Class 12 Assamese Chapter 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য

Class 12 Assamese Chapter 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য, Class 12 Assamese Question Answer SEBA, HS 2nd year Assamese notes, ভাৰতীয় আদৰ্শ Class 12 answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য and select needs one.

Join Telegram channel

Class 12 Assamese Chapter 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য Solutions for All Subject, You can practice these here…

ভাৰতীয় আদৰ্শত বৈৰাগ্য

Unit-5

অতি চমু প্রশ্ন – মূল্যাংকঃ ১

(ক) তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যপুথিখনৰ নাম কি?

অথবাঃ তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কি?

উত্তৰঃ তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্যপুথিখনৰ নাম- কামসেন্দুৰ ।

(খ) ‘পঞ্চপুষ্প’ পুথিখনৰ ৰচক কোন ?

উত্তৰঃ ‘পঞ্চপুষ্প’ পুথিখনৰ ৰচক হ’ল- তীৰ্থনাথ শৰ্মা ৷

(গ) তীর্থনাথ শর্মা ‘অসম সাহিত্য সভা’ৰ কোন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ তীর্থনাথ শর্মা ‘অসম সাহিত্য সভা’ৰ মাকুম অধিৱেশনৰ(১৯৭১) সভাপতি আছিল ।

(ঘ) কৰ্ম কৰা কৌশলক ভগৱদ্‌গীতাত কি বুলি অভিহিত কৰা হৈছে ?

অথবাঃ কৰ্ম কৰা কৌশলক ভগৱদ্‌গীতাত কি যোগ বুলি কৈছে?

উত্তৰঃ কৰ্ম কৰা কৌশলক ভগৱদ্‌গীতাত যোগ বা কৰ্মযোগ বুলি অভিহিত কৰা হৈছে বা কৈছে ।

(ঙ)কোনখন উপনিষদত থকা অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ গমি চাব লগা কথা?

উত্তৰঃ তৈত্তিৰীয় উপনিষদত থকা অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ গমি চাব লগা কথা ।

(চ) তীৰ্থনাথ শৰ্মা কোনখন মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ আছিল ?

উত্তৰঃ তীৰ্থনাথ শৰ্মা গুৱাহাটী প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ আছিল ।

(ছ) অর্থ লিখাঃ

কেলেহুৱা, পাৰত্রিক, অপ্রমাদী, বৈৰাগ্য/বিৰাগ

উত্তৰঃ

শব্দঅর্থ
কেলেহুৱালোকৰ ঘৰত চাপি পেট পুহি থকা, চপনীয়া
পাৰত্রিকপৰলোক সম্বন্ধীয়, পৰলৌকিক
অপ্রমাদীসতর্ক, সাৱধান
বৈৰাগ্য/বিৰাগবিষয় বা ইন্দ্রিয়ভোগৰ প্রতি অনাসক্তি

(জ) তীর্থনাথ শৰ্ম্মাৰ একমাত্র কাব্যপুথিখনিৰ নাম লিখা ।

উত্তৰঃ তীর্থনাথ শৰ্ম্মাৰ একমাত্র কাব্যপুথিখনিৰ নাম হ’ল- কামসেন্দূৰ ।

(ঝ) অর্থ লিখা-

অভীষ্ট, স্বোপাৰ্জিত, বিধান, আধ্যাত্মিক

উত্তৰঃ

শব্দঅর্থ
অভীষ্টবাঞ্ছিত, প্রিয়, বাঞ্ছিত বিষয় বা বস্তু
স্বোপাৰ্জিতনিজৰ অৰ্জিত, নিজে অৰ্জন কৰা
বিধান- বিধিব্যৱস্থা, শাস্ত্ৰবিহিত নিয়ম
আধ্যাত্মিকধৰ্ম বিষয়ক, ব্রহ্ম বিষয়ক

(ঞ) ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বা মূলাধাৰ কি?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বা মূলাধাৰ হ’ল- বেদ ।

(ট) প্রকৃততে ত্যাগ বা বৈৰাগ্য কি?

উত্তৰঃ প্রকৃততে ত্যাগ বা বৈৰাগ্য হ’ল- থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱা আৰু প্রকৃততে বৈৰাগ্য হ’ল- পালেও নিৰাসক্ত হৈ থকা ।

(ঠ) সভ্য-জীৱনৰ আরু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ কি?

উত্তৰঃ সভ্য-জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ হ’ল- সত্য আৰু ধৰ্ম ।

(ড) এখন উল্লেখযোগ্য উপনিষদৰ নাম লিখা ।

উত্তৰঃ এখন উল্লেখযোগ্য উপনিষদৰ নাম হ’ল- তৈত্তিৰীয় উপনিষদ ৷

(ঢ) ভাৰতীয় আদৰ্শত বৈৰাগৰ স্থান কেনেকুৱা?

উত্তৰঃ ভাৰতীয় আদৰ্শত বৈৰাগৰ স্থান অতি উচ্চ, কিন্তু এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ আরু নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয় ।

(ণ) তৈওিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?

উত্তৰঃ তৈওিৰীয় উপনিষদৰ প্ৰথম উপদেশ হৈছে সত্য আৰু ধৰ্ম ।

(ত) বেদ কেইখন আরু কি কি?

উত্তৰঃ বেদ চাৰিখন । সেইকেইখন হ’ল- ঋক্‌, যজুঃ, সাম আৰু অথৰ্ব ।

(থ) ভগৱদ্‌গীতাৰ মূল বাণী কি?

উত্তৰঃ ভগৱদ্‌গীতাৰ মূল বাণী হৈছে- `কৰ্মই ধৰ্ম’।

(দ) তৈওিৰীয় উপনিষদৰ মতে কোনো ব্যক্তিৰ বাবে কৰ্ষনীয় গুন দুটা কি কি?

উত্তৰঃ তৈওিৰীয় উপনিষদৰ মতে কোনো ব্যক্তিৰ বাবে কৰ্ষনীয় গুন দুটা হ’ল- সত্য আৰু ধৰ্ম ।

(ধ) লেখকে কেনে ত্যাগক প্ৰকৃত ত্যাগ নহয় বুলি কৈছে?

উত্তৰঃ নোহোৱাৰ নেলাগে বোলা ত্যাগক লেখকে প্ৰকৃত ত্যাগ নহয় বুলি কৈছে ।

(ন) ‘অন্নং ন নিন্দ্যাৎ, অন্নং বহুকুৰ্ৱীত তদ্‌ব্ৰতম’। শ্লোকফকিৰ অৰ্থ কি?

উত্তৰঃ ‘অন্নং ন নিন্দ্যাৎ, অন্নং বহুকুৰ্ৱীত তদ্‌ব্ৰতম’- শ্লোকফকিৰ অৰ্থ হৈছে অন্ন অৰ্থাৎ খাদ্যক নিন্দা কৰিব নালাগে । অন্ন যিমান পাৰি বঢ়াব লাগে । এই অন্নবৃদ্ধি কাৰ্য এটা ব্ৰত ।

(প) কৰ্মযোগৰ মূলকথা কি?

উত্তৰঃ ত্যাগৰ ভাবত থাকি আজ্রু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰা আৰরু তাৰ বাবে কৰ্ম কৰাটোৱেই হৈছে কৰ্মযোগৰ মূল কথা । নিৰাসক্ত হৈ কাম কৰিবলৈকে কৰ্মযোগও উপদেশ দিছে ।

(ফ) অসম সাহিত্যসভাৰ কোনখন অধিবেশনৰ তীৰ্থনাথ শৰ্মা সভাপতি আছিল?

উত্তৰঃ অসম সাহিত্যসভাৰ ১৯৭১ চনৰ মাকুম অধিবেশনৰ তীৰ্থনাথ শৰ্মা সভাপতি আছিল ।

(ব) ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পন্ন কৰাৰ পিছত কিহৰ বিধান দিয়া হৈছে ?

উত্তৰঃ ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পন্ন কৰাৰ পিছত বানপ্ৰস্থ আৰরু সন্যাসৰ বিধান দিয়া হৈছে ।

(ভ) `পঞ্চপুষ্প’ পুথিখনৰ ৰচক কোন?

উত্তৰঃ `পঞ্চপুষ্প’ পুথিখনৰ ৰচক হ’ল- তীৰ্থনাথ শৰ্মা।

(ম) তীৰ্থনাথ শৰ্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল?

উত্তৰঃ তীৰ্থনাথ শৰ্মা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল ।

(য) ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়?

উত্তৰঃ ঋকবেদৰ মন্ত্ৰবিলাকত আরু ঋষিসকলৰ প্ৰাৰ্থনাত এটি উজ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ পৰিচয় পোৱা যায় ।

(ৰ) ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনেধৰনৰ?

উত্তৰঃ ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজলৈ হয় ।

(ল) নিত্য অধ্যয়নৰ গুরুত্ব কেনেকুৱা ?

উত্তৰঃ নিত্য অধ্যয়ন সভ্য জীৱনৰ আরু উন্নত আচৰনৰ অপৰিহাৰ্য অংগ । ই খাৱন-শোৱনৰ নিচিনা সদায় এৰিব নোৱাৰা আরু এৰিবলগীয়া কৰনীয় কাম ।

চমু প্রশ্ন – মূলাংকঃ ২

(ক) প্রকৃততে ত্যাগ বা বৈৰাগ্য কি?

উত্তৰঃ প্রকৃততে ত্যাগ হ’ল-থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱা আৰু প্রকৃততে বৈৰাগ্য হ’ল- পালেও নিৰাসক্ত হৈ থকা ।

(খ) ভাৰতীয় আদর্শত কিহৰ পিছত বানপ্রস্থ আরু সন্যাসৰ বিধান দিয়া হৈছে?

উত্তৰঃ ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰাৰ পিছত বানপ্রস্থ আরু সন্যাসৰ বিধান দিয়া হৈছে । সমাজৰ আগত দৰিদ্র আৰু অভাৱে বেৰি থকা জীৱন আরু নিষ্কৰ্মাৰ কেলেহুৱা জীৱনধাৰাৰ প্রশংসা ভাৰতীয় আদর্শত উল্লেখ কৰা নাই ।

(গ) ঋকবেদৰ মন্ত্রবিলাকত কিহৰ পৰিচয় পোৱা যায় ?

উত্তৰঃ ঋকবেদৰ মন্ত্রবিলাকত আরু ঋষিসকলৰ প্রাৰ্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্রবল ধাউতিৰ পৰিচয় পোৱা যায় । এই আদৰ্শ হৈছে কৰ্ম কৰাৰ আদৰ্শ । কেৱল সেই কৰ্ম কৰাৰ কৌশল বা মনোধৰ্মৰ কৰ্ষণ কৰাৰ উপদেশ পোৱা যায় । এই কৰ্ম কৰাৰ কৌশলকে পিছত ভগৱদ্‌গীতাত যোগ বা কৰ্মযোগ বুলি অভিহিত কৰিছে ।

(ঘ) ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনে ধৰণৰ ?

উত্তৰঃ তৈত্তিৰীয় উপনিষদত গুৰুৱে বা আচাৰ্যই ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্রমাৎ আপোনাৰ/ব্যক্তিৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজলৈ, এই তিনিটাৰ কথা সোঁৱৰাই দিছে- ‘মাতৃ দেৱো ভৱ’, ‘আচাৰ্য দেৱো ভৱ’ আৰু ‘অতিথি দেৱো ভৱ’ । ইয়াত পিতৃ-মাতৃয়ে পৰিয়ালৰ দায়িত্ব, আচাৰ্য আরু অতিথিয়ে সমাজৰ দায়িত্বৰ কথা সূচাইছে । সেয়েহে, সংসাৰত প্রৱেশ কৰিব খোজা যুৱকসকলক এইবুলি উপদেশ দিছে যে তেওঁলোকে অৰ্জন কৰা ধন-সম্পদ নিজৰ কাৰণেও হয়, পৰিয়াবৰ্গৰ কাৰণেও হয়, কিন্ত আচাৰ্য আরু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও তেওঁৰ আৰ্জন অৰ্পিত কৰিব লাগে ।

(ঙ) নিত্য অধ্যয়ণৰ গুরুত্ব কেনেকুৱা?

উত্তৰঃ গুৰুৱে সত্য আরু ধৰ্ম, এই দুই মহৎ গুণৰ কথা কৈ প্রতিদিনৰ কৰণীয় কর্ম অধ্যয়ণৰ কথা সোঁৱৰাই দিছে । এই নিত্য অধ্যয়ণ সভ্য জীৱনৰ আরু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ বুলি অভিহিত কৰিছে । এই নিত্য অধ্যয়ণ খাৱন-শোৱনৰ নিচিনা সদায় এৰিব নোৱৰা আৰু এৰিব নলগীয়া কৰণীয় বুলি উল্লেখ কৰিছে ।

(চ) সমাজ আরু ব্যক্তিৰ মংগলৰ অর্থে মানুহে কোন দুটা মহৎ গুণৰ কর্ষণ কৰিব লাগে?

উত্তৰঃ সমাজ আৰু ব্যক্তিৰ মংগলৰ অর্থে মানুহে ‘সত্য’ আৰু ‘ধৰ্ম’, এই দুটা মহৎ গুণৰ কর্ষণ কৰিব লাগে ।

(ছ) ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত `সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?

উত্তৰঃ ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত `সংবিভাজ্য’ শব্দটিয়ে স্ব-উপাৰ্জিত ধন-সম্পদ কেনেকৈ সমানে বিতৰণ কৰিব বা দান কৰিব তাৰ উপদেশ দিছে । লগতে, কিভাৱে দান কৰিব লাগে সেই বিষয়ো তৰুণ বিদাৰ্থীক সোঁৱৰাই দিছে-

‘শ্ৰদ্ধয়া দেয়ম্‌, অশ্ৰদ্ধয়া অদেয়্ম্‌, শ্রিয়া দেয়ম্‌, হ্রিয়া দেয়ম্‌, ভিয়া দেয়ম্‌, সংৱিদা দেয়ম্‌ ।’ অৰ্থাৎ শ্রদ্ধাৰে দান কৰিব লাগে, অশ্রদ্ধাযুক্ত মন লৈ ‘নিদিলে নহয়’ এনেভাৱে দান কৰা-নকৰা সমান । শ্রিয়া অৰ্থাৎ সামৰ্থ্য অনুসাৰে দিব লাগে । মোৰনো কি আছে, এতেকে নিদিওঁ এই ভাবি হাত সৰাতো উচিত নহয় । অথবা বহুত আছে কিন্ত অলপমান দি নামমাত্র কৰাও নিন্দনীয় । সলজ্জভাৱে (হ্রিয়া) শাস্ত্রৰ প্রতি বা লোকৰ নিন্দাৰ ভয়ত মিত্রভাৱে (সংবিদা) প্রেম ভাবত দান দিব লাগে ।

(জ) ‘শ্ৰদ্ধয়া দেয়ম্‌’ ‘অশ্ৰদ্ধয়া অদেয়ম্‌’ মানে কি?

উত্তৰঃ `শ্ৰদ্ধয়া দেয়ম’ অশ্ৰদ্ধয়া অদেয়ম মানে শ্রদ্ধাৰে দান কৰিব লাগে, অশ্রদ্ধাযুক্ত মন লৈ ‘নিদিলে নহয়’ এনেভাৱে দান কৰা-নকৰা সমান ।

(ঝ) প্ৰকৃত ত্যাগ মানে কি বুজা?

উত্তৰঃ সংযতভাবে জীৱন যাপন কৰি প্ৰাপ্তিতো নিৰাসক্ত হৈ থকা বা সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱায়েই হৈছে- প্ৰকৃত ত্যাগ । প্রকৃততে ত্যাগ হ’ল- থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱা ।

(ঞ) ঈশোপনিষদত `ভূঞ্জীথাঃ’ মানে কি বুজাইছে?

উত্তৰঃ ঈশোপনিষদৰ প্ৰথম মন্ত্রটিত বিধিবাক্য আছে ‘ভুঞ্জীথাঃ’, নিষেধ বাক্য হ’ল মা গৃধঃ’। ‘ভুঞ্জীথাঃ’ মানে ভোগ কৰা কিন্ত সাৱধান ত্যক্তেন- ত্যাগ কৰিহে ভোগ কৰিব লাগে । অৰ্থাৎ ঈশোপনিষদতভূঞ্জীথাঃ’ৰ মাধ্যমেৰে মানুহে কেনেদৰে ভোগ কৰিব তাৰ উপদেশ প্রদান কৰিছে ।

(চ) ‘অতিথি দেবো ভৱ’ মানে কি?

উত্তৰঃ ‘অতিথি দেবো ভৱ’ মানে অতিথিয়ে সমাজৰ দায়িত্বৰ কথা সূচায় আরু অতিথিও দেৱতাৰ তুল্য । সেয়েহে, সংসাৰত প্ৰৱেশ কৰিব খোজা যুবকে বুজা উচিত যে তেওঁ নিজৰ কাৰণে ডাঙৰ হোৱা নাই, নিজৰ কাৰনেই ধন সম্পদ অৰ্জন কৰাৰ উপদেশ পোৱা নাই । নিজৰ কাৰণেও হয়, পৰিয়ালবৰ্গৰ কাৰণেও হয়, কিন্তু আচাৰ্য আরু অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ কাৰণে তেওঁৰ আৰ্জন অপিৰ্ত কৰিব লাগে ।

চমু প্রশ্ন – মূল্যাংকঃ ৩

(ক) ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ । কিন্তু এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ আৰু নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয় । ভাৰতীয় আদৰ্শত প্রকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম । নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত, পৰাজয় বৰণৰ তুল্য । থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাহে প্রকৃত ত্যাগ । লগতে, পালেও নিৰাসক্ত হৈ থকাতহে ভাৰতীয় আদৰ্শত প্রকৃত বৈৰাগ্য ।

(খ) এখন সমাজৰ আদৰ্শ কি তাক জানিবৰ উপায় কি?

উত্তৰঃ এখন সমাজৰ আদৰ্শ কি তাক জানিবৰ নিমিত্তে সেই সমাজৰ উঠি অহা যুৱক বা অধ্যয়ন সমাপ্ত কৰি জীৱন সংগ্রামত প্রবৃত্ত হ’ব খোজা ছাত্রসকলৰ আগত সেই যুগৰ মনীষী আৰু শিক্ষকসকলে কি উপদেশ দিয়ে, কি আদৰ্শ পালনৰ কাৰণে উদগনি দিয়ে সেই কথাবোৰ অনুধাৱন কৰিব লাগিব ।

(গ) ধন-সম্পদ বৃদ্ধি সম্পৰ্কত উপনিষদত কেনে উপদেশ দিয়া হৈছে ?

উত্তৰঃ ধন-সম্পদ বৃদ্ধি সম্পৰ্কত উপনিষদত এইদৰে উপদেশ দিছে যে ধন-সম্পত্তি সংগ্রহ ৰূপ মংগলজনক কাৰ্য কৰিব লাগে । ধন-সম্পদ বৃদ্ধি কৰি ধৰ্মপথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিবৰ বাবে উপদেশ প্রদান কৰিছে । লগতে দান কৰাৰ অৰ্থাৎ স্বোপাৰ্জিত ধন-সম্পদ কেনেকৈ সংবিভাজ্য- সমানে বিতৰণ কৰি ভোগ কৰিব, তাৰ উপদেশ দিছে । উপনিষদৰ মতে ধন-সম্পদসমূহ কিছু পৰিমাণে সামৰ্থ অনুসাৰে সলজ্জভাৱে শাস্ত্রৰ প্রতি বা লোকৰ নিন্দাৰ ভয়ত মিত্রভাৱে প্রেম ভাবত দিব বা দান কৰিব লাগে ।

ইয়াৰ সমসাময়িকভাৱে, তৈত্তেৰীয় উপনিষদে নিজৰ মংগলৰ কাৰণে সৎ পথত থাকি ধন-সম্পদ আহৰণ কৰিবলৈ উপদেশ দিছে । লগতে, কৈছে যে নিজৰ কাৰণেই ধন-সম্পদ অৰ্জন কৰাৰ উপদেশ নাই । নিজৰ কাৰণেও হয়, পৰিয়ালবৰ্গৰ কাৰণেও হয়, কিন্তু আচাৰ্য আৰু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও তেওঁৰ আৰ্জন অৰ্পিত কৰিব লাগে, এনে উপদেশ প্রদান কৰিছে ।

(ঘ) উপনিষদৰ কৰ্মযোগত কোৱা কথাখিনি চমুকৈ লিখা ।

উত্তৰঃ উপনিষদৰ কৰ্মযোগত কৈছে যে আমি সত্য আৰু ধৰ্মৰ এই কৰ্ষণীয় গুণ দুটা আগত ৰাখি কৰ্ম প্রবৃত্তিৰে কাম কৰি এশ বছৰ জীয়াই থকা বা জীয়াই থাকিবলৈ বাঞ্ছা কৰিব লাগে । কাৰণ, আমি শৰীৰধাৰী মানুহ । আমাৰ কাম কৰাৰ বাহিৰে আন উপায় নাই । কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈও শিকা উচিত । কামো কৰিব লাগে আৰু সেই কামত লিপিত খায়ো নাথাকিবৰ বাবে উপনিষদৰ কৰ্মযোগত উপদেশ দিছে ।

দীঘলীয়া প্রশ্ন – মূল্যাংকঃ ৪

(ক) চাৰি আশ্ৰম বুলিলে কি বুজা? এই চাৰি আশ্রম কি কি লিখা ।

উত্তৰঃ ভাৰতীয় আদৰ্শত জীৱনৰ চাৰিটা স্তৰৰ কথা উল্লেখ কৰা হৈছে । এই স্তৰ চাৰিটাকে চাৰি আশ্ৰম বুলি কোৱা হয় । এই চাৰি আশ্ৰম হৈছে –ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্যাস । ব্রহ্মচৰ্য মানে জ্ঞানৰ অৰ্জনৰ সময়ছোৱাক সূচায় যত গুরুৱে বিদাৰ্থীসকলক বেদৰ মন্ত্র, ঋষিসকলৰ প্রাৰ্থনা, উপনিষদৰ আধ্যাত্মিক স্তৰসমূহ, কৰ্ম কৰাৰ কৌশল, মনোধৰ্মৰ কৰ্ষণ আদিৰ উপদেশ প্রদান কৰে । গাৰ্হস্থ্যই বিশেষকৈ গৃহস্থী জীৱনৰ কৰ্তব্য আরু সংসাৰত প্রৱেশ কৰাৰ কথা ব্যক্ত কৰে । ভাৰতীয় আদৰ্শ গৃহস্থীজীৱনৰ কৰ্তব্যৰ অন্তত বানপ্রস্থ আরু সন্ন্যাসৰ বিধান দিয়া হৈছে । এই চাৰি আদৰ্শৰে ভাৰতীয় আদৰ্শৰে এজন মানুহ অনুপ্রাণিত হয় ।

(খ) উপনিষদত কিভাবে দান কৰিব লাগে বুলি বিদ্যাৰ্থীক সোঁৱৰাই দিয়া হৈছে বুজাই লিখা ।

উত্তৰঃ উপনিষদত দান কিভাবে কৰিব লাগে বুলি বিদ্যাৰ্থীক সোঁৱৰাই দিয়া হৈছে এইবুলি- ‘শ্রদ্ধয়া দেয়ম্‌, অশ্রদ্ধয়া অদেয়ম্‌, শ্রিয়া দেয়ম্‌, হ্রিয়া দেয়ম্‌, ভিয়া দেয়ম্‌, সংৱিদা দেয়ম্‌ ।’ – শ্রদ্ধাৰে দান কৰিব লাগে, অশ্রদ্ধাযুক্ত মন লৈ ‘নিদিলে নহয়’ এনেভাৱে দান কৰা-নকৰা সমান । শ্রিয়া অৰ্থাৎ সামৰ্থ্য অনুসাৰে দিব লাগে । মোৰনো কি আছে, এতেকে নিদিওঁ এই ভাবি হাত সৰাতো উচিত নহয় । অথবা বহুত আছে কিন্ত অলপমান দি নামমাত্র কৰাও নিন্দনীয় । সলজ্জভাৱে (হ্রিয়া) শাস্ত্রৰ প্রতি বা লোকৰ নিন্দাৰ ভয়ত মিত্রভাৱে (সংবিদা) প্রেম ভাবত দান দিব লাগে ।

(গ) ঈশোপনিষদৰ প্রথম মন্ত্রটিৰ বিধিবাক্যটো কি আরু তাৰ অৰ্থ কেনেধৰণৰ ?

উত্তৰঃ ঈশোপনিষদৰ প্রথম মন্ত্রটিত বিধিবাক্য আছে- ‘ভুঞ্জিথাঃ’, নিষেধ বাক্য হ’ল- ‘মা গৃধঃ’ (তেন ত্যক্তেন-ভুঞ্জীথাঃ মা গৃধঃ কস্যচিদ্ধনম্‌)। ‘ভুঞ্জীথাঃ’- ভোগ কৰা, কিন্ত সাৱধান, ত্যক্তেন-ত্যাগ কৰিহে ভোগ কৰিব লাগে । ‘মা গৃধঃ’- নিজে ত্যাগৰ ভাবত’ থাকি আরু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱেই উপনিষদৰ বিধান । ভোগ এৰি দি বনবাসী আরু লাওলোৱা হৈ থকাৰ কাৰণে ঈশোপনিষদে উপদেশ প্রদান কৰা নাই ।

Sl. No.Contents
Unit 1 নিৰ্বাচিত গদ্য
Chapter 1মোৰ মাতৃমোখ দৰ্শন
Chapter 2মগনিয়াৰ
Chapter 3আনন্দৰাম বৰুৱা
Chapter 4হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter 5ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter 6চিঠি
Chapter 7অসমীয়া চলচ্চিত্রৰ গতিধাৰা
Chapter 8বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
Unit 2নিৰ্বাচিত পদ্য
Chapter 1বৰগীত
Chapter 2বিশ্ব খনিকৰ
Chapter 3মিলন
Chapter 4জনতাৰ আহ্বান
Chapter 5কাঠমিস্ত্ৰীৰ ঘৰ
Chapter 6আঘোণৰ কুঁৱলী
Chapter 7উভতি নহাৰ কবিতা
Chapter 8কৰুণতম
Unit 3কৈশোৰ কাল আৰু মূল্যবোধৰ শিক্ষা
Chapter 1মূল্যবোধৰ শিক্ষা
Chapter 2কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

(ঘ) বৈৰাগ্য মানে কি? ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কৈছে ?

অথবাঃ

বৈৰাগ্য মানে কি? ভাৰতীয় আদৰ্শত কেনেধৰনৰ বৈৰাগ্যৰ কথা কোৱা হৈছে?

উত্তৰঃ বৈৰাগ্য মানে ইন্দ্ৰিয় সংযম; পালেও নিৰাসক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য ।

ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ । নথকাৰ ত্যগ আরু নোপোৱা বস্তুৰ ওপৰত বিৰক্ত বা অসন্তোষ হৈ ওপজা বৈৰাগ্য প্ৰকৃত বৈৰাগ্য নহয় । নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, লাগে লাগে কৈ হাবাথুৰি খাই নোপোৱাৰ পাছত বিৰক্তি রূপ বৈৰাগ্যৰ জীৱন যুজত পৰাজয় বৰণৰ তুল্য । প্ৰকৃততে বৈৰাগ্য এক বিশেষ মনোধৰ্ম ।

(ঙ) ভগৱদগীতাৰ কৰ্মযোগৰ বীজতত্ত্ব কি চমুকৈ বুজাই লিখা ।

উত্তৰঃ উপনিষদৰ কৰ্মযোগত কৈছে যে আমি সত্য আৰু ধৰ্মৰ এই কৰ্ষণীয় গুণ দুটা আগত ৰাখি কৰ্ম প্রবৃত্তিৰে কাম কৰি এশ বছৰ জীয়াই থকা বা জীয়াই থাকিবলৈ বাঞ্ছা কৰিব লাগে । কাৰণ, আমি শৰীৰধাৰী মানুহ । আমাৰ কাম কৰাৰ বাহিৰে আন উপায় নাই । কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈও শিকা উচিত । কামো কৰিব লাগে আৰু সেই কামত লিপিত খায়ো নাথাকিবৰ বাবে উপনিষদৰ কৰ্মযোগত উপদেশ দিছে । ইয়েই ভগৱদ্‌গীতাৰ কৰ্মযোগৰ বীজতত্ত্ব ।

ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হ’ল বেদ । ভগৱদগীতাই নিষ্কৰ্মাৰ কেলেহুৱা জীৱনধাৰাৰ প্রশংসা কেতিয়াও কৰা নাই । ঋক্‌বেদৰ মন্ত্রবোৰত আরু ঋষিসকলৰ প্রাৰ্থনাত এক উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্রবল ধাউতিৰ পৰিচয় পোৱা যায় । উপনিষদৰ আধ্যাত্মিক শিখৰতো আমি একে ধৰণৰ জীৱনাদৰ্শৰ নিৰ্দেশ দেখা যায় । এই আদৰ্শও কৰ্ম কৰাৰ আদৰ্শই, কেৱল সেই কৰ্ম কৰাৰ কৌশল বা মনোধৰ্মৰ কৰ্ষণ কৰাৰ উপদেশ পোৱা যায় । এই কৰ্ম কৰাৰ কৌশলকে পিছত ভগৱদ্‌গীতাত যোগ বা কৰ্মযোগ বুলি অভিহিত কৰিছে ।

দীঘলীয়া প্রশ্ন – মুল্যাংকঃ ৫

(ক) উপনিষদৰ যুগ শিক্ষা সাং কৰি গাৰ্হস্থ্য জীৱনত প্রৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুরুৱে কি উপদেশ দিছিল ?

উত্তৰঃ উপনিষদৰ যুগ শিক্ষা সাং কৰি গাৰ্হস্থ্য জীৱনত প্রৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুরুৱে উপদেশ দিছিল এইদৰে যে বিদ্যাৰ্থীসকলে সত্য ক’ব লাগে আরু ধৰ্ম আচৰণ কৰিব লাগে । দৈনন্দিন অধ্যয়ণৰ পৰা বিচ্যুত হব নালাগে । আচাৰ্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্রমত প্রৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিব লাগে । সত্যৰ পৰা বিচ্যুত হ’ব নালাগে, ধৰ্মৰ অৰ্থাৎ কল্যাণকৰ পথৰ পৰা বিচ্যুত হ’ব নালেগে । নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি থাকিব নালাগে ।

ইয়াৰ উপৰিও উপনিষদে বিদ্যাৰ্থীসকলক উপদেশ দিয়ে যে ধন-সম্পত্তি সংগ্রহ রূপ মংগলজনক কাৰ্য কৰিব লাগে কিন্ত ধৰ্মপথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিব লাগে । দেৱকাৰ্য আরু পিতৃকাৰ্য বিষয়ত কেতিয়াও প্রমাদগ্রস্ত হ’ব নালাগে । মাতৃক, পিতৃক আরু আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিব লাগে । যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিব লাগে । ডাঙৰৰ যিবোৰ ভাল সেইবোৰ আচৰণ কৰিব লাগে আরু ডাঙৰৰ যিবোৰ বেয়া সেইবোৰ পৰিহাৰ কৰিব লাগে ।

(খ) তৈত্তিৰীয় উপনিষদত গুরুৱে দিয়া উপদেশখিনিৰ সাৰমৰ্ম বিচাৰ কৰা ।

উত্তৰঃ তিত্তিৰীয় উপনিষদত গুরুৱে দিয়া উপদেশখিনিৰ মূলতঃ আরু প্রথম উপদেশ আছিল- ‘সত্য’ আরু ‘ধৰ্ম’ । সমাজ আরু ব্যক্তি দুয়ুটাৰে জীৱন কল্যাণকৰ, সুখদায়ক আরু পাৰত্রিক শ্রেয়ঃ লাভ কৰিবলৈ এই দুই কৰ্ষণীয় গুণ সমাজৰ প্রত্যেক ব্যক্তিয়ে কৰিব লাগে । বিদ্যা লাভৰ চৰম প্রাপ্য বা অৰ্জনীয় বিষয়ো এই গুণ দুটাই । সেয়েহে, গুরুৱে এই দুটা গুণৰ কথা কৈ প্রতিদিনৰ কৰণীয় কৰ্ম অধ্যয়ণৰ কথা সোঁৱৰাই দিছে । এই নিত্য অধ্যয়ণ সভ্য জীৱনৰ আরু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ যি খাৱন-শোৱনৰ নিচিনা এৰিব নলগীয়া কৰণীয় । এই প্রধান কথাকেইটা কোৱা আরু পালন কৰাৰ পিছতহে আচাৰ্য বা গুরুৱে শিষ্যক নিজৰ মংগলৰ কাৰণে সৎ পথত থাকি ধন-সম্পদ আহৰণ কৰিবলৈ উপদেশ দিছে ।

ইয়াৰ সমসাময়িকভাৱে, তৈত্তিৰীয় উপনিষদত গুরুৱে বা আচাৰ্যই ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্রমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজলৈ, এই তিনিটাৰ কথা সোঁৱৰাই দিছে- ‘মাতৃ দেৱো ভৱ’, ‘আচাৰ্য দেৱো ভৱ’ আরু ‘অতিথি দেৱো ভৱ’ । ইয়াত পিতৃ-মাতৃয়ে পৰিয়ালৰ দায়িত্ব, আচাৰ্য আরু অতিথিয়ে সমাজৰ দায়িত্বৰ কথা সূচাইছে । সেয়েহে, সংসাৰত প্রৱেশ কৰিব খোজা যুৱকসকলক এইবুলি উপদেশ দিছে যে তেওঁলোকে অৰ্জন কৰা ধন-সম্পদ নিজৰ কাৰণেও হয়, পৰিয়াবৰ্গৰ কাৰণেও হয়, কিন্ত আচাৰ্য আরু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও তেওঁৰ আৰ্জন অৰ্পিত কৰিব লাগে ।

এইদৰে তৈত্তিৰীয় উপনিষদত গুরুৱে বিদ্যাৰ্থীৰ সন্মুখত কৰ্মময় জীৱনৰ চিত্র এটা এই উপদেশ-বাণীয়ে দাঙি ধৰিছে ।

(গ) ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’ –কথাষাৰ/কথাখিনি বহলাই লিখা ।

উত্তৰঃ পৃথিৱীৰ ভিন ভিন জাতিসমূহ নিদিষ্ট আদৰ্শৰ মাজেৰে স্বকীয় সংস্কৃতি গঢ় লৈ উঠিছে । ভাৰতীয় সভ্যতা সংস্কৃতিৰো স্বকীয় আদৰ্শ আছে । এই আদৰ্শ বেদক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে । বেদ হৈছে বহু শতিকা বিয়পি থকা এক বিশাল সাহিত্যৰ সূচক । সকলো কৰ্মৰ মীমাংসা আৰরু সকলো জ্ঞানৰ পৰিণতি আছে এই বেদত । ঋক্‌, যজুঃ, সাম আরু অথৰ্ব- এই চাৰিখন বেদত আছে জীৱন-যাপনৰ বিবিধ প্ৰণালী ।

কৰ্মই হৈছে জীৱনৰ মূল ধৰ্ম । বেদৰ অন্তিম অংশ বেদান্তত বা উপনিষদত কৰ্ম কৰাৰ কৌশল বা মনোধৰ্মৰ কৰ্ষন কৰাৰ উপদেশ আছে । ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদি কৰ্মৰ কৌশল বা মনোধৰ্মসমূহৰ কৰ্ষনে জীৱনাদৰ্শত ব্ৰতি হবলৈ শিক্ষা দিয়ে । অতীতত গাৰ্হস্থ্য জীৱনত প্ৰবেশ কৰিব খোজা বিদ্যাৰ্থীক এনে আদৰ্শ কৰ্ষনৰ শিক্ষা গুরুৱে দিছিল আরু আৰ্জিত এই আদৰ্শ অনুকৰণ কৰিবলৈ শিক্ষাৰ্থীক উপদেশ দিয়া হৈছিল । এনেদৰে বেদৰ কৰ্ম সংস্কৃতিয়ে যুগে যুগে ভাৰতীয় সভ্যতা ঠন ধৰি উঠাত সহায় কৰি আহিছে । লেখকে সেয়েহে বেদক ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূল উৎস বুলি কৈছে ।

(ঘ) বৈৰাগ্য মানে কি? ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কৈছে ?

অথবাঃ

বৈৰাগ্য মানে কি? ভাৰতীয় আদৰ্শত কেনেধৰনৰ বৈৰাগ্যৰ কথা কোৱা হৈছে?

উত্তৰঃ বৈৰাগ্য মানে ইন্দ্ৰিয় সংযম; পালেও নিৰাসক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য ।

ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ । এই বৈৰাগ্য নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয় । প্রকৃততে বৈৰাগ্য এক বিশেষ মনোধৰ্ম । নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, তেনেদৰে লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি রূপ বৈৰাগ্যও জীৱন-যুঁজত, পৰাজয় বৰণৰ তুল্য । পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য । ভাৰতীয় আদৰ্শত এনেধৰণৰ বৈৰাগ্যৰ কথাহে ব্যক্ত কৰিছে ।

(ঙ) প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা করাঃ

(১) প্রকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম ।

উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত তীৰ্থনাথ শৰ্মাৰ দ্বাৰা ৰচিত ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।

এই কথাফাকিৰ মাধ্যমেৰে ভাৰতীয় আদৰ্শত উচ্চ স্থান দখল কৰা ত্যাগ আরু বৈৰাগ্য যে এক প্রকাৰ মনোধৰ্ম, ইয়াকে বুজাব বিচৰা হৈছে ।

ভাৰতীয় আদৰ্শত ত্যাগ আরু বৈৰাগ্যৰ স্থান অতি উচ্চ । কিন্ত এই ত্যাগ নোহোৱাৰ নালাগে বোলা ত্যাগ আরু নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয় । সেয়েহে, প্রকৃততে ত্যাগ আরু বৈৰাগ্য এক বিশেষ মনোধৰ্ম । কিয়নো, নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, নথকাৰ ত্যাগ আরু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি রূপ বৈৰাগ্যও জীৱন-যুঁজত পৰাজয় বৰণৰ তুল্য । থাকিও মনক সংযত কৰি ভোগ কৰা আরু মনত সংবিভাজনৰ মনোভাবেৰে সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাহে প্রকৃত ত্যাগ । অৰ্থাৎ এই ত্যাগ সম্পূৰ্ণরূপে মনক সংযত কৰি গঠন কৰা মনোধৰ্ম । লগতে, পালেও মনত নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য বোলা হয় । সেয়েহে, দুয়ুটা ধৰ্ম মনোধৰ্ম হিচাপে আচৰণ প্রকাশ কৰে ।

(২) ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্রমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ ।

উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত তীৰ্থনাথ শৰ্মাৰ দ্বাৰা ৰচিত ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।

এই কথাফাকিৰ মাধ্যমেৰে ব্যক্তিৰ দায়িত্ব কেনে হোৱা উচিত সেয়া লেখকে এই কথাৰ মাধ্যমেৰে প্রকাশ কৰিছে ।

তৈত্তিৰীয় উপনিষদত গুরুৱে বা আচাৰ্যই ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্রমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজলৈ, এই তিনিটাৰ কথা সোঁৱৰাই দিছে- ‘মাতৃ দেৱো ভৱ’, ‘আচাৰ্য দেৱো ভৱ’ আরু ‘অতিথি দেৱো ভৱ’ । ইয়াত পিতৃ-মাতৃয়ে পৰিয়ালৰ দায়িত্ব, আচাৰ্য আরু অতিথিয়ে সমাজৰ দায়িত্বৰ কথা সূচাইছে । সেয়েহে, সংসাৰত প্রৱেশ কৰিব খোজা যুৱকসকলক এইবুলি উপদেশ দিছে যে তেওঁলোকে অৰ্জন কৰা ধন-সম্পদ নিজৰ কাৰণেও হয়, পৰিয়াবৰ্গৰ কাৰণেও হয়, কিন্ত আচাৰ্য আরু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও তেওঁৰ আৰ্জন অৰ্পিত কৰিব লাগে ।

এইদৰে তৈত্তিৰীয় উপনিষদত গুরুৱে বিদ্যাৰ্থীৰ সন্মুখত কৰ্মময় জীৱনৰ চিত্র এটা এই উপদেশ-বাণীয়ে দাঙি ধৰিছে ।

(চ) গুরুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল?

উত্তৰঃ উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰবেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুরুৱে এইদৰে উপদেশ দিছিল:-

বিদাৰ্থীসকলে, সত্য ক’ব লাগে আরু ধৰ্ম আচৰন কৰিব লাগে । দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত হ’বা নালাগে । আচাৰ্যক অভীষ্ট দক্ষিনা দি গৃহস্থাশ্ৰমত প্ৰবেশ কৰি বংশধাৰা অক্ষুন্ন ৰাখিব লাগে । সত্য, ধৰ্ম আরু কল্যাণকৰ পথৰ পৰা বিচ্যুত হ’বা নালাগে । নিজৰ মংগলৰ কাৰণে কৰনীয় কামৰ পৰা আতৰি থাকিব নালাগে । ধন-সম্পওি সংগ্ৰহ রূপ মংগলজনক কাৰ্য কৰিব লাগে, কিন্ত ধৰ্মপথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিব লাগে । দেৱকাৰ্য আরু পিতৃকাৰ্য বিষয়ত কেতিয়াও প্ৰমাদ গ্ৰন্থ হ’ব নালাগে । মাতৃক, পিতৃ আরু আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিব লাগে । যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিব লাগে । ডাঙৰৰ যিবোৰ ভাল সেইবোৰ আচৰন কৰিব লাগে আরু ডাঙৰৰ যিবোৰ বেয়া সেইবোৰ পৰিহাৰ কৰিব লাগে ।

স্বোপাৰ্জিত ধন-সম্পদ কেনেকৈ আরু কিভাবে দান কৰিব লাগে তাৰো উপদেশ গুরুৱে দিছে এইদৰে-

‘শ্ৰদ্ধয়া দেয়ম্‌, অশ্ৰদ্ধয়া অদেয়ম্‌, শ্ৰিয়া দেয়ম্‌, হ্রিয়া দেয়ম্‌, ভিয়া দেয়ম্‌, সংৱিদ্যা দেয়ম্‌ ।’ অৰ্থাৎ শ্ৰদ্ধাৰে দান কৰিব লাগে, অশ্ৰদ্ধাযুক্ত মনলৈ ‘নিদিলে নহয়’ এনেভাবে কৰিলে কৰা নকৰাৰ সমান । শ্ৰিয়া অৰ্থ্যাৎ সামৰ্থ অনুসাৰে দিব লাগে । সলজ্জভাবে লোকৰ নিন্দাৰ ভয়ত মিত্ৰভাবে প্ৰেম ভাৱত থাকি দান দিব লাগে ।

এনে আদৰ্শ পালনেৰে জীৱন সংগ্ৰামত প্ৰবৃতি হ’ব লাগে বুলি গুরুৱে বিদ্যাৰ্থীক সোঁৱৰাই দিছে ।

(ছ) `ভাৰতীয় আদৰ্শত বৈৰাগ্য’ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা ।

উত্তৰঃ ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ পাঠটিত ভাৰতীয় মানুহৰ জীৱন-যাপনৰ আদৰ্শ সুন্দৰভাবে ফুটি উঠিছে ।

ভাৰতীয় সভ্যতা-সংস্কৃতিত এক আদৰ্শ নিহিত হৈ আছে আরু এই আদৰ্শ গঢ়ি উঠিছে বেদক কেন্দ্ৰ কৰি । বেদকে ধৰি প্ৰাচীন গ্ৰন্থবোৰৰ পাতে পাতে পেৱা যায় কৰ্মৰ মন্ত্ৰ । ভাৰতীয় আদৰ্শত কৰ্মই ধৰ্ম । এই আদৰ্শই সিচঁৰিত হৈ আছে ভগবদ্‌গীতাত । প্ৰায়বোৰ ভাৰতীয় শাস্ত্ৰই একেধৰনৰ জীৱনদৰ্শনৰ নিৰ্দ্দেশ দিয়ে । পাঠটিত উপনিষদৰ উল্লেখেৰে কৰ্ম কৰাৰ কৌশল বা মনোধৰ্মৰ বিষয়ে আলোচনা কৰা হৈছে। কৰ্ম কৌশলবোৰ কৰ্ষন কৰাৰ কথা কোৱা হৈছে । ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদিবোৰ হৈছে একো একোটা মনোধৰ্ম ।

পাঠটোত থাকিও সংযতভাৱে ভোগ কৰা আরু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাৰ নাম প্ৰকৃত ত্যাগ বুলি অভিহিত কৰিছে । নথকাৰ ‘নেলাগে’ বোলা আরু অজশ্র থাকিও ‘নিদিলে নহয়’ ভাবত কৰা ত্যাগ প্ৰকৃত ত্যাগ নহয় । আনহাতে বৈৰাগ্য হ’ল ইন্দ্ৰিয় সংযম বা পালেও নিৰাসক্ত হৈ থকা । আকৌ `সত্য’ আরু `ধৰ্ম’ হৈছে এনে দুই কৰ্ষণীয় গুণ যি সমাজ একোখন সূচারুরূপে গঢ় দিয়াৰ বাবে প্ৰতিজন মানুহেই পালন কৰা উচিত । ত্যাগ, বৈৰাগ্য, সত্য, ধৰ্ম আদিৰ সাধনাই জীৱনাদৰ্শত ব্ৰতী হ’বলৈ এই পাঠটিত শিক্ষা দিয়ে ।

উপনিষদৰ মতে ব্যক্তিৰ দায়িত্ব পৰিয়ালৰ পৰা সমাজলৈ বিস্তত । এই দয়িত্ব পালন কৰিবলৈ যাওঁতে নিৰাসক্ত হৈ কেৱল কৰ্ম কৰি যোৱা উচিত । প্ৰাচীন যুগত আচাৰ্যই শিষ্যক এনে উপদেশ দিছিল । বৰ্তমান সময়তো এনে আদৰ্শ অনুকৰনীয়, এই কথা আরু উপদেশ পাঠটোত স্পষ্টকৈ ফুটি উঠিছে ।

2 thoughts on “Class 12 Assamese Chapter 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising