Class 12 Assamese Chapter 4 জনতাৰ আহ্বান

Class 12 Assamese Chapter 4 জনতাৰ আহ্বান, Class 12 Assamese Question Answer, HS 2nd year Assamese notes, জনতাৰ আহ্বান Class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 4 জনতাৰ আহ্বান and select needs one.

Class 12 Assamese Chapter 4 জনতাৰ আহ্বান

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 4 জনতাৰ আহ্বান Solutions for All Subject, You can practice these here.

জনতাৰ আহ্বান

Chapter – 12

আর্হি প্রশ্ন:

(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক – ১)

১। অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ অভিধাৰে কোনগৰাকী সাহিত্যিক বিভূষিত কৰা হৈছে? 

উত্তৰঃ অসমীয়া সাহিত্য-সংস্কৃতি জগতত ৰূপকোঁৱৰ’অভিধাৰে জ্যোতিপ্ৰসাদ আগৰৱালাক সাহিত্যিক বিভূষিত কৰা হৈছে।

২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? 

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ’ল— ‘লুইতৰ পাৰৰ অগ্নিসুৰ’। 

৩। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটখনৰ নাম কি? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটখনৰ নাম হ’ল― ‘শােণিত কুঁৱৰী’।

৪। জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কিহৰ প্রশিক্ষণ লৈছিল? 

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ তাত কথাছবি প্রযােজনা আৰু পৰিচালনাৰ বিষয়ত প্রশিক্ষণ লৈছিল।

৫। প্রথম অসমীয়া কথাছবিখনৰ নাম কি

উত্তৰঃ প্রথম অসমীয়া কথাছবিখনৰ নাম হ’ল― ‘জয়মতী’। 

(খ) চমু প্রশ্নৰ উত্তৰ (মূল্যাংক – ২ অথবা ৩) 

১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হল— 

(i) জাতীয়তাবােধ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবােধ আৰু জনতাৰ প্রতি দায়ৱদ্ধতা তেখেতৰ কবিতাৰ এক বিশেষ বৈশিষ্ট্য। 

(ii) তেখেতৰ কবিতাত ভাষা আৰু শব্দৰ ওজস্বিতা, যৌৱনসুলভ দীপ্ততা আদি বৈশিষ্ট্য লক্ষ্য কৰা যায়। 

২। আজি সুন্দৰৰ পূজা – থাপনাত 

যাচিবি কিহেৰে ষোড়শোপচাৰ ‘- ষোড়শোপচাৰ কি বুজাই লিখা।

উত্তৰঃ: ষোড়শোপচাৰ হৈছে পূজাৰ সময়ত প্ৰয়োগ কৰা ষােলবিধ বস্তু। আসন, স্বাগত, পদ্য, অৰ্ঘ্য,  আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা। কবি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ কবিতাত জনতাৰ আলোকময় যাত্ৰাৰ কথা কৈছে। পূজাৰ সময়ত যি ষোড়শোপচাৰ ব্যৱহাৰ কৰি দেব-দেৱীক পূজা কৰা হয়।

৩। কবিতাটোত কবিয়ে ‘ আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান ’ বুলি কিয় কৈছে?

উত্তৰঃ কবিয়ে কৈছে— “আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান” কাৰণ আজি সাধাৰণ জনতাৰ ঐক্যবদ্ধতা, মুক্তিৰ আকাংক্ষা আৰু গণপ্ৰভাৱ সর্বত্ৰ ধ্বনিত হৈছে। এই আহ্বানেই মানুহক নতুন জীৱন আৰু গণতন্ত্রৰ পথলৈ আগবঢ়াইছে।

৪। ‘হে মােৰ আলােক পূজাৰী প্রাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা

উত্তৰঃ আলােক পূজাৰী মানে হৈছে পােহৰৰ পূজাৰী, পােহৰৰ সেৱক। কবি জ্যোতিপ্রসাদ আগৰৱালা মনে- প্রাণে সংস্কৃতিৰ সাধক আছিল। সেয়ে সংস্কৃতিৰ বিকাশৰ উদ্দেশ্যে দুৰ্দশাগ্ৰস্ত জনতাৰ হৃদয়ত পদুম ফুলাব বিচৰা পাগলজনৰ দৰে কবিয়ে এক আলোক সৃষ্টিৰ প্ৰয়াস কৰিছে। এই আলোকৰ উদ্ভৱ জনতাৰ অন্তৰত কেৱল সুন্দৰৰ অৰ্থাৎ ঈশ্বৰৰ কৃপাৰ দ্বাৰাই সম্ভৱ বুলি তেওঁ বিশ্বাস কৰে। সেয়েহে কবিয়ে ষোড়শোপচাৰৰ দৰেই সুন্দৰৰ পূজা-আসনত উপাসনা কৰাৰ ভাৱনা প্ৰকাশ কৰিছে।

৫। কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় লিখা।

উত্তৰঃ অসমীয়া কথাছবিৰ জনক হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় ১৯০৩ চনৰ ১৭ জুন তাৰিখে। তেওঁৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী আগৰৱালা। জ্যোতিপ্রসাদ আগৰৱালাই তেজপুৰ আৰু ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত কলিকতাৰ নেচনেল কলেজত পঢ়িছিল যদিও সেই কলেজ উঠি যােৱাৰ পিছত বিলাতৰ এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা পুনৰ মেট্রিক পৰীক্ষা পাছ কৰিছিল। তেওঁ ১৯২৬ চনত উচ্চ শিক্ষাৰ উদ্দেশ্যে বিলাতলৈ গৈছিল। প্ৰথমতে এম.এ. পঢ়িবলৈ মনস্থ কৰিলে যদিও তাৰ পৰা সৰি জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণ–সম্পৰ্কীয় শিক্ষা গ্ৰহণ কৰিলে। ১৯৩০ চনত স্বদেশলৈ ঘূৰি আহি তেওঁ ১৯৩৫ চনত অসমীয়া প্ৰথম কথাচিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰিলে আৰু তাৰ পিছত কিছুমান চলচ্চিত্ৰও সৃষ্টি কৰিলে। এইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই অসমীয়া সংস্কৃতিৰ এক বৃহৎ ভৱন নিৰ্মাণৰ কাৰ্যত তেওঁ গৌৰৱজনক ভূমিকা গ্ৰহণ কৰে।

(গ) দীঘল প্ৰশ্নৰ উত্তৰ (মুল্যাংক ৪ অথবা ৫)

১। ‘জনতাৰ আহ্বান’ কবিতাটোৰ মূল কথাখিনি আলােচনা কৰা। 

উত্তৰঃ জনতাৰ আহ্বান’ কবিতাটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ নামৰ কাব্যগ্রন্থৰ পৰা অনা হৈছে। কবিতাটোত বিপ্লৱী কবিজনে মানৱতাৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰি সৌন্দৰ্যৰ ৰূপায়ণক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আলোকসন্ধানী কবিজনে জনতাৰ আলোকময় ৰূপকেই কবিতাত জীৱন্ত কৰি তুলিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। মানুহৰ এই পৃথিৱীত শান্তি সুৰভি বিলাবলৈ, বিশ্বৰ সৌন্দর্য সৃষ্টিত অৰিহণা যােগাবৰ বাবে আজি জনতা ঐক্যবদ্ধ হােৱা প্রয়ােজন। মানৱ জীৱনৰ এনে সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জগাই তুলিবলৈ সক্ষম হ’ব। কবিয়ে বিশ্বাস কৰিছে যে জনতাৰ আলোেক বিজয়ী এনে অভিযানে নবজীৱনৰ পাতনি মেলি দিব। কবিয়ে বেদত ধ্বনিত হােৱা আলােক মন্ত্ৰৰে অনুপ্ৰেৰণা লাভ কৰিবৰ বাবে আহ্বান জনাইছে। অর্থাৎ, দাসত্বৰ শিকলি ছিঙি মানৱ সমাজ স্বাধীনতাৰ বাবে উদীপ্ত কণ্ঠে ওলাই আহিছে।

২। ‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্রতি কবিৰ কেনে মনােভাৱ প্রকাশ পাইছে বুজাই লিখা।

উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটোত কবিয়ে সাধাৰণ মানুহ অৰ্থাৎ জনতাৰ ওপৰত থকা গভীৰ আস্থা প্ৰকাশ কৰিছে। তেওঁ বৰ্ণনা কৰিছে যে পৃথিৱীৰ এই সাধাৰণ মানুহৰ অন্তৰত এক নতুন চেতনাৰ জাগৰণ ঘটিছে। ৰূপান্তৰৰ যুগত আকাশ-বতাহত জনতাৰ আহ্বান ধ্বনিত হৈছে। সুন্দৰৰ পূজাৰ সাধনাত জনতাই যেন ষোড়শোপচাৰেৰে অংশগ্ৰহণ কৰি আৰাধনাত নিমগ্ন হৈছে। বোকাত জন্ম লোৱা এই জনতা আজি পদুমৰ দৰে ফুলি সৌৰভ আৰু পোহৰ কৰি তুলিছে। অন্ধকাৰক নাশ কৰি পোহৰত পাহি মেলি, আকাশত সৌন্দৰ্য সিঁচিবলৈ জনতা আগবাঢ়িছে। মানুহৰ এই পৃথিৱীত শান্তিৰ সুৰভি বিয়পাই জীৱনৰ এক অভিনৱ ৰূপ সুন্দৰ্য্য কৰাৰ বাবে জনতাই জাগি উঠিছে। 

৩। কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা। 

উত্তৰঃ কবি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ কবিতাত জনতাক ‘প্ৰবুদ্ধ’ বুলি বৰ্ণনা কৰিছে। তেওঁ উল্লেখ কৰিছে যে আজিৰ জনতা পূৰ্বৰ দৰে অজ্ঞান-আন্ধাৰত নিমজ্জিত নাথাকে, বৰঞ্চ জ্ঞানৰ আলোকত উদ্ভাসিত হৈ উঠিছে। সাংস্কৃতিক আধাৰত গঢ়ি উঠা কেন্দ্ৰীয় শক্তিৰ ওপৰত দৃঢ় আস্থা ৰাখি জনতা আজি আলোকসন্ধানী ৰূপে আত্মপ্ৰকাশ কৰিছে। জ্ঞান আৰু মানৱীয় মূল্যবোধত তেওঁলোকৰ বিশেষ গুৰুত্ব দিয়া দেখা যায়। সমাজৰ সকলো অসুন্দৰ আঁতৰাই সত্য আৰু সুন্দৰৰ ভিত্তিত এক নতুন সমাজ গঢ়ি তোলাৰ বাসনা প্রবুদ্ধ জনতাৰে প্ৰকাশ পাইছে। জ্ঞান, বুদ্ধি, চেতনা আৰু নিস্বার্থ সেৱাৰ মনোভাবৰ জোৰে তেওঁলোকে উজ্জীবিত হৈ উঠিছে। জাতিৰ জীৱন আগুৱাই নিবলৈ সাংস্কৃতিক উদ্যোগক কার্যকৰী কৰাৰ বাবে এই জনতা বদ্ধ পৰিকৰ হৈছে। এই উদ্দেশ্য সিদ্ধ কৰিবলৈ প্ৰয়োজন জনতাৰ হাতত গঠিত জনতান্ত্ৰিক শাসন। সেয়েহে কবিয়ে তেনে জনতন্ত্ৰৰ জয়ধ্বনি উচ্চাৰণ কৰিছে।

৪। ‘জনতাৰ আহ্বান’ কবিতাটোত জনতাৰ মহাপ্রাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলােচনা কৰা। 

উত্তৰঃ ‘জনতাৰ আহবান’ কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদ্বয়ৰ কথা বৰ্ণনা কৰিছে। তেওঁৰ মতে, জনতাৰ অন্তৰত সঞ্চিত মহাপ্ৰাণ আজিৰ দিনত তীব্ৰ উল্লাস আৰু বিপ্লৱৰ জোৰেৰে জাগি উঠিছে। এই জাগৰণ কেৱল ব্যক্তিগত নহয়, বৰঞ্চ সমষ্টিগত, যাৰ ঢৌয়ে এক দুৰ্বাৰ স্রোতৰ ৰূপ লৈ পৃথিৱীক কঁপাই তুলিছে। যেনে প্ৰাকৃতিক স্রোত আটাইবোৰ বাধা ভাঙি আগুৱাই যায়, তেনে জনতাৰ বিপ্লৱী শক্তিয়ে সমাজত আঁতুৰি পৰা আন্ধাৰ আঁতৰাই নতুন জীৱনৰ স্বপ্ন দেখুৱাইছে। এই নবজাগৰণৰ ৰূপক কবিয়ে পদুম ফুলৰ দৰেই চিত্ৰায়িত কৰিছে। বোকাত জন্ম নিলেও পদুম যিদৰে অকলুষিত সৌন্দর্যৰে ফুলি উঠি পোহৰ বিলায়, তেনে সাধাৰণ জনতাই দুখ-কষ্টৰ মাজৰ পৰা ওলাই আলোকিত জীৱনৰ স্বপ্ন দেখুৱাইছে। সেয়ে কবিয়ে পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান হােৱা শুনিবলৈ পাইছে। জীৱনৰ প্রতিটো ক্ষণে ক্ষণে, মহাপ্রবাহে এনেদৰে জনতাৰ আহ্বান শুনি কবি আপ্লুত হৈ পৰিছে।

৫। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা:

(১) আজি জনতাৰ পংকজ ৰূপ

জাগে পদুমৰ দৰে

বোকাত জনমা মানুহে আজি

আলোকলৈ’ উঠি আহে

বেলিমুৱা হৈ হাঁহে।

উত্তৰঃ কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে বোকাত জন্মা পদুমে আদৰ পোৱাৰ নিচিনাকৈ আজি সাধাৰণ জনতাই বা অতি দুখীয়া-দৰিদ্র মানুহেও সু-কর্মৰাজিৰ আৰু নতুন দিগন্তৰ কাৰণে আদৰ পাবলৈ সক্ষম হোৱাৰ প্রসংগ কথা ব্যক্ত কৰিছে।

কবিৰ মতে, বোকাত জন্ম লাভ সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌৰভ বিলাইছে। সেই দৰে সমাজৰ বোকা আৰু অন্ধকাৰময় পৰিস্থিতিত জন্ম লোৱা জনতাই দীৰ্ঘকাল নিদ্ৰিত অৱস্থাত থাকি অহাৰ পিছত আজিৰ দিনত নতুন আলোকেৰে জাগি উঠিছে। তেওঁলোক দমন আৰু শোষণৰ অন্ধকাৰ ভেদি পদুমফুলৰ দৰে ফুলি উঠিছে আৰু আলোকৰ দিশে আগুৱাই গৈছে। কবিজনৰ মতে জনতাই আজি পংকজ ৰূপে সোনালী সূৰ্যৰ পোহৰত পখিলা মেলিছে, নৱজীৱনৰ আশা, নবজাগৰণৰ বাণী আৰু সৌন্দৰ্য সমাজত সিঁচিছে। সেয়েহে কবিয়ে বোকাত জন্মা পদুমৰ দৰেই জনতাৰ জাগৰণক তুলনা কৰিছে আৰু এইদৰে শ্লোকে কবিতাৰ মূল ভাবক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে।

1 thought on “Class 12 Assamese Chapter 4 জনতাৰ আহ্বান”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top