Class 12 Assamese Chapter 3 মিলন

Class 12 Assamese Chapter 3 মিলন, Class 12 Assamese Question Answer, HS 2nd year Assamese notes, মিলন Class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 3 মিলন and select needs one.

Class 12 Assamese Chapter 3 মিলন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 3 মিলন Solutions for All Subject, You can practice these here.

মিলন

Chapter – 11

আর্হি প্রশ্ন:

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক – ১)

১। নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?

উত্তৰঃ নলিনীবালা দেৱীক আধ্যাত্মিক, ৰহস্যবাদী বা অতিন্দ্রিয়বাদী কবিৰূপে জনা যায়।

২। নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি?

উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম হ’ল- এৰি অহা দিনবোৰ।

৩। ‘জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্রকাশ পাইছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ‘জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ স্বদেশপ্রেমৰ মনোভাৱ মনোভাৱ প্রকাশ পাইছে।

৪। ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি কাক বুজাইছে?

উত্তৰঃ ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি পৰম আৰাধ্য ভগৱানক বুজাইছে।

৫। নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।

উত্তৰঃ নলিনীবালা দেৱীয়ে  ১৯৬৮ চনৰ ‘অলকানন্দা’ কাব্যগ্রন্থর বাবে সাহিত্য একেডেমী বঁটা লাভ কৰিছিল।

(খ) অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক ২ অথবা ৩)

১। নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা।

উত্তৰঃ নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম হ’ল- ‘স্মৃতিতীর্থ’ আৰু ‘বিশ্বদীপা’।

২। কবিৰ পৰম আধ্যজনে আহি নিতে তেওঁক কেনেকৈ দর্শন দিয়ে?

উত্তৰঃ কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক প্ৰভুৱে মানসৰ তিৰে-তিৰে আহি কবিক সপোন আৰু ধ্যানৰ মাজেৰে দর্শন দিয়ে।

৩। ‘কবিয়ে আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?

উত্তৰঃ কবিয়ে ইয়াত তেওঁৰ অন্তৰৰ গোপন কোণত থকাৰ পৰম আৰাধ্যজনক বুজাইছে।

৪। কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়ে?

উত্তৰঃ পৰম আৰাধ্যজনে মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়ে।

৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?

উত্তৰঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে ভগৱানক দেখা পায়।

(গ) দীঘল প্ৰশ্ন। (প্রতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। নলিনীবালা দেৱীৰ কবিতাসমুহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্রকাশ কৰিছে তোমাৰ পাঠতিৰ আধাৰত আলোচনা কৰা।

উত্তৰঃ নলিনীবালা দেৱী মূলতঃ এজন অতিন্দ্ৰিয়বাদী বা ৰহস্যবাদী কবি। তেওঁৰ কবিতাসমূহত আধ্যাত্মিক চেতনা আৰু ভক্তিৰ অপূৰ্ব প্ৰকাশ পোৱা যায়। ৰহস্যবাদী কবিসকলৰ দৰে তেওঁলোকে নিজৰ জীৱনৰ দুখ-বেদনা, কষ্ট আৰু অন্তৰৰ তৃষ্ণা পৰম সত্তাৰ ওচৰত অৰ্হণ কৰি দিয়ে। নলিনীবালা দেৱীৰ কবিতাতো এই ৰীতি স্পষ্টভাৱে দেখা যায়। তেওঁ সকলো সময়তে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰে আৰু নিজৰ অস্তিত্বক সেই পৰম সত্তাৰ হাতত সঁপিবলৈ বিচাৰে। কবিৰ দৃষ্টিত ভগৱান বা পৰমজনক পৃথিৱীৰ প্ৰতিটো অংশতে উপলব্ধি কৰিব পাৰি।

তেওঁৰ কবিতাৰ মুখ্য সুৰ হৈছে—মানৱ জীৱনৰ চূড়ান্ত লক্ষ্য হৈছে ঈশ্বৰৰ লগত মিলন। এজন সাধাৰণ মানুহৰ দৰে ভৌতিক সুখ-আনন্দত তেওঁৰ মন স্থিৰ হোৱা নাই; বৰং তেওঁৰ অন্তৰৰ গভীৰ আকুলতা হৈছে পৰমজনৰ লগত অনন্ত মিলন। দিনৰ আৰম্ভণি ৰাতিপুৱা সূৰ্যোদয়ৰ লগত হওক বা নিশাৰ গভীৰ টোপনিত, কবি সকলো সময়তে ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিছে। প্ৰকৃতিৰ প্ৰতিটো দৃশ্য—ঊষাৰ ৰঙা পোহৰ, গধূলিৰ এন্ধাৰ, জোনাকী দীপালি, আকাশৰ তৰা—সকলোতে তেওঁ ভগৱানৰ অমৃত সত্তাৰ সান্নিধ্য পাইছে।

সেয়েহে নলিনীবালা দেৱীৰ কবিতাৰ মূল অভিপ্ৰায় হৈছে আত্মাৰ সৈতে ঈশ্বৰৰ মিলনৰ চিন্তা। ঈশ্বৰৰ লগত এই অন্তহীন মিলনকেই কবিয়ে নিজৰ হৃদয়ৰ আকুল বাসনা ৰূপে প্ৰকাশ কৰিছে। ইয়াৰ মাজেৰে তেওঁৰ আধ্যাত্মিক অভিজ্ঞতা আৰু ঈশ্বৰ প্ৰতি গভীৰ বিশ্বাসৰ কথা সুন্দৰভাৱে প্ৰকাশ পাইছে।

২। ‘মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে।

উত্তৰঃ ‘মিলন’ কবিতাত কবিয়ে নিজৰ আত্মাৰ লগত প্ৰভু অৰ্থাৎ পৰম আৰাধ্যজনৰ মিলনৰ কথা বুজাইছে। এই মিলন ভৌতিক নহয়, আত্মিক বা আধ্যাত্মিক মিলন। কবিতাখনত কবিয়ে তেওঁৰ পৰম আৰাধ্য ভগৱানৰ সৈতে আত্মিক মিলনৰ কথা কাব্যভাৱে প্ৰকাশ কৰিছে। তেওঁ বিশ্বাস কৰে যে পৰম আৰাধ্যজনৰ অস্তিত্ব কেৱল বিশেষ স্থানত সীমাবদ্ধ নহয়; ই জীৱনৰ প্ৰতিটো পৰিসৰত, প্ৰকৃতিৰ প্ৰতিটো দৃশ্যত, আৰু অন্তৰৰ প্ৰতিটো অনুভৱত বিদ্যমান। কবিয়ে সপোনে-দিঠকে, জোনাকীৰ উজ্জ্বল আলোকে, গধূলিৰ তৰা ভৰা আকাশত, হৃদয়ৰ গভীৰ কোণত, পুৱতিৰ উষাৰ পৰা নিশাৰ গভীৰ টোপনিৰ মুহূৰ্তলৈকে ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিছে। কবিৰ মতে, আত্মাৰ সৈতে পৰমজনৰ এই অনন্ত সান্নিধ্যই হৈছে সত্যিকাৰ ‘মিলন’, যাক তেওঁ নিজৰ হৃদয়ৰ আধ্যাত্মিক আকুলতা ৰূপে প্ৰকাশ কৰিছে। 

৩। কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত, কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ লিখা।

উত্তৰঃ ‘মিলন’ কবিতাখনত কবি নলিনীবালা দেৱীয়ে নিজৰ পৰম আৰাধ্য ভগৱানৰ সৈতে মিলনৰ আকাঙ্ক্ষা কাব্যভাৱে প্ৰকাশ কৰিছে। কবিতাটোৰ মূল সুৰ হৈছে আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি। কবিয়ে দেখুৱাইছে যে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতেই অনুভৱ কৰিব পৰা যায়। তেওঁৰ মতে, ভগৱান কেৱল বাহ্য জগতত নহয়, কবিৰ অন্তৰৰ গোপন দেশৰ নিজান কোণত, সপোন আৰু দিঠকৰ মাজত, জোনাকীৰ সুকোমল উজ্জ্বলতাত, নিশাৰ আকাশৰ তৰা ভৰা তিৰবিৰণীত, গধূলিৰ ক্ষীণ পোহৰত, ধ্যানৰ নিস্তব্ধতাত আৰু হৃদয়ৰ গভীৰ আবেগশীল অনুভৱৰ মাজতো উপস্থিত। তদুপৰি, সাৰহীন নিশাৰ নিস্তব্ধতা আৰু উষাৰ ৰঙা পোহৰেও কবিক পৰমজনৰ সান্নিধ্যৰ কথা সঁচাকৈয়ে স্মৰণ কৰাই যায়। কবিৰ অন্তৰত জাগি উঠা এই অনন্ত সান্নিধ্যৰ অভিজ্ঞতাকেই কবিয়ে ‘মিলন’ বুলি আখ্যা দিছে।

৪। কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে, ব্যাখ্যা কৰা।

উত্তৰঃ কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কৈ আধ্যাত্মিক মিলনৰ এক গভীৰ অভিজ্ঞতা প্ৰকাশ কৰিছে। ইয়াত দেহগত মিলনৰ কথা নহয়, বৰং আত্মাৰ সৈতে পৰম আৰাধ্য ভগৱানৰ মিলনৰ কথা কবিয়ে বুজাইছে। তেওঁৰ মতে, ঈশ্বৰ মানৱ জীৱনৰ সকলো পৰিসৰত, সকলো দৃশ্যত, সকলো অনুভৱত বিদ্যমান। নিশাৰ আকাশৰ জোনাকী, তৰাৰে ভৰা আকাশ, গধূলিৰ ক্ষীণ পোহৰ, ধ্যানৰ শান্তি, উষাৰ ৰঙা পোহৰ আদি সকলোতে কবিয়ে ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিছে। কবিৰ হৃদয়ত এই অনুভৱ চিৰন্তন ভাৱে জাগ্ৰত হৈ থাকে। সেয়েহে তেওঁ এই আত্মিক সান্নিধ্যক “অনন্ত মিলন” বুলি আখ্যা দিছে।

অর্থাৎ, কবিয়ে ইয়াত আত্মা আৰু ঈশ্বৰৰ মিলনক চিৰস্থায়ী, অমলিন আৰু অতীন্দ্ৰিয় একতা ৰূপে উপলব্ধি কৰিছে। এই মিলন হৈছে তেওঁৰ জীৱনৰ প্ৰধান কামনা আৰু কবিতাৰ মূল ভাৱ।

৫। ‘মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্রকাশ পাইছে চমুকৈ  আলোচনা কৰা।

উত্তৰঃ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্ৰখনৰ কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত ঘাইকৈ আধ্যাত্মিকতাৰ সুৰ শুনিবলৈ পোৱা যায়। শান্ত-সমাহিত আৰু কৰুণ আকূতিৰে ভৰা কবিতাবোৰত কবিৰ আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে। কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাক ভাৰতীয় ধর্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেদি বিচাৰ কৰি তেখেতৰ মূল্যৱান কবিতাসমুহৰ জৰিয়তে ব্যক্ত কৰিছে। সেয়েহে ‘মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ পৰিস্ফুৰণ দেখিবলৈ পোৱা যায়।

কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে। সপোনে-দিঠকে, নিজৰ হৃদয়ৰ নিজান কোণত,নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাৰে ভৰা আকাশৰ মোহনীয় সৌন্দৰ্য,ৰাতিপুৱা সূর্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব ভিন্ন ধৰণে অনুভৱ কৰে। কবিৰ মতে এয়াই তেওঁৰ পৰম জনাৰ সৈতে হোৱা অনন্ত মিলন। এইদৰেই কবিৰ আধ্যাত্মিক অনুভূতি ‘মিলন’ কবিতাটোত প্রকাশিত হৈছে।

2 thoughts on “Class 12 Assamese Chapter 3 মিলন”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top