Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন

Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন and select needs one.

Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন Solutions for All Subject, You can practice these here…

দীঘলীয়া প্রশ্ন  মূল্যাংক -৫

(ক) ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিৰ আধাৰত লেখক লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্রাৰ এটি চমু বিৱৰণ আগবঢ়োৱা ।

উত্তৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত বেজবৰুৱাদেৱে সূদূৰ সম্বল্পুৰৰ পৰা গুৱাহাটিলৈ কৰা ৰেল যাত্রাৰ এক বিচিত্র বিৱৰণ দাঙি ধৰিছে ।

     ১৯৩০ খ্রীষ্টাব্দৰ ১৯ ছেপ্তেম্বৰত কোম্পানীৰ ভাড়া ৰেলগাড়ীত বেজবৰুৱাই পৰিবাৰ প্রজ্ঞাসুন্দৰী দেৱী আৰু সৰু জীৰ সৈতে উভতনি যাত্রা আৰম্ভ কৰিলে । সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা এই দীঘলীয়া যাত্রাত তেওঁলোক বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হৈছিল । বেংগল-নাগপুৰ ৰেলৰ ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা প্রায় ৩১ মাইল দূৰত । গধূলি চাৰে পাঁচ বজাত সম্বল্পুৰত ৰালত উঠি দুঘন্টামানৰ মূৰত ঝাৰচোগোড়া পোৱাগৈ যায় । তাতে চাৰে সাত বজাত কলিকতাৰ ফালে যোৱা বোম্বাই মেইল গাড়ীখন উঠিব লাগে । কিন্তু দুৰ্ভাগ্যবশতঃ সেইদিনা তেওঁলোক গৈ পোৱাৰ আগতে বোম্বাই মেইল গাড়ীখন এৰিলে । ফলত তেওঁলোক ষ্টেশ্যনতে পৰিৰ’বলগীয়া হ’ল। শেষত ৰাতি দুই বা তিনি বজাত এখন পেছেঞ্জাৰ গাড়ী ঝাৰচোগোড়াৰ পৰা কলিকতালৈ যায় । সেইখনতে তেওঁলোক উঠিল আৰু পিছদিনা আঠমান বজাত কলিকতা পায়গৈ । ডাঙৰ কথাতো হ’ল তেওঁলোক বাটত খাবলৈ একোৱেই নিয়া নাছিল । ষ্টেশ্যনত বিক্রী কৰা কচুৰি, শিঙৰা কিনি লৈ ভোক নিবাৰণ কৰিবলগা হ’ল । দিনে চাৰিসাজকৈ খোৱাৰ অভ্যাস থকা বেজবৰুৱা আৰু তেওঁৰ সহযাত্রী পত্নী তথা জী বৰ বিপদত পৰিল । তদুপৰি পেচেঞ্জাৰ গাড়ীত ডাইনিং কাৰ নাথাকে । গাৰ্ডক লৈ বেজবৰুৱাদেৱে খৰগপুৰ আৰু চক্রধৰপুৰ ৰিফ্রেছমেন্ট ৰোমৰ মেনেজাৰলৈ টেলিগ্রাম কৰি জনালে অলপ আহাৰৰ আয়োজন কৰি থ’বলৈ । কিন্তু তাৰ কোনো উত্তৰ নাপালে ভোকে-ভাগৰে তেওঁলোক কলিকতা পালেগৈ । কলিকতাত ভাত খাই পেটক প্রবোধ দি মহানুৰৰ এঠাইৰ এটি ঘৰত শুই থাকে । পিছদিনা কলিকতাৰ শিয়ালদহ ষ্টেশ্যনৰ পৰা গুৱাহাটীলৈ বুলি যাত্রা আৰম্ভ কৰে । বাটত তেওঁলোকক মগনিয়াৰবিলাকে বোৰ আমনি কৰিছিল । দ্বিতীয় শ্রেণীৰ আন কোঠালি নথকাত সকলো যাত্রী একেটা শ্রেণীৰ ডবাতে উঠিবলগীয়াত পৰিছিল । বাটত ৰুগীয়া ল’ৰা এটা লৈ মাক-বাপেক আৰু দুই-তিনিজনমান মানুহে কোঠালিটো ভৰাই পেলাইছিল । ৰোগীয়ে ঠাণ্ডা পাব বুলি ডবাৰ দুৱাৰ-খিৰিকীবোৰ মাৰি দিয়াত ডবাটো দুৰ্গন্ধৰে ভৰি পৰিছিল । তেওঁলোকে বোৰ অস্থিৰ পৰিৱেশত আহিবলগীয়া হ’ল । একৈশ ছেপ্তেম্বৰ তাৰিখে শিয়ালদহ ষ্টেশ্যন এৰা ৰেলগাড়ীখন আহি তেওঁলোক বাইশ তাৰিখে গুৱাহাটীত উপস্থিত হয়হি । এনেদৰে তিতা-মিঠা অভিজ্ঞতা আৰু কষ্টৰ মাজেৰে বেজবৰুৱাদেৱৰ সম্বলপুৰৰ পৰা গুৱাহাটীলৈ অহা যাত্রা সফল হ’ল ।

(খ) ‘মোৰ মাতৃমুখ দর্শন’ শীৰ্ষক পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকর্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত বুজাই লিখা ।

উত্তৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক প্রবন্ধটিত সুদূৰ সম্বলপুৰৰ অসমলৈ ঘূৰি আহিব নোৱাৰাৰ প্রসংগত লিখকে মহাদেৱৰ কৃষিকর্মৰ বৰ্ণনা এটি সুন্দৰ ৰূপত তুলি ধৰিছে ।

     কর্মসূত্রে বেজবৰুৱাদেৱ সুদীর্ঘ ডেৰকুৰি-দুকুৰি বছৰ উৰিষ্যাৰ সম্বলপুৰত আছিল । বেজবৰুৱাদেৱৰ ডিব্রুগড়স্থিত মাজু জীয়েক-জোঁৱাইক দেউতাকক বাৰম্বাৰ কাকূতি-মিনতি কৰে এবাৰ ডিব্রুগড়লৈ আহি যাবলৈ । বিভিন্ন সমস্যাত পৰি তেওঁ আজি যাম, কাইলৈ যাম বুলিও প্রায় দুবছৰ ধৰি আহিব পৰা নাছিল । অৱশেষত তেওঁলোকে বেজবৰুৱাদেৱৰ ওচৰত ৰোহ পাতিলে । যেনেকৈ মহাদেৱে পার্বতীৰ ওচৰত ঠেহ পাতিছিল । ঘটনাটো আছিল এনেধৰণৰ-

তাহানি হেনো এদিন পার্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল যে মহাদেৱে ভাং-ধতুৰা খাই বহি থাকে, গৃহস্থৰ কাম-কাজ একো নকৰে । আনকি ঘৰতে বৃষভটো আছে, সি ঘাঁহ-পানী খাই নোদোকাটো হৈ পৰিছে, তাৰে হাল বাই খেতি-বাতি কৰি এগাল ধানকে নাৰ্জে কিয়? ঘৈণীয়েকৰ ককৰ্থনা শুনি মহাদেৱৰ বোৰ বেজাৰ লাগিল । তেওঁ তেতিয়াই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প কৰি বৃষভটোৰ ওপৰত উঠি টুকটুক কৰে গৈ খেতি কৰিবলৈ লাগিল । তেখেত হ‘ল দেৱাদিদেৱ মহাদেৱ, তেখেতে খেতিত ধৰিলে আৰু ৰাখে কোনে? খেতি উভৈনদী হ’ল । তেওঁৰ খাৱন-শোৱন গুছিল । আনকি ঘৰলৈ আহবলৈকো পাহৰিলে । পার্বতীয়ে দেখিলে, মহামস্কিলখন হ’ল । গিৰীয়েক অকৰা মৈত উঠি ননমাই হ’ল । গিৰীয়েকক মাতি আনিবলৈ পার্বতীয়ে প্রথমতে নন্দী-ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াইহে পঠিয়ায়, গিৰীয়েক নাহে । উপায় নাপাই পার্বতীয়ে মহর্ষি নাৰদক ধৰিলে । নাৰদে উভতি আহি ক’লে যে মহাদেৱে কাৰো কথা নুশুনে আৰু কোনো তেওঁঅৰ ওচৰ চাপিবকে নোৱাৰে । তাৰ পিছত অনেক ভাবি-চিন্তি পার্বতীয়ে অসংখ্য ডাঁহ-মহ, চেৰেপা চৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিলে । তাৰ পিছতো মহাদেৱ নহাত হাহা হুহু নামৰ মানস পুত্র দুটা চৰ্জি পঠিয়ালে । কাহিনীত হাহা হুহুৱে মহাদেৱক উভতাই আনিব পাৰিলেনে নোৱাৰিলে এই কথা স্পষ্ট নহয়, কিন্তু পার্বতীৰ দৰে আকোৰগোজকৈ লাগি থকা বেজবৰুৱাদেৱৰ মাজু জীয়েকে বেজবৰুৱাদেৱক অনতিপলমে ডিব্রুগড় পোৱালেহি । এনেদৰে বেজবৰুৱাদেৱে মহাদেৱৰ কৃষিকর্মৰ প্রসংগ উত্থাপন কৰি তেওঁ অসমলৈ উভতি অহাৰ কাৰণ ব্যাখ্যা কৰিছে ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) হাহা হুহু কোন আছিল? তেওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা ।

উত্তৰঃ হাহা হুহু আছিল দেৱী পার্বতীৰ মানস পুত্র । পার্বতীয়ে হাহা হুহুক সৃষ্টি কৰি মহাদেৱক খেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল । এবাৰ পার্বতীয়ে মহাদেৱক বোৰ ককৰ্থনা কৰিছিল যে মহাদেৱে ঘৰত কাম-কাজ নকৰি কেৱল ভাং-ধতুৰা খাই ঘূৰি ফুৰে । পার্বতীৰ ককৰ্থনা শুনি মনত বেজাৰ লাগি মহাদেৱে বৃষভৰ পিঠিত উঠি তেতিয়াই গৈ খেতিত লাগি পৰিল । দেৱাদিদেৱ মহাদেৱৰ খেতি অতি কম দিনৰ ভিতৰতে নদন-বদন হ’ল আৰু কৃষি এৰি মহাদেৱ ঘৰলৈ উভতি নহা হ’ল । কথা বিষম দেখি পার্বতীয়ে নন্দী-ভৃংগীকে ধৰি বহুজনকে মহেদেৱক ঘৰলৈ উভতাই আনিবলৈ পঠিয়াই ব্যর্থ হ’ল । পথাৰক মহেদেৱক আমনি কৰিবলৈ ডাঁহ, মহ, চেৰেপা এসোপা সৃষ্টি কৰিও কামত নাহিল । শেষত পার্বতীয়ে হাহা আৰু হুহু নামৰ মানস পুত্র দুজনক সৃষ্টি কৰি খেতি-পথাৰলৈ পঠাই দিছিল ।

(ঘ) ‘ডিব্রুগড়ত গোটাচেৰেক কঠাই মোক বৰ সন্তোষ দিছিল ।’- ডিব্রুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা ।

উত্তৰঃ সুদীর্ঘ কাল উৰিষ্যাৰ সম্বল্পুৰত কটোৱাৰ পিছত বেজবৰুৱাদেৱ অসমলৈ উভতি আহে আৰু উভতি আহিয়েই ডিব্রুগড়ৰ মানুহৰ বিৰাট পৰিৱৰ্তন লক্ষ্য কৰে । যিবিলাক কথাই বেজবৰুৱাক সন্তোষিত কৰিছিল ।

     প্রথমতে, ডিব্রুগড় অসমীয়া তিৰোতাসকলৰ গঢ়-গতি আৰু কাৰ্যকলাপ দেখি আনন্দিত হৈছিল । তেওঁলোক আগৰ দিনৰ চুকৰ ভেকুলীসদৃশ জীয়ৰী-বোৱাৰীৰ শাৰীত নাই । শিক্ষা-দীক্ষা, ৰাজহুৱা কাৰ্যাদি সকলোতে পুৰুষৰ সমকক্ষ হৈ তেওঁলোক আগবাঢ়ি গৈছে । ৰক্ষণশীল সমাজে তেওঁলোকৰ ভৰিত পিন্ধোৱা শিকলি ছিঙি প্রগতিৰ পথত আগবাঢ়িছে । আনকি দেশৰ সেৱাত শামুকখুজীয়া পুৰুষতকৈও বেছিকৈ আগবাঢ়িছে বুলি ক’লেও বঢ়াই কোৱা নহয় । মাজতে বিমোৰ অৱস্থাত পৰি অসমীয়া তিৰোতা-শিপিনীসকলে তেওঁলোকৰ অংগৰ ভূষণ বোৱা-কটা পৰিহাৰ কৰিছিল । যদিও ডিবৰুপৰীয়া নতুন তৰপৰ মহিলাসকলে তাক আকৌ আদৰেৰে তুলি লৈছে । ওৰণিৰ সৰ্বগ্রাহী গ্রহণৰ পৰা বিমুক্ত হৈ পৰিছে আৰু পুৰুষৰ লগত সভা-সমিতিত একে শাৰীতে বহি নিজৰ স্বাধীন মতামত প্রকাশ কৰিছে । তেনে করোঁতে তেওঁলোকৰ স্ত্রীসুলভ গাম্ভীৰ্য আৰু কমনীয়তা কমা নাই । দুই-এজনাই সভাত উঠি এনে সুন্দৰকৈ বক্তৃতা প্রদান কৰিছে যে অনেক পুৰুষ বক্তাকো সেই বিষয়ত চেৰ পেলাইছে ।

     দ্বিতীয়তে, ৰামমোহন ৰায় স্মৃতি সভাত শ্রীমতী যোগদা দেৱীয়ে অনগৰ্লভাৱে যি বক্তৃতা দিলে তাকে শুনি বেজবৰুৱাদেৱ পুলকিত হৈ পৰিছিল । তাৰোপৰি ডিব্রুগড় বালিকে স্কুলৰ প্রধান শিক্ষয়িত্রী শ্রীমতী গৌৰীপ্রভা চলিহাই একুৰিমান ছাত্রী লগত লৈ তেওঁক কৰা সম্ভাষণ তেওঁ কেতিয়াও পাহৰিব নোৱাৰে । বেজবৰুৱাদেৱ তেওঁলোকৰ স্কুললৈ যাওঁতে ৰূপৰ বটা এটিত যি সম্ভাষণপত্র তেওঁক প্রদান কৰিছিল । তাকে দেখি তেওঁ আপ্লুত হৈছিল । ডিব্রুগড়ত সভ্রান্ত্র মহিলাসকলৰ সভাতো যিখন অভিনন্দন পত্র মুগাৰ কাপোৰৰ ওপৰৰ ছপাই দিছিল, সেইখন বেজবৰুৱাদেৱে গোটেই জীৱন ৰখাৰ প্রতিশ্রুতি দিছিল ।

     তৃতীয়তে, ডিব্রুগড়ত থিয়েটাৰ অর্থাৎ রংগশালৰ বিষয়ে বেজবৰুৱাদেৱৰ উৎকণ্ঠাৰ অন্ত নাই । সেই রংগশাল নির্মাণ কৰি তাত সভা-সমিতি, থিয়েটাৰ, যাত্রা, গান, ভাওনা অনুষ্ঠত কৰিছিল । থিয়টাৰৰ চিত্রপটবোৰ অসমীয়া চিত্রবিদ ডেকাসকলৰ দ্বাৰাই অংকন কৰা হৈছিল, যিবোৰ কলিকতাৰ নিপুণ চিত্রবিদসকলতকৈ কোনো গুণে হীন নাছিল । এনে ক্ষেত্রত পেইন্টিং আৰু ফটোগ্রাফীত মুক্তানাথ বৰদলৈৰ কৃতিত্ব লেখত ল’বলগীয়া । ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাট অভিনয় কৰিছিল । এইসমূহৰ সাজ-সজ্জা, চিত্রপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত বিশেষ কৃতিত্ব দেখা যায় ।

     চতুর্থতে, ডিব্রুগড়ীয়া ডেকাসকলৰ যত্নত অসমীয়া নাট মঞ্চস্থ কৰাৰ লগতে বিদেশী নাট অসমীয়ালৈ ভাঙনি কৰি অসমৰ রংগশালত প্রকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জীণ নিয়াব পৰা প্রক্রিয়াটো সঁচাকৈ শলাগিবলগীয়া । বেজবৰুৱাই এই ক্ষেত্রত সবল প্রতিক্রিয়া দাঙি ধৰিছে । এনেদৰে ডিব্রুগড়ৰ অভূতপূর্ব পৰিৱৰ্তনে বেজবৰুৱাক বিশেষভাৱে সন্তোষিত কৰিছিল ।

(ঙ) লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত, বুজাই লিখা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই বিদেশী নাটকৰ অসমীয়া অনুবাদ জীণ যোৱা বিধৰ হ’ব লাগে বুলি কৈছে ।

     অসমত বিদেশি নাটক অসমীয়ালৈ ভাঙি অসমীয়া রংগশালত অভিনয় কৰাটো অনেক মানি নলয় । বেজবৰুৱাদেৱ এই ক্ষেত্রত বিৰোধী । অৱশ্যে তাৰ অনুবাদ প্রকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জীণ যোৱাবিধৰ হ’ব লাগিব । ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ-সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা, যদি সেই ভাৱ-সম্পদক বাৰে বঙলুৱা অসমীয়া নকৰি আচল অসমীয়া কৰি দিয়া যায় । ভাৰতৰ নানা ঠাইৰ পৰা মানুহ আহি অসমত বসতি কৰিছে । যদি সেইবোৰে অসমক সৰ্বতোভাৱে বৰণ কৰি অসমীয়া হৈ যায় । তাৰ দ্বাৰা অসমৰ আপদ নাবাঢ়ি সম্পদহে বাঢ়িব ।

এনে এক গঢ়েৰেই পুৰণি কালৰ পৰা অসম পৰিপুষ্ট হৈ আহিছে । এটা সময়ত কলিকতাৰ প্রবাসী অসমীয়া ছাত্রই লগ লাগি শ্বেক্সপীয়েৰৰ Comedy of Errors অসমীয়ালৈ ভাঙি ‘ভ্রমরংগ’ নাম দি অভিনয় কৰিছিল । তাত অসমীয়া অনুবাদকৰ ছাঁইয়া নিশ্চিতভাৱে পৰিছিল, যিয়ে নাটকখনি অধিক মোহনীয় কৰি তুলিছিল । বেজবৰুৱাদেৱৰ মতে এতিয়াও উঠি অহা ডেকাসকলে তেনে গঢ়েৰে বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সাজপাৰ পিন্ধাই অসমীয়া রংগশালত তুলি দিলে তাত আপত্তি কৰিবলগীয়া বিশেষ স্থল একো নাথাকিব ।

11 thoughts on “Class 12 Assamese Chapter 1 মোৰ মাতৃমোখ দৰ্শন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top