Class 12 Assamese Chapter 2 মগনিয়াৰ

Class 12 Assamese Chapter 2 মগনিয়াৰ, Class 12 Assamese Question Answer, HS 2nd year Assamese notes, মগনিয়াৰ Class 12 The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 2 মগনিয়াৰ and select needs one.

Class 12 Assamese Chapter 2 মগনিয়াৰ

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 2 মগনিয়াৰ Solutions for All Subject, You can practice these here…

মগনিয়াৰ

Unit-2

অতি চমু প্রশ্ন মূল্যাংকঃ ১

(ক) অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী কোন?

উত্তৰঃ যতীন্দ্রনাথ দুৱৰা ।

(খ) যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম হ’ল- “কথা-কবিতা” ।

(গ) কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল বা দুৱৰাই কোন চনত জন্ম লাভ কৰিছিল ?

উত্তৰঃ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্রনাথ দুৱৰাৰ জন্ম হয় ।

(ঘ) যতীন্দ্র নাথ দুৱৰাৰ ‘ওমৰ তীৰ্থ’ কোন গৰাকী ফাৰ্চী ছুফী কবিৰ কাব্যৰ ভাবানুবাদ ?

অথবাঃ ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাবানুবাদ ?

উত্তৰঃ যতীন্দ্র নাথ দুৱৰাৰ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী চুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়তৰ ভাবানুবাদ’ ।

(ঙ) ‘ওমৰ তীৰ্থ’ কাব্য পুথিৰ মূল কি?

উত্তৰঃ ওমৰতীৰ্থ কাব্য পুথিৰ মূল হ’ল- ওমৰ খায়ামৰ ৰুবায়ত ।

(চ) যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল ?

অথবাঃ অসম সাহিত্য সভাৰ সভাপতিৰ পদ দুৱৰাদেৱে কিমান চনত আৰু কোন অধিবেশনত অলংকৃত কৰিছিল ?

উত্তৰঃ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত যতীন্দ্র নাথ দুৱৰাই সভাপতিত্ব কৰিছিল বা অলংকৃত কৰিছিল ।  

(ছ) মগনিয়াৰ পাঠটি ক’ৰ পৰা সংগ্রহ কৰা হৈছে?

উত্তৰঃ মগনিয়াৰ পাঠটি যতীন্দ্ৰ নাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ কথা কবিতাৰ পুথিখনৰ পৰা সংগ্রহ কৰা হৈছে ।

(জ) ৰুছ সাহিত্যিক ‘টুৰ্গেনিভ’ৰ কোনটো কথা-কবিতাৰ লগত ‘মগনিয়াৰ’ৰ সাদৃশ্য আছে ?

অথবাঃ কোনটো ৰুছ কথা-কবিতাৰ লগত ‘মগনিয়াৰ’ কবিতাটোৰ সাদৃশ্য দেখা যায় ?

উত্তৰঃ ‘The Beggar’ নামৰ ৰুছ কথা-কবিতাটোৰ লগত ‘মগনিয়াৰ’ কবিতাটোৰ সাদৃশ্য আছে/দেখা যায় ।  

(ঝ)যতীন্দ্রনাথ দুৱৰাই সাহিত্য অকাদেমি বঁটা লাভ কৰা কবিতাপুথিখনৰ নাম কি?

অথবাঃ যতীন্দ্রনাথ দুৱৰাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল ?

উত্তৰঃ যতীন্দ্রনাথ দুৱৰাই সাহিত্য অকাদেমি বঁটা লাভ কৰা কবিতাপুথিখনৰ নাম ‘বনফুল’ ।

(ঞ) ‘কথা কবিতা’ ৰচনা করোঁতে কোনগৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল ?  

অথবাঃ কাৰ ৰচনাৰ আলমত দুৱৰাই ‘কথা কবিতা’ ৰচনা কৰিছে?

উত্তৰঃ ‘কথা কবিতা’ ৰচনা করোঁতে আফ্রিকাৰ লেখিকা অলিভ শ্রাইনাৰৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল ।

(ট) টুৰ্গেনিভ আৰু অলিভ শ্রাইনাৰ ক’ৰ সাহিত্যিক ?

উত্তৰঃ টুৰ্গেনিভ ৰুছ দেশৰ আৰু অলিভ শ্রাইনাৰ আফ্রিকাৰ সাহিত্যিক ।

(ঠ) যতীন্দ্রনাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?

উত্তৰঃ যতীন্দ্রনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয় ।

(ড) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া কোন ?

উত্তৰঃ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া যতীন্দ্রনাথ দুৱৰা ।

(ঢ) অসমীয়া কথা-কবিতাৰ প্রথম পুথিখনৰ নাম কি?

উত্তৰঃ অসমীয়া কথা-কবিতাৰ প্রথম পুথিখনৰ নাম কথা-কবিতাৰ পুথি ।

চমু প্রশ্ন মূল্যাংকঃ ২

(ক) যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতাপুথিৰ নাম লিখা ।

উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতাপুথিৰ নাম হ’ল- (১)বনফুল আৰু (২) ওমৰ তীৰ্থ ৷

(খ) মগনিয়াৰ জনৰ শৰীৰৰ চমু বর্ণনা দিয়া ।

উত্তৰঃ মগনিয়াজন এজন বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা লোক । তেওঁৰ ওঁঠ শেঁতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ । হাতদুখন উখহা আৰু অপৰিষ্কাৰ  । লগতে, তেওঁৰ শৰীৰ অতিকৈ দুৰ্বল বুলি কবিয়ে উল্লেখ কৰিছে । 

(গ) কথা-কবিতা প্রথমতে কোন শতিকাত সৃষ্টি হৈছিল? কোন গৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয়?

উত্তৰঃ কথা-কবিতা প্রথমতে ঊনৈশ শতিকাত সৃষ্টি হৈছিল ৷ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক ইয়াৰ জনক বুলি কোৱা হয় ।

(ঘ) সাহিত্য অকাদেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া সাহিত্যিক আৰু তেওঁৰ পুৰস্কৃত গ্রন্থখনৰ নাম লিখা ।

উত্তৰঃ সাহিত্য অকাদেমি বঁটা লাভ কৰা প্রথমগৰাকী অসমীয়া সাহিত্যিক হ’ল- যতীন্দ্র নাথ দুৱৰা আৰু তেওঁৰ পুৰস্কৃত গ্রন্থখনৰ নাম হ’ল- বনফুল (কবিতাপুথি) ।

(ঙ) কবি যতীন্দ্র নাথ দুৱৰা প্রভাৱিত হোৱা দুগৰাকী বিদেশী কবিৰ নাম লিখা ।

উত্তৰঃ কবি যতীন্দ্র নাথ দুৱৰা প্রভাৱিত হোৱা দুগৰাকী বিদেশী কবি হ’ল-

(১)ওমৰ খায়াম (ফাৰ্চী ছুফী কবি) আৰু 

(২)আইভান টুৰ্গেনিভ (ৰুছ সাহিত্যিক) ।

চমু প্রশ্ন মূলাংকঃ ৩

(ক) কথা কবিতা বুলিলে কি বুজা? কথা কবিতাৰ পাঁচটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ কথা কবিতা এক প্রকাৰৰ কবিতাই । ইয়াত ভাব প্রকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিৰ্বাচন কৰি লোৱা হয় । কথাকবিতা পদ্যময় ৰচনা । কথা কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰি ।

কথা কবিতাৰ পাঁচটা বৈশিষ্ট্যঃ

(ক) কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্রায়েই ৰূপকাত্মক ।

(খ) কথা কবিতা চিত্র ধৰ্মিতাৰ ওপৰত প্রতিষ্ঠিত ।

(গ) ভাবেই ইয়াৰ প্রধান বস্তু । ইয়াত মাত্র এটিহে কেন্দ্রস্থ ভাব থাকে ।

(ঘ) কথা-কবিতাত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন ।

(ঙ) কথা-কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা ।

(খ) যতীন্দ্র নাথ দুৱৰাৰ দ্বাৰা ৰচিত তিনিখন কাব্যগ্রন্থৰ নাম লিখা ।

উত্তৰঃ যতীন্দ্র নাথ দুৱৰাৰ দ্বাৰা ৰচিত তিনিখন কাব্যগ্রন্থৰ নাম- ‘বনফুল’, ‘ওমৰ তীৰ্থ’ আৰু ‘আপোন সুৰ ।

(গ) কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে ?

উত্তৰঃ কবিতা আৰু কথা-কবিতাৰ মাজত থকা উল্লেখযোগ্য পাৰ্থক্যসমূহ হ’ল-

(১) কবিতাত কাব্যিকতা বেছি, কথা কবিতা গদ্যৰ ওচৰ চপা । যদিও বৰ্তমান স্পন্দিতা গদ্য ছন্দৰ প্রয়োগ কৰিছে তথাপি কথা কবিতা কবিতাতকৈ এই ক্ষেত্রত পৃথক ।

(২) কবিতাৰ তুলনাত কথাকবিতা কাহিনীধৰ্মী ।

(৩) কবিতা ব্যঞ্জনাধৰ্মী, কথা কবিতা কবিত্বময়ী গদ্য লিখাৰ এক ভঙ্গী বুলিব পাৰি ।

(৪) কবিতাৰ তুলনাত কথা কবিতাত সম্পূৰ্ণ এক ছবি ফুটি উঠা দেখা যায় ।

(ঘ) ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ।

উত্তৰঃ ওমৰ খায়াম এগৰাকী ফাৰ্চী ছুফী কবি আছিল । তেওঁ ৰচনা কৰা এখন পুথিৰ নাম ‘ৰুবায়ত’ ।

See More…

1 thought on “Class 12 Assamese Chapter 2 মগনিয়াৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top