Class 11 Advance Assamese Chapter 3 প্রিয়তমাৰ চিঠি

Class 11 Advance Assamese Chapter 3 প্রিয়তমাৰ চিঠি Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 3 প্রিয়তমাৰ চিঠি notes and select needs one.

Class 11 Advance Assamese Chapter 3 প্রিয়তমাৰ চিঠি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Advance Assamese Question Answer Chapter 3 are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 3 প্রিয়তমাৰ চিঠি Solutions for All Subject, You can practice these here…

প্রিয়তমাৰ চিঠি – হেমচন্দ্ৰ গোস্বামী

Chapter – 3

প্ৰথম গোট

চমু প্ৰশ্ন

১। কবি হেমচন্দ্ৰ গোস্বামীৰ এটি পৰিচয় দিয়া ৷ 

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ জন্ম হয় ১৮৭২ চনত গোলাঘাটৰ গৌৰাংগ সত্ৰত । তেওৰ পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী । তেওঁ নগাওঁত শিক্ষা লাভ কৰিছিল আৰু সেই সময়তেই গুণাভিৰাম বৰুৱা , ভোলানাথ দাস , ৰত্নেশ্বৰ মহন্ত আদিৰ প্ৰভাৱত পৰিছিল ৷ ফলস্বৰূপে সৰুৰে পৰাই তেওঁৰ সাহিত্যৰ প্ৰতি ধাউতি জন্মিছিল । পিছত কলিকতাত পঢ়িবলৈ যাওঁতে বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ লগ লাগি জোনাকী কাকত প্ৰকাশ কৰিছিল । কলিকতাৰ পৰা গুচি আহি মাটিৰ হাকিম হিচাপে কাৰ্যনিৰ্বাহ কৰিলেও অসমীয়া সাহিত্যৰ প্ৰতি তেওঁৰ বিশিষ্ট অৱদান সদায় স্মৰণীয় ৷ ‘ কাকো আৰু হিয়া নিবিলাওঁ ’ , ‘ পুৱা ’ , ‘ ফুলৰ চাকি ’ আদি কবিতাৰে তেওঁ আমাৰ সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে । তদুপৰি গোস্বামী দেৱেই প্ৰথমে ইটালীয় আৰ্হিত ছনেটৰ অনুগামী চতুর্দশপদী কবিতাৰ আদৰ্শ বঙ্গৰ পৰা কঢ়িয়াই আনে । উল্লেখনীয় যে পাঠ্যপুথিত সন্নিবিষ্ট “ প্রিয়তমাৰ চিঠি ” কবিতাটিয়েই হ’ল প্ৰথম অসমীয়া ছনেট । 

গোস্বামীদেৱে পুৰণি পুথি সম্পাদনাৰ ক্ষেত্ৰতো আদর্শ দেখুৱাই গৈছে ৷ এইবোৰৰ ভিতৰত দৰং ৰাজবংশী , ভট্টদেৱৰ কথাগীতা , পুৰণি অসম বুৰঞ্জী , কামৰূপ তন্ত্র আদি উল্লেখনীয় । তেখেতে অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনত চতুৰ্থ গৰাকী সভাপতি হিচাপে পৌৰোহিত্য কৰিছিল । 

২। ‘ প্রিয়তমাৰ চিঠি ’ কোন শ্রেণীৰ কবিতা ? তাৰ এটি চমু পৰিচয় দিয়া ৷ 

উত্তৰঃ ‘ প্ৰিয়তমাৰ চিঠি ’ কবিতাটো এটি চতুর্দশপদী কবিতা । উল্লেখনীয় যে ‘ প্রিয়তমাৰ চিঠি ’ হ’ল প্ৰথম অসমীয়া ছনেট । ভাবাদর্শৰ ফালৰ পৰা কবিতাটো এটি ৰোমান্টিক কবিতা । 

ছনেট হ’ল চৈধ্যটা চৰণত সম্পূৰ্ণ হোৱা কবিতা । বিষয় আৰু ভাবৰ ঐক্য ইয়াত মূল কথা । ইয়াৰ চৈধ্যটা শাৰীৰ প্ৰথম আঠটাক অষ্টক আৰু পিছত ছটা শাৰীক ষটক বুলি কোৱা হয় । এটা ছনেটত এটা বিষয়ৰহে অৱতাৰণা কৰা হয় আৰু বিষয়টো সম্পূর্ণকৈ প্ৰকাশ কৰা হয় । ইটো চৰণৰ লগত সিটোৰ অন্তমিল থাকিব লাগিব । সামৰণিত চৰণত ভাবৰ পূর্ণতা অতর্কিতে ফুটি উঠিব লাগিব । “ In a sonnet thought should be set to thought , line added to line in the short architectural sequence , or else there should be a progression like the pressing of waves to the shore , with the finality of arrival swift in a closing couplet or deliberate as in the Miltonic form – Letters , 3rd series . 

৩। ” প্রিয়তমাৰ চিঠি কবিতাটোৰ সাৰাংশ লিখা । 

উত্তৰঃ “ প্রিয়তমাৰ চিঠি কবিতাটোৰ মাজেৰে ৰোমান্টিক ভাবাদর্শ প্রতিফলিত হৈছে । কবিতাটিত মূল বিষয় হ’ল ‘ প্ৰিয়তমাৰ চিঠি ’ । প্রিয়তমাৰ চিঠিখন কবিৰ বাবে ইমানেই সুন্দৰ আৰু মোহনীয় যে তেওঁ প্ৰকৃতিৰ সাজ – ঘৰত পিত পিতকৈ চকু ফুৰায়ো প্রিয়তমাৰ চিঠিৰ মাজত থকা সৌন্দৰ্যৰ অমিয়া বিচাৰি পোৱা নাই । তেওঁৰ প্ৰিয়তমাৰ চিঠিৰ আখৰ কুকুৰা ঠেঙীয়া । কিন্তু সেই কুকুৰাঠেঙীয়া আখৰ কেইটিতে যেন সংসাৰৰ সকলো অমিয়া ঘঁহা আছে । 

কবিতা কাননত বহু কবিতা ফুলে আৰু মলয়াত উটি ভাটি আহি পৃথিৱী পায়হি । মলয়াত ভাঁহি অহা কবিতাৰ সেই সুৰতো গীত আছে , কিন্তু প্রিয়তমাৰ চিঠিয়ে যি গীত জানে তাৰ লগত কবিতাৰ সংগীতৰ তুলনা নহয় । কবিতাৰ মাজত থকা কাব্যগুণে প্রিয়তমাৰ চিঠিৰ মাজত থকা গীতৰ গোন্ধকে নাপায় ৷ 

এই পৃথিৱীত বহু সুন্দৰ ফুল ফুলে আৰু সময় হলে সৰিও পৰে । সুন্দৰ সেউজীয়া বননিও শুকাই যায় । বসন্তৰ কুঁহিপাতো ৰ’দত লেৰেলি যায় , কিন্তু প্রিয়তমাৰ চিঠিত এনে মোহিনী শক্তি আছে যে যি কোনো দিনেই বাহী নহয় । সদায় যেন নতুন পুষ্পেৰে সুশোভিত হৈ উঠে । যিমানেই গোন্ধ লোৱা যায় , যিমানেই চুমা খোৱা যায় সিমানেই সি হৃদয়ত হেঁপাহ জগাই তোলে , কোনোকালেই আমনি নালাগে । 

কবিয়ে কবিতাটিৰ মাজেৰে ইয়াকে বুজাব খুজিছে যে প্রিয়তমাৰ মনৰ খবৰ কঢ়িয়াই অনা চিঠিখন কোনোকালেই পুৰণি নহয় , সদায় তাৰ ন ন অর্থই মন বলীয়া কৰে । এই চিঠিৰ মাজৰ যি সুৰ সি কোনো সুৰৰ লগতে তুলনীয় নহয় । ফুলৰ সৌন্দৰ্য বা বসন্তৰ কোমলতায়ো ইয়াৰ সৌন্দৰ্যক পিছ পেলাব নোৱাৰে । এই উপলব্ধি যেন সকলোৰে ওপৰত । 

Sl. No.Contents
Chapter 1প্ৰহ্লাদ চৰিত্ৰ
Chapter 2শিৱৰ কৃষি কর্ম
Chapter 3প্রিয়তমাৰ চিঠি
Chapter 4পানেশৈ
Chapter 5পছোৱাৰ ডাক
Chapter 6চামুৰাই
Chapter 7শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত
Chapter 8ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা
Chapter 9অঙ্কীয়া নাটৰ ৰস বিচাৰ
Chapter 10টিকেন্দ্রজিৎ
Chapter 11যীশুখৃষ্টৰ ছবি
Chapter 12ভ্ৰষ্টলগ্ন
Chapter 13কবিতা
Chapter 14নাটক
Chapter 15অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়
Chapter 16ছন্দ

৪। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷

        “ তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত । 

         কবিতাৰ কাব্যে তাৰ গোন্ধকে নাপায় ।। ”

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনত সন্নিবিষ্ট হেমচন্দ্ৰ গোস্বামী দেৱৰ ‘ প্রিয়তমাৰ চিঠি ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

কবিয়ে প্রিয়তমাৰ চিঠিখনৰ মহত্ব আৰু সৌন্দর্য কিমান তাকে কবিতাটিৰ মাজেৰে উপস্থাপন কৰিছে আৰু সেই প্ৰসংগতে এই কথাষাৰিৰ অৱতাৰণা কৰিছে । 

কবিয়ে কৈছে যে কবিতা কাননত যিমানেই কবিতা ফুলি নুঠক কিয় , যিমানেই মলয়াত উটি ফুৰি পৃথিৱীত খলক নলগাওক কিয় , তেওঁৰ প্ৰিয়তমাৰ চিঠিৰ লগত তাক তুলনাই কৰিব নোৱাৰি । কাৰণ প্রিয়তমাৰ চিঠিৰ মাজত যি গীত আছে ; অইন কবিতাৰ কাব্যগুণে তাৰ গোন্ধকে নাপায় ৷ 

আচলতে কবিতাৰ মূল গুণ হ’ল তাৰ ভিতৰত থকা কাব্য । কবিতাই মন চুই যাব পৰা অনুভূতিৰ এক সাংগিতিক অনুভৱ কঢ়িয়াই ফুৰে । কিন্তু কবিয়ে কৈছে যে এই সংগীত বা কাব্য গুণ তেওঁৰ প্ৰিয়তমাৰ চিঠিৰ তুলনাত একোৱেই নহয় ৷ কাৰণ তেওঁৰ প্ৰিয়তমাৰ চিঠিৰ যি কাব্যিকতা বা গীতিময়তা , অইন কবিতাবোৰে তেনে গীতিময়তাৰ গোন্ধকে পাব নোৱাৰে ।

৫। শব্দাৰ্থ লিখা । 

উত্তৰঃ 

শব্দঅৰ্থ
কাঁচলিকোমল ৰ’দৰ চেৰেঙা
চোঁ ঘৰসাজ ঘৰ
পত্ পিত্চুক কাণ মাৰি চোৱা বা পৰ্যবেক্ষণ কৰা
কুকুৰাঠেঙ্গীয়াকোমল পাতৰ এবিধ বনৰীয়া সৰু গছ( বেয়া সৰু আখৰ বুজাবলৈ)

৬। কুকুৰাঠেঙ্গীয়া মানে কি ? 

উত্তৰঃ কোমল পাতৰ এবিধ বনৰীয়া গছ বা কুকুৰা চৰাইৰ ভৰিৰ দৰে একা বেকা বেয়া সৰু আখৰ ।

৭। হেমচন্দ্ৰ গোস্বামীৰ কবিতা পুথিখনৰ নাম কি ? 

উত্তৰঃ প্রিয়তমাৰ চিঠি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top