগোজ হৈ পুৰণা কথাতে লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনোবৃত্তিক বুজা যায়। এনে এক মুকলি মনে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়।
৪। ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছে নে?
উত্তৰঃ ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ কোনো বাস্তৱ ভিত্তি নাই। এই সকলোবোৰ মানুহৰ কেৱল অন্ধবিশ্বাস আৰু ভুল-ভ্রান্তি। এই ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ আশ্রয়েৰে চতুৰ আৰু স্বাৰ্থপৰ মানুহে সহজ-সৰল মানুহক ঠগি ধন, অৰ্থ আৰু নিজৰ স্বাৰ্থ আদায় কৰে।
৫। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল?
উত্তৰঃ আদিম কালত মানুহ এজনে শিলত শিল দলিয়াই থাঁকোতে জুই জ্বলি উঠিছিল। সেই পর্যবেক্ষণৰ পৰৱৰ্তী সময়ত তেওঁ জুই জ্বলা প্রক্রিয়াটো বাৰে বাৰে কৰি চাইছিল। তাৰ পাছত, তেওঁ জুইৰ ধর্ম অধ্যয়ণ কৰিলে আৰু জুইৰ নানা ন ন ব্যৱহাৰ আয়ত্ব কৰিলে। এনেদৰে আদিম মানুহে জুইৰ আৱিস্কাৰ কৰিছিল আৰু পাছলৈ জুইৰ ব্যৱহাৰ কৰি খাদ্য বস্তু সিজাই খাইছিল।
(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। ‘আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোৱেই হ’ল- বিজ্ঞান।’- কথাষাৰ বুজাই লিখা।
উত্তৰঃ ‘আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান’ কথাটোৰ গভীৰ অৰ্থ হৈছে— মানুহে আদিমকালৰ পৰা নজানা কথা জানিবলৈ আৰু নুবুজা কথা বুজিবলৈ চেষ্টাত নিযুক্ত। মানুহৰ এই অনুসন্ধিৎসা আৰু যুক্তিবাদী মনোবৃত্তিৰ ফলত বিজ্ঞানৰ জন্ম হৈছিল।
বিজ্ঞানৰ বিশেষত্ব হ’ল— দেখা বস্তু আৰু পৰিঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা প্ৰদান কৰা। কিন্তু এই ব্যাখ্যা যেনে-তেনেই নহয়; সিহঁত পৰীক্ষা কৰি চাব পৰা ধৰণৰ হ’ব লাগে। বিজ্ঞানত প্ৰথমে পৰ্যবেক্ষণ, তাৰ পাছত জোখ-মাপ, তথ্য সংগ্ৰহ, ধাৰণা নিৰ্মাণ আৰু তাৰ সত্যতা নতুন পৰীক্ষা-নতুন তথ্যৰে পৰ্যবেক্ষণ কৰা হয়। যদি নতুন তথ্য আগৰ সিদ্ধান্তৰ সৈতে মিল নাখায়, বিজ্ঞানীসকলে দ্বিধাহীনভাৱে নতুন সিদ্ধান্ত গ্ৰহণ কৰে। এই মুক্ত মন আৰু বৈজ্ঞানিক পদ্ধতিয়েই বিজ্ঞানৰ মূল শক্তি।
আদিম মানুহ শিলত শিল দলিয়াই জুইৰ আৱিষ্কাৰ কৰিছিল। সি প্ৰথম বৈজ্ঞানিক পদক্ষেপ। আজিৰ বিজ্ঞানীজনে উন্নত অণুবীক্ষণ যন্ত্র, এক্স-ৰশ্মিৰ দূৰবীক্ষণ, ৰেডিঅ’ টেলিস্কোপ, পদার্থ কণা-ত্বৰক আদি ব্যৱহাৰ কৰি বিশ্বব্ৰহ্মাণ্ডৰ গভীৰতম ৰহস্য উদ্ঘাটনৰ চেষ্টা কৰি আছে।
সেয়ে বুজিব পৰা যায় — আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ অসংখ্য ৰহস্য উদ্ঘাটনৰ একমাত্ৰ পদ্ধতি হ’ল বিজ্ঞান। বিজ্ঞানৰ সহায়তহে মানুহে প্ৰকৃতিৰ শক্তি আৰু সম্পদ আয়ত্ত কৰি নিজৰ জীৱনক উন্নত কৰি তুলিছে আৰু মানৱ সভ্যতাৰ পথ আগবঢ়াই লৈ গৈছে।
২। বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা।
উত্তৰঃ বৈজ্ঞানিক মানসিকতা মানে হৈছে— মন মুকলি কৰি নতুন কথা গ্ৰহণ কৰাৰ মানসিকতা। বিজ্ঞানৰ গোটেই পদ্ধতিত এই মুক্ত মনটোৰ গুৰুত্ব বিশেষ। আঁকোৰ-গোজ হৈ পুৰণি ধাৰণা বা কুসংস্কাৰত আঁকুঢুকু নকৰি, বিজ্ঞান-সন্মত নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সাজু হোৱা মানৱ সমাজৰ প্ৰগতিৰ মূল চাবিকাঠি। বৈজ্ঞানিক মানসিকতাৰ বাবে মানুহক সদায় নতুন জ্ঞান আৰু নতুন তথ্যৰে নিজৰ চিন্তা-ধাৰণাক পৰীক্ষা কৰিব লাগে। সকলো কথা চালি-জাৰি চাবলৈ, ফঁহিয়াই বুজিবলৈ আৰু প্ৰয়োজনত ভুল মানি নতুন সিদ্ধান্ত ল’বলৈ অভ্যাস কৰিব লাগে। বোপা-ককাৰ সময়ৰ পৰা চলি অহা অনিষ্টকাৰী প্ৰথা বা ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি থাকিলে সমাজৰ উন্নতি অসম্ভৱ। সেয়ে, মুক্ত মন, যুক্তিবাদী চিন্তা আৰু কুসংস্কাৰ-মুক্ত জীৱনপদ্ধতিয়ে গঢ়ি তোলে বৈজ্ঞানিক মানসিকতা।
৩। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্রগতিত কেনেদৰে অৰিহণা যোগায়?
উত্তৰঃ বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত এক বিশেষ অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতাৰ ফলত মানুহৰ মাজত বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতিৰ বিকাশ ঘটে। এই বৈজ্ঞানিক মনোভাৱই মানুহক শতাব্দীৰ পৰা চলি অহা কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত কৰি তোলে। অতীতে মানুহে বহুতো কথা ভূত-প্ৰেত, দেৱতা-অপদেৱতা আদিৰ কাৰ্য বুলি বিশ্বাস কৰিছিল। উদাহৰণস্বৰূপে, বৰ আই, সৰু আই বা বসন্ত ৰোগ শীতলা দেৱী বা অন্য দেৱীৰ ৰোষতে হোৱা বুলি বিশ্বাস কৰিছিল আৰু সেইবোৰ ৰোগৰ প্ৰতিকাৰ কৰিবলৈ পুজা-নাম-সবাহৰ ব্যৱস্থা কৰিছিল। কিন্তু আধুনিক চিকিৎসাবিজ্ঞানই প্ৰমাণ কৰিলে যে এইবোৰ ৰোগ অতি সূক্ষ্ম ভাইৰাছ বা বীজাণুৰ আক্রমণৰ ফলত হয় আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থাও বিজ্ঞানেই আৱিষ্কাৰ কৰিছে।
দাঁতৰ সমস্যা, ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি অসুখো একো অদৃশ্য শক্তিৰ কাৰ্য নহয়; এগৰাকী বিজ্ঞানী অথবা চিকিৎসকই বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে ইয়াৰ কাৰণ চিনাক্ত কৰি চিকিৎসাৰ উপায় দাঙি ধৰে। কিন্তু অন্ধবিশ্বাসী সমাজত কিছুমান দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ কৰা হয়, যিটো একেবাৰে অমানৱীয়। বৈজ্ঞানিক মানসিকতাই এনে কুসংস্কাৰ আঁতৰাই মানুহক বাস্তৱ দৃষ্টিৰে চিন্তা কৰিবলৈ শিকায়।
বৈজ্ঞানিক মানসিকতা হ’ল সমাজক যুক্তিবাদী চিন্তা, মুক্ত মন আৰু বাস্তৱমুখী দৃষ্টিভংগীৰে আগুৱাই নিয়া এক শক্তিশালী মাধ্যম। ই মানুহক নতুন তথ্য আৰু জ্ঞান গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে আৰু সমাজক প্ৰগতিশীল দিশলৈ আগবঢ়াই নিয়ে।
৪। প্রসংগতি সংগতি দর্শাই ব্যাখ্যা কৰা- বিজ্ঞানৰ গােটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।
উত্তৰঃ উদ্ধৃত পংক্তিখন— “বিজ্ঞানৰ গোটেই পদ্ধতিটোতেই এই মুকলি মনটোৰ গুৰুত্ব বেছি”— বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামী লিখিত “বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ” পাঠটোৰ পৰা লোৱা হৈছে।
এই পাঠখনত লেখকে বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজনীয়তা আৰু বিজ্ঞানৰ মূল পদ্ধতিৰ কথা আলোচনা কৰিছে। তেওঁ দেখুৱাইছে যে বিজ্ঞানৰ মূল শক্তি হৈছে মুক্ত মন, যাৰ জৰিয়তে নতুন তথ্য আৰু নতুন পৰ্যবেক্ষণক গ্ৰহণ কৰি আগৰ ভুল সিদ্ধান্তক অপসাৰণ দিব পাৰি।
বিজ্ঞানৰ পদ্ধতিত প্ৰথমে কোনো বস্তু বা পৰিঘটনা লক্ষ্য কৰি এটা ধাৰণা বা উপকল্প কৰা হয়। তাৰ পিছত নতুন তথ্য বা পৰ্যবেক্ষণে সেই ধাৰণাক সমৰ্থন নকৰিলে, বিজ্ঞানী কোনোধৰণৰ দ্বিধা নকৰাকৈ আগৰ সিদ্ধান্ত এৰি দিয়ে। এই পদ্ধতিয়ে দেখুৱায় যে আঁকোৰ-গোজ হৈ পুৰণি কথাত লাগি নাথাকি নতুন কথা গ্ৰহণ কৰিব পৰাটোৱেই বিজ্ঞানৰ মূখ্য বৈশিষ্ট্য।
তেনে মুক্ত মনৰ ফলতেই মানুহে জুইৰ ব্যৱহাৰ পৰীক্ষা কৰি আহাৰ সিজাই খোৱা শিকিলে, অথবা আধুনিক যুগত অণুবীক্ষণ যন্ত্র, দূৰবীণ, চিকিৎসা বিজ্ঞান আদি বিকশিত হ’ল। এই মুক্ত মনৰ অভাৱত সমাজ কুসংস্কাৰ আৰু অন্ধবিশ্বাসত বান্ধ খাই থাকিব, কিন্তু বৈজ্ঞানিক মানসিকতা সমাজক যুক্তিবাদী চিন্তা, সত্য অনুসন্ধান আৰু প্ৰগতিৰ পথত আগবঢ়ায়।
সেয়ে লেখকে এই বাক্যৰে বুজাব খোজিছে যে — বিজ্ঞানৰ সমগ্ৰ পদ্ধতিত মুক্ত মনটোৰ স্থান অতি গুৰুত্বপূর্ণ, আৰু ইয়াৰ জৰিয়তেই ব্যক্তি আৰু সমাজৰ প্ৰগতি সম্ভৱ হয়।
৫। বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বর্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বহুতো কু-সংস্কাৰ নাইবা অন্ধবিশ্বাস দেখা যায়। তাৰে ভিতৰত উল্লেখযোগ্য তিনিটা হ’ল-
(ক) অতীজতে বৰ আই, সৰু আই আদি বা বসন্ত ৰোগ হ’লে শীতলা দেৱী বা অন্য কোনো দেৱ-দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। তেনে দেৱ-দেৱী, ভূত-প্রেত আদিক সন্তষ্ট কৰিবলৈ মানুহে নানান পূজা, নাম-সবাহ, সৎকাৰৰ ব্যৱস্থা কৰিছিল।
(খ) দাঁতত পোকে ধৰিলে মানুহে বেজ-বৈদ্য আনি কলপাত-কচুপাতৰ ওপৰত ঝাৰা-ফুকা কৰি মন্ত্র মাতি পোক পেলায় ৰোগ নিৰাময় কৰাৰ চেষ্টা কৰিছিল। কিন্ত সেই পোক আন একো নহয় এক ক্ষুদ্র অনুজীৱহে আৰু সেই কথা বুজা নাছিল।
(গ) কিছুমান চতুৰ আৰু স্বার্থপৰ মানুহে দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ কৰি হত্যাও কৰিছিল। বর্তমানেও ইয়াৰ প্রকোপ কমা নাই।
এনেধৰণে নানা অন্ধবিশ্বাসে মানুহৰ মনত পুৰণিকলীয়া নীতি নিয়মক বৰ্তাই ৰাখিছে আৰু মানি চলি আহিছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


প্ৰকৃত বিজ্ঞানী ৰ কাম কেনে হোৱা উচিত পাঠৰ আধাৰত আলোচনা কৰা
এই প্ৰশ্ন টিৰ উত্তৰ টো দিব চোন ছাৰ ??????
প্ৰকৃত বিজ্ঞানীৰ কাম হ’ল-আমি দেখা বস্তু আৰু ঘটনাবোৰৰ পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধর্ম বা চৰিত্র ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা আদি । লগতে, আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোকো বিজ্ঞানীসকলে চলাই নি নতুন নতুন অভাৱবোৰ পূৰণৰ বাবে নতুন নতুন বস্তু আৰু বিষয়ৰ আৱিস্কাৰ কৰা ।