Class 12 Assamese Chapter 2 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা Class 12 Assamese Question Answer, HS 2nd year Assamese notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Assamese Chapter 2 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা and select needs one.
Class 12 Assamese Chapter 2 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board HS Class 12 Assamese Chapter 2 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা Solutions for All Subject, You can practice these here.
কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা
Chapter – 17
| আর্হি প্রশ্ন: |
(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক – ১)
১। কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ কৈশোৰ কালৰ এটি বৈশিষ্ট্য হ’ল― দিবাস্বপ্ন বা অলীক কল্পনা কৈশোৰ কালৰ এটি বৈশিষ্ট্য৷
২। কোনছােৱা সময়ক কৈশােৰ কাল বুলি জনা যায়?
উত্তৰঃ বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ সময়ছােৱাক কৈশােৰ কাল বুলি কোৱা হয়।
৩। মানৱ জীৱনৰ কোনছােৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি?
উত্তৰঃ মানৱ জীৱনৰ কৈশােৰ কালক এক ৰূপান্তৰৰ কাল বুলি কোৱা হয়।
৪। নৈতিকতাৰ বিকাশে কিশােৰ-কিশােৰীৰ মনত কেনে ভাবৰ উন্মেষ হােৱাত সহায় কৰে?
উত্তৰঃ নৈতিকতাৰ বিকাশে কিশােৰ-কিশােৰীৰ মনত সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্রেম আদি ভাবৰ উন্মেষ হােৱাত সহায় কৰে।
৫। কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়?
উত্তৰঃ কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়।
(খ) চমু প্রশ্নৰ উত্তৰ (মূল্যাংক – ২ অথবা ৩)
১। কৈশােৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলােচনা কৰা।
উত্তৰঃ কৈশােৰ কালৰ দ্রুত শাৰীৰিক বিকাশ সহজতে চকুত পৰে। যৌৱনপ্রাপ্তিৰ লগে লগে হােৱা জৈৱিক পৰিৱর্তনে ল’ৰা–ছােৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈর্ঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী–পুৰুষৰ দেহৰ গঠনৰ পার্থক্য পৰিলক্ষিত হয়। প্রজনন ক্ষমতাপ্রাপ্তি। কৈশােৰ কালৰ এক প্রধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱর্তন, কণ্ঠস্বৰ পৰিৱৰ্তন। আদিয়ে দেখা দিয়ে। এই অভাৱনীয় পৰিৱর্তনসমূহে কিশােৰ–কিশােৰীৰ মনলৈ আত্ম–সচেতনতাৰ ভাৱ আনি দিয়ে, যিটোৱে অনাহক লাজ, ভয় আৰু উৎকণ্ঠাৰ সৃষ্টি কৰে। এই সময়ত দেহৰ অন্তঃস্রাৱী গ্রন্থিসসমূহৰ নিঃসৰণৰ বাবে হােৱা জৈৱ ৰাসায়নিক প্রক্রিয়াৰ ফলস্বৰূপে কিশােৰ কিশােৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাৱ অনুভৱ কৰে। এই সময়তে দেহৰ যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশােৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰিও তােলে।
২। কৈশােৰ কালত কিশােৰ-কিশােৰীৰ মাজত পৰিলক্ষিত হােৱা নৈতিক পৰিৱর্তনসমূহ ফঁহিয়াই লিখা।
উত্তৰঃ কৈশোৰ কালছোৱাতে মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পেলাই। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক দ্বন্দ্বৰো সৃষ্টি হ’ব পাৰে। কিছু ক্ষেত্ৰত পিতৃ-মাতৃ বা সমাজৰ বয়োজ্যেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি-বিবেচনাৰ এক নতুন নৈতিকতাসমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে। যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ মনত সৃষ্টি কৰে এক সার্বজনীন বিশ্ব ভ্রাতৃত্বৰ মনোভাৱ।
সমাজ সচেতনতাৰ সৈতে বিকশিত হয় নিঃস্বার্থ মনোভাৱ। এই মনোভাৱই কিশোৰ-কৈশোৰক নতুন সমাজ গঢ়াৰ সপোনেৰে অনুপ্ৰাণিত কৰে। ন্যায়ৰ হকে যুঁজিবলৈ জন্ম লোৱা সাহস আৰু দৃঢ়তা কিশোৰসকলৰ অন্যতম বৈশিষ্ট্য, যাৰ ফলত বিশ্বৰ বহু সামাজিক বিপ্লৱত সিহঁতৰ সক্ৰিয় অংশগ্ৰহণ দেখা যায়। নৈতিকতাৰ এনে বিকাশে মানুহৰ অন্তৰত সামাজিক দায়বদ্ধতা, দেশপ্ৰেম তথা বিশ্বপ্ৰেমৰ অনুভৱ জাগ্ৰত কৰিবলৈ সহায়ক হয়।
৩। কৈশােৰ কালছােৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয়?
উত্তৰঃ কৈশোৰ কালছোৱাত মানসিক শক্তিৰো বিকাশ পূর্ণগতিত হয়। মানসিক শক্তি মানে হ’ল-বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন দিশত আগ্রহ আদি। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্রাস পায়, শেষৰ পিনে ই দ্রুতগতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে।
আনহাতে, শৈশৱ কালৰ অনুকৰণ-শিক্ষাৰ সলনি নিজৰ বিচাৰ-বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰো বিকাশ হয় এই কালছোৱাতেই। মূৰ্ত চিন্তাৰ বিপৰীতে বিমূর্ত চিন্তনৰ ক্ষমতা কৈশোৰ কালৰ এক বৈশিষ্ট্য, যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায়। এক কথাত ক’বলৈ গ’লে, জীৱশ্ৰেষ্ঠ মানুহৰ ভিন ভিন মানসিক ক্ষমতাৰ পূর্ণ বিকাশ ঘটে।
৪। কৈশােৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি?
উত্তৰঃ কৈশােৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয়সমূহ হ’ল—
(i) ভাষা শিক্ষণ।
(ii) গণিত।
(iii) বিজ্ঞান।
(iv) সমাজবিজ্ঞান।
৫। কিশােৰ সংস্কৃতি কি?
উত্তৰঃ কিশােৰ কালত সমনীয়াৰ সৈতে হােৱা প্রতিযােগিতা-সহযােগিতাৰ অন্তৰালত গঢ়ি উঠা মনােভাৱকেই ‘উপ সংস্কৃতি’ বা ‘কিশােৰ সংস্কৃতি’ বােলা হয়।
(ক) দীঘলীয়া প্ৰশ্নৰ উত্তৰ (মূল্যাংক – ৪ অথবা ৫)
১। কৈশোেৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ কৈশোেৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে হ’ল―
আৱেগিক বিকাশ: কিশোৰ-কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূর্ণতম বুলি ক’ব পাৰি। আৱেগ-অনুভূতিৰ অত্যধিক প্ৰৱণতাৰ ফলত বহু ক্ষেত্রত তেওঁলোকৰ জীৱন সম্পূৰ্ণভাৱে আৱেগে পৰিচালিত কৰে। আৱেগৰ পূৰ্ণতম বিকাশে কিশোৰ-কিশোৰীৰ মনোজগতত আলোড়ন সৃষ্টি কৰে, যাৰ ফলত তেওঁলোকৰ মন হৈ পৰে কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী। আশা-নিৰাশাৰ দোমোজাত পৰি বহু সময়ত বহুতৰে অন্যৰ লগত মিলিব নোৱৰা সমস্যাই দেখা দিয়ে। সুস্থভাৱে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী হৈ পৰে বিদ্ৰোহী মনোভাৱাপন্ন। পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি নেতিবাচক মনোভাৱ পোষণ কৰা এনে কিশোৰ-কিশোৰীক সময় মতে সুশিক্ষা দিব নোৱাৰিলে সৃষ্টি হয় অপৰাধপ্ৰৱণতা।
সামাজিক বিকাশ: কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত ল’বলগীয়া বিষয়। দলীয় মনোভাৱৰ লগতে সহমর্মিতাৰ উন্মেষ হয় এই কালছোৱাত। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক ‘উপ-সংস্কৃতি’ যাক কিশোৰ-সংস্কৃতি বুলি অভিহিত কৰা হয়। কিশোৰ অৱস্থাৰ চালন-চলন, সাজ-পাৰ, বাক্তংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিতো এই সংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলোৱা দেখা যায়। মন কৰিব লগীয়া কথা যে বেছিভাগ ক্ষেত্ৰতে কিশোৰ-সংস্কৃতি ধনাত্মক দিশতকৈ ঋণাত্মক দিশটোৰ প্ৰতিহে ধাৱমান হয়। আমাৰ সমাজত দেখা দিয়া সামাজিক ব্যাধিস্বৰূপ মাদক দ্ৰব্যৰ ব্যৱহাৰ, ড্ৰাগছৰ প্ৰতি আসক্তি নতুবা সমাজ স্বীকৃত আচৰণৰ প্ৰতি অনীহা আদি বিষয়ত কিশোৰসকলক সুশিক্ষিত কৰি নুতুলিলে তেওঁলোক বিপথগামী হয়।
২। কৈশােৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযােগী? উদাহৰণসহ বর্ণনা কৰা।
উত্তৰঃ কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষা হ’ল মাধ্যমিক শিক্ষা। কৈশােৰ বা বয়ঃসন্ধি কালৰ ল’ৰা- ছােৱালীয়ে পঢ়া শিক্ষানুষ্ঠানসমূহ হ’ল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান। অৱশ্যে কৈশােৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে ক’বলৈ গ’লে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাকো সমানে গুৰুত্ব দিব লাগিব।
ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশােৰ কালক সামৰি লােৱা মাধ্যমিক শিক্ষাই সমগ্র শিক্ষা ব্যৱস্থাতে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। কিয়নাে মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি। ভাৰতীয় শিক্ষা পদ্ধতিৰ আঁচনি কার্যকৰী কৰিব পাৰি এই শিক্ষাৰ স্তৰতে। স্বাধীনতাৰ পৰৱর্তী দশকতে গঠিত হােৱা মাধ্যমিক শিক্ষা আয়ােগে (১৯৫২-৫৩) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে উনুকিয়াইছে।
সেইকেইটা হ’ল—
(i) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক বা অর্থনৈতিক সমস্যাৰ পটভূমিত বর্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া।
(ii) ধর্ম নিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্রয়ােজনীয় গুণ আয়ত্ত কৰি অর্থনৈতিক অগ্রগতিত সহায় কৰা।
(iii) জাতীয় সংহতিৰ বিকাশসাধন কৰা।
আনহাতে, ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত মাধ্যমিক শিক্ষাক বিশেষ গুৰুত্ব দিয়া হয় আৰু তাক বৃত্তিমুখী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উদ্দেশ্য হ’ল জনশক্তিক দেশৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে (১৯৯৬) মাধ্যমিক শিক্ষাক “জীৱনৰ আলি-কেঁকুৰি” বুলি অভিহিত কৰিছে, কাৰণ এই স্তৰত শিক্ষাৰ্থীয়ে নিজৰ যোগ্যতা, অভিৰুচি আৰু প্ৰয়োজন অনুসৰি ভবিষ্যৎ পথ নিৰ্বাচন কৰিব পাৰে।
৩। চমুটোকা লিখা:
দিবাস্বপ্ন, বীৰপূজা, অপৰাধপ্রৱণ কিশােৰ।
উত্তৰঃ (i) দিবাস্বপ্ন: দিবাস্বপ্ন বা অলীক কল্পনা হ’ল কৈশোৰ কালৰ তেনে এক বৈশিষ্ট্য। কল্পনা শক্তিৰ অভূতপূর্ব বিকাশে কিশোৰ-কিশোৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহু ক্ষেত্ৰত বাস্তৱতাৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে তেওঁলোকক বিচৰণ কৰা দেখা যায়। অৱশ্যে, দিবাস্বপ্নৰ যোগাত্মক দিশ এটাও আছে, যিয়ে কৈশোৰৰ সৃজনী প্রতিভা বিকাশত সহায় কৰিব পাৰে। মানসিক পৰিতৃপ্তি সাধনাৰ বাবে বহুতো কিশোৰ-কিশোৰীয়ে সংগীত, সাহিত্য আদি বিভিন্ন মাধ্যমৰ মাজেৰে নিজৰ সৃষ্টিশীল কল্পনাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে।
(ii) বীৰপুজা: বীৰপূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ আন এক বৈশিষ্ট্য। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়ত প্রবল হৈ উঠে আৰু সেয়েহে সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলোবোৰ গুণৰ নীৰৱ অনুকৰণ কিশোৰ-কিশোৰীয়ে কৰিবলৈ লয়। কিশোৰসকলে আদর্শ ব্যক্তি হিচাপে গ্রহণ কৰা দেখা যায় সচৰাচৰ ছবি জগত নতুবা খেল জগতৰ লগত জড়িত ব্যক্তিসকলক। বীৰপূজনৰ এই প্ৰবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশোৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী পাঠ অন্তর্ভুক্ত কৰা হয়।
(iii) অপৰাধপ্রৱণ কিশােৰ: কৈশোৰ অৱস্থাত কিশোৰ-কিশোৰীৰ মনত নানা বিপৰীত অনুভূতিৰ সংঘাত জন্মে। এই সংঘাতৰ ফলত কিছুমান কিশোৰ ঋণাত্মক দিশলৈ ধাবমান হৈ অপৰাধপ্ৰৱণ হয়। মাদক, ড্ৰাগছ বা সমাজ স্বীকৃত আচৰণৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰে। সেয়ে এনে অপৰাধপ্ৰৱণ কিশোৰসকলক ৰক্ষা কৰিবলৈ পিতৃ-মাতৃ, অভিভাৱক আৰু সমাজৰ সকলো স্তৰে সদায় সতর্ক হ’ব লাগিব।
৪। ‘কিশােৰ – কিশােৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।’— ব্যাখ্যা কৰা।
উত্তৰঃ কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত (Identitycrisis)। এই সংঘাত কৈশোৰ মনত আহি পৰে বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি কিশোৰ-কিশোৰীয়ে নিজৰ চিন্তা-বুদ্ধি বা বিচাৰ-বিবেচনাৰে ফঁহিয়াই চাব নোৱাৰে। কৈশোৰত গঢ়ি উঠা আদর্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে পৰিচিতিৰ সংঘাত। সমাজ গঠনত এনে ধৰণৰ সংঘাতে জোৱাৰৰ সৃষ্টি কৰে। কেতিয়াবা কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজ-গাঁথনি সলনি কৰি নতুন সমাজ-গাঁথনি সৃষ্টি কৰাত অৰিহণা যোগোৱাও দেখা যায়।
এনেবোৰ পৰিৱৰ্তন আৰু বৈশিষ্ট্যৰ পৰিপ্ৰেক্ষিতত কৈশোৰ কালছোৱাক জীৱনৰ জটিলতম সময় হিচাপে চিহ্নিত কৰাটো যুক্তিসংগত। জীৱনৰ গঠনাত্মক সময় হিচাপে পৰিগণিত হোৱা এই কালৰ বিকাশৰ বাবে উপযোগী শিক্ষাৰ ব্যৱস্থা কৰাটো তাতকৈও বেছি যুক্তিসংগত কথা।
৫। বিপৰীত লিংগকামিতা কৈশােৰ কালৰ আন এক প্রধান বৈশিষ্ট্য। চমুকৈ আলােচনা কৰা।
উত্তৰঃ কৈশােৰ কালৰ দ্রুত শাৰীৰিক বিকাশ সহজেই লক্ষ্যণীয়। যৌৱনপ্রাপ্তিৰ লগে লগে হােৱা জৈৱিক পৰিৱর্তনে ল’ৰা-ছােৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈর্ঘ্য বৃদ্ধিৰ লগে লগেনাৰী-পুৰুষৰ দেহৰ গঠনৰ পার্থক্য পৰিলক্ষিত হয়। প্রজনন ক্ষমতাপ্রাপ্তি কৈশােৰ কালৰ এক প্রধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰৰ পৰিৱৰ্তন আদিয়ে দেখা দিয়ে। এই অভাৱনীয় পৰিৱৰ্তনসমূহে কৈশোৰীয়া মনত আত্মসচেতনতাৰ অনুভৱ জাগ্ৰত কৰে, যাৰ ফলত অনাহক লাজ, ভয় বা উৎকণ্ঠাৰ উদ্ভৱ হয়। কৈশোৰ কালত বিপৰীত লিংগৰ প্ৰতি আকর্ষণ বিকশিত হওৱা এটা প্ৰধান বৈশিষ্ট্য। বাল্যকালত সমলিংগৰ প্ৰতি থকা আসক্তিৰ পৰিবৰ্তে কৈশোৰীয়া ল’ৰা-ছোৱালীয়ে বিপৰীত লিংগৰ প্ৰতি স্নেহ আৰু আগ্ৰহ অনুভৱ কৰে। আসলে, দেহৰ অন্তঃস্রাৱী গ্রন্থিৰ পৰা নিঃসৃত ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱত এই জৈৱিক পরিবর্তন সংঘটিত হয়। এই প্রক্রিয়াত যৌন গ্রন্থিসমূহ সক্ৰিয় হৈ কৈশোৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তোলে। যদি এই শক্তিক সঠিক দিশত পৰিচালিত কৰা যায়, তেন্তে কৈশোৰত দেখা দিয়া বহুবোৰ সমস্যাক সহজে পৰিহাৰ কৰিব পাৰি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


Thanks u so much i really impressed that is the best solution for me. I am very happy when i want to answer
Welcome and Keep Reading…
Tq sir
Thank you so much
Thank you so much sir?
Tq u so much I thought buy some assamese guide but after reading that I dont have to want guide that was very good.
Thank You so much for your Review! Keep reading & Share with your friends…
thank you so much sir ……sir can i downoad the notes?
Most Welcome!
Yes You Can
Thank yoy??
Tq
Thank you so much sir ……..
Thanks ? sir