Class 12 Assamese Chapter 5 কাঠমিস্ত্ৰীৰ ঘৰ – কবিতা

Class 12 Assamese Chapter 5 কাঠমিস্ত্ৰীৰ ঘৰকবিতা, Class 12 Assamese Question Answer, HS 2nd year Assamese notes কাঠমিস্ত্ৰীৰ ঘৰ Class 12 The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 5 কাঠমিস্ত্ৰীৰ ঘৰকবিতা and select needs one.

Join Telegram channel

Class 12 Assamese Chapter 5 কাঠমিস্ত্ৰীৰ ঘৰকবিতা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 5 কাঠমিস্ত্ৰীৰ ঘৰকবিতা Solutions for All Subject, You can practice these here…

কাঠমিস্ত্ৰীৰ ঘৰ – ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত

Unit-5

অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ১ )

প্ৰশ্ন ১.’কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটো কিমান চনত ৰচিত ?

উত্তৰঃ ১৯৩৯ চনত।

প্ৰশ্ন ২.কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম লিখা।

উত্তৰঃ অভিযান।

প্ৰশ্ন ৩.’কবিতাটিত প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কিহৰ কথা কোৱা হৈছে ?

উত্তৰঃ প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে বুলি কাঠমিস্ত্ৰীসকলে তৈয়াৰ কৰি উলিওৱা আচবাৱ পত্ৰৰ কথা কোৱা হৈছে।

প্ৰশ্ন ৪.কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন ?

উত্তৰঃ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী হʼল কাঠমিস্ত্ৰীসকল।

প্ৰশ্ন ৫.কাঠমিস্ত্ৰীসকলে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে ?

উত্তৰঃ কাঠমিস্ত্ৰীসকলে বহুবল প্ৰয়োগ কৰি হʼলেও নিজ কৰ্মৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে।

অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ২/৩ )

প্ৰশ্ন ১.কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সজুঁলিৰ নাম লিখা।

উত্তৰঃ ৰাণ্ডা আৰু বটালী ।

প্ৰশ্ন ২.’কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল ?

উত্তৰঃ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে কবি নৱকান্ত বৰুৱাই কৈছিল-মোক যদি কোনোৱাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হব কাঠমিস্ত্ৰীৰ ঘৰ।

প্ৰশ্ন ৩.কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাৱৰ নাম লিখা ।

উত্তৰঃ টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপচ প্ৰাসাদ সদৃশ ঘৰ ইত্যাদি।

প্ৰশ্ন ৪.কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে ?

উত্তৰঃ কাঠমিস্ত্ৰীয়ে কপালৰ ঘাম মাটত পেলাই অশেষ কষ্ঠ কৰি ৰান্ডা আৰু বটালিৰে কাঠ কাটে।অকনে বিশ্ৰাম লʼবলৈ তেওঁলোকৰ যে আহৰিয়েই নাই।নিৰস, কঠিন, বেকা-বেকি কঠিন শ্ৰমজীৱী কাঠমিস্ত্ৰীয়ে মনোহৰ ৰূপ দি সমাজৰ আৰ্থিকভাৱে স্বচ্ছল শ্ৰেণীটোৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।

প্ৰশ্ন ৫.কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি লবলৈ কৈছে ?

উত্তৰঃ কবিয়ে কাঠমিস্ত্ৰীৰ লগতে মিস্ত্ৰী কঁহাৰ, কমাৰ আদি শ্ৰমজীৱী লোকসকলক নিজ বাহুবলেৰে অধিকাৰ কাঢ়ি লবলৈ কৈছে।

দীঘল প্ৰশ্নৰ উত্তৰ ( মুল্যাংক ৪/৫ )

প্ৰশ্ন ১.কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় গোলাঘাটৰ কৰুণাটিং বাগিচাত ১৯১০ চনত।তেওঁৰ দেউতাকৰ নাম আছিল ড০ শৰত চন্দ্ৰ দত্ত আৰু মাকৰ নাম নয়নতৰা।বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত দেউতাকৰ ঘৰ আছিল।সৰুতে দেউতাক হেৰুৱাই তেওঁৰ আনুষ্ঠানিক শিক্ষা ঘৰতে আহৰণ হয়।১৯২৮চনত তেওঁ দেশ আৰু জাতিৰ হকে স্বাধীনতা আন্দোলনত যোগদান কৰে।তাৰবাবে দুবছৰ জেলো খাটিবলগীয়া হয়।দহবছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেওঁ জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাবে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়।১৯৩৬ চনত তেওঁৰ কাব্য সংকলন অভিযান প্ৰকাশ পায়। ১৯৭২ চনৰ ২২ অক্টোবৰত তেখেতৰ মৃত্যু হয়।

প্ৰশ্ন ২.কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা ।

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মাজেৰে কাঠমিস্ত্ৰীৰ বনুৱা শ্ৰেণীৰ দুৰ্দ্দশাগ্ৰস্ত জীৱনৰ এখন ছবি প্ৰকাশ কৰিছে।অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাবে স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী সাজি দিয়ে। ৰাণ্ডা, বটালিৰ খুন্দাত নীৰস, কঠিন কাঠ হৈ পৰে চালে চকুৰোৱা । দেহৰ তেজ ঢালি তেওঁলোকে গঢ়ি দিয়ে মানুহৰ মায়াপুৰী সাদৃশ্য প্ৰাসাদ।অমদ তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা তেওঁলোক ।শিল্পসুলভ কলাকুশলতাৰে তেওঁলোকে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বাচ্ছন্দময় জীৱন কটায়।অথচ তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে।কবিয়ে সমাজৰ এই শ্ৰমিক শ্ৰেণীটোৰ অৰ্থনৈতিক অৱস্থাৰ পৰিবৰ্তন বিচাৰিছে আৰু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।

প্ৰশ্ন ৩.প্ৰসঙ্গ সঙ্গতি দৰ্শাই ব্যাখ্যা কৰাঃ

        ‘বিশ্বৰ যত কৰ্মীৰ দল

        তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল’

উত্তৰঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

কাঠমিস্ত্ৰীসকলৰ কৰ্মঠ শিল্পী জীৱনৰ প্ৰশংসাত কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে।

কাঠমিস্ত্ৰীসকলৰ কৰ্মঠ, নিপুণ শিল্পী তেওঁলোকে কঠিন একা-বেকা কাঠত আনি দিয়ে কোমল অনুভৱ।অকণো জিৰণি নোলোৱাকৈ দেহে কেনে খাটি কঠিন কাঠেৰে খাজে নিত্য ব্যৱহাৰ্য সামগ্ৰীবোৰ ।কপালৰ ঘাম মাটিত পেলাই, দেহৰ তাজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানান ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে।নীৰস আৰু কঠিন বেঁকা-বেঁকি কাঠক ৰাণ্ডা-বটালি মাৰি মাৰি তেওঁলোকে গঢ়ি দিয়ে পৃথিবীৰ মানুহৰ বাবে মায়াপুৰী সদৃশ্য প্ৰাসাদ।অ্থচ সেই মিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা।সেই মৰ্মান্তিক অৱস্থাটো কবিতাফাকিৰ মাজেদি ফুটি উঠিছে।

Sl. No.Contents
Unit 1 নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

প্ৰশ্ন ৪.কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে ?

উত্তৰঃ কাঠমিস্ত্ৰীসকল কৰ্মঠ আৰু নিপুন শিল্পী,নিৰস কঠিন একা-বেকা কাঠ এওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠে।ৰাণ্ডা-বটালিৰ খুন্দাত গঢ় লয় নানা ধৰণৰ সামগ্ৰৰ।শিল্পী সুলভ কলাকুশলতাৰে আৰু কঠোৰ পৰিশ্ৰমেৰে নিৰস শুকান কাঠক চালে চকুৰোৱা কৰি গঢ়ি তোলে ব্যহাৰ উপযোগী আচবাব, মায়াপুৰীসদৃশ অট্টালিকাৰ সততে লিজৰ কথা চিন্তা নকৰা কাঠমিস্ত্ৰীসকলে আনৰ সুবিধাৰ বাবে জীৱন পাত কৰি কষ্ট কৰে। অথচ নিজে দুৰ্দশাগ্ৰস্থ জীৱন কটায় । সেয়েহে কাঠমিস্ত্ৰীসকলক শিল্পী বুলি কোৱা হৈছে।

প্ৰশ্ন ৫.কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্থ কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে ?

উত্তৰঃ বিপ্লৱী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাৰ যোগেদি কাঠমিস্ত্ৰীসকলক নিজৰ আত্মসন্মান নায্য প্ৰাপ্তি আৰু অধিকাৰৰ বাবে নিজ বাহু বলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে। কাঠমিস্ত্ৰীৰ কষ্টকৰ আৰু দুৰ্দশাময় জীৱনৰ বাবে কবিৰ মানসিক কাঠমিস্ত্ৰীয়ে বহু কষ্টেৰে কপালৰ ঘাম মাটিত পেলাই স্বচ্ছল বিত্তবান শ্ৰেণীটোৰ বাবে টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপয় আদি নানা ধৰনৰ মনোমোহা কাঠৰ সামগ্ৰী নিৰ্মাণ কৰে। অথচ নিজৰ জীৱন শোচনীয়।শিল্পসুলভ কলাকুখলতাৰে কাঠমিস্ত্ৰীয়ে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বচ্ছল, ছন্দময়, সুন্দৰ জীৱন কটায়।কবি দত্তই সমাজত এই শ্ৰমিক শ্ৰেণীৰ পৰিবৰ্তন বিচাৰি নিজ বহুবলেৰে অধিকাৰ সাব্যস্থ কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising