Class 11 Advance Assamese Chapter 9 অঙ্কীয়া নাটৰ ৰস বিচাৰ

Class 11 Advance Assamese Chapter 9 অঙ্কীয়া নাটৰ ৰস বিচাৰ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS 1st Year Advance Assamese Chapter 9 অঙ্কীয়া নাটৰ ৰস বিচাৰ notes and select needs one.

Class 11 Advance Assamese Chapter 9 অঙ্কীয়া নাটৰ ৰস বিচাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Advance Assamese Question Answer Chapter 9 are part of SCERT All Subject Solutions. Here we have given Class 11 Advance Assamese Chapter 9 অঙ্কীয়া নাটৰ ৰস বিচাৰ Solutions for All Subject, You can practice these here

অঙ্কীয়া নাটৰ ৰস বিচাৰ – ড° সত্যেন্দ্র নাথ শৰ্মা

Chapter – 9

দ্বিতীয় গোট

চমু প্ৰশ্ন

১। ড° সত্যেন্দ্ৰনাথ শৰ্মাদেৱৰ চমু পৰিচয় দিয়া ৷ 

উত্তৰঃ ড° সত্যেন্দ্ৰনাথ শৰ্মাদেৱে ১৯১৭ চনত জন্মগ্রহণ কৰে । কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লৈ শৰ্মাদেৱে ১৯৪২ চনত কটন মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগ দিয়ে । পিছত ১৯৪৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগ দিয়ে আৰু শেষত আধুনিক ভাৰতীয় ভাষা বিভাগত ৰবীন্দ্ৰনাথ ঠাকুৰ অধ্যাপক হিচাপে থাকি অৱসৰ গ্ৰহণ কৰে । 

আজীৱন শিক্ষাৰ লগত জড়িত হৈ থকা শৰ্মাদেৱে প্ৰায় সত্তৰখন গ্ৰন্থ ৰচনা কৰে । তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰে । ড° শৰ্মাদেৱ অসমীয়া সাহিত্যৰ এগৰাকী কৃতি সমালোচক আৰু ইতিহাসবিদ হিচাপে খ্যাতিমান ৷ তেখেতৰ অসমীয়া সাহিত্যৰ ইতিবৃত্ত ( পিছত অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ) অসমীয়া নাট্য সাহিত্য , অসমীয়া কাহিনী কাব্যৰ প্ৰবাহ , অসমীয়া উপন্যাসৰ ভূমিকা , অসমীয়া উপন্যাসৰ গতিধাৰা , সাহিত্যৰ আভাষ আদি উল্লেখনীয় ৰচনা । 

‘ The Neo Vaishnavite Movement and the Satra Institution of Assam ‘ শীর্ষক বিষয়ৰ ওপৰত ঘোষণা কৰা ড° শৰ্মাৰ এই গৱেষণা গ্রন্থখনিও প্রকাশ পাইছে আৰু এই গ্রন্থ অসমত সমাজ ইতিহাসৰ এখন গুৰুত্বপূৰ্ণ দলিল । তেখেতে ‘ Epics and Puranas in Early Assamese Literature ‘ নামৰ আন এখন ইংৰাজী গ্রন্থ ৰচনা কৰে ৷ তেখেতে বহু কিতাপ সম্পাদনা কৰি অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ যায় । 

২। ৰস বুলিলে কি বুজা ? ই কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ ৰস হ’ল কাব্যৰ মূল । কাব্যৰ যি গুণটোৱে কাব্যখনক এক বিশেষ বৈশিষ্ট্য প্রদান কৰে বা বিশেষ সোৱাদ দিয়ে সেই গুণটোৱেই হ’ল ৰস ।ৰসতত্ত্বৰ প্ৰবৰ্তক হ’ল ভৰত । তেওঁ নাটকীয় কবিতাৰ মাজত ৰসৰ আদৰ্শ প্ৰয়োগ কৰি নাটকৰ ক্ষেত্ৰত ইয়াৰ আৱশ্যকতা বিবৰি কয়। 

ভৰত ৰসসূত্ৰ হ’ল :- 

” বিভানুভাবব্যভিচাৰিসংযোগাৎ বসনিস্পত্তিঃ ” 

প্রাচীতনম আলংকাৰিক ভৰতে মুঠ আঠ প্ৰকাৰৰ ৰসৰ কথা কৈছিল যদিও তেওঁৰ পৰৱৰ্তীকালত কোনো কোনোৱে শান্ত ৰসকো ৰসৰ অন্তৰ্ভূক্ত কৰি মুঠ ন – বিধ ৰসৰ কথা উল্লেখ কৰিছে । বৰ্তমান সময়ত অৱশ্যে ৰস বুলিলে এই ন বিধ ৰসকে বুজোৱা হয় । এই নবিধ ৰস হ’ল শৃঙ্গাৰ , হাস্য , কৰুণ , বীৰ , ভয়ানক , অদ্ভূত , ৰৌদ্র , বীভৎস আৰু শান্ত । 

৩। লেখকৰ মতে অংকীয়া নাটত কি ৰস প্রকাশ পাইছে আলোচনা কৰা।

উত্তৰঃ ৰসতত্ত্ব প্রসঙ্গত প্রথম আলোচনা কৰা আলংকাৰিক ভৰতে মুঠ আঠবিধ ৰসৰ কথা কৈছিল ৷ পৰবৰ্তী সময়ত বিভিন্ন আলংকাৰিকে শান্তসকো ৰসৰ মাজত সুমুৱাই লৈ মুঠ ন বিধ ৰসৰ উল্লেখ কৰিছে । এই ৰসসমূহ নিস্পত্তি হয় বিভাব , অনুভাব আৰু সঞ্চাৰী ভাবৰ সমাহাৰত । মানুহৰ অন্তৰৰ যিবোৰ ভাবৰ পৰা ৰস নিস্পত্তি হয় সেই ভাব বোৰ হ’ল বতি , হাস্য , শোক , উৎসাহ , ভয় , বিস্ময় , ক্রোধ , জুগুপ্সা আৰু শম।এই ভাব সমূহৰ ভেটিত অসমীয়া নাটৰ ৰস বিচাৰ কৰা অসুবিধা। কাৰণ এই নাটকৰ উদ্দেশ্য দর্শকক কাব্যৰস পান কৰোৱা নহয় , ভক্তিৰসত আকণ্ঠ নিমজ্জিত কৰোৱাহে । ‘ কক্মিণী হৰণ ’ , ‘ কেলিগোপাল ’ নাটত ৰতি ভাবৰ প্রাধান্য আছে যদিও শৃঙ্গাৰ ৰস সৃষ্টি কৰা নাট্যকাৰৰ উদ্দেশ্য নহয় আৰু দৰ্শকৰ মনত তেনে ৰস উদয় হ’লে নাট্যকাৰৰ উদ্দেশ্য ব্যৰ্থহে হ’ব । 

মূল কথা হ’ল অংকীয়া নাটৰ উদ্দেশ্য আৰু তাৰ মূল চৰিত্ৰ । এই দুটা দিশ বাদ দিলে অৱশ্যেই অন্যান্য ভাব বা ৰসৰ প্ৰাধান্য স্বীকাৰ কৰিব লাগিব । সেয়েহে প্রবন্ধকাৰে কৈছে যে যুক্তিৰ খাতিৰত কেলি গোপালৰ শৃঙ্গাৰ ৰসৰ বৰ্ণনা আৰু তেনে দৃশ্যৰ প্ৰাধান্যলৈ আঙুলিয়াই যদি নাটখনক শৃঙ্গাৰ ৰসাত্মক নাট বুলি কয় , তেনেহলে তাৰ উত্তৰত এই কথাই ক’ব লাগিব যে ঈশ্বৰৰ আশ্ৰয় কৰি ৰতি ভাবৰ উদয় হ’ব নোৱাৰে । অলংকাৰিক সকলৰ মতে সমান ইন্দ্ৰিয়ক্রিয়া সম্পন্ন যুৱক যুৱতীৰ মাজত হোৱা ভাবহে ৰতি , কিন্তু ঈশ্বৰ ইন্দ্ৰিয়াতীত । তেনেকৈ ‘ কক্মিণী হৰণ ’ বা ‘ ৰাজবিজয়’ নাটত বীৰ ৰসৰ প্ৰাধান্য আছে যদিও সেয়া ঈশ্বৰৰ মহিমা বা ঐশ্বৰ্য্য । মানুহৰ ক্ষেত্ৰতহে তেনে কার্যক বীৰত্ব বোলা হয় । উল্লেখনীয় যে গোপীসকলে ৰুক্মিণী আৰু সীতাই শ্ৰীকৃষ্ণ বা ৰামক জগতৰ স্বামীৰূপেহে প্রত্যক্ষ কৰিছে । 

ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক “ শ্ৰীপৰমেশ্বৰ সকল সুৰাসুৰ বন্দিত প্ৰপন্নজনতাৰণ নাৰায়ণ শ্ৰীকৃষ্ণ ” বুলিহে ভাবিছে । কেলি গোপালৰ গোপীসকলেও সেইদৰে কৃষ্ণক জগতৰ ঈশ্বৰ বুলি ভাবিছে । নাট্যকাৰ গুৰুজনাই নাটকীয় প্রয়োজনীয়তাৰ বাবে ৰাম বা কৃষ্ণৰ কাৰ্যত মানৱৰ ব্যৱহাৰ আৰোপ কৰিছে যদিও ঘনে ঘনে তেওঁক ঈশ্বৰৰ অৱতাৰ বুলি সোঁৱৰাই আছে । গতিকে সাধাৰণ কাব্য – নাটকৰ লেখীয়াকৈ ইয়াত অলংকৰ শাস্ত্ৰৰ ন – বিধ ৰসৰ কোনোটোৱেই স্থায়ী হৈ থকাগৈ নাই । আচলতে ইয়াত প্রকাশিত শৃঙ্গাৰ বা বীৰ বসকো ভক্তিৰ ভাবনাই ঢৌৱাই পেলাইছে।শেষত স্থায়ী হৈছেগৈ ভক্তি ৰস , যি ৰস পান কৰি ভক্ত সমাজ ভক্তিত গদগদ হৈ পৰে । সেয়েহে অংকীয়া নাটত ভক্তিয়েই মূল ৰস আৰু বাকী অন্যান্য ৰস এই ভক্তি ৰসেৰে বিভিন্ন অভিব্যক্তি মাত্র । 

৪। পাঁচ প্ৰকাৰৰ ভক্তি ৰস কি কি ? 

উত্তৰঃ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তৰ ৰতি পাঁচভাৱে প্রকাশ পায় । এই পাঁচ প্ৰকাৰ ৰতিৰ পৰিণতিয়েই পাঁচ প্ৰকাৰ ভক্তিৰসত পৰিণত হয় –

( ক ) শান্ত ভক্তিৰস।

( খ ) সখ্য ভক্তিৰস।

( গ ) দাস্য ভক্তিৰস।

( ঘ ) বাৎসল্য ভক্তিৰস। আৰু 

( ঙ ) শৃঙ্গাৰাত্মক ভক্তিস । 

( ক ) কৃষ্ণক সর্ব ঐশ্বর্যশালী নিত্য বস্তুৰূপে অনুভৱ কৰি ভক্তই বিষয় বাসনা ত্যাগ কৰি একান্ত নিষ্ঠাৰে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰি যি নিৰ্মল প্রাপ্তি আৰু আনন্দ উপভোগ কৰে সেয়ে শান্ত ভক্তিস । 

( খ ) ভক্ত আৰু ভগৱানৰ পাৰস্পৰিক বিশ্বাসময় সমপ্ৰাণতাৰ সম্পৰ্কৰ ভেটিত সখ্যভাব প্রতিষ্ঠিত । দাম সুদাম আদিৰ লগত কৃষ্ণৰ যি বন্ধুত্ব যি সঁচাই উল্লেখনীয়। ইয়াত ভক্ত আৰু ভগৱানৰ সম্পর্ক সখ্যভাবাত্মক। এনে ভাবৰ ওপৰত যিবোৰ নাট , বা কাব্য ৰচিত হয় সেইবোৰক সখ্য ভক্তিৰস প্রধান বুলিব পাৰি । মাধৱদেৱৰ ভোজন বিহাৰ , কোটোৰা খেলা আদি নাটত এনে ৰস বিদ্যমান । 

( গ ) ভগৱান প্ৰভু আৰু ভক্ত ভৃত্য । ভক্তৰ ৰূপ ইয়াত দীন স্বৰূপ । ইয়াত স্থায়ী ভাব ‘ সেৱা ’ নামৰ ৰতি । কৃষ্ণক সেৱা কৰি ভক্তই অলৌকিক আনন্দ অনুভৱ কৰে । এই দাসৰূপ ভক্ত আৰু স্বামীৰূপ কৃষ্ণক অৱলম্বন বিভাবৰূপে নাট বা কাব্য ৰচিত হ’লে সেয়ে দাস্যভাবাত্মক ভক্তি ৰস সৃষ্টি কৰিব । 

( ঘ ) কৃষ্ণ সন্তান , ভক্ত মাতা বা পিতা- এই সম্পর্ক যদি নাট বা কাব্যৰ মূল আধাৰ হয় তেনেহলে তাত বাৎসল্য ৰসৰ প্রাধান্য ফুটি উঠিব । ইয়াত মাতৃ – পিতৃৰ স্নেহ , মমতা তাড়ন ভৎর্সনা আদিও চিত্রিত হ’ব । সেইমতে ভগৱন্তয়ো সন্তানৰূপে চোৰ চাতুৰী আদি নানান ভাবেৰে পিতৃ মাতৃক হাৰাশাস্তি কৰিব আকৌ মৰম পালে চিৰন্তন শিশুৰ লেখীয়াকৈ দোলাত সোমাই পৰিব । ইয়াত স্থায়ী ভাব বাৎসল্যতা ৰতি । এনে ভাবৰ ৰচনাই দৰ্শকৰ মনতো বাৎসল্য ভাব জগাই তোলে।

( ঙ ) কৃষ্ণৰ ৰূপ লাৱণ্য দৰ্শন কৰি আৰু তেওঁ সঙ্গসুখ লাভ কৰি নিজৰ ইন্দ্ৰিয় বৃত্তি চৰিতাৰ্থ কৰিবৰ একান্ত বাসনা হলে নাইবা কৃষ্ণৰ ৰূপ গুণাদিৰ দ্বাৰা আকৃষ্ট হৈ বিবাহ হ’লে তেওঁক স্বামীলাভৰ ইচ্ছা জন্মিলে , নাইবা তেওঁতে দেহ মন অৰ্পণ কৰি তেওঁক প্রেমাষ্পদৰূপে দৃষ্টি কৰিলে যি ৰতিভাব ভক্ত হৃদয়ত উদ্ভৱ হয় সিয়েই হ’ল শৃঙ্গাৰাত্মক ভক্তিৰস।‘কেলিগোপাল ’ , ‘ ৰুক্মিণীহৰণ ’ , ‘ পাৰিজাত হৰণ ’ নাইবা ‘ ৰাম বিজয়’নাটত শৃঙ্গাৰাত্মক ভক্তিৰসৰ প্ৰকাশ দেখা যায় । ৰাসলীলাত মহাপুৰুষে লিখিছে – শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি , তাক শুনি হৌক নির্মল মতি । ” গতিকে এই শৃঙ্গাৰ ৰস সাধাৰণ কাব্য বা নাটত বর্ণিত লৌকিক নায়ক নায়িকাৰ প্ৰেমৰ পৰা উদ্ভৱ হোৱা শৃঙ্গাৰ ৰসৰ লেখীয়া নহয় । ইয়াৰ স্থায়ীভাব অলৌকিক । গতিকে সেই অলৌকিক ভগবৎ প্ৰেমৰ চিত্ৰই দর্শক বা পাঠকৰ মনতো ভগবৎপ্ৰেমৰ সৃষ্টি কৰিব । এই ধৰণে পাঁচবিধ ভক্তিৰসৰ কথা লেখকে উত্থাপন কৰিছে । 

Sl. No.Contents
Chapter 1প্ৰহ্লাদ চৰিত্ৰ
Chapter 2শিৱৰ কৃষি কর্ম
Chapter 3প্রিয়তমাৰ চিঠি
Chapter 4পানেশৈ
Chapter 5পছোৱাৰ ডাক
Chapter 6চামুৰাই
Chapter 7শঙ্কৰদেৱৰ বাল্যকাল – কথা গুৰুচৰিত
Chapter 8ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা
Chapter 9অঙ্কীয়া নাটৰ ৰস বিচাৰ
Chapter 10টিকেন্দ্রজিৎ
Chapter 11যীশুখৃষ্টৰ ছবি
Chapter 12ভ্ৰষ্টলগ্ন
Chapter 13কবিতা
Chapter 14নাটক
Chapter 15অসমীয়া কবিতা আৰু নাটকৰ পৰিচয়
Chapter 16ছন্দ

৫। কৃষ্ণৰতি বুলিলে কি বুজা ? 

উত্তৰঃ বৈষ্ণৱৰ সকলোতকৈ প্রিয় বস্তু ভগৱান কৃষ্ণ । গতিকে সেই কৃষ্ণৰ প্ৰতি ৰতি বা আসক্তিয়েই হ’ল ‘ কৃষ্ণৰতি ‘ । আলংকাৰিক বিশ্বনাথৰ ‘ সাহিত্য দর্পণত কোৱা হৈছে যে ‘ প্রিয় বস্তুৰ প্ৰতি মানৱ মনৰ সহজ অনুৰাগেই ৰতি । ’ ‘ 

‘ ৰতিমনোহনুকুলোহৰ্থে মনসঃ প্ৰৱণায়িতম্ ’ 

সেই দৃষ্টিৰে বৈষ্ণৱৰ কৃষ্ণৰ প্ৰতি অনুৰাগো হ’ল ৰতি । ইয়াকেই ‘ কৃষ্ণক আখ্যা দিয়া হৈছে । কৃষ্ণৰতি পাঁচ প্ৰকাৰে প্ৰকাশ পায় । শাস্ত , বাৎসল্য , দাস্য , সখ্য , শৃঙ্গাৰ এই পাঁচবিধ কৃষ্ণৰতি আখ্যা দিয়া হৈছে । যদিও এই পাঁচবিধ ৰস দেখুওৱা হৈছে আচলতে ইহঁত একোবিধ মূল ৰস ‘ ভক্তি’ৰে প্ৰকাৰভেদ মাত্ৰ । শ্ৰৱণ কীৰ্তন ইত্যাদিৰ দ্বাৰা ভক্ত হৃদয়ত উদ্রেক হোৱা স্থায়ী ভাব কৃষ্ণৰতি’ক বিভাব অনুভাব ব্যভিচাৰী ভাবৰ যোগেদি আস্বাদনীয় অৱস্থালৈ আনিলেই সি ভক্তি ৰসত পৰিণত হয় । প্রশ্ন হ’ব পাৰে যে সকলোৰে মনত কৃষ্ণৰতি স্থায়ীভাবে নাথাকে— তেন্তে ই কেনেকৈ ৰসত পৰিণত হব পাৰে ? উত্তৰত এইটোকে ক’ব লাগিব যে ৰস আস্বাদন কৰিবলৈ অস্তৰত বাসনাৰ প্ৰয়োজন । যাৰ অন্তৰত ৰস আস্বাদনৰ সংস্কাৰ বা বাসনা নাথাকে যি কোনো ৰসকে আস্বাদন কৰিব নোৱাৰে । গতিকে কৃষ্ণৰতি প্ৰৱণতা যাৰ অন্তৰত সুপ্তভাৱে থাকে তেওঁহে ভক্তিৰস আস্বাদন কৰিব । অৱশ্যে এইটোও লক্ষণীয় যে ঈশ্বৰৰ প্ৰতি সকলোৰে অন্তৰত সেৱাৰ মনোভাৱ থাকে , তাকে কৃষ্ণক কেন্দ্ৰ কৰি সৃষ্টি হ’লে তাকে কৃষ্ণৰতি আখ্যা দিয়া হয় ৷ 

৬। ড ° সত্যেন্দ্রনাথ শৰ্মাই ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা ? 

উত্তৰঃ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত । 

৭। শব্দার্থ লিখা । 

উত্তৰঃ 

শব্দ  অৰ্থ
আলংকাৰিকঅলংকাৰ শাস্ত্ৰৰ আলোচক পণ্ডিত
অৰুণ ৰাগৰঙা বৰণ
সুৰাসুবদেৱতা আৰু দৈত্যসকল
প্ৰপন্নজনতাৰণশৰণাগত বা ভক্তিসম্ভক উদ্ধাৰ কৰোঁতা
কায়ক্লেশ শৰীৰৰ কৰ্ম / দৈহিক কষ্ট
বৰিষবৰ্ষ , বছৰ
পৰিপোষকসবল কৰা , অধিক পুষ্টি দিয়া

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top