Class 12 Assamese Chapter 2 বিশ্ব খনিকৰ – কবিতা

Class 12 Assamese Chapter 2 বিশ্ব খনিকৰ – কবিতা, Class 12 Assamese Question Answer, HS 2nd year Assamese notes, বিশ্ব খনিকৰ Class 12 The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 2 বিশ্ব খনিকৰ – কবিতা and select needs one.

Join Telegram channel

Class 12 Assamese Chapter 2 বিশ্ব খনিকৰকবিতা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 2 বিশ্ব খনিকৰ – কবিতা Solutions for All Subject, You can practice these here…

বিশ্ব খনিকৰ – মফিজুদ্দিন আহমদ হাজৰিকা

Unit-2

অতি চমু প্রশ্নৰ উত্তৰ ( মূলাংক -১ ) 

প্ৰশ্ন ১. অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে কোনগৰাকী কবি জনাজাত ?

উত্তৰঃ অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে মফিজুদ্দিন আহমদ হাজৰিকাদেৱ জনাজাত ।

প্ৰশ্ন ২. মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম- ‘তত্ত্ব-পাৰিজাত’ ।

প্ৰশ্ন ৩.‘বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কোৱা হৈছে ?

উত্তৰঃ ‘বিশ্বখনিকৰ’ বা ‘বিশ্ব গঢ়োতা’ বুলি লেখকে ভগৱান বা ঈশ্বৰৰ কথা কোৱা হৈছে ।

প্ৰশ্ন ৪.‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা ?

উত্তৰঃ ‘বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দাৰ্শনিক ভাবধাৰাৰ কবিতা ।

প্ৰশ্ন ৫. মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি ?

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ‘জোনাকী’ যুগৰ কবি ।

অতি চমু প্ৰশ্নৰ উত্তৰ ( মূল্যাংক ২/৩ )

প্ৰশ্ন ১. মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তত্ত্ব প্ৰকাশিত হৈছে।

(খ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত চুফীবাদী দৰ্শনৰ প্ৰকাশ দেখা যায় ।

প্ৰশ্ন ২. কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি কৈছে ?

উত্তৰঃ কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে কাৰণ, এই বিশ্বব্ৰক্ষাণ্ডৰ সকলো বস্তু, সকলো প্ৰাণীক একাত্মক কৰি তেৱেঁই ৰাখিছে । তেওঁৰ কৃপাৰ বলতে পৃথিবী আছে, জোন-বেলি-তৰা শূণ্যত ওপঙি আছে খহি নপৰাকৈ । তেওঁৰেই যশ-গান গায় ত্রিজগত অতিবাহিত হৈ আছে । জগতৰ সকলো বস্তুতে তেওঁৰে অৱস্থিতি, সেয়েহে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে ।

প্ৰশ্ন ৩. স্বত্ব: ৰজ: তমো গুণ কি বুজাই লিখা।

উত্তৰঃ সত্ব: ৰজ: তমো হৈছে তিনিটা বিশেষ গুন বা শক্তি, ইয়াতে জগতৰ স্থিতি আরু লয় । সত্ব: হৈছে শান্ত আৰু নম্ৰ । ই সুখদায়ক আৰু জ্ঞানাত্মক । ৰজঃ হৈছে ৰাজসিক গুণ যি অহংকাৰৰ সৃষ্টি কৰে অৰ্থাৎ এই গুণৰ বাবে মানুহ বাসনাত আসক্ত হয় । তমো গুণ অজ্ঞানৰ পৰা হয় । ই জীৱক মোহগ্ৰন্থ কৰে আৰু প্ৰমাদ, আলস্য, নিদ্ৰাৰ আদি দ্বাৰা সকলো জ্ঞান ঢাকি ৰাখে ।

মুঠতে সত্ত্বঃ গুণে প্ৰদান কৰে জ্ঞান, ৰজঃ গুণে দুখ বিয়পাই দিয়ে আৰু তমো গুণে জীৱনলৈ অজ্ঞানতা কঢ়িয়াই আনে ।

প্ৰশ্ন ৪. মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথি হ’ল-

(ক) জ্ঞানমালিনী আৰু

(খ) তত্ত্ব পাৰিজাত ।

প্ৰশ্ন ৫. কবিয়ে ‘বিশ্বখনিকৰ’ক কিয় সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে ?

উত্তৰঃ কবি মফিজুদ্দিন আহমদ হাজৰিকাই ‘বিশ্বখনিকৰ’ক সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে  কাৰণ, ‘বিশ্বখনিকৰ’ নিৰ্গুন আৰু নিৰাকাৰ স্বৰূপ । সেইজনা পৰম ব্ৰহ্ম বা ঈশ্বৰক চকুৰ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই । তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতি আৰু লয়ৰ মূলতে এক পৰম অস্তিত্বক সদায় অনুভৱ কৰিব পাৰি । তেৱেই খনিকরূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে । যদিও তেওঁক দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞান-জ্ঞানী, বিশ্বব্ৰক্ষাণ্ডৰ প্ৰাণ আত্ম-স্বৰূপ আৰু  সৰ্বত্ৰতে বিয়পি থকা সৰ্ব শক্তিমান ।

দীঘল প্ৰশ্নৰ উত্তৰ ( মুল্যাংক ৪/৫ )

প্ৰশ্ন ১. ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু  কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?

উত্তৰঃ ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবি মফিজুদ্দিন আহমদ হাজৰিকাই প্ৰকৃততে বিশ্ব খনিকৰূপী এক পৰম সত্তাৰ কথা ক’ব বিচাৰিছে ।

অসমীয়া ৰোমান্টিক কাব্যধাৰাৰ আধাত্মবাদী, জীৱন দৃষ্টিসম্পন্ন, নিষ্ঠাবান, চিন্তাশীল সাধক কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ এটি উল্লেখযোগ্য কবিতা । ৰোমান্টিক যুগৰ নতুন চিন্তাধাৰাৰ পোহৰত ভাৰতীয় দৰ্শনক আবগাহন কৰি কবি আহমদ হাজৰিকাই ব্ৰহ্মাৰ অখণ্ড, অনন্ত, সৰ্বশক্তিমান ৰূপৰ কথা কবিতাটিত বৰ্ণনা কৰিছে । ‘ব্ৰহ্মসত্য জগত মিথ্যা’ – এই তত্ত্বক সাৰোগত কৰি বেদান্ত দৰ্শনৰ বুকুত ব্ৰহ্মৰ নিৰ্গুণ ৰূপত উপস্থাপন কৰা হৈছে । এই নিগুৰ্ণ ব্রহ্মই হৈছে জগতৰ স্রষ্টাস্বৰূপে অতীতৰো অতীত একমাত্ৰ পৰম সত্য । জগতৰ সৃষ্টি-স্থিতি আৰু লয়ৰ মূল কাৰণ নিৰাকাৰ বিশ্বখনিকৰ পৰম ব্ৰহ্ম । তেওঁৰ দ্বাৰাই যে পশু-পক্ষী, মানৱ, গছ-লতিকা পৰিপূৰ্ণ সুন্দৰ-সুখময় জগতখন সৃষ্টি হৈছে সেইকথা কবিতাটিৰ মাজেদি প্ৰকাশ কৰিছে ।

ব্ৰহ্মই সৃষ্টি কৰা বিশ্বজগতখনৰ মহিমা অপাৰ । জীৱজগত তথা জড় জগতত তেওঁৱেই যাদুকৰী হাতৰ স্পৰ্শ দেখা যায় । তেওঁ সৃষ্টি কৰিছে বাবে তেওঁৱেই বিশ্বখনিকর স্বৰূপত ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, সৎ, অন্তযামী, সৰ্বব্যাপী বিশ্বপ্ৰাণ, বিশ্বআত্মা স্বৰূপ । এই ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ মাজত পাৰস্পৰিক ভাৰসাম্য ৰাখিছে দয়া, স্নেহ, কৰুণা, আদিৰে তেওঁ সকলোকে সাৱটি ৰাখিছে । সত্ত্বঃ ৰজঃ তমো এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেৱেঁই ধৰি ৰাখিছে । সৃষ্টিকৰ্তাত তেৱেঁই, বিনাশক তেৱেঁই । এই সকলোবিলাক গুণৰ উৰ্দ্ধত থাকি তেওঁ সকলো কাল আৰু অৱস্থাতে নিৰ্যিপ্ত হৈ থাকে । ভাৰতীয় দৰ্শনৰ এনে সূক্ষ্ম ভাব কবিতাটোত প্ৰকাশ পাইছে ।

প্ৰশ্ন ২. ‘সকলোতে আছে তেওঁ

    কিন্তু নেদেখে কেও

     ওৰনিৰে মূখ ঢাকি থাকে ওচৰত’-এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা ।

উত্তৰঃ ৰ্নিগুণ নিৰাকাৰ বিশ্বখনিকৰৰ বিস্তূত ৰূপ বৰ্ণনা কৰিবলৈ গৈ কবি মফিজুদ্দিন আহমদ হাজৰিকাই কৈছে যে সমস্ত জীৱাত্মাৰ তেওঁতেই সৃষ্টি তেওঁতেই লয় ।

চাক্ষুষ দৃষ্টিৰে তেওঁক দেখা নাযায় কাৰণ, তেওঁ নিৰাকাৰ কিন্তু সৰ্বত্ৰ ব্যপ্ত হৈ থাকে । বিচাৰিব জানিলে তেওঁক সকলোতে পোৱা যায় । ওৰণিৰে মুখ ঢাকি ঈশ্বৰক ভক্তি অঞ্জলিৰেহে একমাত্ৰ অনুভৱ কৰিব পাৰি । অন্যথা সম্ভৱ নহয় । ভক্তিৰ পথ অতিশয় সূক্ষ্ম বাবে বহুজনে এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতেই বা ওপৰে ওপৰে বিচাৰি থাকে, কিন্ত সফল হ’ব নোৱাৰে । চলনাময়ী নাৰীৰ দৰে তেঁৱো ধৰা দি পিছলি যায় । মায়াই পৰমেশ্বৰ আৰু পাৰ্থিব জগতখনৰ মাজত এখন আৱৰনৰ সৃষ্টি কৰিছে । এই ভেদ আঁতৰাবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয় । জীৱৰ সেই জ্ঞান বা বোধ জন্ম হলেই এই ওৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয় ।

কবিয়ে উল্লেখিত চৰণটোত এই কথাখিনিকে প্ৰকাশ কৰিছে।

Sl. No.Contents
Unit 1 নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

প্ৰশ্ন ৩. ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাৱটি লিখা ।

উত্তৰঃ জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ এটি দাৰ্শনিক ভাবাপন্ন কবিতা । যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি । সেই পৰম সত্তায়েহে সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে । তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি । তেওঁৰ কথাতেই গ্ৰহ, তৰা, বেলি, জোন এই আটাইবোৰ ইটোৰ সিটোৰ লগত টনা-টনি কৰি বা সংস্পৰ্শত বৰ্তি আছে ।

ল’ৰা-তিৰোতা, আই-ভাই এই সকলোকে লৈ এই জগতত মানুহে একো একোখন সংসাৰ ৰচিছে । এখিলা পাততো কিমান চিন, কিমান যশস্যার কথা আছে । ওৰনিৰে তেওঁ মুখ ঢাকি ওচৰতে থাকে সেয়ে খেপিয়াই তেওঁক পাব নোৱাৰি । সত্ত্বঃ, ৰজঃ, আরু তমোঃ তিনিও গুণ তেওঁতেই বিৰাজমান যদিও তেওঁ নিৰ্গুণ । যেনিয়েই চোৱা যায় সকলোতে তেওঁৰ দয়াৰ পৰশ আনাৰ অনুভৱ হয় । তেৱেঁই মৰমৰ বৰষাৰে কুঁহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে । তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠে ।

সেয়ে কবিয়ে কৈছে যে তেৱেঁই মানী, তেৱেঁই দানী, তেৱেঁই দান, তেৱেঁই কৰ্মী, তেৱেঁই কাম, খেতি-খেতিয়ক, জ্ঞান, তীখা, শান, ধৰ্ম, ধৰ্মী, বুধি-বুধিয়ক, পানী, মাছ, যোগী, তপস্বী, ধনী, ধন তেৱেঁই সকলো, তেওঁ বিশ্বখনিকৰ, তেৱেঁই অন্তযাৰ্মী সৰ্বজ্ঞান, বিশ্ব-আত্ম প্ৰাণ, তেওঁ সৰ্বব্যাপি সৰ্বশক্তিমান । এয়াই কবিতাটিৰ মূলভাৱ ।

প্ৰশ্ন ৪. ‘বিশ্বখনিকৰ’ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া।

উত্তৰঃ ‘বিশ্বখনিকৰ’ কবিতাটি জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দাৰ্শনিক তথা আধ্যাত্মিক ভাবাপন্ন কবিতা । এই দৰ্শনৰ মূল হিচাপে বেদ-বেদান্তৰ ঘাই কথা ‘ব্ৰহ্ম সত্য জগৎ মিথ্যা’ এই তত্ত্বটোকে কবিতাটিত প্ৰতিফলিত কৰিছে ৷ এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাদে একো নাই । তেৱেই সত্ত্বঃ, ৰজঃ, তমো এই ত্ৰিগুণৰ মাজেৰে পৃথিৱীৰ সকলো বস্তুতে স্থিতি লৈ আছে । সকলো গুণৰ মাজত থাকিও তেওঁ তাৰ উৰ্দ্ধত । কবিয়ে ওৰণিৰে মুখ ঢাকি’ থকা কথাটোৰ মাজেৰে বেদান্ত ‘মায়া’ৰ বিষয়ে উল্লেখ কৰিছে । আচলতে মায়াও তেওঁৰেই সৃষ্টি কিন্ত মায়াৰ আৱৰণৰ বাবেই এই পাৰ্থিব পৃথিৱীৰ দৃশ্যমান বস্তুবোৰক সঁচা বুলি ভাবো আরু তাত থকা পৰমেশ্বৰৰ অস্তিত্বৰ উমান নাপাওঁ । কিন্ত মায়াৰ আৱৰন ভেদ কৰি চালে দেখা যাব যে এই পৃথিৱীৰ সকলোতে তেওঁৰেই ৰূপ, তেওঁ সৰ্বব্যাপী, সৰ্বশক্তিমান আৰু একমাত্ৰ সত্য, ‘বিশ্বখনিকৰ’ ।

এইদৰে ‘বিশ্বখনিকৰ’ কবিতাটিত আধ্যাত্মিক দৰ্শনৰ এক চমু আভাস প্ৰকাশিত হৈছে ।

প্ৰশ্ন ৫. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

‘তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ ।’

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে ।

এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে ব্যাখেয় কবিতাফাকিৰ অৱতাৰনা কৰিছে ।  

সৃষ্টিকৰ্তাৰ অস্তিত্ব সৰ্বত্ৰ বিৰাজমান । সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰৰ গতি নিৰ্ধাৰনৰ পৰা আৰম্ভ কৰি প্ৰতিটো জীৱ আৰু জড় পদাৰ্থ সকলো ক্ৰিয়া-কৰ্মৰ আঁৰত বিশ্ব খনিকৰৰে কৃপা বৰ্তমান । কাৰ্য তেওঁ, কাৰণো তেওঁয়েই । তেওঁৰ দয়াতেই সৃষ্টিৰ সকলো বৰ্তি আছে । জীৱ দিছে তেৱেঁই আরু তেৱেঁই  মৰুভূমিৰ শুকান বালিতো জীৱক জীৱন ধাৰনৰ উপায় দিছে । সাধাৰন এটি বীজ বা ভ্রূণৰ পৰা এজোপা প্ৰকাণ্ড মহীৰূহ বা পূৰ্ণ মানৱৰ গঠন তেৱেই সম্ভৱ কৰি তোলে । প্ৰকৃতি বিচিত্ৰ ৰূপৰ মাজতে তেওঁৰেই মহিমা লুকাই আছে । এই বিশ্ব সৃষ্টিকৰ্তাজন অখণ্ড শক্তিৰ অধিকাৰি যি তিল তিলকৈ পৃথিৱীখন গঢ়ি তুলিছে। সেয়েহে কবিয়ে তেওঁক ‘বিশ্বখনিকৰ’ বুলি কৈছে ।

5 thoughts on “Class 12 Assamese Chapter 2 বিশ্ব খনিকৰ – কবিতা”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising