Class 11 Advance Assamese Chapter 2 শিৱৰ কৃষি কর্ম

Class 11 Advance Assamese Chapter 2 শিৱৰ কৃষি কর্ম Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 2 শিৱৰ কৃষি কর্ম notes and select needs one.

Class 11 Advance Assamese Chapter 2 শিৱৰ কৃষি কর্ম

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Advance Assamese Question Answer Chapter 2 are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 2 শিৱৰ কৃষি কর্ম Solutions for All Subject, You can practice these here…

শিৱৰ কৃষি কর্ম  – ৰাম সৰস্বতী

Chapter – 2

প্ৰথম গোট

চমু প্ৰশ্ন

১। কবি ৰাম সৰস্বতীৰ চমু পৰিচয় দিয়া ৷ 

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ সমসাময়িক বৈষ্ণৱ কবি সকলৰ ভিতৰত কবি ৰাম সৰস্বতীৰ নাম উল্লেখযোগ্য ৷ পুৰণি অসমীয়া সাহিত্যত তেওঁৰ পৰিচয় হ’ল মহাভাৰতৰ অনুবাদক আৰু বধকাব্যৰ ৰচয়িতা । কবি ৰাম সৰস্বতীৰ ৰচনাৰ ব্যাপকতা আৰু বৰ্ণনীয় কথাবস্তুলৈ দৃষ্টিৰাখি অসমীয়া ব্যাস আখ্যা দিয়া হৈছে । 

মহাভাৰতৰ বিভিন্ন পৰ্বৰ অনুবাদত কবিয়ে আত্ম – পৰিচয়সূচক যি বৰ্ণনা দিছে তাৰপৰা জনা যায় তেওঁৰ পিতৃৰ নাম আছিল ভীমসেন কবি চূড়ামণি । তেওঁৰ দুজন পুত্র , প্রথমজন কবিচন্দ্র আৰু দ্বিতীয়জন অনিৰুদ্ধ বা ৰাম সৰস্বতী । তেওঁলোকৰ ঘৰ আছিল কামৰূপৰ পচৰীয়া বা চমৰীয়া গাঁৱত । আনহাতে ৰাম সৰস্বতীৰ পুতেক গোপীনাথ পাঠকে চিনকোনা গাওঁ বুলি কৈছে । যি নহওক ভীমসেন কবি চূড়ামণি পণ্ডিত আছিল । পুৰুষানুক্রমে পণ্ডিত বংশত জন্মলাভ কৰি অনিৰুদ্ধই পাণ্ডিত্যৰ বলত কোচৰজা নৰনাৰায়ণৰ ৰাজসভাৰ পাঠকৰ বাব লাভ কৰে । মহাৰাজ নৰনাৰায়ণে তেওঁক ৰাম সৰস্বতী উপাধি দি মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিবলৈ আদেশ দয়ে । এনেদৰে নৰনাৰায়ণ , তাৰ পিছত ৰঘুদেৱ , পৰীক্ষিত নাৰায়ণ , ধৰ্মনাৰায়ণ আৰু সুন্দৰ নাৰায়ণ । লেকে কেবাজনো ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি সাহিত্য ৰচনা কৰি সপ্তদশ শতিকাৰ চতুৰ্থ দশকলৈ জীৱিত আছিল । 

কবি ৰামসৰস্বতীৰ ৰচনাৱলীক দুটা ভাগত ভাগ কৰিব পাৰিঃ 

( ক ) মহাভাৰতৰ পৰ্বসমূহৰ অনুবাদ আৰু মূল মহাভাৰতত থকা আখ্যানৰ অসমীয়া ৰূপান্তৰ । 

( খ ) মহাভাৰতৰ বন পৰ্বক আধাৰ কৰি হংস – কাকী , যামল সংহিতা, শিৱ ৰহস্য আদি পুৰাণ উপ – পূৰাণৰ পৰা সংগ্ৰহ কৰি ৰচনা কৰা বুলি কোৱা – বধকাব্যসমূহ । 

মূল মহাভাৰত অষ্টদশ পর্বত বিভক্ত । কবি ৰাম সৰস্বতীয়ে আটাইবোৰ পৰ্ব নিজে অনুবাদ কৰা -নাছিল , অন্য কবিয়েও তেওঁক সহায় কৰিছিল।মলৰ জটিল , অপ্রয়োজনীয় যেন বোধহোৱা কথাবোৰ তেওঁ বাদ দি গৈছে । অনুবাদ সহজ সৰলভাৱে কৰাৰ লগতে অসমীয়া পাঠকৰ ৰুচি অভিৰুচিৰ সৈতে সঙ্গতি ৰাখি অনুবাদ কৰি ৰচনাক আকর্ষণীয় আৰু পৰিচিত কৰিবলৈ প্ৰয়াস কৰিছে । 

বধকাব্যসমূহ কবি ৰাম সৰস্বতীৰ অসমীয়া সাহিত্যলৈ একক অবদান । মহাভাৰতৰ চৰিত্ৰ সমূহক লৈ ৰচনা কৰা কাব্য সমূহত বৈষ্ণৱ ধৰ্মৰ শ্ৰেষ্ঠত্ব দাঙি ধৰা হৈছে । আকর্ষণীয় কাহিনী , সহজ সৰল বর্ণনা আৰু সাধাৰণ জন – জীৱনৰ হাৱ – ভাৱ কাব্য সমূহত প্ৰকাশ কৰা বাবে এই কাব্য সমূহ জন সমাজত বিশেষ জনপ্রিয় আছিল । ডঃ বাণীকান্ত কাকতিয়ে বধকাব্যসমূহক ৰূপকধৰ্মী কাব্য বুলি কৈছে ৷ তেওঁৰ মতে পাণ্ডৱৰ বনবাস প্ৰবজন , দুখ দুর্গতি , সংসাৰ তাপক্লিষ্ট মোহাচ্ছন্ন মানৱ জীৱনৰে প্ৰতিচ্ছবি । ৰাম সৰস্বতীৰ ৰচিত কেইখন মান বধ কাব্য হ’ল – বিজয় পর্ব , মণিচন্দ্র ঘোষ পর্ব , পুষ্পহৰণ পৰ্ব , কালকুব্জ শোষক – বধ , ভীম চৰিত , বঘাসুৰ বধ , কুলাচল বৰ্ধ , জঙঘাসুৰ বধ , জটাসুৰ বধ , পাঞ্চালী বিবাহ , সিন্ধুৰা পৰ্ব , ব্যাসাশ্ৰম , অশ্বকৰ্ণৰ বধ , খটাসুৰ বধ , ব্যঞ্জন পর্ব । 

ৰাম সৰস্বতীৰ সকলো ৰচনাৰ ভিতৰত অতি সৰল আৰু অতি জনপ্রিয় কাব্য হ’ল ভীম চৰিত । অসমীয়া গাঁৱলীয়া জীৱনৰ পটভূমিত এই কাব্যখন বচনা কৰা হৈছে । গাঁৱলীয়া জীৱনৰ সুখ দুখৰ বাস্তৱ চিত্ৰ আৰু হাস্যোদ্দীপক বর্ণনা এই কাব্যৰ প্ৰধান আকর্ষণ । 

কবি ৰাম সৰস্বতীৰ ৰচনা সম্ভাৰ , তেওঁৰ বিৰল কাব্য প্রতিভাৰ অনন্য স্বাক্ষৰ । তেওঁৰ ৰচনাৰ ব্যাপকতা , আৰু বিষয়বস্তুৰ বৰ্ণনালৈ লক্ষ্য কৰি তেওঁক বৈষ্ণৱ যুগৰ এগৰাকী কবি বুলি ক’ব পাৰি৷ 

২। ‘ শিৱৰ কৃষি কর্ম ’ কবিতাৰ মূল কথাখিনি তোমাৰ ভাষাত বৰ্ণনা কৰা ।

উত্তৰঃ শিৱৰ কৃষি কৰ্ম কবিতাটি কবি ৰাম সৰস্বতীৰ বচনা । ভীমে শিৱৰ ঘৰত গৰখীয়া হৈ থকা তেওঁ পেট ভৰাই খাবলৈ নোপোৱা বাবে পার্বতীক নানা লঘু – লাঞ্ছনা কৰিলে । দুখ অপমানত পার্বতীয়ে শিৱক কৃষি কৰ্ম কৰিবলৈ কলে । হাতত ফুটাকড়ি এটাও নোহোৱাকৈ কেনেকৈনো দুষ্কৰ কৃষিকৰ্ম সম্পন্ন কৰিব তাকে ভাবি চিস্তান্বিত হ’ল । পার্বতীয়ে তেতিয়া উপায় হিচাপে বাসবৰ পৰা মাটি , সখী কুবেৰৰ পৰা কঠীয়া , বলোভদ্ৰৰ পৰা নাঙল আৰু যমৰ পৰা মৈ এটা খুজি আনি নিজৰ বলদটোৰ লগ লগাই হাল জুৰিবলৈ পৰামৰ্শ দিলে । 

শিৱে কলে বস্তু এক ঠাই কৰি ত্ৰিশূল ডালক ফাল কৰি ষোল্লহাজাৰ মাটি মুকলি কৰি চহ কৰিলে । তাৰ পাছত বিধে বিধে ধান সিঁচিলে । সোনকালেই ধান লহপহকৈ বাঢ়ি থোক মেলিলে । কৰে পাৰ্বতীক ভুলতেই ধান চাবলৈ নাযাবলৈ পৰামর্শ দিলে । কিন্তু পার্বতীয়ে মন বান্ধিব নাৱাৰি এদিন গোপনে খেতি পথাৰত উপস্থিত হল । নদন বদন শস্য ভৰা পথাৰ দেখি স্ময়ত পাৰ্বতীৰ মুখৰ পৰা উস্ আস্ ধ্বনি ওলোৱাৰ লগে লগে খোবা – খুবীৰ আৱিৰ্ভাৱহৈ ধান ডৰা পুৰি শেষ কৰিলে । পার্বতীয়ে ভয় আৰু লাজত কাকো একো নকলে । আন এদিনাখন হাদেৱে ধাননি পথাৰত গৈ এনে অৱস্থা দেখি এয়া পাৰ্বতীৰ কাম বুলি জানিলে । ঘৰলৈ আহি পৰ্বতীক খং কৰাত , পার্বতীয়ে নিজৰ দোষ মৰিষণ কৰিবলৈ কৈ অনেক কাকুতি – মিনতিৰে পুনৰবাৰ ধান খেতি কৰিবলৈ ক’লে । শংকৰে তেতিয়া পুনৰ খেতি কৰিলে । ধান গজি পকিল । শংকৰে পাৰ্বতীক গৰখীয়া পঠাই ধান দাই নিবলৈ কলে । পার্বতীয়ে ভীমক কোৱাত ভীমে কাচি লৈ গৈ তিনিমুঠি কৰি আটাইখিনি ধান কাটি লৈ আহিল । ভীমে ধান তিনিমুঠি মাত্ৰ হোৱা বাবে পাৰ্বতীৰ আগত মহাদেৱক ভুঙৱা , ভিক্ষাৰী , এলেহুৱা , অকৰ্মণ্য আদি কৈ ৰিষ্কাৰ কৰাত পাৰৰ্বতীৰ খং উঠিল যদিও মহাদেৱে কিন্তু হাঁহি থাকিলে ; তাকে দেখি পার্বতীয়ে মহাদেৱক থাকিবলৈ ধৰাত মহাদেৱৰ খং উঠিল আৰু ধানৰ মুঠিত জুই লগাই দিলে । ভীমে চেষ্টা কৰিও জুই নুমাব নোৱাৰিলে৷সাতদিন সাত ৰাতি তেনেকৈ জ্বলি থকাত এদিন মহাদেৱে গৈ কমণ্ডলুৰ পানীৰে সেই জুই নুমাই দিলে ৷ তেতিয়াৰ পৰা আহু আৰু শালি এই দুবিধ ধান হ’ল । 

৩। চমু উত্তৰ দিয়াঃ 

( ক ) দেখি পাৰ্ব্বতীৰ মনে বিস্ময়ৰ মিলিল । 

          —পাৰ্ব্বতীৰ মনত কি বিস্ময় মিলিছিল ? ” 

উত্তৰঃ ৰাম সৰস্বতীৰ ‘ ভীম চৰিত ’ কাব্যৰ- ‘ শিৱৰ কৃষি কর্ম ‘ কাব্যাংশত উল্লেখ কৰা অনুযায়ী শিৱৰ ৰখীয়া ভীমৰ খোৱা কাৰ্যই যে পার্বতীক আচৰিত কৰি তুলিছিল সেই কথাই ইয়াত কোৱা হৈছে । 

যিদিনাখন বেলি দুইপৰ যোৱাত সদাশিৱৰ বৰগৰখীয়া ভীমে ভাত খাওঁ বুলি বৃষভটো বান্ধি ভাত খাবলৈ বহিল ৷ পাৰ্বতীয়ে ভীমৰ সন্মুখত থাল ভৰাই ভাত দি আঞ্জা আনিবলৈ ভিতৰলৈ গ’ল । আঞ্জা লৈ আহি দেখে ইতিমধ্যে ভীমে এক গৰাহতে আটাইখিনি ভাত শেষ কৰি পেলাইছে । পাৰ্বতীয়ে ভাত দিছিল নে নাই সন্দেহ কৰি পুনৰ ভাত দিলে । ভীমে সেই ভাত চাৰি গৰাহতে শষ কৰিলে ৷ আকৌ ভাত আনি দিয়াত তাকো দুই গৰাহতে শেষ কৰিলে ৷ এনেকৈ বাৰে বাৰে আনি দিওঁতে পাৰ্বতীৰ চৰুৰ ভাত – আঞ্জা শেষ হ’ল , কিন্তু ভীমৰ হ’লে পেট নভৰিল ৷ ভীমৰ এনে অস্বাভাৱিক খোৱা কাৰ্য দেখি পাৰ্বতী আচৰিত হৈছিল । 

( খ ) নচাৰোহো গৰু মই যৈকৈ তৈকে যাওঁ । 

             —ভীমে কিয় গৰু নচৰাও বুলিছিল । 

উত্তৰঃ ৰাম সৰস্বতী বিৰচিত ‘ শিৱৰ কৃষি কৰ্ম ’ কাব্যাংশৰ পৰা লোৱা এই শাৰীটোত ভীমৰ অসন্তোষ ব্যক্ত হৈছে । 

ভীম হ’ল শিৱৰ গৰখীয়া । শিৱৰ সাৰথি বুঢ়া গৰুটোকে ভীমে দিনৰ দিনটো চৰাব লাগে ৷ গৰু চৰাই আহি এদিন ভাত খাবলৈ বহোঁতে ভীমক খুৱাবলৈ গৈ পাৰ্বতীৰ চৰুৰ ভাত – আঞ্জা শেষ হল যদিও ভীমৰ পেট নভৰিল । অসন্তুষ্ট ভীমে পার্বতীক ভিক্ষাৰ মোনাটো দিবলৈ ক’লে । যাতে শুদা চাউল খুদ চোবাই পেটৰ ভোক মাৰিব পাৰে ৷ পাৰ্বতীয়ে ঘৰত আজি খুদকণো নাই বুলি কোৱাত ভীমৰ খং উঠিল । ভীমে পার্বতীক কলে যে গৰখীয়া হিচাপে ৰাখি বুঢ়া গৰুটোক চৰাবলৈ দিছে কিন্তু পেট ভৰাই খাবলৈ নিদিয়ে , গতিকে এনে আধাপেটি হৈ তেওঁ গৰু চৰাব নোৱাৰে বুলি কৈ অন্য ঠাইলৈ গুচি যোৱাৰ কথা কৈছে । 

( গ ) ‘ একবাৰ কিৰিষি কৰিবে দিয়া মন ৷ 

            ভিক্ষাৰ চাউলে জানা পেট নুপূৰয় ৷৷ 

            —কোনে , কি প্ৰসংগত কথাষাৰ কৈছিল ? 

উত্তৰঃ কবি ৰাম সৰস্বতী বিৰচিত ‘ শিৱৰ কৃষি কর্ম ’ কাব্যাংশৰ পৰা উদ্ধৃত এইফাঁকি বচনৰ বক্তা হ’ল পাৰ্বতী । 

শিৱ পাৰ্বতীৰ ঘৰত ভীম গৰখীয়া হৈ আছিল । শিৱৰ বুঢ়া বৃষভটোকে ভীমে চৰাই ফুৰিছিল । গৰখীয়া ভীমক খুৱাবলৈ পাৰ্বতী সমস্যাত পৰিছিল । কাৰণ পাৰ্বতীৰ ঘৰৰ সকলোখিনি অন্ন ব্যঞ্জন খোৱাৰ পিছতো ভীম আধাপেটী হৈ থাকিব লগাত পৰিছিল । তেতিয়া ভীমে মনৰ অসন্তোষত পার্বতীক নানা তিৰষ্কাৰ কৰি কৈছিল যে ভাত খাবলৈ নাপালে তেওঁ আৰু গৰু নাৰাখে । তেওঁলোকৰ ঘৰত পেট পুৰাই খাবলৈ পোৱা কেতিয়াও সম্ভৱ নহয় কাৰণ ঘৰৰ গিৰি মহাদেৱ ভঙুৱা , ঘৰত কেৱল ভাঙৰহে বেহা , ভাঙকেই তেওঁ পঞ্চামৃত বুলি ভাবে । ঘোঁৰাৰ সলনি বুঢ়া গৰুৰ পিঠিত উঠি মানুহৰ ঘৰে ঘৰে মাগি যি পায় তাৰে সকলোৱে খায় , মহাদেৱে খাবলৈ নাপায় ডম্বৰু বজাই ফুৰে । এনে ঘৰত ভীম গৰখীয়া হৈ কষ্ট কৰিব নোৱাৰে । ভীমৰ এনে তিৰষ্কাৰ পূৰ্ণ কথা শুনি লাজত পাৰ্বতীয়ে মহাদেৱক উক্ত কথাষাৰ কৈছিল । 

( ঘ ) ত্ৰিশূলক ফাল কৰি হালক জুৰিয়ো ৷ 

      এহিমতে কৃষি কাৰ্য্য বিধান কৰিয়ো ৷৷ 

        –কোনে কি কাৰণে এই কথাষাৰ কৈছিল ? 

উত্তৰঃ উক্ত কথাষাৰ শিৱৰ পত্নী পার্বতীয়ে শিৱক কৈছিল । কবি ৰাম সৰস্বতীৰ ‘ শিৱৰ কৃষি কৰ্ম ’ কাব্যাংশৰ পৰা জনা যায় যে শিৱৰ ঘৰত দ্বিতীয় পাণ্ডৱ গৰখীয়া হিচাপে থাকিছিল । গৰখীয়া ভীমক খাবলৈ দিওঁতে পার্বতী সমস্যাত পৰিছিল । কাৰণ ভীমৰ আধাপেট পুৰ হওঁতেই পার্বতীৰ চকৰ অন্ন – ব্যঞ্জন সকলো শেষ হৈছিল । ফলত আধাপেটি ভীমে মনৰ অসম্ভোষত গৰু নচৰাও বুলি কোৱাৰ লগতে মহাদেৱৰ নামত নানা তিৰষ্কাৰ কৰি পাৰ্বতীক লাজ দিছিল । এনেদৰে ভীমৰ কথাত লজ্জিত হৈ পাৰ্বতীয়ে মহাদেৱক কৃষি কৰ্ম কৰিবলৈ অনুৰোধ কৰিলে । মহাদেৱে তেতিয়া কৃষিকৰ্ম অতি দুষ্কৰ , তাতে তেওঁৰ ফুটা – কড়িও নাই , গতিকে কেনেকৈ কৃষি কৰিব বুলি ক’লে ৷ পাৰ্বতীয়ে তেতিয়া বাসৱৰ পৰা মাটি , কুৱেৰৰ পৰা কঠিয়া , বলোভদ্ৰৰ পাৰা নাঙল , যমৰ পৰা ম’হ আনি তাৰ সৈতে নিজৰ বলদটোক জুৰি ত্ৰিশূলডালক ফাল কৰি কৃষি কৰ্ম কৰিবলৈ মহাদেৱক পৰামৰ্শ দিলে । 

পার্বতীয়ে ভীমৰ কথাত লজ্জিত হৈ মহাদেৱক কৃষি কৰ্মত প্রবৃত্ত কৰাবলৈ এনেদৰে কৈছিল । 

( ঙ ) তাত হস্তে খোবাখোবি হুয়া উৎপন্ন । 

        — কি পৰিস্থিতিত , কেনেকৈ খোবা – খোবিৰ উৎপন্ন হ’ল লিখা । 

উত্তৰঃ অসমীয়া গাৱলীয়া সমাজৰ বিশ্বাসমতে খোবা – খোবি হ’ল খেতি পথাৰত থকা এহাল ভূত ভূতনী । ইহঁতৰ উৎপত্তি সম্বন্ধে কবি ৰাম সৰস্বতীৰ ‘ শিৱ কৃষি কর্ম ’ কাব্যাংশত এনেদৰে দিয়া হৈছে । 

এবাৰ পাৰ্বতীৰ অনুৰোধক্রমে শিৱই বিভিন্ন জনৰ পৰা খেতিৰ সা – সঁজুলি গোটাই লৈ ষোল্ল হাজাৰ মাটি চহ কৰি বিভিন্ন জাতৰ ধান সিঁচিলে । ধাননিডৰা লাহে লাহে লহপহকৈ বাঢ়ি খেতি পথাৰ নদন – বদন হৈ পৰিল ৷ শিৱই পার্বতীক ধাননি পথাৰত যাবলৈ বাধা দিলে , কিন্তু মনৰ কৌতূহল ৰাখিব নোৱাৰি এদিন সংগোপনে পার্বতী অকলে ধাননি পথাৰলৈ গ’ল । ধাননি পথাৰত নদন – বদন ধানবোৰ দেখি বিস্ময়ত পাৰ্বতীৰ মুখৰ পৰা উস্ আস্ ধ্বনি ওলাল । তেতিয়াই এই দুই ধ্বনি পৰা খেতি পথাৰত খোবা – খোবিৰ জন্ম হৈ ধাননি ডৰা পুৰি ছাই কৰিলে । এনেকৈয়ে খোবা – খোবিৰ উৎপন্ন হ’ল ।

Sl. No.Contents
Chapter 1প্ৰহ্লাদ চৰিত্ৰ
Chapter 2শিৱৰ কৃষি কর্ম
Chapter 3প্রিয়তমাৰ চিঠি
Chapter 4পানেশৈ
Chapter 5পছোৱাৰ ডাক
Chapter 6চামুৰাই
Chapter 7শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত
Chapter 8ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা
Chapter 9অঙ্কীয়া নাটৰ ৰস বিচাৰ
Chapter 10টিকেন্দ্রজিৎ
Chapter 11যীশুখৃষ্টৰ ছবি
Chapter 12ভ্ৰষ্টলগ্ন
Chapter 13কবিতা
Chapter 14নাটক
Chapter 15অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়
Chapter 16ছন্দ

( চ ) সি কাৰণে কিছু আহু কিছু ভৈলা শালি

      – আহু আৰু শালি ধানৰ জন্ম বৃত্তান্ত চমুকৈ লিখা । বা , ইয়াত উল্লেখ কৰা কাৰণটো কি ? বা , কি কাৰণে শিৱৰ কৃষিকৰ্মৰ অৱস্থা এনে হ’বলৈ পালে ।

উত্তৰঃ এবাৰ পাৰ্বতীৰ অনুৰোধ মতে মহাদেৱে ধান খেতি কৰিছিল যদিও পাৰ্বতীৰ ভুলৰ বাবে সকলো নষ্ট হৈছিল । পুনৰ পাৰ্বতীয়ে অনুৰোধ কৰাত শিৱই খেতি কৰে । ধান পকাৰ পিছত পাৰ্বতীয়ে গৰখীয়া ভীমক ধান দাই আনিবলৈ ক’লে । ভীমে কাঁচি লৈ গৈ গোটেই ধান কাটিলে যদিও সেয়া ভীমৰ হাতত মাত্র তিনিমুঠি হে হ’ল । ভীমে খঙত পাৰ্বতীৰ আগত মহাদেৱক নানা তিৰষ্কাৰ কৰিলে ৷ মহাদেৱে এনেবোৰ শুনি হাঁহিলে যদিও শেষত পার্বতীয়ে তিৰষ্কাৰ কৰাত ভোলানাথৰ খং উঠিল আৰু ধানৰ মুঠিত গৈ জুই লগাই দিলে । ভীমে এই জুই নুমাবলৈ চেষ্টা কৰিও নোৱাৰিলে । একেৰাহে সাতদিন পুৰাৰ পাছত, মহাদেৱে এদিন দেখি কমণ্ডলুৰ পানীৰে জুইপুৰা নুমালে ৷ এনেদৰে যিবোৰ ধান পুৰি দেই গ’ল তাৰ পৰাই আহু ধান আৰু নোপোৰাখিনিয়ে শালি ধান হ’ল । এনেকৈ যে আহু আৰু শালি ধানৰ সৃষ্টি হ’ল। 

( ছ ) “ দুষ্কৰ কৃষিক মই কৰিবো কিমত । 

            নাই কড়াকড়ি ধন মোহৰ ঘৰত ।। 

           —কথাষাৰ কোনে কাক কৈছিল ? দুষ্কৰ বুলি ভবা কৃষিক পিচত কেনেদৰে কৰিলে ? 

উত্তৰঃ উক্ত কথাষাৰ শিৱে পাৰ্বতীক কৈছিল । গৰখীয়া ভীমে পেটপুৰাই খাবলৈ নোপোৱাত পাৰ্বতীৰ আগত মহাদেৱক নানান কথা কৈ তিৰষ্কাৰ কৰিছিল । সেইবোৰ শুনি লাজতে পার্বতীয়ে মহাদেৱক কৃষি কৰিবলৈ কোৱাত মহাদেৱে এই কথাখিনি কৈছিল । কাৰণ কৃষি কৰ্ম হ’ল , দুষ্কৰ , তাতে হাতত ফুটাকড়িও নাই গতিকে কৰোঁ বুলিলেই কৰিব নোৱাৰি । 

তেতিয়া পাৰ্বতীয়ে ইয়াৰ উপায় দিলে । সেইমতে বাসৱৰ পৰা মাটি , কুবেৰৰ পৰা কঠিয়া , বলোভদ্ৰৰ পৰা নাঙল , যমৰ পৰা ম’হ আনি নিজৰ বলদটোৰ সৈতে জুৰি ত্ৰিশূল ডালক ফাল কৰি মাটি চহ কৰিলে । সেইমতে মহাদেৱে নানান ঠাইৰ পৰা আহিলা গোটাই ষোল্ল হেজাৰ মাটি চহ কৰি দুষ্কৰ কৃষি কৰ্ম সমাধা কৰিলে । 

( জ ) কি কৰিবে কৃষি আই ভঙ্গুৱা শঙ্কৰ । 

           কৈত শুনি আছাহাঁ চহকী ভিক্ষুকৰ ।। 

          — কথাখিনি কোনে কাক কৈছিল ? এনেদৰে কিয় কৈছিল ? 

উত্তৰঃ উক্ত কথাষাৰি ভীমে পার্বতীক কৈছিল ৷ পাৰ্বতীৰ কথামতে ভোলানাথ শিৱে কৃষি কৰিছিল ৷ যেতিয়া ধান পকিলে মহাদেৱৰ কথামতে পার্বতীয়ে গৰখীয়া ভীমক ধান আনিবলৈ পঠালে । ভীমে ধান কটাত নিজৰ হাতৰ মুঠি অনুযায়ী তিনিমুঠি মাত্র ধান হ’ল । তাকে দেখি ভীমে মহাদেৱক নানান কথা কৈ তিৰষ্কাৰ কৰিলে । মহাদেৱ ভঙুৱা । খেতি কৰাৰ নামত খুজি মাগি যি পায় তাকে খাই ওলাই গৈ গছৰ তলত বহি ভাং খায় । বতাহ লাগিলে বাঘৰ ছাল মেলি তাতে নিদ্ৰা গৈ অচেতন যেন হৈ থাকে । গধূলি সাৰ পাই ঘৰলৈ আহে । তেনেকৈ খেতি কৰিলে তিনি মুঠি নহৈ কি হ’ব । আচলতে খুজি – মাগি খোৱা অভ্যাসৰ বাবে মহাদেৱৰ শ্ৰম কৰিবলৈ এলাহ । ভিক্ষাৰী নিজৰ স্বভাৱৰ বাবে কেতিয়াও চহকী হ’ব নোৱাৰে । মহাদেৱৰ ক্ষেত্ৰতো সেয়ে হৈছে , যাৰ বাবেই ধান মাত্র তিনি মুঠি হৈছে । 

৪। অতি চমু উত্তৰ দিয়াঃ

( ক ) কবি ৰাম সৰস্বতী কোন যুগৰ কবি ? 

উত্তৰঃ শংকৰী যুগৰ কবি । 

( খ ) ৰাম সৰস্বতীৰ এখন বধকাব্যৰ নাম লিখা ? 

উত্তৰঃ খটাসুৰ বধ বা জংঘাসুৰ বধ । 

( গ ) শিৱৰ কৃষি কর্ম ’ অংশটি ৰামসৰস্বতীৰ কোনখন কাব্যৰ পৰা লোৱা হৈছে ? 

উত্তৰঃ ‘ ভীম চৰিত ’ পুথিৰ পৰা ৷ 

( ঘ ) ‘ ভীম চৰিত ’ কোন শ্ৰেণীৰ কাব্য ? 

উত্তৰঃ বধকাব্য । 

( ঙ ) বৃষভ বান্ধিলা নিয়া বীৰ বৃকোদৰ ’ –বৃকোদৰ বুলি কাক বুজাইছে ? 

উত্তৰঃ দ্বিতীয় পাণ্ডৱ ভীমক বুজাইছে । 

( চ ) ‘ মাটি খুজি লোৱা কিছু বাসৱৰ স্থানে । ‘ –বাসৱ কোন ? 

উত্তৰঃ ইন্দ্ৰ ।

( ছ ) তাত হস্তে খোবা – খোবি হুয়া উৎপন্ন ” – খোবা – খোবি কি ? 

উত্তৰঃ অসমীয়া গ্ৰাম্য সমাজত থকা বিশ্বাস অনুসৰি খোবা – খোবি হ’ল এহাল ভূত – ভূতুনী । 

( জ ) কোন গৰাকী কবিক অসমীয়া ব্যাস বুলি কোৱা হয় ? 

উত্তৰঃ ৰাম সৰস্বতীক ।

৫। শব্দ অর্থ লিখা : 

উত্তৰঃ 

শব্দঅর্থ
বৃষভষাঁড় গৰু
বৃকোদৰভীম
ব্যঞ্জনআঞ্জা
জুলী মোনা
আচাস্তখোৱাৰ পিচত মুখ ধোৱা
পঞ্চাপঠোৱা
উড়িউৰাল
পঞ্চামৃতপাঁচ বিধি অমৃত
আৱচিঞৰ বাখৰ
দুস্কৰকঠিন , কৰিবলৈ টান
বাসৱইন্দ্ৰ

2 thoughts on “Class 11 Advance Assamese Chapter 2 শিৱৰ কৃষি কর্ম”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top