Class 12 Assamese Chapter 7 উভতি নহাৰ কবিতা, Class 12 Assamese Question Answer, HS 2nd year Assamese notes উভতি নহাৰ কবিতা Class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 7 উভতি নহাৰ কবিতা and select needs one.
Class 12 Assamese Chapter 7 উভতি নহাৰ কবিতা
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 7 উভতি নহাৰ কবিতা Solutions for All Subject, You can practice these here.
উভতি নহাৰ কবিতা
Chapter – 15
| আর্হি প্রশ্ন: |
(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক – ১)
১। ‘উভতি নহাৰ কবিতা’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ‘উভতি নহাৰ কবিতা’ পাঠটি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ ‘ককাদেউতাৰ হাড়’ পুথিখনৰ বা উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
৩। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটা পাৰ্থক্য লিখা।
উত্তৰঃ ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটা পাৰ্থক্য হল―
(i) ৰোমান্টিক কবিয়ে পুনৰ জন্মত বিশ্বাস কৰে, আনহাতে, আধুনিক কবি সকল বাস্তৱবাদী, তেওঁলোকৰ মতে এবাৰ জন্ম লৈ পৃথিৱীৰ পৰা গুছি যোৱা পিছত এই পৃথিৱীলৈ পুনৰাই আহিব নোৱাৰে।
৪। ‘উভতি নহাৰ কবিতা’ কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ ‘উভতি নহাৰ কবিতা’ আধুনিক যুগৰ এক বাস্তৱবাদী দাৰ্শনিক কবিতা।
৫। ‘তামীঘৰা’ শব্দটিৰ অৰ্থ লিখা।
উত্তৰঃ ‘তামীঘৰা’ শব্দটিৰ অৰ্থ হ’ল- তম্বু।
(খ) চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক ২ অথবা ৩)
১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথি হ’ল-
(i) হে অৰণ্য হে মহানগৰ।
(ii) এটি দুটি এঘাৰটি তৰা।
(iii) ৰাৱণ।
২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাস হ’ল-
(i) কপিলীপৰীয়া সাধু।
(ii) ককাদেউতাৰ হাড়।
৩। নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থ হ’ল-
(i) আখৰৰ জখলা।
(ii) শিয়ালী পালেগৈ ৰতনপুৰ।
৪। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে?
উত্তৰঃ কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ’ল-যন্ত্ৰণা। জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে।
৫। কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হʼব?
উত্তৰঃ কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে নানান পৰিবৰ্তন হʼব। যেনে- নতুন চিন্তাধাৰা, নতুন সুৰ আৰু নতুন জীৱনৰ দিশ। সেই দিনটো হ’ব নতুন দিন, য’ত কবিৰ কোনো চিন বা চিহ্ন থাকিব নোৱাৰে। তেতিয়া, কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব।
(গ) দীঘল প্ৰশ্নৰ উত্তৰ (মুল্যাংক ৩ অথবা ৪)
১। কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।
উত্তৰঃ মানুহ মৰণশীল। প্ৰত্যেকৰে এবাৰেই জন্ম হয় আৰু এবাৰেই মৃত্যু হয়। মৃত্যুৰ পিছত কোনোৱেই পুনৰ পৃথিৱীলৈ উভতি আহিব নোৱাৰে। সেই কাৰণে তেওঁ স্পষ্টকৈ কৈছে, “মই নাহোঁ, মই উভতি অহাৰ কথা নাই।” তেওঁৰ মতে, জীৱন মানে যেন বকুল ফুলৰ মুকলি পাহ এবাৰহে বুটলাই থব পৰা যায়, অৰ্থাৎ মানুহ এবাৰহে জন্ম লাভ কৰে আৰু দ্বিতীয়বাৰ এই জীৱন পোৱা সম্ভৱ নহয়। তথাপি কবিয়ে নিজৰ জীৱনত এই পৃথিৱীক প্ৰাণভৰি ভালপায়। সুৰ, ৰং, গন্ধ, সৌন্দৰ্য, প্ৰকৃতিৰ অসংখ্য ৰূপ-লাবণ্যই তেওঁক গভীৰভাৱে আকৰ্ষণ কৰে। সেয়ে তেওঁ জীৱনৰ প্ৰতিটো মুহূর্তত এই ধৰণীৰ প্ৰতি নিজৰ অন্তৰংগ ভালপোৱাক নানা ভাষা আৰু নানা ৰূপত প্ৰকাশ কৰি গৈছে।
২। ‘উভতি নহাৰ কবিতা’টিৰ মূলভাৱ লিখা।
উত্তৰঃ পৃথিৱীলৈ কবি পুনৰ উভতি নাহে। অকল কবিয়ে নহয়, কোনো মানুহ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। পৃথিৱীখনক ভালপোৱাৰ কথা কবিয়ে বিভিন্ন ভাব আৰু ভাষাৰে প্ৰকাশ কৰিছে। যন্ত্রণা কবিৰ জীৱনৰ মন্ত্র; জীয়াই থকাটো অর্থাৎ জীৱনটো এটা ধেমালিহে মাত্র। কবি উভতি যোৱাৰ পিছত যিসকল এই পৃথিৱীলৈ আহিব, তেওঁলোকৰ কাম-কাজত নতুন চিন্তা, নতুন ধ্যান-ধাৰণাৰ প্ৰকাশ ঘটিব। কবিৰ তাত যেন একো চিন নাথাকিব। জীৱনৰ বকুল পাহ কবিয়ে এবাৰেই বুটলিছে। পিছত এইপাহ বকুল বুটলিবলৈ আন কোনোবা আহিব, তেওঁ উভতি আহিব নোৱাৰে। হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাঁহে। পৃথিৱীক ভালপোৱাৰ কথা শেষবাৰলৈ স্বীকাৰ কৰি কবিয়ে কৈছে যে তথাপিও তেওঁ উভতি আহিব নোৱাৰে, উভতি নাহে।
৩। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাৱিছে, বুজাই লিখা।
উত্তৰঃ কবি উভতি যোৱাৰ পিছত যিসকল এই পৃথিৱীলৈ আহিব, তেওঁলোকৰ কাম-কাজত নতুন চিন্তা, নতুন ধ্যান-ধাৰণাৰ প্ৰকাশ ঘটিব। এবাৰ গুছি যোৱাৰ পিছত কোনোৱেই এই পৃথিৱীলৈ পুনৰাই উভতি আহিব নোৱাৰে। কবিয়ে উপলব্ধি কৰিছে যে যিহেতু এই পৃথিৱীখনত কোনো মানুহেই বাৰে বাৰে উভতি নাহে, গতিকে ভৱিষ্যতে যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোকে সম্পূৰ্ণ নতুন ভাৱেৰে, নতুন দিনত নিজ নিজ জীৱন গঢ় দিব। অৰ্থাৎ কবিৰ তাত যেন একো চিন নাথাকিব।
৪। উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ সৃষ্টিৰ নীতি পালন কৰি কবিয়ে এই পৃথিৱীত জন্ম লৈছে। তেওঁ পৃথিৱীক অতি মৰমেৰে ভাল পাইছে। সেয়েহে পৃথিৱীখন কবিৰ আপোন। তেওঁ বকুল ফুল তুলি লৈ পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিছে। যদিও তেওঁ এই পৃথিৱী এৰি গৈছে, তথাপিও তেওঁৰ হৃদয়ত পৃথিৱীৰ প্ৰেমেৰে শুৱনি কৰিছে। পৃথিৱীৰ সেউজীয়াই কবিৰ মন ভৰাই তোলে। যন্ত্ৰণাই হৃদয় দগ্ধ কৰিলেও পৃথিৱীৰ মাটি-পানী-সেৱন কৰি কবিয়ে হাঁহি হাঁহি পাহৰি যায়। পৃথিৱীৰ ৰূপ-ৰঙ-গন্ধ-স্পৰ্শৰ আবেশত কবিয়ে জীৱনক আকোৱালী লয়। পৃথিৱীখনক তেওঁ প্ৰাণভৰি ভাল পায়
কলে যে, “পৃথিৱী, তোমাক ভাল পাই গ’লোঁ” —এই পংতিয়ে কবিতাটোৰ মূল সাৰ, য’ত মৃত্যুৰ পাছতো জীৱনৰ প্ৰতি কবিৰ স্নেহ প্ৰকাশ পাইছে।
৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।
(ক) যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
সেই মন্ত্ৰকে গালোঁ
জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গʼলোঁ।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱা দেৱৰ ৰচিত ʼউভতি নহাৰ কবিতাʼ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।
কবিয়ে জীৱনৰ যন্ত্ৰণাকেই জীৱনৰ মন্ত্র বুলি বুজিছে। সেই যন্ত্ৰণাক বুকুত বান্ধি কবিয়ে জীৱন বাটত খোজ দিছে। কিন্তু তেওঁ স্বীকাৰ কৰিছে যে জীৱনৰ খেল এখন এবাৰহে খেলা যায়, দ্বিতীয়বাৰ নহয়। কবিয়ে জানে জীয়াই থকাটো এটা ধেমালি মাত্ৰ ক্ষন্তেকীয়া। এদিন সকলোৱে এই পৃথিৱী এৰি যাব লাগিব। সেয়ে যন্ত্ৰণাত দগ্ধ হৈ ক্ষন্তেকীয়া জীৱনটোক কবিয়ে দুখময় কৰি তুলিব নোখোজে। যন্ত্ৰণাৰে পৰিপূৰ্ণ এই পৃথিৱীখনলৈ কবিয়ে বাৰে বাৰে উভতি আহিব নোৱাৰে।
(খ) কোনোৱা আহিব মোৰ দৰে কোনো দিনা?
মোৰ সুৰতে বাজিব নতুন বীণা?
ওহোঁ সেয়া হʼব নতুন মানুহ,
সেই দিনো হʼব নতুন দিন
মোৰ তাত একো নাথাকে চিন।
উত্তৰঃ কবিয়ে ভবিষ্যতৰ নতুন প্ৰজন্মৰ ছবি আঁকিছে। তেওঁ ভাৱে যে তেওঁৰ সুৰ নতুন মানুহৰ কণ্ঠত পুনৰ বাজিব, কিন্তু সেই সুৰ নতুন ৰূপ লৈ উঠিব। কিন্ত কবি বাস্তৱত বিশ্বাসী কবি এই পৃথিৱীৰ পৰা এদিন যাব লাগিব, এই কথা মৰ্মে তেওঁ উপলব্ধি কৰিছে। সংসাৰত তেওঁ বহু কাম কৰি গৈছে, জীৱন কালত তেওঁৰ কেতবোৰ স্বীকৃতিও পাইছে। তেওঁৰ মৃত্যুৰ পাছত তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহুতো কাম কৰিব। ইয়াত এই নতুন প্ৰজন্মে নতুন দিনৰ সৃষ্টি কৰিব, আৰু সেই দিনত কবিৰ একো চিন নাথাকিব। ইয়াত কবিৰ মৃত্যুচেতনা, লগতে নতুন জীৱনৰ প্রতি তেওঁৰ আশাবাদী দৃষ্টিও প্ৰকাশ পাইছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


