Class 12 Assamese Chapter 4 হস্তিবিদ্যাৰ্ণৱ পুথি

Class 12 Assamese Chapter 4 হস্তিবিদ্যাৰ্ণৱ পুথি, Class 12 Assamese Question Answer, HS 2nd year Assamese notes, হস্তিবিদ্যাৰ্ণৱ পুথি Class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 4 হস্তিবিদ্যাৰ্ণৱ পুথি and select needs one.

Class 12 Assamese Chapter 4 হস্তিবিদ্যাৰ্ণৱ পুথি

Also, you can read AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 4 হস্তিবিদ্যাৰ্ণৱ পুথি Solutions for All Subject, You can practice these here.

হস্তিবিদ্যাৰ্ণৱ পুথি

Chapter – 4

আর্হি প্রশ্ন:

(ক) অতি চমু প্রশ্ন। (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি কʼৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি যোগেন্দ্ৰ নাৰায়ণ ভূঞা সম্পাদিত ‘সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে কʼত প্ৰকাশ পাইছিল?

উত্তৰঃ ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত ১৯৫৩ চনত প্ৰকাশ পাইছিল।

৩। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?

উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম হ’ল- ড॰ সূৰ্যকুমাৰ ভূঞা।

৪। সূৰ্যকুমাৰ ভূঞাৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ সূৰ্যকুমাৰ ভূঞাৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম হ’ল- “Anglo-Assamese relations”, 1771-1826.

৫। ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।

(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)

১। ‘হস্তিবিদ্যার্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল? 

উত্তৰঃ সৌমাৰ পীঠৰ ঈশ্বৰ মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আজ্ঞা মানি সুকুমাৰ বৰকাথে ১৬৫৬ শকত অর্থাৎ ১৭৩৪ চনত ‘হস্তিবিদ্যার্ণৱ সাৰ সংগ্ৰহ’ পুথিখনি ৰচনা কৰিছিল।

২। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা।

উত্তৰঃ পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম হ’ল- শঙ্খচূড় বধ আৰু লৱকুশৰ যুদ্ধ।

৩। হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ চিত্ৰবোৰ কোনে অংকন কৰিছে?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ চিত্ৰবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন চিত্ৰকৰে অংকন কৰিছে।

৪। হস্তিবিদ্যাৰ্ণৱ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিত গ্ৰন্থকাৰ-অনুসৰি সুকুমাৰ বৰকাথ, চিত্ৰকৰ দুগৰাকী-দিলবৰ, দোষায়, স্বৰ্গদেউ শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছে।

৫। হস্তিগ্ৰন্থ বুলিলে কি বুজা?

উত্তৰঃ মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথিও ৰচিত হৈছিল। হাতী, ঘোঁৰা আদি জীৱ-জন্তুৰ স্বাস্থ্য আৰু চিকিৎসা সম্পর্কীয় কেবাখনো হাতেলিখা সচিত্র পুথি যোৱা শতিকাতে পণ্ডিত-গৱেষকসকলে উদ্ধাৰ কৰিছিল। দ’ল -দেৱালয়, কাৰেং-মৈদাম, ঘৰ-দুৱাৰ আদি নিৰ্মাণৰ কৌশল বিষয়ক পুথিও ৰচিত হৈছিল। বিশুদ্ধ সাহিত্যৰ ভিতৰুৱা নহয় যদিও এই ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক ‘ব্যৱহাৰিক সাহিত্য’ বুলি চিহ্নিত কৰিব পৰা যায়। অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথৰ ‘হস্তি-বিদ্যাৰ্ণৱ-সাৰ-সংগ্রহ’ এই শ্ৰেণীৰ শ্ৰেষ্ঠ পুথি।

(গ) দীঘল প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা।

উত্তৰঃ শংকৰোত্তৰ যুগৰ ঐশ্বর্যশালী সাহিত্য ৰাজিৰ ভিতৰত ব্যৱহাৰিক সাহিত্যৰ বিশেষ ভূমিকা আছে। প্ৰকৃততে চৰিত সাহিত্য, বুৰঞ্জী সাহিত্যৰ দৰে মধ্যযুগত ৰচিত এই সাহিত্যও এবিধ বিশেষ শ্ৰেণীৰ সাহিত্য। এইবিধ সাহিত্য ব্যৱহাৰিক জ্ঞান-শাস্ত্রমূলক। আয়ুর্বেদ শাস্ত্র, নিদান, জ্যোতিষ, অংক-আর্যা, নৃত্য-গীত, গৃহ নির্মাণ আদি বিষয়ৰ গ্ৰন্থৰাজি ব্যৱহাৰিক সাহিত্যৰ অন্তর্গত।

মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্র, বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদি বিষয়ক পুথিসমূহক সাধাৰণতে ব্যৱহাৰিক সাহিত্য বুলি কোৱা হয়। এই সাহিত্য কবিতা, চুটিগল্প, উপন্যাস আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয়। বর্তমান এই সাঁচিপতীয়া পুথিবোৰ ছপা ৰূপত প্রকাশ হৈছে। এই শ্ৰেণীৰ দুখনমান অসমীয়া পুথি হ’ল ‘হস্তিবিদ্যাৰ্ণৱ সাৰ-সংগ্ৰহ’, ‘ঘোঁৰা নিদান’, আৰু ‘চাংৰুং ফুকনৰ বুৰঞ্জী’।

২। ড° সূর্যকুমাৰ ভূঞাৰ সাহিত্য প্রতিভা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ তীক্ষ্ণ মেধাৰ অধিকাৰী সূর্যকুমাৰ ভূঞাই কবি হিচাপে প্রথমতে আত্মপ্রকাশ কৰে যদিও ইতিহাসবিদ হিচাপেহে খ্যাতি অর্জন কৰে। তেওঁ কেবাখনো মূল্যবান গ্রন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেওঁৰ একমাত্র কবিতা পুথিখনৰ নাম হ’ল- ‘নির্মালি’। চুটিগল্পৰ পুথি ‘পঞ্চমী’ উল্লেখযোগ্য প্রবন্ধ সংকলন ‘ত্রিপদী’ আৰু ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্রবন্ধ’। তেওঁৰ আন উল্লেখযোগ্য গ্রন্থসমূহ হ’ল: জীৱনীমূলক গ্রন্থ-‘গোপাল কৃষ্ণ গোখলে’, ‘আনন্দৰাম বৰুৱা’, ‘অসম জীয়ৰী’, ‘জোনাকী’, আৰু ‘চানেকী’। ঐতিহাসিক তথ্যপূর্ণ পুথি ‘কোঁৱৰ বিদ্ৰোহ’, ‘বুৰঞ্জীৰ বাণী’, ‘ৰমণী গাভৰু’, ‘মীৰজুমলাৰ অসম আক্ৰমণ’ আৰু ‘লাচিত বৰফুকন’। ইংৰাজীত ৰচিত উল্লেখযোগ্য গ্রন্থবোৰ হ’ল- An Assamese Nur- Jahan, Early British Relations with Assam, Lachit Borphukan and His Times, Atan Buragohain & His Times, Men I Have Met, London Memories আৰু গৱেষণা গ্রন্থ Anglo-Assamese Relations 1771 1826. ইয়াৰ উপৰিও তেওঁ কেবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰিছিল। এনেদৰে ড° সূর্যকুমাৰ ভূঞাই অসমীয়া সাহিত্য জগতলৈ বহুতো পুথিৰে অৱদান আগবঢ়াই গৈছে।

৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া।

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথি অসমীয়া ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ নিদর্শন হিচাপে গণ্য কৰা হয়। স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আজ্ঞাত সুকুমাৰ বৰকাথে খ্ৰীষ্টাব্দ ১৭৩৪ চনত এই পুথিখন ৰচনা কৰিছিল। মূলত হাতীক কেন্দ্ৰ কৰি এই পুথি গঢ়ি উঠিছে আৰু ইয়াত হাতীৰ সম্পৰ্কে প্ৰচলিত বিভিন্ন ধৰণৰ জ্ঞান একত্ৰিত কৰা হৈছে। গ্ৰন্থখনত উত্তম আৰু বেয়া হাতীৰ লক্ষণৰ সৈতে অন্য ৰজাৰ লগত অপ্ৰীতি জন্মোৱা হাতীৰ বৈশিষ্ট্যো দাঙি ধৰাৰ লগতে হাতীশাল নিৰ্মাণৰ নিয়ম, খুঁটাৰ উচ্চতা, কাঠ নিৰ্ব্বাচন আৰু বতাহ-ৰʼদ সোমাব পৰা ব্যৱস্থাৰো বৰ্ণনা দিয়া হৈছে। সেই সময়ত হাতীক শুভ কাৰ্যৰ প্রতীক বুলি গণ্য কৰা হৈছিল আৰু যাত্ৰা-ফেৰাত হাতী দেখা মঙ্গলজনক বুলি মানা হৈছিল। পুথিখনত যুদ্ধক্ষেত্ৰত হাতীৰ গুৰুত্ব বিশেষভাৱে উল্লেখিত হৈছে। কামন্দকীয় নীতিসাৰৰ ভিত্তিত ৰজাই কোন হাতীত উঠিলে মঙ্গল হয় আৰু কোন হাতীত উঠিলে অমঙ্গল হয় সেয়া দাঙি ধৰাৰ লগতে ঐৰাৱতৰ পৌৰাণিক কাহিনী আৰু নিন্দিত হাতীৰ কাহিনীৰো উল্লিখন আছে। লগতে হাতীৰ পুষ্টি, মেদ বৃদ্ধি, বলশক্তি, মনচোকা, আহাৰ আৰু মন্ত্রৰে বশ কৰাৰ নিয়মো উল্লেখ কৰা হৈছে। সেই সময়ত হাতীদাঁতৰ মূল্য সোণ-জপৰ সমান আছিল বুলি পুথিখনত দাঙি ধৰাৰ পৰা সমাজ-অৰ্থনৈতিক ক্ষেত্ৰতো হাতীৰ গুৰুত্ব স্পষ্ট হয়। ইয়াৰ লগতে পুথিটোত স্বৰ্গদেউ আৰু বৰকুঁৱৰীৰ লগতে ৰাজচৰকাৰৰ বিষয়াসকলৰ ছবিও অঙ্কিত কৰা হৈছে যাৰ দ্বাৰা সেই সময়ৰ ৰাজকীয় জীৱনৰো এক আভাস পোৱা যায়। সুকুমাৰ বৰকাথে সংস্কৃতৰ বিভিন্ন গজশাস্ত্ৰ, অসমত প্ৰচলিত হাতী বিষয়ক পুথি আৰু দাঁতি-কাষৰীয়া জাতিৰ মাজত প্রচলিত চিকিৎসা-পদ্ধতি একত্ৰ কৰি হস্তিবিদ্যাৰ্ণৱ পুথি সাৰসংগ্ৰহ ৰূপে ৰচনা কৰিছিল। সেয়েহে পুৰণি অসমীয়া ব্যৱহাৰিক সাহিত্যত এই গ্ৰন্থখনৰ গুৰুত্ব অসীম আৰু ইয়াক অসমীয়া জাতিৰ এক অমূল্য সম্পত্তি বুলি মানি লোৱা হয়।

8। ‘মংগলদায়ক হাতী’ৰ লক্ষণ সম্পর্কে হস্তিবিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।

উত্তৰঃ সুকুমাৰ বৰকাথৰ ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিত মঙ্গলদায়ক হাতীৰ বিস্তৃত বৰ্ণনা দাঙি ধৰাৰ লগতে হাতীৰ বিভিন্ন দোষ-গুণো আলোচিত হৈছে। গ্ৰন্থখনত ভাল হাতী, বেয়া হাতী, যুদ্ধ হাতী, অপ্ৰীতিবৰ্দ্ধক হাতী, স্বৰ্গদেউৰ গড়ৰ ৰাজত থকা হাতী, শুভকাৰ্যত ব্যৱহাৰ হোৱা হাতী, আৰু শোভাযাত্ৰাত ব্যৱহাৰ কৰা হাতী আদি বিভিন্ন ধৰণৰ হাতীৰ বৈশিষ্ট্য নিৰ্দিষ্টভাৱে লিখা হৈছে। বিশেষকৈ মঙ্গলদায়ক হাতীৰ বৰ্ণনা কৰোঁতে পুথিত উল্লেখ আছে যে এনে হাতীৰ শৰীৰ শ্যামবৰ্ণ আৰু দেখাত সুন্দৰ হ’ব লাগে। প্ৰকাণ্ড প্ৰাণী হ’লেও শৰীৰ স্থূল আৰু বলিষ্ঠ হ’ব লাগে। তাৰ দুয়োটা দাঁত দীঘল আৰু সমান হ’ব লাগে, লগতে সমানভাৱে ৰঙৰ হোৱা উচিত। কামৰ সময়ত আগলৈ চাপি যোৱা, কালশিলিৰ দৰে বৰণ থকা, আগছোৱা জোঙা আৰু পাতল ক’লা নখ থকা হাতীক উৎকৃষ্ট হাতী বুলি গণ্য কৰা হৈছিল। এনে হাতী বলশালী হোৱাৰ ফলত ৰাজকীয় কামত মঙ্গলজনক আৰু ৰাজপাটৰ ভিতৰ-বাহিৰ সকলো কাৰ্যত শুভফল প্ৰদান কৰে বুলি ধাৰণা আছিল। ইয়াৰ লগতে পুথিত উল্লেখ আছে যে উত্তম আহাৰ দিলে এনে হাতী সহজে বশ কৰি লোৱা যায়। সেয়েহে পুৰণি কালত উন্নত গুণসম্পন্ন হাতীক মঙ্গলদায়ক হাতী বুলি কোৱা হৈছিল আৰু ৰজা-মহাৰাজাই এনে হাতীক বিশেষ গুৰুত্ব আৰু যত্নেৰে পালি-পোষি ৰাখিছিল। এনে হাতীক ৰাজকীয় প্ৰতাপ, সমৃদ্ধি আৰু সৌভাগ্যৰ বাহক হিচাপে গণ্য কৰা হৈছিল, যাৰ পৰা সেই সময়ৰ সামাজিক আৰু সাংস্কৃতিক মূল্যবোধও স্পষ্ট হয়।

৫। হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলী অসমীয়া সাহিত্যৰ ইতিহাসত অতি গুৰুত্বপূর্ণ। পুথিখন গদ্যভাষাত ৰচিত হোৱাতেও ইয়াৰ ভাষাশৈলীত দ্বৈত বৈশিষ্ট্য লক্ষ্য কৰা যায়। প্ৰশস্তি অংশত সংস্কৃতগন্ধী গম্ভীৰ শৈলী দেখা যায়, য’ত ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ প্ৰশংসা সমৃদ্ধ শব্দচয়নৰ জৰিয়তে প্ৰকাশ পাইছে। উদাহৰণস্বৰূপে, “ইন্দ্ৰ সৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা নীতিবিদ্যাৰো আনন্দিত হুই বৃহস্পতিক উপালম্ভ কৰিছে…” আদি বাক্যসমূহত সংস্কৃতভিত্তিক দীঘল বাক্য, জটিল পদবন্ধ আৰু প্ৰশস্ত গৌৰৱবোধ প্ৰকাশ পাইছে। ইয়াৰ দ্বাৰা পুথিখনৰ গদ্যত ৰাজশক্তি আৰু আভিজাত্যৰ গম্ভীৰ পৰিবেশ ফুটাই তোলা হৈছে। আনহাতে, হাতীৰ দৈহিক গঠন, দোষ-গুণ, শুভ-অশুভ লক্ষণ, চিকিৎসা, বা ব্যাধি-বৰ্ণনা কৰা অংশত ভাষা সহজ, সৰল আৰু সাধাৰণ মানুহে বুজিব পৰা ধৰণে ব্যৱহৃত হৈছে। উদাহৰণস্বৰূপে, “পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুটি যায়…” আদি বাক্যসমূহত স্পষ্টভাৱে দেখা যায় যে লেখকে সাধাৰণ মুখৰ ভাষাৰ মাধুৰ্য আৰু সহজতাক সাহিত্যিক ৰূপত প্ৰয়োগ কৰিছে। এই সংমিশ্ৰণৰ ফলত হস্তিবিদ্যাৰ্ণৱৰ গদ্য একেদৰে পণ্ডিতসকলৰ বাবে বৈদগ্ধ্যপূৰ্ণ আৰু সাধাৰণ পাঠকৰ বাবে সৰল আৰু গ্ৰহণযোগ্য হৈ উঠিছে। মুঠতে, পুথিখনৰ গদ্যই সংস্কৃতৰ আভিজাত্য আৰু অসমীয়া মুখৰ ভাষাৰ সহজতা দুয়োটাক মিলাই এক অনন্য সাহিত্যিক শৈলী সৃষ্টি কৰিছে, যিয়ে পুথিখনৰ সাহিত্যিক আৰু সাংস্কৃতিক মূল্য বহুগুণে বৃদ্ধি কৰিছে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 12 Assamese Chapter 4 হস্তিবিদ্যাৰ্ণৱ পুথি”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top