Class 12 Assamese Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

Class 12 Assamese Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো, Class 12 Assamese Question Answer, HS 2nd year Assamese notes. The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো and select needs one.

Join Telegram channel

Class 12 Assamese Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো Solutions for All Subject, You can practice these here…

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

Unit-8

অতি চমু প্রশ্ন – মূল্যাংকঃ ১

(ক) ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পারোঁ – শীৰ্ষক পাঠটিৰ লেখক কোন ?

উত্তৰঃ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পারোঁ – শীৰ্ষক পাঠটিৰ লেখক হ’ল- ড০ দীনেশ চন্দ্র গোস্বামী ।

(খ)‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’- শীৰ্ষক পাঠটি ক’ৰপৰা লোৱা হৈছে?

অথবাঃ

‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’- প্রবন্ধটো লেখকৰ কোনখন গ্রন্থৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো’ প্রবন্ধটো লেখকৰ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ গ্রন্থৰ পৰা লোৱা হৈছে ।

(গ) আই ওলালে গোসাঁনিৰ নাম ধৰা বা গোপিনী সবাহ পতাতো লেখকৰ মতে কেনে ধৰণৰ অনুষ্ঠান?

উত্তৰঃ আই ওলালে গোসাঁনিৰ নাম ধৰা বা গোপিনী সবাহ পতাতো লেখকৰ মতে সেয়া একেবাৰে ধর্মীয় অনুষ্ঠানহে । ৰোগটোৰ লগত তাৰ একো সম্পর্ক নাই ।

(ঘ) দাঁতৰ পোকবোৰ প্রকৃততে কি?

উত্তৰঃ দাঁতৰ পোকবোৰ প্রকৃততে অণুজীৱকে, চকুৰে নমনি ।

(ঙ) আমাৰ সমাজৰ অমানৱীয় আরু নিকৃষ্ট কথা বুলি লেখকে উল্লেখ কৰা ঘটনাটো কি?

উত্তৰঃ লেখক ড০ দীনেশ চন্দ্র গোস্বামীদেৱৰ মতে কোনো যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ডায়েৰিয়া, মেলেৰীয়া, জণ্ডিছ আদি কোনো ৰোগৰ সৃষ্টিও কৰিব নোৱাৰো বা নিৰাময়ো কৰিব নোৱাৰো । কিন্তু কিছুমান স্বার্থপৰ আৰু চতুৰ লোকে কিছুমান লোক বা পৰিয়ালক, বিশেষকৈ দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ আরু হত্যাও কৰে । এনে ঘটনাক লেখকে আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি উল্লেখ কৰিছে ।

(চ) বসন্ত ৰোগ কিহৰ পৰা সৃষ্টি হয় ?

অথবাঃ

বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?

উত্তৰঃ বসন্ত ৰোগ ক্ষুদ্র ভাইৰাছ বা বীজাণুৰ পৰা সৃষ্টি হয় ।

অথবাঃ

বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ’ল- ক্ষুদ্র ভাইৰাছ বা বীজাণু ।

(ছ) আদিম মানুহে কি কৰি থাকোঁতে জুই উঠিল?

উত্তৰঃ আদিম মানুহ এজনে এনেয়ে শিলত শিল দলিয়াই থাকোঁতে জুই উঠিল ।

(জ) বর্তমান যুগটোক কিহৰ যুগ বুলি কোৱা হয়?

উত্তৰঃ বর্তমান যুগটোক বিজ্ঞানৰ যুগ বুলি কোৱা হয় ।

(ঝ) আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়?

উত্তৰঃ আমাৰ বিশ্ব ব্রহ্মাণ্ডৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাক ‘বিজ্ঞান’ বুলি কোৱা হয় ।

(ঞ) যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?

উত্তৰঃ যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি । ই এক মানুহৰ ভ্রান্ত ধাৰণাহে ।

(ট) ড০ দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা ।

উত্তৰঃ ড০ দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম- ‘দৃষ্টি’ ।

চমু প্রশ্ন – মূল্যাংকঃ ২

(ক) ড০ দীনেশ চন্দ্র গোস্বামী ৰচনা কৰা দুখন গ্রন্থৰ নাম লিখা ।

উত্তৰঃ ড০ দীনেশ চন্দ্র গোস্বামী ৰচনা কৰা দুখন গ্রন্থৰ নাম হ’ল-

(১)বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা আৰু

(২)শতাধিক মহান বিজ্ঞানী ।

(খ) বিজ্ঞান বুলিলে কাক বুজায়?

উত্তৰঃ বিজ্ঞান বুলিলে আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোক বুজায় । বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ এক সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয় ।

(গ) বিজ্ঞানীৰ কাম কি?

উত্তৰঃ বিজ্ঞানীৰ কাম হ’ল-আমি দেখা বস্তু আৰু ঘটনাবোৰৰ পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধর্ম বা চৰিত্র ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা আদি । লগতে, আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোকো বিজ্ঞানীসকলে চলাই নি নতুন নতুন অভাৱবোৰ পূৰণৰ বাবে নতুন নতুন বস্তু আৰু বিষয়ৰ আৱিস্কাৰ কৰা ।

(ঘ) বিশুদ্ধ খোৱা পানীৰ অভাৱত মূলতঃ কেনে ধৰণৰ ৰোগ হ’ব পাৰে?

উত্তৰঃ বিশুদ্ধ খোৱা পানীৰ অভাৱত মূলতঃ ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি ৰোগ হ’ব পাৰে । কাৰণ, এই বেমাৰসমূহ পানীৰ পৰাই সৃষ্টি হয় ।

(ঙ) আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈকে প্রত্যেকৰে কি অনুসন্ধিৎসা আছে?

উত্তৰঃ মানুহে সদায়ে নজনা কথা জানিব খোজে আৰু নুবুজা কথা বুজি ল’ব খোজে । একেবাৰে আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈকে প্রত্যেকৰে এই অনুসন্ধিৎসা আছে ।

(চ) শিশুৰ ৰোগ প্রতিৰোধৰ বাবে বিজ্ঞানীসকলে কি আৱিস্কাৰ কৰিছে?

উত্তৰঃ শিশুৰ ৰোগ প্রতিৰোধৰ বাবে বিজ্ঞানীসকলে নানা বেজি-ছিটা আদি আৱিস্কাৰ কৰিছে । লগতে, শিশুয়ে জন্মৰ পৰা ডাঙৰ হোৱালৈকে লগা বিভিন্ন ঐষধ আরু প্রতিষেধকবোৰৰ সৃষ্টি কৰিছে ।

(ছ) কাৰ্য কাৰণৰ সম্পর্ক নজনাৰ ফলত অতীজত কি হৈছিল?

উত্তৰঃ কাৰ্য কাৰণৰ সম্পর্ক নজনাৰ ফলত অতীজত সেইবোৰ দেৱ-দেৱতা, ভূত-পিশাচৰ কাণ্ড বুলি, কোনো অদৃশ্য শক্তিৰ কাৰ্য বুলি মানি লৈছিল । লগতে, বৰ আই, সৰু আই, বসন্ত ৰোগ আদি বিভিন্ন ৰোগসমূহৰ কাৰণ শীতলা দেৱী বা অন্য কোনো দেৱ-দেৱীৰ ৰোষত হোৱা বুলি বিশ্বাস কৰিছিল ।

(জ) তিৰোতা মানুহে মাহেকীয়া অৱস্থাত কেনে কাম নকৰাকৈ থকা ভাল?

উত্তৰঃ তিৰোতা মানুহে মাহেকীয়া অৱস্থাত দৌৰা, ঢেঁকি দিয়া আদিৰ দৰে টান কাম নকৰাকৈ থকা ভাল । আনহাতে, আচলতে দৈনন্দিন সহজ কাম-কাজ কৰি থাকিব পাৰে ।

(ঝ) মাহেকীয়া অৱস্থাত কেনে ধৰণৰ কাৰ্য কৰিবলৈ দি বেমাৰ মাতি আনিবলৈ বাধ্য কৰোৱা হয় বুলি উল্লেখ কৰিছে?

উত্তৰঃ মাহেকীয়া অৱস্থাত গাঁৱে-ভূঞে তিৰোতাজনীক পাগৰ পৰা আঁতৰাই ৰাখি টান কাম কৰিবলৈ দিয়ে । লগতে, সেমেকা মজিয়াত কম কাপোৰৰ বিছনাত শুবলৈ দি বেমাৰ মাতি আনিবলৈ বাধ্য কৰোৱা হয় বুলি লেখকে উল্লেখ কৰিছে ।

(ঞ) ডায়েৰিয়া, মেলেৰিয়া আদি ৰোগ যাদুমন্ত্র বা তাবিজ আদিৰে সৃষ্টি বা নিৰাময় কৰিব পাৰিনে?

উত্তৰঃ ডায়েৰিয়া, মেলেৰিয়া আদি ৰোগ যাদুমন্ত্র বা তাবিজ আদিৰে সৃষ্টি বা নিৰাময় কৰিব নোৱাৰি ৷ কিছুমান চতুৰ আরু স্বার্থপৰ মানুহে সাধাৰণ অশিক্ষিত আৰু অজলা মানুহক যাদুমন্ত্র বা তাবিজ আদিৰে এই ৰোগসমূহ ভাল হয় বুলি ধন আদায় কৰি আছে আৰু কিছুমান পৰিয়াল বা লোকক বিশেষকৈ কিছুমান দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ আরু হত্যাও কৰে ।

চমু প্রশ্ন – মূল্যাংকঃ ৩

(ক) কি গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈছে- চমুকৈ বুজাই লিখা ।

উত্তৰঃ বুদ্ধি আৰু অনুসন্ধিৎসা গুণৰ বাবেই মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে । তাৰ বলতেই মানুহে প্রকৃতিৰ নানা সত্য, নানা ৰহস্য উদ্‌ঘাটন কৰিছে । এই গুণৰ জৰিয়তেই মানুহে প্রকৃতিৰ শক্তি আৰু সম্পদ নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে । লগতে, মানুহৰ কথাবোৰ ভাঙি-পাতি চাব পৰা, ফঁহিয়াই চাই বুজি ল’ব পৰা এনে বুদ্ধি আৰু অনুসন্ধিৎসা গুণৰ বাবে আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈ উন্নতি হৈছে ।

(খ) বিজ্ঞানৰ প্রক্রিয়াৰ আৰম্ভণি কেনেকৈ হ’ল বুলি লেখকে কৈছে ?

উত্তৰঃ বুদ্ধি আৰু অনুসন্ধিৎসা গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে । বস্তু আৰু ঘটনা লক্ষ্য কৰিব পৰা গুণ, তাক জানিবলৈ-বুজিবলৈ আগ্রহ কৰা গুণ আৰু বুজি লৈ সেই বস্তু বা পৰিঘটনা নিজৰ আয়ত্তলৈ অনাৰ আগ্রহৰ ফলতে মানুহে নানা বস্তু আৰু ঘটনা আৱিষ্কাৰ কৰি গৈ থাকিল । এই প্রক্রিয়াতে বিজ্ঞানৰ প্রক্রিয়া আৰম্ভণি হ’ল বুলি লেখকে কৈছে ।

(গ) বিজ্ঞানীসকলে সকলো ধৰণৰ প্রশ্নৰ উত্তৰ বিচৰাৰ ফলত মানৱ সমাজৰ কি লাভ হৈছে ?

উত্তৰঃ বুদ্ধি আৰু অনুসন্ধিৎসা গুণৰ বাবে মানুহ আৰু মানৱ সমাজ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে । বিজ্ঞানীসকলে সকলো ধৰণৰ প্রশ্নৰ উত্তৰ বিচৰাৰ ফলত মানৱ সমাজৰ আহাৰ, আশ্রয়, কাপোৰ-কানিৰ সমস্যা আদিৰ আজি সমাধান হৈছে । প্রকৃতিৰ নতুন নতুন দ্রব্য, শক্তি আৰু পৰিঘটনাক আমি মানুহে আৰু মানৱ সমাজে নিজৰ আয়ত্তলৈ আনিব পাৰিছোঁ । ইয়াৰ সমসাময়িকভাৱে, আমাৰ জ্ঞানৰ পিয়াহ গুচোৱাৰ দিশতো মানৱ সমাজলৈ বিজ্ঞানী সকলৰ অভূতপূৰ্ব অৰিহণা আছে ।

(ঘ) আঙুলি এটা কাটিলে চোহা মাৰি তেজখিনি খাই থ’লে শৰীৰৰ উপকাৰ হয়নে ?

উত্তৰঃ আঙুলি এটা কাটিলে চোহা মাৰি তেজখিনি খাই থ’লে শৰীৰৰ উপকাৰ নহয় । যিহেতু আমাৰ শৰীৰৰ তেজ চলাচল কৰা ব্যৱস্থা বা তন্ত্রটো আমাৰ আহাৰ জীণ নিওৱা তন্ত্রটোৰ পৰা একেবাৰে পৃথক । সেয়েহে পেটলৈ তেজখিনি সুমুৱাই দিলে সি পোনে পোনে তেজৰ সোঁতলৈ গুচি নাযায় । আনহাতে, দূষিত হৈ পেটত সেই তেজ সোমোৱা বাবে অপকাৰীকে হ’ব পাৰে ।

(ঙ) তিৰোতা মানুহৰ মাহেকীয়া কেনে ধৰণৰ প্রক্রিয়া বুজাই লিখা ।

উত্তৰঃ তিৰোতা মানুহৰ মাহেকীয়া কোনো ৰোগ নহয় । লগতে, এই কাৰ্যৰ লগত কোনো অনুজীৱ বা জীৱাণু জড়িত নাথাকে । ই এক স্বাভাৱিক প্রক্রিয়াহে । যৌৱনকালত বা কন্যাকালত ছোৱালী বা মহিলাৰ ডিম্বাশয়ে প্রতি মাহে এটাকৈ ডিম্বকোষ সৃষ্টি কৰে আৰু গৰ্ভাশয়ে একোটা নিষেচিত ডিম্ব পালন কৰাৰ বাবে প্রস্তুত কৰে । নিষেচন নহ’লে ডিম্বকোষটো আৰু ডিম্বাশয়ৰ আচ্ছাদকখন ভাঙি যায় আৰু ইয়াৰ পৰা ৰক্ত আৰু শ্লেস্মা হিচাপে যোনি পথেৰে বাহিৰ হয় । ইয়াকে ঋতুচক্র (MC or Menstruation Cycle) বা মাহেকীয়া বোলে । ঋতুচক্র বা মাহেকীয়া প্রক্রিয়াটো প্রতি মাহে মাহে চলি থাকে । এই প্রক্রিয়াটো ২ ৰ পৰা ৮ দিনলৈকে চলি থাকে আৰু ৰক্তৰ লগতে শ্লেস্মাবোৰ বাহিৰ হৈ থাকে ।

(চ) সপোনত পোৱা ঐষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত?

উত্তৰঃ ‘সপোনত পোৱা ঐষধ’ মানুহে ৰোগ নিৰাময়ৰ দৰব বা মন্ত্র লাভ কৰা বুলি দাবী কৰে । এনে দাবীৰ কোনো ভিত্তি নাই আরু সময়ত এইবোৰ মিছা বুলি প্রমাণিত হোৱা দেখা যায় । সেয়েহে, সপোনত পোৱা ঐষধ ৰোগীয়ে ব্যৱহাৰ কৰা অনুচিত ।

(ছ) বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যবান অৱদান কি?

উত্তৰঃ বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যবান অৱদান হৈছে- বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আরু বৈজ্ঞানিক পদ্ধতি । ইয়াৰ সহায়ত বিজ্ঞানে নতুন তথ্য আরু নতুন পৰ্যবেক্ষণৰ মাধ্যমেৰে নতুন নতুন আৱিষ্কাৰ অব্যাহত ৰাখিছে ।

(জ) মুকলি মন মানে কি?

উত্তৰঃ মুকলি মন মানে আকোঁৰগোজ হৈ পুৰণা কথাতে লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনোবৃত্তিক বুজা যায় । এনে এক মুকলি মনে ব্যক্তি আরু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায় ।

(ঝ) ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছে নে?

উত্তৰঃ ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ কোনো বাস্তৱ ভিত্তি নাই । এই সকলোবোৰ মানুহৰ কেৱল অন্ধবিশ্বাস আরু ভুল-ভ্রান্তি । এই ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ আশ্রয়েৰে চতুৰ আৰু স্বাৰ্থপৰ মানুহে সহজ-সৰল মানুহক ঠগি ধন, অৰ্থ আরু নিজৰ স্বাৰ্থ আদায় কৰে ।

(ঞ) আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল?

উত্তৰঃ আদিম কালত মানুহ এজনে শিলত শিল দলিয়াই থাঁকোতে জুই জ্বলি উঠিছিল । সেই পর্যবেক্ষণৰ পৰৱৰ্তী সময়ত তেওঁ জুই জ্বলা প্রক্রিয়াটো বাৰে বাৰে কৰি চাইছিল । তাৰ পাছত, তেওঁ জুইৰ ধর্ম অধ্যয়ণ কৰিলে আরু জুইৰ নানা ন ন ব্যৱহাৰ আয়ত্ব কৰিলে । এনেদৰে আদিম মানুহে জুইৰ আৱিস্কাৰ কৰিছিল আরু পাছলৈ জুইৰ ব্যৱহাৰ কৰি খাদ্য বস্তু সিজাই খাইছিল ।

দীঘলীয়া প্রশ্ন – মূল্যাংকঃ ৪ বা ৫ নম্বৰ

(ক) বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান সম্পৰ্কে লেখকে প্রকাশ কৰা কথাখিনি বুজাই লিখা ।

অথবাঃ

বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতি ।

উত্তৰঃ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতি ।

আজি বৈজ্ঞানিক চিন্তাধাৰাৰ বাবে পৃথিৱীত ন ন আৱিষ্কাৰ সম্ভৱ হৈ উঠিছে । পুৰণি যি কাৰ্য-কাৰণৰ সম্পৰ্ক নাজানি দেৱ-দেৱতা, ভূত-পিশাচৰ আদিৰ কাণ্ড বুলি বেমাৰ-আজাৰক ভাবিছিল । সেয়া এতিয়া বিজ্ঞানৰ প্রভাৱত সুচিত হৈ বসন্ত ৰোগ, সৰু আই, মাজো আই আদিৰ দৰে বেমাৰৰ ঔষধ আৱিষ্কাৰ হৈ নিৰাময়ৰ ব্যৱস্থা কৰা হৈছে । আনকি বৰ আই গোটেই পৃথিৱীৰ পৰা চমকপ্রদভাৱে নিৰ্মূল কৰিলে ।

বৈজ্ঞানৰ মানৱ জাতিলৈ আন এক অৱদান হ’ল- বৈজ্ঞানিক মনোভাৱ । এই মনোভাৱে মানুহৰ মনক এক মুকলি মন প্রদান কৰিছে । ইয়াৰ প্রভাৱে পুৰণা আঁকোৰ-গোজ কথা পৰিত্যাগ কৰি নতুন কথা, নতুন সিদ্ধান্ত আদি গ্রহণেৰে ব্যক্তি আরু সমাজক উন্নতিৰ জখলাত আগুৱাই লৈ গৈছে । লগতে, এই মনোভাৱেৰে বোপা-ককাৰ দিনৰে পৰা চলি অহা নীতি-নিয়মৰ পৰিচৰ্যা হৈ নতুন উন্নত বীজ, নব্য কৃষি পদ্ধতি আদিৰ মাধ্যমেৰে খেতি-বাতিত উন্নতি সাধন কৰিছে ।

আন এক বিজ্ঞানৰ মানৱ জাতিলৈ অৱদান হিচাপে বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে ক’ব পৰা যায় । বিজ্ঞানীসকলে প্রথমে লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰ পাছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈীক উপকল্প গঠন বা ধাৰণা কৰি লয়। তাৰ পৰৱৰ্তী পৰ্যায়ত, নতুন তথ্য, নতুন পৰ্যবেক্ষণেৰে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা জানিব খোজে । যদি নতুনকৈ প্রাপ্ত তথ্যবোৰে আগৰ ধাৰণাটো বা সিদ্ধান্তটো মানি নচলে তেতিয়া বিজ্ঞানীসকলে কোনো দ্বিধা-নোহোৱাকৈ আগৰ সিদ্ধান্তটো এৰি পেলায় আৰু প্রকল্পটো সত্য হ’লে সিদ্ধান্তটো গ্রাহ্য কৰে । এনে পদ্ধতিৰে আমাক বিজ্ঞানে আহাৰ, আশ্রয়, কাপোৰ-কানি আদিৰ নানা সমস্যাৰ সমাধান কৰাত সহায় কৰিছে ।

এনেদৰে মানৱ জাতিলৈ বিভিন্ন অৱদান প্রদান কৰিছে ।

(খ) বিজ্ঞানৰ গোটেই পদ্ধতিত মুকলি মনৰ গুরুত্ব উদাহৰণসহ বুজাই লিখা ।

অথবাঃ

প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা –

“বিজ্ঞানৰ গোটেই পদ্ধতিটোত এই মুকলি মনৰ গুৰুত্ব বৰ বেছি ।”

উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সোৰভ’ৰ অন্তৰ্গত ড০ দীনেশ চন্দ্র গোস্বামীৰ দ্বাৰা ৰচিত ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পারোঁ’ পাঠৰ পৰা তুলি দিয়া হৈছে ।

এই কথাফাকিৰ মাধ্যমেৰে লেখকে বিজ্ঞানৰ পদ্ধতিৰ দিশত মুকলি মনটোৰ গুরুত্ব সম্পৰ্কে অৱতাৰণা কৰে ।

বৰ্তমান যুগটো হৈছে মন মুকলি কৰি ৰখা যুগ । বিজ্ঞানৰ গোটেই পদ্ধতিটোত এই মুকলি মনৰ গুরুত্ব অধিক বা বেছি । আঁকোৰ-গোজ হৈ অযুক্তিকৰ পুৰণি কথাবোৰত লাগি নাথাকি বিজ্ঞানসন্মত নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ আদি সহায়ত সমাজৰ প্রগতিত অৰিহণা যোগাব লাগে । উদাহৰণস্বরূপে- প্রাচীন কালত মানুহে বহুতো কথা বা ঘটনাৰ কাৰ্য-কাৰণ সম্পৰ্ক জ্ঞান নাছিল । এনে বহুতো কাৰ্যৰ কাৰণ ভূত-প্রেত, দেৱ-দেৱী, অপদেৱতা আদি অদৃশ্য শক্তিৰ প্রভাৱত ঘটিছিল বুলি বিশ্বাস কৰিছিল । সেয়া এতিয়া বিজ্ঞানৰ প্রভাৱত সুচিত হৈ বসন্ত ৰোগ, সৰু আই, মাজো আই আদিৰ দৰে বেমাৰৰ ঔষধ আৱিষ্কাৰ হৈ নিৰাময়ৰ ব্যৱস্থা কৰা হৈছে । আনকি বৰ আই গোটেই পৃথিৱীৰ পৰা চমকপ্রদভাৱে নিৰ্মূল কৰিলে আরু সেয়েহে সন্তানক বেজি-ছিটা আদি প্রদান কৰি আগৰ চিন্তাধাৰা সলনি কৰিব লাগে । লগতে, এই মনোভাৱেৰে বোপা-ককাৰ দিনৰে পৰা চলি অহা নীতি-নিয়মৰ পৰিচৰ্যা হৈ নতুন উন্নত বীজ, মাটিৰ নমুনা পৰীক্ষা কৰি বিশেষজ্ঞৰ মাধ্যমেৰে খেতি কৰা, নব্য কৃষি পদ্ধতি আদিৰ মাধ্যমেৰে খেতি-বাতিত উন্নতি সাধন কৰিছে । সমসাময়িকভাৱে, আমিও এই মনৰ অধিকাৰী হৈ আগৰ অন্ধবিশ্বাস, কুসংস্কাৰ আদিসমূহ পৰিত্যাগ কৰি ব্যক্তিত্ব আরু সমাজৰ উন্নতি কৰিব লাগে ।

বৰ্তমান যুগটো হৈছে মন মুকলি কৰি ৰখা যুগ । বিজ্ঞানৰ গোটেই পদ্ধতিটোত এই মুকলি মনৰ গুৰুত্ব অধিক বা বেছি । আঁকোৰ-গোজ হৈ অযুক্তিকৰ পুৰণি কথাবোৰত লাগি নাথাকি বিজ্ঞানসন্মত নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ আদি সহায়ত সমাজৰ প্রগতিত অৰিহণা যোগাব লাগে । আগৰ মানুহবোৰে নিশকতীয়া বীজেৰে সাৰ-পানী দিয়া পুৰণি পদ্ধতিৰে আকোৰ-গোজ মাৰি খেতি কৰাৰ মানস ত্যাগ কৰি নতুন পদ্ধতি, উন্নত বীজ, মাটিৰ নমুনা পৰীক্ষা কৰি খেতি কৰা উচিত । আগৰ মানুহৰ বিশ্বাসৰ বশৱৰ্তী নহৈ, বেমাৰৰ কাৰণ দেৱ-দেৱতা, দেৱী, অদৃশ্য শক্তি আদিক নুবুলি উপযুক্ত বেজি-ছিটা আদিৰে ৰোগৰ নিৰাময় কৰা উচিত । আই, বসন্ত, ৰোগ আদি বেমাৰৰ পৰা পৰিত্রাণ পাবলৈ গোসাঁনীৰ নাম ধৰা, গোপিনী সবাহ আদি পাতি বেমাৰ বিয়পোৱা মানস ত্যাগ কৰি চিকিৎসাৰ সহায় লব লাগে ।

দাঁতৰ পোকৰ বাবে বেজ-বৈদ্যৰ আশ্রয় গ্রহণ নকৰি সেই অনুজীৱক ধ্বস কৰাৰ নিমিত্তে দন্ত চিকিৎসা আৰু ডাক্তৰৰ সহায় লোৱা উচিত । তেজ ওলালে চোহা মাৰি তেজ খাই পেলাই অপকাৰ কৰাৰ সলনি এনেধৰণৰ কৰ্মৰ পৰা আতৰি থকা উচিত । তিৰোতা মানুহৰ মাহেকীয়া সম্পৰ্কে থকা ভুল ধাৰণা ত্যাগ কৰি তেনে মানুহৰ পক্ষে সদৰ্থক স্থিতি গ্রহণ কৰিব লাগে । যাদু-মন্ত্র, তাবিজ, ডাইনী, ভূত-প্রেত, আদি অদ্ভুত অবিশাস্য বিষয়ত মন নিদি এনে অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহ দূৰ কৰি নিজৰ ব্যক্তিত্ব আৰু সমাজৰ উন্নতি সাধন কৰা উচিত । সেয়েহে, এই বিজ্ঞানৰ গোটেই পদ্ধতিত মুকলি মনৰ গুৰুত্ব অধিক ।

(গ)সপোনত দেখা ঘটনাবোৰ আৰু ইয়াৰ ফলাফল দাবীৰ ভিত্তি আছেনে ?

উত্তৰঃ কিছুমান লোকে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগ নিৰাময়ৰ দৰৱ বা মন্ত্র লাভ কৰা বুলি দাবী কৰিব খোজে । আন কিছু লোকে, হঠাতে কোনো আদ্ভুত শক্তিৰ অধিকাৰী হৈ পৰা বুলি জনায় । লগতে, ভূত-ভৱিষত্যৰ কথা ক’ব পৰা, আনকি ভৱিষ্যত নিৰ্ণয় কৰি দিব পৰা হোৱা বুলি আৰু প্রায় সকলো ৰোগ নিৰাময় কৰিব পাৰে বুলি দাবী উত্থাপন কৰে ।

এনে দাবীসমূহৰ কোনো বাস্তৱিক ভিত্তি নাই । সময়ত গৈ এনে মিছা আৰু ঠগ-বাজি কথা-বাৰ্তাসমূহ মিছা আৰু ভুৱা বুলি প্রমাণিত হয় । কিন্ত এনে এছাম অন্ধবিশ্বাসী মানুহ আছে যিলোকসমূহৰ পৃষ্ঠপোষকতাত এনেবোৰ ঘটনা সংঘটিত হৈ থাকে । এনেবোৰ ঘটনাই ব্যক্তি আরু সমাজৰ যথেষ্ট ক্ষতি কৰে । কিছুমান চতুৰ আৰু স্বাৰ্থপৰ মানুহে এনে অপ-প্রচাৰৰ বিশ্বাস জগাই নিজৰ স্বাৰ্থৰ বাবে এনেবোৰ কাৰ্য সংঘটিত কৰে । সেয়েহে আমি এই দুসংস্কাৰসমূহ ত্যাগ কৰি বিজ্ঞানৰ আদৰ্শৰে সুপথত চলিব লাগে ।

Sl. No.Contents
Unit 1 নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

(ঘ) ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পারোঁ’ – পাঠটিত ছাত্র-ছাত্রীৰ প্রতি আগবঢ়োৱা উপদেশখিনি চমুকৈ লিখা ।

অথবাঃ

বৈজ্ঞানিক মানসিকতা কেনেদৰে গঢ়িব পারোঁ- বুজাই লিখা ।

উত্তৰঃ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পারোঁ’ পাঠটিত লেখক ড০ দীনেশ চন্দ্র গোস্বামীদেৱে ছাত্র-ছাত্রীৰ প্রতি কিছুমান উপদেশ আগবঢ়াইছে । তেওঁৰ মতে, বৰ্তমান যুগটো হ’ল মন মুকলি কৰি ৰখা যুগ । তেওঁ উল্লেখ কৰিছে যে, মনটো মুকলি কৰি ৰাখি এতিয়া নতুন জ্ঞান, নতুন তথ্যৰে নতুন সিদ্ধান্তত উপনীত হবলৈ আমি সাজু হ’ব লাগে । সকলো কথা চালি-জাৰি চাবলৈ, ফঁহিয়াই চাবলৈ আমি অভ্যাস কৰা উচিত । পুৰণি কালৰে পৰা বা বোপা-ককাৰ দিনৰে পৰা চলি আহিছে বুলি অনিষ্টকাৰী বা প্রগতিত বাধাৰ সৃষ্টিকাৰী প্রথাবোৰ চলাই ৰাখিব নালাগে । ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি থকা উচিত নহয় । তেখেতে লগতে উপদেশ দিছে যে আমি ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি, আমি কৰিব পৰাখিনি কৰি যাব লাগে । যদি আমি তেনেদৰে আমাৰ মন আৰু আচৰণ কৰো, তেতিয়া প্রকৃত বিজ্ঞানী এজনে যেনে মন, যেনে চিন্তা লৈ আগবাঢ়ে, যেনে পদ্ধতি অনুসৰণ কৰে, তেনে মনৰ অধিকাৰী হ’ব পাৰিম । এনে বৈজ্ঞানিক মানসিকতাই সমাজখনৰ প্রগতিত অৰিহণা যোগাব বুলি লেখকজনৰ দৃঢ় বিশ্বাস আছে আৰু আমাৰ থকা উচিত ।

(ঙ) ভূত-প্রেত, দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে? কিছুমান মানুহে এইবোৰত গভীৰ বিশ্বাস কৰাৰ ফলত আমাৰ সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে- আলোচনা কৰা ।

উত্তৰঃ ভূত-প্রেত, দেৱতা অপদেৱতা আদিৰ কোনো বাস্তৱ ভিত্তি নাই । কিছুমান চতুৰ আরু স্বাৰ্থপৰ মানুহে কিছুমান পৰিয়াল বা লোকক, বিশেষকৈ কিছুমান দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ আৰু হত্যা কৰে । লগতে, ভূত-প্রেত, দেৱতা আদি অপশক্তিৰ নামেৰে অমানৱীয় আৰু নিকৃষ্ট কৰ্ম কৰি থকা পৰিলক্ষিত হয় ।

কিছুমান মানুহে এই ভূত-প্রেত, দেৱতা-অপদেৱতা আদিত গভীৰ বিশ্বাস কৰে । ফলত, আমাৰ সমাজত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে । ইয়াৰ ফলত, কিছুমান সমাজত নিৰীহ দুখীয়া মহিলাবোৰক ডাইনী বুলি ভাবি হত্যা কৰে । এনে কিছু অন্ধবিশ্বাসী লোকৰ পৃষ্ঠপোষকতাত এনেবোৰ ঘটনা সমাজত ঘটিয়েই থাকে । এনেবোৰ ঘটনাই ব্যক্তি আৰু সমাজৰ অনিষ্ট সাধন কৰে ।

(চ) আগতে যেতিয়া বহুতো কথাৰ কাৰ্য-কাৰণৰ সম্পৰ্ক জনা নাছিল তেতিয়া সেইবোৰ কেনে ধৰণৰ কাৰ্য বুলি ভবা হৈছিল বুজাই লিখা ।

উত্তৰঃ আগতে আগতে যেতিয়া বহুতো কথাৰ কাৰ্য-কাৰণৰ সম্পৰ্ক জনা নাছিল তেতিয়া সেইবোৰ দেৱ-দেৱতা, ভূত-পিশাচৰ কাণ্ড বুলি আরু আন কোনো অদৃশ্য শক্তিৰ কাৰ্য বুলি মানি লৈছিল । বৰ-আই, সৰু আই আদি আই বা বসন্ত ৰোগো তেনেকৈ শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষতে হোৱা বুলি মানুহে বিশ্বাস কৰিছিল । লগতে, তেনে দেৱ-দেৱী, ভূত-প্রেতক সন্তষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা,নাম,সবাহ,সৎ্কাৰৰ আদিৰ ব্যৱস্থা কৰিছিল ।

ইয়াৰ সমসাময়িকভাৱে, আই ওলালে গোসাঁনীৰ নাম ধৰা বা গোপিনী সবাহ পতা হয় । কিন্ত এই ধৰণৰ ধৰ্মীয় অনুষ্ঠান পতাৰ ফলত বীজাণু অন্য মানুহৰ দেহলৈ বিয়পি যোৱা দেখা যায় । আকৌ, দাঁতৰ বেমাৰ হ’লেও আন কিবা অপশক্তিৰ প্রভাৱ বুলি বেজক মতাই আনি দাঁতৰ পৰা পোক উলিওৱা হয় ।

লেখকৰ মতে, এইবোৰ অৰ্থহীন আৰু সেয়েহে এনে কৰ্মবোৰ আমি এতিয়া বৰ্তমানত কৰাতো উচিত নহয়, কিয়নো এনেবোৰ কথাৰ বাস্তৱ ভিত্তি নাই ।

(ছ) ‘আমাৰ বিশ্ব ব্রহ্মাণ্ডৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোৱেই হ’ল- বিজ্ঞান ।’- কথাষাৰ বুজাই লিখা ।

উত্তৰঃ আমাৰ বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদঘাটনৰ ব্যৱস্থা টোয়েই হ’ল- বিজ্ঞান । বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সু-সংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয় । কিন্ত ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হব লাগিব । পর্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসৰণ কৰা, বস্তু বা ঘটনাবোৰৰ ধর্ম বা চৰিত্র ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা আদিবোৰ হ’ল বিজ্ঞানীৰ কাম ।

আদিম কালত মানুহ এজনে শিলত শিল দলিয়াই থাঁকোতে জুই জ্বলি উঠিছিল । সেই পর্যবেক্ষণৰ পৰৱৰ্তী সময়ত তেওঁ জুই জ্বলা প্রক্রিয়াটো বাৰে বাৰে কৰি চাইছিল । তাৰ পাছত, তেওঁ জুইৰ ধর্ম অধ্যয়ণ কৰিলে আৰু জুইৰ নানা ন ন ব্যৱহাৰ আয়ত্ব কৰিলে । এনেদৰে আদিম মানুহে জুইৰ আৱিস্কাৰ কৰিছিল আরু পাছলৈ জুইৰ ব্যৱহাৰ কৰি খাদ্য বস্তু সিজাই খাইছিল । এই প্রথম বিজ্ঞানী জনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই । মাত্র সি বেছি সূক্ষ্ম আৰু অধিক নিঁখুত হৈছে ।

আজিৰ বিজ্ঞানী সকলে খালী চকু, খালী হাতেৰে পর্যবেক্ষণ আরু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্র-পাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে । পর্যবেক্ষণৰ বাবে হাতত এক্স-ৰশ্মিৰ দূৰবীক্ষণ, আলোকীয় বা ৰেডিঅ’ দূৰবীণ, অণুবীক্ষণ যন্ত্র, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি আছে । পৰীক্ষাৰ বাবেও আজিৰ বিজ্ঞানীসকলৰ হাতত উন্নত তৰ্জুৰ পৰা আৰম্ভ কৰি পদার্থ কণা-ত্বৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে । মুঠতে বিশ্ব ব্রহ্মাণ্ডৰ ৰহস্য উদ্‌ঘাটনৰ চেষ্টাত আজিৰ বিজ্ঞানী ব্রতী হৈছে ।

(জ) বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা ।

উত্তৰঃ বর্তমান যুগ হ’ল-মন মুকলি কৰি ৰখা যুগ । বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বেছি । আঁকোৰ-গোজ হৈ পুৰণা কথাতে লাগি নাথাকি বিজ্ঞান সন্মত নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজকো উন্নতিৰ জখলাৰ দিশে আগুৱাই লৈ যায় । কিন্ত ইয়াৰ বাবে লাগিব এক মুকলি মনৰ অৱকাশ । নতুন জ্ঞান আৰু নতুন তথ্যৰে সিদ্ধান্তত উপনীত হ’বলৈ মানসিকভাৱে সাজু হ’ব লাগিব । সকলো কথা চালি-জাৰি চাবলৈ, ফঁহিয়াই চাবলৈ অভ্যাস কৰিব লাগিব । পুৰণি কালৰে পৰা, বোপা-ককাৰ দিনৰে পৰা চলি আহিছে বুলি অনিষ্টকাৰী বা প্রগতিত বাধাৰ সৃষ্টিকাৰী প্রথাবোৰ চলাই নাৰাখি অথবা ভাগ্যৰ ওপৰত নির্ভৰ কৰি বহি নাথাকি কৰিব পৰাতো কৰি যাব লাগিব । এনেদৰে এক মুকলি মনেৰে কৰা কাৰ্যক বৈজ্ঞানিক মানসিকতা বুলি কোৱা হয় ।

(ঝ) বৈজ্ঞানিক মানসিকতাই সমাজৰ প্রগতিত কেনেদৰে অৰিহণা যোগায়?

উত্তৰঃ বৈজ্ঞানিক মানসিকতাই সমাজৰ প্রগতিত বিস্তৰ অৰিহণা যোগায় । বৈজ্ঞানিক মানসিকতাই বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতিৰ জন্ম দিয়ে । যাৰ ফলত, সমাজত দেখা দিয়া পুৰণি কু-সংস্কাৰ সমূহৰ পৰা মানুহক মুক্ত কৰে । প্রাচীন কালত মানুহে বহু্তো কথা ভূত-প্রেত, দেৱতা-অপদেৱতা আদি অদৃশ্য শক্তি কাণ্ড বুলি বিশ্বাস কৰিছিল । বৰ আই, সৰু আই আদি আই বা বসন্ত ৰোগো তেনেকৈ শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষতে হোৱা বুলি বিশ্বাস কৰিছিল । তেনে দেৱ-দেৱী, ভূত-পেত আদিক সন্তষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা, নাম-সকাম, সৎকাৰ আদিৰ ব্যৱস্থা কৰিছিল ।

কিন্তু আধুনিক চিকিৎসা বিজ্ঞানীয়ে প্রমাণ কৰিলে যে আই বা বসন্ত ৰোগ একোবিধ অতি ক্ষুদ্র ভাইৰাছ বা বিজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগহে । ভাইৰাছ নামৰ এই বিজাণুৰ আক্রমণৰ পৰা শৰীৰটোক ৰক্ষা কৰাৰ ব্যৱস্থাও তেওঁলোকে আৱিস্কাৰ কৰিছে । দাঁতত পোকে ধৰিলে বেজ-বৈদ্য আহি কলপাত-কচুপাতৰ ওপৰত দাঁতৰ পৰা পোক উলিয়াই বিশ্বাস জন্মৰ চেষ্টা কৰে কিন্ত চিকিৎসা বিজ্ঞানে সেইবোৰ চকুৰে নমনা-অনুজীৱ বুলিহে প্রমাণ কৰে ।

ঠিক তেনেদৰে বিশুদ্ধ খোৱা-পানীৰ অভাৱত বা অস্বাস্থ্যকৰ পৰিৱেশত আমাৰ বহুতো গাওঁ-ভূঞে আরু বহুতো অঞ্চলত ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানা ৰোগে দেখা দিয়ে । স্বার্থ সিদ্ধিৰ বাবে কিছুমান দুখীয়ে তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ কৰি হত্যা কৰে । কিন্ত বৈজ্ঞানিক মানসিকতাই এনেবোৰ কু-সংস্কাৰৰ পৰা মুক্ত কৰি মানুহক নতুন দৃষ্টিৰে চাবলৈ শিকালে আরু বাস্তৱ দৃষ্টিৰে মানুহক সকলো কথা ফহিয়াই লক্ষ্য উপনীত হ’বলৈ থিয় দিলে ।

(ঞ) বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বর্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বহুতো কু-সংস্কাৰ নাইবা অন্ধবিশ্বাস দেখা যায় । তাৰে ভিতৰত উল্লেখযোগ্য তিনিটা হ’ল-

(ক) অতীজতে বৰ আই, সরু আই আদি বা বসন্ত ৰোগ হ’লে শীতলা দেৱী বা অন্য কোনো দেৱ-দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল । তেনে দেৱ-দেৱী, ভূত-প্রেত আদিক সন্তষ্ট কৰিবলৈ মানুহে নানান পূজা, নাম-সবাহ, সৎকাৰৰ ব্যৱস্থা কৰিছিল ।

(খ) দাঁতত পোকে ধৰিলে মানুহে বেজ-বৈদ্য আনি কলপাত-কচুপাতৰ ওপৰত জৰা-ফুকা কৰি মন্ত্র মাতি পোক পেলায় ৰোগ নিৰাময় কৰাৰ চেষ্টা কৰিছিল । কিন্ত সেই পোক আন একো নহয় এক ক্ষুদ্র অনুজীৱহে আৰু সেই কথা বুজা নাছিল ।

(গ) কিছুমান চতুৰ আরু স্বার্থপৰ মানুহে দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ কৰি হত্যাও কৰিছিল । বর্তমানেও ইয়াৰ প্রকোপ কমা নাই ।

এনেধৰণে নানা অন্ধবিশ্বাসে মানুহৰ মনত পুৰণিকলীয়া নীতি নিয়মক বৰ্তাই ৰাখিছে আৰু মানি চলি আহিছে ।

(চ) অসমীয়া বিজ্ঞান সাহিত্যলৈ ড০ দীনেশ চন্দ্র গোস্বামীৰ অৱদান সম্পৰ্কে বহলাই লিখা ।

উত্তৰঃ অসমীয়া বিজ্ঞান সাহিত্যলৈ ড০ দীনেশ চন্দ্র গোস্বামীৰ অৱদান লেখতলবলগীয়া । তেখেত জনপ্রিয় বিজ্ঞান (Popular Science) আৰু কল্প বিজ্ঞান (Science Fiction) বিষয়ক প্রায় আঢ়ৈ কুৰিখন গ্রন্থ ৰচিনা কৰিছে । তাৰে ভিতৰত উল্লেখ গ্রন্থ সমূহ হ’ল- ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’, ‘শতাধিক মহান বিজ্ঞানী’, ‘জোনাকীৰ জিলিকনি’, ‘উষ্ণ প্রবাহ’, ‘মোহনীয় বিশ্বব্রহ্মাণ্ড’ আৰু ‘শব্দ, নিৰন্তৰ শব্দ’ ।

ড০ গোস্বামীদেৱে অনুবাদ কৰা ১৭ খন মান গ্রন্থ প্রকাশিত হৈছে । ‘দৃষ্টি’ নামৰ বিজ্ঞান বিষয়ক আলোচনীখনৰ তেওঁ কেইবাবছৰো সম্পাদক আছিল । অসম সাহিত্য সভাই প্রকাশ কৰা বিশ্বকোষৰ বিজ্ঞান বিষয়ৰ খণ্ড তিনিটাৰ তেখেত মুখ্য সম্পাদক আছিল । লগতে, তেখেতে ৰচনা কৰা অনেক তত্ত্বগধূৰ প্রবন্ধ-পাতি বিভিন্ন কাকত-আলোচনীত প্রকাশিত হৈছে ।

‘বৈজ্ঞানিক মানসিক কিদৰে গঢ়িব পারোঁ’ শীৰ্ষক পাঠতি তেখেতৰ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্রন্থখনৰ পৰা পৰিবৰ্ধিত আৰু সম্পাদিত রূপত লোৱা হৈছে ।

2 thoughts on “Class 12 Assamese Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো”

    1. প্ৰকৃত বিজ্ঞানীৰ কাম হ’ল-আমি দেখা বস্তু আৰু ঘটনাবোৰৰ পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধর্ম বা চৰিত্র ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা আদি । লগতে, আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোকো বিজ্ঞানীসকলে চলাই নি নতুন নতুন অভাৱবোৰ পূৰণৰ বাবে নতুন নতুন বস্তু আৰু বিষয়ৰ আৱিস্কাৰ কৰা ।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising