Class 12 Assamese Chapter 2 বিশ্ব খনিকৰ

Class 12 Assamese Chapter 2 বিশ্ব খনিকৰ, Class 12 Assamese Question Answer, HS 2nd year Assamese notes, বিশ্ব খনিকৰ Class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 2 বিশ্ব খনিকৰ and select needs one.

Class 12 Assamese Chapter 2 বিশ্ব খনিকৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 2 বিশ্ব খনিকৰ Solutions for All Subject, You can practice these here.

বিশ্বখনিকৰ

Chapter – 10

আর্হি প্রশ্ন:

(ক) অতি চমু প্রশ্ন। (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)

১। অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে কোনগৰাকী কবি জনাজাত?

উত্তৰঃ অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে মফিজুদ্দিন আহমদ হাজৰিকাদেৱ জনাজাত।

২। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্রকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম হ’ল- ‘তত্ত্ব-পাৰিজাত’।

৩। ‘বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কৈছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ‘বিশ্বখনিকৰ’ বা ‘বিশ্ব গঢ়োতা’ বুলি লেখকে ভগৱান বা ঈশ্বৰৰ কথা কোৱা হৈছে।

৪। ‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ ‘বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দাৰ্শনিক ভাবধাৰাৰ কবিতা।

৫। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?

উত্তৰঃ উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ‘জোনাকী’ যুগৰ কবি।

(খ) চমু প্রশ্ন। (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

১। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-

(i) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তত্ত্ব প্ৰকাশিত হৈছে।

(ii) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত চুফীবাদী দৰ্শনৰ প্ৰকাশ দেখা যায়।

২। কবিয়ে ঈশ্বৰক কিয় ‘বিশ্বখনিকৰ’ বুলি অভিহিত কৰিছে?

উত্তৰঃ কবিয়ে ঈশ্বৰক “বিশ্বখনিকৰ” বুলি অভিহিত কৰিছে কাৰণ ঈশ্বৰে সমগ্ৰ বিশ্বজগত সৃষ্টি কৰিছে আৰু সকলোবোৰ বস্তুৰ মূল উৎস। গ্ৰহ-তৰা, বেলি-জোন, মানুহেৰে আৰম্ভ কৰি জগতৰ ক্ষুদ্ৰতম কণিকা পৰ্যন্ত সকলোতকৈ ঈশ্বৰৰ সৃষ্টিৰ প্ৰতিফলন দেখা যায়। এই বিশ্বখন ঈশ্বৰৰ দয়াত, কৃপাত আৰু সৃষ্টিশক্তিত টানি ধৰি আছে। সেয়ে ঈশ্বৰেই এই জগতখনৰ মূল স্রষ্টা তথা “বিশ্বখনিকৰ”।

৩। সত্ত্বঃ, ৰজঃ, তমো গুণ কি বুজাই লিখা

উত্তৰঃ সত্ত্বঃ ৰজঃ তমঃ-এই তিনিটা গুণতে অর্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। সত্ত্বঃ গুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজঃ গুণ ৰাগাত্মক অর্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। তমঃ গুণ অজ্ঞানৰ পৰা হয়। ই জীৱৰ মোহ উৎপাদন কৰে আৰু প্রমাদ, আলস্য আৰু নিদ্রাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। সত্ত্বঃ গুণৰ অধিকাৰী হ’লে জ্ঞান আৰু সুখ পোৱা যায়, ৰজঃ গুণে দুখ নমাই আনে আৰু তমঃ গুণে জীৱনলৈ অজ্ঞানতা নমাই আনে।

৪। মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।

উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথি হ’ল-

(i) জ্ঞানমালিনী।

(ii) তত্ত্ব পাৰিজাত।

৫। কবিয়ে ‘বিশ্বখনিকৰ’ক কিয় সর্ব-ব্যাপী সর্ব শক্তিমান বুলি আখ্যা দিছে?

উত্তৰঃ কবিয়ে ঈশ্বৰক সর্ব-ব্যাপী আৰু সর্বশক্তিমান বুলি কৈছে কাৰণ ঈশ্বৰ সকলোতে আছে, কিন্তু কোনোও তেনে সহজে চাব নোৱাৰে। গছ-পাত, জল-বায়ু, সত্ত্ব-ৰজঃ-তম গুণত, ধৰ্ম-জ্ঞানত, খেতি-বাটত, জীৱ-জন্তুতে– সকলোত ঈশ্বৰৰ উপস্থিতি আছে। তেওঁ একো বস্তুৰ পৰা বঞ্চিত নহয় আৰু সকলোত শক্তি জুগাই থাকে। তেওঁৰ ক্ষমতাৰ সীমা নাই, তেওঁৰ মহিমাৰ কোনো ওৰপাৰ নাই। সেয়ে কবিয়ে তেওঁক “অন্তৰ্যামী, বিশ্ব-আত্মা, সর্বব্যাপী, সর্বশক্তিমান” বুলি বৰ্ণনা কৰিছে।

(গ) দীঘল প্রশ্ন। (প্রতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্রকৃততে কাৰ কথা কৈছে আৰু কি ভাব প্রকাশ কৰিব বিচাৰিছে?

উত্তৰঃ ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্রকৃততে ঈশ্বৰৰ কথা কৈছে। কবিতাটোত ঈশ্বৰৰ অসীম শক্তি, সৰ্বব্যাপী স্বৰূপ আৰু সৃষ্টিশীল ক্ষমতাৰ বৰ্ণনা কৰা হৈছে। কবিয়ে কৈছে যে ঈশ্বৰক দেখা নাযায় যদিও তেওঁ সকলোতে আছে, সৰু গছ-পাতৰ পৰা আকাশ-পাতাললৈকে তেওঁৰ উপস্থিতি অনুভৱ কৰিব পৰা যায়। গ্ৰহ-তৰা, বেলি-জোন, মানুহ, প্ৰাণী, গুণ-ধৰ্ম, জ্ঞান-বুদ্ধি, ধন-সম্পত্তি সকলো ঈশ্বৰৰ দান।

ঈশ্বৰে সমগ্ৰ বিশ্বজগতৰ স্ৰষ্টা আৰু পৰিচালক। তেওঁহে সকলো শক্তিৰ আধাৰ, সকলো জীৱনশক্তিৰ মূল উৎস। ঈশ্বৰ অদৃশ্য হলেও তেওঁৰ সৃষ্টি আৰু কৃপাৰ দ্বাৰাই মানুহে তেওঁৰ অস্তিত্ব অনুভৱ কৰে। কবিয়ে ‘বিশ্বখনিকৰ’ শব্দ ব্যৱহাৰ কৰি জনাইছে যে ঈশ্বৰে এই জগতখনৰ মূল গঢ়নিৱাহক, আৰু মানুহৰ অহংকাৰ, কামনা-বাসনা, জ্ঞান-বিজ্ঞান সকলো ঈশ্বৰৰ দান।

২। ‘সকলোতে আছে তেওঁ 

কিন্তু নেদেখে কেও 

ওৰণিৰে মুখ ঢাকি থাকে ওচৰত।’- এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাৱ প্রকাশ কৰিব বিচাৰিছে লিখা।

উত্তৰঃ এই কবিতাটিৰ জৰিয়তে কবিয়ে এটা গভীৰ আধ্যাত্মিক সত্য প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। কবিয়ে কৈছে যে পৰমেশ্বৰ সকলোত আছে। যেনে― গছ-লতা, পশু-পক্ষী, জীৱ-জন্তু, তৰা-গ্রহ, জোন-বেলি আদি সকলো বস্তুত ব্যপ্ত হৈ থাকে। তেওঁয়ে তেওঁৰ শক্তিৰ দ্বাৰাই সমগ্ৰ বিশ্বক চলাই ৰাখিছে আৰু প্ৰতিটো জীৱৰ জীৱনক অৰ্থ দিছে। কিন্তু তাতো এক আশ্চৰ্য্য বিষয় হৈছে—সৰ্বশক্তি এই সত্তাক মানুহে নিজৰ চক্ষুৰে দেখি পায়। কাৰণ তেওঁ যেন ওৰণিৰ আৱৰ্তনৰ ভিতৰত মুখ ঢাকি ওচৰতে উপস্থিত। এই ওৰণিটোৱেই বেদান্ত দর্শনত উল্লেখ কৰা ‘মায়া’, যি মানুহৰ সত্য উপলব্ধিৰ পথত বাধা সৃষ্টি কৰে।

মানুহৰ সাধাৰণ দৃষ্টিৰে ঈশ্বৰৰ সত্তা ধৰা নপৰিলেও, যেতিয়া মানুহে জ্ঞান, সাধনা আৰু সূক্ষ্ম দৃষ্টিৰ সহায়ত আত্মচিন্তন আৰম্ভ কৰে, তেতিয়াহে এই মায়াৰ ওৰণি আঁতৰি যায়। তাৰ পিছতহে মানুহে ঈশ্বৰৰ অনন্ত মহিমা অনুভৱ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ, কবিয়ে এই ফাকিৰ মাজেৰে প্ৰকাশ কৰিছে যে ঈশ্বৰ সকলো ঠাইতে আছে, কিন্তু মানুহৰ জ্ঞান-প্ৰবোধৰ অভাৱত তেওঁক ধৰা নপৰে। সত্য জানিবলৈ হলে এই মায়াৰ আবৰণ আঁতৰাই সূক্ষ্ম দৃষ্টিৰে ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিব লাগিব।

৩। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাৱটি লিখা।

উত্তৰঃ ‘বিশ্বখনিকৰ’ কবিতাখন জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দাৰ্শনিক আৰু আধ্যাত্মিক মনোভাৱৰ ফল। কবিতাখনত বেদ-বেদান্তৰ মূল তত্ত্ব ‘ব্ৰহ্ম সত্য, জগৎ মিথ্যা’ সুন্দৰভাৱে প্ৰতিফলিত হৈছে। এই তত্ত্ব অনুসাৰে এই বিশ্বব্ৰহ্মাণ্ডত পৰমেশ্বৰ বাদে অন্য কোনো সত্য নাই। পৰমেশ্বৰে সত্ত্ব, ৰজ আৰু তম—এই ত্ৰিগুণৰ দ্বাৰা জগতৰ সকলো বস্তুত অৱস্থিত থাকিলেও তেওঁ নিজে সকলো গুণৰ ওপৰত অধিষ্ঠিত। কবিয়ে ওৰণিৰে মুখ ঢাকি’ থকা কথাটোৰ মাজেৰে বেদান্ত ‘মায়া’ৰ বিষয়ে উল্লেখ কৰিছে। আচলতে মায়াও তেওঁৰেই সৃষ্টি কিন্ত মায়াৰ আৱৰণৰ বাবেই এই পাৰ্থিব পৃথিৱীৰ দৃশ্যমান বস্তুবোৰক সঁচা বুলি ভাবো আৰু তাত থকা পৰমেশ্বৰৰ অস্তিত্বৰ উমান নাপাওঁ। কিন্ত মায়াৰ আৱৰন ভেদ কৰি চালে দেখা যাব যে এই পৃথিৱীৰ সকলোতে তেওঁৰেই ৰূপ, তেওঁ সৰ্বব্যাপী, সৰ্বশক্তিমান আৰু একমাত্ৰ সত্য, ‘বিশ্বখনিকৰ’।

৪। ‘বিশ্বখনিকৰ’ কবিতাটিত প্রকাশিত আধ্যাত্মিক দর্শনৰ চমু আভাস দিয়া।

উত্তৰঃ ‘বিশ্বখনিকৰ’ কবিতাটি জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দাৰ্শনিক তথা আধ্যাত্মিক ভাবাপন্ন কবিতা। এই দৰ্শনৰ মূল হিচাপে বেদ-বেদান্তৰ ঘাই কথা ‘ব্ৰহ্ম সত্য জগৎ মিথ্যা’ এই তত্ত্বটোকে কবিতাটিত প্ৰতিফলিত কৰিছে ৷ এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাদে একো নাই। তেৱেই সত্ত্বঃ, ৰজঃ, তমো এই ত্ৰিগুণৰ মাজেৰে পৃথিৱীৰ সকলো বস্তুতে স্থিতি লৈ আছে। সকলো গুণৰ মাজত থাকিও তেওঁ তাৰ উৰ্দ্ধত। কবিয়ে ওৰণিৰে মুখ ঢাকি’ থকা কথাটোৰ মাজেৰে বেদান্ত ‘মায়া’ৰ বিষয়ে উল্লেখ কৰিছে। আচলতে মায়াও তেওঁৰেই সৃষ্টি কিন্ত মায়াৰ আৱৰণৰ বাবেই এই পাৰ্থিব পৃথিৱীৰ দৃশ্যমান বস্তুবোৰক সঁচা বুলি ভাবো আরু তাত থকা পৰমেশ্বৰৰ অস্তিত্বৰ উমান নাপাওঁ। কিন্ত মায়াৰ আৱৰন ভেদ কৰি চালে দেখা যাব যে এই পৃথিৱীৰ সকলোতে তেওঁৰেই ৰূপ, তেওঁ সৰ্বব্যাপী, সৰ্বশক্তিমান আৰু একমাত্ৰ সত্য, ‘বিশ্বখনিকৰ’।

এইদৰে ‘বিশ্বখনিকৰ’ কবিতাটিত আধ্যাত্মিক দৰ্শনৰ এক চমু আভাস প্ৰকাশিত হৈছে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

তেৱেঁ কাম তেৱেঁ কর্মী তেৱেঁ কাৰিকৰ 

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিক।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।

এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে ব্যাখেয় কবিতাফাকিৰ অৱতাৰনা কৰিছে।  

সৃষ্টিকৰ্তাৰ অস্তিত্ব সৰ্বত্র বিৰাজমান। সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰৰ গতি নিৰ্ধাৰণৰ পৰা আৰম্ভ কৰি প্ৰতিটো জীৱ আৰু জড় পদাৰ্থৰ সকলো ক্ৰিয়া-কৰ্মৰ আঁৰত বিশ্বখনিকৰ কৃপাই কাৰ্য্যকৰ। কাৰ্য তেঁও, কাৰণো তেঁও। তেওঁৰ দয়াতেই এই সমগ্ৰ সৃষ্টি অখণ্ডভাৱে বৰ্তমান। জীৱ দান তেঁও কৰে, আৰু তেঁওৱেই মৰুভূমিৰ শুকান বালিতো জীৱন ৰক্ষাৰ উপায় প্ৰদান কৰে। এটা ক্ষুদ্ৰ বীজ বা ভ্ৰূণক এজোপা বৃহৎ বৃক্ষ বা পূৰ্ণ মানৱৰ ৰূপত বিকশিত কৰাৰ শক্তি তেওঁৰেই। প্ৰকৃতিৰ বিচিত্ৰতা আৰু বৈভৱৰ মাজতো সৃষ্টিকৰ্তাৰ মহিমা লুকাই থাকে। এই বিশ্বখনিকৰজনেই অখণ্ড শক্তিৰ অধিপতি, যি তিলতিলকৈ পৃথিৱীখনৰ গঠন সম্পূৰ্ণ কৰিছে। সেইবাবেই কবিয়ে তেওঁক ‘বিশ্বখনিকৰ’ বুলি অভিহিত কৰিছে।

6 thoughts on “Class 12 Assamese Chapter 2 বিশ্ব খনিকৰ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top