Class 12 Assamese Chapter 1 মূল্যবোধৰ শিক্ষা Class 12 Assamese Question Answer, HS 2nd year Assamese notes. Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 1 মূল্যবোধৰ শিক্ষা and select needs one.
Class 12 Assamese Chapter 1 মূল্যবোধৰ শিক্ষা
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 1 মূল্যবোধৰ শিক্ষা Solutions for All Subject, You can practice these here.
মূল্যবোধৰ শিক্ষা
| আর্হি প্রশ্ন: |
(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক – ১)
১। ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?
উত্তৰঃ ভাৰতীবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ মূল্যবােধ আছিল।
২। প্রথম অৱস্থাত ‘মূল্য’ শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল?
উত্তৰঃ প্রথম অৱস্থাত ‘মূল্য’ শব্দটো অর্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল।
৩। নৈতিক শব্দটো ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ (moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?
উত্তৰঃ নৈতিক শব্দটো ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ (moral) শব্দটোৰ উৎপত্তি লেটিন ভাষাৰ ম’ৰীজ শব্দৰ পৰা হৈছে।
৪। মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ কি?
উত্তৰঃ মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে।
৫। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূলবােধ চিনাক্ত কৰিছে?
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে ৮৪ বিধ মূলবােধ চিনাক্ত কৰিছে।
(খ) চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক – ২ অথবা ৩)
১। আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবােধ কেইটা আৰু কি কি?
উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবােধ তিনিটা আৰু সেইবোৰ হ’ল―
(i) সত্যম।
(ii) শিৱম।
(iii) সুন্দৰম।
২। ভাৰতীয় দর্শনে মূল্যবােধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি?
উত্তৰঃ ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে। সেইবোৰ হ’ল—
(i) ধৰ্ম।
(ii) অর্থ।
(iii) কাম।
(iv) মোক্ষ।
৩। প্রকৃততে মূল্যবােধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?
উত্তৰঃ প্রকৃততে মূল্যবােধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়।
৪। সহজ অর্থত মূল্যবোধ মানে কি?
উত্তৰঃ সহজ অর্থত মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকতা নীতি৷ যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ ৷ সমাজত প্ৰচলিত ধৰ্মীয় জীৱন, জীৱন দৰ্শন, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যপ্ৰণালী-এই সকলোবোৰক মূল্যবোধে সামৰি লয় ৷
৫। মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?
উত্তৰঃ মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা আচৰণৰ কথা চিনাক্ত কৰিছে। সেইবোৰ হ’ল―
(i) যুক্তিনিষ্ঠতা।
(ii) পৰোপকাৰিতা।
(iii) দায়িত্ববোধ।
(iv) নৈতিক স্বতন্ত্রতা।
(গ) দীঘলীয়া প্ৰশ্নৰ উত্তৰ (মূল্যাংক – ৪ অথবা ৫)
১। আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবােধ মানে কি? বুজাই লিখা।
উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে, সত্যম-শিৱম-সুন্দৰম, এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ; যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ’ল কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধসমূহৰ কোনো পৰিৱৰ্তন নাই। প্রকৃতিবাদী দার্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিছে। তেওঁলোকৰ মতে, বস্তু বা প্রকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে। প্ৰয়োগবাদী দার্শনিকসকলে কিন্তু সম্পূর্ণ বেলেগ মত প্রকাশ কৰা দেখা যায়। তেওঁলোকে কোনো ধৰণৰ চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকৰ মতে, মূল্যবোধৰ সৃষ্টি যেনেকৈ সমাজে কৰে তেনেদৰে পৰিৱৰ্তনো কৰে সমাজে। প্রকৃততে মূল্যবোধ সম্পূৰ্ণৰূপে সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়।
২। নন্দন তাত্ত্বিক মূল্যবােধে কি কি বিষয় সামৰি লয় চমুকৈ আলােচনা কৰা।
উত্তৰঃ নন্দনতাত্ত্বিক মূলবােধক আন কথাত সৌন্দর্যবােধ বুলি ক’ব পাৰি। কিছুমান পণ্ডিতে মত প্রকাশ কৰে যেনন্দনতাত্ত্বিক মূল্যবােধ কেৱল ইন্দ্রিয়গ্রাহ্য বস্তুৰ ক্ষেত্ৰতহে প্রযােজ্য, অপার্থিব বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়ােগ কৰিব নােৱাৰি। কিন্তু মানুহে সকলাে ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে। সেই বাবে এইবােৰৰ নান্দনিক মূল্যবােধ বিচাৰি পােৱা যায়।
মানৱ জীৱনৰ তিনিটা মূল মূল্যবােধ হৈছে—
(i) সত্য।
(ii) শিৱ।
(iii) সুন্দৰ।
এই সুন্দৰৰ মূল্যবােধেই হৈছেনন্দনতাত্ত্বিক মূল্যবােধ। নন্দনতাত্ত্বিক সৌন্দর্যই মানুহক শান্তি প্রদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তােলে। জীৱন্ত বা জড় সকলাে বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ’ব পাৰে। মানুহৰ সকলাে কার্য একেটা চকুৰে চালেও মনােযােগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ। পর্যায়ত মূল্যায়ন কৰা হয়। গতিকে, মনােযােগেই হৈছেনন্দনতাত্ত্বিক মূল্যবােধৰ চাবি কাঠী।
৩। চিৰন্তন মূল্যবােধ সম্পর্কে চমুকৈ বুজাই লিখা।
উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে, সত্যম-শিৱম-সুন্দৰম, এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ; যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ’ল কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধসমূহৰ কোনো পৰিৱৰ্তন নাই। প্রকৃতিবাদী দার্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিছে। তেওঁলোকৰ মতে, বস্তু বা প্রকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে। প্ৰয়োগবাদী দার্শনিকসকলে কিন্তু সম্পূর্ণ বেলেগ মত প্রকাশ কৰা দেখা যায়। তেওঁলোকে কোনো ধৰণৰ চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকৰ মতে, মূল্যবোধৰ সৃষ্টি যেনেকৈ সমাজে কৰে তেনেদৰে পৰিৱৰ্তনো কৰে সমাজে। প্রকৃততে মূল্যবোধ সম্পূৰ্ণৰূপে সমাজৰ পৰিৱেশ আৰু প্রয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়।
৪। নৈতিক মূল্যবােধৰ ধাৰণাই কি কি কথা সামৰি লয় আলােচনা কৰা।
উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ (moral) শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ পৰা, যাৰ অৰ্থ হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ। নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদর্শ জড়িত হৈ থাকে। মানুহে জন্ম লাভ কৰিয়ে সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে। ক্রমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি-নিয়মসমূহ আয়ত্ত কৰে। কেৱল জন্মগত প্রবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। জন্মগত প্রবৃত্তিসমূহৰ সংশোধনৰো প্রয়োজন হয়। তাৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদর্শ আৰু মনোভাৱ। নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটো বুজায়। সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়ম, আচাৰ-ব্যৱহাৰৰ বিপৰীতে চলাকেই অনৈতিক আচৰণ বুলি ক’ব পাৰি। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অর্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্রশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। গতিকে, শিশুৰ নৈতিক বিকাশৰ অৰ্থ হৈছে সমাজৰ প্ৰচলিত আচৰণবোৰ আয়ত্ত কৰিবলৈ শিকোৱা।
মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে-
(ক) যুক্তিনিষ্ঠতা: শিশুৱে সম্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ-বিশ্লেষণ কৰা।
(খ) পৰোপকাৰিতা: অন্য মানুহৰ সুখ-দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্রয়োজন সাপেক্ষে সহায় কৰা।
(গ) দায়িত্ববোধ: সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্রুটিসমূহ স্বীকাৰ কৰি লোৱা।
(ঘ) নৈতিক স্বতন্ত্রতা: নিজস্বভাবে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা।
৫। মূল্যবােধ সম্পর্কে তােমাৰ কি ধাৰণা তাক চমুকৈ ব্যাক্ত কৰা।
উত্তৰঃ মূল্যবোধৰ ধাৰণা মানুহৰ কৰ্ম আৰু চিন্তাৰ সৈতে ইমান গভীৰভাৱে জড়িত যে ইয়াৰ স্পষ্ট ব্যাখ্যা প্ৰদান কৰাটো অত্যন্ত জটিল। প্ৰথম অৱস্থাত ‘মূল্য’ শব্দটো কেৱল অৰ্থনৈতিক পৰিপ্ৰেক্ষিতত ব্যৱহাৰ কৰা হৈছিল। কিন্তু বহল অৰ্থত চাবলৈ গ’লে, মূল হৈছে এনে বস্তু বা অৱস্থা, যি মানুহৰ প্ৰয়োজন বা ইচ্ছা পূৰণ কৰে। সেয়ে মূল্য বুজায় সেইবোৰ বস্তু বা অভাৱ, যিবোৰ মানুহ বিচাৰে।
মানুহে টকা-পইচা, সম্পত্তি, খাদ্য, নিৰাপত্তা, সুখ-শান্তি আদি বহু বস্তু বিচাৰে, যি তেওঁৰ বাবে মূল্যৱান। কিন্তু ফুদা, অজ্ঞতা, বেমাৰ-আজাৰ, অশান্তি আদি কোনো বস্তু মানুহে আশা নকৰে, সেইবাবে সেয়া মূল্যহীন। এই পৰিপ্ৰেক্ষিতত মূল্যবোধত ভাল–বেয়া বা উচ্চ–নীচৰ প্ৰশ্ন উত্থাপিত নোহোৱাকৈ থাকে।
কিন্তু মানুহ সামাজিক জীৱ। সেইবাবে কেৱল ব্যক্তিগত প্ৰয়োজন পূৰণৰ ওপৰত আধাৰিত ধাৰণাৰে মূল্যবোধ বুজা নাযায়। যদি কোনো ব্যক্তিৰ প্ৰয়োজন পূৰণে আনৰ ক্ষতি সাধন কৰে, তেন্তে তাক মূল্যবান বুলি গণ্য কৰিব নোৱাৰি। সহজ অৰ্থত মূল্যবোধ মানে হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে চলি থাকিবলৈ কিছুমান নীতি-আদৰ্শ, যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ মাধ্যমেৰে আয়ত্ত কৰে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



Sir my self Saurav Nath form kamrup district.
Muk apunar number tu pam niki hot moi question ghodi le answer pam . Jdi paow plz ata reply dibow. ph- 6901036505.
Class12