Class 12 Assamese Chapter 2 মগনিয়াৰ, Class 12 Assamese Question Answer, HS 2nd year Assamese notes, মগনিয়াৰ Class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 2 মগনিয়াৰ and select needs one.
Class 12 Assamese Chapter 2 মগনিয়াৰ
Also, you can read AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 2 মগনিয়াৰ Solutions for All Subject, You can practice these here.
মগনিয়াৰ
Chapter – 2
| আর্হি প্রশ্ন: |
(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)
১। অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী কোন?
উত্তৰঃ অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী হ’ল- যতীন্দ্ৰনাথ দুৱৰা।
২। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত হৈছিল।
৩। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়?
উত্তৰঃ যতীন্দ্রনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়।
৪। ‘ওমৰ তীর্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?
উত্তৰঃ ‘ওমৰ তীর্থ’ পুথিখন ওখম খায়ামৰ ৰুবায়েট’ৰ ভাৱানুবাদ।
৫। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ যতীন্দ্রনাথ দুৱৰাই ‘বনফুল’ কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল।
(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। কথা-কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ কথা কবিতা এক প্রকাৰৰ কবিতা। ইয়াত ভাব প্রকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিৰ্বাচন কৰি লোৱা হয়। কথাকবিতা পদ্যময় ৰচনা। কথা কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰি।
কথা কবিতাৰ পাঁচটা বৈশিষ্ট্য হ’ল-
(ক) কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্রায়েই ৰূপকাত্মক।
(খ) কথা কবিতা চিত্র ধৰ্মিতাৰ ওপৰত প্রতিষ্ঠিত।
(গ) ভাবেই ইয়াৰ প্রধান বস্তু। ইয়াত মাত্র এটিহে কেন্দ্রস্থ ভাব থাকে।
(ঘ) কথা-কবিতাত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন।
(ঙ) কথা-কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা।
২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পার্থক্য আছে?
উত্তৰঃ কবিতা আৰু কথা-কবিতাৰ মাজত থকা উল্লেখযোগ্য পার্থক্যসমূহ হ’ল-
(ক) কবিতাত কাব্যিকতা বেছি, কথা কবিতা গদ্যৰ ওচৰ চপা। যদিও বর্তমান স্পন্দিতা গদ্য ছন্দৰ প্ৰয়োগ কৰিছে তথাপি কথা কবিতা কবিতাতকৈ এই ক্ষেত্রত পৃথক।
(খ) কবিতাৰ তুলনাত কথাকবিতা কাহিনীধর্মী।
(গ) কবিতা ব্যঞ্জনাধর্মী, কথা কবিতা কবিত্বময়ী গদ্য লিখাৰ এক ভঙ্গী বুলিব পাৰি।
(ঘ) কবিতাৰ তুলনাত কথা কবিতাত সম্পূর্ণ এক ছবি ফুটি উঠা দেখা যায়।
৩। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।
উত্তৰঃ ওমৰ খায়াম এগৰাকী ফাৰ্চী ছুফী কবি আছিল। তেওঁ ৰচনা কৰা এখন পুথিৰ নাম হ’ল- ‘ৰুবায়ত’।
৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?
উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। কবিয়ে বৰ্ণনা কৰা অনুসৰি, বাটেদি যোৱা সময়ত এজন বুঢ়া বেমাৰ, হাড়–ছাল ওলোৱা মগনিয়াৰ তেওঁৰ ওচৰলৈ আহি সহায় বিচাৰিলে। মগনিয়াৰজনৰ ওঁঠ শেঁতা, চকু ৰঙা আৰু গাত ফাটা কাপোৰ পিন্ধা অৱস্থাত তেওঁ কষ্টত কঁপিছিল। কবিয়ে নিজৰ চোলাৰ মোনাত হাত দিছিল, কিন্তু টকা, ঘড়ী বা কোনো বস্তু বিচাৰি নাপাই কষ্টত পৰিছিল। শেষত কবিয়ে লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুটা ধৰি ক’লে—“ককাই, মোৰ হাতত একোৱেই নাই, খং নকৰিবা।” কবিৰ এই কথা শুনি মগনিয়াৰজন আচৰিত হৈ হাঁহিলে আৰু তেওঁৰ হাত ধৰি অলপ কষ্টেৰে ক’লে—“ইয়াৰ কাৰণে ধন্যবাদ, ইও এটা দান।” ইয়াৰ অৰ্থ হ’ল, কবিয়ে টকা–পইচাৰ দান কৰিব নোৱাৰিলেও তেওঁৰ হাত ধৰি দিয়া মৰম, সহানুভূতি আৰু স্নেহক মগনিয়াৰজনে দান হিচাপে গ্ৰহণ কৰিলে। সেয়ে কবিয়ে নিজেও বুজিলে যে তেওঁ নিজৰ লগৰীয়াৰ পৰা সহানুভূতিৰ এক দান লাভ কৰিলে।
৫। ‘ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।’ কোনে কি প্রসংগত এই উক্তি কৰিছিল?
উত্তৰঃ এদিন কবি যতীন্দ্ৰনাথ দুৱৰাই বাটেদি গৈ আছিল। হঠাতে তেওঁৰ সন্মুখত এজন বেমাৰী, হাড়–ছাল ওলোৱা মগনিয়াৰ আহি থিয় দিলে। মগনিয়াৰজনৰ ওঁঠ শেঁতা, চকু ৰঙা আৰু গাত ফটা কাপোৰ আছিল। দৰিদ্ৰতাৰ জলন্ত দৃশ্য কবিয়ে চকুৰ আগত দেখিলে। তেতিয়া মগনিয়াৰজন উখহা, অপৰিষ্কাৰ হাতখন মেলি সহায় বিচাৰিলে। কবিয়ে চোলাৰ মোনাত হাত সুমুৱাই চালে, কিন্তু টকা, ঘড়ী, ৰুমাল একোৱেই নাপালে। উপায় নোহোৱাত কবিয়ে মগনিয়াৰজনৰ কঁপা হাত দুখন ধৰি ক’লে— “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।” এই দুখ–সহানুভূতিৰ কথাখিনিকে মগনিয়াৰজন দান হিচাপে গ্ৰহণ কৰিলে।
(গ) দীঘল প্রশ্ন (প্ৰতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। ‘মগনিয়াৰ’ শীর্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা।
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাৰ “মগনিয়াৰ” শীৰ্ষক কথা–কবিতাটো মানৱতা, মৰম আৰু সহানুভূতিক সত্যক প্ৰতিফলিত কৰিছে। এদিন কবি বাটেদি গৈ থকা সময়ত এজন বেমাৰী, হাড়–ছাল ওলোৱা, দুখত জৰজৰ মগনিয়াৰ তেওঁৰ ওচৰত সহায় বিচাৰি আহে। মগনিয়াৰজনৰ ওঁঠ শেঁতা, চকু ৰঙা আৰু গাত ফাটা কাপোৰ পৰিধানৰ দুখজনক অৱস্থা কবিয়ে লক্ষ্য কৰে। অনাহাৰ, দুখ–দৰিদ্ৰতাৰে পীড়িত মগনিয়াৰজনে অপৰিষ্কাৰ হাতখন মেলি সহায় বিচাৰিলে। কবিয়ে চোলাৰ মোনাত হাত সুমুৱাই টকা, ঘড়ী, ৰুমাল আদিকিছু বিচাৰিলে, কিন্তু কোনো বস্তু পোৱা নগল।
এতিয়া কবি নিজেও অসহায় হৈ পৰে। কিন্তু তেওঁ সহানুভূতিৰে মগনিয়াৰজনৰ কঁপা হাত দুখন ধৰি ক’লে— “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।” এই সাধাৰণ কিন্তু হৃদয়–স্পৰ্শী আচৰণত মগনিয়াৰজন আশ্চৰ্য হৈ হাঁহি কবিক ধন্যবাদ জনালে। তেওঁৰ মতে, কবিয়ে দিয়া এই সহানুভূতিপূৰ্ণ স্পৰ্শই টকা–পইচাৰ পৰা বহু গুৰুত্বপূর্ণ।
সেয়ে, কবিতাখনিত কবিয়ে দেখুৱাইছে যে দান মানে কেৱল ধন-সম্পত্তি নহয়, আন্তৰিক মৰম, সহানুভূতি আৰু মানৱীয়তা নিজেই এক মহৎ দান।
২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?
উত্তৰঃ মগনিয়াৰ পাঠটিত কথা-কবিতাৰ প্রায়বোৰ লক্ষণেই বিৰাজ কৰা দেখা যায়।
(ক) মগনিয়াৰ পাঠটিত উল্লেখিত ভাব কবিত্বময়ী কথা লিখাৰ এক ভংগী বুলি কব পাৰি।
(খ) কথা-কবিতাটিত ৰূপকৰ সমাৱেশ দেখা যায়। কবি দুৱৰাই মগনিয়াৰজনৰ পৰা পোৱা দানক ৰূপকাত্মক অৰ্থ প্রকাশ কৰিছে।
(গ) মগনিয়াৰ কবিতাটি চিত্রধৰ্মী, এটা সম্পূৰ্ণ ছবি কথা-কবিতাৰ মাজত বিৰাজমান।
(ঘ) ‘মগনিয়াৰ’ কথা কবিতাটিৰ মাজত এটা সম্পূৰ্ণ ভাব ফুটি উঠিছে। মগনিয়াৰ আৰু কবিৰ মাজৰ যি আন্তৰিকতা তাক এক কেন্দ্রস্থ ভাৱত ফুটি উঠিছে।
৩। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য-কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত হৈছিল। প্ৰথমে শিৱসাগৰত শিক্ষা লাভ কৰি, কটন কলেজ আৰু তাৰ পিছত কলকাতাস্থ স্কটিছ চার্চ কলেজত বি.এ. পাশ কৰে। তাৰ পিছত আইন আৰু এম.এ. শিক্ষা সমাপ্ত কৰি শিক্ষকতা পেশাত যোগ দিয়েহি। তেওঁ ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউচন, কলকাতাৰ স্কটিছ চার্চ কলেজিয়েট স্কুল আৰু এম.এ. শ্ৰেণীত শিক্ষকতা কৰি শেষত ডিব্ৰুগড়ৰ হনুমানবক্স সূৰযমল কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক পদত অৱসৰ গ্ৰহণ কৰে।
ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাৰ উল্লেখযোগ্য কাব্য গ্ৰন্থ হ’ল— ‘ওমৰ তীৰ্থ’, ‘আপোন সুৰ’, ‘বনফুল’, ‘মিলনৰ সুৰ’ আৰু ‘মৰমৰ সুৰ’। তেওঁৰ একমাত্র কথা-কবিতাৰ সংকলন হৈছে ‘কথা-কবিতা’। বিশেষকৈ, ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়তৰ প্ৰথম অসমীয়া ভাৱানুবাদ ‘ওমৰ তীৰ্থ’ খনেই তেওঁৰ সাহিত্যক বিশেষ সমৃদ্ধ কৰিছে।
দুৱৰাৰ কাব্যৰ মূৰত গঢ়ি ওঠা ‘বনফুল’ গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাদেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক হিচাপে খ্যাতি অৰ্জন কৰে। লগতে ১৯৫৫ চনত গুৱাহাটী অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল। ১৯৬৪ চনত শিৱসাগৰত এই সাহিত্যিকৰ মৃত্যু ঘটে।
৪। ‘মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাবটি তোমাৰ ভাষাত লিখা।
উত্তৰঃ ‘মগনিয়াৰ দুৱৰাৰ ‘কথা কবিতা’ নামৰ পুথিখনৰ পৰা লোৱা হৈছে।
যতীন্দ্ৰনাথ দুৱৰাৰ “মগনিয়াৰ” পাঠটোৰ মূল ভাব হ’ল মানৱীয় সহানুভূতি আৰু মৰমৰ মাহাত্ম্য। কবিয়ে এদিন পথত যোৱাৰ সময়ত এজন দুখী, বেমাৰী, হাড়–ছাল ওলোৱা মগনিয়াৰজনক সহায় বিচাৰি আহি হাত পাতি থিয় থকা দেখিলে। কবিয়ে তেওঁৰ চোলাৰ মোনাত হাত সুমুৱাই চালে, কিন্তু টকা–পইচা, ঘড়ী বা কোনো বস্তু নাপালে। তেতিয়া তেওঁ অসহায় হৈ মগনিয়াৰজনৰ হাত ধৰি ক’লে— “ককাই, মোৰ হাতত একোৱেই নাই।”
এই সৰল কিন্তু আন্তৰিক আচৰণে মগনিয়াৰজনৰ হৃদয় স্পৰ্শ কৰিলে। তেওঁ কবিক কৃতজ্ঞতা জনাই ক’লে— এই সহানুভূতিপূৰ্ণ আচৰণো এটা দান। ইয়াৰ পৰা বুজিব পাৰি যে দান মানে কেৱল ধন-সম্পত্তি দান নহয়, বৰঞ্চ মৰম, সহানুভূতি, স্নেহ আৰু মানৱীয়তা নিজেই এক অমূল্য দান।
সেয়ে, কবিতাটোৰ মূলভাব হৈছে মানৱ জীৱনত সহানুভূতি আৰু মৰমৰ দানই সকলোতকৈ মহৎ দান।
৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা।
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাৰ “মগনিয়াৰ” পাঠত কবি আৰু এজন বেমাৰী বুঢ়া মগনিয়াৰজনৰ মাজত হৃদয়স্পৰ্শী কথোপকথন ঘটে। কবি পথেদি গৈ থকা সময়ত শেঁতা ওঁঠ, ৰঙা চকু, ফটা কাপোৰ পৰিধান কৰা আৰু হাড়–ছাল ওলোৱা এজন বেমাৰী মগনিয়াৰজন তেওঁৰ ওচৰত থিয় দিয়ে। মগনিয়াৰজনে কঁপা হাত মেলি সহায় বিচাৰে। কবিয়ে তেওঁৰ চোলাৰ মোনাত হাত সুমুৱাই টকা, ঘড়ী, ৰুমাল আদিকিছু বিচাৰিলে, কিন্তু একো নাপালে।
তেতিয়া কবিয়ে সহানুভূতিৰে মগনিয়াৰজনৰ হাত দুখন ধৰি ক’লে— “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।” এই কথা শুনি মগনিয়াৰজন আচৰিত হৈ হাঁহি কবিক উত্তৰ দিলে— “ইয়াৰ কাৰণে ধন্যবাদ, ইও এটা দান।”
এই কথোপকথনৰ জৰিয়তে কবিয়ে বুজিলে যে দান মানে কেৱল ধন–সম্পত্তি নহয়, সহানুভূতি, মৰম আৰু স্নেহো এক মহান দান।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


👍👍👍