Class 12 Assamese Chapter 5 কাঠমিস্ত্ৰীৰ ঘৰ, Class 12 Assamese Question Answer, HS 2nd year Assamese notes কাঠমিস্ত্ৰীৰ ঘৰ Class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 5 কাঠমিস্ত্ৰীৰ ঘৰ and select needs one.
Class 12 Assamese Chapter 5 কাঠমিস্ত্ৰীৰ ঘৰ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 5 কাঠমিস্ত্ৰীৰ ঘৰ Solutions for All Subject, You can practice these here.
কাঠমিস্ত্ৰীৰ ঘৰ
Chapter – 13
| আর্হি প্রশ্ন: |
(ক) অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক – ১)
১। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটো কিমান চনত ৰচিত?
উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটো ১৯৩৯ চনত ৰচিত।
২। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম লিখা।
উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম হ’ল―অভিযান।
৩। ‘কবিতাটিত প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কিহৰ কথা কোৱা হৈছে?
উত্তৰঃ প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে বুলি কাঠমিস্ত্ৰীসকলে তৈয়াৰ কৰি উলিওৱা আচবাৱ পত্ৰৰ কথা কোৱা হৈছে।
৩। কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?
উত্তৰঃ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী হʼল― কাঠমিস্ত্ৰীসকল।
৫। কাঠমিস্ত্ৰীসকলে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ কাঠমিস্ত্ৰীসকলে বহুবল প্ৰয়োগ কৰি হʼলেও নিজ কৰ্মৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে।
(খ) অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক ২ অথবা ৩)
১। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সজুঁলিৰ নাম লিখা।
উত্তৰঃ কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সজুঁলিৰ নাম হ’ল― ৰাণ্ডা আৰু বটালী।
২। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?
উত্তৰঃ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে কবি নৱকান্ত বৰুৱাই কৈছিল যে― মোক যদি কোনোৱাই দহটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ’ব কাঠমিস্ত্ৰীৰ ঘৰ।
৩। কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাৱৰ নাম লিখা।
উত্তৰঃ কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাৱৰ নাম হ’ল― টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপচ প্ৰাসাদ সদৃশ ঘৰ ইত্যাদি।
৪। কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ কাঠমিস্ত্ৰীয়ে ধনী মানুহৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।
৫। কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি লবলৈ কৈছে?
উত্তৰঃ কবিয়ে কাঠমিস্ত্ৰীৰ লগতে মিস্ত্ৰী কঁহাৰ, কমাৰ আদি শ্ৰমজীৱী লোকসকলক নিজ বাহুবলেৰে অধিকাৰ কাঢ়ি লবলৈ কৈছে।
(গ) দীঘল প্ৰশ্নৰ উত্তৰ ( মুল্যাংক ৪ অথবা ৫)
১। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।
উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত অসমৰ আধুনিক কবিসকলৰ ভিতৰত এজন প্ৰগতিশীল কবি আছিল। তেওঁৰ কবিতাত মূলতঃ শ্ৰমজীৱী মানুহৰ জীৱনসংগ্ৰাম, দুঃখ-দুৰ্দশা আৰু সপোনৰ প্ৰতিফলন দেখা যায়। সমাজৰ শোষিত-নিপীড়িত লোকসকলৰ জীৱন-যাত্ৰা, শ্ৰমৰ গৌৰৱ আৰু ন্যায়ৰ প্ৰতি আকুল আবেদন তেওঁৰ কবিতাৰ কেন্দ্ৰবিন্দু। বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত দেউতাকৰ ঘৰ আছিল। সৰুতে দেউতাক হেৰুৱাই তেওঁৰ আনুষ্ঠানিক শিক্ষা ঘৰতে আহৰণ কৰিছিল। ১৯২৮চনত তেওঁ দেশ আৰু জাতিৰ হকে স্বাধীনতা আন্দোলনত যোগদান কৰিছিল। তাৰ বাবে দুবছৰ জেলত খাটিবলগীয়া হৈছিল। দহবছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেওঁ জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাৱে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰিছিল। ১৯৩৬ চনত তেওঁৰ কাব্য সংকলন অভিযান প্ৰকাশ পায় আৰু ১৯৭২ চনৰ ২২ অক্টোবৰত তেখেতৰ মৃত্যু হয়।
২। কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা।
উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাখনত কাঠমিস্ত্ৰীৰ দৰে বনুৱা শ্ৰেণীৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ ছবি স্পষ্টভাৱে ফুটাই তোলা হৈছে। অসহনীয় শ্ৰমৰ বোজা কঁকালত লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাৱে সচ্ছল শ্ৰেণীৰ বাবে বিভিন্ন ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী নিৰ্মাণ কৰিছিল। শিল্পসুলভ কলাকুশলতাৰে গঢ়ি তোলা আৰামী চকীত বহি সমাজৰ বিলাসী শ্ৰেণী স্বাচ্ছন্দময় জীৱন উপভোগ কৰে, কিন্তু সেই চকী গঢ়ি তোলা শ্ৰমজীৱীৰ জীৱন অন্ধকাৰ আৰু দুঃখকষ্টত আৱদ্ধ হৈ থাকে। কবিয়ে এই শ্ৰমিক শ্ৰেণীৰ দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্যৰ ছবি উজ্জ্বলভাৱে প্ৰতিফলিত কৰিছে। লগতে তেওঁলোকক নিজ অধিকাৰ আদায় কৰিবলৈ আৰু সমাজৰ ভিতৰত সন্মানজনক স্থান পাবলৈ বৈপ্লৱিক জাগৰণৰ আহ্বান জনাইছে।
৩। প্ৰসঙ্গ সঙ্গতি দৰ্শাই ব্যাখ্যা কৰা―
‘বিশ্বৰ যত কৰ্মীৰ দল
তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল’
উত্তৰঃ কাঠমিস্ত্ৰীসকলৰ কৰ্মঠ শিল্পী জীৱনৰ প্ৰশংসাত কবিয়ে ব্যাখ্যা কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে।
কাঠমিস্ত্ৰীসকলৰ কৰ্মঠ, নিপুণ শিল্পী তেওঁলোকে কঠিন একা-বেকা কাঠত আনি দিয়ে কোমল অনুভৱ। অকণো জিৰণি নোলোৱাকৈ দেহে কেনে খাটি কঠিন কাঠেৰে খাজে নিত্য ব্যৱহাৰ্য সামগ্ৰীবোৰ। কপালৰ ঘাম মাটিত পেলাই, দেহৰ তাজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানান ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে।নীৰস আৰু কঠিন বেঁকা-বেঁকি কাঠক ৰাণ্ডা-বটালি মাৰি মাৰি তেওঁলোকে গঢ়ি দিয়ে পৃথিবীৰ মানুহৰ বাবে মায়াপুৰী সদৃশ্য প্ৰাসাদ। অ্থচ সেই মিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা। সেই মৰ্মান্তিক অৱস্থাটো কবিতাফাকিৰ মাজেদি ফুটি উঠিছে।
৪। কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে?
উত্তৰঃ কাঠমিস্ত্ৰীসকল সমাজত কৰ্মঠ আৰু নিপুণ শিল্পী ৰূপে জনাজাত। তেওঁলোকৰ দক্ষ হাতৰ স্পৰ্শত নিৰ্জীৱ, কঠিন কাঠত যেন নতুন প্ৰাণ জাগে। ৰাণ্ডা-বটালিৰ সূক্ষ্ম খোঁচাত কাঠৰ নিৰসতা বিলীন হয়, আৰু ই সুকোমল ৰূপ লৈ নানান ধৰণৰ উপযোগী বস্তুত পৰিণত হয়। শিল্পসুলভ কৌশল আৰু অক্লান্ত পৰিশ্ৰমে শুকান কাঠক চকু মৰ্মৰা কৰি তোলে, য’ৰ পৰা গঢ় খাই উঠে আচবাবপত্র, শৈলীময় আলংকাৰিক সামগ্ৰী আৰু দৃষ্টিনন্দন গৃহসজ্জাৰ সামগ্ৰী।
তেওঁলোকৰ নিপুণতাৰে গঢ়ি তোলা সামগ্ৰীসমূহে মায়াপুৰী সদৃশ অট্টালিকাৰ সৌন্দৰ্য বৃদ্ধি কৰে, বিলাসী শ্ৰেণীটোৱে সেয়া ব্যৱহাৰ কৰি স্বাচ্ছন্দময় জীৱন উপভোগ কৰে। অথচ যিসকলে এইবোৰ সৃষ্টি কৰি সমাজক সমৃদ্ধ কৰে, সেই কাঠমিস্ত্ৰীসকলৰ জীৱন নিজেই দুৰ্দশা আৰু দুঃখ-কষ্টত আৱদ্ধ হৈ থাকে। অন্যৰ সুখৰ বাবে তেওঁলোকে নিজৰ সুখ বিসৰ্জন দিয়ে, নিজৰ জীৱনক কষ্ট আৰু পৰিশ্ৰমৰ ত্যাগত পূৰ্ণ কৰে।
৫। কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্থ কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ বিপ্লৱী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তে তেওঁৰ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাৰ জৰিয়তে কাঠমিস্ত্ৰীসকলক নিজৰ আত্মসন্মান, অধিকাৰ আৰু স্বাভাৱিক হকবোৰ পুনৰুদ্ধাৰ কৰিবলৈ নিজ বল-শক্তিৰে জাগি উঠিবলৈ আহ্বান জনাইছে। কাঠমিস্ত্ৰীয়ে কঠোৰ পৰিশ্ৰম আৰু ঘামৰ বিনিময়ত স্বচ্ছল ধনিক শ্ৰেণীৰ বাবে টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰী, চাহৰ টিপয় আদি নানান ধৰণৰ মনোমোহা আসবাবপত্র নিৰ্মাণ কৰে। কিন্তু যিসকলে এই মূল্যৱান সামগ্ৰী গঢ়ে, সেইসকলৰ জীৱন শোচনীয় আৰু দুৰ্দশাময় হৈ পৰে।
শিল্পসুলভ কুশলতাৰে কাঠমিস্ত্ৰীয়ে গঢ়ি দিয়া আৰামদায়ক চকীত বহি বিত্তবান শ্ৰেণীয়ে বিলাসিতা, স্বাচ্ছন্দ্য আৰু সৌন্দৰ্যৰে পৰিপূৰ্ণ জীৱন উপভোগ কৰে। অথচ কাঠমিস্ত্ৰীসকল নিজৰ কষ্ট, অভাৱ আৰু অপমানৰ জীৱনত আবদ্ধ হৈ থাকে। এই বৈষম্যমূলক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে কবিয়ে কাঠমিস্ত্ৰী আৰু আন সকলো শ্ৰমিকক সজাগ কৰি নিজৰ অধিকাৰ নিজেই সাব্যস্ত কৰিবলৈ বিপ্লৱী আহ্বান জনাইছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



Long questionor answer bor aru alpo long hobo lagisil.