Class 12 Assamese Chapter 7 উভতি নহাৰ কবিতা – কবিতা

Class 12 Assamese Chapter 7 উভতি নহাৰ কবিতাকবিতা, Class 12 Assamese Question Answer, HS 2nd year Assamese notes উভতি নহাৰ কবিতা Class 12 The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 7 উভতি নহাৰ কবিতাকবিতা and select needs one.

Join Telegram channel

Class 12 Assamese Chapter 7 উভতি নহাৰ কবিতাকবিতা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 7 উভতি নহাৰ কবিতাকবিতা Solutions for All Subject, You can practice these here…

উভতি নহাৰ কবিতা – নবকান্ত বৰুৱা

Unit-7

অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ১ )

প্ৰশ্ন ১.‘উভতি নহাৰ কবিতা’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ‘উভতি নহাৰ কবিতা’ পাঠটি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে ।

প্ৰশ্ন ২.কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?

উত্তৰঃ‘ককাদেউতাৰ হাড়’ পুথিখনৰ বা উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ।

প্ৰশ্ন ৩.ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটা পাৰ্থক্য লিখা ।

উত্তৰঃৰোমান্টিক কবিয়ে পুনৰ জন্মত বিশ্বাস কৰে, কিন্ত আধুনিক কবি সকল বাস্তৱবাদী, তেওঁলোকৰ মতে এবাৰ জন্ম লৈ পৃথিৱীৰ পৰা গুছি যোৱা পিছত এই পৃথিৱীলৈ পুনৰাই আহিব নোৱাৰে ।

প্ৰশ্ন ৪.‘উভতি নহাৰ কবিতা’ কোন শ্ৰেণীৰ কবিতা

উত্তৰঃ‘উভতি নহাৰ কবিতা’ আধুনিক যুগৰ এক বাস্তৱবাদী দাৰ্শনিক কবিতা ।

প্ৰশ্ন ৫.‘তামীঘৰা’ শব্দটিৰ অৰ্থ লিখা ।

উত্তৰঃ‘তামীঘৰা’ শব্দটিৰ অৰ্থ হ’ল- তম্বু ।

 চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ২/৩ )

প্ৰশ্ন ১.নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা ।

উত্তৰঃনৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথি হ’ল-

(ক) হে অৰণ্য হে মহানগৰ ।

(খ)এটি দুটি এঘাৰটি তৰা ।আৰু 

(গ)ৰাৱণ ।

প্ৰশ্ন ২.নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা ।

উত্তৰঃনৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাস হ’ল-

(ক) কপিলীপৰীয়া সাধু ।আৰু 

(খ) ককাদেউতাৰ হাড় ।

প্ৰশ্ন ৩.নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থ হ’ল-

(ক) আখৰৰ জখলা ।আৰু 

(খ)শিয়ালী পালেগৈ ৰতনপুৰ ।

প্ৰশ্ন ৪.কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে ?

উত্তৰঃকবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ’ল-যন্ত্ৰণা । জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে ।

প্ৰশ্ন ৫.কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হʼব ?

উত্তৰঃ কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে নানান পৰিবৰ্তন হʼব । তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, নতুন দিন আৰু নতুন ধ্যান-ধাৰণাৰ প্ৰকাশ ঘটিব । তেতিয়া, কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব ।

দীঘল প্ৰশ্নৰ উত্তৰ ( মুল্যাংক ৩/৪ )

প্ৰশ্ন ১. কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা ।

উত্তৰঃমানুহ মৰণশীল । প্ৰত্যেকৰে এবাৰেই জন্ম হয় আৰু এবাৰেই মৃত্যু হয় । মৃত্যুৰ পিছত কোনোৱেই পুনৰ পৃথিৱীলৈ উভতি আহিব নোৱাৰে । কবিয়েও জীৱনৰ বকুলপাহ এবাৰে বুটলিছে অৰ্থাৎ এবাৰেই জনম লভিছে । পৃথিৱীক কবিয়ে প্ৰাণভৰি ভালপায় । তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয় । কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা নানা ভাবেৰে আৰু নানা ভাষাৰে প্ৰকাশ কৰিছে । তেওঁ জানে হাজাৰ ভালপোৱাই তেওঁক ওভোতাই আনিব নোৱাৰে । সেয়ে এবাৰ গুছি যোৱাৰ পিছত কবি পুনৰ উভতি নাহে, ই প্ৰকৃতিৰ চিৰন্তন ৰীতি যাক কবিয়ে মানিবই লাগিব ।

প্ৰশ্ন ২.‘উভতি নহাৰ কবিতা’টিৰ মূলভাব লিখা ।

উত্তৰঃ আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাদেৱৰ ‘উভতি নহাৰ কবিতা’ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা । কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে ।

প্ৰকৃতিৰ চিৰাচৰিত নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীত এবাৰেই জন্ম গ্ৰহণ কৰিছে । এই পৃথিৱীৰ পৰা এবাৰ গুছি গʼলে পুনৰ উভতি নাহে আৰু আহিব নোৱাৰে । অকল কবিয়েই নহয়, কোনো লোকেই এই পৃথিৱীলৈ উভতি নাহে । কবিয়ে এই পৃথিৱীখনক প্ৰাণভৰি ভালপায় । এই কথা জীৱনত বহুবাৰ ক’লে আরু বহু ভাবেৰে বুজালে । কিন্ত সেয়ে হʼলেও পৃথিৱীখনলৈ পুনৰ তেওঁ উভতি নাহে ।

‘যন্ত্ৰণাকো আকোৱালী লৈ জীয়াই থকা’টো কবিয়ে এটা ধেমালী বুলি কৈছে । এই ধেমালী কবিয়ে এবাৰেই খেলিলে । মৃত্যুৰ পিছত খেল খেলিব কোনো উভতি নাহে । কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান–ধাৰণাৰ প্ৰকাশ ঘটিব আৰু তাত কবিৰ একো চিন নাথাকিব । নতুন প্ৰজন্মই হʼব পৃথিৱীৰ নতুন মানুহ আৰু সেই দিনবোৰো হʼব নতুন দিন ।

জীয়াই থকা কালত কবিয়ে বুটলা বকুলজুপিৰ ফুল, এতিয়া কবিয়ে নহয় অইন কোনোবাই বুটলিব । কবি উভতি নাহে আৰু আহিব নোৱাৰে । হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাহেঁ । তেওঁ পৃথিৱীখনক ভালপায় এই কথা শেষবাৰ স্বীকাৰ কৰিছে, তথাপি তেওঁ মৰমৰ পৃথিৱীখনলৈ উভতি আহিব নোৱাৰে ।

প্ৰশ্ন ৩. কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাৱিছে, বুজাই লিখা ।

উত্তৰঃ কবি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ৰ অন্তৰ্গত কবিতা পুথিৰ ‘উভতি নহাৰ কবিতা’ত যুগ পৰিৱৰ্তনৰ আভাস দেখা পোৱা যায় ।

কবিয়ে পৃথিৱীখনক প্ৰাণভৰি ভালপায়, কিন্ত যিমানে ভাল পালেও এই পৃথিৱীত তেওঁ চিৰদিন ৰৈ নাথাকে । এবাৰ গুছি যোৱাৰ পিছত কোনোৱেই এই পৃথিৱীলৈ পুনৰাই উভতি আহিব নোৱাৰে । কবিয়ে উপলব্ধি কৰিছে যে যিহেতু এই পৃথিৱীখনত কোনো মানুহেই বাৰে বাৰে উভতি নাহে, গতিকে ভৱিষ্যতে যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোকে সম্পূৰ্ণ নতুন ভাৱেৰে, নতুন দিনত নিজ নিজ জীৱন গঢ় দিব । ইতিমধ্যে আতৰি যোৱা কবিৰ জীৱনৰ লগত নতুন প্ৰজন্মৰ কোনো চিনাকি আৰু সম্পৰ্ক নাথাকিব । কবিৰ চিন্তা-চৰ্চা,  ধ্যান-ধাৰণা আদি সকলোবোৰ নতুন মানুহৰ ওচৰত তেনেই অপৰিচিত আৰু অপ্ৰাসংগিক হৈ পৰিব । অৰ্থাৎ পুৰণি যুগৰ কোনো চিন–মোকাম নতুন যুগত নাথাকিব ।

প্ৰশ্ন ৪. উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃসৃষ্টিৰ নীতি পালন কৰি কবিয়ে এই পৃথিৱীত জনম লৈছে । সেয়েহে পৃথিৱীখন কবিৰ অতিকে আপোন । তেওঁ বাস কৰা পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱেই কবিৰ প্ৰিয় । জাবৰৰ মাজৰ পৰা এপাহ বকুল বুটলিবলৈ পাই কবি সন্তষ্ট । পৃথিৱীৰ সেউজীয়াই কবিৰ মন ভৰাই তোলে । যন্ত্ৰণাই হৃদয় দগ্ধ কৰিলেও পৃথিৱীৰ মাটি-পানী-সেৱন কৰি কবিয়ে হাঁহি হাঁহি পাহৰি যায় । পৃথিৱীৰ রূপ-ৰস-গন্ধ-স্পৰ্শৰ আবেশত কবিয়ে জীৱনক আকোৱালী লয় । পৃথিৱীখনক তেওঁ প্ৰাণভৰি ভাল পায় । কবিতাটোত তাৰ প্ৰকাশ দেখা যায় এনেদৰে-             

ʼʼমাথোন এই পৃথিৱীখনক ভালপাই গʼলোঁ

এই কথাটোকে কিমানবাৰ যে কʼলোঁ

 কিমান ভাবেৰে কʼলোঁ………।”

Sl. No.Contents
Unit 1 নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

 প্ৰশ্ন ৫. প্ৰসংগ সঙ্গতি দৰ্শাই ব্যাখ্যা কৰাঃ-

(ক)  যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ

       সেই মন্ত্ৰকে গালোঁ

       জীয়াই থকাৰ ধেমালিটো মই

       এবাৰেই খেলি গʼলোঁ ।

উত্তৰঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথি ʼসাহিত্য সৌৰভʼৰ অন্তৰ্গত নৱকান্ত বৰুৱা দেৱৰ ৰচিত ʼউভতি নহাৰ কবিতাʼ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।

ইয়াত কবিয়ে পুনৰ এই পৃথিৱীখনলৈ উভতি নহাৰ প্ৰসঙ্গত কথাখিনি উল্লেখ কৰিছে ।

কবিয়ে পৃথিৱীখনলৈ দুনাই আহিব নোৱাৰে । সাংসাৰিক প্ৰাণী মাত্ৰেই সুখ-দুখ পোৱা-নোপোৱা আরু বেদনা থাকে । কবিও তাৰ উৰ্ধ্বত নহয় । কবিৰ জীৱনতো যন্ত্ৰণাৰ পাহাৰ আছে । সেই যন্ত্ৰণাক বুকুত বান্ধি কবিয়ে জীৱন বাটত খোজ দিছে ।

কবিয়ে জানে জীয়াই থকাটো এটা ধেমালি মাত্ৰ ক্ষন্তেকীয়া । এদিন সকলোৱে এই পৃথিৱী এৰি যাব লাগিব । সেয়ে যন্ত্ৰণাত দগ্ধ হৈ ক্ষন্তেকীয়া জীৱনটোক কবিয়ে দুখময় কৰি তুলিব নোখোজে । যন্ত্ৰণাৰে পৰিপূৰ্ণ এই পৃথিৱীখনলৈ কবিয়ে বাৰে বাৰে উভতি আহিব নোৱাৰে । তেওঁ এবাৰেই এই জীৱনৰ খেল-ধেমালি খেলিব সুযোগ পাইছে বুলি কবিতাংশত বুজাব খুজিছে ।

(খ)  কোনোৱা আহিব মোৰ দৰে কোনো দিনা ?

      মোৰ সুৰতে বাজিব নতুন বীণা ?

      ওহোঁ সেয়া হʼব নতুন মানুহ ,

      সেই দিনো হʼব নতুন দিন

      মোৰ তাত একো নাথাকে চিন ।

উত্তৰঃ ব্যাখেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱা ৰচিত ‘উভতি নহাৰ কবিতা’শীৰ্ষক কবিতাটোৰ পৰা উৰ্দ্ধিত কৰা হৈছে ।

কবিয়ে এই পৃথিৱীখনলৈ পুনৰ উভতি নহাৰ প্ৰসঙ্গত এই কবিতাংশ উল্লেখ কৰিছে ।

প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীখনত জন্ম গ্ৰহণ কৰিছে । পৃথিৱীখনক ভালপায় বাবেই কবিয়ে দুখ-যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে । কিন্ত কবি বাস্তৱত বিশ্বাসী কবি এই পৃথিৱীৰ পৰা এদিন যাব লাগিব, এই কথা মৰ্মে তেওঁ উপলব্ধি কৰে । সংসাৰত তেওঁ বহু কাম কৰি গৈছে, জীৱন কালত তাৰ কেতবোৰ স্বীকৃতিও পাইছে । তেওঁৰ মৃত্যুৰ পাছত তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহুতো কাম কৰিব । তথাপি, তেওঁৰ চিন তাত নাথাকিব, থাকিব মাথো নতুন ধ্যাণ-ধাৰণা আৰু এক নতুন দিনৰ বা যুগৰ সূচনা হ’ব ।

( গ ) মই নাহোঁ মই নাহোঁ  

       পৃথিৱী , তােমাক ভাল পাই গ’লোঁ 

       তথাপিও মই নাহোঁ ।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি কবি নৱকান্ত বৰুৱা ৰচিত ‘ উভতিনহাৰ কবিতা’নামৰ পাঠটিৰ অন্তর্গত । 

পৃথিৱীক কবিয়ে প্রাণভৰি ভাল পায় । পৃথিৱীক ভালপােৱাৰ কথা তেওঁ বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে । যন্ত্রণা কবিৰ জীৱনৰ মন্ত্র ; জীয়াই থকাটো অর্থাৎজীৱনটো এটা ধেমালিহে মাত্র । তেওঁ এই পৃথিৱীলৈ আহি এই , পৃথিৱীতে জীৱনটো কটালে অর্থাৎ জীয়াই থকা কেইদিন ধেমালি কৰিলে । জীৱনৰ বকুলপাহকবিয়ে এই পৃথিৱীতেই বুটলিছে । গতিকে কবিয়ে এই পৃথিৱীক প্রাণভৰি ভাল পায় ; কিন্তু দুখৰ বিষয় পৃথিৱীক ইমান ভাল পালেও ইয়াৰ পৰা এবাৰ গুচি গলে তেওঁ পুনৰ এই পৃথিৱীলৈ নাহে , আহিব নােৱাৰে ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising