Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন

Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন, Class 12 Assamese Question Answer, HS 2nd year Assamese Notes, মোৰ মাতৃমোখ দৰ্শন Class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন and select needs one.

Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন

Also, you can read AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন Solutions for All Subject, You can practice these here.

মোৰ মাতৃমোখ দৰ্শন

Unit-1

আর্হি প্রশ্ন:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ড॰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্রথম খণ্ড)ৰ পৰা সংগ্রহ কৰা হৈছে।

২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত।

৩। বেজবৰুৱাই ‘মাতৃমুখ’ দৰ্শনৰ বাবে ক’ৰ পৰা ক’লৈ যাত্ৰা কৰিছিল?

উত্তৰঃ বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দর্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসম (গুৱাহাটী)লৈ যাত্রা কৰিছিল।

৪। ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰোঁতে বেজবৰুৱাৰ সংগী হিচাপে পত্নী প্রজ্ঞাসুন্দৰী দেৱী আৰু সৰু জীয়ৰী আছিল।

৫। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখনি গদ্যপুথিৰ নাম হৈছে- ‘তত্ত্ব কথা’।

(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীৰ্ষক পাঠটিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই বহুবছৰ পৰা দেশ-বিদেশত থাকি জীৱনৰ অন্তিম দিনত মাতৃভূমি অসমলৈ উভতি অহাৰ কাৰণসমূহ স্পষ্ট কৰিছে। একেদৰে দেশবাসীৰ প্ৰবল আহ্বান আৰু মাতৃভূমিৰ প্ৰতি অগাধ মায়াই তেওঁক নিজৰ দেশলৈ উভতি আহিবলৈ প্ৰেৰণা দিয়ে। অসমলৈ আহি বেজবৰুৱাই মাতৃভূমিৰ সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে দেশত হোৱা সামাজিক-সাংস্কৃতিক পৰিৱৰ্তনো বৰ্ণনা কৰিছে। পুৰুষ-নাৰীৰ প্ৰগতি, সমাজ জীৱনৰ উন্নতি আৰু নতুন চিন্তাধাৰাৰ বিকাশে তেওঁৰ অন্তৰক আপ্লুত কৰিছে। সেইবাবে পাঠখনত মাকৰ মুখৰ দৰে প্ৰিয় মাতৃভূমিৰ দৰ্শনৰ আনন্দক হৃদয়স্পৰ্শী ৰূপত ব্যক্ত কৰা হৈছে। সেয়েহে ‘মোৰ মাতৃমুখ দর্শন’ শীৰ্ষক নামকৰণ সম্পূৰ্ণৰূপে সাৰ্থক আৰু যথাযথ হৈছে।

২। ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পিছত লেখকৰ ‘মাতৃমুখ’ দর্শন হৈছিল?

উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত ‘মাতৃ’ শব্দৰে নিজৰ মাতৃভূমি অসমৰ কথাক বুজোৱা হৈছে।

৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসমলৈ আহি গুৱাহাটীত পোৱাৰ লগে লগে কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি তেওঁক অভিনন্দন দি সন্মানিত কৰিছিল। জ্বৰ ভালদৰে ভাল নোহোৱা সত্বেও বেজবৰুৱাই ছাত্ৰবন্ধুসকলৰ একাগ্ৰ আগ্ৰহক অমান্য নকৰি সভালৈ গৈছিল। ছাত্ৰসকলৰ উচ্ছ্বাস আৰু আনন্দত তেওঁ অপাৰ সুখ অনুভৱ কৰিছিল আৰু নিজকে যেন পুনৰ এজন ডেকা ল’ৰা বুলি বুজিছিল। কোনোবাই ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল, কোনোবাই সুললিত কণ্ঠেৰে গীত গাইছিল, আৰু কিছুমানে ওজাপালি গাই সমাগমক উল্লাসমুখৰ কৰি তুলিছিল। ছাত্ৰসকলৰ এই উষ্ণ অভিনন্দনে বেজবৰুৱাৰ অন্তৰত আনন্দৰ সোঁৱৰণি জাগ্ৰত কৰি তেওঁৰ জীৱনৰ নোমাব ধৰা চাকিগছ যেন পুনৰ জ্বলাই তুলিছিল।

৪। ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আছিল সুকবি, সুবিখ্যাত চাহ খেতিয়ক, সদাগৰ শ্রীযুত চন্দ্রকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আৰ্ল কলেজৰ প্রসিদ্ধ প্রিন্সিপাল, উদাৰহৃদয় মিষ্টাৰ জে. বৰুৱা, বেৰিষ্টাৰ এট্-লৰ।

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ হ’ল-

(ক) গুৱাহাটীৰ প্রাকৃতিক সৌন্দৰ্য। 

(খ) ঐতিহাসিক উৎকর্ষ। আৰু

(গ) প্রাচীন জ্ঞান-গৌৰৱৰ গৰিমা।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে’লযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা।

উত্তৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ মাতৃমুখ দর্শন’ পাঠত লেখকে নিজৰ সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে’ল যাত্ৰাৰ অভিজ্ঞতা সঁচাকৈয়ে একেবাৰে বিচিত্র ভাৱে প্ৰকাশ কৰিছে।

১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্টেম্বৰত বেজবৰুৱাই পত্নী প্ৰজ্ঞাসুন্দৰী দেৱী আৰু সৰু কন্যাক লগত লৈ কোম্পানীৰ ভাড়া ৰেলগাড়ীত সম্বলপুৰৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰিছিল। প্ৰথমতে তেওঁলোকে বেংগল-নাগপুৰ ৰে’লৰ ঝাৰচোগোড়া জংছনলৈ গৈছিল। সন্ধিয়া সাত বজাত বোম্বাই মেইল ধৰি কলিকতাৰ ফালে যাত্ৰা কৰাৰ কথা আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোকে গাড়ীখনত উঠিব নোৱাৰিলে। ফলত ষ্টেচনত অপেক্ষা কৰি ৰাতি দুটা বা তিনিবজাত ওলোৱা এখন পেছেঞ্জাৰ গাড়ীত উঠিবলৈ বাধ্য হয়।

পেছেঞ্জাৰ গাড়ীৰ যাত্ৰা আছিল অতি কষ্টকৰ। তেওঁলোকে বাটত একো খাবলৈ নিয়া নাছিল, আৰু ডাইনিং কাৰো নথকা বাবে তীব্ৰ ভোকত পৰিল। ষ্টেচনতে বিক্ৰী কৰা কচুৰি, শিঙাৰাৰ দৰে সামান্য খাই ভোক নিবাৰণ কৰিছিল। বেজবৰুৱাই গাৰ্ডৰ সহায়ত খৰগপুৰ আৰু চক্ৰধৰপুৰৰ ৰিফ্ৰেছমেণ্ট ৰুমলৈ টেলিগ্ৰাম কৰিও কোনো সহায় নাপালে। অৱশেষত অনাহাৰে আৰু কষ্টত ২০ ছেপ্টেম্বৰৰ ৰাতি আঠমান বজাত কলিকতা পালেগৈ। তাত ভাত খাই পেট ভৰাই এক পৰিচিতৰ ঘৰত নিশা বিশ্ৰাম কৰিলে।

পিছদিনা কলিকতাৰ শিয়ালদহ ষ্টেচনৰ পৰা গুৱাহাটীৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰে। বাটত মগনিয়াৰবিলাকে বোৰ আমনি কৰিছিল। লগতে এজন ৰুগীয়া ল’ৰা, তেওঁৰ মাক-বাপেক আৰু কেইজনমান লোক কোঠালীত উঠাত পৰিৱেশ গাদগদি আৰু অস্বস্তিকৰ হৈছিল। ৰোগীক ঠাণ্ডা পাবৰ বাবে সকলো খিৰিকী-দুৱাৰ মাৰি দিয়াত ডবাটো গৰম আৰু দুৰ্গন্ধৰে ভৰি পৰিছিল। বেজবৰুৱা আৰু তেওঁৰ পৰিয়ালক সেই অস্বস্তিকৰ অৱস্থাই সহিবলগীয়া হৈছিল।

অৱশেষত ২১ ছেপ্টেম্বৰত শিয়ালদহ এৰি ২২ ছেপ্টেম্বৰত তেওঁলোকে গুৱাহাটী উপস্থিত হয়। কষ্ট, অনাহাৰ, অস্বস্তি —এই সকলো বাধা অতিক্ৰম কৰি তেওঁলোকৰ যাত্ৰা সফল হয় আৰু মাতৃমুখ দর্শনৰ সপোনো পূৰ্ণ হয়।

২। ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি-কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ মাতৃমুখ দর্শন’ পাঠত সম্বলপুৰৰ পৰা অসমলৈ উভতি আহিব নোৱাৰাৰ প্রসংগত মহাদেৱৰ কৃষিকর্মৰ কাহিনীটো অতি ৰসাত্মক ভাৱে বৰ্ণনা কৰা হৈছে।

কর্মসূত্ৰে বহু বছৰ ধৰি উৰিষ্যাৰ সম্বলপুৰত থাকিব লগা বেজবৰুৱাক তেওঁৰ ডিব্ৰুগড়স্থিত মাজু জীয়েক-জোঁৱাইয়ে বহুদিন ধৰি আহি যাবলৈ অনুৰোধ কৰি আহিছিল। কিন্তু বেজবৰুৱাই বিভিন্ন কাৰণত আজিৰে যাম, কাইলৈ যাম কৈ যাত্ৰা স্থগিত কৰি আহিছিল। অৱশেষত তেওঁলোকৰ ৰোহ, ঠেহ আৰু অভিমান একেলগে বেজবৰুৱাৰ আগত হাজিৰ হ’ল। এইখিনিতেই লেখকে মহাদেৱ-পাৰ্বতীৰ এক কাহিনীৰ সঁজুলি দিয়ে।

কাহিনীত দেখা যায়, এদিন পাৰ্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল যে মহাদেৱ মাথোন ভাং-ধতুৰা খাই বহি থাকে, গৃহস্থৰ কাম-কাজ একো নকৰে। ঘৰত বৃষভো থাকিলেও তাক লৈ খেতি-বাতি কৰি এগাল ধানো ফলাই নাপায়। পত্নীৰ এনে ককৰ্থনা শুনি মহাদেৱৰ মনত বেজাৰ লাগিল। তেওঁ তেতিয়াই সংকল্প কৰি বৃষভতকৈ হাল বাই খেতি কৰিবলৈ নামি গ’ল। কিন্তু সেই খেতি উভৈনদী হ’ল। মহাদেৱ খোৱা-শোৱা পাহৰি ঘৰলৈও নাহিলে।

গিৰীয়েকৰ এই অৱস্থাত পাৰ্বতীয়ে প্ৰথমে নন্দী-ভৃংগীক পঠালে, তাৰ পিছত মহৰ্ষি নাৰদকো লগত লৈ অনুৰোধ কৰিলে, কিন্তু মহাদেৱে কাৰো কথা নুশুনিলে। তাৰ পিছত পাৰ্বতীয়ে অসংখ্য ডাঁহ-মহ, চেৰেপা চৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়ালে। এতিয়াও মহাদেৱ নাহিলত, হাহা-হুহু নামৰ মানসপুত্ৰ দুজনকো পঠিয়াবলগীয়া হ’ল। যদিও হাহা-হুহুৱে মহাদেৱক উভতাই আনিব পাৰিলে নে নোৱাৰিলে সেই কথা কাহিনীত স্পষ্ট নহয়। লেখকে এই কাহিনী যোগে তেওঁৰ নিজৰ অৱস্থাৰ তুলনা কৰিছে। যিমানে পাৰ্বতীয়ে মহাদেৱক উভতাই আনি ঘৰত তোলাৰ চেষ্টা কৰিছিল, একেদৰে তেওঁৰ মাজু জীয়েকো বেজবৰুৱাক অৱশেষত ডিব্ৰুগড়লৈ মাতি আনিবলৈ সক্ষম হৈছিল।

৩। ‘হাহা হুহু’ কোন আছিল? এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল। বুজাই লিখা।

উত্তৰঃ হাহা-হুহু আছিল দেৱী পাৰ্বতীৰ মানসপুত্র। পাৰ্বতীয়ে মহাদেৱক খেতি-পথাৰৰ পৰা ঘূৰাই আনিবলৈ হাহা-হুহুক সৃষ্টি কৰিছিল। কথাটো হৈছিল এনেধৰণে—এদিন পাৰ্বতীয়ে মহাদেৱক কথাবোৰ ককৰ্থনা কৰি কৈছিল যে মহাদেৱে ঘৰৰ কোনো কাম-কাজ নকৰে, কেৱল ভাং-ধতুৰা খাই সময় নষ্ট কৰে। পত্নীৰ এই কথা শুনি মহাদেৱৰ মনত বেজাৰ লাগিল। তেওঁ তেতিয়াই বৃষভটোৰ পিঠিত উঠি খেতিত কাম কৰিবলৈ নামি গ’ল। দেৱাদিদেৱ মহাদেৱৰ খেতি অতি কম দিনৰ ভিতৰতে উভৈনদী হৈ পৰিল, আৰু তেওঁ খোৱা-শোৱা পাহৰি ঘৰলৈ উভতি নাহিলে। এই অৱস্থা দেখি পাৰ্বতীয়ে প্ৰথমে নন্দী-ভৃংগী আদিক বহুজনক পঠিয়ালে, কিন্তু মহাদেৱে কোনো কথা নুশুনিলে। তাৰ পিছত পথাৰত মহাদেৱক আমনি কৰিবলৈ অসংখ্য ডাঁহ, মহ, চেৰেপা সৃষ্টি কৰিলে, কিন্তু তাতেও কোনো কামত নাহিল। অন্তত পাৰ্বতীয়ে হাহা আৰু হুহু নামৰ মানসপুত্ৰ দুজনক সৃষ্টি কৰি খেতি-পথাৰত পঠিয়াই মহাদেৱক ঘৰলৈ উভতাই আনি ল’লে।

৪। ‘ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল।’ ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই লিখা।

উত্তৰঃ সুদীর্ঘ দিন উৰিষ্যাৰ সম্বলপুৰত কৰ্মনিয়োজিত হৈ থকা পিছত লক্ষ্মীনাথ বেজবৰুৱাই যেতিয়া অসমলৈ উভতি আহিল, বিশেষকৈ ডিব্ৰুগড়ত আহি তেওঁ বহু অভূতপূর্ব পৰিৱৰ্তন লক্ষ্য কৰিলে। সেইবোৰ পৰিৱৰ্তনেই তেওঁক অতি সন্তুষ্ট কৰিলে।

প্ৰথমতে, বেজবৰুৱা ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকলৰ গঢ়গতি আৰু কাৰ্যকলাপ দেখি অতি আনন্দিত হৈছিল। আগৰ দিনৰ চুকৰ ভেকুলীসদৃশ বোৱাৰী-জীয়ৰীৰ শাৰীত তিৰোতাসকল নাই। শিক্ষা-দীক্ষা, ৰাজহুৱা কাৰ্য আৰু দেশসেৱাত তেওঁলোকে পুৰুষৰ সমকক্ষ, কেতিয়াবা শামুকখুজীয়া পুৰুষতকৈও অগ্ৰগামী হৈ পৰিছে। সভা-সমিতিত তেওঁলোকে পুৰুষৰ সৈতে একে শাৰীত বহি নিজস্ব মতামত স্বাধীনভাৱে প্ৰকাশ কৰিছে। আনকি তেওঁলোকৰ গাম্ভীৰ্য আৰু কমনীয়তাও অক্ষুণ্ণ ৰখা গৈছে। দুয়োকজন মহিলাই সভাত এনে দক্ষতাৰে বক্তৃতা দিছিল যে বহু পুৰুষ বক্তাকো পিছ পেলাইছিল।

দ্বিতীয়তে, ৰামমোহন ৰায় স্মৃতি সভাত শ্ৰীমতী যোগদা দেৱীৰ অনর্গল বক্তৃতাই বেজবৰুৱাক পুলকিত কৰিছিল। লগতে ডিব্ৰুগড় বালিকা বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীমতী গৌৰীপ্ৰভা চলিহাই ছাত্ৰীসকলৰ সৈতে তেওঁক সম্ভাষণ জনাই যি স্নেহ আৰু মৰ্যাদা প্ৰদান কৰিছিল, তাক বেজবৰুৱাই জীৱনৰ এক অপূৰ্ব অভিজ্ঞতা হিচাপে গণ্য কৰিছিল। বিদ্যালয়ৰ পৰা তেওঁক যি ৰূপৰ বঁটা আৰু সম্ভাষণপত্ৰ দিয়া হৈছিল, তাক তেওঁ জীৱনভৰ সঁহাৰি দি ৰাখিব বুলি ঘোষণা কৰিছিল। ডিব্ৰুগড়ৰ সভ্ৰান্ত মহিলাসকলৰ সভাই মুগাৰ কাপোৰৰ ওপৰত মুদ্ৰিত অভিনন্দনপত্ৰ দিয়া কথাও তেওঁৰ মনত গভীৰ স্থান দখল কৰি আছিল।

তৃতীয়তে, ডিব্ৰুগড়ৰ থিয়েটাৰ বা ৰংগশালীৰ উন্নতিও বেজবৰুৱাৰ সন্তুষ্টিৰ এক বিশেষ কাৰণ আছিল। স্থানীয় ডেকাসকলৰ উদ্যমত গঢ়ি উঠা ৰংগশালীত সভা-সমিতি, যাত্ৰা, ভাওনা, সংগীত, নাট প্ৰভৃতি অনুষ্ঠিত হৈছিল। থিয়েটাৰৰ চিত্রপটবোৰ অসমীয়া চিত্ৰশিল্পীৰ দ্বাৰা অংকিত হৈছিল, যিবোৰ কলিকতাৰ নামকৰা শিল্পীৰ কামতকৈ হীন নহয়। মুক্তানাথ বৰদলৈৰ পেইন্টিং আৰু ফটোগ্ৰাফীৰ কৃতিত্বো বেজবৰুৱাই বিশেষকৈ উল্লেখ কৰিছে। পূজাৰ সময়ত ডেকাসকলে অভিনয় কৰা নাটসমূহৰ সাজ-সজ্জা, অভিনয়, সংগীত, নৃত্য সকলোতকৈ বেজবৰুৱা প্ৰসন্ন হৈছিল।

চতুৰ্থতে, বিদেশী নাট অসমীয়ালৈ ভাঙনি কৰি অসমীয়া ৰংগশালীত উপস্থাপনৰ প্ৰচেষ্টাকো বেজবৰুৱাই যথেষ্ট শলাগিছিল। যদিও তেওঁ প্ৰকৃত অসমীয়া ৰূপে অনুবাদ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিছিল। তেওঁৰ মতে, সঁচাকৈ অসমীয়া ৰূপত উপস্থাপন কৰিলে তেনে নাটক অসমীয়াৰ মন হৰণ কৰিব পাৰে আৰু অসমীয়া সাহিত্যক সমৃদ্ধ কৰিব পাৰে।

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত, বুজাই লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ মতে, বিদেশী নাটকৰ অনুবাদ যদি কৰা হয়, তেন্তে সেই অনুবাদ একেবাৰে খাঁটি অসমীয়া ৰূপত জীণ যোৱাৰ দৰে হ’ব লাগিব। অসমীয়াৰ ৰংগশালাত বিদেশী নাট ভাঙি অভিনয় কৰাক বহুতে সমালোচনা কৰিছিল, কিয়নো সিহঁতৰ মতে ই অসমীয়া নাট্যকলাৰ গতিৰোধ ঘটাব পাৰে। কিন্তু বেজবৰুৱাই সঠিকভাৱে বুজাইছে যে ই মান্য নহয়। তেওঁৰ মতে, উত্তম বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ-সম্পদক যদি পৰিষ্কৃত ৰূপত আচল অসমীয়া ভাষা আৰু ৰূপত উপস্থাপন কৰা যায়, তেন্তে ই অসমীয়া নাট্যকলাক সমৃদ্ধ কৰি তোলাত সহায়ক হ’ব।

তেওঁ স্পষ্টকৈ কৈছে যে অনুবাদত যদি বঙলুৱা-অসমীয়াৰ মিহলিকৰণ থাকে, তেন্তে সেয়া অসমীয়া সংস্কৃতিৰ সৈতে একেবাৰে বেমানান হৈ পৰে আৰু দৰ্শকৰ হৃদয়ত ঠাই নাপায়। বেজবৰুৱাৰ ভাষাত, তেনে নাটক অসমীয়াৰ “বৰসবাহত হাঁহৰ মাজত কাউৰীৰ” দৰে হৈ পৰে। সেয়ে অনুবাদকৰ প্ৰধান দায়িত্ব হ’ল বিদেশী নাটকক অসমীয়া দৰ্শকৰ মাটিত খাপ খোৱাব পৰা ৰূপত সাজি তোলা।

এই ক্ষেত্ৰত তেওঁ এজন প্ৰবাসী অসমীয়া ছাত্রৰ অনুবাদৰ উদাহৰণ দিয়ে। সেই ছাত্রই শ্বেক্সপিয়েৰৰ Comedy of Errors অসমীয়ালৈ ভাঙি ‘ভ্ৰমৰংগ’ নাম দি মঞ্চস্থ কৰিছিল। অনুবাদটো একেবাৰে অসমীয়া ৰূপ পাইছিল আৰু অনুবাদকৰ ছাঁইয়াই নাটকখন অধিক আকর্ষণীয় কৰি তুলিছিল। বেজবৰুৱাই এই উদাহৰণৰ জৰিয়তে দেখুৱাইছে যে যদি অনুবাদ খাটি অসমীয়া হয়, তেন্তে বিদেশী নাটকো অসমীয়া ৰংগশালাত সাফল্য লাভ কৰিব পাৰে।

তেওঁ বিশেষকৈ নতুন প্ৰজন্মৰ ডেকাসকলক আহ্বান জনাইছে যে, বিদেশী নাটক ভাঙনি কৰিলেও তাক অসমীয়া সাজপাৰ পিন্ধাই, খাটি অসমীয়া ৰূপত, অসমীয়া দৰ্শকৰ বাবে উপস্থাপন কৰা উচিত। এনে হ’লে কোনো আপত্তিৰ স্থান থাকিব নে নাই, ইয়াৰ জৰিয়তে অসমীয়া নাট্যকলাৰ বিকাশ আৰু অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়ি উঠিব।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

14 thoughts on “Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top