Class 12 Assamese Chapter 8 কৰুণতম – কবিতা

Class 12 Assamese Chapter 8 কৰুণতমকবিতা Class 12 Assamese Question Answer, HS 2nd year Assamese notes কৰুণতম Class 12 The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 8 কৰুণতমকবিতা and select needs one.

Class 12 Assamese Chapter 8 কৰুণতমকবিতা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 8 কৰুণতমকবিতা Solutions for All Subject, You can practice these here…

কৰুণতম – ড০ নিৰ্মলপ্ৰভা বৰদলৈ

Unit-8

অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ১ )

প্ৰশ্ন ১. নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হ’ল ` বন ফৰিঙৰ ৰং’I

প্ৰশ্ন ২. নিমলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে ?

উত্তৰঃনিমলপ্ৰভা বৰদলৈয়ে `সুদীৰ্ঘ দিন আৰু ঋতু’ নামৰ পুথিখনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে I

প্ৰশ্ন ৩.`কৰুণতম’ কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে ?

উত্তৰঃ`কৰুণতম’ কবিতাটো কবিৰ `দিনৰ পিছত দিন’ নামৰ কবিতাপুথিত সংকলিত হৈছে I

প্ৰশ্ন ৪.`কৰুণতম’ কোন শ্ৰেণীৰ কবিতা ?

উত্তৰঃ`কৰুণতম’ কবিতা আধুনিক শ্ৰেণীৰ কবিতা I

প্ৰশ্ন ৫. নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা ?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট হ’ল – নগৰীয়া জীৱনৰ প্ৰতি বিদ্বষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ I

চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ২/৩)

প্ৰশ্ন ১. নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা ?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতাপুথিৰ নাম হ’ল –` সমীপেষু’,`অন্তৰংগ’ আৰু `বনফৰিঙৰ ৰং’ I

প্ৰশ্ন ২. নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা ?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম হ’ল-`সোণবৰনীয়া আই’ আৰু `সুৰীয়া মাত’ I

প্ৰশ্ন ৩. নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষনামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা ?

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ গবেষণামূলক গ্ৰন্থ তিনিখনৰ নাম হ’ল -`দেৱী’,`সূৰ্য ‘আৰু `শিৱ’ I

প্ৰশ্ন ৪.`কৰুণতম’ আৰু `সুবাস’ শব্দৰ অৰ্থ লিখা?

উত্তৰঃ কৰুণতম –চৰম বেদনাদায়ক বা দুখদায়ক  আৰু সুবাস-সুগন্ধ I

প্ৰশ্ন ৫.`কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট লিখা ?

উত্তৰঃ`কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট হ’ল:- 

(ক) আধুনিক কবিতা বাস্তৱবাদী I

(খ) আধুনিক কবিতা সামবাদী ভাৱধাৰাৰে পৰিপুষ্ট I

দীঘল প্ৰশ্নৰ উত্তৰ ( মুল্যাংক ৪/৫ )

প্ৰশ্ন ১.`কৰুনতম’ কবিতাৰ নামাকৰনৰ তাৎপৰ্য বিশ্লেষন কৰা?

উত্তৰঃ`কৰুনতম’ ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ এটা উৎকৃষ্ট কবিতা Iকবিতাটোৰ শিৰোনামটোৰ জৰিয়তে ইয়াৰ মূলভাব, মূল চৰিএআৰু বিষয়বস্তুৰ সম্পৰ্কে ইংগিত পোৱা যায়I

`কৰুনতম’ কবিতাটোত ভৱিষ্যতৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম,আদৰ্শ সন্দৰ্ভত সন্দিহান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে I আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয় I কাৰন কবিৰ পিতৃ এজন কৃষক আছিল I কৃষি তেওঁৰ বাবে কেৱল বৃওিয়েই নাছিল ; বৰঞ্চ ই আছিল জীৱনৰ সাধনা I পিতৃৰ সেই কৰ্ম সাধনাক লৈ কবি গৌৰবান্বিত I একেদৰে দোকানৰ জাপ- ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰেI কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল I গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কৰ্মত লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে I

কবিৰ পিতৃ-মাতৃয়ে নিদিষ্ট কৰ্ম-সাধনাৰেসময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে I মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব খোদিত কৰি যাৱ পাৰিছে I কিন্ত কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰনৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব- সেই সৰ্ম্পকে নিশ্চিত হ’ব পৰা নাই I তেঁও ভৱিষ্যত্ প্ৰজন্মৰ বাবে কোনো আদৰ্শ থৈ যাব নোৱাৰিৱ বুলি ভাবি সংশয়ত ভুগিছে I কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ’ব নোৱাৰে I গতিকে কবিতাটোৰ মূল বিষয়বস্ত আৰু ভাবাৰ্থৰ ফালৰ পৰা কবিতাটোৰ নামাকৰন -`কৰুণতম’ সাৰ্থক হৈছে বুলি ক’ব পাৰি I

প্ৰশ্ন ২.`কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে বিচাৰ কৰা?

উত্তৰঃ`কৰুণতম’ কবিতাটোৰমাজেৰে নিজ পিতৃ মাতৃৰ প্ৰতি থকা কবিৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ পাইছে I 

আহিনৰ সজাল ধৰা ধাননি-পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয় I কাৰন কবিৰ পিতৃ এজন কৃষক আছিল I কৃষি-কৰ্মৰে তেওঁ পৰিয়ালটিক ভৰন-পোষন দিছিল I সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃওিয়েই নাছিল; বৰঞ্চই আছিল জীৱনৰ সাধনা I পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰবান্বিত I সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰা I কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল I গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা- কুশলতাৰ পৰিচয় দিছিল I 

মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে I কবিৰ পিতৃ-মাতৃয়ে নিদিষ্ট কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে I মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভবিষত প্ৰজন্মৰ মনত নিজৰ যাউতিযুগীয়াকৈ খোদিত কৰি যাব পাৰিছে I কবিৰ মনত যুগমীয়া সাঁচ বহোৱাই থৈ যোৱা পিতৃ-মাতৃৰ কৰ্মৰ তেনে বিশেষ স্মৃতিচিহ্নবোৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কবিৰ অন্তৰত পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তি জাগৰিত হয় Iগাঁৱৰ সহজ-সৰল জীৱন আৰু অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক পিতৃ-মাতৃয়ে সৎ উপায়েৰে এই পৃথিৱীত অস্তিত্ব ৰাখি যাবলৈ সক্ষম হৈছে কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰনৰ কৰ্মাদৰ্শৰে সন্তানৰ বাবে নিজৰ স্মৃতি ৰাখি যাব- সেয়া কবিৰ বাবে এক  চৰম বেদনাদায়ক প্ৰশ্ন I

-এনেদৰে কবিয়ে পিতৃ-মাতৃয়ে এৰি থৈ যোৱা আদৰ্শ স্মৰন কৰি তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ ভাৱ প্ৰকাশ পাইছে I

প্ৰশ্ন ৩.`কৰুণতম’  কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা ?

উত্তৰঃ কবি –গীতিকাৰ ড০ নিৰ্মলপ্ৰভা বৰদলৈয়ে `কৰুণতম’ কবিতাটোৰ মাজেৰে তেখেতৰ অন্তৰৰ ওপজা গভীৰ দুখবোধ অতি মৰ্মান্তিকভাৱে প্ৰকাশ কৰিছে I

আহিনৰ সজাল ধৰা সেউজীয়া ধাননি পথাৰৰ গোন্ধই কবিৰ পিতৃ-স্মৃতি জাগ্ৰত কৰে I কাৰন কবিৰ পিতৃ কৃষক আছিল I কৃষি-কৰ্মৰে তেঁও পৰিয়ালটিক ভৰন-পোষন কৰিছিল I সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃওিয়েই নাছিল; বৰঞ্চ ই আছিল জীৱন সাধনা I পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰৱান্বিত I সেইদৰে দোৰানৰ জাৰ-ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰেI কাৰন কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল I গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা-কুশলতাৰ পৰিচয় দিছিল I মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে I 

কবিৰ পিতৃ-মাতৃয়ে নিদিষ্ট কৰ্ম  সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাৱলৈ সক্ষম হৈছে Iমহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষৎ প্ৰজন্মৰ মনৰ নিজৰ অস্তিত্ব যাউতিযুগীয়াকৈ খোদিত কৰি যাৱ পাৰিছে I কিন্তু কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰনৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব-    সেই ভাবনাই কবিৰ অন্তৰত গভীৰ দুখবোধৰ সৃষ্টি কৰিছে I আধুনিৰ পৃথিৱীখনত কবিয়ে কৰিব পৰা একোৱেই নাই ,যাৰ বাবে ভৱিষৎ প্ৰজন্মই কবিক মনত ৰাখিব I সেয়েহে কবিয়ে গভীৰ অস্তিত্বৰ সংকটত ভুগিছে I কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ’ব নোৱাৰে Iএনেদৰে শোকত ম্ৰিয়মান কবিৰ দুখবোধ কবিতাটোত স্পষ্টভাৱে প্ৰকাশ কৰিছে I

Sl. No.Contents
Unit 1 নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

প্ৰশ্ন ৪.`কৰুণতম’ কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিএ আংকন হোৱা বুলি ক’ব পাৰি নেকি পিচাৰ কৰা ?

উত্তৰঃ ড০ নিৰ্মলপ্ৰভাবৰদলৈৰ `কৰুণতম ‘ কবিতাটোৰ বিষয়বস্তুক গভীৰভাৱে অধ্যয়ন কৰিলে প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীবনৰ সংঘাতৰ চিএ এখন অংকিত হোৱা বুলি ক’ব পৰা যায় 

কবিতাটোত ঐতিহ্য সচেতন কবিয়ে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকানৰ  জাপ ভঙা গামোচাৰ সুবাসৰ লগত পিতৃ-মাতৃৰ স্মৃতি জড়িত কৰি গ্ৰাম্য সমাজ-সংস্কৃতিৰ এখনি আকৰ্ষনীয় চিএ অংকন কৰিছে I গ্ৰাম্য জীৱনৰ সৈতে কৃষি কৰ্ম-সংস্কৃতি জড়িত হৈ থাকে I আহিনৰ পথাৰ মানেই সেউজীয়া সজাল ধৰা ধননিৰ লয়লাস I তাৰ মাজে মাজে সহজ সৰল কৃষকৰ কৰ্মব্যস্ততা I সেই আহিনৰ সেউজীয়া পথাৰৰ গোন্ধ পালেই কবিৰ হেঁপাহৰ পিতৃলৈ মনত পৰে গাঁৱলীয়া হোজা কৃষকসকললৈ I

সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মৰমী মাতৃৰ স্মৃতি সজীৱ কৰি তোলে I কাৰণ গামোচাত ৰং-বিৰঙৰ সপোনৰ ফুল বাচি মাতৃয়ে শিল্প –নিপুনতাৰ পৰিচয় দিছিল I পিতৃ-মাতৃৰ সেই মহৎ কৰ্ম সাধনাক লৈ কবি পৰম গৌৰৱান্বিত কিন্তু সময়ৰ পৰিবৰ্তন হৈছে I আধুনিকতাৰ পাকচক্ৰত আহিনৰ সেউজীয়া পথাৰ, শিপিনীসকলৰ তাঁতশালৰ ঐতিহ্য ক্ৰমে যেন হেৰাই যাৱলৈ ধৰিছে I সেয়ে কবিয়ে পিতৃ-মাতৃৰ অতীতৰ গাম্ভীৰ্যপূৰ্ণ স্মৃতিৰ সমধৰ্মী হিচাপে ভৱিষ্যতে সন্তানৰ মনত নিজকে স্থাপন কৰিবলৈ অসমৰ্থ হ’ব বুলি আশংকা প্ৰকাশ কৰিছে I ইয়াতেই প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ মাজত সংঘাতৰ সৃষ্টি হৈছে I

কবিয়ে যিদৰে এফালে আহিনৰ  পথাৰৰ গোন্ধ আৰু দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসৰ কথা লৈ গ্ৰাম্য জীৱনৰ গুণ-গৰিমা আৰু অকৃএিমতাৰ এখন সাৰ্থক চিএ ৰুপায়ন কৰিছে , সেইদৰে ভৱিষ্যত প্ৰজন্মলৈ কবিয়ে একো স্থিতি এৰি যাব নোৱাৰিব বুলি আক্ষেপ প্ৰকাশ কৰি আধুনিক নগৰীয়া সভ্য সমাজৰ এখন নিজস্বতাহীন , নিস্তেজ আৰু শূন্যতাৰে ভৰা ছবি আংকন কৰিছে I

প্ৰশ্ন ৫. প্ৰসংগ সংগতি দৰ্শাই  ব্যাখ্যা কৰা I

(ক)        মই মোক                                                                                                                                  

             মোৰ সন্তানৰ কাৰণে

             ক’ত থৈ যাম                                                                                                                           

             ক’ত ?

উত্তৰঃউক্ত কবিতাফাকি আমাৰ পাঠ্য়পুথি `সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচিত `কৰুণতম’ কবিতাটোৰ পৰা উদ্ধত কৰা হৈছে I

প্ৰসঙ্গক্ৰমে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম –আদৰ্শ সন্দৰ্ভত সন্দিহান কবিয়ে ব্যাখ্যেয় কবিতাফাঁকিৰ অৱতাৰনা কৰিছে I

অসমীয়া গ্ৰাম্য সমাজ-সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি কবি সচেতন I কবিৰ পিতৃ-মাতৃয়ে নিজস্ব কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ যুগমীয়াকৈ ৰাখি যাবলৈ সক্ষম হৈছে I কবিৰ পিতৃ এজন উওম কৃষক আছিল আৰু মাতৃ এগৰাকী পাকৈত শিপিনী আছিল I মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব তেওঁলোকে খোদিত কৰি যাব পাৰিছে I কবিয়েও ভৱিষ্যৎ প্ৰজন্মৰ মাজত নিজৰ আদৰ্শ ৰাখি যাব বিচাৰে I কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰনৰ কৰ্মাদৰ্শৰে ভৱিষ্যৎৰ বাবে  নিজৰ স্মৃতি ৰাখি যাব –সেই আশংকাত কবি চিন্তাক্লিষ্ট  হৈ পৰিছে I নিজ সন্তানৰ ওচৰতেই ভৱিষ্যতে অচিনাকি হৈ যোৱাৰ সংশয়ত কবিৰ অন্তৰত ওপজা গভীৰ দুখবোধৰ ভাবো কবিতাফাকিৰ মাজেদি প্ৰকাশিত পাইছে I

2 thoughts on “Class 12 Assamese Chapter 8 কৰুণতম – কবিতা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top